সূচীপত্ৰ
জীৱন প্ৰক্ৰিয়া | |
শ্ৰেণী (Class) | দশম শ্ৰেণীৰ (X) |
বিষয় | বিজ্ঞান (Science) |
পাঠ (Lesson) | জীৱন প্ৰক্ৰিয়া |
অধ্যায় (Chapter) | অধ্যায় 6 |
মাধ্যম (Medium) | অসমীয়া |
ৱেবছাইটৰ নাম | learningassam.com |
Class 10 Science Chapter 6 Assamese Medium Question Answer
সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 6 Assamese Medium Question Answer (Class 10 জীৱন প্ৰক্ৰিয়া Question Answer) আৰু এইবোৰ SEBA Class 10 Science Chapter 6 Question Answer in Assamese প্ৰশ্নোত্তৰ SEBA Class 10 Science Chapter 6 Assamese Medium Solution অৰ্থাৎ SEBA Assamese Medium Class 10 Science Chapter 6 Exam 2024 ৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 10 Science Chapter 6 Answers Assamese Medium (Class 10 Science জীৱন প্ৰক্ৰিয়া Question Answer) ৰ আহিব লগা প্ৰশ্নৰ উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। জীৱন প্ৰক্ৰিয়া Class 10 Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 Science Chapter 6 Question Answer in Assamese ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-95
Class 10 Science Question Answer Page No 95
1. মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো কিয় পৰ্যাপ্ত নহয়?
উত্তৰঃ বহুকোষী জীৱৰ প্ৰতিটো কোষ প্ৰতক্ষভাৱে পৰিবেশৰ সন্নিধত থকাটো সম্ভৱ নহয়। ব্যাপন প্ৰক্ৰিয়াটো অতি লেহেমিয়া হোৱা বাবে দেহৰ অন্তভাগৰ কলাৰকোষ সমূহে ব্যাপন প্ৰক্ৰিয়াৰে প্ৰয়োজনীয় অক্সিজেন সময়মতে পোৱাটো সম্ভৱ নহয়। সেয়ে মানুহকে ধৰি আন আন বহুকোষী জীৱৰ বাবে লাগতীয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰন কৰি লোৱাতো পৰ্যাপ্ত নহয় ।
2. আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত ঠাৱৰ কৰিম?
উত্তৰঃ জীৱ এটা জীৱিত নে মৃত তাক ঠাৱৰ কৰাৰ ভিত্তি সমূহ হল-
(a) ইয়াৰ শ্বাস-প্ৰশ্বাস ক্ৰিয়া আছে নে নাই ।
(b) ইয়াৰ বৃদ্ধি আৰু বিকাশ আছে নে নাই ।
(c) ইয়াৰ অণুসমূহৰ চলন আছে নে নাই ।
(d) ই ৰেচন ক্ৰিয়া সম্পন্ন কৰি আছে নে নাই ।
3. জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়?
উত্তৰঃ জীৱই বহি পৰিৱেশৰ পৰা আহৰণ কৰা কেচাঁ সামগ্ৰীসমূহ হল-
(a) খাদ্য বা আহাৰ
(b) অক্সিজেন
(c) পানী
(d) খনিজ লৱন
4. জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা?
উত্তৰঃ জীৱৰ জীৱন বৰ্তি থাকিবলৈ প্ৰয়োজনীয় প্ৰক্ৰিয়া সমূহ হল-
(a) পৰিপুষ্টি
(b) শ্বসন
(c) পৰিৱহন
(d) ৰেচন
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-101
Class 10 Science Question Answer Page No 101
1. স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টি ৰ মাজৰ পাৰ্থক্য কি কি?
উত্তৰঃ
স্বপোষিত পুষ্টি | পৰপোষিত পুষ্টি |
(a) স্বপোষিত পুষ্টিত জীৱই সৰল অজৈৱিক উৎস কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ পৰা নিজৰ আহাৰ নিজে প্ৰস্তত কৰি লয় । | (a)পৰপোষিত পুষ্টিত জীৱই প্ৰতক্ষ আৰু পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে । |
(b) ইয়াৰ বাবে পত্ৰহৰিৎ, সূৰ্যৰ পোহৰ আদিৰ প্ৰয়োজন হয়। | (b)ইয়াৰ বাবে পত্ৰহৰিৎ, সূৰ্যৰ পোহৰ আদিৰ প্ৰয়োজন নহয় । |
(c) উদাহৰণ যেনে- উদ্ভিদ আৰু কিছুমান শেলাই। | (c) উদাহৰণ যেনে- মানুহ ,সকলো প্ৰানী আৰু ভেকুৰ । |
2. সালোক সংশ্লেষণত প্ৰযোনীয় প্ৰতিটো উপাদান উদ্ভিদে কত কত পায় ?
উত্তৰঃ(a) বায়ুমণ্ডলৰ পৰা কাৰ্বন’ডাইঅক্সাইড।
(b)পানী আৰু খনিজ লৱন শিপাৰ সহায়ত মাটিৰ পৰা ।
(c) সূৰ্যৰ পোহৰ ।
3. আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি?
উত্তৰঃ আমাৰ পাকস্থলীত পাকগ্ৰন্থীৰ পৰা নিসৰন হোৱা হাইড্ৰক্লৰিক এছিডে খাদ্যৰ লগত প্ৰৱেশ কৰা বিজাণু ধ্বংস কৰে । ইয়াৰ উপৰি খাদ্যখিনি আম্লিক কৰি তুলে যাতে পেপচিনে সহজে প্ৰটিনৰ ওপৰত ক্ৰিয়া কৰি সৰল কৰিব পাৰে ।
Class 10 Science Chapter 6 Assamese Medium Notes
4. পাচক উৎসেচকৰ কাৰ্য কি?
উত্তৰঃ আমি খোৱা আহাৰ অতি জটিল প্ৰকৃতিৰ । আমাৰ দেহৰ তেজৰ লগত মিহলি হবলৈ হলে ইয়াক সৰল অৱস্থালৈ নিব লাগে । আমাৰ শৰীৰৰ বিভিন্ন পাচক গ্ৰন্থিৰ পৰা নিঃসৰন হোৱা উৎসেচকে খাদ্যৰ জটিল আৰু বৃহৎ অনু সমূহ ভাঙি সৰু সৰু কৰে। মূখ গহ্বৰত লালটি এমাইলেজে কাৰ্বহাইড্ৰেটক গ্লুকজলৈ পৰিনত কৰে । ক্ষুদ্ৰান্তত থকা ট্ৰিপচিনে প্ৰটিনক আৰু লাইপেজে চৰ্বিক সৰল কৰে । আন্ত্ৰিক ৰসৰ উৎসেচকে পাচন কাৰ্য সম্পন্ন কৰি কাৰ্বহাইড্ৰেটক গ্লুকজ, প্ৰটিনক এমি’ন এচিডত, চৰ্বিক ফেটি এচিড আৰু গ্লিচাৰলত পৰিনত কৰে।
Also Read: Class 10 Science Chapter 6 MCQ
5. শোষণ হব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়?
উত্তৰঃ পাচিত খাদ্য শোষন হব পাৰাকৈ ক্ষুদ্ৰান্তৰ ভিতৰবেৰত আঙুলি সদৃশ প্ৰবৰ্ধ থাকে, এইবোৰক ভিলাই বোলে। ভিলাই সমূহ ৰক্তনলীৰে আবিষ্টত হয়। খাদ্যৰ পাচিত উৎপাদান শোষনৰ বাবে এই ভিলাইবোৰে পৃষ্টকালি বৃদ্ধি কৰে । যাৰ ফলত খাদ্যৰ পাচিত উপাদানৰ শোষন বৃদ্ধি পায়।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-105
Class 10 Science Question Answer Page No 105
1. শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ অসুবিধা কি?
উত্তৰঃজলজ জীৱবোৰে চাৰিওফালৰ পানীত দ্ৰৱীভূত অক্সিজেন ব্যৱহাৰ কৰে। যিহেতু পানীত দ্ৰৱীভূত হোৱা বায়ুত অক্সিজেনৰ ঘনত্ব যথেষ্ট কম, জলজ জীৱবোৰৰ উশাহ-নিশাহৰ হাৰ যথেষ্ট দ্ৰুত হয়। স্থলজ জীৱবোৰে শ্বাসতন্ত্ৰৰ অঙ্গৰ জৰিয়তে অক্সিজেন সমৃদ্ধ বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰে। সেয়েহে, জলজ জীৱতকৈ তেওঁলোকৰ উশাহ-নিশাহৰ হাৰ যথেষ্ট কম ।
2. কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুক’জ জাৰিত হৈ শক্তি উৎপন্ন হয়?
উত্তৰঃ যিকোনো জীৱদেহত প্ৰথমে কোষপ্ৰৰসত ছয়টা কাৰ্বনযুক্ত গ্লুক’জ অনুৰ ভাঙুন ঘটি তিনিটা কাৰ্বনযুক্ত পাইৰুভেত অনুৰ সৃষ্টি হয়|এই পাইৰুভেত অনুৰ পৰা ভিন ভিন জীৱদেহত তলত দিয়া ধৰণে ভাঙুন ঘটি শক্তি নিৰ্গত হয়।
(a) অবাত শ্বসন : নিম্ন শ্ৰেণীৰ জীৱদেহত অক্সিজেন নোহোৱাকৈ পাইৰুভেত অনুৰ ভাঙুন ঘটি এলকহল, কাৰ্বন-ডাই-অক্সাইড আৰু শক্তি নিৰ্গত কৰে ।

(b) সবাত শ্বসন: কোষৰ মাইট্ৰ’কন্ডিয়াত অক্সিজেনৰ উপস্থিতিত পাইৰুভেত অনুৰ ভাঙুন ঘটি কাৰ্বন-ডাই-অক্সাইড, পানী আৰু শক্তি নিৰ্গত হয়।

(c) পেশীয় শ্বসন: অক্সিজেনৰ যোগান কম হলে পেশী কোষত পাইৰুভেত অনুৰ ভাঙুন ঘটি লেকটিক এচিড আৰু শক্তি নিৰ্গত হয় ।

3. মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন-ডাই অক্সাইড কেনেকৈ পৰিবহন হয়?
উত্তৰঃমানুহৰ দেহত তেজৰ দ্বাৰা অক্সিজেন আৰু কাৰ্বন-ডাই অক্সাইড পৰিৱহন হয় । তেজৰ লোহিত ৰক্তকণিকাত হিমগ্লবিন নামৰ এক ৰঞ্জক থাকে । এই হিমগ্লবিনে অক্সিজেনৰ লগ লাগি অক্সি-হিমগ্লবিন যৌগ গঠন কৰি প্ৰতিটো কোষলৈ লৈ যায় । হিমগ্লবিনৰ প্ৰতি অক্সিজেনতকৈ কাৰ্বন-ডাই অক্সাইডৰ আসক্তি কম হোৱা বাবে ই তেজত দ্ৰৱীভূত অৱস্থাত পৰিৱাহিত হয় আৰু হাওঁ-ফাওঁলৈ যায় । এনেদৰে জীৱদেহত অক্সিজেন আৰু আৰু কাৰ্বন-ডাই অক্সাইড পৰিৱহন হয় ।
Class 10 Science Chapter 6 Question Answer in Assamese
4. প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাও কিদৰে গঠিত হৈছে ?
উত্তৰঃ হাওঁফাওৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ বায়ুকূপ গঠন কৰে । উশাহ লোৱাৰ সময়ত আমাৰ বক্ষগহ্বৰৰ আয়তন বাঢ়ে । ইয়াৰ ফলত হাওঁফাওৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰি বায়ুকূপবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে । দেশৰ বিভিন্ন অংশৰ পৰা তেজ কঢ়িয়াই অনা আৰু কাৰ্বন’ডাই’অক্সাইড বায়ুকোষবোৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শোষণ কৰি লয় আৰু পিছত দেহৰ বিভিন্ন কোষত বিতৰণকৰি দিয়ে । উশাহৰ সময়ত বায়ু গ্ৰহণ আৰু নিশাহৰ সময়ত হাওঁফাওত অৱশিষ্ট বায়ু আয়তন যথেষ্ট থাকে । সেয়ে নিৰ্দিষ্ট পৰিমাণৰ অক্সিজেন গ্ৰহন আৰু কাৰ্বন’ডাই’অক্সাইড এৰি দিব পাৰে । প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাও এইদৰে গঠিত ।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-110
Class 10 Science Question Answer Page No 110
1.মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন-ডাই অক্সাইড কেনেকৈ পৰিবহন হয়?
উত্তৰঃমানুহৰ দেহত তেজৰ দ্বাৰা অক্সিজেন আৰু কাৰ্বন-ডাই অক্সাইড পৰিৱহন হয় । তেজৰ লোহিত ৰক্তকণিকাত হিমগ্লবিন নামৰ এক ৰন্জক থাকে । এই হিমগ্লবিনে অক্সিজেনৰ লগ লাগি অক্সি-হিমগ্লবিন যৌগ গঠন কৰি প্ৰতিটো কোষলৈ লৈ যায় । হিমগ্লবিনৰ প্ৰতি অক্সিজেনতকৈ কাৰ্বন-ডাই অক্সাইডৰ আসক্তি কম হোৱা বাবে ই তেজত দ্ৰৱীভূত অৱস্থাত পৰিৱাহিত হয় আৰু হাওঁ-ফাওঁলৈ যায় ।
2. পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন?
উত্তৰঃপক্ষী আৰু স্তন্যপায়ী প্ৰাণী হল উষ্ণৰক্তি প্ৰাণী । ইহতৰ দেহত উষ্ণতা নিয়ন্ত্ৰনৰ বাবে প্ৰচুৰ পৰিমাণে তাপশক্তিৰ প্ৰয়োজন । এই শক্তিৰ প্ৰয়োজন পূৰ কৰিবলৈ অধিক পৰিমাণে গ্লুকজ জাৰনৰ দ্বাৰা শক্তি পাবলৈ পৰ্যাপ্ত অক্সিজেনৰ প্ৰয়োজন । এই পৰ্যাপ্ত অক্সিজেনৰ প্ৰয়োজন পূৰ কৰিবলৈ ইহতৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক হৈ থাকে।
3. উচ্চখাপৰ উদ্ভিদৰ পৰিৱহণ তন্ত্ৰৰ অংগসমূহ কি কি?
উত্তৰঃউচ্চখাপৰ উদ্ভিদৰ পৰিৱহণ তন্ত্ৰ জাইলেম আৰু ফ্লুৱেম নামৰ সংবহন কলাৰে গঠিত ।
জাইলেম : শিপাই শোষন কৰা পানী আৰু খনিজ লৱণ এই জাইলেম কলাৰ জৰিয়তে উদ্ভিদৰ পাত আৰু প্ৰতিটো কলা কোষলৈ পৰিবাহিত হয় ।
ফ্লুৱেম : উদ্ভিদৰ পাতত প্ৰস্তত হোৱা আহাৰ প্ৰতিটো কলা কোষলৈ এই ফ্লুৱেম কলাই যোগান ধৰে ।
4. উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয়?
উত্তৰঃ উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিৱহণ জাইলেম কলাৰ মাজেৰে সংঘটিত হয়।জাইলেম কলাৰ নলীকাবিলাকে উদ্ভিদৰ শিপা,কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হ’ব পৰাকৈ এটা সংবহন সূতিৰ সৃষ্টি কৰে। শিপাৰ যিবিলাক কোষ মাটিৰ লগত স্পৰ্শ কৰি থাকে সেইবিলাকে সক্ৰিয়ভাৱে আয়নবিলাক গ্ৰহণ কৰি থাকে।ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্যৰ সৃষ্টি কৰে।সেয়ে এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে।ফলত,শিপাৰ জাইলেমলৈ নিয়মীয়াকৈ পানীৰ প্ৰৱাহ চলি থাকে আৰু ইয়ে পানীৰ স্তম্ভৰ সৃষ্টি কৰি নিয়মীয়াকৈ ওপৰলৈ ঠেলি থাকে।
Class 10 Science Chapter 6 Assamese Medium Question Answer
5. উদ্ভিদৰ দেহত খাদ্যৰ কেনেকৈ সংবহণ ঘটে?
উত্তৰঃফ্লোৱেম কলাৰ দ্বাৰা উদ্ভিদৰ দেহত খাদ্য সংবহন হয় । এই সংবহন প্ৰক্ৰিয়া উৰ্ধমুখী আৰু নিম্নমূখী দুয়ো দিশত চালনি নলীকা আৰু তাৰ গাতে লাগি থকা সংগীকোষৰ সহায়ত সংঘটিত হয় । এই প্ৰক্ৰিয়া শক্তি ব্য়ৱহাৰ কৰি সম্পন্ন হয়। প্ৰয়োজন হোৱা এই শক্তি ATP য়ে যোগান ধৰে । এই শক্তি ব্য়ৱহাৰ কৰি খাদ্য, ফ্লোৱেম কলাত প্ৰৱেশ কৰে, ফলত ফ্লোৱেমত আসৃতি চাপ বাঢ়ে আৰু খাদ্য কম চাপযুক্ত অঞ্চললৈ গতি কৰে । এনেদৰে খাদ্য উদ্ভিদৰ প্ৰতিটো কলা কোষলৈ গৈ পায় ।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-112
Class 10 Science Question Answer Page No 112
1. নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা ।
উত্তৰঃ

নেফ্ৰনৰ গঠন :
(a)বৃক্কত অসংখ্য় পাতল বেৰৰ ৰক্ত জালিকা থাকে ।
(b)এই ৰক্ত জালিকাবোৰ লগ লাগি কাপ সদৃশ নলীকা গঠন হয় ।
(c)এনে নলীকাৰ এককবোৰকে নেফ্ৰন বোলে ।
নেফ্ৰনৰকাৰ্য :
নেফ্ৰনবোৰে প্ৰাথিমক অৱস্থাত গ্লুক’জ, এমিন’এচিড, লৱন আৰু প্ৰচুৰ পৰিমানে পানী চেকি লোৱাৰ পাছত পাছৰ নলীকাত অধিশোষন কৰি লয় । তেজ দ্ৰৱীভূত হৈ থকা বৰ্জিত পদাৰ্থৰ ওপৰত ভিত্তি কৰি পানীভাগ অধিশোষন হয় । বাকী পদাৰ্থখিনি নেফ্ৰনৰ দীঘল নলীকাৰে মূত্ৰনলীলৈ ওলাই আহে ।
2. উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে ?
উত্তৰঃউদ্ভিদে বৰ্জিত পদাৰ্থ ত্যাগ কৰা উপায় সমূহ হল –
(a)উদ্ভিদ দেহৰ অতিৰিক্ত পানীভাগ পত্ৰৰন্ধৰ জড়িয়তে বাষ্পমোচন পক্ৰিয়াৰে বাহিৰলৈ এৰি দিয়ে ।
(b)দিনৰ ভাগত অক্সিজেন আৰু ৰাতিৰ ভাগত কাৰ্বন’ডাই’অক্সাইড বায়ুলৈ এৰি দিয়ে ।
(c) পুৰঠ জাইলেম কলাত ৰেজিন আৰু হিচাপে বৰ্জিত পদাৰ্থ জমা কৰি থয় ।
(d)সৰি পৰা পাততো বৰ্জিত পদাৰ্থ ত্যাগ কৰে ।
Class 10 Science Chapter 6 Assamese Medium Question Answer
3. কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি?
উত্তৰঃমূত্ৰ উৎপাদনৰ পৰিমাণ নিয়ন্ত্ৰন কৰাত বৃক্কই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এই মূত্ৰ উৎপাদনৰ পাৰিমান বিশেষকৈ নিৰ্ভৰ কৰে নেফ্ৰনৰ দ্বাৰা অধিশোষণ কৰা পানীৰ পৰিমানৰ ওপৰত যদি দেহত অতিৰিক্ত পানী বেছি থাকে তেতিয়া অধিশোষন কম হয় আৰু মূত্ৰ বেছি উৎপন্ন হয়। আকৌ দেহত পানীৰ পৰিমান কম হলে নেফ্ৰনে বেছি পাৰিমানে পানী অধিশোষন কৰে, ফলত কম মূত্ৰ উৎপন্ন হয়। ইয়াৰ উপৰি বৰ্জিত পদাৰ্থ যেনে ইউৰিয়া, ইউৰিক এছিড, লৱন আদিৰ পৰিমাণ বেছি হলে মূত্ৰ উৎপাদন বেছি হয় আৰু কম হলে মূত্ৰ উৎপাদন কম হয় ।
Class 10 Science অনুশীলনী
Class 10 Science Exercise Question Answer
1. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ-
(a) পৰিপুষ্টি
(b) শ্বসন
(c) ৰেচন
(d) পৰিবহন
উত্তৰঃ (c) ৰেচন
2. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল-
(a) পানীৰ পৰিবহন
(b) খাদ্যৰ পৰিবহন
(c) এমিন’ এছিডৰ পৰিবহন
(d) অক্সিজেনৰ পৰিবহন
উত্তৰঃ (a) পানীৰ পৰিবহন
3. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়-
(a) কাৰ্বন ডাই অক্সাইড আৰু পানী
(b) পত্ৰহৰিৎ
(c) সূৰ্যৰ পোহৰ
(d) ওপৰৰ আটাইকেইটা
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা
4. পাইৰুভেট অণু ভাঙি কাৰ্বনডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়-
(a) চাইট’প্লাজমত
(b) মাইট’কন্ড্ৰিয়াত
(c) ক্ল’ৰপ্লাষ্টত
(d) কোষকেন্দ্ৰত
উত্তৰঃ (b) মাইট’কন্ড্ৰিয়াত
5. আমাৰ শৰীৰত চৰ্বীজাতীয় খাদ্য়সমূহ কেনেদৰে পাচন হয় ? এই প্ৰক্ৰিয়াটো শৰীৰৰ কোন অংশত সংগঠিত হয় ?
উত্তৰঃ চৰ্বীৰ অনুসমূহ বৃহত আকাৰৰ। এনে বৃহত অনুৰ ওপৰত উৎসেচকৰ ক্ৰিয়া কাৰ্যক্ষম নহয়। যকৃত গ্ৰন্থিৰ দ্বাৰা নিসৰিত পিত্তৰসত থকা পিত্তলৱনে চৰ্বীৰ বৃহত অনুবোৰক সৰু সৰু কৰাৰ লগতে পিত্তৰসে ইহঁতক ক্ষাৰকীয় কৰে । ফলত অগ্ন্য়াশয় ৰসৰ লাইপেজ আৰু আন্ত্ৰিক ৰসৰ উৎসেচকে চৰ্বীৰ পাচন ঘটাই ফেটি এচিড আৰু গ্লিচাৰলত পৰিণত কৰে। এই প্ৰক্ৰিয়াটো ক্ষুদ্ৰান্তত সংঘটিত হয়।
অধ্যায়-6 জীৱন প্ৰক্ৰিয়া Class 10 Question Answer
6. পাচনত লালটিৰ ভূমিকা কি ?
উত্তৰঃলালটি গ্ৰন্থিয়ে নিসৰণ কৰা লালটি আমি খাদ্য় চবোৱাৰ সময়ত জিভাৰ সহায়ত খাদ্য়ৰ লগত মিহলী হয় যাতে পাচন নলীত খাদ্য়ৰ গতি সুষম হয় । ইয়াৰ উপৰি লালটিত থকা লালটি এমাইলেজে খাদ্য়ৰ শ্বেতহাৰৰ ওপৰত ক্ৰিয়া কৰি সৰল চেনী গ্লুকজ ত পৰিণত কৰে ।
7. স্বপোষীত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন ? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি ?
উত্তৰঃ স্বপোষীত পুষ্টিৰ কাৰণে সূৰ্যৰ পোহৰ, পত্ৰহৰিৎ নামৰ সেউজীয়া ৰঞ্জক কণিকা, কাৰ্বন’ডাই’অক্সাইড আৰু পানীৰ প্ৰয়োজন । ইয়াৰ উপজাত পদাৰ্থবোৰ হল অক্সিজেন আৰু পানী ।
Also Read: Class 10 Science Chapter 16 MCQ
8. সবাত আৰু অবাত শ্বসনৰ মাজত পার্থক্য কি কি? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা।
উত্তৰঃ
সবাত শ্বসন | অবাত শ্বসন |
(i) এই শ্বসন অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়। | (i) এই শ্বসন অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়। |
(ii) এই শ্বসন কোষৰ মাইট’কন্ডিয়াত সংঘটিত হয়। | (ii) এই শ্বসন কোষৰ কোষপ্ৰৰসত সংঘটিত হয় । |
(iii) এই শ্বসনত কাৰ্বন’ডাই’অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। | (iii) এই শ্বসনত ইথানল, কাৰ্বন’ডাই’অক্সাইড আৰু শক্তি উৎপন্ন হয়। |
(iv) এই শ্বসনত বেছি পাৰিমাণে শক্তি উৎপন্ন হয়। | (iv) এই শ্বসনত কম পাৰিমাণে শক্তি উৎপন্ন হয়। |
9. প্ৰচুৰ পৰিমাণে গেছ বিনিময়ৰ কৰিব পাৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে?
উত্তৰঃহাওঁফাওৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু শাখাত বিভক্ত হৈ বেলুনসদৃশ বায়ুকোষত পৰিণত হয়। বায়ুকোষবিলাকত অসংখ বায়ুকোষ হাওঁফাওত গঠণ হয়। আমি উশাহ লোৱাৰ সময়ত হাওঁফাওৰ আয়তন বৃদ্ধিৰ লগে লগে বায়ুকোষবিলাকৰ আয়তন বাঢ়ে। ফলত প্ৰচুৰ শ্বসন গেছ বিনিময় হব পৰাকৈ বায়ুকোষবিলাকৰ পৃষ্ঠকালি বাঢ়ে। ৰক্তকেশিকাৰ পৰা কাৰ্বন’ডাই’অক্সাইড বায়ুকোষলৈ ওলাই যায় আৰু বায়ুকোষত সোমোৱা অক্সিজেন ৰক্তকেশিকাই গ্ৰহন কৰে।
10. আমাৰ দেহত হিম’গ্লবিনৰ পৰিমাণ কমি গ’লে কি হ’ব ?
উত্তৰঃআমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ’লে নিম্নলিখিত অসুবিধাসমূহ দেখা দিব-
(a)কোষসমূহলৈ অক্সিজেনৰ যোগান কমি যাব ।
(b)আমাৰ দেহত প্ৰয়োজনীয় শক্তিৰ অভাৱ হব।
(c)দূৰ্বলতা, ভাগৰ আদি লক্ষণে দেখা দিব।
(d)দেহৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হব।
Class 10 Science Chapter 6 Assamese Medium Solution
11.মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি?
উত্তৰঃমানুহৰ দেহত তেজ এবাৰ প্ৰবাহিত হওঁতে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পাৰহ’বলগীয়া হয়। সেয়ে ইয়াক দ্বৈত সংবহনতন্ত্ৰ বুলি কোৱা হয়। আমাৰ শৰীৰৰ অশুদ্ধ তেজ উৰ্দ্ধ আৰু নিম্ন মহাশিৰাৰ জৰিয়তে সোঅলিন্দত প্ৰৱেশ কৰে, ইয়াৰ পৰা সোনিলয় হৈ হাওঁফাওলৈ যায়। হাওঁফাওঁৰ পৰিশোধিত তেজ বাওঁঅলিন্দলৈ আহে, ইয়াৰ পৰা বাওঁনিলয়লৈ যায়। বাওঁনিলয়ৰ পৰা তেজ মহাধমনীৰে ওলাই গৈ প্ৰতিটো কলা কোষ পায়। এনেদৰে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ প্ৰবাহিত হৈ আমাৰ দেহত এটা চক্ৰ সম্পূৰ্ণ কৰে।
12. জাইলেম আৰু ফ্ল’ৱেম দ্ৰব্যৰ পৰিবহনৰ পার্থক্যবোৰ কি কি?
উত্তৰঃজাইলেমে উৰ্দ্ধমুখী দিশত পানী আৰু খনিজলৱন পৰিবহণ কৰে। এই প্ৰক্ৰিয়া সৰল ভৌতিক বলৰ প্ৰভাৱত সংঘটিত হয়। আনহাতে, ফ্ল’ৱেমে পাতত প্ৰস্তত হোৱা খাদ্য়, এমিন’এছিড আদি পৰিবহন কৰে। এই পৰিবহন উৰ্দ্ধমুখী আৰু নিম্নমুখী দুয়ো দিশত সম্পন্ন হয় । ইয়াত শক্তিৰ প্ৰয়োজন হয় আৰু এই শক্তি অনুৰ পৰা আহৰণ কৰে।
Important
আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি?
আমাৰ পাকস্থলীত পাকগ্ৰন্থীৰ পৰা নিসৰন হোৱা হাইড্ৰক্লৰিক এছিডে খাদ্যৰ লগত প্ৰৱেশ কৰা বিজাণু ধ্বংস কৰে । ইয়াৰ উপৰি খাদ্যখিনি আম্লিক কৰি তুলে যাতে পেপচিনে সহজে প্ৰটিনৰ ওপৰত ক্ৰিয়া কৰি সৰল কৰিব পাৰে।
পাচক উৎসেচকৰ কাৰ্য কি?
আমি খোৱা আহাৰ অতি জটিল প্ৰকৃতিৰ । আমাৰ দেহৰ তেজৰ লগত মিহলি হবলৈ হলে ইয়াক সৰল অৱস্থালৈ নিব লাগে । আমাৰ শৰীৰৰ বিভিন্ন পাচক গ্ৰন্থিৰ পৰা নিঃসৰন হোৱা উৎসেচকে খাদ্যৰ জটিল আৰু বৃহৎ অনু সমূহ ভাঙি সৰু সৰু কৰে। মূখ গহ্বৰত লালটি এমাইলেজে কাৰ্বহাইড্ৰেটক গ্লুকজলৈ পৰিনত কৰে । ক্ষুদ্ৰান্তত থকা ট্ৰিপচিনে প্ৰটিনক আৰু লাইপেজে চৰ্বিক সৰল কৰে । আন্ত্ৰিক ৰসৰ উৎসেচকে পাচন কাৰ্য সম্পন্ন কৰি কাৰ্বহাইড্ৰেটক গ্লুকজ, প্ৰটিনক এমি’ন এচিডত, চৰ্বিক ফেটি এচিড আৰু গ্লিচাৰলত পৰিনত কৰে।
শোষণ হব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়?
পাচিত খাদ্য শোষন হব পাৰাকৈ ক্ষুদ্ৰান্তৰ ভিতৰবেৰত আঙুলি সদৃশ প্ৰবৰ্ধ থাকে, এইবোৰক ভিলাই বোলে। ভিলাই সমূহ ৰক্তনলীৰে আবিষ্টত হয়। খাদ্যৰ পাচিত উৎপাদান শোষনৰ বাবে এই ভিলাইবোৰে পৃষ্টকালি বৃদ্ধি কৰে । যাৰ ফলত খাদ্যৰ পাচিত উপাদানৰ শোষন বৃদ্ধি পায়।
উদ্ভিদৰ দেহত খাদ্যৰ কেনেকৈ সংবহণ ঘটে?
ফ্লোৱেম কলাৰ দ্বাৰা উদ্ভিদৰ দেহত খাদ্য সংবহন হয় । এই সংবহন প্ৰক্ৰিয়া উৰ্ধমুখী আৰু নিম্নমূখী দুয়ো দিশত চালনি নলীকা আৰু তাৰ গাতে লাগি থকা সংগীকোষৰ সহায়ত সংঘটিত হয় । এই প্ৰক্ৰিয়া শক্তি ব্য়ৱহাৰ কৰি সম্পন্ন হয়। প্ৰয়োজন হোৱা এই শক্তি ATP য়ে যোগান ধৰে । এই শক্তি ব্য়ৱহাৰ কৰি খাদ্য, ফ্লোৱেম কলাত প্ৰৱেশ কৰে, ফলত ফ্লোৱেমত আসৃতি চাপ বাঢ়ে আৰু খাদ্য কম চাপযুক্ত অঞ্চললৈ গতি কৰে । এনেদৰে খাদ্য উদ্ভিদৰ প্ৰতিটো কলা কোষলৈ গৈ পায়।
পাচনত লালটিৰ ভূমিকা কি?
লালটি গ্ৰন্থিয়ে নিসৰণ কৰা লালটি আমি খাদ্য় চবোৱাৰ সময়ত জিভাৰ সহায়ত খাদ্য়ৰ লগত মিহলী হয় যাতে পাচন নলীত খাদ্য়ৰ গতি সুষম হয়। ইয়াৰ উপৰি লালটিত থকা লালটি এমাইলেজে খাদ্য়ৰ শ্বেতহাৰৰ ওপৰত ক্ৰিয়া কৰি সৰল চেনী গ্লুকজ ত পৰিণত কৰে।
Chapter-wise Question Answer
Class 10 Science Chapter 6 Question Answer in Assamese
- 6.1 জীবন প্রক্রিয়াধি কি কি? (What are life processes ?)
- 6.2 পৰিপুষ্টি (Nutrition)
- জীৱই সিহঁতৰ খাদ্য আহৰণ কেনেকৈ কৰে? (How do living things get their food?)
- 6.2.1 স্বপোষীয় পৰিপুষ্টি (Autotrophic Nutrition)
- 6.2.2 পৰপোষিত পুষ্টি ( Heterotrophic Nutrition)
- 6.2.3 জীৱই পুষ্টি কেনেকৈ আহৰণ কৰে? (How do Organisms obtain their Nutrition)
- 6.2.4 মানুহৰ পৰিপুষ্টি (Nutrition in Human Beings)
- 6.3 শ্বসন (Respiration)
- 6.4 পৰিবহন (TRANSPORTATION)
- 6.4.1 মানুহৰ পৰিবহন (Transportation in Human Beings)
- আমাৰ পাম্পকল-হৃদযন্ত্র (Our Pump the heart)
- হাঁও ফাঁওৰ তেজত অক্সিজেন পৰিবহন (Oxygen enters the blood in the lungs)
- ৰক্ত নলীকা (The tubes blood vessels)
- অণুচক্রিকাৰ দ্বাৰা ৰক্ষণাবেক্ষণ (Maintenance by Platelets)
- 6.4.2 উদ্ভিদ দেহত পৰিবহন (Transportation in Plants)
- 6.5 ৰেচন (Excretion)
- 6.5.1 মানুহৰ ৰেচন (Excretion in Human Beings)
- 6.5.2 উদ্ভিদৰ ৰেচন ক্রিয়া (Excretion in Plants
Class 10 Science জীৱন প্ৰক্ৰিয়া Question Answer
SEBA Class 10 Science Chapter 6 Assamese Medium Question Answer (Class 10 জীৱন প্ৰক্ৰিয়া Question Answer) are available here. Students can practice these SEBA Class 10 General Science Chapter 6 Question Answer in Assamese Medium, prepared per the SEBA syllabus (2024 – 2025) and NCERT curriculum. All the questions in this SEBA Class 10 Science Chapter 6 Assamese Medium Solution Notes are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 6 Question Answer (জীৱন প্ৰক্ৰিয়া Class 10 Question Answer) carefully.
Class 10 Science Chapter 6 Question Answer in Assamese
ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 6 Answer in Assamese (Class 10 জীৱন প্ৰক্ৰিয়া Question Answer) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 6 Question Answer Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Chapter 6 Question Answer in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।
Class 10 Science Chapter 6 Assamese Medium Solution
Looking for a comprehensive guide to Class 10 Science Chapter 6 in Assamese Medium? Our blog post provides a detailed explanation of key concepts in the chapter, helping students grasp essential topics with ease. Along with clear and concise explanations, we’ve also included Class 10 Science Chapter 6 Question Answers in Assamese, tailored to help students prepare effectively for their exams. Whether you’re revising or seeking help with homework, this guide offers the perfect resource for mastering Chapter 6 and acing your Science exam in Assamese Medium.
Class 10 Science Chapter 6 Question Answer in Assamese
Need some help with Class 10 Science Chapter 6 Question Answer in Assamese? You’re in the right place! This post is all about making tough topics easy to understand, with clear explanations and examples. We’ve also got a complete set of Class 10 Science Chapter 6 Assamese Medium, so you can practice and prep without the stress. Whether you’re reviewing for exams or just tackling homework, this guide has everything you need to get ahead.
My name is Ruhan Das
All time question answer send me
page 110 question answer, you have written the wrong question. please check it.