Class 10 Science Chapter 2 MCQ Assamese Medium
ইয়াত আমি আলোচনা কৰিম Class 10 Science Chapter 2 MCQ Assamese Medium with Answer (এছিড, ক্ষাৰক আৰু লৱন MCQ Question Answer) আৰু এইবোৰ Class 10 Science MCQ Chapter 2 in Assamese Medium প্ৰশ্নোত্তৰ SEBA Class 10 Science Chapter 2 MCQ in Assamese অৰ্থাৎ SEBA Class 10 Science MCQ Exam 2024 ৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 10 Science Chapter 2 MCQ Assamese Medium (এছিড, ক্ষাৰক আৰু লৱন MCQ Question Answer) ৰ আহিব লগা MCQ প্ৰশ্ন উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। এছিড, ক্ষাৰক আৰু লৱন দশম শ্ৰেণী MCQ Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে Class 10 Science Chapter 2 MCQ Assamese Medium with Solution ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
এছিড, ক্ষাৰক আৰু লৱন
1. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্রৱটোত থাকে一
(a) NaCl
(b) HCl
(c) LiCI
(d) KCI
Ans : (b) HCl
2. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াৰ pH হ’ব পাৰে一
(a) 1
(b) 4
(c) 5
(d) 10
Ans : (d) 10
3. অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?
(a) এণ্টিবায়টিক
(b) বেদনানাশক
(c) অম্লনাশক
(d) বীজাণুবাৰক
Ans : (c) অম্লনাশক
4. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়। কিয়নো一
(a) টিনতকৈ জিংক দামী
(b) জিংকৰ গলনাংক টিনতকৈ বেছি
(c) জিংক টিনতকৈ অধিক সক্রিয়
(d) জিংক টিনতকৈ কম সক্রিয়
Ans : (c) জিংক টিনতকৈ অধিক সক্রিয়
5. NaOH দ্ৰৰ এটাৰ 10mL এ HCI দ্ৰৰ এটাৰ 8mL সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20mL লওঁ তেয়ে এইখিনি প্রশমিত কৰিবলৈ লগা HCl দ্ৰবৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ’ব —
(a) 4mL
(b) 8mL
(c) 12mL
(d) 16mL
Ans : (d) 16mL
6. ক্ষাৰকে পানীত উৎপন্ন কৰা আয়নটো হ’ল —
(a) H^+
(b) Cl^-
(c) OH^-
(d) Mg^+
Ans : (c) OH^-
7.যৌগ CaOCl_2 ৰ সাধাৰণ নাম —
(a) ব্লিচিং পাউদাৰ
(b) বেকিং ছ’ডা
(c) বেকিং পাউদাৰ
(d) কাপোৰ ধোৱা ছ’ডা
Ans : (a) ব্লিচিং পাউদাৰ
8. বেকিং ছ’ডাৰ ৰাসায়নিক নাম —
(a) ছ’ডিয়াম হাইড্রক্সাইড
(b) ছ’ডিয়াম কার্বনেট
(c) ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট
(d) ছ’ডিয়াম অক্সাইড
Ans : (c) ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট
9.পানীত দ্রবীভূত ক্ষাৰকক কোৱা হয় —
(a) তীব্র ক্ষাৰক
(b) মৃদু ক্ষাৰক
(c) এলকালয়ড
(d) ক্ষাৰ
Ans : (d) ক্ষাৰ
10. প্রশমন বিক্ৰিয়াত —
(i) এছিডে ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰে।
(ii) লৱণ আৰু পানী উৎপন্ন হয়
(iii) এছিড আৰু ক্ষাৰক উভয়ে উভয়ৰ প্ৰভাৱ নোহোৱা কৰে।
(iv) লৱণ আৰু H, উৎপন্ন হয়
শুদ্ধ উক্তি/উক্তিবোৰ হ’ল-
(a) (i) আৰু (ii)
(b) (ii) আৰু (iii)
(c) কেৱল (ii)
(d) (i) আৰু (iv)
Ans : (b) (ii) আৰু (iii)
Class 10 Science Chapter 2 MCQ Assamese Medium with Answer
11. তলৰ কোনবিধ ঘ্রাণেন্দ্রিক সূচক ?
(a) হালধী
(b) লিটমাছ
(c) পিয়াজ
(d) ৰঙা বান্ধাকবিৰ পাত
Ans : (c) পিয়াজ
Also Read:Class 10 Science Chapter 2 [প্ৰশ্নোত্তৰ]
12. তলৰ কোনটো এটা সাংশ্লেষিক সূচক ?
(a) লিটমাছ
(b) জবা ফুলৰ পাহি
(c) হালধী
(d) ফিন’লফথেলিন
Ans : (d) ফিন’লফথেলিন
13. তলৰ কোনবিধ এবিধ প্রাকৃতিক সূচক নহয় ?
(a) লিটমাছ
(b) হাইড্রেনজিয়াৰ পাহি
(c) মিথাইল অৰেঞ্জ
(d) হালধী
Ans : (c) মিথাইল অৰেঞ্জ
14. ব’ৰাক্স উৎপন্ন কৰিবলৈ ব্যৱহাৰ হোৱা ছডিয়াম যৌগবিধ—
(a) ছ’ডিয়াম হাইড্রক্সাইড
(b) কাপোৰ ধোৱা ছডা
(c) বেকিং ছডা
(d) ছ’ডিয়াম ক্ল’ৰাইড
Ans : (b) কাপোৰ ধোৱা ছডা
15. অগ্নি নির্বাপক যন্ত্ৰত ব্যৱহাৰ হোৱা ছডিয়াম যৌগ—
(a) বেকিং ছড়া
(b) ছ’ডিয়াম হাইড্রক্সাইড
(c) কাপোৰ ধোৱা ছড়া
(d) পটাছিয়াম হাইড্ৰ’ক্সাইড
Ans : (a) বেকিং ছড়া
16. এচিড আৰু ধাতুৰ মাজৰ বিক্ৰিয়াত উৎপন্ন হোৱা গেছটো—
(a) কার্বন ডাইঅক্সাইড
(b) হাইড্ৰ’জেন
(c) নাইট্ৰ’জেন
(d) অক্সিজেন
Ans : (b) হাইড্ৰ’জেন
17. এচিড বৰষুণৰ pH মানৰ পৰিসৰ—
(a) 7.0-7.8
(b) 0
(c) 5.6 তকৈ কম
(d) 5.6 তকৈ বেছি
Ans : (c) 5.6 তকৈ কম
18. ক্ল’ৰ-এলকালি পদ্ধতিত উৎপন্ন হয় —
(a) ছ’ডিয়াম হাইড্রক্সাইড
(b) ক্ল’ৰিণ
(c) হাইড্ৰ’জেন
(d) ওপৰৰ আটাইকেইটা
Ans : (d) ওপৰৰ আটাইকেইটা
19. তলৰ কোনবিধ যৌগ উত্তপ্ত কৰি ছডিয়াম কার্বনেট পাব পাৰি—
(a) শিথিলিত চূণ
(b) বেকিং ছড়া
(c) জিপছাম
(d) প্লাষ্টাৰ অব পেৰিছ
Ans : (b) বেকিং ছড়া
Class 10 Science Chapter 2 MCQ in Assamese with Solution
20. এটা দ্ৰবই নীলা লিটমাছ ৰঙা কৰে। ইয়াৰ সাম্ভাব্য pH মান হ’ব—
(a) 1
(b) 7
(c) 8
(d) 10
Ans : (a) 1
Also Read:Class 10 Science Chapter 5 [প্ৰশ্নোত্তৰ]
21. প্লাষ্টাৰ অব পেৰিছে পানীৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ—
(a) কপাৰ ছালফেট
(b) ছ’ডিয়াম কার্বনেট
(c) বেকিং ছড়া
(d) জিপছাম
Ans : (d) জিপছাম
22. তলৰ কোনবিধ যৌগই ক্ল’ৰিণৰ সৈতে বিক্রিয়া কৰি ব্লিচিং পাউদাৰ উৎপন্ন কৰে ?
(a) ছ’ডিয়াম হাইড্রক্সাইড
(b) কেলছিয়াম হাইড্রক্সাইড
(c) ছ’ডিয়াম কার্বনেট
(d) পটেছিয়াম হাইড্রক্সাইড
Ans : (b) কেলছিয়াম হাইড্রক্সাইড
23. এচিডে ধাতৱ কার্বনেট বা ধাতৱ হাইড্ৰ’জেনকাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা গেছট—
(a) হাইড্ৰ’জেন
(b) নাই ‘জৈন
(c) কার্বন ডাইঅক্সাইড
(d) ছালফাৰ ডাই অক্সাইড
Ans : (c) কার্বন ডাইঅক্সাইড
24. তলৰ কোনবিধ যৌগক পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় ?
(a) কাপোৰ ধোৱা ছ’ডা
(b) বেকিং ছ’ডা
(c) ছ’ডিয়াম হাইড্রক্সাইড
(d) ব্লিচিং পাউদাৰ
Ans : (a) কাপোৰ ধোৱা ছ’ডা
25. তলৰ কোনবিধ ছ’ডিয়াম যৌগ অম্লনাশকবোৰৰ এটা উপাদান —
(a) ছ’ডিয়াম হাইড্রক্সাইড
(b) ছডিয়াম হাইড্ৰ’জেনকার্বনেট
(c) ছ’ডিয়াম কার্বনেট
( d) ব্লিচিং পাউদাৰ
Ans : (b) ছডিয়াম হাইড্ৰ’জেনকার্বনেট
26. তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্রিয়াজাত লৱণবোৰৰ প্ৰকৃতি—
(a) প্রশম
(b) আম্লিক
(c) ক্ষাৰকীয়
(d) ইয়াৰ এটাও নহয়
Ans : (a) প্রশম
27. এবিধ তীব্র ক্ষাৰক আৰু এবিধ মৃদু এচিডৰ বিক্রিয়াজাত লৱণবোৰৰ প্ৰকৃতি—
(a) ক্ষাৰকীয়
(b) প্রশম
(c) আম্লিক
(d) ইয়াৰ এটাও নহয়
Ans : (a) ক্ষাৰকীয়
28. এবিধ তীব্র এচিড আৰু এবিধ মৃদু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা লৱণৰ প্ৰকৃতি—
(a) ক্ষাৰকীয়
(b) আম্লিক
(c) প্রশম
(d) ইয়াৰ এটাও নহয়
Ans : (b) আম্লিক
29. ছ’ডিয়াম ক্ল’ৰাইড তলৰ কোন প্ৰকৃতিৰ লৱণ—
(a) প্রশম
(b) ক্ষাৰকীয়
(c) আম্লিক
(d) ইয়াৰ এটাও নহয়
Ans : (a) প্রশম
Class 10 Science Chapter 2 MCQ Assamese Medium Question and Answer
30. চোৰাত পাতৰ শুঙ বিন্ধিলে তলৰ কোনটো এচিড নিঃসৃত হয়—
(a) এছেটিক এচিড
(b) চাইট্রিক এচিড
(c) লেক্টিক এচিড
(d) মিথানয়িক এচিড
Ans : (d) মিথানয়িক এচিড
31. তলৰ কোনটো pH মানৰ পৰিসৰত আমাৰ দন্তক্ষয়ৰ সূচনা হয়—
(a) 7.0 তকৈ কম
(b) 5.5 তকৈ কম
(c) 5.6 তকৈ বেছি
(d) 5.5 তকৈ বেছি
Ans : (b) 5.5 তকৈ কম
32. তলৰ কোনটো pH মানৰ পৰিসৰত মানৱ শৰীৰে ভালদৰে কাৰ্য কৰে—
(a) 5.6 তকৈ কম
(b) 5.5 তকৈ কম
(c) 7.0 ৰ পৰা 7.8
(d) 0 ৰ পৰা 14
Ans : (c) 7.0 ৰ পৰা 7.8
33. ছডিয়াম হাইড্ৰ’জেনকাৰ্বনেট উত্তপ্ত কৰিলে পোৱা যায়—
(i) ছ’ডিয়াম কার্বনেট
(ii) কার্বন ডাই অক্সাইড
(iii) এছিডৰ ছ’ডিয়াম লৱণ
(iv) পানী
শুদ্ধ বিকল্পটো হ’ল
(a) (i), (iii)
(b) (i), (iii)
(c) (ii), (iii), (iv)
(d) (i), (ii), (iv)
Ans : (d) (i), (ii), (iv)
34. জিপছামৰ ৰাসায়নিক সংকেত হ’ল—
(a) CuSO_4.10H_2O
(b) CaSO_4
(c) CaSO_4.2H_2O
(d) CaCO_3
Ans : (c) CaSO_4.2H_2O
35.যৌগ CaSO_4.\frac12H_2O ৰ সাধাৰণ নামটো হ’ল—
(a) প্লাষ্টাৰ অব্ পেৰিছ
(b) জিপছাম
(c) আৰ্দ্ৰ কপাৰ ছালফেট
(d) কেলছিয়াম ছালফেট
Ans : (a) প্লাষ্টাৰ অব্ পেৰিছ
36. তলৰ কোনটো যৌগৰ ৰাসায়নিক নাম কেলছিয়াম ছালফেট হেমিহাইড্রেট ?
(a) জিপছাম
(b) কাপোৰ ধোৱা ছ’ডা
(c) প্লাষ্টাৰ অব পেৰিছ
(d) বেকিং ছ’ডা
Ans : (c) প্লাষ্টাৰ অব পেৰিছ
37. কাপোৰ ধোৱা ছ’ডাৰ ৰাসায়নিক সংকেত কি ?
(a) CaCO_3
(b) NaHCO_3
(c) Na_2CO_3.10H_2O
(d) Na_2CO_3
Ans : (c) Na_2CO_3.10H_2O
Chapter-wise MCQ
Chapter-wise Question Answer
Class 10 Science Chapter 2 MCQ Assamese Medium with Answer
Class 10 Science Chapter 2 MCQ Assamese Medium (এছিড, ক্ষাৰক আৰু লৱন MCQ Question Answer) are available here. Students can practice these Class 10 Science Chapter 2 MCQ in Assamese Medium, prepared per the SEBA syllabus (2024 – 2025) and NCERT curriculum. All the MCQ questions in this Class 10 Science Chapter 2 MCQ in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 2 MCQ (এছিড, ক্ষাৰক আৰু লৱন MCQ Question Answer) questions and answers carefully.
Class 10 Science Chapter 2 MCQ in Assamese Question and Answer
ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 2 MCQ in Assamese (এছিড, ক্ষাৰক আৰু লৱন MCQ Question Answer) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 2 MCQ Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Chapter 2 MCQ in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।
I am very helpful for this MCQ questions..... thankyou very much 🙏🏻🙏🏻
So nice