Contents
আমাৰ পৰিবেশ | |
শ্ৰেণী (Class) | দশম শ্ৰেণীৰ (X) |
বিষয় | বিজ্ঞান (Science) |
পাঠ (Lesson) | আমাৰ পৰিবেশ |
অধ্যায় (Chapter) | অধ্যায় 15 |
মাধ্যম (Medium) | অসমীয়া |
ৱেবছাইটৰ নাম | learningassam.com |
Class 10 Science Chapter 15 Assamese Medium Question Answer
সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 15 Assamese Medium Notes (আমাৰ পৰিবেশ Question Answer) আৰু এইবোৰ SEBA Class 10 Science Chapter 15 Question Answer Assamese Medium প্ৰশ্নোত্তৰ SEBA Class 10 Science Chapter 15 Question Answer in Assamese অৰ্থাৎ SEBA Assamese Medium Class 10 Science Chapter 15 Exam 2025 ৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 10 Science Chapter 15 Answers Assamese Medium (আমাৰ পৰিবেশ Question Answer) ৰ আহিব লগা প্ৰশ্নৰ উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। আমাৰ পৰিবেশ Class 10 Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 Science Chapter 15 Question Assamese Medium Question Answer ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-257
Class 10 Science Question Answer Page No 257
1. কিছুমান পদাৰ্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিম্নিকৰণ কিয় হয় ?
উত্তৰঃ মানুহে দৈনন্দিন ব্যৱহাৰ কৰা বস্তুবিলাক সাধাৰণতে জৈৱিক আৰু অজৈৱিক হিচাপে বিভক্ত। ইয়াৰে কিছুমান পদাৰ্থ জৈবিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয়। এইবোৰকে জীৱ নিম্নিকৰণ পদাৰ্থ বোলে। কিছুমান পদাৰ্থ জৈবিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন নহয় বাবে এইবোৰক জীৱ অনিম্নিকৰণ পদাৰ্থ বোলে।
2. জীৱ নিম্নিকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা।
উত্তৰঃ জীৱ নিম্নিকৰণ পদাৰ্থবোৰৰ পাচনৰ ফলত এইবোৰৰ পৰা মাখি আদিয়ে বেমাৰৰ বীজাণু কঢ়িয়াই আৰু খাদ্যবস্তুৰ যোগেদি মানুহৰ শৰীৰলৈ গৈ বাহকজনিত ৰোগ বিয়পায়। এই পদাৰ্থবোৰৰ পচনৰ ফলত অসহ্যকৰ গেছ উৎপন্ন কৰে আৰু ফলত বায়ু প্ৰদূষণ হয়।
Class 10 Science Chapter 15 Assamese Medium Notes
3. জীৱ অনিম্নিকৰণ পদাৰ্থই পৰিৱেশত প্রভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা।
উত্তৰঃ জীৱ অনিম্বিকৰণ পদাৰ্থবোৰ হৈছে মানুহে সৃষ্টি কৰা আৱৰ্জনা। এই পদাৰ্থসমূহে পৰিৱেশত তলত দিয়া ধৰণে প্ৰভাৱ পেলায়-
(a) কিছুমান জীৱ অনিম্নিকৰণ পদাৰ্থই মানুহৰ খাদ্য শৃংখলত সোমাই মানুহৰ স্বাস্থ্যৰ অবনতি ঘটায়।
(b) এই পদাৰ্থবোৰে মাটিৰ লগত মিহলি হৈ মাটিৰ উৰ্বৰতা নষ্ট কৰে। এই পদাৰ্থবোৰে অসহ্যকৰ গেছ নিৰ্গমন কৰি বায়ু প্ৰদূষিত কৰে।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-261
Class 10 Science Question Answer Page No 261
1. পৌষ্টিক স্তৰ কি? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা।
উত্তৰঃ এক নিৰ্দিষ্ট সংখ্যক প্ৰাণীৰ মাজত খাদ্য প্ৰবাহেই খাদ্য শৃংখল। ইয়াত খাদ্যৰ পৰিবহণ বিভিন্ন স্তৰত সংঘটিত হয়। এই স্তৰবোৰক পৌষ্টিক স্তৰ বোলে। উদাহৰণস্বৰূপে ঘাঁহনি এডৰা লোৱা হ’ল-
ঘাঁহনি⇒পোক-পৰুৱা⇒মাছ⇒চৰাই
এই শৃংখলটোত ঘাঁহ উৎপাদক হোৱা বাবে ইয়াক প্ৰথম স্তৰত ৰখা হৈছে। মাছ পতংগভোজী হোৱা বাবে ইয়াক তৃতীয় স্তৰত ৰখা হৈছে আৰু চৰাই হ’ল উচ্চ স্তৰৰ মাংসভোজী সেইবাবে ইয়াক চতুৰ্থ স্তৰত ৰখা হৈছে।
Also Read: Class 10 Science Chapter 15 MCQ
2. পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি?
উত্তৰঃ বিয়োজকে অনুজীৱৰ জটিল জৈৱ পদাৰ্থবোৰক আৰু জীবিত প্রট’প্লাজমবোৰ সৰল অণুলৈ ভঙাত সহায় কৰে। এই অনুবোৰ মাটিৰ লগত মিহলি হৈ মাটিৰ গুণাগুণ বৃদ্ধি কৰে এইদৰে বিয়োজকে পৰিৱেশ বিশুদ্ধ কৰে।
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-264
Class 10 Science Question Answer Page No 264
1. অজন কি আৰু ই কোন পৰিস্থিতি তন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায় ?
উত্তৰঃ অজন হ’ল তিনিটা অক্সিজেন পৰমাণুৰে গঠিত গেছ ৷ সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া সংঘটিত হৈ এই গেছৰ সৃষ্টি হয়। পৰিস্থিতি তন্ত্ৰত ইয়াৰ প্ৰভাৱ-
(a) সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিক ই পৃথিৱীত প্ৰৱেশত বাধা দিয়ে। এই বেঙুনীয়া ৰশ্মিয়ে মানুহৰ কৰ্কট ৰোগ সৃষ্টি কৰাৰ লগতে ৰোগৰ প্ৰতিৰোধ ক্ষমতা নোহোৱা কৰে।
(b) অ’জন স্তৰৰ অৱক্ষয়ে গোলকীয় উষ্ণতাৰ ওপৰত প্ৰভাৱ পেলায়।
Class 10 Science Chapter 15 Question Answer in Assamese
2. পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা? ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা।
উত্তৰঃ তলত দিয়া পদ্ধতিৰ সহায়ত পেলনীয়া আৱৰ্জনৰ সমস্যা হ্ৰাস কৰিব পাৰি-
(a) জীৱ অনিম্নিকৰণ পদাৰ্থ যেনে-প্লাষ্টিক, পলিথিন আদিবোৰ যতে ততে পেলাই নাৰাখি এইবোৰ জুলাই দিব লাগে।
(b) জীৱ নিম্নিকৰণ পদাৰ্থবোৰৰ পৰা প্ৰয়োজনীয় জৈৱ গেছ আহৰণৰ বাবে উপযোগী কৰি তোলা দৰকাৰ।
Class 10 Science অনুশীলনী
Class 10 Science Exercise Question Answer
1. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদাৰ্থ আছে?
(a) ঘাহ, ফুল আৰু চামৰা
(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক
(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস
(d) পিঠা, কাঠ আৰু ঘাঁহ
উত্তৰঃ (c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস
2. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে?
(a) ঘাঁহ, ঘেহু আৰু আম
(b) ঘাঁহ, ছাগলী আৰু মানুহ
(c) ছাগলী, গৰু আৰু হাতী
(d) ঘাঁহ, মাছ আৰু মানুহ
উত্তৰঃ (b) ঘাঁহ, ছাগলী আৰু মানুহ
3. তলত উল্লেখ কৰা বিলাকৰ কোনকেইটা পৰিৱেশৰ অনুকূল অভ্যাসৰ অন্তৰ্ভুক্ত?
(a) দোকান বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস
(b) অপ্রয়োজনীয়ভাৱে জ্বলি থকা লাইট বা চলি থকা ফেনৰ চুইচ বন্ধ কৰি ৰখা অভ্যাস।
(c) তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্তে তুমি নিজে খোজ কাঢ়ি যোৱা অভ্যাস।
(d) ওপৰৰ আটাইকেইটা অভ্যাস।
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা অভ্যাস।
আমাৰ পৰিবেশ Class 10 Question Answer
4. কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব?
উত্তৰঃ যদি আমি এটা পৌষ্টিক স্তৰত সকলো জীৱক ধ্বংস কৰি পেলাও, তেন্তে পৰৱৰ্তী স্তৰলৈ খাদ্যৰ যোগান বন্ধ হৈ যাব, যাৰ ফলত পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যহীনতা হ’ব। ফলত উচ্চ পৰ্যায়ৰ জীৱ-জন্তুৰ মৃত্যু হ’ব, যাৰ ফলত নিম্ন পৌষ্টিক স্তৰৰ জীৱ-জন্তু অতিশয় বৃদ্ধি পাব। এই সকলোবোৰে পৰিৱেশ তন্ত্ৰৰ সামগ্ৰিক ভাৰসাম্যত প্ৰভাৱ পেলাব।
5. বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধ্বংস কৰিলে প্ৰত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্রভাৱ পৰিবনে? পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যি কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱ আঁতৰাব পাৰিমনে?
উত্তৰঃ একে প্রভাৱ পৰিব। উৎপাদক ধ্বংস কৰিলে তৃণভোজী প্ৰাণী জীয়াই থাকিব। তৃণভোজী ধ্বংস কৰিলে উৎপাদকৰ পৰিমাণ বাঢ়িব, ফলত মাংসভোজী প্ৰাণীৰ খাদ্যৰ অভাৱ হ’ব। মাংসভোজী ধ্বংস কৰিলে তৃণভোজীৰ পৰিমাণ বাঢ়ি যাব। পৰিস্থিতি তন্ত্ৰৰ যিকোনো এটা স্তৰৰ সকলোবিলাক জীৱ আঁতৰালে পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য বিনষ্ট হ’ব।
Also Read: Class 10 Science Chapter 7 MCQ
6. জৈৱিক বিবর্ধক (Biological Magnification) বুলিলে কি বুজা ? পৰিস্থিতি তন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্রভাৱ বেলেগ বেলেগ হবনে?
উত্তৰঃ জীৱ অনিম্নিকৰণ ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰে ক্রমান্বয়ে খাদ্য শৃংখলৰ বিভিন্ন স্তৰৰ গাঢ়তা বঢ়োৱাকে জৈবিক বিবর্ধক বোলা হয়। এই ৰাসায়নিক পদাৰ্থবোৰৰ গাঢ়তা বেলেগ বেলেগ পুষ্টি স্তৰত বেলেগ বেলেগ হয়। প্ৰথম স্তৰত ইয়াৰ গঢ়তা একেবাৰে কম আৰু শেষৰ স্তৰত ইয়াৰ গাঢ়তা বেচি হয়।
7. আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদাৰ্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হ’ব পাৰে।
উত্তৰঃ আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদাৰ্থীবিলাকৰ পৰা তলত দিয়া সমস্যাবোৰ সৃষ্টি হ’ব পাৰে-
(a) এইবোৰে মাটিৰ গুণাগুণ বিনষ্ট কৰে।
(b) পৰিস্থিতিত ভাৰসাম্য বিনষ্ট কৰে।
(c) পৰিৱেশ প্ৰদূষিত কৰে।
Class 10 Science আমাৰ পৰিবেশ Question Answer
8. আমি সৃষ্টি কৰা আৱৰ্জনা বিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নিকৰণ পদাৰ্থ হয় তেনেহ’লে পৰিৱেশৰ ওপৰত একো প্রভাৱ নপৰাকৈ থাকিবনে?
উত্তৰঃ আমি সৃষ্টি কৰা সকলোবিলাক পদাৰ্থ যদি জীৱ নিম্নিকৰণ পদাৰ্থ হয় তেন্তে এইবোৰে পৰিৱেশৰ ওপৰত খুব কম সময়ৰ বাবে প্ৰভাৱ পেলাব। অণুজীৱৰ ক্ৰিয়া ধীৰ গতিত হোৱা বাবে সামান্য পৰিমাণে, বায়ু আৰু পানী প্ৰদূষিত কৰিব যদিও এই প্ৰদূষণ দীৰ্ঘকালীন নহয়।
Important
পৌষ্টিক স্তৰ কি?
মানুহে দৈনন্দিন ব্যৱহাৰ কৰা বস্তুবিলাক সাধাৰণতে জৈৱিক আৰু অজৈৱিক হিচাপে বিভক্ত। ইয়াৰে কিছুমান পদাৰ্থ জৈবিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয়। এইবোৰকে জীৱ নিম্নিকৰণ পদাৰ্থ বোলে। কিছুমান পদাৰ্থ জৈবিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন নহয় বাবে এইবোৰক জীৱ অনিম্নিকৰণ পদাৰ্থ বোলে।
পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি?
বিয়োজকে অনুজীৱৰ জটিল জৈৱ পদাৰ্থবোৰক আৰু জীবিত প্রট’প্লাজমবোৰ সৰল অণুলৈ ভঙাত সহায় কৰে। এই অনুবোৰ মাটিৰ লগত মিহলি হৈ মাটিৰ গুণাগুণ বৃদ্ধি কৰে এইদৰে বিয়োজকে পৰিৱেশ বিশুদ্ধ কৰে।
জৈৱিক বিবর্ধক (Biological Magnification) বুলিলে কি বুজা ?
জীৱ অনিম্নিকৰণ ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰে ক্রমান্বয়ে খাদ্য শৃংখলৰ বিভিন্ন স্তৰৰ গাঢ়তা বঢ়োৱাকে জৈবিক বিবর্ধক বোলা হয়।
কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব?
যদি আমি এটা পৌষ্টিক স্তৰত সকলো জীৱক ধ্বংস কৰি পেলাও, তেন্তে পৰৱৰ্তী স্তৰলৈ খাদ্যৰ যোগান বন্ধ হৈ যাব, যাৰ ফলত পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যহীনতা হ’ব। ফলত উচ্চ পৰ্যায়ৰ জীৱ-জন্তুৰ মৃত্যু হ’ব, যাৰ ফলত নিম্ন পৌষ্টিক স্তৰৰ জীৱ-জন্তু অতিশয় বৃদ্ধি পাব। এই সকলোবোৰে পৰিৱেশ তন্ত্ৰৰ সামগ্ৰিক ভাৰসাম্যত প্ৰভাৱ পেলাব।
Chapter-wise Question Answer
Class 10 Science Chapter 15 Assamese Medium Question Answer
- 15.1 যদি আমি আৱৰ্জনাবিলাক পৰিৱেশত পেলাই দিওঁ তেতিয়া কি ঘটিব পাৰে? (What Happens when we add our waste to the environment)
- 15.2 পৰিস্থিতি তন্ত্ৰ-ইয়াৰ উপাদানবিলাক কি? (Ecosystem-What are its components?)
- 15.2.1 খাদ্য শৃংখল আৰু জাল ? (Food Chains and Webs)
- 15.3 আমাৰ কাৰ্যকলাপে পৰিবেশক কেনেদৰে প্ৰভাৱান্বিত কৰে ? (How do our activities affect the environment?)
- 15.3.1 অ’জন স্তৰ আৰু ইয়াৰ কেনেকৈ অবক্ষয় ঘটিছে (Ozone Layer and how it is Getting Depleted)
- 15.3.2 আমি উৎপন্ন কৰা আৱৰ্জনাৰ ব্যৱস্থাপনা
Class 10 Science Chapter 15 Question Answer in Assamese
SEBA Class 10 Science Chapter 15 Question Answer in Assamese (আমাৰ পৰিবেশ Question Answer) are available here. Students can practice these SEBA Class 10 Science Chapter 15 Question Answer in Assamese Medium, prepared per the SEBA syllabus (2024 – 2025) and NCERT curriculum. All the questions in this SEBA Class 10 Science Chapter 15 Question Answer in Assamese are designed according to the latest HSLC exam pattern. All the objective questions and their answers are presented here. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 15 Question Answer (আমাৰ পৰিবেশ Class 10 Question Answer) carefully.
Class 10 Science Chapter 15 Assamese Medium Solution
Looking for a comprehensive guide to Class 10 Science Chapter 15 in Assamese Medium? Our blog post provides a detailed explanation of key concepts in the chapter, helping students grasp essential topics with ease. Along with clear and concise explanations, we’ve also included Class 10 Science Chapter 15 Question Answers in Assamese, tailored to help students prepare effectively for their exams. Whether you’re revising or seeking help with homework, this guide offers the perfect resource for mastering Chapter 15 and acing your Science exam in Assamese Medium.
Class 10 Science Chapter 15 Question Answer in Assamese
Need some help with Class 10 Science Chapter 15 Question Answer in Assamese? You’re in the right place! This post is all about making tough topics easy to understand, with clear explanations and examples. We’ve also got a complete set of Class 10 Science Chapter 15 Assamese Medium, so you can practice and prep without the stress. Whether you’re reviewing for exams or just tackling homework, this guide has everything you need to get ahead.
আমাৰ পৰিবেশ Class 10 Question Answer
ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 15 Answer in Assamese (আমাৰ পৰিবেশ Question Answer) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 15 Question Answer Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Chapter 15 Question Answer in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।