সূচীপত্ৰ
কাৰ্বন আৰু তাৰ যৌগ | |
শ্ৰেণী (Class) | দশম শ্ৰেণীৰ (X) |
বিষয় | বিজ্ঞান (Science) |
পাঠ (Lesson) | কাৰ্বন আৰু তাৰ যৌগ |
অধ্যায় (Chapter) | অধ্যায় 4 |
মাধ্যম (Medium) | অসমীয়া |
ৱেবছাইটৰ নাম | learningassam.com |
Class 10 Science Chapter 4 Assamese Medium Question Answer
ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 4 Assamese Medium Question Answer (Class 10 কাৰ্বন আৰু তাৰ যৌগ Question Answer) আৰু এইবোৰ SEBA Class 10 Science Chapter 4 Question Answer Assamese Medium প্ৰশ্নোত্তৰ SEBA Class 10 Science Chapter 4 Question Answer in Assamese অৰ্থাৎ SEBA Class 10 Science Chapter 4 Exam 2025 ৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 10 Science Chapter 4 Assamese Medium (Class 10 কাৰ্বন আৰু তাৰ যৌগ Question Answer) ৰ আহিব লগা প্ৰশ্নৰ উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। কাৰ্বন আৰু তাৰ যৌগ Class 10 Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে Class 10 Science Chapter 4 Question Answer in Assamese ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-61
Class 10 Science Question Answer Page No 61
1. কাৰ্বন ডাই অক্সাইড (CO2) ৰ ইলেক্ট্ৰন বিন্দু গঠন কি হব?
উত্তৰঃ

2. আঠোটা ছালফাৰ পৰমাণুৰে গঠিত অণুৰ ইলেক্ট্ৰন বিন্দু গঠন কি হব?
উত্তৰঃ

Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-68
Class 10 Science Question Answer Page No 68
1. পেন্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা ?
উত্তৰঃ

2. কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন – যৌগ পাওঁ ?
উত্তৰঃ
(a) চৰ্তুসহযোজ্য়তা
(b)কেটিনেচন
3. চাইক্ল’পেন্টেনৰ সংকেট আৰু ইলেক্ট্ৰনীয় বিন্দু গঠন লিখা।
উত্তৰঃ

4. তলৰ যৌগবোৰৰ গঠন আকি দেখুওৱা-
(a)ইথান’য়িক এছিড
(b)ব্ৰ’ম,পেন্টেন
(c)বিউটান’ন
(d)হেক্সানেল
উত্তৰঃ
(a) ইথান’য়িক এছিড :

(b) ব্ৰ’ম-পেন্টেন:

(c) বিউটান’ন:

(d) হেক্সানেল:

5. তলৰ যৌগবোৰৰ নাম লিখা-

উত্তৰঃ
(i) ব্ৰম’ইথেন
(ii) মিথানল
(iii) হেক্সাইন
Class 10 Science Chapter 4 Assamese Medium Solutions
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-71
Class 10 Science Question Answer Page No 71
1. ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া ?
উত্তৰঃ ইথানলে জাৰক পদাৰ্থৰ পৰা অক্সিজেন গ্ৰহন কৰি ইথানয়িক এছিডলৈ পৰিৱৰ্তন হয়।
CH_3-CH_2OH\xrightarrow{KMnO_4}CH_3COOHইয়াত বিক্ৰিয়ক পদাৰ্থই অক্সিজেন লাভ কৰি বিক্ৰিয়াজাত পদাৰ্থলৈ পৰিৱৰ্তন হৈছে। সেয়ে ই এটা জাৰন বিক্ৰিয়া।
2. লোহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় ?
উত্তৰঃ ইথাইন অসংপৃক্ত যৌগ । লোহা জোৰা দিয়া সময়ত যদি বায়ু ব্যৱহাৰ কৰা হয়, তেতিয়া বায়ুত থকা নাইট্ৰ’জেন আৰু আন পদাৰ্থৰ বাবে অসম্পূৰ্ণ জাৰণ ঘটে আৰু কম তাপৰ সৃষ্টি হয়। যেতিয়া ইথাইনৰ লগত বিশুদ্ধ O_2 , যোগ কৰা হয়, তেতিয়া সম্পূৰ্ণ জাৰণ ঘাটি অধিক তাপ আৰু নীলা শিখাৰ সৃষ্টি হয়। এই তাপ অধিক হোৱাৰ কাৰণে ধাতুৰ গলন ঘটে আৰু লোহা জোৰা দিয়াত সুবিধা হয় ।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-74
Class 10 Science Question Answer Page No 74
1. পৰীক্ষাৰ সহায়ত এলক’হল আৰু কাৰিবক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি ?
উত্তৰঃ দুটা পৰীক্ষানলীত বাইকাৰ্বনেটৰ দ্ৰৱ লৈ এটাত এলকহল আৰু আনটোত কাৰ্বক্সিলিক এছিডৰ দ্রৱৰ লগত মিহলোৱা হ’ল। এতিয়া যিটোত বুৰবুৰণি উৎপন্ন হ’ব সেই দ্ৰৱটো কাৰ্বক্সিলিক এছিড হ’ব আৰু আনটো এলকহল। আকৌ এই দুয়োটা দ্ৰৱত নীল লিটমাছ কাগজ পৃথকে পৃথকে দিওঁ তেন্তে কাৰ্বক্সিলিক এছিডত দিয়াৰ লগে লগে নীলা লিটমাছ ৰঙা হ’ব কিয়নো এছিড়ে নীলা লিটমাছৰ ৰং ৰঙা কৰে। কিন্তু এলকহল দ্ৰাৱত লিটমাছৰ ৰঙৰ পৰিৱৰ্তন নহয়।
2. জাৰক দ্ৰব্য কি?
উত্তৰঃ যি দ্ৰৱ্যই বিক্ৰিয়াত অক্সিজেন প্ৰদান কৰে সেইবোৰ দ্ৰব্যক জাৰক দ্রব্য বোলে। উদাহৰণ স্বৰূপে ক্ষাৰকীয় KMnO_4 পটাছিয়াম পাৰমাংগনেট আৰু K_2Cr_2O_7 পটাছিয়াম ডাইক্ৰ’মেট দুবিধ জাৰক পদাৰ্থ।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-76
Class 10 Science Question Answer Page No 76
1. অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় কব পৰিবানে ?
উত্তৰঃ নোৱাৰিম । কাৰণ অপমাৰ্জকে কোমল বা কঠিন উভয় পানীৰ লগতে ফেন উৎপন্ন কৰে। গতিকে পানী কঠিন নে কোমল ক’ব পৰা টান ।
2. কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে । সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচলাত থুকুছে বা ভৰিৰে গছকে , ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰক (Washing machine) ভৰাই জোকাৰি দিয়ে । কাপোৰ পৰিস্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে ?
উত্তৰঃ লেতেৰা কাপোৰৰ গ্ৰিজ বা তেল জাতীয় কণা থাকে । পানীত তিয়াই চাবোন ঘঁহাৰ লগে লগে তাত মাইছেলি উৎপন্ন হয় । মাইছেলি বা কণাপূঞ্জবোৰে কাপোৰৰ পৃষ্ঠত থকা মালিক আগুৰি ধৰি ৰাখে । যেতিয়া কাপোৰখন পানীত জোকাৰি বা থুকুচি দিয়া হয় , তেতিয়া মালিসহ মাইছেলিবোৰ পানীলৈ যায় আৰু কাপোৰখন পৰিস্কাৰ হৈ পৰে ।
Class 10 Science অনুশীলনী
Class 10 Science Exercise Question Answer
1. ইথেন \left(C_2H_6\right) অনু এটাত –
(a) 6 টা সহজোযী বান্ধনি আছে।
(b) 7 টা সহজোযী বান্ধনি আছে।
(c) 8 টা সহজোযী বান্ধনি আছে।
(d) 9 টা সহজোযী বান্ধনি আছে।
উত্তৰঃ (b) 7 টা সহজোযী বান্ধনি আছে।
2. চাৰিটা কাৰ্বনৰ যৌগ বিউটান’নত থকা কাৰ্য কাৰী মূলক হ’ল –
(a) কাৰ্বক্সিলিক এছিড
(b) এলডিহাইড
(c) কিট’ন
(d) এলকহল
উত্তৰঃ (c) কিট’ন
Class 10 Science Chapter 4 Assamese Medium Notes
3. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত ) ক’লা পৰে কিয়নো –
(a) খাদ্য ভালদৰে নিসিজিল ।
(b) ইন্ধন সম্পূৰ্ণৰূপে দহণ নহয় ।
(c) ইন্ধনটো সিক্ত ।
(d) ইন্ধনটো সম্পূৰ্ণকৈ দহন হয় ।
উত্তৰঃ (b) ইন্ধন সম্পূৰ্ণৰূপে দহণ নহয় ।
Also Read: Class 10 Science Chapter 4 MCQ
4. CH_3Cl ৰ উদাহৰণ লৈ সহযোজী বান্ধনীৰ স্বৰূপ ব্যাখ্যা কৰা।
উত্তৰঃ

ইয়াত কাৰ্বন পৰমাণু , তিনিটা হাইড্ৰ’জেন পৰমাণু আৰু এটা ক্ল’ৰিণ পৰমাণুৰ লগত এযোৰ ইলেকট্ৰ’নৰ ভাগ বতৰা হৈ এক বান্ধনি গঠন কৰি সহযোজী বান্ধনি তৈয়াৰ কৰে |
5. তলত দিয়াবিলাকৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা-
(a) ইথানয়িক এচিড
(b) H_2S
(c)প্ৰপান’ন
(d) F_2
উত্তৰঃ

6. সমগণীয় শ্ৰেণী কাক বোলে? উদাহৰণ দি বুজাই লিখা।
উত্তৰঃ যি শ্ৰেণীৰ যৌগত একে কাৰ্যকাৰী মূলক উপস্থিত থাকে সেই শ্ৰেণীটাক সমগণীয় শ্ৰেণী বোলে |
উদাহৰণ-এলকেন শ্ৰেণীৰ কেইটামান যৌগ, যেনে- মিথেন ( CH_4 ),ইথেন( C_2H_6 ), প্ৰ,পেন ( C_3H_8 ), বিউটেন( C_4H_{10} ), পেন্টেন ( C_5H_{12} ), হেক্সেন ( C_6H_{14} ) l
7. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এছিডৰ পাৰ্থক্য লিখা ।
উত্তৰঃ ভৌতিক ধৰ্মঃ ইথানল সুগন্ধযুক্ত। আনহাতে ইথানয়িক এছিডৰ ভিনেগাৰৰ দৰে গোন্ধ।
ৰাসায়নিক ধৰ্মঃ ইথানলে লিটমাছ দ্রৱৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলাই। আনহাতে, ইথানয়িক এছিড়ে লিটমাছ দ্ৰৱ ৰঙা কৰে।
8.পানীত চাবোন দিলে কিয় ফেন উঠে ? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে ?
উত্তৰঃ পানীত চাবোন দিলে মাইছেল সৃষ্টি হয়। চাবোনৰ অণুবোৰ ৰাসায়নিকভাৱে পৃথক বা স্বকীয় বৈশিষ্ট্যপূৰ্ণ দুটা অংশৰে তৈয়াৰী, এটা জলাকষী মূৰ যিয়ে পানীত দ্ৰৱণীয় আৰু আনটো জলবিকৰ্ষী যিয়ে হাইড্ৰকাৰ্বনত দ্ৰবণীয়। জলপৃষ্ঠ থকা অৱস্থাত চাবোনৰ জলবিকষী পুচ্ছ পানীত দ্ৰৱীভূত নহয় আৰু ধ্ৰুৱীয় মেৰটো পানীত মূৰ কৰি সজ্জিত হয় । সেয়ে পানীত চাবোন দিলে ফেন উঠে। কিন্তু চাবোন যিহেতু ইথানলত দ্রবীভূত হয় গতিকে ই তাত মাইছেল সৃষ্টি কৰিব নোৱাৰে। ফলত ইথানলত ফেন নুউঠে।
Class 10 Science Chapter 4 Assamese Medium Notes
9. প্ৰায় সকলো ক্ষেত্ৰতে কাৰ্বন আৰু ইয়াৰ যৌগ। ইন্ধন হিচাপে ব্যৱহাৰ হয়। কিয় ?
উত্তৰঃ কাৰ্বন আৰু কাৰ্বনৰ যৌগবোৰ দহন কৰিলে CO_2 আৰু যথেষ্ট পৰিমাণে তাপ উৎপন্ন হয়। তাপ উৎপন্ন হোৱা বাবে এইবোৰক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।
10. কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ (Scum) কি দৰে সৃষ্টি হয় । ব্যাখ্যা কৰা ।
উত্তৰঃ চাবোনে কঠিন পানীত ফেনৰ সৃষ্টি কৰিব নোৱাৰে। কঠিন পানীত কেলছিয়াম আৰু মেগনেছিয়ামৰ দ্ৰৱণীয় লৱন থাকে। এই লৱণে কঠিন পানীত থকা কাৰ্বক্সিলিক এছিড মুলকৰ লগত বিক্ৰিয়া কৰি অদ্ৰবণীয় বা অধঃক্ষেপ সৃষ্টি কৰে। ইয়াকে গেদ বোলে।
11. নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা ?
উত্তৰঃ চাবোন পানীত দ্ৰৱীভূত কৰিলে এবিধ তীব্ৰ ক্ষাৰকৰ সৃষ্টি হয়। সেই কাৰণে চাবোনৰ দ্ৰৱণে ৰঙা লিটমাছক নীলা।
12. হাইড্ৰজেনেচন মানে কি? ইয়াৰ ওঁদ্যোগিক প্রয়োগ লিখা।
উত্তৰঃ নিকেলৰ দৰে অনুঘটক আৰু তাপৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ’কাৰ্বনৰ লগত হাইড্ৰজেন যোগ হৈ সংপৃক্ত হাইড্ৰ’কাৰ্বন উৎপন্ন হোৱা প্ৰক্ৰিয়াক হাইড্ৰজেনেচন বোলে। শস্যজাতীয় তেলৰ পৰা নিকেল অনুঘটকৰ উপস্থিতিত বনস্পতি ঘি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় ।
Also Read: Class 10 Science Chapter 11 MCQ
13. তলৰ কোনবিলাকৰ হাইড্ৰ’কাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায় ।
C_2H_6 , C_3H_8 , C_3H_6 , C_2H_2 আৰু CH_4
উত্তৰঃ C_3H_6 , আৰু C_2H_2 যোগাত্মক বিক্ৰিয়া দেখুৱায় ।
14. মাখন (Butter) আৰু খোৱাতেলৰ (Cooking oil) মাজত পাৰ্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বৰ্ণনা কৰা ।
উত্তৰঃ মাখন সংপৃক্ত কাৰ্বন যৌগ হোৱাৰ বিপৰীতে ৰন্ধন তেল অসংপৃক্ত কাৰ্বন যৌগ। অসংপৃক্ত যৌগ ব্ৰমিনৰ ৰং বিচ্ছিন্ন কৰে, আনহাতে সংপৃক্ত যৌগ ব্ৰমিনৰ ৰং বিচ্ছিন্ন কৰিব নোৱাৰে। গতিকে আমি ব্ৰ’মিনৰ দ্বাৰা এটা ৰন্ধন তেল আৰু মাখনৰ মাজত ৰাসায়নিকভাৱে পাৰ্থক্য কৰিব পাৰো। পৃথক পৃথক পৰীক্ষা নলীত লোৱা ৰন্ধন তেল আৰু মাখন অলপত ব্ৰমিন দিয়া হল।
তলত দিয়া ফলাফল সমূহ পোৱা যায়-
(a) ৰন্ধন তেলে ব্ৰমিনৰ ৰং বিচ্ছিন্ন কৰি দেখুৱাই যে ই এটা অসংপৃক্ত যৌগ।
(b)মাখনে ব্ৰমিনৰ ৰং বিচ্ছিন্ন নকৰে যিয়ে দেখুৱাই যে ই এটা সংপৃক্ত যৌগ।
Class 10 Science Chapter 4 Question Answer in Assamese
15. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া (cleaning action) ব্যাখ্যা কৰা।
উত্তৰঃ যেতিয়া লেতেৰা কাপোৰ এখন দ্ৰৱীভূত চাবোন থকা পানীত থোৱা হয়, তেতিয়া মাইচেলত থকা চাবোনৰ অণুৰ হাইড্ৰ’কাৰ্বন মূৰটো লেতেৰা কাপোৰৰ পৃষ্ঠত উপস্থিত তেল বা গ্রীজৰ কণাবোৰৰ লগত লাগি যায়। এইদৰে চাবোনৰ মাইচেলে ইয়াৰ হাইড্ৰ’কাৰ্বনৰ মূৰ ব্যৱহাৰ কৰি তেলীয়া বা তেলীয়া কণাবোৰ আৱদ্ধ কৰি ৰাখে। মাইচেলত থকা চাবোনৰ অণুৰ আয়নিক মূৰবোৰ অৱশ্যে পানীৰ লগত সংলগ্ন হৈ থাকে। যেতিয়া লেতেৰা কাপোৰখন চাবোনৰ দ্ৰৱত লৰচৰ কৰা হয় তেতিয়া ইয়াৰ পৃষ্ঠত উপস্থিত আৰু চাবোনৰ মাইচেলৰ দ্বাৰা আৱদ্ধ হৈ থকা তেলীয়া আৰু তেলীয়া কণাবোৰ পানীত বিয়পি পৰে যাৰ ফলত চাবোনৰ পানী লেতেৰা হয় কিন্তু কাপোৰখন পৰিষ্কাৰ হয়। কাপোৰখন পৰিষ্কাৰ পানীত কেইবাবাৰো ধুই ভালদৰে পৰিষ্কাৰ কৰা হয়।
Important
কার্বনৰ দুটা বহুৰূপ লিখা ।
হীৰা আৰু গ্ৰেফাইট ।
জাৰক দ্ৰব্য কি?
যি দ্ৰৱ্যই বিক্ৰিয়াত অক্সিজেন প্ৰদান কৰে সেইবোৰ দ্ৰব্যক জাৰক দ্রব্য বোলে। উদাহৰণ স্বৰূপে ক্ষাৰকীয় KMnO_4 পটাছিয়াম পাৰমাংগনেট আৰু K_2Cr_2O_7 পটাছিয়াম ডাইক্ৰ’মেট দুবিধ জাৰক পদাৰ্থ।
সমগণীয় শ্ৰেণী কাক বোলে?
যি শ্ৰেণীৰ যৌগত একে কাৰ্যকাৰী মূলক উপস্থিত থাকে সেই শ্ৰেণীটাক সমগণীয় শ্ৰেণী বোলে |
হাইড্ৰজেনেচন মানে কি?
নিকেলৰ দৰে অনুঘটক আৰু তাপৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ’কাৰ্বনৰ লগত হাইড্ৰজেন যোগ হৈ সংপৃক্ত হাইড্ৰ’কাৰ্বন উৎপন্ন হোৱা প্ৰক্ৰিয়াক হাইড্ৰজেনেচন বোলে।
নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা ?
চাবোন পানীত দ্ৰৱীভূত কৰিলে এবিধ তীব্ৰ ক্ষাৰকৰ সৃষ্টি হয়। সেই কাৰণে চাবোনৰ দ্ৰৱণে ৰঙা লিটমাছক নীলা।
পানীত চাবোন দিলে কিয় ফেন উঠে ?
পানীত চাবোন দিলে মাইছেল সৃষ্টি হয়। চাবোনৰ অণুবোৰ ৰাসায়নিকভাৱে পৃথক বা স্বকীয় বৈশিষ্ট্যপূৰ্ণ দুটা অংশৰে তৈয়াৰী, এটা জলাকষী মূৰ যিয়ে পানীত দ্ৰৱণীয় আৰু আনটো জলবিকৰ্ষী যিয়ে হাইড্ৰকাৰ্বনত দ্ৰবণীয়। জলপৃষ্ঠ থকা অৱস্থাত চাবোনৰ জলবিকষী পুচ্ছ পানীত দ্ৰৱীভূত নহয় আৰু ধ্ৰুৱীয় মেৰটো পানীত মূৰ কৰি সজ্জিত হয় । সেয়ে পানীত চাবোন দিলে ফেন উঠে।
Chapter-wise Question Answer
Class 10 Science Chapter 4 Assamese Medium Solutions
- 4.1 কাৰ্বনৰ বন্ধনি—সহযোজী বন্ধনি (BONDING IN CARBON THE COVALENT BOND)
- 4.1.1 কাৰ্বনৰ বহুৰূপতা (allotropes of Carbon)
- 4.2 বহুধাগুণযুক্ত কার্বন (Versatile nature of Carbon)
- 4.2.1 কেটিনেচন (catenation)
- 4.2.1 কাৰ্বনৰ সংপৃত্ত আৰু অসংবৃত্ত যৌগ (Saturated and Unsaturated Compounds of Carbon)
- 4.2.2 শৃংখল শাখা-শৃংখল আৰু বলয়াকাৰ শৃংখল (Chains, Branches and Rings)
- 4.2.3 সমযোজী যৌগ (Structural Isomers)
- 4.2.4 সমগণীয় শ্রেণী (Homologous Series)
- 4.2.5 কাৰ্বন যৌগৰ নামাকৰণ (Nomenclature of Carbon Compounds) :
- 4.3.1 দহন (Combustion)
- 4.3.2 জাৰণ (Oxidation)
- 4.3.3 যোগাত্মক বিক্রিয়া (Addition Reaction)
- 4.3.4 প্ৰতিস্থাপন বিক্রিয়া (Substitution Reaction)
- 4.4.1 ইথানলৰ ধৰ্ম ( Properties of ethanol)
- 4.4.2 ইথানয়িক এছিড ধৰ্ম (Properties of Ethanoic acid)
- 4.5 চাবোন আৰু অপমার্জক (Soap and detergents)
- 4.5.1কণাপুঞ্জ বা মাইছেল (Micelles)
কাৰ্বন আৰু তাৰ যৌগ Class 10 Question Answer
SEBA Class 10 Science Chapter 4 Assamese Medium Question Answer (Class 10 কাৰ্বন আৰু তাৰ যৌগ Question Answer) are available here. Students can practice these SEBA Class 10 Science Chapter 4 Question Answer in Assamese, prepared per the SEBA syllabus (2024 – 2025) and NCERT curriculum. All the questions in this SEBA Class 10 Science Chapter 4 Assamese Medium are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Science Chapter 4 Assamese Medium Solution (কাৰ্বন আৰু তাৰ যৌগ Class 10 Question Answer) carefully.
Class 10 Science কাৰ্বন আৰু তাৰ যৌগ
ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 4 Answer in Assamese (Class 10 কাৰ্বন আৰু তাৰ যৌগ Question Answer) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 4 Assamese Medium Question Answer খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Chapter 4 Question Answer in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।
Class 10 Science Chapter 4 Assamese Medium Solution
Looking for a comprehensive guide to Class 10 Science Chapter 4 in Assamese Medium? Our blog post provides a detailed explanation of key concepts in the chapter, helping students grasp essential topics with ease. Along with clear and concise explanations, we’ve also included Class 10 Science Chapter 4 Question Answers in Assamese, tailored to help students prepare effectively for their exams. Whether you’re revising or seeking help with homework, this guide offers the perfect resource for mastering Chapter 4 and acing your Science exam in Assamese Medium.
Class 10 Science Chapter 4 Question Answer in Assamese
Need some help with Class 10 Science Chapter 4 Question Answer in Assamese? You’re in the right place! This post is all about making tough topics easy to understand, with clear explanations and examples. We’ve also got a complete set of Class 10 Science Chapter 4 Assamese Medium, so you can practice and prep without the stress. Whether you’re reviewing for exams or just tackling homework, this guide has everything you need to get ahead.