সূচীপত্ৰ
মৌলৰ পৰ্যাবৃত্ত শ্ৰণীবিভাজন | |
শ্ৰেণী (Class) | দশম শ্ৰেণীৰ (X) |
বিষয় | বিজ্ঞান (Science) |
পাঠ (Lesson) | মৌলৰ পৰ্যাবৃত্ত শ্ৰণীবিভাজন |
অধ্যায় (Chapter) | অধ্যায় 5 |
মাধ্যম (Medium) | অসমীয়া |
ৱেবছাইটৰ নাম | learningassam.com |
Class 10 Science Chapter 5 Assamese Medium Solution
সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 5 Assamese Medium Question Answer (Class 10 মৌলৰ পৰ্যাবৃত্ত শ্ৰণীবিভাজন Question Answer) আৰু এইবোৰ SEBA Class 10 Science Chapter 5 Question in Answer Assamese প্ৰশ্নোত্তৰ SEBA Class 10 Science Chapter 5 Assamese Medium অৰ্থাৎ SEBA Assamese Medium Class 10 Science Chapter 5 Exam 2025 ৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 10 Science Chapter 5 Assamese Medium Notes (Class 10 মৌলৰ পৰ্যাবৃত্ত শ্ৰণীবিভাজন Question Answer) ৰ আহিব লগা প্ৰশ্নৰ উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। মৌলৰ পৰ্যাবৃত্ত শ্ৰণীবিভাজন Class 10 Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 Science Chapter 5 Question Answer Assamese Medium ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-81
Class 10 Science Question Answer Page No 81
1. নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিলনে ? তুলনা কৰা আৰু বিচাৰি উলিওৱা ।
উত্তৰঃ নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিল। উদাহৰণ- Li, Na, K মৌলবোৰ নিউলেণ্ডছৰ দ্বিতীয় স্তম্ভত আছিল।
2. ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল ?
উত্তৰঃ ড’বাৰেইনাৰে মৌলবোৰৰ মাজত মাত্ৰ তিনিটা ট্ৰায়ডহে চিনাক্ত কৰিছিল আৰু বেছিভাগ মৌলক তেওঁৰ ট্ৰায়াডৰ আৰ্হিত সজাব পৰা নাছিল । মৌলৰ শ্ৰেণী বিভাজনৰ বাবে ই যথেষ্ট নাছিল।
3. নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল ?
উত্তৰঃ নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাসমূহ হল-
(a) অষ্টক সুত্ৰটো কেবল কেলছিয়াম পর্যন্তহে প্রযোজ্য আছিল।কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰে সৈতে একেধৰণৰ নাছিল।
(b) নিউলেগুছে প্রকৃতিত কেবল 56 টা মৌল থকা বুলিহে জানিছিল আৰু ভবিষ্যতেও আৰু অধিক মৌল আবিষ্কাৰ নহ’ব বুলিয়েই ধৰিছিল।
(c) নিউলেণ্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকে মৌলক স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তর্ভুক্তও কৰিছিল।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-85
Class 10 Science Question Answer Page No 85
1. মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰা।– K,C,Al,Si,Ba
উত্তৰঃ মৌলকেইটাৰ অক্সাইডৰ সংকেত সমূহ হল-
K\rightarrow K_2O
C\rightarrow CO_2
Al\rightarrow Al_2O_3
Si\rightarrow SiO_2
Ba\rightarrow BaO
2. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৃৰ হোৱাৰ পূর্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যিকোনো দুটা)
উত্তৰঃ মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাত গেলিয়ামৰ উপৰিও খালী স্থান ৰখা মৌল দুটা হ’ল স্কেণ্ডিয়াম (Sc) আৰু জাৰ্মেনিয়াম (Ge) ।
3. মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ (criteria) কি কি আছিল ?
উত্তৰঃমেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ হল-
(i) মৌলবোৰৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মবোৰ সিহতৰ ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়।
(ii) মৌলৰ দ্বাৰা গঠিত হাইড্ৰাইড আৰু অক্সাইড সংকেতক মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল।
(iii) এটা নিৰ্দ্দিষ্ট ব্য়ৱধানত মৌলৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ পুণৰাবৃত্ত ঘটিছিল।
Class 10 মৌলৰ পৰ্যাবৃত্ত শ্ৰণীবিভাজন Question Answer
4. সম্ভ্রান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে ?
উত্তৰঃ সম্ভ্রান্ত গেছ- হিলিয়াম, নিয়ন, আৰ্গন, জেনন, ৰেডন আদি মৌলবোৰ ৰাসায়নিক ভাৱে নিষ্ক্ৰয়। ইহঁত আন মৌলৰ সৈতে বিক্ৰিয়া নকৰে আৰু ইহঁতৰ ধৰ্ম অদ্বিতীয়। সেয়ে ইহঁতক এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছে।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-90
Class 10 Science Question Answer Page No 90
1. আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ কি দৰে দূৰ কৰিছিল ?
উত্তৰঃআধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ তলত দিয়া ধৰনে দূৰ কৰিছিল-
(a) মেণ্ডেলিভে পৰ্যাবৃত্ত তালিকাত হাইড্ৰজেনক স্থান দিব পৰা নাছিল। আধুনিক পৰ্যাবৃত্ত তালিকাত প্ৰথম বৰ্গৰ একেবাৰে ওপৰত হাইড্ৰজেনক স্থান দিয়া হৈছে।
(b) মেণ্ডেলিভে পাৰমাণৱিক ভৰৰ উৰ্দ্ধক্ৰমত মৌলবোৰ সজাওতে বেছি ভৰৰ মৌল কম ভৰৰ মৌলতকৈ আগতে স্থান পাইছিল। কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকা পাৰমাণৱিক সংখ্যাৰ আধাৰত হোৱা বাবে এই আঁসোৱাহবোৰ দূৰ হয়।
(c) মেণ্ডেলিভে তেওৰ তালিকাখনত সমস্থানিকক স্থান দিয়া নাছিল। আধুনিক পৰ্যাবৃত্ত তালিকাত সমস্থানিকবোৰে একেলগে স্থান পাইছে।
2. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তোমাৰ এই বাচনিৰ ভিত্তি কি?
উত্তৰঃ মৌল দুটা – বেৰেলিয়াম (Be) আৰু কেলছিয়াম (Ca) । কাৰণ বেৰেলিয়াম আৰু কেলছিয়াম উভয়ে মেগনেছিয়ামৰ সৈতে পৰ্যাবৃত্ত তালিকাৰ ২য় বৰ্গত আছে । তাৰোপৰি এই মৌল দুটাৰ যোজক কক্ষত মেগনেছিয়ামৰ দৰে সমান সংখ্যক ইলেকট্রন থকা বাবে মেগনেছিয়ামৰ দৰে বিক্রিয়া দেখুৱাই।
3. নাম লিখা ।
(a) বহিৰতম কক্ষত এটাকৈ ইলেকট্ৰন থকা তিনিটা মৌলৰ ।
উত্তৰঃ লিথিয়াম (Li), পটাছিয়াম (K), ছ’ডিয়াম (Na) ।
(b) বহিৰতম কক্ষত দুটাকৈ ইলেকট্ৰন থকা দুটা মৌল ।
উত্তৰঃ মেগনেছিয়াম (Mg), কেলছিয়াম (Ca) ।
(c) পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা তিনিটা মৌল ।
উত্তৰঃ হিলিয়াম (He), নিয়ন (Ne), আৰ্গন (Ar) ।
Also Read: Class 10 Science Chapter 5 MCQ
4. (a) লিথিয়াম, ছড়িয়াম, পটেছিয়াম—এই আটাইকেইটা ধাতু। ইহঁতে পানীৰে সৈতে বিক্রিয়াকৰি হাইড্ৰ’জেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে?
উত্তৰঃ এই মৌলকেইটাৰ পৰমাণুৰ সাদৃশ্য আছে । লিথিয়াম, ছড়িয়াম, পটেছিয়াম পৰ্যাবৃত্ততালিকাৰ একেখন বৰ্গত অৰ্থাৎ প্ৰথম বৰ্গত আছে । তাৰোপৰি এই মৌলবোৰৰ যোজক কক্ষত সমান সংখ্যক ইলেকট্রন আছে।
(b) হিলিয়াম এটা নিষ্ক্রিয় গেছ আৰু নিয়নো এটা প্রায় নিষ্ক্রিয় গেছ। ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায় ?
উত্তৰঃহিলিয়াম আৰু নিয়নৰ মাজৰ সাদৃশ্য হ’ল– ইহঁত দুয়োটা পৰমাণুৰ বহিঃকক্ষ ইলেকট্ৰনেৰে পৰিপূৰ্ণ হৈ থাকে ।
5. আধুনিক পৰ্যাবৃত্ত তালিকাত থকা প্রথম দহোটা মৌলৰ ভিতৰত কোনকেইটা ধাতু?
উত্তৰঃ প্ৰথম দহোটা মৌলৰ ভিতৰত লিথিয়াম (Li) আৰু বেৰেলিয়াম (Be) দুটা ধাতু ।
6. পৰ্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতবধর্মী হ’ব বুলি অনুমান কৰিবা ?
Ga, Ge, As, Se, Be ।
উত্তৰঃ Be আটাইতকে বেছি ধাতৱ ধৰ্মী । কিয়নো ই পৰ্যাবৃত্ত তালিকাৰ একেবাৰে বাওঁফালে থকা মৌল ।
Class 10 Science অনুশীলনী
Class 10 Science Exercise Question Answer
1. পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয় ?
(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে ।
(b) যোজক ইলেকট্ৰনৰ সংখ্যা বাঢ়ে ।
(c) পৰমাণুবোৰ সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায় ।
(d) অক্সইডবোৰ বেছি আম্লিক হৈ পৰে ।
উত্তৰঃ (c) পৰমাণুবোৰ সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায় ।
2. মৌল X য়ে XCl_2 , সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি?
(a) Na
(b) Mg
(c) Al
(d) Si
উত্তৰঃ Mg
Class 10 Science Chapter 5 Question Answer in Assamese
3. কোনটো মৌলৰ আছে
(a) ইলেকট্ৰনপূৰ্ণ দুটা কক্ষ ?
উত্তৰঃ (a) Ne ( 2 . 8 )
(b) 2, 8, 2 ইলেকট্ৰনীয় বিন্যাস ?
উত্তৰঃ মেগনেছিয়াম (Mg)
(c) যোজক কক্ষত চাৰিটা ইলেকট্ৰনৰে সৈতে মুঠ তিনিটা কক্ষ ?
উত্তৰঃ Si ( 2 . 8 . 4)
(d) যোজক কক্ষত তিনিটা ইলেকট্ৰনৰে সৈতে মুঠ দুটা কক্ষ ?
উত্তৰঃ B ( 2 . 3 )
(e) দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেকট্ৰন?
উত্তৰঃ C ( 2 . 4 )
4. (a) পৰ্যাবৃত্ত তলিকাত ব’ৰণৰ সৈতে একেটা স্তম্ভকে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে ?
উত্তৰঃ পৰ্যাবৃত্ত তালিকাত ব’ৰণৰ স্থান হ’ল – ২ য় পৰ্যায়ৰ 13 বৰ্গ । ইয়াৰ যোজ্যতা 3, গতিকে পৰ্যাবৃত্ত তালিকাত বৰণৰ সৈতে একেটা স্তম্ভকে থকা মৌলবোৰৰ যোজ্যতা 3 । ব’ৰন বাদে এই গোটৰ আন সকলো মৌল (অৰ্থাৎ এলুমিনিয়াম, গেলিয়াম, ইণ্ডিয়াম আৰু থেলিয়াম) ধাতু।
(b) পৰ্যাবৃত্ত তালিকাত ফ্লৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে?
উত্তৰঃ পৰ্যাবৃত্ত তালিকাত ফ্ল’ৰিনৰ স্থান- ২ য় পৰ্যায়ৰ 17 বৰ্গ । পৰ্যাবৃত্ত তালিকাত ফ্লৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ যোজ্যতা 1 আৰু ইহঁতে আন মৌলৰ লগত আয়নীয় বন্ধনীৰে বান্ধ খাই যৌগ গঠন কৰে ।
5. এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ’ল 2, 8, 7 ।
(a) এই মৌলটোৰ পৰমাণৱিক সংখ্যা কি ?
উত্তৰঃ পাৰমাণৱিক সংখ্যা = 17 ।
(b) তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে)
N(7), F(9), P(15), Ar(18)
উত্তৰঃ F(9) ৰ লগত সাদৃশ্য থাকিব ।
6. পৰ্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে ।
16 বৰ্গ | 17 বৰ্গ |
– | – |
– | A |
– | – |
B | C |
(a) মৌল A ধাতুনে অধাতু ?
উত্তৰঃ A অধাতু কিয়নো ই 17 বৰ্গত আছে ।
(b) C মৌলক A তকৈ বেছি সক্ৰিয়নে কম সক্ৰিয় ?
উত্তৰঃ C মৌল A তকৈ কম সক্ৰিয় ।
(c) C মৌলটো আকাৰত B তকৈ ডাঙৰনে সৰু ?
উত্তৰঃ সৰু হ’ব ।
(d) মৌল A কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব ?
উত্তৰঃ A মৌল 17 বৰ্গত আছে । ইয়াৰ যোজ্যতা হ’ব 1। অৰ্থাৎ ই ইলেকট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন গঠন কৰিব অৰ্থাৎ এনায়ন গঠন হ’ব ।
Class 10 Science Chapter 5 Question Answer Assamese Medium
7. নাইট্ৰ’জেন (পৰমাণৱিক সংখ্যা 7) আৰু ফছফ’ৰাছ (পাৰমাণৱিক সংখ্যা 15) পৰ্য্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে । এই মৌল দুটাৰ ইলেকট্ৰনীয় বিন্যাস লিখা । ইহঁতৰ কোনটো বেছি বিদ্যুৎঋণাত্মক হ’ব আৰু কিয় ?
উত্তৰঃনাইট্ৰজেনৰ ইলেকট্ৰনীয় বিন্যাস ⟶ 2 . 5
ফছফ’ৰাছৰ ইলেকট্ৰনীয় বিন্যাস ⟶ 2 . 8 . 5
যিহেতু, ফছফৰাছৰ পাৰমাণবিক আকাৰ নাইট্ৰজেনতকৈ বেছি। সেয়ে, নাইট্ৰজেনৰ বিদ্যুৎ খণাত্মক গুণ ফছফৰাছতকৈ বেছি।
Also Read: Class 10 Science Chapter 9 MCQ
8. পৰমাণু এটাৰ ইলেকট্ৰনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কি দৰে জড়িত হৈ আছে ?
উত্তৰঃ মৌলৰ অৱস্থান, ইয়াৰ ইলেকট্ৰনীয় বিন্যাসৰ ওপৰত নিৰ্ভৰ কৰে । যোজক ইলেকট্ৰনে বৰ্গৰ সংখ্যা নিৰূপন কৰে । অৰ্থাৎ যি মৌল অথবা পৰমাণুৰ যোজক ইলেকট্ৰনৰ সংখ্যা 1, ই প্ৰথম বৰ্গত অৰ্ন্তভুক্ত হ’ব । ইলেকট্ৰনৰ কক্ষপথৰ সংখ্যাই মৌলটো কোনটো পৰ্যায়ত স্থান ল’ব সেইটো নিদিষ্ট কৰে ।
9. আধুনিক পৰ্যাবৃত্ত তালিকাত কেলছিয়াম (পৰমাণৱিক সংখ্যা 20) 12, 19, 21 আৰু 38 পৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে । এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰায়ায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিলে ?
উত্তৰঃ কেলছিয়াম পৰমাণু ক্রমাংক Ca ⟶ 20
ইলেকট্রনীয় বিন্যাস ⟶ 2.8.8.2
ইয়াৰ চাৰিওফালে থকা মৌলকেইটাৰ ইলেকট্ৰনীয় বিন্যাস হব-
Mg(12) ⟶ 2 . 8 . 2
K(19) ⟶ 2 . 8 . 8 . 1
Sc(21) ⟶ 2 . 8 . 8 . 3
Sr(38) ⟶ 2 . 8 . 18 . 8 . 2
গতিকে দেখা গ’ল 12 আৰু 38 পাৰমাণৱিক সংখ্যা যুক্ত মৌলৰ ৰাসয়নিক আৰু ভৌতিক ধৰ্মসমূহ Ca ৰ লগত মিলে ।
10. মেণ্ডেলিৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজনৰ তুলনা কৰা ।
উত্তৰঃ
মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা | আধুনিক পৰ্যাবৃত্ত তালিকা |
(1) মেণ্ডেলিভৰ তালিকা পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি সজা। | (1) আধুনিক পৰ্যাবৃত্ত তালিকা পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি সজা। |
(2) মেণ্ডেলিভৰ তালিকাই মৌলৰ ধৰ্মৰ পুনৰাবৃত্তিৰ কোনো কাম দিব নোৱাৰিলে । | (2) এই তালিকাই ইলেকট্ৰনীয় সজ্জাৰ ভিত্তিত মৌলৰ ধৰ্মৰ পুনৰাবৃত্তিৰ বিষয়ে স্পষ্ট বৰ্ণনা দিছে। |
(3) মেণ্ডেলিভৰ তালিকাত 8 টা বৰ্গ আৰু 6 টা পৰ্যায় আছে। | (3) 18 টা বৰ্গ আৰু 7 টা পৰ্যায় আছে। |
Important
সম্ভ্রান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে ?
সম্ভ্রান্ত গেছ- হিলিয়াম, নিয়ন, আৰ্গন, জেনন, ৰেডন আদি মৌলবোৰ ৰাসায়নিক ভাৱে নিষ্ক্ৰয়। ইহঁত আন মৌলৰ সৈতে বিক্ৰিয়া নকৰে আৰু ইহঁতৰ ধৰ্ম অদ্বিতীয়। সেয়ে ইহঁতক এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছে।
আধুনিক পৰ্যাবৃত্ত তালিকাত থকা প্রথম দহোটা মৌলৰ ভিতৰত কোনকেইটা ধাতু?
প্ৰথম দহোটা মৌলৰ ভিতৰত লিথিয়াম (Li) আৰু বেৰেলিয়াম (Be) দুটা ধাতু ।
Chapter-Wise Question Answer
Class 10 Science Chapter 5 Assamese Medium Notes
- 5.1.1 ড’বাৰেইনাৰৰ ট্ৰায়াড (Dobereiner’s Triads)
- 5.1.2 নিউলেণ্ডছৰ অষ্টক সূত্র (Newland’s law of Octaves)
- 5.2 বিশৃংখলাৰ মাজত শৃংখলা-মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা (MAKING ORDER OUT OF CHAOS-MENDELEEV’S PERIODIC TABLE)
- 5.2.1 মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতাসমূহ (Achievements of Mendeleev’s Periodic table)
- 5.2.2 মেণ্ডেলিভৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতা (Limitations of Mendeleev’s Classification)
- 5.3 বিশৃংখলাৰ মাজত শৃংখলা – আধুনিক পর্যাবৃত্ত তালিকা (MAKING ORDER OUT OF CHAOS-THE MODERN PERIODIC TABLE)
- 5.3.1 আধুনিক পর্যাবৃত্ত তালিকাত মৌলবোৰৰ স্থান (Position of the Elements in the Modern Periodic Table)
- 5.3.2 আধুনিক পর্যাবৃত্ত তালিকাত মৌলৰ ধৰ্মৰ পৰিৱৰ্তনৰ প্ৰৱণতা (Trends in the modern Periodic table)
- 5.3.3 ধাতব আৰু অধাতৱ ধৰ্ম (Metallic and non metallic properties)
মৌলৰ পৰ্যাবৃত্ত শ্ৰণীবিভাজন Class 10 Question Answer
SEBA Class 10 Science Chapter 5 Question Answer Assamese Medium (Class 10 মৌলৰ পৰ্যাবৃত্ত শ্ৰণীবিভাজন Question Answer) are available here. Students can practice these SEBA Class 10 Science Chapter 5 Assamese Medium, prepared per the SEBA syllabus (2024 – 2025) and NCERT curriculum. All the questions in this SEBA Class 10 Science Chapter 5 Question Answer in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 5 Question Answer (মৌলৰ পৰ্যাবৃত্ত শ্ৰণীবিভাজন Class 10 Question Answer) carefully.
Class 10 Science Chapter 5 Question Answer in Assamese
ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 5 Answer in Assamese (Class 10 মৌলৰ পৰ্যাবৃত্ত শ্ৰণীবিভাজন Question Answer) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 5 Assamese Medium Solution খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Science Chapter 5 Assamese Medium pdf Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।
Class 10 Science Chapter 5 Assamese Medium Solution
Looking for a comprehensive guide to Class 10 Science Chapter 5 in Assamese Medium? Our blog post provides a detailed explanation of key concepts in the chapter, helping students grasp essential topics with ease. Along with clear and concise explanations, we’ve also included Class 10 Science Chapter 5 Question Answers in Assamese, tailored to help students prepare effectively for their exams. Whether you’re revising or seeking help with homework, this guide offers the perfect resource for mastering Chapter 5 and acing your Science exam in Assamese Medium.
Class 10 Science Chapter 5 Question Answer in Assamese
Need some help with Class 10 Science Chapter 5 Question Answer in Assamese? You’re in the right place! This post is all about making tough topics easy to understand, with clear explanations and examples. We’ve also got a complete set of Class 10 Science Chapter 5 Assamese Medium, so you can practice and prep without the stress. Whether you’re reviewing for exams or just tackling homework, this guide has everything you need to get ahead.