Class 9th & 10th Join Now

Home » Class 10 Science Chapter 3 Assamese Medium – ধাতু আৰু অধাতু

Class 10 Science Chapter 3 Assamese Medium – ধাতু আৰু অধাতু

ধাতু আৰু অধাতু
শ্ৰেণী (Class)দশম শ্ৰেণীৰ (X)
বিষয়বিজ্ঞান (Science)
পাঠ (Lesson)ধাতু আৰু অধাতু
অধ্যায় (Chapter)অধ্যায় 3
মাধ্যম (Medium)অসমীয়া
ৱেবছাইটৰ নামlearningassam.com

Class 10 Science Chapter 3 Assamese Medium Question Answer

ইয়াত আমি আলোচনা কৰিম Class 10 Science Chapter 3 Assamese Medium Question Answer (Class 10 ধাতু আৰু অধাতু Question Answer) আৰু এইবোৰ Class 10 Science Chapter 3 Question Answer in Assamese প্ৰশ্নোত্তৰ Class 10 Science Chapter 3 Assamese Medium Solutions অৰ্থাৎ SEBA Class 10 Science Chapter 3 Exam 2025 ৰ বাবে অতিকৈ দৰকাৰি। Class 10 Science Chapter 3 Assamese Medium Question Answer (Class 10 ধাতু আৰু অধাতু Question Answer) ৰ আহিব লগা প্ৰশ্নৰ উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। ধাতু আৰু অধাতু Class 10 Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 Science Chapter 3 ধাতু আৰু অধাতুত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-40

Class 10 Science Question Answer Page No 40

1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু
(i) সাধাৰণ উষ্ণতাত জুলীয়া।
(ii) কটাৰিৰে সহজে কাটিব পাৰি।
(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।
(iv) তাপৰ কম পৰিবাহী।

উত্তৰঃ (i) পাৰা
(ii) লিথিয়াম
(iii) কপাৰ
(iv) সীহ


2. ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা।

উত্তৰঃ ঘাত সহনীয়তাঃ ধাতুৰ যি ধৰ্মৰ বাবে তাক হাতুৰীৰে কোবাই সহজে পাতল পাত এচটালৈ ৰূপান্তৰ কৰিব পাৰি, তাকে ঘাত সহনীয়তা বোলে।

ধাতুৰ নমনীয়তাঃ ধাতুৰ যি ধৰ্মৰ বাবে তাক টানি পাতল কৰি তাৰৰ ৰূপ দিব পাৰি, তাকে ধাতুৰ নমনীয়তা বোলে।


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-46

Class 10 Science Question Answer Page No 46

1. ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়?

উত্তৰঃ ছ’ডিয়াম ধাতু অতি সক্ৰিয়। ই বায়ুত উন্মুক্তভাৱে থাকিলে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অক্সাইড গঠন কৰে। ইহঁতে ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে মুক্ত বায়ুত বিক্ৰিয়া ঘটিলে জুই জুলি উঠে। দুৰ্ঘটনা ৰোধ কৰিবলৈ তেলত ইহঁতক ডুবাই ৰখা হয়।


2. তলৰ বিক্ৰিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা।
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্ৰিয়া।
(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্ৰিয়া।

উত্তৰঃ (i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্ৰিয়া-

3Fe(s)+4H_2O(g)\rightarrow Fe_3O_4+4H_2\left(g\right)

(ii)পানীৰ লগত কেলছিয়ামৰ বিক্ৰিয়া –

Ca\left(s\right)+2H_2O\left(l\right)\rightarrow Ca{\left(OH\right)}_2\left(aq\right)+H_2\left(g\right)

পানীৰ লগত পটাছিয়ামৰ বিক্ৰিয়া-

2K\left(s\right)+2H_2O\left(l\right)\rightarrow2KOH\left(aq\right)+2H_2\left(g\right)

3. A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল। ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে।

ধাতুআইৰণ (II) ছালফেটকপাৰ (II) ছালফেটজিংক ছালফেটছিলভাৰ নাইট্ৰেট
Aবিক্ৰিয়া নহয়প্ৰতিস্থাপন  
Bপ্ৰতিষ্ঠাপন বিক্ৰিয়া নহয় 
Cবিক্ৰিয়া নহয়বিক্ৰিয়া নহয়বিক্ৰিয়া নহয়প্ৰতিষ্ঠাপন
Dবিক্ৰিয়া নহয়বিক্ৰিয়া নহয়বিক্ৰিয়া নহয়বিক্ৰিয়া নহয়

ওপৰৰ তালিকা ব্যৱহাৰ কৰি A, B, C, D, ধাতু সম্বন্ধ তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া।
(i) আটাইতকৈ সক্রিয় ধাতু কোনটো?
(ii) কপাৰ (II) ছালফেট লৱণত B ধাতু দিলে কি হ’ব?
(iii) A, B, C, D, ধাতুক সক্ৰিয়তাৰ নিম্নক্ৰমত সজোৱা।

উত্তৰঃ
(i) B আটাইতকৈ সক্রিয় ধাতু।
(ii) কপাৰ (II) ছালফেট লৱণত B ধাতু দিলে প্রতিস্থাপন বিক্রিয়া ঘটি কপাৰ ছালফেটৰ ৰং পাতল হ’ব আৰু B ধাতুৰ এপৰত ৰঙচুৱা মূগা বৰণৰ কপাৰ জমা হ’ব।
(iii) B > A > C > D


4. লঘু হাইড্ৰ’ক্লৰিক HCl এছিডত এটা সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰণ লঘু H_2SO_4 ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা।

উত্তৰঃ হাইড্ৰজেন গেছ উৎপন্ন হয়।

বিক্ৰিয়াটোৰ সমীকৰণ :

Fe\left(s\right)+H_2SO_4\left(aq\right)\rightarrow FeSO_4(aq)+H_2(g)

5. আইৰন (II) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে কি দেখিবা? সংঘটিত হোৱা বিক্ৰিয়াটো লিখা।

উত্তৰঃ আইৰন (II) ছালফেটৰ জলীয় দ্রৱত যিংক মিহলি কৰিলে আইৰন ছালফেটৰ সেউজীয়া ৰং লাহে লাহে বৰণহীন হৈ পৰিব আৰু যিংকৰ ওপৰত আইৰনৰ প্ৰলেপ পৰিব।

বিক্ৰিয়াটোৰ সমীকৰণ:

FeSO_4\left(aq\right)+Zn(s)\rightarrow ZnSO_4(aq)+Fe(s)

Class 10 Science Chapter 3 Assamese Medium Question Answer


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-49

Class 10 Science Question Answer Page No 49

1. (i) ছডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেকট্ৰন বিন্দু গঠন লিখা।
(ii) ইলেকট্ৰনৰ স্থানান্তৰৰ জৰিয়তে Na2Oআৰু MgO ৰ গঠন লিখা।
(iii) এই যৌগটোত থকা আয়নসমূহ কি কি?

উত্তৰঃ

Class 10 Science Assamese Medium Chapter 3 Question Answers

(iii) আয়নসমূহ হ’ল-   Na^+  ,  {Mg}^{2+}  , O^{2-}


2. আয়নীয় যৌগৰ গলনাংক কিয় বেছি।

উত্তৰঃ আয়নীয় যৌগবোৰৰ আন্তঃআয়নীয় বিদ্যুত স্থিতীয় আকৰ্ষণ বল অতি বেছি। ফলত আয়নসমূহ পৃথক কৰিবলৈ যথেষ্ট তাপ শক্তি প্ৰয়োজন। সেইবাবে এইবোৰৰ গলনাংক বেছি।


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-53

Class 10 Science Question Answer Page No 53

1. তলত দিয়াবোৰৰ সংজ্ঞা লিখা।
(i) মণিক (mineral)
(ii) আকৰ (ore)
(iii) খনিজ মল।

উত্তৰঃ (i) মণিকঃ পৃথিৱীৰ খোলাত যিবোৰ বস্তু মৌল বা যৌগ অবস্থাত পাব পাৰি সেইবোৰক মণিক বোলে।
(ii) আকৰঃ যিবোৰ পদাৰ্থৰ পৰা কম খৰচতে ধাতু এটাক বিশুদ্ধ অবস্থাত আহৰণ কৰিব পাৰি, সেইবোৰক ধাতুটোৰ আকৰ বুলি কোৱা হয়।
(iii) খনিজ মলঃ খনিৰ পৰা আহৰণ কৰাৰ পিছত ধাতুৰ আকৰবোৰৰ লগত যিবোৰ অপদ্ৰবা ৰা অশুদ্ধি মিহলি হৈ থাকে তাক খনিজ মল বোলে।


2. প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।

উত্তৰঃ গোল্ড আৰু প্লেটিনাম।


3. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়োগ কৰা হয় ?

উত্তৰঃ বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয়।

Class 10 Science Chapter 3 Assamese Medium Solutions


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-55

Class 10 Science Question Answer Page No 55

1. যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হ’ল।

 ধাতুযিংকমেগনেছিয়ামকপাৰ
যিংক অক্সাইড   
মেগনেছিয়াম অক্সাইড   
কপাৰ অক্সাইড   

কোনবিলাক ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব?

উত্তৰঃ

ধাতুযিংকমেগনেছিয়ামকপাৰ
যিংক অক্সাইডনঘটিবঘটিবনঘটিব
মেগনেছিয়াম অক্সাইডনঘটিবনঘটিবনঘটিব
কপাৰ অক্সাইডঘটিবঘটিবনঘটিব

2. কোনবোৰ ধাতু সহজে ক্ষয় নহয় ?

উত্তৰঃ গোল্ড, ৰূপ, প্লেটিনাম, টাইটেনিয়াম।


3. সংকৰ ধাতু কি ?

উত্তৰঃ দুই বা ততোধিক ধাতু বা অধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণকে সংকৰ ধাতু বোলে।


Class 10 Science Chapter 3 অনুশীলনী

Class 10 Science Exercise Question Answer

1. তলৰ কোনবোৰৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব ?
(a) NaCl ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
(b)  MgCl2  ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু।
(c) FeSOৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু।
(d) AgNOৰ দ্ৰৱ আৰু কপাৰ ধাতু।

উত্তৰঃ  AgNOৰ দ্ৰৱ আৰু কপাৰ ধাতু।


2. প্লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ’ব?
(a) গ্ৰীজ ব্যৱহাৰ কৰি।
(b) ৰং ব্যৱহাৰ কৰি।
(c) যিংকৰ প্ৰলেপ দি।
(d) ওপৰৰ সকলো।

উত্তৰঃ  (c) যিংকৰ প্ৰলেপ দি।


3. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভবপৰ মৌলটো লিখা।
(a) কেলছিয়াম
(b) কাৰ্বন
(c) ছিলিকন
(d) আইন

উত্তৰঃ  (a) কেলছিয়াম।


4. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, যিংকৰ নহয়। কিয়নো-
(a) টিনতকৈ যিংক দামী।
(b) যিংকৰ গলনাংক টিনতকৈ বেছি।
(c) যিংক টিনতকৈ অধিক সক্ৰিয় ।
(d) যিংক টিনতকৈ কম সক্ৰিয় ।

উত্তৰঃ  (c) যিংক টিনতকৈ অধিক সক্ৰিয় ।


5. তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাৰ আৰু এটা ছুইচ দিয়া হ’ল।
(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা ?
(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাৰবাৰৰ উপযোগিতা উল্লেখ কৰিবা।

উত্তৰঃ (a) হাতুৰীৰে কোবালে ধাতু পাতল হ’ব। আনহাতে অধাতু গুড়ি হব। যেতিয়া বেটাৰী, বাল্ব, তাঁৰ আৰু চুইচ ব্যৱহাৰ কৰি ধাতুক বৰ্তনীত সংযোগ কৰা হয়, তেতিয়া বৰ্তনীটোৰ মাজেৰে কাৰেণ্ট পাৰ হৈ যায় আৰু বাল্বটো জিলিকি উঠে। অধাতু সংযোগ কৰিলে বাল্বটো একেবাৰেই পোহৰ নহয়। ধাতুবোৰ বিদ্যুতৰ ভাল পৰিবাহী।

(b) নমনীয়তাৰ বাবে ধাতুবোৰক আমাৰ সুবিধা অনুযায়ী পাতল পাতৰ আকৃতি দিব পাৰি। ধাতুবোৰ বিদ্যুতৰ ভাল পৰিবাহী গতিকে এইবোৰ বৈদ্যুতিক তাঁৰ বনাবলৈ ব্যৱহাৰ কৰিব পাৰি।


6. উভধৰ্মী অক্সাইড কাক বোলে? দুটা উভধৰ্মী অক্সাইডৰ নাম লিখা।

উত্তৰঃ যিবোৰ অক্সাইডে এছিড আৰু ক্ষাৰ উভয়ৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবোৰক উভধৰ্মী অক্সাইড বোলে।

উদাহৰণ : যিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড।


7. দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰপৰা হাইড্ৰজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।

উত্তৰঃ হাইড্ৰজেন অপসাৰণ কৰা দুটা ধাতু হল- ছ’ডিয়াম আৰু মেগনেছিয়াম। অপসাৰণ নকৰা ধাতু হৈছে- কপাৰ আৰু ছিলভাৰ।


8. M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এনড, কেথড আৰু বিদ্যুত বিশ্লেষ্য কি ল’ব লাগিব ?

উত্তৰঃ অশুদ্ধ ধাতু M ক এনড হিচাপে আৰু বিশুদ্ধ M ক কেথ’ড হিচাপে M ধাতুৰ লৱণ বিশ্লেষ্য ব্যৱহাৰ কৰিব লাগিব।


9. প্ৰত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে l উদ্ভৱ হোৱা গেছটো এটা পৰীক্ষানলী ওভোতাকৈ ধৰি সংগ্ৰহ কৰিলে।

(a) (i) শুষ্ক লিটমাছ কাগজৰ লগত
(ii) সিক্ত লিটমাছ কাগজৰ লগত গেছটাৰ বিক্ৰিয়া কেনে হ’ব?

(b) ইয়াত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখা।

উত্তৰঃ (a) (i) শুল্ক লিটমাছ কাগজৰ লগত কোনো বিক্ৰিয়া নকৰে।
(ii) গেছটোৱে সিক্ত লিটমাছৰ লগত বিক্ৰিয়া কৰি কাগজক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব।

(b) সংঘটিত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণটো হ’ল-
SO_2+H_2O\rightarrow H_2SO_3

Class 10 Science Chapter 3 Assamese Medium Solutions


10. লোত মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা

উত্তৰঃ (i) ৰং কৰা
(ii) দস্তালেপন।           


11. অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে?

উত্তৰঃ অধাতুবিলাকে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি আম্লিক অক্সাইড উৎপন্ন কৰে।


12. কাৰণ দৰ্শাৱা

(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়।

উত্তৰঃ প্লেটিনাম, গল্ড আৰু ছিলভাৰ ধাতুবোৰ যথেষ্ট কঠিন, উজ্জ্বল, উচ্চ ঘাতসহনশীল আৰু নমনীয়।এইবোৰ সহজে ক্ষয় নাযায় আৰু মামৰে নধৰে। সেই কাৰণে এইবোৰক অলংকাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(b) ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।

উত্তৰঃ ছড়িয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতুবোৰ অতি সক্ৰিয় হোৱা বাবে ইহঁতে বায়ুত থকা অক্সিজেন, জলীয় বাষ্প আদিৰ সৈতে তীব্ৰভাবে বিক্ৰিয়া কৰি বিস্ফোৰণ সংঘটিত কৰে। যাতে ইহঁতে বিক্ৰিয়া কৰিব নোৱাৰে সেইবাবে এইবোৰক তেলত ডুবাই ৰখা হয়।

(c) এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

উত্তৰঃ এলুমিনিয়াম তাপৰ সুপৰিবাহী। ই বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা এলুমিনিয়াম অক্সাইড অধিক সুস্থিৰ। এই এলুমিনিয়াম অক্সাইডৰ প্ৰলেপে ভিতৰৰ এলুমিনিয়ামক ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰে আৰু ই অধিক উষ্ণতাতো নষ্ট নহয়। সেইবাবে ইয়াক ৰন্ধা বাচন-বৰ্তনত ব্যৱহাৰ কৰা হয়।

(d) ধাতু নিষ্কাষণৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আকৰ অক্সাইজলৈ ৰূপান্তৰ কৰা হয়।

উত্তৰঃ  যিহেতু ধাতুৰ অক্সাইডৰ পৰা ধাতু নিষ্কাষণ কৰা অতি সহজ, সেয়েহে ধাতুৰ কাৰ্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।


13. চেকালগা কপাৰৰ পাত্ৰ নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় বাৱহাৰ কৰে?

উত্তৰঃ কপাৰৰ পাত্ৰৰ চেকা, কপাৰ কাৰ্বনেটৰ এটা প্ৰলেপ। এই কপাৰ কাৰ্বনেট এচিডত দ্ৰৱীভূত হয়। সেইবাবে এই পাত্ৰবোৰ নেমু বা তেতেলী টেঙাৰ ৰসেৰে পৰিষ্কাৰ কৰা হয়। নেমু আৰু তেতেলী ৰসত ক্ৰমে ছাইট্ৰিক এছিড আৰু টাৰিটাৰিক এছিড থাকে।


14. ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা।

উত্তৰঃ

ধাতুঅধাতু
(i) ধাতুবোৰে ধণাত্মক আধান উৎপন্ন কৰে(i) অধাতুবোৰে খ৷ণাত্মক আধান উৎপন্ন কৰে।
(ii) ধাতুৱে ক্ষাৰকীয় অক্সাইড গঠন কৰে।(ii) অধাতুৱে আম্লিক অক্সাইড গঠন কৰে।
(iii) ধাতুৰ হাইড্ৰাইডবোৰ আয়নীয় প্ৰকৃতিৰ।(iii) অধাতুৰ হাইড্ৰাইডবোৰ সহযোজী প্ৰকৃতি।

15. এজন ভণ্ড মানুহে স্বৰ্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘুৰি ফুৰিছিল। তেওঁ ম্লান পৰি যোৱা অলংকাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি ফুৰিছিল। এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুযোৰ খুলি তেওঁক দিছিল। মানুহজনে খাৰুযোৰ এটা বিশেষ দ্ৰাৱকত দুবাই ধৰিছিল। খাৰুযোগ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল, পিছে খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল। মহিলা গৰাকী অপ্ৰস্তুত হৈ পৰিছিল আৰু অনৰ্থক বাকবিতণ্ডাৰ মূৰকত মানুহজন সেই ঠাইৰ পৰা পলাইছিল। মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকটো কি আছিলে অনুমান কৰি কব পাৰিবানে?

উত্তৰঃ ভণ্ড মানুহজনে ব্যৱহাৰ কৰা দ্ৰৱটো আছিল একুৱা ৰেজিয়া (aqua-regia)। ইয়াক তিনিভাগ গাঢ় হাইড্ৰ’ক্লৰিক আৰু এভাগ গাঢ় নাইট্ৰিক এছিড মিহলাই উৎপন্ন কৰা হয়। ফলত মহিলাগৰাকীৰ খাৰুৰ ওজন হ্ৰাস হৈ গ’ল।


16. গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টিল (আইৰণৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয় কিয়?

উত্তৰঃ ষ্টিলতকৈ কপাৰ অধিক তাপৰ সুপৰিবাহী, ই সহজে ক্ষয় নাযায় আৰু মামৰে নধৰে। সেই বাবে গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহৰ কৰা হয়।


Important

উভধৰ্মী অক্সাইড কাক বোলে?

যিবোৰ অক্সাইডে এছিড আৰু ক্ষাৰ উভয়ৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবোৰক উভধৰ্মী অক্সাইড বোলে।

সংকৰ ধাতু কি ?

দুই বা ততোধিক ধাতু বা অধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণকে সংকৰ ধাতু বোলে।

কোনবোৰ ধাতু সহজে ক্ষয় নহয় ?

গোল্ড, ৰূপ, প্লেটিনাম, টাইটেনিয়াম।

প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।

গোল্ড আৰু প্লেটিনাম।

ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়?

ছ’ডিয়াম ধাতু অতি সক্ৰিয়। ই বায়ুত উন্মুক্তভাৱে থাকিলে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অক্সাইড গঠন কৰে l ইহঁতে ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে মুক্ত বায়ুত বিক্ৰিয়া ঘটিলে জুই জুলি উঠে। দুৰ্ঘটনা ৰোধ কৰিবলৈ তেলত ইহঁতক ডুবাই ৰখা হয়।

Chapter-wise Question Answer

Class 10 Science Chapter 3 Question Answer in Assamese

  • 3.1.1 ধাতু (Metals)
  • 3.1.2. অধাতু (Non-metals)
  • 3.2 ধাতুৰ ৰাসায়নিক ধর্ম (CHEMICAL PROPERTIES OF METALS)
  • 3.2.1 বতাহৰ সংস্পৰ্শত ধাতু দহন কৰিলে কি হয়? ( What happens when Metals are burnt in air?)
  • 3.2.2 ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয় ? (What happens when Metals react with water?)
  • 3.2.3 এছিডৰ লগত ধাতুৰ বিক্রিয়া ঘটিলে কি হয় ? (What happens when Metals react with Acids? )
  • 3.2.4 ধাতুৱে আন ধাতৱ লৱণৰ দ্রৱণৰ লগত কেনেকৈ বিক্ৰিয়া কৰে? (How do Metals react with solutions of other Metal Salts?)
  • 3.2.5 ধাতুৰ সক্ৰিয়তা ক্রম (The Reactivity Series)
  • 3.3. ধাতুৱে অধাতুৰ লগত কিদৰে বিক্ৰিয়া কৰে? (HOW DO METALS AND NON METALS REACT?)
  • 3.3.1 আয়নীয় যৌগৰ ধৰ্ম (Properties of Ionic Compounds )
  • 3.4.1. ধাতু আহৰণ (Extraction of Metals)
  • 3.4.2. আকৰ গাঢ়ীকৰণ (Enrichment of ores)
  • 3.4.3. নিম্নসক্ৰিয়তাৰ ধাতু নিষ্কাশন (Extracting Metals low in the Activity Series) 
  • 3.4.4. সক্রিয়তা শ্ৰেণীৰ মধ্যম ধাতুৰ নিষ্কাশন(Extracting Metals in the Middle of the Activity Series)
  • 3.4.5. উচ্চসক্ৰিয়তাৰ ধাতুনিষ্কাশন (Extracting Metals towards Top of the Activity Series)
  • 3.4.6. ধাতুৰ শোধন (Refining of Metals)

ধাতু আৰু অধাতু Class 10 Question Answer

SEBA Class 10 Science Chapter 3 Assamese Medium Question Answer (Class 10 ধাতু আৰু অধাতু Question Answer) are available here. Students can practice these SEBA Class 10 Science Chapter 3 Question Answer in Assamese, prepared per the SEBA syllabus (2024 – 2025) and NCERT curriculum. All the questions in this SEBA Class 10 Science Chapter 3 Assamese Medium are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 3 Question Answer (ধাতু আৰু অধাতু Class 10 Question Answer) carefully.

Class 10 Science ধাতু আৰু অধাতু Question Answer

ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 3 Answer in Assamese (Class 10 ধাতু আৰু অধাতু Question Answer) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 3 Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Chapter 3 Question Answer in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

Class 10 Science Chapter 3 Assamese Medium Solution

Looking for a comprehensive guide to Class 10 Science Chapter 3 in Assamese Medium? Our blog post provides a detailed explanation of key concepts in the chapter, helping students grasp essential topics with ease. Along with clear and concise explanations, we’ve also included Class 10 Science Chapter 3 Question Answers in Assamese, tailored to help students prepare effectively for their exams. Whether you’re revising or seeking help with homework, this guide offers the perfect resource for mastering Chapter 3 and acing your Science exam in Assamese Medium.

Class 10 Science Chapter 3 Question Answer in Assamese

Need some help with Class 10 Science Chapter 3 Question Answer in Assamese? You’re in the right place! This post is all about making tough topics easy to understand, with clear explanations and examples. We’ve also got a complete set of Class 10 Science Chapter 3 Assamese Medium, so you can practice and prep without the stress. Whether you’re reviewing for exams or just tackling homework, this guide has everything you need to get ahead.

Leave a Reply