Contents
নিয়ন্ত্ৰণ আৰু সমন্বয় | |
শ্ৰেণী (Class) | দশম শ্ৰেণীৰ (X) |
বিষয় | বিজ্ঞান (Science) |
পাঠ (Lesson) | নিয়ন্ত্ৰণ আৰু সমন্বয় |
অধ্যায় (Chapter) | অধ্যায় 7 |
মাধ্যম (Medium) | অসমীয়া |
ৱেবছাইটৰ নাম | learningassam.com |
Class 10 Science Chapter 7 Assamese Medium Question Answer
সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 7 Assamese Medium Question Answer (নিয়ন্ত্ৰণ আৰু সমন্বয় Question Answer) আৰু এইবোৰ SEBA Class 10 Science Chapter 7 Question Answer Assamese Medium প্ৰশ্নোত্তৰ SEBA Class 10 Science Chapter 7 Question Answer in Assamese অৰ্থাৎ SEBA Assamese Medium Class 10 Science Chapter 7 Exam 2025 ৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 10 Science Chapter 7 Assamese Medium Notes (Class 10 নিয়ন্ত্ৰণ আৰু সমন্বয় Question Answer) ৰ আহিব লগা নিয়ন্ত্ৰণ আৰু সমন্বয় প্ৰশ্ন উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। নিয়ন্ত্ৰণ আৰু সমন্বয় Class 10 Question Answer (নিয়ন্ত্ৰণ আৰু সমন্বয় notes) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 Science Chapter 7 Assamese Medium Solution ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-119
Class 10 Science Question Answer Page No 119
1. প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্যবোৰ হল-
(a) প্ৰতীপ ক্ৰিয়া এটা অনৈচ্ছিক ক্ৰিয়া। আনহাতে, খোজ কঢ়া এটা ঐচ্ছিক ক্ৰিয়া।
(b) প্ৰতীপ ক্ৰিয়াৰ সৈতে মগজু জড়িত হৈ নাথাকে । আনহাতে, খোজ কঢ়াৰ মগজু জড়িত হৈ থাকে ।
2. দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত কি ঘটে ?
উত্তৰঃ এটা নিউৰণৰ এক্সনৰ প্ৰান্তীয় শাখাই বৈদ্য়ুতিক প্ৰেৰনাৰ দ্বাৰা কিছুমান ৰাসায়ণিক পদাৰ্থ এৰি দিয়ে ।এই ৰাসায়ণিক পদাৰ্থ ছাইনেপচৰ মাজেদি আন এটা নিউৰনৰ ডেনড্ৰাইটলৈ যায়।
3. মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ?
উত্তৰঃ পশ্চাৎ মস্তিষ্কৰ চেৰিবেলাম অংশই আমাৰ দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়।
4. আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ ?
উত্তৰঃ যেতিয়া ধূপকাঠিৰ গোন্ধ বতাহত বিয়পি পৰে, তেতিয়া নাকত থকা কিছুমান সংবেদী বা সংজ্ঞাবাহী স্নায়ুকোষে ইয়াক ধৰা পেলায় আৰু এই তথ্য গ্ৰাহক ইন্দ্ৰিয়ৰ পৰা কেন্দ্ৰীয় স্নায়ুত সংবেদন প্ৰেৰণ কৰে। ফলত মগজুৱে ধূপকাঠিৰ গোন্ধ ধৰিব পাৰে আৰু সেইবাবে আমি ধূপৰ গোন্ধ পাওঁ।
Class 10 Science Chapter 7 Assamese Medium Notes
5. প্ৰতীপ ক্ৰিয়াত মগজুৰ ভূমিকা কি?
উত্তৰঃ প্ৰতীপ ক্ৰিয়াত মগজুৱে কোনো বিশেষ ভুমিকা পালন নকৰে। প্ৰতীপ ক্ৰিয়াৰ পৰা লাভ কৰা অভিজ্ঞতাটো মগজুৱে সঞ্চয় কৰি ৰাখে, যাতে পৰৱৰ্তী দুৰ্ঘটনাৰ পৰা দেহক ৰক্ষা কৰিব পাৰে ।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-122
Class 10 Science Question Answer Page No 122
1. উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ (Plant Hormone) বিলাক কি কি ?
উত্তৰঃ অক্সিন, জিবাৰেলিন, চাইট’কাইনিন আৰু এবচাইচিচ এছিড ।
2. নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পাৰ্থক্য আছে ?
উত্তৰঃ নিলাজীবনৰ পাতৰ চলন পৰিঘটনাটো স্পৰ্শৰ প্ৰতি জনোৱা সহাৰি। এই চলন, কোষত পানীৰ তাৰতম্য়ৰ যোগেদি সম্পন্ন হয়। ইয়াৰ লগত বৃদ্ধি জড়িত হৈ নাথাকে। আনহাতে, কুমলীয়া কান্ড পোহৰৰ দিশত ধাৱিত হোৱাটো বৃদ্ধি জড়িত ঘটনা। ই হৰমনৰ ক্ৰিয়াৰফলত সংগঠিত হয়।
3. উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া।
উত্তৰঃ অক্সিন ।
4. কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে ?
উত্তৰঃ উদ্ভিদৰ আকৰ্ষই কোনো আধাৰত স্পৰ্শ কৰিলে, স্পৰ্শ নকৰা কোষবোৰত অক্সিন জমা হয়। ফলত স্পৰ্শ কৰা কোষতকৈ খৰতকীয়াকৈ ইয়াৰ বিপৰীতফালৰ কোষৰ বৃদ্ধি ঘটে। যাৰফলত আকৰ্শডাল আধাৰত পাকখাই লাগি ধৰে।
5. জলানুবেগী (Hydrotropism) ৰ পৰীক্ষা মূলক আৰ্হি এটা প্ৰস্তুত কৰা।
উত্তৰঃ

চিত্ৰত দেখোৱাৰ দৰে এটা বাকচত দুটামান অংকুৰণৰ বাবে প্ৰস্তুত হোৱা মটৰমাহৰ গুটি লৈ তিতা মাটিৰে ৰখা হল। বাকচৰ তলিটো কোমল পদাৰ্থৰ যাতে শিপা ওলাব পাৰে। কেইদিন মান পিছত দেখা পোৱা যায় যে শিপাবোৰ তললৈ ওলায় আকৌ বাকচৰ পিনে আগুৱাই আহিছে।ইয়াৰ পৰা বুজিব পাৰি যে শিপাই পানী নাপাই আকৌ বাকচৰলৈ ওভতি আহিছে।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-125
Class 10 Science Question Answer Page No 125
1. প্ৰাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়?
উত্তৰঃ প্ৰাণীদেহত হ’ৰমনৰ দ্বাৰা ৰায়ায়নিক সমন্বয় সংঘটিত হয়। প্ৰাণীৰ শৰীৰত থকা অন্তঃস্ৰাৱী গ্ৰন্থিয়ে হৰমন নিঃসৰণ কৰে। এই গ্ৰন্থিবোৰে ক্ষৰণ কৰা হৰম’নসমূহ প্ৰত্যক্ষভাৱে তেজত মিহলি হৈ যায় আৰু এই হৰম’ন ক্ৰিয়া কৰা স্থান সমূহহলৈ পৰিৱাহিত হয় ।
2. আয়ডিনযুক্ত লৱন খোৱাটো কিয় আৱশ্যক ?
উত্তৰঃ আয়ডিনৰ সহায়ত আমাৰ শৰীৰত থকা থাইৰড গ্ৰন্থিয়ে থাইৰ’ক্সিন নামৰ হৰম’নবিধ তৈয়াৰ কৰে। থাইৰ’ক্সিনে আমাৰ শৰীৰত কাৰ্ব’হাইড্ৰেট, প্ৰটিন আৰু চৰ্বীৰ বিপাকীয় কাৰ্য নিয়ন্ত্ৰণ কৰি বৃদ্ধিৰ বাবে এক উপযুক্ত সমতাৰ সৃষ্টি কৰে। সেয়ে আয়ডিনযুক্ত লৱন খোৱাটো আৱশ্যক ।
Class 10 Science Chapter 7 Question Answer Assamese Medium
3. আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰন ঘটিলে দেহত কেনে প্ৰতিক্ৰিয়া হয় ?
উত্তৰঃঅধিবৃক্ক গ্ৰন্থিয়ে পোনপটিয়াকে তেজৰ সোঁতত এড্ৰিনেলিন হৰমন ক্ষৰন কৰে। এই হৰমন তেজৰ সোঁতত প্ৰবাহিত হৈ কাৰ্যকাৰি অংগ পায়। ই আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বৃদ্ধি কৰাৰ ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি পায়।ধমনীবোৰক আগুৰি থকা পেশীৰ সংকোচনৰ বাবে পাচনতন্ত্ৰ আৰু ছালত তেজৰ প্ৰবাহ কমি গৈ কংকাল পেশীলৈ তেজ প্ৰবাহিত হয়। মধ্য়চ্ছদা আৰু কামিহাড় পেশীৰ সংকোচনৰ ফলত শ্বাস-প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায়। এই আটাইবোৰ সহাৰি একেলগ হৈ কোনো এটা কাৰ্য সম্পাদন হয় ।
4. কিছুমান ডায়েবেটিচ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয় ?
উত্তৰঃ ইনচুলিন হ’ল আমাৰ শৰীৰৰ অগ্নাশয় গ্ৰন্থিয়ে ক্ষৰণ কৰা এবিধ হৰম’ণ, যিয়ে আমাৰ তেজৰ শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে । এই ইনচুলিন নিসৰণ নহলে তেজত শৰ্কৰাৰ পাৰিমাণ বাঢ়ি যায়। এনে হলে ডাইবেটিচ ৰোগ হোৱা বুলি কোৱা হয়। সেয়ে এনে ৰোগীক ইনচুলিন বেজী দি তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰন কৰা হয়।
Class 10 Science অনুশীলনী
Class 10 Science Exercise Question Answer
1. তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ ?
(a) ইনচুলিন
(b) থাইৰ’ক্সিন
(c) অ’ৱেষ্ট্ৰজেন
(d) চাইট’কাইনিন
উত্তৰঃ চাইট’কাইনিন
2. দুটা নিউৰণৰ খালী ঠাইক কি বুলি কয়-
(a) ডেনড্ৰাইট
(b) চাইনেপচ
(c) এক্সন
(d) প্ৰেৰণা
উত্তৰঃ চাইনেপচ
3. মগজুৱে কি কাম কৰে-
(a) ভাৱ আৰু চিন্তা কৰা
(b) হৃদপিন্দু স্পন্দন নিয়ন্ত্ৰণ
(c) দেহৰ সমতা ৰক্ষা
(d) ওপৰৰ আটাইকেইটা
উত্তৰঃ ওপৰৰ আটাইকেইটা
Class 10 Science Chapter 7 Assamese Medium Question Answer
4. আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি ? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন। ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে ?
উত্তৰঃআমাৰ দেহৰ গ্ৰাহক অংগই চৌপাহৰ পৰিৱৰ্তন ধৰা পেলায় আৰু সংকেত মগজুলৈ প্ৰেৰণ কৰে। সেই অনুসৰি বিভিন্ন অংগলৈ মগজুৱে নিৰ্দেশনা প্ৰেৰণ কৰে। গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে আমাৰ জীৱন বিপদসংকুল হব। উদাহৰণ স্বৰূপে যদি আমাৰ হাতখন গৰম বস্তুত লাগে আৰু ছালে তাপ ধৰা পেলাবলৈ অক্ষম হয় তেন্তে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বাৰ্তা নাযাব। ফলত হাতখন জলি যাব।
5. নিউৰন গঠনৰ এটা চিত্ৰ আঁকা। ইয়াৰ কাৰ্য বৰ্ণনা কৰা।
উত্তৰঃ

কাৰ্য্য : স্নায়ুকোষৰ কাৰ্য্য হ’ল বৈদ্যুতিক সংকেতৰ ৰূপত তথ্য কঢ়িয়াই অনা যাক স্নায়ু প্ৰেৰণা বোল হয়। কোষবোৰে ইয়াক মেৰুদণ্ড আৰু মগজুলৈ প্ৰেৰণ কৰিবলৈ উদ্দীপক লাভ কৰে আৰু মগজুৰ পৰা লক্ষ্য অংগলৈ বাৰ্তা কঢ়িয়াই লৈ যায়।
6. উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয় ?
উত্তৰঃদীপ্তিকাল হৈছে উদ্ভিদ দেহত পোহৰৰ বাবে সংঘটিত হোৱা এক বাহ্যিক প্ৰতীপক্ৰিয়া। উদ্ভিদৰ কাণ্ডই সদায় পোহৰৰ দিশত অগ্ৰসৰ হয়। এই বৃদ্ধি অক্সিন নামৰ হ’ৰমন বিধৰ দ্বাৰা নিয়ন্ত্ৰণ হয়। অক্সিনে কাণ্ড আৰু অগ্ৰস্থ ভাজক কলাত সংশ্লেষিত হৈ সেই অংশত উদ্ভিদৰ দৈৰ্ঘ্য আৰু আকাৰ বৃদ্ধি কৰাত সহায় কৰে আৰু কাণ্ডই পোহৰৰ অভিমুখে আগবাঢ়ে আনহাতে শিপা পোহৰৰ বিপৰীত দিশত গতি কৰে।
7. স্নায়ুৰজ্জুত আঘাট হ’লে কেনে বাৰ্তাত ব্যাঘাট ঘটে ?
উত্তৰঃ স্নায়ুৰজ্জুত আঘাত হলে প্ৰতীপ ক্ৰিয়া আৰু অনৈচ্ছিক কাৰ্যৰ মাজত ব্যাঘাত ঘটে।
8. উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয় ?
উত্তৰঃউদ্ভিদৰ কোনো স্নায়ুতন্ত্ৰ নাথাকে। উদ্ভিদদেহত সংশ্লেষিত হোৱা একাংশ ৰাসায়নিক পদাৰ্থই বাহ্যিক উদ্দীপনাৰ প্ৰতি সহাৰি জনায়। উদ্ভিদ এই বাৰ্তাবাহক পদাৰ্থবিধক হ’ৰমন বোলে। এইবিলাকে উদ্ভিদ প্ৰজনন, বৃদ্ধি আৰু বিকাশ, চলন আদি নিয়ন্ত্ৰণ কৰে। এই হ’ৰমনে। ব্যাপন প্ৰক্ৰিয়াৰে উদ্ভিদ দেহৰ সকলোবোৰ কোষত উপনীত হয়। উদ্ভিদৰ দেহত সংশ্লেষিত বাৰ্তাবাহক ৰাসায়নিক পদাৰ্থই বাহ্যিক উদ্দীপনাৰ প্ৰতি সঁহাৰি জনায়। এই বিলাকে উদ্ভিদ প্ৰজনন, বৃদ্ধি আৰু বিকাশ, চলন আদি নিয়ন্ত্ৰণ কৰে। এই হৰ’মন বিলাক উদ্ভিদ দেহৰ অগ্ৰস্থ ভাজক কলাৰ কোষত সংশ্লেষিত হয়। পদাৰ্থসমূহে ৰাসায়নিক বাৰ্তাবাহক অংগ হিচাপে বিস্তাৰিত হৈ বিশেষ কামৰ বাবে উদ্দীপ্ত কৰি উদ্ভিদ দেহৰ কাম কাজৰ মাজত সমন্বয় সাধে।
9. জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন ?
উত্তৰঃ জীৱ জীয়াই থাকিবলৈ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ প্ৰয়োজন। ইয়াৰ বাবে জীৱই এনে এটা প্ৰণালী ব্যৱহাৰ কৰিব লাগে যিয়ে নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ ব্যৱস্থা কৰে। জীৱদেহত থকা স্নায়ুতন্ত্ৰৰ দ্বাৰা প্ৰাণীয়ে বাহ্যিক আৰু আভ্যন্তৰীণ পৰিৱেশৰ উমান পাই নিৰ্দিষ্ট অংগৰ দ্বাৰা সঁহাৰি দিয়ে। এই কাৰণেই জীৱদেহৰ সমন্বয় আৰু নিয়ন্ত্ৰণৰ প্ৰয়োজন।
10. ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা?
উত্তৰঃ
ঐচ্ছিক ক্ৰিয়া | প্ৰতীপ ক্ৰিয়া |
(i) মগজুৰ ভাৱ আৰু চিন্তাৰ জড়িয়তে সংগটিত ক্ৰিয়া। | (i) পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰতি স্বতঃস্ফৰ্ত ক্ৰিয়া। |
(ii) পশ্চাৎ মস্তিষ্কই নিয়ন্ত্ৰণ কৰে ৷ | (ii) স্নায়ুৰজ্জুয়ে নিয়ন্ত্ৰণ কৰে। |
(iii) নয়মিতভাৱে সম্পন্ন হয়। | (iii) দ্ৰুততাৰে সম্পন্ন হয়। |
Class 10 Science নিয়ন্ত্ৰণ আৰু সমন্বয় প্ৰশ্নাৱলী
11. প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম’ণৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰা।
উত্তৰঃ
স্নায়ুতন্ত্ৰৰ ক্ৰিয়া | হৰম’ণৰ ক্ৰিয়া |
(i) ই এটা দ্ৰুত প্ৰক্ৰিয়া। | (i) ই এটা লেহেমীয়া প্ৰক্ৰিয়া। |
(ii) ই বিদ্যুৎ ৰাসায়নিক ৰূপত সংক্ৰমণ কৰে। | (ii) ই ৰাসায়নিক ৰূপত সংক্ৰমণ কৰে। |
(iii) ই বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ নকৰে। | (iii) ই বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। |
(iv) বৃদ্ধিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। | (iv) বৃদ্ধিৰ ওপৰত প্ৰভাৱ পেলায়। |
12. নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পাৰ্থক্য কি ?
উত্তৰঃ
নিলাজী বনৰ পাতৰ চলন | আমাৰ ভৰিৰ চলন |
(i) নিলাজী বনৰ দৰে বনৰ সংবেদনশীল উদ্ভিদৰ পাতবোৰ স্পৰ্শৰ প্ৰতি সংবেদনশীল হয়। | (i) প্ৰয়োজন সাপেক্ষে কৰা এক ঐচ্ছিক ক্ৰিয়া। |
(ii) এই ক্ৰিয়া উদ্ভিদৰ কোনো অংশই নিয়ন্ত্ৰণ নকৰে। | (ii) এই ক্ৰিয়া মস্তিষ্কই নিয়ন্ত্ৰণ কৰে। |
(iii) কোষত পানীৰ তাৰতম্যৰ যোগেদি কোষৰ আকৃতিৰ পৰিৱৰ্তন হয়। | (iii) কোষৰ বিশেষ প্ৰটিনৰ বাবে আমাৰ ভৰিৰ পেশীৰ আকৃতিৰ পৰিৱৰ্তন হয়। |
Important
আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ ?
যেতিয়া ধূপকাঠিৰ গোন্ধ বতাহত বিয়পি পৰে, তেতিয়া নাকত থকা কিছুমান সংবেদী বা সংজ্ঞাবাহী স্নায়ুকোষে ইয়াক ধৰা পেলায় আৰু এই তথ্য গ্ৰাহক ইন্দ্ৰিয়ৰ পৰা কেন্দ্ৰীয় স্নায়ুত সংবেদন প্ৰেৰণ কৰে। ফলত মগজুৱে ধূপকাঠিৰ গোন্ধ ধৰিব পাৰে আৰু সেইবাবে আমি ধূপৰ গোন্ধ পাওঁ।
উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ (Plant Hormone) বিলাক কি কি ?
অক্সিন, জিবাৰেলিন, চাইট’কাইনিন আৰু এবচাইচিচ এছিড।
আয়ডিনযুক্ত লৱন খোৱাটো কিয় আৱশ্যক ?
আয়ডিনৰ সহায়ত আমাৰ শৰীৰত থকা থাইৰড গ্ৰন্থিয়ে থাইৰ’ক্সিন নামৰ হৰম’নবিধ তৈয়াৰ কৰে। থাইৰ’ক্সিনে আমাৰ শৰীৰত কাৰ্ব’হাইড্ৰেট, প্ৰটিন আৰু চৰ্বীৰ বিপাকীয় কাৰ্য নিয়ন্ত্ৰণ কৰি বৃদ্ধিৰ বাবে এক উপযুক্ত সমতাৰ সৃষ্টি কৰে। সেয়ে আয়ডিনযুক্ত লৱন খোৱাটো আৱশ্যক ।
কিছুমান ডায়েবেটিচ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয় ?
ইনচুলিন হ’ল আমাৰ শৰীৰৰ অগ্নাশয় গ্ৰন্থিয়ে ক্ষৰণ কৰা এবিধ হৰম’ণ, যিয়ে আমাৰ তেজৰ শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে । এই ইনচুলিন নিসৰণ নহলে তেজত শৰ্কৰাৰ পাৰিমাণ বাঢ়ি যায়। এনে হলে ডাইবেটিচ ৰোগ হোৱা বুলি কোৱা হয়। সেয়ে এনে ৰোগীক ইনচুলিন বেজী দি তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰন কৰা হয়।
স্নায়ুৰজ্জুত আঘাট হ’লে কেনে বাৰ্তাত ব্যাঘাট ঘটে ?
স্নায়ুৰজ্জুত আঘাত হলে প্ৰতীপ ক্ৰিয়া আৰু অনৈচ্ছিক কাৰ্যৰ মাজত ব্যাঘাত ঘটে।
উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয় ?
উদ্ভিদৰ কোনো স্নায়ুতন্ত্ৰ নাথাকে। উদ্ভিদদেহত সংশ্লেষিত হোৱা একাংশ ৰাসায়নিক পদাৰ্থই বাহ্যিক উদ্দীপনাৰ প্ৰতি সহাৰি জনায়। উদ্ভিদ এই বাৰ্তাবাহক পদাৰ্থবিধক হ’ৰমন বোলে। এইবিলাকে উদ্ভিদ প্ৰজনন, বৃদ্ধি আৰু বিকাশ, চলন আদি নিয়ন্ত্ৰণ কৰে। এই হ’ৰমনে। ব্যাপন প্ৰক্ৰিয়াৰে উদ্ভিদ দেহৰ সকলোবোৰ কোষত উপনীত হয়। উদ্ভিদৰ দেহত সংশ্লেষিত বাৰ্তাবাহক ৰাসায়নিক পদাৰ্থই বাহ্যিক উদ্দীপনাৰ প্ৰতি সঁহাৰি জনায়।। এই বিলাকে উদ্ভিদ প্ৰজনন, বৃদ্ধি আৰু বিকাশ, চলন আদি নিয়ন্ত্ৰণ কৰে। এই হৰ’মন বিলাক উদ্ভিদ দেহৰ অগ্ৰস্থ ভাজক কলাৰ কোষত সংশ্লেষিত হয়। পদাৰ্থসমূহে ৰাসায়নিক বাৰ্তাবাহক অংগ হিচাপে বিস্তাৰিত হৈ বিশেষ কামৰ বাবে উদ্দীপ্ত কৰি উদ্ভিদ দেহৰ কাম কাজৰ মাজত সমন্বয় সাধে।
Chapter-wise Question Answer
Class 10 Assamese Medium Science Chapter 7 Question Answer
- 7.1 প্ৰাণীৰ স্নায়ুতন্ত্ৰ (ANIMALS – NERVOUS SYSTEM)
- 7.1.1 প্রতীপ বা স্বতুল্য ক্রিয়া অৱস্থাত কি ঘটে? (What happens in Reflex Action?)
- 7.1.2 মানুহৰ মস্তিস্ক (Human Brain)
- 7.1.3 কেনেকৈ এই কলাবোৰ সুৰক্ষিত হৈ থাকে? (How are these tissues protected )
- 7.1.4 স্নায়ু কলাবোৰে কেনেকৈ ক্ৰিয়া কৰে? (How does the Nervous Tissue Cause Action ?)
- 7.2. উদ্ভিদৰ সমন্বয় (Coordination in Plants)
- 7.2.1 উদ্দীপনৰ প্ৰতি শীঘ্ৰে সহাৰি (Immediate Response to Stimulus)
- 7.2.2 বৃদ্ধিৰ বাবে হোৱা চলন (Movement Due to Growth)
- 7.3 প্রাণী হৰমন (Hormones in Animal)
- ফিড্-বেক পদ্ধতি (Feedback mechanism)
Class 10 Science Chapter 7 Assamese Medium Notes
SEBA Class 10 Science Chapter 7 Assamese Medium Question Answer (নিয়ন্ত্ৰণ আৰু সমন্বয় Question Answer) are available here. Students can practice these SEBA Class 10 General Science Chapter 7 Question Answer Assamese Medium, prepared per the SEBA syllabus (2024 – 2025) and NCERT curriculum. All the questions in this SEBA Class 10 Science Chapter 7 Question Answer in Assamese (নিয়ন্ত্ৰণ আৰু সমন্বয় notes) are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 7 Question Answer (নিয়ন্ত্ৰণ আৰু সমন্বয় Class 10 Question Answer) carefully.
নিয়ন্ত্ৰণ আৰু সমন্বয় Class 10 Question Answer
ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 7 Assamese Medium (Class 10 নিয়ন্ত্ৰণ আৰু সমন্বয় Question Answer) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 7 Assamese Medium Question Answer (নিয়ন্ত্ৰণ আৰু সমন্বয় notes) খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Chapter 7 Question Answer in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।
Class 10 Science Chapter 7 Assamese Medium Solution
Looking for a comprehensive guide to Class 10 Science Chapter 7 in Assamese Medium? Our blog post provides a detailed explanation of key concepts in the chapter, helping students grasp essential topics with ease. Along with clear and concise explanations, we’ve also included Class 10 Science Chapter 7 Question Answers in Assamese, tailored to help students prepare effectively for their exams. Whether you’re revising or seeking help with homework, this guide offers the perfect resource for mastering Chapter 7 and acing your Science exam in Assamese Medium.
Class 10 Science Chapter 7 Question Answer in Assamese
Need some help with Class 10 Science Chapter 7 Question Answer in Assamese? You’re in the right place! This post is all about making tough topics easy to understand, with clear explanations and examples. We’ve also got a complete set of Class 10 Science Chapter 7 Assamese Medium, so you can practice and prep without the stress. Whether you’re reviewing for exams or just tackling homework, this guide has everything you need to get ahead.
Nice
Thank you 😊
Lesson 1.2.3.4.5.6.7.8.10.11.
MCQ
Thank you sir
Sir. Bohut bhal lagise 💞💞💝
Thank you sir 💖💖