Contents
বিদ্যুৎ–প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া | |
শ্ৰেণী (Class) | দশম শ্ৰেণীৰ (X) |
বিষয় | বিজ্ঞান (Science) |
পাঠ (Lesson) | বিদ্যুৎ–প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া |
অধ্যায় (Chapter) | অধ্যায় 13 |
মাধ্যম (Medium) | অসমীয়া |
ৱেবছাইটৰ নাম | learningassam.com |
Class 10 Science Chapter 13 Assamese Medium Question Answer
সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 13 Assamese Medium Notes (বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া Question Answer) আৰু এইবোৰ SEBA Class 10 Science Chapter 13 Question Answer in Assamese Medium প্ৰশ্নোত্তৰ SEBA Class 10 Science Chapter 13 Question Answer in Assamese অৰ্থাৎ SEBA Assamese Medium Class 10 Science Chapter 13 Exam 2025 ৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 10 Science Chapter 13 Answers Assamese Medium (বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া Question Answer) ৰ আহিব লগা প্ৰশ্নৰ উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া Class 10 Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 Science Chapter 13 Assamese Medium Solutions ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-224
Class 10 Science Question Answer Page No 224
1. দণ্ডচুম্বকৰ কাষলৈ আনিলে দিগদৰ্শন যন্ত্ৰৰ কাটাডাল কিয় বিক্ষেপিত হয় ?
উত্তৰঃ দণ্ডচুম্বকৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। এই ক্ষেত্ৰখনৰ প্রভাৱত দণ্ড চুম্বকৰ কাষলৈ অনা দিগদৰ্শন যন্ত্ৰৰ কাঁটাৰ বিক্ষেপণ হয়। চুম্বকৰ একে মেৰুৰ মাজত বিকৰ্ষণ আৰু বিপৰীত মেৰুৰ মাজত আকৰ্ষণ হয়। যেতিয়া দণ্ড চুম্বকৰ ওচৰত দিগদৰ্শন যন্ত্ৰ অনা হয় তেতিয়া চুম্বক শলাডালে একে মেৰুৰ মাজত বিকৰ্ষণ আৰু বিপৰীত মেৰুৰ মাজত আকৰ্ষণ কৰে, ফলত কাটাডাল বিক্ষেপণ হয়।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-228
Class 10 Science Question Answer Page No 228
1. এডাল দণ্ডচুম্বকৰ কেউকাষৰ চৌম্বক বলৰেখাবোৰ অংকণ কৰা।
উত্তৰঃ

2. চুম্বকৰ বলৰেখাৰ ধৰ্মসমূহ তালিকাভুক্ত কৰা।
উত্তৰঃ(a) চৌম্বকীয় বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায়।
(b) চুম্বকৰ ভিতৰত বলৰেখাৰ দিশ দক্ষিণ মেৰৰ পৰা উত্তৰ মেৰুলৈ সেয়েহে বলৰেখাবোৰ অবিচ্ছিন্ন ৰেখা।
(c) চৌম্বকীয় বলৰেখাৰোৰৰ কোনো বাস্তৱ অস্তিত্ব নাই।
(d) দুডাল বলৰেখাই কেতিয়াও কটাকটি নকৰে।
Class 10 Science Chapter 13 Assamese Medium Solutions
3. দুডাল চৌম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে ?
উত্তৰঃ আমি জানো, দিগদৰ্শন যন্ত্ৰৰ কটাই নিৰ্দ্দেশ কৰা দিশেই চৌম্বক বলৰেখাৰ দিশ। যদি দুডাল বল ৰেখাই পৰস্পৰ কটাকটি কৰে তেন্তে সেই বিন্দুত দিগদৰ্শন যন্ত্ৰৰ কটাই একে সময়তে দুটা ভিন্ন দিশ নিৰ্দ্দেশ কৰিব লাগিব, যিটো সম্ভৱ নহয়। সেয়ে দুডাল চৌম্বক বলৰেখাই পৰস্পৰ কটাকটি কৰিব নোৱাৰে।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-229
Class 10 Science Question Answer Page No 229
1. এখন টেবুলৰ সমতলত তাঁৰৰ বৃত্তকাৰ কণ্ডলী এটা বিবেচনা কৰা। ধৰা হওঁক ঘড়ীৰ কাটাৰ দিশত ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে। কণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চৌম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্ৰয়োগ কৰা।
উত্তৰঃ কুণ্ডলীৰ ভিতৰত চুম্বকক্ষেত্ৰৰ দিশ টেবুলখনৰ পৃষ্ঠৰ পৰা বাহিৰলৈ উলম্ব দিশত উৰ্ধমুখে হ’ব। কুণ্ডলীৰ বাহিৰত চুম্বক ক্ষেত্ৰৰ দিশ টেবুলৰ পৃষ্ঠৰ ভিতৰলৈ উলম্বভাৱে নিম্ন দিশত হ’ব।
2. এটা প্ৰদত্ত অঞ্চলত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম। ইয়াক প্ৰদৰ্শন কৰি চিত্ৰ অংকণ কৰা।
উত্তৰঃ

3. শুদ্ধ উত্তৰ বাছি উলিওৱা।
প্ৰবাহযুক্ত দীঘল চ’লেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ
(a) শূণ্য
(b) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি যায়।
(c) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায়।
(d) সকলো বিন্দুতে একে থাকে।
উত্তৰঃ (d) সকলো বিন্দতে একে থাকে।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-231
Class 10 Science Question Answer Page No 231
1. চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰ’টন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ’ব পাৰে ? (ইয়াত এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাৰে)
(a) ভৰ
(b) দ্ৰুতি
(c) বেগ
(d) ভৰবেগ।
উত্তৰঃ (c) বেগ আৰু (d) ভৰবেগ।
2. কাৰ্যকলাপ 13.7 ত AB দণ্ডৰ সৰন কেনেদৰে প্ৰবাবিত হ’ব যদি (i) AB দণ্ডত প্ৰবাহ বৃদ্ধি কৰা হয়, (ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰা হয়, আৰু (iii) AB দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা হয় ?
উত্তৰঃ (i) AB দণ্ডত প্ৰবাহ বৃদ্ধি কৰিলে, সৰণো বৃদ্ধি হ’ব।
(ii) অশ্ব খুৰা চুম্বক ব্যৱহাৰ কৰিলেও সৰণ বৃদ্ধি হ’ব।
(iii) AB দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি হ’লেও সৰণ বৃদ্ধি হয়।
Class 10 Science Chapter 13 Question Answer in Assamese
3. পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা (আলফা-কণা) চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ’ল। চুম্বক ক্ষেত্ৰৰ দিশ হ’ব-
(a) দক্ষিণমুৱা
(b) পূৰ্ৱমুৱা
(c) নিম্নমুখী
(d) উৰ্দ্ধমুখী।
উত্তৰঃ (d) উৰ্দ্ধমুখী।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-233
Class 10 Science Question Answer Page No 233
1. ফ্লেমিওৰ বাওঁহতীয়া নিয়মটো লিখা।
উত্তৰঃ ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো হ’ল-বাওঁহাতৰ বুঢ়া, প্ৰথমা আৰু মধ্যমা আঙুলি তিনিটা পৰস্পৰ লম্ব দিশত মেলি দিলে প্ৰথমা আৰু মধ্যমা আঙুলিয়ে যদি ক্ৰমে চুম্বকক্ষেত্ৰ অৰু বিদ্যুৎ প্ৰবাহৰ দিশক সূচায়, তেনেহ’লে বুঢ়া আঙুলিয়ে পৰিবাহীৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ সূচাব।
2. বৈদ্যুতিক মটৰৰ মূল নীতিটো কি?
উত্তৰঃ বৈদ্যুতিক মটৰ মূল নীতিটো হ’ল- বিদ্যুৎ প্ৰবাহী পৰিবাহীৰ ওপৰত চুম্বক ক্ষেত্ৰই ক্ৰিয়া কৰা বল প্ৰয়োগ কৰি বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে।
3. বৈদ্যুতিক মটৰৰ ফলা আঙুঠিৰ ভূমিকা কি?
উত্তৰঃ বৈদ্যুতিক মটৰত ফলা আঙুঠিটোৱে প্ৰত্যেক আধা পাক মূৰে মূৰে কুণ্ডলীৰ মাজেৰে যোৱা প্ৰবাহৰ দিশ সলনি কৰে। যাৰ ফলত কুণ্ডলীটো একেটা দিশত ঘূৰি থাকে ৷
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-236
Class 10 Science Question Answer Page No 236
1. কুণ্ডলীত প্ৰবাহ আৱিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা।
উত্তৰঃ কুণ্ডলীত প্ৰবাহ আৱিষ্ট কৰা উপায়-
(i) কুণ্ডলীৰ ভিতৰলৈ বাহিৰলৈ চুম্বকৰ গতিৰ দ্বাৰাঃ এটা কুণ্ডলীৰ ভিতৰলৈ বা বাহিৰলৈ এডাল চুম্বকৰ গতি কৰালে, চুম্বকৰ গতিৰ বাবে কুণ্ডলীত চৌম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হয় আৰু কুণ্ডলীত প্ৰবাহ আবিষ্ট হয়।
(ii) কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তন কৰি আনটো কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰাঃ পৰস্পৰ ওচৰা-ওচৰিকৈ ৰখা দুটা কুণ্ডলীৰ এটাত প্ৰবাহৰ পৰিৱৰ্তন ঘটালে চৌম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হয় আৰু প্ৰবাহ আবিষ্ট হয়।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-237
Class 10 Science Question Answer Page No 237
1. এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা।
উত্তৰঃ বৈদ্য়ুতিক জেনেৰেটৰে বিদ্য়ুত চুম্বকীয় আৱেশৰ নীতিৰ আধাৰত কাৰ্য কৰে। চৌম্বক ক্ষেত্ৰৰ লম্বভাৱে কুণ্ডলীৰ ঘূৰ্ণন ঘটালে চৌম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ প্ৰভাৱ পৰে আৰু কুণ্ডলীত প্ৰবাহ আবিষ্ট হয়।
2. প্ৰত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ নাম লিখা।
উত্তৰঃ বেটেৰী, DC জেনেৰেটৰ, বৈদ্য়ুতিক শুকান কোষ আদি।
3. পৰিৱৰ্তী প্ৰবাহ কোনবিলাক উৎসই উৎপাদন কৰে ?
উত্তৰঃ (a) তাপ বিদ্যুৎ প্ৰকল্প
(b) তেজস্ক্ৰিয় শক্তি উৎপাদক
(c) জলবিদ্যুৎ উৎপাদক
Class 10 Science Chapter 13 Assamese Medium Question Answer
4. শুদ্ধটো বাছি উলিওৱা।
তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে। আৱিষ্ট প্ৰবাহৰ দিশ প্ৰতি-
(a) দুপাকত সলনি হ’ব।
(b) এপাকত সলনি হ’ব।
(c) আধা পাকত সলনি হ’ব।
(d) এপাকৰ চাৰি ভাগৰ এভাগত সলনি হ’ব।
উত্তৰঃ (c) আধা পাকত সলনি হ’ব।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-238
Class 10 Science Question Answer Page No 238
1. বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা।
উত্তৰঃ বৈদ্যুতিক ফিউজ আৰু ভূমি সংলগ্ন তাৰ।
2. এটা বৈদ্যুতিক অভেন ক্ষমতা 2 KW আৰু ইয়াক 5A প্ৰবাহ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাৰ (220V ৰ) লগত সংযোগ কৰা হৈছে। কি ফলাফল তুমি- আশা কৰিবা? আলোচনা কৰা।
উত্তৰঃ ইয়াত,
P = 2KW = 2000W
V = 220 v
আমি জানো যে,
I=\frac PV \Rightarrow I=\frac{2000}{220} \Rightarrow I=9.09Aবৈদ্যুতিক অভেনটোৱে কঢ়িওৱা প্ৰবাহ প্ৰায় 9.09 A। গতিকে এই মান 5A তকৈ বহু বেছি। এইক্ষেত্ৰত বৰ্তনীটো অতিৰিক্ত প্ৰবাহৰ বাবে নষ্ট হৈ যাব।
3. ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল’বা ?
উত্তৰঃ (a) বৈদ্যুতিক ফিউজ ব্যৱহাৰ কৰিব লাগে।
(b) একেটা স্থানতে অধিক সংখ্যক যন্ত্ৰপাতি সংযোগ কৰিব নালাগে।
(c) একে সময়তে বেছি বিদ্যুৎ শক্তি প্ৰয়োজন হোৱা সৰঞ্জাম ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে।
Class 10 Science অনুশীলনী
Class 10 Science Exercise Question Answer
1. তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্র শুদ্ধভাৱে বর্ণনা কৰে ?
(a) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত।
(b) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত।
(c) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী (radial) ৰেখাৰে গঠিত।
(d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্রীক বৃত্তৰে গঠিত।
উত্তৰঃ (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত।
Class 10 Science Chapter 13 Assamese Medium Notes
2. বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে
(a) বস্তু আহিতকৰণৰ প্রক্রিয়া
(b) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্রক্রিয়া।
(c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া।
(d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূর্ণনৰ প্রক্রিয়া।
উত্তৰঃ (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া।
3. বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক
(a) জেনেৰেটৰ বোলা হয়।
(b) গেলভেন’মিটাৰ বোলা হয়।
(c) এমিটাৰ বোলা হয়।
(d) মটৰ বোলা হয়।
উত্তৰঃ (a) জেনেৰেটৰ বোলা হয়।
4. পৰিৱর্তী প্রবাহ জেনেৰেটৰ আৰু প্রত্যক্ষ প্রবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পার্থক্যটো হৈছে
(a) পৰিবর্তী প্রবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে।
(b) প্রত্যক্ষ প্রবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে।
(c) পৰিৱর্তী প্রবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে।
(d) পৰিৱর্তী প্রবাহ জেনেৰেটত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিবৰ্ত্তক থাকে।
উত্তৰঃ (d) পৰিৱর্তী প্রবাহ জেনেৰেটত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিবৰ্ত্তক থাকে ।
5. হ্রস্ববর্তনী (Short Circuit ) হোৱাৰ সময়ত বৰ্ত্তনীটোত প্রবাহ
(a) বুজন পৰিমানে কমি যায়
(b) সলনি নহয়।
(c) বুজন পৰিমাণে বৃদ্ধি পায়।
(d) অবিৰতভাৱে সলনি হয়।
উত্তৰঃ (c) বুজন পৰিমাণে বৃদ্ধি পায়।
6. তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা।
(a) এটা বৈদ্যুতিক মটৰে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।
উত্তৰঃ ভুল।
(b) এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ-চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কার্য সম্পাদন কৰে।
উত্তৰঃ শুদ্ধ।
(c) এডাল দীঘল বৃত্তাকাৰ প্রবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ’ব।
উত্তৰঃ শুদ্ধ।
(d) সেউজীয়া অন্তৰকৰ তাঁৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে।
উত্তৰঃ ভূল।
7. চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা।
উত্তৰঃ (i) বিদ্যুৎচুম্বক আৰু (ii) স্থায়ী চুম্বকৰ সহায়ত চৌম্বক ক্ষেত্র উৎপন্ন কৰিব পাৰি।
৪. চ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্রবাহযুক্ত চ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নির্ণয় কৰিব পাৰিবানে? ব্যাখ্যা কৰা।
উত্তৰঃ বিদ্যুৎ প্ৰবাহিত হৈ থকা কুণ্ডলী এটাৰ এটা মূৰে উত্তৰ মেৰু আৰু আনটো মূৰে দক্ষিণ মেৰুৰ দৰে আচৰণ দেখুৱায়। যদি এডাল বিদ্যুৎ প্ৰবাহিত কুণ্ডলীক মুক্তভাৱে ৰখা হয় তেন্তে ইয়াৰ এটা মুৰে উত্তৰফালে আৰু আনটো মূৰ দক্ষিণফালে থাকিব। দণ্ডচুম্বকৰ সহায়ত প্ৰবাহযুক্ত কুণ্ডলী এটাৰ উত্তৰ আৰু দক্ষিণ মেৰু চিনাক্ত কৰিব পাৰি। এডাল চুম্বকৰ উত্তৰ মেৰুটো কুণ্ডলীৰ এটা মূৰলৈ নিলে যদি তাত আকৰ্ষণ হয় তেন্তে সেই মূৰটো দক্ষিণ মেৰু আৰু যিটো মূৰ বিকৰ্ষিত কৰে সেই মূৰটো উত্তৰ মেৰু সূচাব।
Class 10 Science Chapter 13 Question Answer in Assamese
9. চৌম্বক ক্ষেত্রত স্থাপন কৰা প্রবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্ব্বেচ্চ হয় ?
উত্তৰঃ যেতিয়া প্ৰবাহ চালিত পৰিবাহীডাল আৰু চুম্বকক্ষেত্ৰৰ দিশ পৰম্পৰ লম্ব দিশত হয়।
10. ধৰা হওঁক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছা। ইলেকট্রনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সমুখৰ বেৰলৈ অনুভূমিকভাৱে আহিছে। এই কিৰণ ডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্যুত হৈছে। চৌম্বক ক্ষেত্ৰৰ দিশ কি হ’ব ?
উত্তৰঃ চৌম্বকক্ষেত্ৰৰ দিশ তলৰ পিনে উলম্বদিশত হ’ব।
11. বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র অংকন কৰা। ইয়াৰ মূলনীতি আৰু কার্যপ্রণালী ব্যাখ্যা কৰা। বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি ?
উত্তৰঃ

ইয়াত,
ABCD আয়তাকাৰ কুণ্ডলী।
N – চুম্বকৰ উত্তৰ মেৰু।
S – চুম্বকৰ দক্ষিণ মেৰু।
P আৰু Q ক্ৰমে এটা ফলা আঙঠিৰ অৰ্ধাংশ।
X আৰু Y পাৰিবাহী ব্ৰাছ।
মূলনীতিঃ বৈদ্যুতিক মটৰ মূল নীতিটো হ’ল- বিদ্যুৎ প্ৰবাহী পৰিবাহীৰ ওপৰত চুম্বক ক্ষেত্ৰই ক্ৰিয়া কৰা বল প্ৰয়োগ কৰি বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে।
কাৰ্যপ্ৰণালীঃ প্ৰবাহ চালিত কৰিলে X ব্ৰছৰে কুণ্ডলীত প্ৰবাহ সোমাই ABCD দিশত চালিত হয়। ফ্লেমিঙৰ বাওঁহতীয়া নীতি অনুসৰি বলে AB বাহুক তললৈ আৰু CD বাহুক ওপৰলৈ ঠেলিব। ফলত কুণ্ডলীটো অক্ষদণ্ড সাপেক্ষে ঘড়ীৰ কটাৰ বিপৰীত দিশত ঘূৰিব। আধাপাক ঘূৰ্ণনৰ লগে লগে Q য়ে X ব্ৰাছ আৰু P য়ে Y ব্ৰাছ স্পৰ্শ কৰিব। ফলত প্ৰবাহ বিপৰীত মূখী হৈ DCBA দিশত চালিত হব। এতিয়া CD বাহু তললৈ আৰু AB বাহু ওপৰলৈ গতি কৰিব। এনেদৰে প্ৰতি আধাপাক ঘূৰ্ণনৰ লগে লগে কুণ্ডলীত প্ৰবাহৰ ধ্ৰৱতা সলনি হৈ অক্ষদণ্ড সাপেক্ষে কুণ্ডলীটো অবিৰত ঘূৰ্ণন ঘটি থাকিব।
ফলা আঙুলিৰ কামঃ বৈদ্যুতিক মটৰত ফলা আঙুঠিটোৱে প্ৰত্যেক আধা পাক মূৰে মূৰে কুণ্ডলীৰ মাজেৰে যোৱা প্ৰবাহৰ দিশ সলনি কৰে। যাৰ ফলত কুণ্ডলীটো একেটা দিশত ঘূৰি থাকে ৷
12. বৈদ্যুতিক মটৰ ব্যৱহৃত হোৱা কেইবিধমান সঁজুলীৰ নাম লিখা ।
উত্তৰঃ বৈদ্যুতিক পাংখা, ৰিফ্ৰিজাৰেটৰ, টেপ ৰেকৰ্ডাৰ, ৱাচিং মেচিন আদি।
13. অন্তৰিত তামৰ তৰৰ কুণ্ডলী এটা গেলভেন মিটাৰ এটাৰ লগত সংযোগ কৰা হৈছে। যদি এডাল দণ্ডচুম্বক
(i) কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিয়ে
(ii) কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে
(iii) কুণ্ডলীৰ অন্তৰ্ভগত স্থিতিশীল অৱস্থাত ৰাখিলে কি হ’ব?
উত্তৰঃ (i) কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে গেলভেন’মিটাৰৰ কাটাডাল সোঁফালে বিক্ষেপিত হব।
(ii) কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে গেলভেন মিটাৰৰ কাটাডাল বাওঁফালে বিক্ষেপিত হয়।
(iii) কুণ্ডলীৰ অন্তৰ্ভগত স্থিতিশীল অৱস্থাত ৰাখিলে গেলভেন মিটাৰৰ কাঁটাডালৰ দিশৰ সাল-সলনি নহয়।
14. দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে । A কুণ্ডলীত প্রবাহ পৰিবর্তন হলে B কুণ্ডলীত প্রবাহ আৱিষ্ট হ’বনে ? কাৰণ দর্শোৱা ।
উত্তৰঃ B কুণ্ডলীটোত প্ৰবাহ আৱিষ্ট হ’ব। A কুণ্ডলীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হোৱাত তাৰ চাৰিওফালে এখন চুম্বকক্ষেত্ৰৰ সৃষ্টি হয় আৰু এই চুম্বকক্ষেত্ৰখনৰ কিছু চুম্বকীয় ক্ষেত্ৰৰেখা B কুণ্ডলীৰ মাজেৰেও পাৰ হৈ যায়। A কুণ্ডলীত বিদ্যুৎ প্ৰবাহৰ পৰিৱৰ্তন ঘটাৰ লগে লগে সৃষ্টি হোৱা চুম্বকক্ষেত্ৰখনৰ ক্ষেত্ৰৰেখাৰ সংখ্যাও সলনি হয় বাবে B কুণ্ডলীৰ মাজেৰে পাৰ হৈ যোৱা চুম্বকীয় ক্ষেত্ৰৰেখাৰ সংখ্যাও সলনি হয়। ফলত চুম্বক ক্ষেত্ৰৰেখাৰ B কুণ্ডলীত পৰিৱৰ্তন ঘটা বাবে B কুণ্ডলীত আৱিষ্ট বিদ্যুৎ প্ৰৱাহৰ সৃষ্টি হয়।
15. (i) প্রবাহযুক্ত পোন পৰিবাহীৰ কেউকাষে সৃষ্টি হোৱা চৌম্বকক্ষেত্ৰৰ (ii) চৌম্বকক্ষেত্ৰ এখনৰ লম্বভাৱে স্থাপন কৰা প্ৰবাহযুক্ত পোন পৰিবাহী এডালে অনুভৱ কৰা বল আৰু (iii) চৌম্বকক্ষেত্ৰ এখনত ঘূৰাওঁতে কুণ্ডলীত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ণয় কৰাৰ নিয়ম উল্লেখ কৰা।
উত্তৰঃ (i) সোঁহতীয়া মেক্সৱেলৰ নীতি প্ৰয়োগ কৰা হয়।
(ii) ফ্লেমিঙৰ বাওঁহতীয়া নীতিৰ দ্বাৰা জানিব পাৰি।
(iii) ফ্লেমিঙৰ সোঁহতীয়া বুঢ়া আঙুলিৰ নীতি।
Class 10 Science Chapter 13 Assamese Medium Solutions
16. চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক মটৰৰ মূলনীতি আৰু কার্যপ্রণালী বর্ণনা কৰা। ইয়াত ব্রাচদুডালৰ কাম কি ?
উত্তৰঃ

মূলনীতিঃ বৈদ্যুতিক মটৰ মূল নীতিটো হ’ল- বিদ্যুৎ প্ৰবাহী পৰিবাহীৰ ওপৰত চুম্বক ক্ষেত্ৰই ক্ৰিয়া কৰা বল প্ৰয়োগ কৰি বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে।
কাৰ্যপ্ৰণালীঃ প্ৰবাহ চালিত কৰিলে X ব্ৰছৰে কুণ্ডলীত প্ৰবাহ সোমাই ABCD দিশত চালিত হয়। ফ্লেমিঙৰ বাওঁহতীয়া নীতি অনুসৰি বলে AB বাহুক তললৈ আৰু CD বাহুক ওপৰলৈ ঠেলিব। ফলত কুণ্ডলীটো অক্ষদণ্ড সাপেক্ষে ঘড়ীৰ কটাৰ বিপৰীত দিশত ঘূৰিব। আধাপাক ঘূৰ্ণনৰ লগে লগে Q য়ে X ব্ৰাছ আৰু P য়ে Y ব্ৰাছ স্পৰ্শ কৰিব। ফলত প্ৰবাহ বিপৰীত মূখী হৈ DCBA দিশত চালিত হব। এতিয়া CD বাহু তললৈ আৰু AB বাহু ওপৰলৈ গতি কৰিব। এনেদৰে প্ৰতি আধাপাক ঘূৰ্ণনৰ লগে লগে কুণ্ডলীত প্ৰবাহৰ ধ্ৰৱতা সলনি হৈ অক্ষদণ্ড সাপেক্ষে কুণ্ডলীটো অবিৰত ঘূৰ্ণন ঘটি থাকিব।
ব্রাচদুডালৰ কামঃ ইয়াত ব্ৰাছ দুডালে বিদ্যুত প্ৰবাহৰ দিশ সলনি কৰে, ফলত কুণ্ডলীৰ ঘূৰ্ণনৰ দিশ একে থাকে।
17. এটা বৈদ্যুতিক হ্রস্ববর্তনী (Short Circuit) কেতিয়া সংঘটিত হয় ?
উত্তৰঃ যেতিয়া কোনো দোষযুক্ত বৈদ্যুতিক আহিলা ব্যৱহাৰ কৰা হয় বা বৰ্তনীত ব্যৱহাৰ কৰা তাঁৰৰ প্লাটিক আৱৰণৰ ক্ষয় হৈ তাৰ ভিতৰৰ তাঁৰ উম্মুক্ত হয়, তেতিয়া ধণাত্মক আৰু খাণাত্মক তাৰৰ সংযোগ ঘটিলে বিদ্যুৎ প্ৰবাহ হঠাতে বাঢ়ি যায়। তেতিয়াই বৈদ্যুতিক হ্রস্ববর্তনী সংঘটিত হয়।
18. ভূমি সংলগ্ন তাৰৰ কাম কি ? ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্রয়োজন কিয় ?
উত্তৰঃ ভূমি সংযোগী তাৰৰ কাম হ’ল যিকোনো বৈদ্যুতিক প্ৰবাহৰ নিঃসৰণক কম ৰোধৰ পৰিবাহী পথ এটাৰ যোগানৰ দ্বাৰা স্থানান্তৰ কৰা। যেতিয়া ধাতুৰ সঁজুলি এটাত প্ৰবাহ প্ৰবাহিত হয়, তেতিয়া সঁজুলিবিধৰ ব্যৱহাৰ কৰাজনে বৈদ্যুতিক আঘাত পোৱাৰ সম্ভাৱনা থাকে। সঁজুলিবোৰ ভুমি সংলগ্ন কৰিলে এই আঘাত প্ৰতিৰোধ কৰিব পৰা যায়।
Important
বৈদ্যুতিক মটৰৰ মূল নীতিটো কি?

বৈদ্যুতিক মটৰ মূল নীতিটো হ’ল- বিদ্যুৎ প্ৰবাহী পৰিবাহীৰ ওপৰত চুম্বক ক্ষেত্ৰই ক্ৰিয়া কৰা বল প্ৰয়োগ কৰি বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে।
বৈদ্যুতিক মটৰৰ ফলা আঙুঠিৰ ভূমিকা কি?
বৈদ্যুতিক মটৰত ফলা আঙুঠিটোৱে প্ৰত্যেক আধা পাক মূৰে মূৰে কুণ্ডলীৰ মাজেৰে যোৱা প্ৰবাহৰ দিশ সলনি কৰে। যাৰ ফলত কুণ্ডলীটো একেটা দিশত ঘূৰি থাকে ৷
ফ্লেমিওৰ বাওঁহতীয়া নিয়মটো লিখা।
ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো হ’ল-বাওঁহাতৰ বুঢ়া, প্ৰথমা আৰু মধ্যমা আঙুলি তিনিটা পৰস্পৰ লম্ব দিশত মেলি দিলে প্ৰথমা আৰু মধ্যমা আঙুলিয়ে যদি ক্ৰমে চুম্বকক্ষেত্ৰ অৰু বিদ্যুৎ প্ৰবাহৰ দিশক সূচায়, তেনেহ’লে বুঢ়া আঙুলিয়ে পৰিবাহীৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ সূচাব।
দুডাল চৌম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে ?
আমি জানো, দিগদৰ্শন যন্ত্ৰৰ কটাই নিৰ্দ্দেশ কৰা দিশেই চৌম্বক বলৰেখাৰ দিশ। যদি দুডাল বল ৰেখাই পৰস্পৰ কটাকটি কৰে তেন্তে সেই বিন্দুত দিগদৰ্শন যন্ত্ৰৰ কটাই একে সময়তে দুটা ভিন্ন দিশ নিৰ্দ্দেশ কৰিব লাগিব, যিটো সম্ভৱ নহয়। সেয়ে দুডাল চৌম্বক বলৰেখাই পৰস্পৰ কটাকটি কৰিব নোৱাৰে।
এটা বৈদ্যুতিক হ্রস্ববর্তনী (Short Circuit) কেতিয়া সংঘটিত হয় ?
যেতিয়া কোনো দোষযুক্ত বৈদ্যুতিক আহিলা ব্যৱহাৰ কৰা হয় বা বৰ্তনীত ব্যৱহাৰ কৰা তাঁৰৰ প্লাটিক আৱৰণৰ ক্ষয় হৈ তাৰ ভিতৰৰ তাঁৰ উম্মুক্ত হয়, তেতিয়া ধণাত্মক আৰু খাণাত্মক তাৰৰ সংযোগ ঘটিলে বিদ্যুৎ প্ৰবাহ হঠাতে বাঢ়ি যায়। তেতিয়াই বৈদ্যুতিক হ্রস্ববর্তনী সংঘটিত হয়।
এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা।
বৈদ্য়ুতিক জেনেৰেটৰে বিদ্য়ুত চুম্বকীয় আৱেশৰ নীতিৰ আধাৰত কাৰ্য কৰে। চৌম্বক ক্ষেত্ৰৰ লম্বভাৱে কুণ্ডলীৰ ঘূৰ্ণন ঘটালে চৌম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ প্ৰভাৱ পৰে আৰু কুণ্ডলীত প্ৰবাহ আবিষ্ট হয়।
Chapter-wise Question Answer
Class 10 Assamese Medium Science Chapter 13 Question Answer
- 13.1 চৌম্বক ক্ষেত্ৰ আৰু বলৰেখা (MAGNETIC FIELD AND FIELD LINES)
- 13.2. প্ৰবাহযুক্ত পৰিবাহীৰ বাবে চৌম্বকক্ষেত্র (MAGNETIC FIELD DUE TO CURRENT CARRYING CONDUCTOR)
- 13.2.1 পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চৌম্বক ক্ষেত্র (MAGNETIC FILED DUE TO A CURRENT THROUGH ASTRIGHT CONDUCTOR)
- 13.2.2 সোঁহাতৰ বুঢ়া-আঙুলি নীতি : (Right-Hand Thumb Rule)
- 13.2.3 বৃত্তাকাৰ কুণ্ডলী এটাৰ প্ৰবাহৰ বাবে চৌম্বক ক্ষেত্রঃ (Magnetic field due to a current through a Circular loop)
- 13.2.4 প্ৰবাহৰ বাবে চ’লেনইডৰ কুণ্ডলীত চৌম্বক ক্ষেত্র (Magnetic Field due to Current in a Solenoid)
- 13.3 চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত বল (FORCE ON A CURRENT CARRYING CONDUCTOR IN A MAGNETIC FIELD)
- 13.4 বৈদ্যুতিক মটৰ (ELECTRIC MOTOR)
- 13.5 বিদ্যুত চুম্বকীয় আবেশ (ELECTROMAGNETIC INDUCTION)
- 13.6 বৈদ্যুতিক জেনেৰেটৰ (ELECTRIC GENERATOR)
- 13.7 ঘৰুৱা বৈদ্যুতিক বর্তনী (DOMESTIC ELECTRIC CIRCUITS)
Class 10 Science Chapter 13 Question Answer in Assamese
SEBA Class 10 Science Chapter 13 Assamese Medium Question Answer (বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া Question Answer) are available here. Students can practice these SEBA Class 10 Science Chapter 13 Question Answer Assamese Medium, prepared per the SEBA syllabus (2024 – 2025) and NCERT curriculum. All the questions in this SEBA Class 10 Science Chapter 13 Question Answer in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 13 Question Answer (বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া Class 10 Question Answer) carefully.
Class 10 Science Chapter 13 Assamese Medium Solution
Looking for a comprehensive guide to Class 10 Science Chapter 13 in Assamese Medium? Our blog post provides a detailed explanation of key concepts in the chapter, helping students grasp essential topics with ease. Along with clear and concise explanations, we’ve also included Class 10 Science Chapter 13 Question Answers in Assamese, tailored to help students prepare effectively for their exams. Whether you’re revising or seeking help with homework, this guide offers the perfect resource for mastering Chapter 13 and acing your Science exam in Assamese Medium.
Class 10 Science Chapter 13 Question Answer in Assamese
Need some help with Class 10 Science Chapter 13 Question Answer in Assamese? You’re in the right place! This post is all about making tough topics easy to understand, with clear explanations and examples. We’ve also got a complete set of Class 10 Science Chapter 13 Assamese Medium, so you can practice and prep without the stress. Whether you’re reviewing for exams or just tackling homework, this guide has everything you need to get ahead.
বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া Class 10 Question Answer
ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 13 Answer in Assamese (বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া Question Answer) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 13 Assamese Medium Question Answer খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Chapter 13 Question Answer in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।
Good