Class 9th & 10th Join Now

Home » Class 10 Science Chapter 9 Assamese Medium – বংশগতি আৰু ক্ৰমবিকাশ

Class 10 Science Chapter 9 Assamese Medium – বংশগতি আৰু ক্ৰমবিকাশ

বংশগতি আৰু ক্ৰমবিকাশ
শ্ৰেণী (Class)দশম শ্ৰেণীৰ (X)
বিষয়বিজ্ঞান (Science)
পাঠ (Lesson)বংশগতি আৰু ক্ৰমবিকাশ
অধ্যায় (Chapter)অধ্যায় 9
মাধ্যম (Medium)অসমীয়া
ৱেবছাইটৰ নামlearningassam.com

Class 10 Science Chapter 9 Assamese Medium Question Answer

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 9 Assamese Medium Question Answer (Class 10 Science বংশগতি আৰু ক্ৰমবিকাশ Question Answer ) আৰু এইবোৰ SEBA Class 10 Science Chapter 9 Question Answer Assamese Medium প্ৰশ্নোত্তৰ SEBA Class 10 Science Chapter 9 Question Answer in Assamese অৰ্থাৎ SEBA Assamese Medium Class 10 Science Chapter 9 Exam 2025 ৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 10 Science Chapter 9 Answers Assamese Medium Notes (অধ্যায় – 9 বংশগতি আৰু ক্ৰমবিকাশ Question Answer) ৰ আহিব লগা প্ৰশ্নৰ উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। বংশগতি আৰু ক্ৰমবিকাশ Class 10 Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 Science Chapter 9 Question Answer in Assamese ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-143

Class 10 Science Question Answer Page No 143

1. যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ “A” চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমান 10% আৰু সেই একে জনসংখ্যাৰ মাজত “B” চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপতি হৈছিল ?

উত্তৰঃ A চাৰিত্ৰিক বৈশিষ্ট্য়ৰ পৰিমাণ B তকৈ বেছি দেখা যায়।সেয়ে এইটো স্পষ্ট যে, ‘B’ চাৰিত্ৰিক বৈশিষ্ট্য সম্ভৱতঃ আগতীয়াকৈ উৎপুত্তি হৈছিল।


2. এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীৱই বৰ্তাই ৰাখে ?

উত্তৰঃ যৌন প্ৰজনন প্ৰক্ৰিয়াত জীৱবিলাকৰ মাজত বেছিকৈ বৈসাদৃশ্য়তা দেখা যায়। প্ৰকৃতিত জীৱবিলাকৰ মাজত সৃষ্টি হোৱা বৈসাদৃশ্য়তাৰ ওপৰত ভিত্তি কৰি জীৱবিলাকে বেলেগ বেলেগ ধৰনে সুবিধা লাভ কৰে ।


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-147

Class 10 Science Question Answer Page No 147

1. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাবী (Dominant) আৰু কোনটো অপ্ৰভাবী (Recessive) তাক কেনেকৈ নিৰ্ণয় কৰিছিল ?

উত্তৰঃ মেণ্ডেলে বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ মটৰ মাহ গছৰ মাজত সংকৰণ পৰীক্ষা চলাইছিল।তেওঁ প্ৰথম অপত্যজনু(F1) ত আটাইবোৰ মটৰ মাহ গছই ওখ চৰিত্ৰৰ পাইছিল। এই (F1) জনুৰ মাজত সংকৰণ ঘটোৱাত দ্বিতীয় অপত্য জনু (F2) ত ওখ গছৰ লগতে এক চতুৰ্থাংশ চাপৰ গছো পাইছিল। ইয়ে প্ৰমাণ কৰে যে (F1) ত ওখ আৰু চাপৰ দুয়োটা গুণেই অৰ্জন কৰিছিল যদিও কেৱল ওখ গুনটোহে প্ৰকাশ পাইছিল ।গতিকে , তেও (F1) ত প্ৰকাশ পোৱা ওখ গুণটোক প্ৰভাবী আৰু (F1) ত প্ৰকাশ নোপোৱা ওখ গুণটোক অপ্ৰভাবী বুলি নিৰ্ণয় কৰিছিল।


2. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাবে প্ৰবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল ?

উত্তৰঃ মেণ্ডেলে মটৰ মাহ গছৰ দুটা বিপৰীতধৰ্মী চৰিত্ৰ ওখ গছ সোতোঁৰা বীজ আৰু চাপৰ গছ গুৰণীয়া বীজৰ মাজত সংকৰণ ঘটাইছিল। প্ৰথম অপত্য জনু (F1) ত তেওঁ আটাইবোৰ গছেই প্ৰভাৱী চৰিত্ৰৰ ওখগছ গুৰণীয়া বীজৰ পাইছিল। কিন্তু তেও দিতীয় অপত্য জনু (F2) ত দেখা পাইছিল যে ওখগছ সোতোঁৰা বীজ আৰু চাপৰগছ গুৰণীয়া বীজৰ গছ পোৱাৰ লগতে কিছুমান নতুন গুণ সম্পন্ন গছ যেনে ওখগছ-ঘূৰণীয়া বীজ আৰু চাপৰগছ সোতোঁৰা বীজৰ গছো পাইছিল । ইয়াৰ পৰা মেণ্ডেলে বুজিব পাৰিছিল যে বংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাবে প্ৰবাহিত হয়।


3. ‘A’ গ্ৰুপৰ তেজৰ এজন মানুহে “O” গ্ৰুপৰ মানুহক বিয়া কৰিলে আৰু তেখেত সকলৰ ছোৱালীৰ তেজৰ গ্ৰুপ হ’ল “O” । এই তথ্যৰ পৰা তোমালোকে “A” আৰু “O” তেজৰ গ্ৰুপৰ কোনটো প্ৰভাবী তাক ঠাৱৰ কৰিব পাৰিবানে ? যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰা কিয় নোৱাৰা ?

উত্তৰঃ প্ৰশ্নত উল্লেখ কৰা তথ্যৰ ভিত্তিত আমি প্ৰভাৱী চৰিত্ৰ নিৰ্ণয় কৰিব নোৱাৰি।পিতৃ-মাতৃৰ তেজৰ গ্ৰুপ “OO” , “AA” , “AO” হব পাৰে। একে পৰিয়ালৰ আন সন্তানৰ সৈতে জীয়েকৰ তেজৰ গ্ৰুপ একে নহবও পাৰে। ইয়াত আধৰুৱা তথ্যৰহে যোগান ধৰিছে।

অধ্যায় – 9 বংশগতি আৰু ক্ৰমবিকাশ Question Answer


4. মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় ?

উত্তৰঃমানুহৰ 23 যোৰ ( 46 ডাল) ক্ৰ’ম’জম থাকে।ইয়াৰে 22 যোৰ দেহ গঠনকাৰী আৰু এযোৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জম।পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰ’ম’জমযোৰ হল XY আৰু XX মহিলাৰ ক্ষেত্ৰত । প্ৰজননৰ সময়ত পুৰুষৰ শুক্ৰাণু গৈ মহিলাৰ ডিম্বাণুৰ লগত মিলিত হওঁতে যদি পুৰুষৰ X ক্ৰ’ম’জম মহিলাৰ X ক্ৰম’জমৰ লগত মিলিত হয় তেন্তে XX যোজন কোষ সৃষ্টি হয়। আকৌ পুৰুষৰ Y ক্ৰ’ম’জম যদি মহিলাৰ X ক্ৰ’ম’জম লগত মিলিত হয় তেন্তে XY যোজন কোষ সৃষ্টি হয়। XX যোজন কোষ বিকশিত হলে ছোৱালী সন্তান আৰু XY যোজন কোষ বিকশিত হলে ল’ৰা সন্তান জন্ম হয়। এনেদৰেই মানুহৰ ক্ষেত্ৰত লিঙ্গ নিৰ্ধাৰিত হয়।


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-150

Class 10 Science Question Answer Page No 150

1. কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট তাৰ জনসংখ্যাত ক্ৰমাগতভাবে বাঢ়ি যায় ?

উত্তৰঃ কোনো এটা জীৱৰ নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্য এটা তাৰ জনসংখ্যা বাঢ়ি যোৱাৰ বিভিন্ন প্ৰকাৰ হ’ল-
(a) প্ৰাকৃতিক নিৰ্বাচনঃ যেতিয়া এটা প্ৰকৰণে তাৰ বিশেষ বৈশিষ্ট্যই প্ৰজাতি এটা ভৱিষ্যতলৈ বাচি থকাত সহায় কৰে।
(b) জিনীয় প্রভাৱ : যেতিয়া কোনো এটা জিনে এটা বিশেষ প্ৰজাতিত প্ৰভাৱ বিস্তাৰক হয়।
(c) প্ৰকৃতিত খাদ্য উভৈনদী হলে কোনো নিৰ্দিষ্ট চৰিত্ৰৰ জীৱৰ জনসংখ্যা বৃদ্ধি হয়।


2. জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে ?

উত্তৰঃ জীৱই জীৱন কালত আৰ্জিত চৰিত্ৰবিলাক সাধাৰণতে সাংগঠনিক আৰু আচৰণগত হয় যিবোৰ পৰিৱেশ, ৰোগ, ব্যৱহাৰ বা অনুশীলনজনিত কাৰণত হয়। দৈহিক কলাত হোৱা চাৰিত্ৰিক বৈশিষ্ট্যবোৰ জননকোষৰ ডি এন এলৈ গতি নকৰে। এনে চাৰিত্ৰিক বৈশিষ্ট্যবোৰ জীৱৰ মৃত্যুৰ লগে লগে নষ্ট হয়। সেইবাবে আৰ্জিত চৰিত্ৰবোৰ যেনে বুদ্ধিমত্তা পিছৰ প্ৰজন্মলৈ প্ৰবাহিত নহয়।


3. বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা ?

উত্তৰঃ বাঘৰ সংখ্যা হাস হোৱাৰ কাৰণ হ’ল এনে প্ৰজাতিৰ কিছু সংখ্যক জীৱৰ মাজত ক্ৰমাগতভাৱে ঘটি থকা প্ৰজনন প্ৰক্ৰিয়াৰ বাবে চৰিত্ৰসমূহৰ গুণগত মানৰ হ্ৰাস হয়। ফলত পৰিৱেশৰ লগত খাপ খাই ইহঁতে জীয়াই থকাৰ ক্ষমতা হেৰুৱায়। তদুপৰি জীৱবিধ জীয়াই থাকি বংশবৃদ্ধি কৰি থাকিবলৈ প্ৰয়োজন হোৱা প্ৰকাৰণৰ অভাৱ ঘটে। কম সংখ্যক বাঘ চিকাৰীৰ পৰা বাচি থকাটো এটা চিন্তাৰ বিষয়।


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-151

Class 10 Science Question Answer Page No 151

1. নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় ?

উত্তৰঃ নতুন প্ৰজাতি এটা সৃষ্টিত অৰিহনা যোগোৱা উপাদানবোৰ হ’ল-
(i) প্ৰাকৃতিক নিৰ্বাচন
(ii) জিনীয় পথচ্যুত
(iii) পাৰিপাৰ্শ্বিক পৰিৱৰ্তন
(iv) ভিন্নতা।

Class 10 Science Chapter 9 Question Answer in Assamese


2. স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰমৰ বাবে ভৌগোলিক ভাবে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হব পাৰেনে ? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে ?

উত্তৰঃ কাৰক হ’ব নোৱাৰে। কাৰণ, এই প্ৰক্ৰিয়াত এটা জীৱই আন এটা জীৱৰ ওপৰত প্ৰজননৰ বাবে নিৰ্ভৰশীল নহয়। উদাহৰণ হিচাপে স্ব-পৰাগযোগ ঘটা মটৰমাহৰ ক্ষেত্ৰত ভৌগোলিক পৃথকীকৰণে প্ৰভাৱ নেপেলায়।


3. অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হব পাৰেনে ? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে ?

উত্তৰঃ নোৱাৰে। অযৌন প্ৰজননকাৰী জীৱৰ মাজত জিনৰ পুনৰবিন্যাস নহয়। সেইবাবে সিহঁতৰ মাজত প্ৰকাৰণ হ’লে সেইবোৰ সকলো পিছৰ জীৱবোৰৰ মাজত বিস্তাৰিত হৈ পৰে। ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাত যৌন প্ৰজননকাৰী জীৱৰহে প্ৰজাতিকৰণ হ’ব পাৰে। অযৌন প্ৰজননকাৰী জীৱৰ ক্ষেত্ৰত নহয়।


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-156

Class 10 Science Question Answer Page No 156

1. দুটা প্ৰজাতিৰ মাজত বিবৰ্তন সম্পৰ্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া।

উত্তৰঃ সমৰূপী অংগ, অনুৰূপ অংগ আৰু অৱশিষ্ট অংগই প্ৰজাতিসমূহৰ মাজত বিৱৰ্তনৰ সম্পৰ্ক চিনাক্ত কৰাত সহায় কৰে।


2. পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক’ব পাৰোনে ? কিয় পাৰি বা কিয় নোৱাৰি ?

উত্তৰঃ পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা সমসংস্থ অংগ বুলি কব পৰা নাযায়। এইবোৰ সমবৃত্তি অংগহে। কাৰণ, পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাৰ কাৰ্য একে হলেও ইহঁতৰ গঠন বেলেগ বেলেগ। যেনে- বাদুলিৰ ডেউকা হাড়ে গঠিত কিন্তু পখিলাৰ পাখি হাড়েৰে গঠিত নহয়।

Class 10 Science বংশগতি আৰু ক্ৰমবিকাশ Question Answer


3. জীৱাশ্মসমূহ কি ? বিবৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয় ?

উত্তৰঃ ভূপৃষ্ঠৰ গভীৰ শিলাস্তৰত সোমাই থকা জীৱদেহৰ অবশিষ্ট বা জীৱবোৰে এৰি থৈ যোৱা সাচক জীৱাশ্ম বোলে। জীৱাশ্মবোৰে বিৱৰ্তনৰ স্বাক্ষৰ বহন কৰে। জীৱাশ্মবোৰৰ বয়সৰ ওপৰত ভিত্তি কৰি বিভিন্ন যুগত যে জীৱৰ পৰিৱৰ্তন হৈছে তাক ঠাৱৰ কৰিব পাৰি আৰু জীৱৰ ক্ৰমবিকাশ অতি সহজে অনুমান কৰিব পাৰি।


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-158

Class 10 Science Question Answer Page No 158

1. বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্ৰজাতিত অন্তভুৰ্ক্ত কিয় ?

উত্তৰঃ পৰিৱেশৰ সৈতে জিনৰ পাৰস্পৰিক ক্ৰিয়াৰ বাবে মানুহৰ চেহেৰা বেলেগ বেলেগ হয়, যাৰ ফলত ইহঁতৰ চেহেৰাৰ পৰিৱৰ্তন ঘটে। কিন্তু মানুহে যৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে আৰু সকলো মানুহৰ জিনায় সংগঠন একে। সেইবাবে বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্ৰজাতিত অন্তভুৰ্ক্ত হয় ।


2. বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চস্তৰৰ ? কিয় উচ্চ স্তৰৰ ?

উত্তৰঃ বিৱৰ্তনৰ দিশত বেক্টেৰিয়াৰ গঠন অতি উচ্চ স্তৰৰ। বেক্টেৰিয়াৰ গঠন সৰল হ’লেও ইহঁতে অতি উষ্ণতা অথবা অতি ঠাণ্ডা বা বৰফৰে আবৃত অঞ্চল আদিতো জীয়াই থাকিব পাৰে।


Class 10 Science অনুশীলনী

Class 10 Science Exercise Question Answer

1. মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ’ল। উৎপাদিত গছবোৰ বেঙুনীয়া ফুল হ’ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ’ল। ইয়াৰ অভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি (Genetic make up) বৰ্ণনা কৰিব পৰা হব ?
(a) TTWW
(b) TTww
(c) TtWW
(d) TtWw

উত্তৰঃ (c) TtWW


2. সমসংস্থ অংগৰ এটা উদাহৰণ হ’ল-
(a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং
(b) আমাৰ দাঁত আৰু হাতীৰ দাঁত
(c) আলু আৰু ঘাঁহৰ শিপা
(d) ওপৰৰ আটাইকেইটা

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

Class 10 Science Chapter 9 Question Answer in Assamese


3. বিবর্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত-
(a) এজন চীনা স্কুলীয়া ছাত্র
(b) এটা চিম্পাঞ্জী
(c) এটা মকৰা
(d) এটা বেক্টেৰিয়া

উত্তৰঃ (b) এটা চিম্পাঞ্জী।


4. এটা অধ্যয়নৰ পৰা দেখা গ’ল যে পাতল বৰণৰ চকুৰ ল’ৰা-ছোৱালীৰ মাক-দেউতাকৰ চকুৰ বৰণও পাতল ৰঙৰ হয়। ইয়াৰ ভিত্তিত চকুৰ পাতল ৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেইবিষয়ে মতামত দিব পাৰিমনে? যদি পাৰি কিয় আৰু যদি নোৱাৰি কিয় ?

উত্তৰঃ আমি ক’ব পাৰো যে পাতল ৰঙৰ চকুৰ বৈশিষ্ট্যই প্ৰভাৱী চৰিত্ৰ l কাৰণ প্ৰথম প্ৰজন্মত কেৱল প্ৰভাৱী চৰিত্ৰহে প্ৰকাশ পায়।


5. বিবৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে ?

উত্তৰঃ বিৱৰ্তন হৈছে জীৱৰ প্ৰাকৃতিক নিৰ্বাচন তথা জিনীয় পৰিৱৰ্তন আদিৰ ফলত বহুকেইটা প্ৰজন্মৰ মাজেদি পাৰ হৈ যোৱা জীৱ এটাৰ চাৰিত্ৰিক পৰিৱৰ্তন। শ্ৰেণীবিভাজন মূলত জীৱৰ মৌলিক চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি কৰা কিছুমান ভাগ। যিবিলাক জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য প্ৰায় একেধৰণৰ, তেনেবোৰ জীৱৰ পূৰ্বপুৰুষ একে বুলি ঠাৱৰ কৰা যায়।


6. উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ যিবিলাক অংগৰ উৎপত্তি আৰু গঠন প্ৰায় একে, কিন্তু কাৰ্যৰ ফালৰপৰা ভিন্ন তেনেবোৰ অংগক সমসংস্থ অংগ বোলে। যেনে- ভেকুলীৰ আগ ঠেং, চৰাইৰ ডেউকা, বাদুলিৰ ডেউকা, বান্দৰৰ আগ ঠেং মানুহৰ হাত আদি। যিবোৰ অংগৰ উৎপত্তি আৰু গঠন বেলেগ হলেও সেইবোৰে একে কাৰ্য সমাধা কৰে সেইবোৰ অংগক সমৰৃত্তি অংগ বোলে। যেনে- চৰাইৰ ডেউকা, পখিলাৰ পাখি আদি।


7. কুকুৰৰ ৰঙবিলাকৰ প্ৰভাৱী চৰিত্ৰ বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰা।

উত্তৰঃ এটা ৰঙা মতা কুকুৰ আৰু এটা বগা মাইকী কুকুৰৰ মাজত মিলন ঘটাবলৈ দিয়া হ’ল। এতিয়া পোৱালীবোৰৰ ৰং মন কৰা হ’ল। যদি পোৱালী ৰঙা ৰঙৰ হয় তেন্তে বগা ৰং সাপেক্ষে ৰঙা ৰং প্ৰভাৱী হব।


8. বিবৰ্তন প্ৰক্ৰিয়াত জীৱাশ্ম গুৰত্ব সম্বন্ধে ব্যাখ্যা কৰা।

উত্তৰঃ গেছীয় শিলাভৰৰ মাজত জীৱাশ্ম পোৱা যায়। জীৱাশ্মবোৰে কোনো এক নিৰ্দিষ্ট অতীতৰ সাক্ষ্য বহন কৰে। জীৱাশ্মবোৰৰ বয়সৰ ওপৰত ভিত্তি কৰি বিভিন্ন যুগত যে জীৱৰ পৰিৱৰ্তন হৈছে তাক জানিব পাৰি আৰু জীৱৰ ক্ৰমঃবিকাশ অতি সহজে অনুমান কৰিব পাৰি। ডেচিং পদ্ধতিৰে জীৱাশ্মৰ বয়স নিৰূপণ কৰিব পাৰি।

Class 10 Science Chapter 9 Assamese Medium Notes


9. কি স্বাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি ?

উত্তৰঃ পৃথিৱীত জীৱৰ জন্ম সৰল অজৈব অণুৰ পৰাই আৰম্ভ হৈ পিছৰ জীৱনত প্ৰয়োজনীয় জৈব অণুলৈ ৰূপান্তৰিত হৈছিল। ৰাসায়নিক সংশ্লেষণৰ ফলত আদিম যুগত জীব সৃষ্টি হৈছিল। এমনিয়া, মিথেন আৰু হাইড্ৰজেন ছালফাইড পানীত 100°C উষ্ণতাত তাৰ মাজেৰে পোহৰৰ ৰশ্মি পাৰ হৈ যাবলৈ দিয়াত মিথেন প্ৰায় 15% কাৰ্বনৰ সৰল অণু এমিন এছিডলৈ ৰূপান্তৰিত হয় আৰু প্রটিন অণু গঠন কৰে। ইয়াৰ পৰা প্ৰমাণ কৰিব পাৰি যে, জীৱৰ উৎপত্তি অজৈব অণুৰ পৰাই হৈছিল। এইদৰে শকৰা, প্ৰটিন নিউক্লিক এছিড আদি জৈবযৌগৰ সংমিশ্ৰণ আদি ভাইৰাচৰ নিচিনা নিউক্লিয় প্ৰটিন কণিকাৰ সৃষ্টি হয়।


10. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ (viable) ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা ? ই বিবৰ্তনত কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰঃ প্ৰকাৰণ অযৌন প্ৰজননতকৈ যৌন প্ৰজননত বেছি পৰিলক্ষিত হয়। অযৌন প্ৰজননতকৈ যৌন প্ৰজননত বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয় । এনে প্ৰজননত অপত্য জনুন সৃষ্টি কৰিব পৰা দুটা জীৱৰ প্ৰয়োজন হয়। এই অপত্য জনুই পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্য লাভ কৰে। অযৌন প্ৰজননত মাত্ৰ এটা জীৱইহে অংশগ্ৰহণ কৰে। ইয়াত যি প্ৰকাৰণৰ সৃষ্টি হয় সেয়া DNAৰ প্ৰতিলিপিকৰণৰ ফলতহে। ই বিৱৰ্তনত তলত দিয়া ধৰণে প্ৰভাৱ পেলায়
(i) পৰিৱেশৰ সৈতে জীবক খাপ খুৱাই ৰখাত সহায় কৰে।
(ii) প্ৰজাতিবিধৰ জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি কৰে।


11. কেনেকৈ পিতৃপুৰুষ আৰু মাতৃ পুৰুষ সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ কৰে ?

উত্তৰঃ মানুহৰ সকলোবোৰ ক্ৰ’ম’জম যোৰ লাগি নাথাকে। ইয়াৰ প্ৰায়বোৰ ক্ৰ’ম’জ’মেই মাতৃ আৰু পিতৃ দেহৰ পৰা অহা। মানুহৰ ক্ষেত্ৰত তেনেকুৱা 23 যোৰ ভ্ৰমজম থাকে। যাৰে আধা মাতৃ আৰু আধা পিতৃ দেহৰ পৰা অহা। এইবোৰৰ ভিতৰত এযোৰ যৌন ক্ৰমজম থাকে যিয়ে সম্পূৰ্ণ যোৰ গঠন নকৰে। মিলনৰ সময়ত শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনত অপত্য কোষৰ সৃষ্টি হয়। ইয়াত পিতৃ আৰু মাতৃ দেহৰ পৰা 23 যোৰকৈ ক্ৰ’ম’জ’ম আহে।


12. “কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে”।এই উক্তিৰ সৈতে একমতনে ? যদি হয় কিয় আৰু যদি নহয় কিয় ?

উত্তৰঃ এই উক্তিৰ সৈতে একমত। কাৰণ, প্ৰকাৰণৰ দ্বাৰা জীৱই ইয়াৰ পাশ্বৱতী পৰিৱেশৰ লগত নিজকে খাপ খুৱাই চলিব পাৰে। উদাহৰণস্বৰূপে, যিবোৰ বেক্টেৰিয়াই প্ৰকৰণৰ জৰিয়তে তাপ প্ৰতিৰোধী ক্ষমতা সৃষ্টি কৰে সেইবোৰে অতি বেছি তাপতো ই জীয়াই থাকিব পাৰে। গতিকে, জীৱই জীয়াই থাকিবলৈ হ’লে ভিন্নতাই যথেষ্ট সহায় কৰে।

Class 10 Science Chapter 9 Assamese Medium Solution


Class 10 Science অতিৰিক্ত প্ৰশ্নোত্তৰ

1. ভৌগোলিক পৃথকীকৰণে নতুন প্ৰজাতি উৎপত্তিত অৰিহণা যোগায়নে ? বাখ্যা কৰা।

উত্তৰঃ পূৰ্বতে থকা প্ৰজাতিৰ পৰা নতুন প্ৰজাতিৰ সৃষ্টি হোৱাক প্ৰজাতিকৰণ বোলা হয়। যেতিয়া একে প্ৰজাতিৰ জনসংখ্যাক দুটা গোটত ভাগ কৰা হয়, যিবোৰ ভৌগোলিকভাৱে কিছুমান বাধা (পাহাৰ, সাগৰ)ৰ দ্বাৰা ইটোৱে সিটোৰ পৰা পৃথক হৈ পৰে। তেতিয়া ইহঁতে ইটোৱে সিটোৰ লগত বংশবৃদ্ধি কৰিব নোৱাৰে। ইয়াৰ ফলত প্ৰজনন পৃথকীকৰণৰ সৃষ্টি হয়। ফলত পৃথক পৃথক গোট দুটাৰ মাজত কোনো ধৰণৰ জিনীয় পদাৰ্থৰ আদান-প্ৰদান নহয়। প্ৰাকৃতিক নিৰ্বাচনৰ বাবে তাৰতম্যৰ সৃষ্টি হয়। এইদৰে ভৌগোলিক পৃথকীকৰণে নতুন প্ৰজাতি উৎপত্তিত অৰিহণা যোগায়।


Important

জীৱাশ্মসমূহ কি ?

ভূপৃষ্ঠৰ গভীৰ শিলাস্তৰত সোমাই থকা জীৱদেহৰ অবশিষ্ট বা জীৱবোৰে এৰি থৈ যোৱা সাচক জীৱাশ্ম বোলে।

মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় ?

মানুহৰ 23 যোৰ ( 46 ডাল) ক্ৰ’ম’জম থাকে।ইয়াৰে 22 যোৰ দেহ গঠনকাৰী আৰু এযোৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জম।পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰ’ম’জমযোৰ হল XY আৰু XX মহিলাৰ ক্ষেত্ৰত । প্ৰজননৰ সময়ত পুৰুষৰ শুক্ৰাণু গৈ মহিলাৰ ডিম্বাণুৰ লগত মিলিত হওঁতে যদি পুৰুষৰ X ক্ৰ’ম’জম মহিলাৰ X ক্ৰম’জমৰ লগত মিলিত হয় তেন্তে XX যোজন কোষ সৃষ্টি হয়। আকৌ পুৰুষৰ Y ক্ৰ’ম’জম যদি মহিলাৰ X ক্ৰ’ম’জম লগত মিলিত হয় তেন্তে XY যোজন কোষ সৃষ্টি হয়। XX যোজন কোষ বিকশিত হলে ছোৱালী সন্তান আৰু XY যোজন কোষ বিকশিত হলে ল’ৰা সন্তান জন্ম হয়। এনেদৰেই মানুহৰ ক্ষেত্ৰত লিঙ্গ নিৰ্ধাৰিত হয়।

ভৌগোলিক পৃথকীকৰণে নতুন প্ৰজাতি উৎপত্তিত অৰিহণা যোগায়নে ?

পূৰ্বতে থকা প্ৰজাতিৰ পৰা নতুন প্ৰজাতিৰ সৃষ্টি হোৱাক প্ৰজাতিকৰণ বোলা হয়। যেতিয়া একে প্ৰজাতিৰ জনসংখ্যাক দুটা গোটত ভাগ কৰা হয়, যিবোৰ ভৌগোলিকভাৱে কিছুমান বাধা (পাহাৰ, সাগৰ)ৰ দ্বাৰা ইটোৱে সিটোৰ পৰা পৃথক হৈ পৰে। তেতিয়া ইহঁতে ইটোৱে সিটোৰ লগত বংশবৃদ্ধি কৰিব নোৱাৰে। ইয়াৰ ফলত প্ৰজনন পৃথকীকৰণৰ সৃষ্টি হয়। ফলত পৃথক পৃথক গোট দুটাৰ মাজত কোনো ধৰণৰ জিনীয় পদাৰ্থৰ আদান-প্ৰদান নহয়। প্ৰাকৃতিক নিৰ্বাচনৰ বাবে তাৰতম্যৰ সৃষ্টি হয়। এইদৰে ভৌগোলিক পৃথকীকৰণে নতুন প্ৰজাতি উৎপত্তিত অৰিহণা যোগায়।

বিবৰ্তন প্ৰক্ৰিয়াত জীৱাশ্ম গুৰত্ব সম্বন্ধে ব্যাখ্যা কৰা।

গেছীয় শিলাভৰৰ মাজত জীৱাশ্ম পোৱা যায়। জীৱাশ্মবোৰে কোনো এক নিৰ্দিষ্ট অতীতৰ সাক্ষ্য বহন কৰে। জীৱাশ্মবোৰৰ বয়সৰ ওপৰত ভিত্তি কৰি বিভিন্ন যুগত যে জীৱৰ পৰিৱৰ্তন হৈছে তাক জানিব পাৰি আৰু জীৱৰ ক্ৰমঃবিকাশ অতি সহজে অনুমান কৰিব পাৰি। ডেচিং পদ্ধতিৰে জীৱাশ্মৰ বয়স নিৰূপণ কৰিব পাৰি।

উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা।

যিবিলাক অংগৰ উৎপত্তি আৰু গঠন প্ৰায় একে, কিন্তু কাৰ্যৰ ফালৰপৰা ভিন্ন তেনেবোৰ অংগক সমসংস্থ অংগ বোলে। যেনে- ভেকুলীৰ আগ ঠেং, চৰাইৰ ডেউকা, বাদুলিৰ ডেউকা, বান্দৰৰ আগ ঠেং মানুহৰ হাত আদি। যিবোৰ অংগৰ উৎপত্তি আৰু গঠন বেলেগ হলেও সেইবোৰে একে কাৰ্য সমাধা কৰে সেইবোৰ অংগক সমৰৃত্তি অংগ বোলে। যেনে- চৰাইৰ ডেউকা, পখিলাৰ পাখি আদি।

Chapter-wise Question Answer

SEBA Class 10 Assamese Medium Science Chapter 9

  • 9.1 প্রজনন কালত একত্ৰীকৰণ হোৱা বৈসাদৃশ্যতা বা প্ৰকাৰণ (Accumulation of Variation during Reproduction)
  • 9.2 বংশগতি (Heredity)
  • 9.2.1 চাৰিত্ৰিক বৈশিষ্ট্যৰ বংশানুক্রমিক প্রবাহ (Inherited Traits)
  • 9.2.2 চাৰিত্ৰিক বৈশিষ্ট্যৰ বংশানুক্রমিক প্ৰবাহৰ নিয়ম-মেণ্ডেলৰ অৱদান
  • 9.2.3 চাৰিত্ৰিক বৈশিষ্ট্যবিলাক কেনেকৈ প্ৰকাশ কৰে? (How do these Traits get Expressed)
  • 9.2.4 লিঙ্গ নির্ধাৰণ (Sex Determination)
  • 9.3. ক্রমবিকাশ (Evolution)
  • 9.3.2 আৰ্জিত আৰু বংশানুক্রমিক চৰিত্ৰ (Acquired and Inherited Traits)
  • 9.4 প্ৰজাতিকৰণ (প্ৰজাতিৰ উদ্ভাৱন) (Speciation)
  • 9.5 বিবৰ্তন আৰু শ্রেণীবিভাজন (Evolution and classification)
  • 9.5.1 বিবর্তনিক সম্পৰ্কে অনুধাৱন (Tracing Evolutionary Relationships)
  • 9.5.2 জীবাশ্ম (Fossils)
  • 9.5.3 বিবৰ্তনৰ পৰ্যায় (Evolution by stages)
  • 9.6.1 মানুহৰ বিবৰ্তন (Human Evolution)

Class 10 Science Chapter 9 Assamese Medium Question Answer

Class 10 Science Chapter 9 Question Answer in Assamese Medium (Class 10 বংশগতি আৰু ক্ৰমবিকাশ Question Answer) are available here. Students can practice these SEBA Class 10 Science Chapter 9 Assamese Medium Notes PDF, prepared per the SEBA syllabus (2024 – 2025) and NCERT curriculum. All the questions in this SEBA Class 10 Science Chapter 9 Question Answer in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 9 Question Answer (বংশগতি আৰু ক্ৰমবিকাশ Class 10 Question Answer) carefully.

বংশগতি আৰু ক্ৰমবিকাশ Class 10 Question Answer

ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 9 Question Answer in Assamese (Class 10 বংশগতি আৰু ক্ৰমবিকাশ Question Answer) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 9 Assamese Medium Question Answer খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Chapter 9 Question Answer in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

Class 10 Science Chapter 9 Assamese Medium Solution

Looking for a comprehensive guide to Class 10 Science Chapter 9 in Assamese Medium? Our blog post provides a detailed explanation of key concepts in the chapter, helping students grasp essential topics with ease. Along with clear and concise explanations, we’ve also included Class 10 Science Chapter 9 Question Answers in Assamese, tailored to help students prepare effectively for their exams. Whether you’re revising or seeking help with homework, this guide offers the perfect resource for mastering Chapter 9 and acing your Science exam in Assamese Medium.

Class 10 Science Chapter 9 Question Answer in Assamese

Need some help with Class 10 Science Chapter 9 Question Answer in Assamese? You’re in the right place! This post is all about making tough topics easy to understand, with clear explanations and examples. We’ve also got a complete set of Class 10 Science Chapter 9 Assamese Medium, so you can practice and prep without the stress. Whether you’re reviewing for exams or just tackling homework, this guide has everything you need to get ahead.

    Tanmoy
    June 30, 2023

    ভৌগোলিক পৃথকীকৰণে নতুন প্ৰজাতি উৎপত্তিত অৰিহণা যোগায়নে ? বাখ্যা কৰা

    Eitur answer dibosun

Leave a Reply