Class 9th & 10th Join Now

Home » Class 10 Science Chapter 16 Assamese Medium – প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

Class 10 Science Chapter 16 Assamese Medium – প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা
শ্ৰেণী (Class)দশম শ্ৰেণীৰ (X)
বিষয়বিজ্ঞান (Science)
পাঠ (Lesson)প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা
অধ্যায় (Chapter)অধ্যায় 16
মাধ্যম (Medium)অসমীয়া
ৱেবছাইটৰ নামlearningassam.com

Class 10 Science Chapter 16 Assamese Medium Question Answer

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 16 Assamese Medium Notes (প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Question Answer) আৰু এইবোৰ SEBA Class 10 Science Chapter 16 Question Answer Assamese Medium প্ৰশ্নোত্তৰ SEBA Class 10 Science Chapter 16 Question Answer in Assamese অৰ্থাৎ SEBA Assamese Medium Class 10 Science Chapter 16 Exam 2025 ৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 10 Science Chapter 16 Assamese Medium Question Answer (প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Question Answer) ৰ আহিব লগা প্ৰশ্নৰ উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Class 10 Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 Science Chapter 16 Question Answer in Assamese ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা- 269

Class 10 Science Question Answer Page No 269

1. পৰিৱেশ হিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা ?

উত্তৰঃ পৰিৱেশ হিতৈষী হবলৈ তলত দিয়া অভ্যাস গঢ়ি তুলিব লাগে।
(a) য’তে ত’তে আৱর্জনা পেলাব নালাগে।
(b) ব্যৱহাৰ নকৰা অৱস্থাত বিজুলী বাতি, পাংখা আদি বন্ধ কৰিব লাগে।
(c) খাদ্য অপচয় কৰিব নালাগে।
(d) প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰিব নালাগে ইত্যাদি।


2. ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰা সুবিধা কি হ’ব পাৰে?

উত্তৰঃ ক্ষন্তেকীয়া উদ্দেশ্যেৰে আহৰণ কৰা সম্পদে বৃহৎ সংখ্যক জনসংখ্যাৰ চাহিদা পূৰণ কৰিব পাৰে। এইদৰে আহৰণ কৰা সম্পদে ঔদ্যোগিক আৰু অৰ্থনৈতিক উন্নয়নৰ লগতে পৰিৱেশৰ সংৰক্ষণ কৰিব পাৰে। ক্ষন্তেকীয়া সম্পদ আহৰণে অধিক লাভালাভ দিব পাৰে।


3. সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পাৰ্থক্য কৰিবা?

উত্তৰঃ ক্ষন্তেকীয়া উদ্দেশ্যেৰে আহৰণ কৰা সম্পদে বর্তমান প্ৰজন্মক লাভান্বিত কৰে যদিও পৰৱৰ্তী প্ৰজন্মৰ বাবে প্রয়োজনীয় সম্পদৰ নাটনি কৰে। আনহাতে, দীর্ঘম্যাদী ব্যৱহাৰে বৰ্তমানৰ প্ৰজন্মৰ প্ৰয়োজনীয়তা পুৰণ কৰাৰ লগতে ভৱিষ্যতৰ প্ৰজন্মৰ বাবেও সম্পদ সংৰক্ষণৰ ব্যৱস্থা ৰাখে।

Class 10 Science Chapter 16 Assamese Medium Question Answer


4. সম্পদসমূহৰ সমভাৱে বিতৰণ হ’ব লাগে বুলি কিয় ভাবা? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে ?

উত্তৰঃ সম্পদৰ সমতা বিতৰণে প্ৰতিজন মানুহক সম্পদৰ পৰা নিজৰ অংশ লাভ কৰিবলৈ সক্ষম কৰে আৰু সকলোৰে জীৱনৰ বাবে মৌলিক প্ৰয়োজনীয়তা, যেনে খাদ্য, পানী, আশ্ৰয় ইত্যাদি থকাটো নিশ্চিত কৰে।

আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কাম কৰা শক্তিসমূহৰ ভিতৰত আছে-
(a) সম্পদৰ আঞ্চলিক বিতৰণ (যেনে মাটি আৰু খনিজ পদাৰ্থ)।
(b) কিছুমান মানুহৰ দুৰ্নীতি আৰু লোভ ।
(c) ধনী আৰু দুখীয়াৰ মাজত সম্পদৰ অসমান বিতৰণ।


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা- 273

Class 10 Science Question Answer Page No 273

1. বন আৰু বন্যপ্ৰাণীসমূহক কিয় সংৰক্ষণ কৰিব লাগে?

উত্তৰঃ বন আৰু বন্যপ্ৰাণীৰ সংৰক্ষণে তলত দিয়া ধৰণে সহায় কৰে—
(a) বন আৰু বন্য প্রাণীয়েই হৈছে জৈৱ বিচিত্রতা, জৈৱ-বৈচিত্র্য অটুত ৰাখি পৰিস্থিতি তন্ত্ৰৰ। ভাৰসাম্যত্য ৰক্ষা কৰে।
(b) বৰষুণ বৃদ্ধি আৰু জলবায়ু স্বাভাৱিক কৰি ৰখাত সহায় কৰে।
(c) মানুহ আৰু আন প্ৰাণীৰ খাদ্য আৰু আশ্রয়স্থল যোগানত সহায়ক হয়।
(d) বিয়োজনৰ পিছত ভূমিত পুষ্টি যোগানৰ ক্ষেত্ৰত সহায় কৰে।
(e) ৰাষ্ট্ৰীয় অর্থনৈতিক আৰু সামাজিক বিকাশ সুনিশ্চিত কৰাত সহায় কৰে।


2. বনাঞ্চল সংৰক্ষণ সম্পর্কে মতামত আগবঢ়োৱা।

উত্তৰঃ বনাঞ্চল সংৰক্ষণ অকল চৰকাৰৰে দায়িত্ব নহয় ।জনসাধাৰণৰ সহযোগ অবিহনে বনাঞ্চল সংৰক্ষণ সম্ভৱ নহয়। বহুতো জনগোষ্ঠীয় লোকৰ জীৱন বনাঞ্চলতে প্ৰধানকৈ নিৰ্ভৰশীল। সেয়ে তেনে লোকৰ আর্থ-সামাজিক তথা সাংস্কৃতিক দিশ বর্তাই ৰাখিবলৈ বনাঞ্চলক সুৰক্ষিত কৰিবই লাগিব। বনাঞ্চল সংৰক্ষণৰ বাবে প্ৰথমে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। বনাঞ্চল যে পাৰিপাৰ্শ্বিক পৰিৱেশ সন্তুলন কৰি ৰখাত অপৰিহাৰ্য সেয়া প্ৰত্যেকজন লোকে অনুধাৱন কৰি বনাঞ্চল ধ্বংস ৰোধ কৰি গছ পুলি ৰোপণ কৰিব লাগিব। গছ-গছনি অবিহনে বন্যপ্ৰাণীৰ জীৱনলৈ ভয়ানক সংকট নামি আহিব। বনাঞ্চল সুৰক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে বা এন, জি, অ বোৰে ক্ৰমে শোভাযাত্রা, চাইকেল ৰেলি, বাটৰ নাট আদিৰ দ্বাৰা সৰ্বসাধাৰণক প্ৰকৃতি সুৰক্ষাৰ বাৰ্তা দিব পাৰে।

Class 10 Science Chapter 16 Assamese Medium Notes


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা- 276

Class 10 Science Question Answer Page No 276

1. তোমালোকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবোৰ বিচাৰি উলিওৱা।

উত্তৰঃ পুখুৰী, সৰু সৰু খাল-বিল খান্দি, পানীৰ সংৰক্ষক নিৰ্মাণ কৰি বৰষুণৰ পানী সংৰক্ষণ কৰা হয় ।


2. পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰৰ মজত তুলনা কৰা ।

উত্তৰঃ পাহাৰীয়া অঞ্চলত নদীবোৰত বান্ধ দি পাইপৰ সহায়েৰে পানী সমতল অঞ্চললৈ নিয়া হয়। এইবোৰ অঞ্চলত পানী সংৰক্ষক বনাই বৰষুণৰ পানী সঞ্চয় কৰে। সমতল অঞ্চলত বৰষুণৰ পানী নদী, কৃত্রিম হ্রদ, নিজৰা আদিৰ পৰা পানী ব্যৱহাৰ কৰে।


3. তোমালোকৰ স্থানীয় অঞ্চলৰ পানীৰ উৎসবোৰ বিচাৰি উলিওৱা। সকলো মানুহ বাস কৰা সেই অঞ্চলত পানী প্ৰচুৰ পৰিমাণে পায়নে?

উত্তৰঃ আমাৰ অঞ্চলত থকা পানীৰ উৎসৱোৰ হ’ল – বিল, নদ-নদী, পুখুৰী, দমকল, জান জুৰি অদি। ইয়াৰোপৰি চৰকাৰী পানী যোগান বিভাগেও সময়ে সময়ে পানী যোগান ধৰে। খৰালি কালত পানীৰ কিছু পৰিমাণে নাটনি হয় সেই সময়ত সকলো মানুহে প্ৰচুৰ পৰিমাণে প্ৰয়োজনীয় পানী নাপায়।


Class 10 Science অনুশীলনী

Class 10 Science Exercise Question Answer

1.পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰামৰ্শ আগবঢ়াবা?

উত্তৰঃ পৰামৰ্শবোৰ হৈছে-
(a)পুৰণি বাল্ব ঠাহত CFL ব্যবহাৰ কৰা।
(b) প্ৰয়োজনত গেছ বা বৈদ্যুতিক শক্তিৰ বিপৰীতে সৌৰ শক্তি ব্যৱহাৰ কৰা।
(c) প্লাষ্টিকৰ সামগ্ৰী পুনৰাবৰ্তন কৰি পুনৰ ব্যৱহাৰ কৰা।
(d) পুনৰ ব্যৱহাৰযোগ্য আচবাব ব্যবহাৰ ।


2. পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তোমালোকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিবৰ্তন পৰামৰ্শৰ দিবা।

উত্তৰঃ পৰামৰ্শবোৰ হৈছে-
(a) বৰষুণৰ পানী সংৰক্ষণৰ ওপৰত গুৰুত্ব।
(b) পানী আৰু বিদ্যুতৰ অপচয় ৰোধ কৰাৰ ক্ষেত্ৰত ব্যবস্থা গ্রহণ।
(c) সৌৰ শক্তিৰ ব্যৱহাৰ।
(d) বিদ্যালয় চৌহদত বৃক্ষ ৰোপণ ।

প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Class 10 Question Answer


3. এই অধ্যায়নত আমি দেখিলো বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ আছে। এইবোৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদ ব্যবস্থাপনাৰ বিষয়ে সিদ্ধান্ত ল’ব পৰা কৃৰ্ত্তত্ব থাকিব লাগে? তুমি কিয় তেনেকৈ ভাবা ?

উত্তৰঃ বনাঞ্চল আৰু বন্যপ্ৰাণীৰ চাৰিটা অংশীদাৰ হ’ল- স্থানীয় লোক, বনবিভাগ, ঔদ্যোগপতি আৰু বন্যপ্ৰাণী আৰু প্ৰকৃতিক সচেতন লোক। যিসকল লোক বনাঞ্চলৰ পতি কাষৰীয়া অঞ্চলত বাস কৰে সেইসকল লোকে বন্য আইন মানি চলা উচিত। এইলোকসকলে সেই অঞ্চলৰ হাবিত থকা জীৱ-জন্তুৰ আচৰণ আৰু অৱলম্বন, গছ-গছনিৰ অৱস্থানৰ বিষয়ে জ্ঞাত। গতিকে এইসকল লোকক বনাঞ্চল সুৰক্ষাৰ দায়িত্ব অর্পন কৰিলে এই সম্পদবোৰ সুৰক্ষিত হৈ থাকিব ।


4. তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনার দায়িত্ব লবা-
(a) বন আৰু বন্যপ্ৰাণী
(b) জলসম্পদ
(c) কয়লা আৰু পেট্ৰলিয়াম

উত্তৰঃ (a) বন আৰু বন্যপ্ৰাণী :
(i) জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত মই গুৰুত্ব প্ৰদান কৰিম।
(ii) অন্যায়ভাৱে গছ-গছনি কটা বন্ধ কৰাৰ ব্যৱস্থা লাম।
(iii) বন্য আৰু বন্য প্রাণীক সুৰক্ষা কৰিম।

(b) জল সম্পদ :
(i) ব্যৱহাৰ নকৰা সময়ত পানীৰ টেপ বন্ধ কৰি ৰাখিম।
(ii) কেৱল খোৱাৰ উপযোগী পানীহে ব্যৱহাৰ কৰিম।
(iii) জল সম্পদৰ বিষয়ে মানুহৰ মাজত সজাগতা আনিম আৰু জল প্ৰদূষণৰ ভয়াবহতা মানুহৰ মাজত প্ৰচাৰ কৰিম।

(c) কয়লা আৰু পেট্রলিয়াম :
(i) বিদ্যুৎ ৰাহি কৰিবলৈ CFL ব্যৱহাৰ কৰিম।
(ii) অপ্রয়োজনীয় বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ নকৰোঁ।
(iii) কলয়া আৰু পেট্রলিয়ামৰ সলনি সৌৰ শক্তি আৰু বায়ু শক্তি ব্যৱহাৰ কৰিম। যানবাহনত CNG ব্যৱহাৰ কৰিম।


5. তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা।

উত্তৰঃ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আমি পালন কৰিব লগা কিছুমান পদ্ধতি হ’ল- ইন্ধন ব্য়ৱহৃত পৰিবহণৰ বিকল্প যেনে চাইকেল, আৰু ৰাজহুৱা পৰিবহণৰ ব্যৱহাৰ। পানীৰ বিবেচনাপূৰ্ণ ব্যৱহাৰ আৰু ইয়াৰ অপচয় পৰিহাৰ কৰা। প্ৰাকৃতিক সম্পদৰ চাহিদা হ্ৰাস কৰিবলৈ পুনঃব্যৱহৃত সামগ্ৰী যেনে পুনঃব্যৱহৃত কাগজ আৰু বটলৰ ব্যৱহাৰ। বৈদ্যুতিক হিটাৰৰ পৰিৱৰ্তে সৌৰ শক্তিৰে পানী গৰম কৰা যন্ত্ৰ ব্যৱহাৰ কৰি নবীকৰণযোগ্য সম্পদৰ ব্যৱহাৰক প্ৰসাৰ কৰা।


Class 10 Science অতিৰিক্ত প্ৰশ্নোত্তৰ

1. বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত থকা তিনিটা প্ৰধান সমস্যা উল্লেখ কৰা।

উত্তৰঃ বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত কিছুমান সমস্যাই দেখা দিয়ে, যেনেঃ
(a) পৰিৱেশৰ প্ৰাকৃতিক ভাৰসাম্যতা বিনষ্ট হোৱাৰ সম্ভাৱনা থাকে।
(b) কৃত্ৰিম বান্ধৰ ফলত জলসম্পদৰ অসম বিতৰণ হোৱাৰ বাবে বনভূমিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’ব পাৰে।
(c) নদীবান্ধৰ ফলত কেতিয়াবা স্থানীয় লোকসকলক অন্যস্থানলৈ স্থানান্তৰিত কৰিবলগা হ’ব পাৰে। ফলত বহুত অর্থ আৰু সময়ৰ অপচয় হয়।


2. পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত হ্ৰাসকৰণ, পুনঃচক্ৰীকৰণ আৰু পুনঃব্যৱহাৰৰ গুৰুত্ব কি  লিখা। পৰিৱেশহিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা ?

উত্তৰঃ পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত হ্ৰাসকৰণ, পুনঃচক্ৰীকৰণ আৰু পুনঃব্যৱহাৰ আদি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

(a) হ্রাসকৰণ : প্রকৃতিক ক্ষতি কৰিব পৰা বিভিন্ন দ্ৰৱ্য যেনে প্লাষ্টিকৰ মোনা, ভঙা কাঁচ, বটল, ৰবৰ জাতীয় বস্তু আদিৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগে। ইয়াৰ বিকল্প সামগ্ৰী যেনে : মৰাপাটৰ মোনা, কপাহী সূতাৰে তৈয়াৰ কৰা বস্তু, মাটিৰ পাত্ৰ আদি ব্যৱহাৰ কৰাৰ বাবে আগ্ৰহী হ’ব লাগে।

(b) পুনঃচক্ৰীকৰণ : কিছুমান সামগ্ৰী ব্যৱহাৰৰ উপযোগী হৈ নাথাকিলে, সেইবোৰৰ পুনঃচক্ৰীকৰণৰ জৰিয়তে কেঁচামালৰ পৰিপূৰক সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে কাগজ জাতীয় সামগ্ৰীৰ পুনঃচক্ৰীকৰণ কৰি বাঁহৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি।

(c) পুনঃব্যৱহাৰ : কিছুমান সামগ্রী পেলাই নিদি পুনঃব্যৱহাৰ কৰিব লাগে। যেনেঃ পুৰণি কাপোৰৰ দ্বাৰা পুতলা, বিভিন্ন ধৰণৰ ফুলৰ আৰ্হি, সাধাৰণ ঘৰসজ্জা আদি তৈয়াৰ কৰি ল’ব লাগে।

Class 10 Science Chapter 16 Assamese Medium Question Answer


3. আমি কিয় সম্পদ ব্যৱস্থাপনা কৰিব লাগে?

উত্তৰঃ আমি সম্পদৰ উপযুক্ত ব্যৱস্থাপনা কৰিব লাগে, কাৰণ :
(a) সম্পদৰ উপযুক্ত ব্যৱস্থাপনাই প্রাকৃতিক ভাৰসাম্য অটুট ৰাখে ।
(b) মানুহৰ লগতে অন্যান্য জীৱ আৰু প্ৰাণী প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল। সেয়ে জীৱকুল জীয়াই থাকিবলৈ সম্পদৰ উপযুক্ত ব্যৱস্থাপনা কৰিব লাগে।
(c) প্রাকৃতিক সম্পদৰ সংৰক্ষণে জৈৱ বৈচিত্ৰ অক্ষুন্ন ৰখাত সহায় কৰে।
(d) দেশৰ অৰ্থনৈতিক বুনিয়াদ চলনশীল আৰু শক্তিশালী কৰিবলৈ সম্পদৰ উপযুক্ত ব্যৱস্থাপনা কৰা উচিত।


4. পানী সঞ্চয়ন মানে কি বুজা?

উত্তৰঃ বৰষুণৰ পানী জমা কৰি অধিক ব্যৱহাৰৰ বাবে সংৰক্ষণ কৰাকে পানী সঞ্চয়ন বোলে।


5. পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰৰ মাজত তুলনা কৰা ৷

উত্তৰঃ পাহাৰীয়া অঞ্চলত নদীবোৰত বান্ধ দি পাইপৰ সহায়েৰে অন্য অঞ্চললৈ পানী যোগান ধৰা । সমতল অঞ্চলত পুখুৰী, খাল-বিল, নদী আদিত পানী সঞ্চয় কৰা হয়। মালভূমি অঞ্চলত বৰষুণৰ পানী কৃত্রিম হ্রদ, নিজৰা আদিতত সঞ্চয় কৰা হয়।


Important

পানী সঞ্চয়ন মানে কি বুজা?

বৰষুণৰ পানী জমা কৰি অধিক ব্যৱহাৰৰ বাবে সংৰক্ষণ কৰাকে পানী সঞ্চয়ন বোলে।

ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰা সুবিধা কি হ’ব পাৰে?

ক্ষন্তেকীয়া উদ্দেশ্যেৰে আহৰণ কৰা সম্পদে বৃহৎ সংখ্যক জনসংখ্যাৰ চাহিদা পূৰণ কৰিব পাৰে। এইদৰে আহৰণ কৰা সম্পদে ঔদ্যোগিক আৰু অৰ্থনৈতিক উন্নয়নৰ লগতে পৰিৱেশৰ সংৰক্ষণ কৰিব পাৰে। ক্ষন্তেকীয়া সম্পদ আহৰণে অধিক লাভালাভ দিব পাৰে।

আমি কিয় সম্পদ ব্যৱস্থাপনা কৰিব লাগে?

আমি সম্পদৰ উপযুক্ত ব্যৱস্থাপনা কৰিব লাগে, কাৰণ :
(ক) সম্পদৰ উপযুক্ত ব্যৱস্থাপনাই প্রাকৃতিক ভাৰসাম্য অটুট ৰাখে ।
(খ) মানুহৰ লগতে অন্যান্য জীৱ আৰু প্ৰাণী প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল। সেয়ে জীৱকুল জীয়াই থাকিবলৈ সম্পদৰ উপযুক্ত ব্যৱস্থাপনা কৰিব লাগে।
(গ) প্রাকৃতিক সম্পদৰ সংৰক্ষণে জৈৱ বৈচিত্ৰ অক্ষুন্ন ৰখাত সহায় কৰে।
(ঘ) দেশৰ অৰ্থনৈতিক বুনিয়াদ চলনশীল আৰু শক্তিশালী কৰিবলৈ সম্পদৰ উপযুক্ত ব্যৱস্থাপনা কৰা উচিত।

বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত থকা তিনিটা প্ৰধান সমস্যা উল্লেখ কৰা।

বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত কিছুমান সমস্যাই দেখা দিয়ে, যেনেঃ
(a) পৰিৱেশৰ প্ৰাকৃতিক ভাৰসাম্যতা বিনষ্ট হোৱাৰ সম্ভাৱনা থাকে।
(b) কৃত্ৰিম বান্ধৰ ফলত জলসম্পদৰ অসম বিতৰণ হোৱাৰ বাবে বনভূমিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’ব পাৰে।
(c) নদীবান্ধৰ ফলত কেতিয়াবা স্থানীয় লোকসকলক অন্যস্থানলৈ স্থানান্তৰিত কৰিবলগা হ’ব পাৰে। ফলত বহুত অর্থ আৰু সময়ৰ অপচয় হয়।

Chapter-wise Question Answer

Class 10 Science Chapter 16 Question Answer in Assamese

  • 16.1 আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰিব লাগে ? (WHY DO WE NEED TO MANGAGE OUR RESOURCES?)
  • 16.2 বনাঞ্চল আৰু বন্যপ্রাণী (FORESTS AND WILDLIFE)
  • 16.2.1 অংশীদাৰসমূহ (Stakeholders)
  • 16.2.2 বহনক্ষম ব্যৱস্থাপনা (Sustainable Management )
  • 16.3 সকলোৰে বাবে পানী (WATER FORALL)
  • 16.3.1 নদীবান্ধ (Dams )
  • 16.3.2 পানী সঞ্চয়ন (Water Harvesting)
  • 16.4 কয়লা আৰু পেট্ৰ’লিয়াম (Coal and Petroleum)
  • 16.5 প্রাকৃতিক সম্পদ ব্যৱস্থাপনাৰ এক আভাস (AN OVERVIEW OF NATURAL RESOURCES MANAGEMENT)

Class 10 Science Chapter 16 Assamese Medium Question Answer

SEBA Class 10 Science Chapter 16 Question Answer Assamese Medium (প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Question Answer) are available here. Students can practice these SEBA Class 10 General Science Chapter 16 Question Answer Assamese Medium Notes, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the questions in this SEBA Class 10 Science Chapter 16 Question Answer in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 16 Question Answer (প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Class 10 Question Answer) carefully.

Class 10 Science Chapter 16 Assamese Medium Solution

Looking for a comprehensive guide to Class 10 Science Chapter 16 in Assamese Medium? Our blog post provides a detailed explanation of key concepts in the chapter, helping students grasp essential topics with ease. Along with clear and concise explanations, we’ve also included Class 10 Science Chapter 16 Question Answers in Assamese, tailored to help students prepare effectively for their exams. Whether you’re revising or seeking help with homework, this guide offers the perfect resource for mastering Chapter 16 and acing your Science exam in Assamese Medium.

Class 10 Science Chapter 16 Question Answer in Assamese

Need some help with Class 10 Science Chapter 16 Question Answer in Assamese? You’re in the right place! This post is all about making tough topics easy to understand, with clear explanations and examples. We’ve also got a complete set of Class 10 Science Chapter 16 Assamese Medium, so you can practice and prep without the stress. Whether you’re reviewing for exams or just tackling homework, this guide has everything you need to get ahead.

প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Class 10 Question Answer

ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 16 Answer Assamese Medium Notes (প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Question Answer) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 16 Question Answer Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Chapter 16 Question Answer in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

    Mahfuza
    January 26, 2024

    নদী বান্ধ কি?
    Answer me please🙏

Leave a Reply