Class 9th & 10th Join Now

Home » Class 10 Science Chapter 2 Assamese Medium – এছিড, ক্ষাৰক আৰু লৱন

Class 10 Science Chapter 2 Assamese Medium – এছিড, ক্ষাৰক আৰু লৱন

এছিড, ক্ষাৰক আৰু লৱন
শ্ৰেণী (Class)দশম শ্ৰেণীৰ (X)
বিষয়বিজ্ঞান (Science)
পাঠ (Lesson)এছিড, ক্ষাৰক আৰু লৱন
অধ্যায় (Chapter)অধ্যায় 2
মাধ্যম (Medium)অসমীয়া
ৱেবছাইটৰ নামlearningassam.com

Class 10 Science Chapter 2 Assamese Medium Question Answer

ইয়াত আমি আলোচনা কৰিম Class 10 Science Chapter 2 Assamese Medium (Class 10 এছিড, ক্ষাৰক আৰু লৱন Question Answer) আৰু এইবোৰ Class 10 Science Chapter 2 Assamese Medium Question Answer প্ৰশ্নোত্তৰ Class 10 Science Chapter 2 Question Answer in Assamese অৰ্থাৎ SEBA Assamese Medium Class 10 Science Chapter 2 Exam 2025 ৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 10 Science Chapter 2 Assamese Medium Solutions Notes (Class 10 এছিড, ক্ষাৰক আৰু লৱন Question Answer) ৰ আহিব লগা প্ৰশ্নৰ উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। এছিড, ক্ষাৰক আৰু লৱন Class 10 Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 Science Chapter 2 Assamese Medium ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-22

Class 10 Science Question Answer Page No 22

1. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?

উত্তৰঃ দৈ আৰু টেঙা খাদ্যবস্তুত এছিড থাকে। এই এচিডে পিতল আৰু তামৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। সেই কাৰণে ইহঁতক পিতল বা তামৰ পাত্ৰত থোৱা নহয়।


2. এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কেনেকৈ পৰীক্ষা কৰিবা।

উত্তৰঃ এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন (H2) গেছ উৎপন্ন কৰে ।

Class 10 Science Chapter 2 Assamese Medium [প্ৰশ্নোত্তৰ] - এছিড, ক্ষাৰক আৰু লৱন

প্ৰদত্ত চিত্ৰত দেখুওৱাৰ দৰে যন্ত্ৰটো স্থাপন কৰক। টেষ্ট টিউবত কিছুমান জিংকৰ দানা লওক। প্ৰায় 5ml লঘু হাইড্ৰক্লৰিক এচিড লাহে লাহে দিয়া হয় । অলপ পিছতে জিংক আৰু হাইড্ৰক্লৰিক এচিডৰ বিক্ৰিয়া আৰম্ভ হয় আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় ।

হাইড্ৰজেন গেছৰ উপস্থিতি পৰীক্ষাঃ

এতিয়া জ্বলন্ত কাঠি এডাল গেছটোৰ কাষলৈ নিলে গেছখিনি নীলা শিখাৰে জুলি উঠে। ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে গেছখিনি হাইড্ৰজেন।

Class 10 Science Chapter 2 Assamese Medium Solutions Notes


3. এটা ধাতৱ যৌগ A লঘু হাইড্ৰ’ক্লৰিক এছিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জুলি থকা মম নুমুৱায়। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হলে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা।

উত্তৰঃ গেছটোৱে বুৰবুৰণিৰ সৃষ্টি কৰিছে আৰু ই আকৌ জুই নুমুৱাত সহায় কৰিছে সেয়েহে গেছটো CO2। গতিকে A যৌগটো হ’ব কেলছিয়াম কাৰ্বনেট (CaCO) । 

বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো হ’ল-

CaCO_3\left(s\right)+2HCl\left(aq\right)\rightarrow CaCl_2\left(aq\right)+CO_2\left(g\right)+H_2O\left(l\right)

Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-25

Class 10 Science Question Answer Page No 25

1. জলীয় দ্ৰৱত HCl , HNO_3 ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায়?

উত্তৰঃ HCl , HNO_3 ইত্যাদিয়ে জলীয় দ্ৰৱত আয়নীত হৈ হাইড্ৰজেন আয়ন ( H^+ )মুক্ত কৰে। সেইবাবে ইহতে আম্লিক ধৰ্ম দেখুৱায়। আনহাতে, এলকহল আৰু গ্লুক’জৰ জলীয় দ্ৰৱত আয়নীত হৈ হাইড্ৰজেন আয়ন ( H^+ ) মুক্ত নকৰে। সেইবাৰে ইহঁতে আম্লিক ধৰ্ম নেদেখুৱায়।


2. এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে?

উত্তৰঃ এছিডে জুলীয় দ্ৰৱত দ্ৰৱীভূতহৈ হাইড্ৰজেন আয়ন সৃষ্টি কৰে। সেইবাবে এছিডৰ জলীয় দ্ৰবই বিদ্যুৎ পৰিবহণ কৰিব পাৰে। ইহঁত বিদ্যুতৰ সুপৰিবাহী।


3. শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় ?

উত্তৰঃ শুকান HCl গেছে হাইড্ৰজেন আয়ন ( H^+ ) উৎপন্ন কৰিব নোৱাৰে বাবে ই শুকান লিটমাছ ৰঙৰ পৰিৱৰ্তন নঘটায়।


4. এছিড এটা লঘু কৰোতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয়, কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয়?

উত্তৰঃ এছিডত পানী মিহলি কৰিলে অত্যাধিক পৰিমাণে তাপৰ উদ্ভৱ হয়। যাৰ ফলত বিক্ৰিয়া সংঘটিত কৰা বিকাৰ ভাঙি যাব পাৰে বা জুই লাগিব পাৰে। সেইবাবে এছিডক লঘু কৰোতে পানী এছিডত যোগ কৰা নহয়।


5. এছিড এটা লঘু কৰোতে হাইড্রনিয়াম আয়ন( H_3O^+ ) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হয়?

উত্তৰঃ এছিড দ্ৰৱ পানীৰ সৈতে মিহলালে ( H_3O^+ ) আয়নৰ প্ৰতি একক আয়তনৰ মান হ্রাস পায়, ফলত এছিড লঘু হয়।

Class 10 এছিড, ক্ষাৰক আৰু লৱন Question Answer


6. ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্রক্সাইড আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হব?

উত্তৰঃ ছ’ডিয়াম অক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্রক্সাইড আয়ন( HO^-)ৰ গাঢ়তা বৃদ্ধি হয়। ফলত ছডিয়াম হাইড্ৰক্সাইডৰ গাঢ়তা বৃদ্ধি হয়।


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-28

Class 10 Science Question Answer Page No 28

1. তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে । দ্ৰৱ A ৰ pH ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান ৪ । কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি ? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?

উত্তৰঃ দ্ৰৱ A ত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি।

দ্ৰৱ A ৰ pH ৰ মান 6, গতিকে দ্ৰৱটো আম্লিক ।

দ্ৰৱ B ৰ pH ৰ মান ৪, গতিকে দ্ৰৱটো ক্ষাৰকীয়।


2. দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H^+ (aq) আয়নৰ গাঢ়তাৰ কি প্রভাব আছে?

উত্তৰঃ H^+ আয়নৰ গাঢ়তা অধিক হলে ই আম্লিক, H^+ আয়নৰ গাঢ়তা কম হলে ক্ষাৰকীয়া হয়।


3. ক্ষাৰকীয় দ্ৰবত H^+ (aq) আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয় ?

উত্তৰঃ ক্ষাৰকীয় দ্ৰববোৰত H^+ আয়ন থাকে যদিও এইবোৰ ক্ষাৰকীয় হয়। কাৰণ,ইহঁতে H^+ আয়নতকৈ HO^- আয়ন বেছি পৰিমাণে এৰি দিয়ে।


4. মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চূণ (কেলছিয়াম হাইড্ৰক্সাইড) বা চক (কেলছিয়াম কাৰ্বনেট) প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা?

উত্তৰঃ চূণ বা শিথিলিত চূণ বা চক মাটিত ব্যৱহাৰ কৰিলে শস্যক্ষেত্ৰত বৃদ্ধি হোৱা এছিডৰ পৰিমাণ হ্ৰাস হয়।


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-33

Class 10 Science Question Answer Page No 33

1. যৌগ CaOCl_2 ৰ সাধাৰণ নামটো কি?

উত্তৰঃ ব্ৰিচিং পাউডাৰ।


2. ক্ল’ৰিণৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা।

উত্তৰঃ চূণ পানী Ca{\left(OH\right)}_2


3. কঠিন পানী কোমল কৰাৰ বাবে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম লিখা।

উত্তৰঃ ছ’ডিয়াম কাৰ্ব’নেট বা কাপোৰ ধোৱা ছ’ডা ।


4. ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় ? বিক্ৰিয়াটোৰ সমীকৰণ লিখা।

উত্তৰঃ ছ’ডিয়াম হাইড্ৰজেন কাৰ্বনেটত তাপ প্ৰয়োগ কৰিলে Na2CO3, CO2 আৰু পানী উৎপন্ন হয়।

বিক্ৰিয়াটোৰ সমীকৰণ :

2NaHCO_3\rightarrow Na_2CO_3+H_2O+CO_2

Class 10 Science Chapter 2 Assamese Medium Notes


5. প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা।

উত্তৰঃ CaSO_4.\frac12H_2O+1\frac12H_2O\rightarrow CaSO_42H_2O


Class 10 Science অনুশীলনী

Class 10 Science Exercise Question Answer

1. এটা দ্রৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত pH হ’ব পাৰে-

(a) 1

(b) 4

(c) 5

(d) 10

উত্তৰঃ (d) 10


2. এটা দ্রৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চুণ পানী ঘোলা কৰে । দ্ৰৱটোত থাকে –

(a) NaCl

(b) HCl

(c) LiCl

(d) KCl

উত্তৰঃ(b) HCl


3. NaOH দ্ৰৱ এটাৰ 10mL এ HCl দ্ৰৱ এটাৰ 8mL সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্রৱৰ 20mL লওঁ তেন্তে এইখিনি প্রসমিত কৰিবলৈ লগা HCl দ্রৱৰ (আগৰ সৈতে একেটা দ্ৰৱ)ৰ পৰিমাণ হ’ব-

(a) 4mL

(b) 8mL

(c) 12mL

(d) 16mL

উত্তৰঃ (d) 16mL


4. অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ- ওঁষধ ব্যৱহাৰ কৰা হয় ?

(a) এন্টিবায়টিক

(b) বেদনানাশক

(c) অম্লনাশক।

(d) বীজাণুবাৰক

উত্তৰঃ(c) অম্লনাশক।

এছিড ক্ষাৰক আৰু লৱণ Class 10 Question Answer


5. সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া-

(a) লঘু ছালফিউৰিক এছিডে যিংকৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে।

(b) লঘু হাইড্ৰ’ক্লৰিক এছিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্ৰিয়া কৰে।

(c) লঘু ছালফিউৰিক এছিডে এলুমিনিয়াম পাউডাৰৰ সৈতে বিক্ৰিয়া কৰে।

(d) লঘু হাইড্ৰ’ক্লৰিক এছিডে লোৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে।

উত্তৰঃ

(a) জিংকৰ + ছালফিউৰিক এচিড →  জিংক ছালফেট + হাইড্ৰজেন গেছ।

Zn(s)+H_2SO_4\left(aq\right)\rightarrow ZnSO_4\left(aq\right)+H_2\left(g\right)

(b) মেগনেছিয়াম + হাইড্ৰ’ক্ল’ৰিক এচিড → মেগনেছিয়াম ক্ল’ৰাইড + হাইড্ৰজেন গেছ ।

Mg\left(s\right)+2HCl(aq)\rightarrow MgCl_2\left(aq\right)+H_2(g)

(c) এলুমিনিয়াম + ছালফিউৰিক এচিড →  এলুমিনিয়াম ছালফেট + হাইড্ৰজেন গেছ।

2Al(s)+3H_2SO_4\left(aq\right)\rightarrow Al_2{\left(SO_4\right)}_3\left(aq\right)+3H_2\left(g\right)

(d) লো + হাইড্ৰ’ক্ল’ৰিক এচিড → ফেৰিক ক্ল’ৰাইড + হাইড্ৰ’জেন গেছ ।

2Fe(s)+6HCl(aq)\rightarrow2FeCl_3\left(aq\right)+3H_2(g)

6. এলকহল আৰু গ্লুক’জৰ দৰে যৌগবোৰতো হাইড্ৰজেন থাকে। কিন্তু সিহঁতক এছিড হিচাপে শ্ৰেণীভূক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।

উত্তৰঃ

Class 10 Science Chapter 2 Assamese Medium [প্ৰশ্নোত্তৰ] - এছিড, ক্ষাৰক আৰু লৱন

চিত্ৰত দেখুৱাৰ দৰে এটা বিকাৰত গ্লুক’জৰ দ্ৰৱ লোৱা হ’ল। এটা কৰ্কৰ সহায়ত দ্রৱৰ ভিতৰত দুটা গজাল সুমুৱাই দি গজাল দুটাৰ মূৰত তাৰৰ সহায়ত 6 ভল্টৰ বেটাৰী, এটা বাল্ব আৰু এটা চুইচ সংযোগ কৰা হ’ল। এতিয়া চুইচটো দিয়াত বাল্বটো জ্বলা নাই। একেদৰে গ্লুক’জৰ পৰিৱৰ্তে এলকহলৰ দ্ৰৱত চুইচ দিলে বাল্বটো নজ্বলে। অৰ্থাৎ, দ্ৰৱত হাইড্ৰজেন আয়ন ( H^+ ) উৎপন্ন হোৱা নাই । সেইবাবে এলকহল আৰু গ্লুক’জক এছিডত শ্ৰেণীভূক্ত কৰা হোৱা নাই।


7. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়?

উত্তৰঃ পাতিত পানীত কোনো আম্ল বা ক্ষাৰ দ্ৰৱীভূত হৈ নাথাকে। অৰ্থাৎ পাতিত পানীত ( H^+ ) আয়ন নাথাকে। সেয়ে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে। কিন্তু বৰষুণৰ পানীত ( H^+ ) আয়ন থাকে । সেয়ে বৰষুণৰ পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে।


8. পানীৰ অনুপস্থিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয়?

উত্তৰঃ পানীৰ অনুপস্থিতিত এছিডে হাইড্ৰ’জেন আয়ন ( H^+ ) উৎপন্ন কৰিব নোৱাৰে। সেয়ে পানীৰ অনুপস্থিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে।

Class 10 Science Chapter 2 Assamese Medium Question Answer


9. পাচটা দ্ৰব A, B, C, D আৰু E ক সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত pH ৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্রব-

(a) প্ৰশম

(b) তীব্ৰ ক্ষাৰকীয়

(c) তীব্ৰ আস্নিক

(d) মৃদু আম্লিক

(e) মৃদু ক্ষাৰকীয়

হাইড্ৰজেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত pH ৰ মানবোৰ সজোৱা।

উত্তৰঃ (a) D প্ৰশম (pH) = 7

(b) C তীব্ৰ ক্ষাৰকীয় (pH) = 11

(c) B তীব্ৰ আম্লিক (pH) = 1

(d) A মৃদু আম্লিক (pH) = 4

(e) E মৃদু ক্ষাৰকীয় (pH) = 9

হাইড্ৰজেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত pH ৰ মানবোৰ-

11<9<7<4<1

10. পৰীক্ষানল A আৰু B ত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ’ল। পৰীক্ষানল A ত হাইড্ৰ’ক্ল’ৰিক এছিড (HCI) আৰু পৰীক্ষানল B ত এচেটিক এছিড যোগ কৰা হ’ল। এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লোৱা হৈছে। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰনি ওলাব আৰু কিয় ?

উত্তৰঃ পৰীক্ষানল A ত বেছি বেগেৰে বুৰবুৰণি ওলাব। কাৰণ, HCl এছিড CH_3COOH তকৈ তীব্ৰ। গতিকে HCl এছিড আৰু মেগনেছিয়ামৰ মাজৰ বিক্ৰিয়াৰ বেগ বেছি হ’ব। গতিকে A তকৈ B ত বেছি শব্দ কৰি বুৰবুৰণিৰ সৃষ্টি হব।


11. কেঁচা গাখীৰৰ pH ৰ মান 6। ই দৈত পৰিণত হ’লে pH সলনি হ’বনে? ব্যাখ্যা কৰা।

উত্তৰঃ কেচা গাখীৰ দৈত পৰিণত কৰিলে pH ৰ মান কমি আহে। কাৰণ, কেচা গাখীৰ দৈত পৰিণত কৰিলে লেক্টিক এছিড উৎপন্ন হয়।


12. এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে।

(a) কিয় তেওঁ কেঁচা গাখীৰৰ pH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে।

(b) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয়?

উত্তৰঃ (a) গাখীৰত বেকিং ছ’ডা মিহলালে গাখীৰ সামান্য পৰিমাণে ক্ষাৰকীয় হয় আৰু গাখীৰ বেছি সময়লৈ নষ্ট নোহোৱাকৈ থাকে।

(b) লেকটিক এছিডে গাখীৰত মিহলোৱা বেকিং ছ’ডাৰ লগত বিক্ৰিয়া কৰি প্ৰশম হয়। এতিয়া গাখীৰ দৈত পৰিণত হ’বলৈ অধিক পৰিমাণৰ লেকটিক এছিড প্ৰয়োজন হয়। ফলত গাখীৰ দৈত পৰিণত হ’বলৈ অধিক সময় লাগে ।


13. প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে। কিয় ? ব্যাখ্যা কৰা ।

উত্তৰঃ প্লাষ্টাৰ অব পেৰিছত জলীয় বাষ্প সোমালে ই সহজে জিপছামলৈ পৰিৱৰ্তন হ’ব। ফলত ই কঠিন হৈ ব্যৱহাৰৰ অনুপযোগী হ’ব। সেয়েহে প্লাষ্টাৰ অৱ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে।

Class 10 Science Chapter 2 Assamese Medium Solutions


14. প্রশমন বিক্রিয়া কি ? দুটা উদাহৰণ দিয়া। কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা ।

উত্তৰঃ এছিড আৰু ক্ষাৰৰ মাজৰ বিক্ৰিয়াৰ ফলত লৱণ আৰু পানী উৎপন্ন হয় ৷ এই বিক্ৰিয়াক প্রশমন বিক্রিয়া বোলে।

উদাহৰণ-

(i) NaOH+HCl\rightarrow NaCl+H_2O

(ii) Mg{(OH)}_2+H_2CO_3\rightarrow MgCO_3+2H_2O

কাপোৰ ধোৱা ছ’ডাৰ ব্যৱহাৰ :

(i) পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়
(ii) কাঁচ, চাবোন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয় ।

বেকিং ছ’ডাৰ ব্যৱহাৰ :

(i) ইয়াক কেতিয়াবা খোৱা বস্তু সোনকালে সিজিবলৈও যোগ কৰা হয়।
(ii) খাই ভাল লগা মূৰমুৰিয়া পকৰি বনাওঁতে ব্যৱহাৰ কৰা হয়।


Important

প্রশমন বিক্রিয়া কি ?

এছিড আৰু ক্ষাৰৰ মাজৰ বিক্ৰিয়াৰ ফলত লৱণ আৰু পানী উৎপন্ন হয় ৷ এই বিক্ৰিয়াক প্রশমন বিক্রিয়া বোলে।

বেকিং ছডাৰ ৰাসায়নিক নাম কি?

ছডিয়াম হাইড্ৰজেন কাৰ্বনেট ( HCO_3^- )

ব্লিচিং পাউদাৰৰ দুটা ব্যৱহাৰ লিখা।

1. খোৱাপানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়।
2. কাগজৰ কাৰখানাত ইয়াক ব্যৱহাৰ কৰা হয়।

পানীৰ অনুপস্থিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয়?

পানীৰ অনুপস্থিতিত এছিডে হাইড্ৰ’জেন আয়ন ( H^+ ) উৎপন্ন কৰিব নোৱাৰে। সেয়ে পানীৰ অনুপস্থিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে।

পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়?

পাতিত পানীত কোনো আম্ল বা ক্ষাৰ দ্ৰৱীভূত হৈ নাথাকে। অৰ্থাৎ পাতিত পানীত ( H^+ ) আয়ন নাথাকে। সেয়ে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে। কিন্তু বৰষুণৰ পানীত ( H^+ ) আয়ন থাকে । সেয়ে বৰষুণৰ পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে।

এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে?

এছিডে জুলীয় দ্ৰৱত দ্ৰৱীভূতহৈ হাইড্ৰজেন আয়ন সৃষ্টি কৰে। সেইবাবে এছিডৰ জলীয় দ্ৰবই বিদ্যুৎ পৰিবহণ কৰিব পাৰে। ইহঁত বিদ্যুতৰ সুপৰিবাহী।

 দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?

দৈ আৰু টেঙা খাদ্যবস্তুত এছিড থাকে। এই এচিডে পিতল আৰু তামৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। সেই কাৰণে ইহঁতক পিতল বা তামৰ পাত্ৰত থোৱা নহয়।

Chapter-wise Question Answer

Class 10 Science Chapter 2 Question Answer in Assamese

  •  2.1.2 এছিড আৰু ক্ষাৰকে ধাতুৰে সৈতে কি দৰে বিক্ৰিয়া কৰে? (How do Acids and Bases React with Metals) :
  • 2.1.3 ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰ’জেন কার্বনেটে এছিডৰ সৈতে কি দৰে বিক্ৰিয়া কৰে? (How do Metal Carbonates and Metal Hydrogen Carbon- ates React with Acids?) :
  • 2.1.4 এছিড আৰু ক্ষাৰকে পৰস্পৰ সৈতে কি দৰে বিক্ৰিয়া কৰে ? (How do Acids and Bases React with each other?)
  • 2.1.5 এছিডৰে সৈতে ধাতবীয় অক্সাইডৰ বিক্রি (Reaction of Metallic Oxides with Acids) 
  • 2.1.6 অধাতৱীয় অক্সাইডৰ ক্ষাৰকৰে সৈতে বিক্রিয়া (Reaction of Non-metallic oxide with base)
  • 2.2. সকলো এছিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ কি ? (What do all acids and all bases have in common)
  • 2.2.1 জলীয় দ্রৱত এছিড আৰু ক্ষাৰকৰ কি পৰিৱৰ্তন হয় ? (What happens to an acid or a base in a water solution?)
  • 2.3 এছিড বা ক্ষাৰকৰ দ্ৰৱটো কিমান তীব্ৰ ? (HOW STRONG ARE ACID OR BASE SOLUTIONS?)
  •  2.2.1 জলীয় দ্রৱত এছিড আৰু ক্ষাৰকৰ কি পৰিৱৰ্তন হয় ? (What happens to an acid or a base in a water solution?)
  •  2.3 এছিড বা ক্ষাৰকৰ দ্ৰৱটো কিমান তীব্ৰ ? (HOW STRONG ARE ACID OR BASE SOLUTIONS?)
  •  2.3.1 দৈনন্দিন জীৱনত pH গুরুত্ব (Importance of pH in everyday life)
  •  2.4 লৱণ সম্বন্ধীয় আৰু অধিক ধাৰণা (MORE ABOUT SALTS)
  •  2.4.3 খোৱা লৱণৰ পৰা প্ৰস্তুত কৰা ৰাসায়নিক দ্রব্যসমূহ (CHEMICALS FROM COMMON SALT)
  •  2.2.1 জলীয় দ্রৱত এছিড আৰু ক্ষাৰকৰ কি পৰিৱৰ্তন হয় ? (What happens to an acid or a base in a water solution?)
  • 2.3 এছিড বা ক্ষাৰকৰ দ্ৰৱটো কিমান তীব্ৰ ? (HOW STRONG ARE ACID OR BASE SOLUTIONS?)
  •  2.3.1 দৈনন্দিন জীৱনত pH গুরুত্ব (Importance of pH in everyday life)
  •  2.4 লৱণ সম্বন্ধীয় আৰু অধিক ধাৰণা (MORE ABOUT SALTS)
  • 2.4.3 খোৱা লৱণৰ পৰা প্ৰস্তুত কৰা ৰাসায়নিক দ্রব্যসমূহ (CHEMICALS FROM COMMON SALT)
  •   ছ’ডিয়াম হাইড্রক্সাইড (Sodium hydroxide)
  •   ব্লিচিং পাউদাৰ (Bleaching Powder)
  •   বেকিং ছ’’ডা (Baking soda)
  •  কাপোৰ ধোৱা চ’ডা (Washing Soda)
  •   প্লাষ্টাৰ অব পেৰিছ (Plaster of Paris)

এছিড, ক্ষাৰক আৰু লৱন Class 10 Question Answer

SEBA Class 10 Science Chapter 2 Question Answer Assamese Medium (Class 10 এছিড, ক্ষাৰক আৰু লৱন Question Answer) are available here. Students can practice these SEBA Class 10 General Science Chapter 2 Assamese Medium Question Answer, prepared per the SEBA syllabus (2024 – 2025) and NCERT curriculum. All the questions in this SEBA Class 10 Science Chapter 2 Assamese Medium Solutions Notes pdf are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 2 Question Answer (এছিড, ক্ষাৰক আৰু লৱন Class 10 Question Answer) carefully.

Class 10 Science Chapter 2 Assamese Medium Solutions Notes

ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 2 Assamese Medium (Class 10 এছিড, ক্ষাৰক আৰু লৱন Question Answer) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 2 Assamese Medium Solutions Notes খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Science Chapter 2 Question Answer in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

Class 10 Science Chapter 2 Assamese Medium Solution

Looking for a comprehensive guide to Class 10 Science Chapter 2 in Assamese Medium? Our blog post provides a detailed explanation of key concepts in the chapter, helping students grasp essential topics with ease. Along with clear and concise explanations, we’ve also included Class 10 Science Chapter 2 Question Answers in Assamese, tailored to help students prepare effectively for their exams. Whether you’re revising or seeking help with homework, this guide offers the perfect resource for mastering Chapter 2 and acing your Science exam in Assamese Medium.

Class 10 Science Chapter 2 Question Answer in Assamese

Need some help with Class 10 Science Chapter 2 Question Answer in Assamese? You’re in the right place! This post is all about making tough topics easy to understand, with clear explanations and examples. We’ve also got a complete set of Class 10 Science Chapter 2 Assamese Medium, so you can practice and prep without the stress. Whether you’re reviewing for exams or just tackling homework, this guide has everything you need to get ahead.

Leave a Reply