Class 9th & 10th Join Now

Home » Class 10 Science Chapter 10 Assamese Medium – পোহৰ–প্ৰতিফলন আৰু প্ৰতিসৰণ

Class 10 Science Chapter 10 Assamese Medium – পোহৰ–প্ৰতিফলন আৰু প্ৰতিসৰণ

পোহৰ–প্ৰতিফলন আৰু প্ৰতিসৰণ
শ্ৰেণী (Class)দশম শ্ৰেণীৰ (X)
বিষয়বিজ্ঞান (Science)
পাঠ (Lesson)পোহৰ–প্ৰতিফলন আৰু প্ৰতিসৰণ
অধ্যায় (Chapter)অধ্যায় 10
মাধ্যম (Medium)অসমীয়া
ৱেবছাইটৰ নামlearningassam.com

Class 10 Science Chapter 10 Assamese Medium Question Answer

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 10 Assamese Medium Question Answer (Science Chapter 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ Question Answer) আৰু এইবোৰ SEBA Class 10 Science Chapter 10 Question Answer Assamese Medium প্ৰশ্নোত্তৰ SEBA Class 10 Science Chapter 10 Question Answer in Assamese অৰ্থাৎ SEBA Assamese Medium Class 10 Science Chapter 10 in Assamese Exam 2025 ৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 10 Science Chapter 10 Answers Assamese Medium (Chapter 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ Question Answer) ৰ আহিব লগা প্ৰশ্নৰ উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ Class 10 Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 Science Chapter 10 Assamese Medium ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-168

Class 10 Science Question Answer Page No 168

1. অৱতল দাপোণৰ মুখ্য ফ’কাছৰ সংজ্ঞা দিয়া।

উঃ অৱতল দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা পোহৰৰ ৰশ্মিয়ে প্রতিফলনৰ পিছত মুখ্য অক্ষৰ যিটো বিন্দু কটাকটি কৰে, সেই বিন্দুকে অৱতল দাপোণৰ মুখ্য ফ’কাছ বোলে।


2. গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 ছেমি। ইয়াৰ ফ’কাছ দৈৰ্ঘ্য কিমান ?

উত্তৰঃ

ইয়াত ,

ভাজ ব্যাসাৰ্ধ \left(R\right)=20cm

ফকাছ দৈৰ্ঘ্য \left(f\right)=?

আমি জানো যে,

\Rightarrow f=\frac R2

\Rightarrow f=\frac{20}2

\Rightarrow f=10cm

নিৰ্ণেয় ফকাছ দৈৰ্ঘ্য \left(f\right)=10cm


3. এখন দাপোণৰ নাম কোৱা, যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে।

উত্তৰঃ অৱতল দাপোন।


4. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোন কিয় পছন্দ কৰা হয়?

উত্তৰঃ উত্তল দাপোণে সৰুকৈ হ’লেও থিয় প্ৰতিবিম্ব গঠন কৰে আৰু ইয়াৰ দৃষ্টিক্ষেত্ৰ বহল গতিকে চালকে পিছফালৰ বহু দূৰলৈকে যাতায়তৰ বহল দৃশ্য চাব পাৰে। সেয়ে গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোন পছন্দ কৰা হয় ।


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-171

Class 10 Science Question Answer Page No 171

1. 32 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ ফ’কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা।

উত্তৰঃ

ইয়াত ,

ভাঁজ ব্যাসাৰ্ধ \left(R\right)=32cm

ফকাছ দৈৰ্ঘ্য \left(f\right)=?

আমি জানো যে,

\Rightarrow f=\frac R2

\Rightarrow f=\frac{32}2

\Rightarrow f=16cm

নিৰ্ণেয় ফকাছ দৈৰ্ঘ্য \left(f\right)=16cm

Class 10 Science Chapter 10 Assamese Medium Notes


2. অৱতল দাপোণ এখনে ইয়াৰ সম্মুখত 10 cm দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে। প্ৰতিবিম্বটোৰ অৱস্থান কি ?

উত্তৰঃ

ইয়াত ,

লক্ষ্যবস্তুৰ দূৰত্ব \left(u\right)=-10cm

বিৱৰ্ধন \left(m\right)=-3 (সৎ প্ৰতিবিম্ব)

প্ৰতিবিম্বৰ দূৰত্ব \left(v\right)=?

আমি জানো যে,

m=\frac{h^/}h=\frac{-v}u

\Rightarrow m=\frac{-v}u\

\Rightarrow-3=\frac{-v}{-10}\

\Rightarrow v=-30cm\

প্ৰতিবিম্ব দাপোণৰ সন্মুখত 30cm আঁতৰত গঠিত হয়।


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-176

Class 10 Science Question Answer Page No 176

1. পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্রৱেশ কৰিছে। পোহৰৰ ৰশ্মিলৰ উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হব? কিয়?

উত্তৰঃ পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষ চাপিব। কাৰণ, পোহৰ লঘুতৰ মাধ্যমৰ পৰা ঘনত্বৰ মাধ্যমলৈ প্ৰতিসৰিত হলে পোহৰ ৰশ্মি অভিলম্বৰ কাষ চাপে।


2. পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ সঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাচত পোহৰৰ দ্ৰুতি কিমান হ’ব? শূন্যত পোহৰৰ দ্ৰুতি 3\times10^8 m প্ৰতি চেকেণ্ড।

উত্তৰঃ

শূন্যত পোহৰৰ বেগ \left(c\right)=3\times10^8 m/s

কাঁচৰ প্ৰতিসৰণাংক \left(n_g\right)=1.5

কাচত পোহৰৰ দ্ৰুতি =\frac c{n_g}

=\frac{3\times10^8}{1.5}

=2\times10^8 m/s


3. তালিকা 10.3 ৰ পৰা সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা। আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটোও নিৰ্ণয় কৰা।

উত্তৰঃ সৰ্বোচ্চ আলোকী ঘনত্বঃ হীৰা (প্ৰতিসৰণাংক) = 2.42

কম আলোকী ঘনত্বঃ বায়ু (প্ৰতিসৰণাংক) = 1.0003

পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ Class 10 Question Answer


4. তোমাক কেৰাচিন, টাৰপেনটাইন আৰু পানী দিয়া হৈছে। এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ ? তালিকা-10.3 ত দিয়া তথ্য ব্যৱহাৰ কৰা।

উত্তৰঃ কেৰাচিনৰ প্ৰতিসৰণাংক = 1.44

টাৰপেনটাইনৰ প্ৰতিসৰণাংক = 1.47

পানীৰ প্ৰতিসৰণাংক = 1.33

আমি জানো যে, কম প্ৰতিসৰণাংক বিশিষ্ট মাধ্যমত পোহৰৰ বেগ বেছি হয়। গতিকে, পানীত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ।


5. হীৰাৰ প্ৰতিসৰণাংক 2.42 । এই উক্তিটোৰ অৰ্থ কি ?

উত্তৰঃ হীৰা এটাৰ প্ৰতিসৰণাংক 2.42 , অৰ্থাৎ হীৰাত পোহৰৰ গতি বায়ুত পোহৰৰ গতিৰ তুলনাত 2.42গুণ কম বা হীৰাত পোহৰৰ গতি শূন্যতাত পোহৰৰ গতিৰ 1/2.42 গুণ।


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-184

Class 10 Science Question Answer Page No 184

1. লেনছ এখনৰ 1 ডায়’প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।

উত্তৰঃ 1 মিটাৰ ফ’কাছ দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতাক 1 ডায়’প্টাৰ বোলে।


2. উত্তল লেনছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50 ছেমি দূৰত্বত গঠন কৰে। যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল লেনছৰ সম্মুখত ক’ত ৰখা হৈছিল? ক্ষমতা নিৰ্ণয় কৰা।

উত্তৰঃ

প্ৰতিবিম্বৰ দূৰত্ব \left(v\right)=50cm

লক্ষ্যবস্তুৰ দূৰত্ব \left(u\right)=-50cm

ক্ষমতা \left(P\right)=?

আমি জানো যে,

\frac1f=\frac1v-\frac1u

\Rightarrow\frac1f=\frac1{50}-\frac1{-50}

\Rightarrow\frac1f=\frac1{50}+\frac1{50}

\Rightarrow\frac1f=\frac1{25}

\Rightarrow f=25cm=0.25m

আকৌ, যিহেতু

P=\frac1f

\Rightarrow P=\frac1{0.25}

\Rightarrow P=+4D

গতিকে লেনছৰ ক্ষমতা \left(P\right)=+4D

Class 10 Science Chapter 10 Question Answer in Assamese


3. 2m ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ এখনৰ ক্ষমতা নিৰ্ণয় কৰা।

উত্তৰঃ

ইয়াত,

ফকাছ দৈৰ্ঘ্য f=-2m (অৱতল লেনছ)

আমি জানো যে,

ক্ষমতা P=\frac1f

\Rightarrow P=\frac1{-2}

\Rightarrow P=-0.5D

গতিকে লেনছৰ ক্ষমতা \left(P\right)=-0.5D


Class 10 Science অনুশীলনী

Class 10 Science Exercise Question Answer

1. তলত দিয়া কোনটো পদাৰ্থ লেনছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি ?
(a) পানী
(b) কাঁচ
(c) প্লাষ্টিক
(d) মৃত্তিকা (clay)

উত্তৰঃ (d) মৃত্তিকা (clay)


2. অৱতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ’ল। লক্ষ্যবস্তুৰ অৱস্থান ক’ত হ’ব লাগিব ?
(a) মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত
(b) ভাঁজ কেন্দ্ৰত
(c) ভাঁজ কেন্দ্ৰৰ বাহিৰত
(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।

উত্তৰঃ (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।


3. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো উত্তল লেনছৰ সম্মুখত কোন স্থানত ৰাখিব লাগিব ?
(a) লেনছৰ মুখ্য ফ’কাছত
(b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
(c) অসীমত
(d) লেনছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত ।

উত্তৰঃ (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত ।

Class 10 Science Chapter 10 Assamese Medium Solution Notes


4. এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেনছ প্ৰত্যেকৰে ফ’কাচ দৈৰ্ঘ্য -15 cm । দাপোণ আৰু লেনছৰ প্ৰকৃত কেনেকুৱা হ’ব পাৰে ?
(a) দুয়োখন অবতল
(b) দুয়োখন উত্তল
(c) দাপোণখন অৱতল লেনছখন উত্তল
(d) দাপোণখন উত্তল লেনছখন অৱতল ।

উত্তৰঃ (a) দুয়োখন অবতল


5. দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়। দাপোণখন কেনেকুৱা হ’ব পাৰে?
(a) সমতল
(b) অৱতল
(c) উত্তল
(d) হয় সমতল নতুবা উত্তল ।

উত্তৰঃ (d) হয় সমতল নতুবা উত্তল ।


6. অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেনছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা ?
(a) 50 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেনছ
(b) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ
(c) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেনছ
(d) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ

উত্তৰঃ (c) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেনছ ।


7. 50 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো। দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত ? প্ৰতিবিম্বৰ প্ৰকৃতি কি হ’ব ? প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু ? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মি চিত্ৰ আঁকা।

উত্তৰঃ অৱতল দাপোণ ব্যৱহাৰ কৰি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো মেৰু আৰু ফ’কাছৰ মাজত ৰাখিব লাগিব। গতিকে লক্ষ্যবস্তুৰ পৰিসৰ 0 তকৈ ডাঙৰ আৰু 50 ছে.মি.তকৈ কম হ’ব। দাপোণখনে গঠন কৰা প্ৰতিবিম্ব অসৎ, থিয় আৰু ই লক্ষ্যবস্তুতকৈ ডাঙৰ হ’ব।

ৰশ্মিচিত্ৰঃ

Class 10 Science Chapter 10 Assamese Medium - পোহৰ–প্ৰতিফলন আৰু প্ৰতিসৰণ

8. তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা
(a) গাড়ীৰ হেডলাইট ।
উত্তৰঃ অৱতল দাপোণ ব্যৱহাৰ কৰা হয়।

(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ ।
উত্তৰঃ উত্তল দাপোণ ব্যৱহাৰ কৰা হয়।

(c) সৌৰ ভাঁতী ।
উত্তৰঃ সৌৰ ভাঁতীত প্ৰতিফলক হিচাপে অৱতল দাপোণ ব্যৱহৃত হয় ।

পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ Class 10 Question Answer


9. উত্তল লেনছ এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ’ল। এই লেনছখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে ? তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্ৰমাণ কৰা। তোমাৰ পৰ্যবেক্ষণসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ

Class 10 Science Chapter 10 Assamese Medium - পোহৰ–প্ৰতিফলন আৰু প্ৰতিসৰণ

চিত্ৰত দেখুওৱাৰ দৰে লেন্‌ছ এখনৰ আধা অংশ কলা কাগজেৰে ঢাকি দিলেও ই বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰে। এই ক্ষেত্ৰত প্ৰতিবিম্বটোৰ তীব্ৰতা হাস হয়, প্ৰতিবিম্ব সৎ আৰু ওলোটা হয়।


10. 5 cm দৈৰ্ঘ্যৰ বস্তু এটা 10 cm ফ’কাচ দৈৰ্ঘ্যৰ অভিসাৰী লেনছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ’ল। ইয়াৰ ৰশ্মিচিত্ৰ আঁকা আৰু গঠিত প্ৰতিবিম্বৰ আৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা ।

উত্তৰঃ

ইয়াত ,

ফ’কাচ দৈৰ্ঘ্য \left(f\right)=10cm

লক্ষ্যবস্তুৰ দূৰত্ব \left(u\right)=-25cm

লক্ষ্যবস্তুৰ আকাৰ \left(h\right)=5cm

প্ৰতিবিম্বৰ দূৰত্ব \left(v\right)=?

প্ৰতিবিম্বৰ আকাৰ \left(h^/\right)=?

আমি জানো যে,

\frac1f=\frac1v-\frac1u

\Rightarrow\frac1{10}=\frac1v-\frac1{-25}

\Rightarrow\frac1{10}=\frac1v+\frac1{25}

\Rightarrow\frac1v=\frac1{10}-\frac1{25}

\Rightarrow\frac1v=\frac{15}{250}

\Rightarrow v=\frac{250}{15}

\Rightarrow v=16.66cm

আকৌ, যিহেতু

\frac{h^/}h=\frac vu

\Rightarrow h^/=\frac vu\times h

\Rightarrow h^/=\frac{16.66}{-25}\times5

\Rightarrow h^/=-3.3cm

ৰশ্মিচিত্ৰঃ

Class 10 Science Chapter 10 Assamese Medium -অধ্যায় 10-পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ

প্ৰতিবিম্বৰ আকাৰ ঋণাত্মক গতিকে প্ৰতিবিম্বটো ওলোটা আৰু প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ সৰু আৰু 16.66 cm দূৰত অৱস্থিত।


11. 15cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ এখনে তাৰ পৰা 10 cm দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে। লক্ষ্যবস্তুটো লেনছৰ পৰা কিমান দূৰত্বত আছে ? ৰশ্মিচিত্ৰ আঁকা।

উত্তৰঃ

ইয়াত ,

ফ’কাচ দৈৰ্ঘ্য \left(f\right)=-15cm

প্ৰতিবিম্বৰ দূৰত্ব \left(v\right)=-10cm

লক্ষ্যবস্তুৰ দূৰত্ব \left(u\right)=?

আমি জানো যে,

\frac1f=\frac1v-\frac1u

\Rightarrow\frac1{-15}=\frac1{10}-\frac1u

\Rightarrow\frac1u=-\frac1{10}+\frac1{15}

\Rightarrow\frac1u=\frac{-3+2}{30}

\Rightarrow u=-30cm

লক্ষ্যবস্তু দাপোণৰ পৰা 30cm আঁতৰত আছে ।

ৰশ্মিচিত্ৰঃ

Class 10 Science Chapter 10 Assamese Medium -অধ্যায় 10-পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ

12. 15cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 10 cm দূৰত্ব বস্তু এটা ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা।

উত্তৰঃ

ইয়াত ,

ফ’কাচ দৈৰ্ঘ্য \left(f\right)=15cm

লক্ষ্যবস্তুৰ দূৰত্ব \left(u\right)=-10cm

প্ৰতিবিম্বৰ দূৰত্ব \left(v\right)=?

বিৱৰ্ধন \left(m\right)=?

আমি জানো যে,

\frac1f=\frac1v+\frac1u

\Rightarrow\frac1{15}=\frac1v+\frac1{-10}

\Rightarrow\frac1v=\frac1{15}+\frac1{10}

\Rightarrow\frac1v=\frac5{30}

\Rightarrow v=6cm

আকৌ, যিহেতু

m=\frac{-v}u

\Rightarrow m=\frac{-6}{-10}

\Rightarrow m=0.6

প্ৰতিবিম্ব দাপোণৰ পিছফালে 6 cm দূৰত গঠিত হ’ব। বিবৰ্ধন ধনাত্মক , গতিকে প্ৰতিবিম্ব অসৎ আৰু থিয়।


13. সমতল দাপোণে +1 বিবৰ্ধন দিয়ে। ইয়াৰ অৰ্থ কি ?

উত্তৰঃ ইয়াৰ অৰ্থ হল লক্ষ্য়বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান। লগতে ইহতৰ আকৃতিওসমান আৰু + চিনে অসৎ প্ৰতিবিম্ব বুজায়।


14. 30 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ সম্মুখত 20 cm দূৰত্বত 5 ছেমি দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা।

উত্তৰঃ

ইয়াত ,

ভাঁজ ব্যাসাৰ্ধ \left(R\right)=30cm

লক্ষ্যবস্তুৰ দূৰত্ব \left(u\right)=-20cm

লক্ষ্যবস্তুৰ আকাৰ \left(h\right)=5cm

প্ৰতিবিম্বৰ দূৰত্ব \left(v\right)=?

প্ৰতিবিম্বৰ আকাৰ \left(h^/\right)=?

যিহেতু,

f=\frac R2

\Rightarrow f=\frac{30}2

\Rightarrow f=15cm

আমি জানো যে,

\frac1f=\frac1v+\frac1u

\Rightarrow\frac1{15}=\frac1v+\frac1{-20}

\Rightarrow\frac1v=\frac1{15}+\frac1{20}

\Rightarrow\frac1v=\frac7{60}

\Rightarrow v=\frac{60}7

\Rightarrow v=8.6cm

আকৌ, যিহেতু

\frac{-v}u=\frac{h^/}h

\Rightarrow h^/=\frac{-v}u\times h

\Rightarrow h^/=\frac{-8.6}{-20}\times5

\Rightarrow h^/=2.15cm

প্ৰতিবিম্ব দাপোণৰ পিছফালে দাপোণৰ পৰা 8.6 cm দূৰত গঠিত হ’ব। ই অসৎআৰু থিয় হ’ব। প্ৰতিবিম্বৰ আকাৰ = 2.2 cm ।


পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ Class 10 Question Answer

15. 18 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সম্মুখত 27cm দূৰত্বত 7cm আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোণখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা কৰা প্ৰতিবিম্ব এটা পোৱা যাব ? প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।

উত্তৰঃ

ইয়াত ,

ফ’কাচ দৈৰ্ঘ্য \left(f\right)=-18cm

লক্ষ্যবস্তুৰ দূৰত্ব \left(u\right)=-27cm

লক্ষ্যবস্তুৰ আকাৰ \left(h\right)=7cm

প্ৰতিবিম্বৰ দূৰত্ব \left(v\right)=?

প্ৰতিবিম্বৰ আকাৰ \left(h^/\right)=?

আমি জানো যে,

\frac1f=\frac1v+\frac1u

\frac1{-18}=\frac1v+\frac1{27}

\Rightarrow\frac1v=-\frac1{18}+\frac1{27}

\Rightarrow\frac1v=\frac{-3+2}{54}

\Rightarrow\frac1v=-\frac1{54}

\Rightarrow v=-54cm

আকৌ, যিহেতু

\Rightarrow h^/=\frac{-v}u\times h

\Rightarrow h^/=\frac{-v}u\times h

\Rightarrow h^/=\frac{-(-54)}{-27}\times7

\Rightarrow h^/=-14cm

দাপোণৰ সন্মুখত 54 cm দূৰত পৰ্দাখন ৰাখিব লাগিব। প্ৰতিবিম্ব সৎ, আৰু ওলোটা, লক্ষ্যবস্তুতকৈ ডাঙৰ। প্ৰতিবিম্বৰ আকৃতি = 14 cm ।


16. -2.0 D ক্ষমতাৰ লেনছ এখনৰ ফ’কাছ দৈৰ্ঘ্য কিমান ? লেনছখনৰ প্ৰকৃতি কেনেকুৱা ?

উত্তৰঃ

ইয়াত ,

লেনছ ক্ষমতা (P)=-2.0D

আমি জানো যে,

f=\frac1P

\Rightarrow f=\frac1{-2}

\Rightarrow f=-0.5m

যিহেতু ফ’কাছ দৈৰ্ঘ্য ঋণাত্মক, গতিকে প্ৰকৃতি অৱতল লেন্স ।


17. ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমূলক লেনছৰ ক্ষমতা + 1.5D । লেনছখনৰ ফ’কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা এই লেনছখন অভিসাৰী নে অপসাৰী ?

উত্তৰঃ

ইয়াত ,

লেনছ ক্ষমতা \left(P\right)=+1.5D

আমি জানো যে,

f=\frac1P

\Rightarrow f=\frac1{1.5}

\Rightarrow f=0.67m

যিহেতু ক্ষমতা ধনাত্মক, গতিকে লেনছখন অভিসাৰী। 


Important

গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোন কিয় পছন্দ কৰা হয়?

উত্তল দাপোণে সৰুকৈ হ’লেও থিয় প্ৰতিবিম্ব গঠন কৰে আৰু ইয়াৰ দৃষ্টিক্ষেত্ৰ বহল গতিকে চালকে পিছফালৰ বহু দূৰলৈকে যাতায়তৰ বহল দৃশ্য চাব পাৰে। সেয়ে গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোন পছন্দ কৰা হয় ।

হীৰাৰ প্ৰতিসৰণাংক 2.42 । এই উক্তিটোৰ অৰ্থ কি ?

হীৰা এটাৰ প্ৰতিসৰণাংক 2.42 , অৰ্থাৎ হীৰাত পোহৰৰ গতি বায়ুত পোহৰৰ গতিৰ তুলনাত 2.42গুণ কম বা হীৰাত পোহৰৰ গতি শূন্যতাত পোহৰৰ গতিৰ 1/2.42 গুণ।

লেনছ এখনৰ 1 ডায়’প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।

1 মিটাৰ ফ’কাছ দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতাক 1 ডায়’প্টাৰ বোলে।

সমতল দাপোণে +1 বিবৰ্ধন দিয়ে। ইয়াৰ অৰ্থ কি ?

ইয়াৰ অৰ্থ হল লক্ষ্য়বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান। লগতে ইহতৰ আকৃতিওসমান আৰু + চিনে অসৎ প্ৰতিবিম্ব বুজায়।

Chapter-wise Question Answer

Class 10 Science Chapter 10 Assamese Medium Question Answer

  • 10.1. পোহৰৰ প্ৰতিফলন (REFLECTION OF LIGHT)
  • 10.2. গোলাকাৰ দাপোণ (Spherical mirrors)
  • 10.2.1 গোলাকাৰ দাপোণৰ দ্বাৰা প্ৰতিবিম্ব গঠন (Image formation by spehrical mirrors)
  • 10.2.2 ৰশ্মিৰ সহায়ত গোলাকাৰ দাপোণে গঠন কৰা প্ৰতিবিম্বৰ উপস্থাপন (Representation of Images formed by Spherical Mirrors using Ray Diagrams)
  • (a) অতল দাপোণৰ দ্বাৰা প্ৰতিবিম্ব গঠন (Image formation by Concave Mirror) 
  • অৱতল দাপোণৰ ব্যৱহাৰ (Uses of Concave Mirror)
  • (b) উত্তল দাপোণৰ দ্বাৰা প্ৰতিবিম্ব গঠন (Image formation by a Convex Mirror)
  • উত্তল দাপোণৰ ব্যৱহাৰ (Uses of convex mirrors ) 
  • 10.2.3 গোলাকাৰ দাপোণৰ দ্বাৰা প্ৰতিফলনৰ বাবে চিহ্ন প্রথা (Sign Convention for Reflection by Spherical Mirrors)
  • 10.2.4 দাপোণৰ সূত্ৰ আৰু বিবর্ধন (Mirror Formula and Magnification)
  • বিবর্ধন (Magnification)
  • 10.3 পোহৰৰ প্ৰতিসৰণ (REFRACTION OF LIGHT )
  • 10.3.1 আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে প্ৰতিসৰণ (Refraction through a Rectangular Glass Slab)
  • 10.3.2 প্ৰতিসৰণাংক (The Refractive Index)
  • 10.3.3 গোলাকাৰ লেন্‌ছৰ দ্বাৰা প্ৰতিসৰণ (Refraction by Spherical Lenses)
  • 10.3.4 লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠন (Image Formation by Lenses)
  • 10.3.5 ৰশ্মিচিত্ৰ ব্যৱহাৰ কৰি লেন্‌ছত প্রতিবিম্ব গঠন (Image Formation in Lenses using Ray Diagram)
  • 10.3.6 গোলাকাৰ লেন্‌ছৰ বাবে চিহ্ন প্রথা (Sign Convention For Spherical Lenses)
  • 10.3.7 লেন্‌ছৰ সূত্ৰ আৰু বিবর্ধন (Lens Formula and Magnification)
  • 10.3.8 লেন্‌ছৰ ক্ষমতা (Power of Lens)

Class 10 Science Chapter 10 Question Answer in Assamese

SEBA Class 10 Science Chapter 10 Question Answer Assamese Medium (Chapter 12 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ Question Answer) are available here. Students can practice these SEBA Class 10 Science Chapter 10 Assamese Medium, prepared per the SEBA syllabus (2024 – 2025) and NCERT curriculum. All the questions in this SEBA Class 10 Science Chapter 10 Question Answer in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 10 Question Answer (পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ Class 10 Question Answer) carefully.

Class 10 Science Chapter 10 Assamese Medium Solution

Looking for a comprehensive guide to Class 10 Science Chapter 10 in Assamese Medium? Our blog post provides a detailed explanation of key concepts in the chapter, helping students grasp essential topics with ease. Along with clear and concise explanations, we’ve also included Class 10 Science Chapter 10 Question Answers in Assamese, tailored to help students prepare effectively for their exams. Whether you’re revising or seeking help with homework, this guide offers the perfect resource for mastering Chapter 10 and acing your Science exam in Assamese Medium.

Class 10 Science Chapter 10 Question Answer in Assamese

Need some help with Class 10 Science Chapter 10 Question Answer in Assamese? You’re in the right place! This post is all about making tough topics easy to understand, with clear explanations and examples. We’ve also got a complete set of Class 10 Science Chapter 10 Assamese Medium, so you can practice and prep without the stress. Whether you’re reviewing for exams or just tackling homework, this guide has everything you need to get ahead.

পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ Class 10 Question Answer

ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 10 Answer in Assamese (Chapter 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ Question Answer) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 10 Assamese Medium PDF খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Science Chapter 10 Question Answer in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

This Post Has One Comment

  1. Sanju Sarma

    Best science notes for Assamese Medium in the internet.

Leave a Reply