Class 10 Science Chapter 14 [প্ৰশ্নোত্তৰ] – শক্তিৰ উৎসসমূহ

Date:

Share post:

শক্তিৰ উৎসসমূহ
শ্ৰেণী (Class)দশম শ্ৰেণীৰ (X)
বিষয়বিজ্ঞান (Science)
পাঠ (Lesson)শক্তিৰ উৎসসমূহ
অধ্যায় (Chapter)অধ্যায় 14
মাধ্যম (Medium)অসমীয়া
ৱেবছাইটৰ নামlearningassam.com

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 14 Assamese Medium (শক্তিৰ উৎসসমূহ Question Answer) আৰু এইবোৰ SEBA Class 10 Science Chapter 14 Question Answer Assamese Medium প্ৰশ্নোত্তৰ SEBA Class 10 Science Chapter 14 Question Answer in Assamese অৰ্থাৎ SEBA Assamese Medium Class 10 Science Chapter 14 Exam 2024 ৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 10 Science Chapter 14 Answers Assamese Medium (শক্তিৰ উৎসসমূহ Question Answer) ৰ আহিব লগা প্ৰশ্নৰ উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। শক্তিৰ উৎসসমূহ Class 10 Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 General Science Chapter 14 Question Answer Assamese Medium ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

SEBA Class 10 Science Chapter 14 Question Answers in Assamese

প্ৰশ্নাৱলীঃ (পৃষ্ঠা-243)

1. শক্তিৰ ভাল উৎস কি ?

উত্তৰঃ শক্তিৰ ভাল উৎস হৈছে-
(a) এই উৎসক সহজে পাব লাগে।
(b) ই পৰিৱেশ হিতৈষী হ’ব লাগে।
(c) এইবোৰ মিতব্যয়ী হ’ব লাগে।
(d) ইয়াক সহজতে সঞ্চয় আৰু পৰিবহণ কৰিব পৰা হ’ব লাগে।
(e) একক আয়তনৰ ভৰত ই যথেষ্ট পৰিমাণে কাৰ্যক্ষম হ’ব লাগে।

2. ভাল ইন্ধন কি?

উত্তৰঃ ভাল ইন্ধনবোৰ হৈছে –
(a) জলনত যথেষ্ট পৰিমাণে তাপ শক্তি উৎপন্ন হ’ব লাগে।
(b) সহজতে, কম দামত পোৱা হ’ব লাগে।
(c) জ্বলোৱাৰ সময়ত হানিকাৰক গেছ উৎপন্ন হ’ব নালাগে।
(d) দহনৰ পিছত ছাই আদিৰ দৰে অৱশিষ্ট থাকিব নালাগে।

3. যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো ব্যৱহাৰ কৰিবা। আৰু কিয় ?

উত্তৰঃ এই ক্ষেত্ৰত আমি তৰলীকৃত পেট্ৰালিয়াম গেছ ব্যৱহাৰ কৰিম। কিয়নো-
(a) ইয়াৰ কেলৰিমান অধিক, আৰু উৎপন্ন তাপৰ পৰিমাণ বেছি।
(b) দহনত ধোৱাৰ সৃষ্টি নহয় আৰু হানিকাৰক গেছৰ উৎপন্ন নকৰে।
(c) পৰিবহণত অধিক সুবিধা।
(d) ই মিতব্য়য়ী।

প্ৰশ্নাৱলীঃ (পৃষ্ঠা-248)

1. জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি?

উত্তৰঃ জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ হ’ল-
(a) এইবোৰ অনবীকৰণযোগ্য। সেয়েহে এইবোৰ প্ৰকৃতিৰ বুকুৰ পৰা নাইকীয়া হৈ যাব পাৰে।
(b) এইবোৰ ইন্ধন জ্বলালে উৎপন্ন হোৱা নাইট্ৰজেন, ছালফাৰ আৰু কাৰ্বনৰ অম্নিক অক্সাইডে বায়ু প্ৰদূষণ কৰে।
(c) জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত কাৰ্বন-ডাই-অক্সাইড উৎপন্ন হয়।

2. আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয়?

উত্তৰঃ শক্তিৰ মূল উৎস হৈছে জীৱাশ্ম ইন্ধন আৰু এইবোৰ সীমিত। এটা সময়ত এইবোৰ নিঃশেষ হৈ যাব। ইয়াৰোপৰি জীৱাশ্ম ইন্ধন দহন কৰিলে বায়ু প্ৰদূষিত হয়। সেইবাবে আমি শক্তিৰ বিকল্প উৎস বিচাৰো।

3. আমাৰ সুবিধাৰ বাবে বায়ু আৰু জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিৱৰ্তন অনা হৈছে ?

উত্তৰঃ আমাৰ সুবিধাৰ বাবে বায়ুশক্তিক ব্যৱহাৰৰ উপযোগীকৈ বায়ুকল আৰু জশক্তিৰ পৰা বিদ্যুৎ শক্তি উৎপন্ন কৰাত গুৰুত্ব দিয়া হৈছে। বায়ুকল এটাত ডাঙৰ বিজুলী পাংখাৰ দৰে এক গঠন থাকে, যাক কিছু উচ্চতাত এক দৃঢ় আধাৰৰ ওপৰত স্থাপন কৰা হয়। বতাহৰ গতি শক্তিক বায়ুকলৰ দ্বাৰা আৱদ্ধ কৰি তাৰ সহায়ত বায়ুকলৰ পাংখা ঘুৰোৱা হয় আৰু এই ঘূৰ্ণন গতিয়ে টাৰ্বাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰে। একেদৰে নদীত সুউচ্চ বান্ধ নিৰ্মাণ কৰি নদীৰ পানীক ভেটা দিয়া হয় আৰু এনেদৰে বৃহৎ জলঘৰত পানী সংগ্ৰহ কৰা হয়। পানীৰ স্তৰ ওপৰলৈ উঠাৰ ফলত বোৱতী পানীৰ গতি শক্তি স্থিতি শক্তিলৈ পৰিৱৰ্তিত হয়। বান্ধৰ পৰা পানী পাইপেৰে বোৱাই নি বান্ধৰ তলফালে থকা টাৰ্বাইললৈ নিয়া হয়। এনেদৰে জলশক্তি দ্বাৰা বান্ধবোৰত ব্যৱহাৰ কৰা টাৰ্বাইন ঘুৰোৱা হয় আৰু এনেকৈ বিদ্যুৎ উৎপাদন হয়।

SEBA Class 10 Science Ch 14 Question Assamese Medium

প্ৰশ্নাৱলীঃ (পৃষ্ঠা-253)

1. কোন ধৰণৰ দাপোণ—অৱতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট? কিয়?

উত্তৰঃ অবতল দাপোণ সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট। কাৰণ অৱতল দাপোণে যথেষ্ট পৰিমাণে সূৰ্যৰ পোহৰৰ ৰশ্মি প্ৰতিফলন কৰিব পাৰে আৰু ফ’কাছত যথেষ্ট পৰিমাণে তাপ শক্তি উৎপন্ন কৰে।

2. মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি?

উত্তৰঃ মহাসমুদ্ৰৰ পৰা পোৱা শক্তিৰ সীমাবদ্ধতা হল-

(a) জোৱাৰ ভাটাৰ পৰা পোৱা শক্তি স্থিৰ নহয়। কাৰণ পৃথিৱীৰ খুব কম সংখ্যক ঠাইতহে জোৱাৰৰ পৰা শক্তি লাভ কৰাৰ বাবে সাগৰত বান্ধ দিব পৰা যায়।

(b) ঢৌৰ পৰা আহৰণ কৰা শক্তি সকলো ঠাইতে একে নহয়। যিবিলাক ঠাইত ঢৌৰ তীব্ৰতা যথেষ্ট বেছি সেইবোৰ ঠাইতহে বেছি পৰিমাণে শক্তি আহৰণ হয়।

(c) সাগৰীয়া, শক্তিৰ বিভৱ বহুত বেছি হ’লেও ব্যৱসায়িক ক্ষেত্ৰত এইবোৰৰ ব্যৱহাৰ সীমিত।

3. তাপীয় শক্তি কি?

উত্তৰঃ ভূ-পৃষ্ঠৰ অভ্যন্তৰত শিলাস্তৰৰৰ পৰা শিলবোৰ ঠেকা খাই ওপৰলৈ উঠি আহি উষ্ণ অঞ্চল গঠন কৰে আৰু ভূ- গৰ্ভৰ পানী এই অঞ্চলবোৰলৈ আহিলে বাষ্পলৈ ৰূপান্তৰিত হয়। এই বাষ্প পাইপৰ জৰিয়তে টাৰ্বাইনলৈ আনি বিদ্যুৎশক্তি উৎপাদনৰ ব্যৱস্থা কৰা হয়। ইয়াক তাপীয় শক্তি বোলে।

4. নিউক্লীয় শক্তিৰ সুবিধাসমূহ কি কি?

উত্তৰঃ নিউক্লীয় শক্তিৰ সুবিধাসমূহ হ’ল-
(ক) কম পৰিমাণৰ নিউক্লীয়াচৰ পৰাই প্ৰচুৰ পৰিমাণে শক্তি পাব পাৰি।
(খ) প্ৰকল্পৰ ৰিয়েক্টৰত এবাৰত নিউক্লীয় ইন্ধন ভৰালে ই অবিৰতভাৱে বহু দিনলৈ শক্তি উৎপাদন কৰি থাকে।
(গ) প্ৰদূষণৰ মাত্ৰা অতি কম।

প্ৰশ্নাৱলীঃ (পৃষ্ঠা-253)

1. শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ’ব পাৰেনে? কিয় পাৰে বা কিয় নোৱাৰে?

উত্তৰঃ নোৱাৰে। কিয়নো কোনো উৎসই প্ৰদূষণমুক্ত নহয়। যিকোনো শক্তিৰ উৎসৰ
ব্যৱহাৰে কিবা নহয় কিবা প্ৰকাৰে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়, কেৱল মাত্ৰ
উৎসভেদে প্ৰদূষণৰ মাত্ৰা আৰু প্ৰকৃতি ভিন্ন হয়।

2. ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰজেন ব্যৱহাৰ হয়। হাইড্ৰজেনক চি এন জি (CNG)তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি ? কিয় কৰিবা বা কিয় নকৰা ?

উত্তৰঃ হাউড্রজেনক চি এন জি(CNG)তকৈ অধিক পৰিষ্কাৰ বুলি ধৰা হয়। কাৰণ চি এন জি(CNG)ত হাইড্ৰ’কাৰ্বন থাকে কাৰ্বন হৈছে চি এন জি(CNG)ত থকা এক প্ৰকাৰৰ প্ৰদূষক ।আনহাতে হাইড্ৰ’জেন প্ৰদূষণমুক্ত, হাইড্ৰ’জেনৰ সংযোজনত কোনো ধৰণৰ প্ৰদূষক উৎপন্ন নহয়। সেয়েহে ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰজেন চি এন জি(CNG)তকৈ পৰিষ্কাৰ বুলি গণ্য কৰা হয়।

প্ৰশ্নাৱলীঃ (পৃষ্ঠা-254)

1. তুমি নবীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা।তোমাৰ পছন্দৰ কাৰণ দশোৱা।

উত্তৰঃ নবীকৰণযোগ্য দুটা উৎসৰ নাম হ’ল
(i) বায়ু শক্তি (ii) সৌৰ শক্তি।
কাৰণ এই শক্তিসমূহ যথেষ্ট পৰিমাণে আহৰণ কৰাৰ উপৰিও পুনঃব্যৱহাৰ কৰিব পাৰি।

2. তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তোমাৰ পছন্দৰ কাৰণ দশোৱা।

উত্তৰঃ ক্ষয়িষ্ণু বুলি বিবেচনা কৰা দুটা উৎসৰ নাম হ’ল-

(i) পেট্ৰলিয়াম আৰু (ii) কয়লা।

কয়লা আৰু পেট্ৰলিয়ামক ক্ষয়িষ্ণু বুলি বিবেচনা কৰা হয়। কিয়নো জীৱাশ্ম ইন্ধনসমূহ উৎপন্ন হ’বলৈ নিযুত নিযুত বছৰৰ প্ৰয়োজন হয়। এইবোৰ ইন্ধনৰ পৰিমাণ সীমিত৷ এই ইন্ধনৰ এবাৰ নিঃশেষ হৈ গ’লে কম সময়তে ঘূৰাই পোৱা নাযায়।

Class 10 Science Chapter 14 Question Answer Assamese Medium

অনুশীলনী

1. পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা-

(a) ৰৌদ্ৰোজ্জ্বল দিন

(b) ডাৱৰীয়া দিন

(c) গৰম দিন।

(d)বতাহে কোবোৱা দিন।

উত্তৰঃ (b) ডাৱৰীয়া দিন।

2. তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় ?

(a) খৰি

(b) গোবৰ গেছ

(c) নিউক্লীয় শক্তি

(d) কয়লা।

উত্তৰঃ (c) নিউক্লীয় শক্তি।

3. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎস শক্তি হ’ল সঞ্চিত সৌৰ শক্তি।তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় ?

(a) ভূ-তাপীয় শক্তি

(b) বায়ুশক্তি

(c) নিউক্লীয় শক্তি

(d) জৈৱ উপাদান।

উত্তৰঃ (c) নিউক্লীয় শক্তি।

4. শক্তি প্রত্যক্ষ উৎস হিচাপে জীবাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা।

উত্তৰঃ (a) জীৱাশ্ম ইন্ধনবোৰ সীমিত আৰু ইহঁত নবীকৰণযোগ্য নহয়। আনহাতে, সৌৰ শক্তি কেতিয়াও শেষ নহয় আৰু ই নবীকৰণযোগ্য।

(b) জীৱাশ্ম ইন্ধন দহনে বায়ু প্ৰদূষণৰ সৃষ্টি কৰে। আনহাতে, সৌৰ শক্তি প্ৰদূষণমুক্ত।

(c) জীৱাশ্ম ইন্ধনৰ বাবে বাৰে ব্যয় কৰিব লগা হয়। আনহাতে সৌৰ শক্তিত এবাৰেই ব্যয় হয়।

(d) জীৱাশ্ম ইন্ধন সকলো সময়তে পাব পাৰি কিন্তু বতৰ ডাৱৰীয়া থাকিলে সৌৰশক্তি পাব নোৱাৰি।

5. শক্তিৰ উৎস হিচাপে জৈৱ উপাদান জলবিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা।

উত্তৰঃ (a) জৈব উপাদান কৃষি আৱৰ্জনৰ পৰা উৎপন্ন হয়। আনহাতে জলবিদ্যুৎ গতিশীল পানীৰ পৰা উৎপাদন কৰা হয়।

(b) জৈৱ উপাদানত জৈৱ গেছৰ পাম স্থাপন কৰিব লগা হয় কিন্তু জলবিদ্যুতত বান্ধ নিৰ্মাণ কৰিব লগা হয়।

(c) জৈৱ উপাদান অতি মিতব্যয়ী আনহাতে জলবিদ্যুৎ ব্যয়বহুল।

Class 10 Science Chapter 14 শক্তিৰ উৎসসমূহ Question Answer

6. তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি?

(a) বতাহ

(b) তৰংগ

(c) জোৱাৰ ভাটা

উত্তৰঃ (a) বতাহৰ পৰা শক্তি আহৰণৰ সীমাবদ্ধতা :

(i) ই বায়ুৰ প্ৰবাহৰ ওপৰত নিৰ্ভৰশীল।

(ii) বায়ুপ্ৰবাহ থকা অঞ্চলতহে উৎপাদন কৰিব পাৰি।

(iii) ই ব্যয়বহুল আৰু সঞ্চয়ৰ অযোগ্য।

(b) তৰংগৰ পৰা শক্তি আহৰণৰ সীমাবদ্ধতা :

(i) সমুদ্ৰত অত্যধিক ঢৌ থাকিলেহে এই শক্তি আহৰণ কৰিব পাৰি।

(ii) উপক্লীয় অঞ্চলতহে এই শক্তি আহৰণ সম্ভব।

(iii) ই যথেষ্ট ব্যয়বহুল।

(c) জোৱাৰ-ভাটাৰ পৰা শক্তি আহৰণৰ সীমাবদ্ধতা :

(i) উৎপাদিত শক্তিৰ পৰিমাণ কম।

(ii) ইয়াৰ বাবে বান্ধ নিৰ্মাণ কৰা ঠাই অতি সীমিত৷

(iii) ই অতি ব্যয়বহুল।

(iv) সকলো সময়তে এই শক্তি উৎপাদন কৰিব নোৱাৰি।

7. কি আধাৰত শক্তিৰ সমূহ-

(a) নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য

(b) ক্ষয়িষ্ণু যোৱা আৰু অক্ষয়িষ্ণু বুলি শ্ৰেণীভুক্ত কৰিবা ? (a) আৰু (b) ত উল্লেখ কৰা বাছনি একেই নে?

উত্তৰঃ (a) নবীকৰণযোগ্য শক্তিৰ উৎসসমূহ প্ৰকৃতিত অবিৰতভাৱে উৎপন্ন হৈ থাকে। যেনে-সৌৰ শক্তি, বায়ু শক্তি, জলশক্তি ইত্যাদি। আনহাতে, অনবীকৰণযোগ্য শক্তি গঠন হওঁতে নিযুত নিযুত বছৰৰ প্ৰয়োজন আৰু ই শেষ হলে কম সময়ৰ ভিতৰত ঘূৰাই পোৱা নাযায়।

(b) সীমিত শক্তিৰ উৎসক ক্ষয়িষ্ণু শক্তিৰ উৎস বোলে। যেনে-কয়লা, পেট্রলিয়াম, প্রাকৃতিক গেছ আদি। আনহাতে, যি শক্তি সহজে বা কেতিয়াও শেষ হৈ নাযায় তেনেবোৰ শক্তিক অক্ষয়িষ্ণু শক্তিৰ উৎস বোলে। যেনে- বায়ু শক্তি, জলশক্তি আদি সেয়েহে (a) আৰু (b)ত উল্লেখ কৰা বাছনি একে ।

8. এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ কি কি?

উত্তৰঃ এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ হ’ল-

(a) এটা আদৰ্শগত ইন্ধনৰ দহনৰ ফলত প্ৰতি একক ভৰত যথেষ্ট তাপ শক্তি উৎপন্ন হয়।

(b) এইবোৰ মিতব্যয়ী আৰু সহজে পোৱা যায়।

(c) এইবোৰ সহজে পৰিবহণ কৰিব পাৰি।

(d) এই ইন্ধন দহনত ক্ষতিকাৰক গেছৰ সৃষ্টি নহয় আৰু বায়ু প্ৰদূষণ নহয়।

9. সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি ? এনে স্থান আছেনে য’ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত?

উত্তৰঃ সৌৰ চুলাৰ সুবিধাসমূহ হ’ল-

(a) ই প্ৰদূষণ মুক্ত।

(b) ইয়াত কোনো ধৰণৰ ইন্ধনৰ প্ৰয়োজন নহয়।

(c) ই মিতব্যয়ী আৰু সহজে ব্যৱহাৰ কৰিব পৰা বিধৰ।

সৌৰ চুলাৰ অসুবিধাসমূহ-

(a) ৰাতি বা ডাৱৰীয়া বতৰত ইয়াক ব্যৱহাৰ কৰিব নোৱাৰি।

(b) খাদ্য প্ৰস্তুত কৰাত বহুত সময়ৰ দৰকাৰ হয়।

পৃথিৱীৰ সকলো ঠাইতে সৌৰ কুকাৰ ফলপ্ৰসুভাৱে ব্যৱহাৰ কৰিব পৰা নাযায়। বিশেষকৈ যিবোৰ অঞ্চলত বেছি বৰষুণ হয় আৰু সূৰ্যৰ পোহৰ কমকৈ পৰে। যেনে- মেৰু অঞ্চলত এইবোৰ ব্যৱহাৰ কৰিব নোৱাৰি।

10. পৰিৱেশৰ ওপৰত শক্তিৰ বদ্ধিত চাহিদাৰ প্রভাৱ কি কি? শক্তি ব্যয় হাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিবা।

উত্তৰঃ শক্তি বৰ্ধিত চাহিদাৰ ফলত জীবাশ্ম ইন্ধনৰ ব্যৱহাৰ অতিমাত্ৰা হয়। ইয়াৰ ফলত বায়ু প্ৰদূষণ হৈছে। জলবিদ্যুৎ উৎপন্ন কৰিবৰ বাবে নিৰ্মাণ কৰা নদীবান্ধসমূহে পৰিস্থিতি তন্ত্ৰৰ প্ৰতিকূল প্ৰভাৱ পেলায়। নিউক্লীয় শক্তি প্ৰকল্প তেজস্ক্ৰিয় প্ৰদূষণৰ মূল কাৰণ। এনে প্ৰকল্পৰ পৰা নিৰ্গত বিকিৰণ পৰিৱেশ বিনষ্ট কৰে।

শক্তিৰ ব্যয় কমোবাৰ বাবে শক্তিৰ নবীকৰণ অযোগ্য উৎসৰ ব্যৱহাৰ যথোচিত হ’ব লাগে। শক্তিৰ নবীকৰণযোগ্য উৎস যেনে-সৌৰশক্তি, বতাহশক্তি, জৈৱ ভৰৰ শক্তি আদি ব্যৱহাৰ কৰিব লাগে, পানীৰ টেপ ব্যৱহাৰৰ পিছত বন্ধ কৰিব লাগে। খাদ্য ৰন্ধাৰ বাৰে প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰি শক্তি ৰাহি কৰিব পাৰি।

Science Question Answer

Science MCQ

Important

তাপীয় শক্তি কি?

ভূ-পৃষ্ঠৰ অভ্যন্তৰত শিলাস্তৰৰৰ পৰা শিলবোৰ ঠেকা খাই ওপৰলৈ উঠি আহি উষ্ণ অঞ্চল গঠন কৰে আৰু ভূ- গৰ্ভৰ পানী এই অঞ্চলবোৰলৈ আহিলে বাষ্পলৈ ৰূপান্তৰিত হয়। এই বাষ্প পাইপৰ জৰিয়তে টাৰ্বাইনলৈ আনি বিদ্যুৎশক্তি উৎপাদনৰ ব্যৱস্থা কৰা হয়। ইয়াক তাপীয় শক্তি বোলে।

আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয়?

শক্তিৰ মূল উৎস হৈছে জীৱাশ্ম ইন্ধন আৰু এইবোৰ সীমিত। এটা সময়ত এইবোৰ নিঃশেষ হৈ যাব। ইয়াৰোপৰি জীৱাশ্ম ইন্ধন দহন কৰিলে বায়ু প্ৰদূষিত হয়। সেইবাবে আমি শক্তিৰ বিকল্প উৎস বিচাৰো।

শক্তিৰ ভাল উৎস কি ?

শক্তিৰ ভাল উৎস হৈছে-
(a) এই উৎসক সহজে পাব লাগে।
(b) ই পৰিৱেশ হিতৈষী হ’ব লাগে।
(c) এইবোৰ মিতব্যয়ী হ’ব লাগে।

Class 10 Assamese Medium Science Chapter 14 Question Answer

  • 14.1 শক্তিৰ ভাল উৎস কি (What is a good source of energy?)
  • 14.2 পৰম্পৰাগত শক্তিৰ উৎস : (Conventional Source of Energy)
  • 14.2.1 জীৱাশ্মজাত ইন্ধন : (Fossil Fuel)
  • 14.2.2 তাপভিত্তিক শক্তি প্রকল্প (Thermal Power plant)
  • 14.2.3 জলশক্তি প্রকল্প (Hydro Power Plant)
  • 14.2.4 পৰম্পৰাগত শক্তিৰ উৎসমূহৰ ব্যৱহাৰৰ বাবে প্ৰযুক্তি বিদ্যাৰ বিকাশ (Improvement in the technology for using conventional sources of energy)
  • 14.3. বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎস (ALTERNATIVE CONVENTIONAL SOURCE OF ENERGY)
  • 4.3.1 সৌৰ শক্তি (Solar Energy)
  • 14.3.2 সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি (Energy from the Sea)
  • 14.3.3 ভূ-তাপীয় শক্তি (Geothermal Energy)
  • 14.3.4 নিউক্লীয় শক্তি (Nuclear Energy)
  • 14.4 পৰিবেশৰ ওপৰত প্ৰভাৱ (ENVIRONMENTAL CONSEQUENCES)
  • 14.5 শক্তিৰ উৎস এটা কিমান দিনলৈ টিকি থাকিব (HOW LONG WILL AN ENERGEY SOURCE LAST US?)

Class 10 Science Chapter 14 Question Answer Assamese Medium

SEBA Class 10 Science Chapter 14 Question Answer Assamese Medium (শক্তিৰ উৎসসমূহ Question Answer) are available here. Students can practice these SEBA Class 10 General Science Chapter 14 Question Answer Assamese Medium, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the questions in this SEBA Class 10 Science Chapter 14 Question Answer in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 14 Question Answer (শক্তিৰ উৎসসমূহ Class 10 Question Answer) carefully.

শক্তিৰ উৎসসমূহ Class 10 Question Answer

ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 14 Answer in Assamese (শক্তিৰ উৎসসমূহ Question Answer) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 14 Question Answer Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Chapter 14 Question Answer in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

Mahibul Islam
Mahibul Islamhttp://learningassam.com
Mahibul Islam is the founder of Learning Assam, a educational website. Mahibul's expertise SEO, website development and digital marketing making him a pivotal figure in the industry.

Similar Class

Class 10 Science Chapter 16 [প্ৰশ্নোত্তৰ] – প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

প্ৰশ্নাৱলীঃ (পৃষ্ঠা-269)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-273)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-276)অনুশীলনীঅতিৰিক্ত প্ৰশ্নোত্তৰপ্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনাশ্ৰেণী (Class)দশম শ্ৰেণীৰ (X)বিষয়বিজ্ঞান (Science)পাঠ (Lesson)প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনাঅধ্যায় (Chapter)অধ্যায় 16মাধ্যম (Medium)অসমীয়াৱেবছাইটৰ নামlearningassam.comসকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম।...

Class 10 Science Chapter 15 [প্ৰশ্নোত্তৰ] – আমাৰ পৰিবেশ

Contentsপ্ৰশ্নাৱলীঃ (পৃষ্ঠা-257)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-261)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-264)অনুশীলনীআমাৰ পৰিবেশশ্ৰেণী (Class)দশম শ্ৰেণীৰ (X)বিষয়বিজ্ঞান (Science)পাঠ (Lesson)আমাৰ পৰিবেশঅধ্যায় (Chapter)অধ্যায় 15মাধ্যম (Medium)অসমীয়াৱেবছাইটৰ নামlearningassam.comসকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি...

Class 10 Science Chapter 13 [প্ৰশ্নোত্তৰ] – বিদ্যুৎ–প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

প্ৰশ্নাৱলীঃ (পৃষ্ঠা-224)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-228)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-229)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-231)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-233)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-236)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-237)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-238)অনুশীলনীবিদ্যুৎ–প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াশ্ৰেণী (Class)দশম শ্ৰেণীৰ (X)বিষয়বিজ্ঞান (Science)পাঠ (Lesson)বিদ্যুৎ–প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াঅধ্যায়...

Class 10 Science Chapter 12 [প্ৰশ্নোত্তৰ] – বিদ্যুৎ

Contentsপ্ৰশ্নাৱলীঃ (পৃষ্ঠা-200)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-202)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-209)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-213)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-216)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-218)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-220)অনুশীলনীবিদ্যুৎশ্ৰেণী (Class)দশম শ্ৰেণীৰ (X)বিষয়বিজ্ঞান (Science)পাঠ (Lesson)বিদ্যুৎঅধ্যায় (Chapter)অধ্যায় 12মাধ্যম (Medium)অসমীয়াৱেবছাইটৰ নামlearningassam.comসকলো ছাত্ৰ-ছাত্ৰীক...

LEAVE A REPLY

Please enter your comment!
Please enter your name here

error: Content is protected !!