Class 9th & 10th Join Now

Home » Class 10 Science Chapter 12 Assamese Medium – বিদ্যুৎ

Class 10 Science Chapter 12 Assamese Medium – বিদ্যুৎ

বিদ্যুৎ
শ্ৰেণী (Class)দশম শ্ৰেণীৰ (X)
বিষয়বিজ্ঞান (Science)
পাঠ (Lesson)বিদ্যুৎ
অধ্যায় (Chapter)অধ্যায় 12
মাধ্যম (Medium)অসমীয়া
ৱেবছাইটৰ নামlearningassam.com

Class 10 Science Chapter 12 Assamese Medium Question Answer

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 12 Assamese Medium Question Answer (বিদ্যুৎ Question Answer) আৰু এইবোৰ SEBA বিদ্যুৎ Class 10 Short Question Answer অতিকৈ দৰকাৰি SEBA Class 10 Science Chapter 12 Question Answer in Assamese অৰ্থাৎ SEBA Assamese Medium Class 10 Science Chapter 12 Exam 2025 ৰ বাবে। SEBA Class 10 Science Chapter 12 Assamese Medium Solutions (বিদ্যুৎ Question Answer) ৰ আহিব লগা প্ৰশ্নৰ উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। লগতে বিদ্যুৎ Class 10 অনুশীলনী প্ৰশ্নোত্তৰ সমূহ ইয়াত সংযোগ কৰা হৈছে। অধ্যায়-12 বিদ্যুৎ Class 10 Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 Science Chapter 12 Question Answer Assamese Medium ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-200

Class 10 Science Question Answer Page No 200

1. এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা ?

উত্তৰঃ বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৈদ্যুতিক বৰ্তনী বোলে।


2. প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া।

উত্তৰঃ কোনো এক পৰিবাহীৰ যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে 1 ছেকেণ্ড সময়ত 1 কুলম্ব আধানৰ প্ৰবাহক এক এম্পিয়াৰ বুলি কোৱা হয়।


3. এক কুলম্ব আধান হ’বলৈ প্ৰয়োজন হোৱা ইলেকট্ৰন সংখ্যা গণনা কৰা।

উত্তৰঃ এটা ইলেক্ট্ৰনৰ আধানৰ মান হ’ল,

q_e=1.6\times10^{-19}C

আমি জানো যে, 

Q=nq_e    [য’ত n হৈছে ইলেক্ট্ৰনৰ সংখ্যা আৰু  q_e  হৈছে এটা ইলেক্ট্ৰনৰ আধান]

\Rightarrow1=n\times1.6\times10^{-19}

\Rightarrow n=\frac1{1.6\times10^{-19}}

\Rightarrow n=6.25\times10^{18}

এক কুলম্ব আধান হ’বলৈ প্ৰয়োজন হোৱা ইলেকট্ৰন সংখ্যা  =6.25\times10^{18}


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা- 202

Class 10 Science Question Answer Page No 202

1. পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা।

উত্তৰঃ বৈদ্যুতিক কোষ বা বেটাৰি।


2. দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1 V বুলি ক’লে কি বুজায় ?

উত্তৰঃ প্ৰবাহযুক্ত পৰিবাহী এডালৰ যিকোনো দুটা বিন্দুৰ এটাৰ পৰা আনটোলৈ 1 কুলম্ব আধান চালিত কৰিবলৈ যদি 1 জুল কাৰ্য কৰিব লগা হয়, তেন্তে তাক 1 ভল্ট বা 1V বুলি কোৱা হয়।

Class 10 Science Chapter 12 Assamese Medium Solutions Notes


3. 6 V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম্ব আধানক কিমান শক্তি দিয়া হয় ?

উত্তৰঃ দিয়া আছে,

আধান (Q) = 1 কুলম্ব

বিভৱভেদ(V) = 6 ভল্ট

যিহেতু, শক্তি = Q x V

= 1 x 6

= 6 জুল


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা- 209

Class 10 Science Question Answer Page No 209

1. পৰিৱাহী ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰঃ কাৰক সমূহ হল-
(a) পৰিবাহী ডালৰ দৈৰ্ঘ্য।
(b) পৰিবাহী ডালৰ প্ৰস্থচ্ছেদৰ কালি।
(c) পৰিবাহী ডালৰ প্ৰকৃতি ।


2. একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোণডালত বেছি সহজে প্ৰৱাহ চলিত হয় ? আৰু কিয় ?

উত্তৰঃ শকত তাঁৰডালৰ মাজেৰে বেছি প্ৰবাহ চালিত হয়। আমি জানো, ৰোধ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক। ক্ষীণ তাঁৰতকৈ শকত তাঁৰৰ প্ৰস্থচ্ছেদৰ কালি বেছি। গতিকে শকত তাঁৰৰ ৰোধ কম হব আৰু প্ৰবাহ বেছি হব।


3. ধৰা হওঁক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিবৰ্তন হ’ব ?

উত্তৰঃ ওমৰ সূত্ৰ মতে বিভৱভেদ প্ৰবাহৰ সমানুপাতিক । গতিকে বিভৱভেদৰ মান আধালৈ কমোৱাৰ লগে লগে প্ৰবাহৰ মান আগৰ মানৰ আধা হব।

Class 10 Science বিদ্যুৎ Question Answer


4. পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয় ?

উত্তৰঃ পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কাৰণ –
(a)ধাতুতকৈ সংকৰ ধাতুৰ ৰোধকতা বেছি।
(b)ইয়াৰ জাৰন নঘটে
(c)উচ্চ উষ্ণতাত ই সহজে গলি নাযায়।


5. তালিকা 12.2 ত দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া-
(a) লো আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী ?
(b) কোনটো পদাৰ্থ আটাইতকৈ ভাল পৰিবাহী ?

উত্তৰঃ (a)দেখা যায় যে, লোৰ ৰোধকতাৰ মান পাৰাতকৈ কম। গতিকে লো পাৰাতকৈ ভাল পৰিবাহী ।

(b) তালিকাৰ পৰা পোৱা যায় ছিলভাৰৰ ৰোধ আটাইতকৈ কম। সেই বাবে ছিলভাৰ আটাইতকৈ ভাল পৰিবাহী।


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা- 213

Class 10 Science Question Answer Page No 213

1. প্ৰতিটোৰে 2V কৈ তিনিটা কোষৰ এটা বেটেৰী, এটা 5Ω ৰ ৰোধক, এটা 8Ω ৰ ৰোধক, এটা 12Ω ৰ ৰোধক আৰু এটা প্লাগ চাবি শ্ৰেণীবদ্ধভাবে সংযোগ কৰি এটা বৰ্তনীৰ নক্সা অংকণ কৰা।

উত্তৰঃ

learning-assam-class-10-science-assamese-medium

2. ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহ জুখিবৰ বাবে এটা এমিটাৰ আৰু 12Ω ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্টমিটাৰ সংযোগ কৰি 1 নং প্ৰশ্নত দিয়া বৰ্তনীটো পুনৰ অংকন কৰা। এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ’ব?

উত্তৰঃ

learning-assam-class-10-science

ইয়াত, 

মুঠ বিভৱভেদ,  V = 3 x 2 = 6v

মুঠ ৰোধ, R = 5Ω + 8Ω + 12Ω = 25Ω

এমিটাৰৰ পাঠ,

I=\frac VR

\Rightarrow I=\frac6{26}

\Rightarrow I=0.24A

ভল্টমিটাৰৰ পাঠ,

V=IR

\Rightarrow V=0.24\times12

\Rightarrow V=2.88v

Class 10 Science Chapter 12 Assamese Medium Solutions


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা- 216

Class 10 Science Question Answer Page No 216

1. নিম্নোক্তবোৰৰ সমান্তৰাল সংযোজন ৰোধ নিৰ্ণয়- (a)  1 Ω আৰু  10^6  Ω (b)  1 Ω, 10^3 Ω আৰু  10^6  Ω

উত্তৰঃ

(a)  1 Ω আৰু  10^6  Ω

\frac1R=\frac1{R_1}+\frac1{R_2}

\Rightarrow\frac1R=\frac11+\frac1{10^6}

\Rightarrow R=\frac{10^6}{1+10^6}

(b)  1 Ω, 10^3 Ω আৰু  10^6  Ω

\frac1R=\frac1{R_1}+\frac1{R_2}+\frac1{R_3}

\Rightarrow\frac1R=\frac11+\frac1{10^3}+\frac1{10^6}

\Rightarrow R=\frac{10^6}{1+10^3+10^6}

2. 100 Ω ৰ এটা বৈদ্যুতিক বাল্ব, 50 Ω ৰ এটা পাউৰুটি সেকা সঁজুলি আৰু 500 Ω ৰোধৰ এটা পানীৰ ফিল্টাৰ 220 V উৎসৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্রি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিওটাই লোৱাৰ সমান প্রবাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰোধ কিমান হ’ব আৰু ইয়াৰ মাজেৰে চালিত প্রবাহ কিমান হ’ব ?

উত্তৰঃ দিয়া আছে,

বৈদ্যুতিক বাল্বৰ ৰোধ, R_1 = 100 Ω

পাউৰুটি সেকা সঁজুলিৰ ৰোধ , R_2 = 50

পানীৰ ফিল্টাৰ ৰোধ, R_3 = 500 Ω

সমান্তৰালভাৱে সংযুক্ত তিনিটা সঁজুলিৰ সমতুল্য ৰোধ হৈছে R_p

\frac1{R_p}=\frac1{R_1}+\frac1{R_2}+\frac1{R_3}

\Rightarrow\frac1{R_p}=\frac1{100}+\frac1{50}+\frac1{500}

\Rightarrow\frac1{R_p}=\frac{16}{500}

\Rightarrow R_p=\frac{500}{16}

\Rightarrow R_p=31.25\Omega

যিহেতু, বৈদ্যুতিক ইস্ত্ৰিটোৰ ৰোধ = সমান্তৰালভাৱে সংযুক্ত তিনিটা সঁজুলিৰ সমতুল্য ৰোধ =  31.25 Ω

এতিয়া,

প্ৰবাহ,

I=\frac VR

\Rightarrow I=\frac{220}{31.25}

\Rightarrow I=7.04A

গতিকে, প্রবাহ I=7.04A


3. এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয় ?

উত্তৰঃ এটা বেটেৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমন্তৰাল সজ্জাত সংযোগ কৰাৰ সুবিধা-

শ্ৰেণীবদ্ধ সজ্জাই গোটেই বৰ্তনীত একে প্ৰবাহ দিয়ে, যাৰবাবে প্ৰতিটো সঁজুলি সঠিককৈ কাম কৰিব নোৱাৰে, বৰ্তনীৰ এটা উপাদান বিকল হ’লে গোটেই বৰ্তনী বিকল হয়। আনহাতে সমন্তৰাল সজ্জাই বেলেগ বেলেগ বৈদ্যুতিক সঁজুলিৰ বাবে বেলেগ বেলেগ প্ৰবাহ যোগান ধৰে, ফলত সঁজুলিবোৰ সঠিক কাৰ্য কৰে আৰু বৰ্তনীৰ এটা উপাদান বিকল হ’লেও আনবোৰত কোনো প্ৰভাৱ নপৰে।


4. 2Ω, 3Ω আৰু 6Ω ৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ (a) 4Ω আৰু (b) 1Ω পোৱা যাব ?

উত্তৰঃ (a) 3Ω আৰু 6Ω ৰ সমান্তৰাল সজ্জাৰ সৈতে 2Ω ৰোধক শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰি আমি মুঠ ৰোধ 4Ω পাব পাৰো।

\frac1{R_p}=\frac1{R_2}+\frac1{R_3}

\Rightarrow\frac1{R_p}=\frac13+\frac16

\Rightarrow\frac1{R_p}=\frac{2+1}6

\Rightarrow R_p=2\Omega

এতিয়া,

R=R_p+R_1

\Rightarrow R=2+2

\Rightarrow R=4\Omega\

(b) 2 Ω, 3 Ω আৰু 6 Ω ৰোধক সমান্তৰালভাৱে সংযোগ কৰি আমি মুঠ ৰোধ 1Ω লাভ কৰিব পাৰো।

\frac1R=\frac1{R_1}+\frac1{R_2}+\frac1{R_3}

\Rightarrow\frac1R=\frac12+\frac13+\frac16

\Rightarrow\frac1R=\frac{3+2+1}6

\Rightarrow R=1\Omega\

অধ্যায়-12 বিদ্যুৎ Class 10 Question Answer


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা- 218

Class 10 Science Question Answer Page No 218

1. বৈদ্যুতিক হিটাৰৰ তাপ উপাদনডাল (heating element) দীপ্ত হয়; কিন্তু সংযোগী তাঁৰবোৰ এনে নহয়, কিয় ?

উত্তৰঃ বৈদ্যুতিক হিটাৰৰ তাপ উপাদনডালৰ ৰোধৰ মান উচ্চ হোৱা বাবে প্ৰবাহ বাধাপ্ৰাপ্ত হয় আৰু শক্তিৰ অপচয় কৰি তাপ উৎপন্ন কৰে, ফলত উপদনডাল দীপ্ত হয়। কিন্তু সংযোগী তাঁৰবোৰ এনে নহয়, কাৰণ সংযোগী তাঁৰৰ ৰোধৰ মান নিচেই কম হোৱাৰ বাবে তাপ উৎপন্ন নকৰে।


2. 9600 কুলম্ব আধান 1 ঘণ্টাত 50 V বিভৱভেদৰ মাজেৰে সঞ্চালিত হ’লে, উৎপাদিত তাপৰ পৰিমাণ উলিওৱা।

উত্তৰঃ দিয়া আছে,

Q = 96000

t =1 hour = 1 x 60 x 60 sec = 3600 s

V = 50 v

উৎপাদিত তাপৰ পৰিমাণ, H = VIt

=VQ

= 50 x 96000

= 4800000 J


3. 20 Ω ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰিয়ে 5 A প্ৰবাহ লয়। 30 ছেকেণ্ডতত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা।

উত্তৰঃ দিয়া আছে,

R = 20 Ω, I = 5 A, t = 30 s

উৎপাদিত তাপৰ পৰিমাণ, H=I^2Rt

=25 x 20 x 30

=15000 J


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা- 220

Class 10 Science Question Answer Page No 220

1. এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে ?

উত্তৰঃ এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ ৰোধকে নিৰূপন কৰে।


2. এটা বৈদ্যুতিক মটৰে 220 V লাইনৰ পৰা 5 A প্ৰৱাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা।

উত্তৰঃ দিয়া আছে,

I = 5 A, V = 220 v, t = 2h = 7200 s

ক্ষমতা, P = V I

= 220 x 5

= 1100 W

ব্যয় কৰা শক্তি= P x t

= 100 W x 7200 s

= 720000 J


Class 10 Science অনুশীলনী

Class 10 Science Exercise Question Answer

1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ’ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ’ল। যদি সজ্জাটোৰ সমতূল্য ৰোধ R’ হয়, তেতিয়া R/R’ অনুপাত হ’ব-
(a) \frac1{25}
(b) \frac15
(c) 5
(d) 25

উত্তৰঃ (d) 25


2. তলৰ কোনটো ৰশ্মিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে ?
(a) I^2R
(b) IR^2
(c) VI
(d) \frac{V^2}R

উত্তৰঃ (b) IR^2


3. এটা বৈদ্যুতিক বাল্ব 220 V আৰু 100 W চিহ্নিত কৰা আছে যেতিয়া 110 V ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ’ব-
(a) 100 W
(b) 75 W
(c) 50 W
(d) 25 W

উত্তৰঃ (d) 25 W


4. একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ’ল। শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টিত সৃষ্টি হোৱা তাপৰ অনুপাত-
(a) 1 : 2
(b) 2 : 1
(c) 1 : 4
(d) 4 : 1

উত্তৰঃ (c) 1 : 4


5. দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্টমিটাৰ কেনেকৈ সংযোগ কৰিবা ?

উত্তৰঃ দুটা বিন্দুৰ মাজত বিভৱভেদ নিৰ্ণয় কৰাৰ বাবে বৰ্তনী এটাত ভল্টমিটাৰ এটা সদায় সমান্তৰালভাৱে সংযোগ কৰিব লাগে।

Class 10 Science Chapter 12 Assamese Medium Question Answer


7. এটা প্ৰদত্ত ৰোধকৰ মাজেৰে প্ৰবাহিত প্ৰবাহ I ৰ মান  আৰু পাৰস্পৰিক বিভৱভেদ V ৰ মান তলত দিয়া হ’ল-

I (এম্পিয়াৰ) 0.51.02.03.04.0
V (ভল্ট)    1.63.46.710.213.2

V আৰু I ৰ মাজৰ লেখ এঅংকণ কৰা আৰু ৰোধকটোৰ ৰোধ উলিওৱা।

উত্তৰঃ V আৰু I ৰ মাজৰ লেখ-

Class 10 Science Chapter 12 Question Answers

8. যেতিয়া এটা অজ্ঞাত ৰোধ 12 ৰ এটা বেটেৰীৰ লগত সংযোগ কৰা হয় তাত 2.5 mA প্ৰবাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা।

উত্তৰঃ

দিয়া আছে,

বৰ্তনীৰ প্ৰবাহ I=2.5mA=2.5\times10^{-3}A

বিভৱভেদ V=12v

ৰোধকৰ ৰোধ R=\frac VI

\Rightarrow R=\frac{12}{2.5\times10^{-3}}

\Rightarrow R=4800Ω

9. এটা 9 V বেটাৰীৰ লগত 0.2 Ω, 0.3 Ω, 0.4 Ω, 0.5 Ω আৰু 12 Ω, ৰোধক কেইটা শ্ৰেণীৱদ্ধভাৱে সংযোগ কৰা হৈছে। 12 Ω ৰোধৰ ৰোধকটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হৈছে?

উত্তৰঃ

বৰ্তনীৰ মুঠ ৰোধ-

R=0.2 Ω+0.3 Ω+0.4 Ω+0.5 Ω+12 Ω

R=13.4 Ω

বৰ্তনীৰ মুঠ প্ৰবাহ,

I=\frac VR

\Rightarrow I=\frac9{13.4}

\Rightarrow I=0.67A

যিহেতু শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা আটাইবোৰ ৰোধৰ মাজেৰে সমান প্ৰবাহ চালিত হয়। গতিকে 12 Ω ৰোধৰ ৰোধকটোৰ মাজেৰে 0.67 A প্ৰবাহ চালিত হব।


10. 176 Ω ৰ কিমানটা ৰোধক হ’লে 220 V ৰ লাইন এটাত 5 A প্ৰবাহ পোৱা যাব ?

উত্তৰঃ

দিয়া আছে,

বৰ্তনীৰ প্ৰবাহ, I= 5A

বিভৱভেদ, V=220v

প্ৰতিটো ৰোধকৰ ৰোধ-

R=\frac VI

\Rightarrow R=\frac{220}5

\Rightarrow R=44\Omega

গতিকে, মুঠ ৰোধৰ সংখ্য়া =\frac{176}{44}=4 টা


11. প্ৰতিটো 6 Ω ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ (i) 9 Ω, আৰু (ii) 4 Ω হ’ব?

উত্তৰঃ (i) চিত্ৰত দেখুৱাৰ দৰে যেতিয়া আমি R_1 ক শ্ৰেণীবদ্ধ ভাৱে R_2 আৰু R_3 ৰ সমান্তৰাল সজ্জাত সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ 9 Ω হ’ব ।

learning assam class 20 science chapter 12
R=R_1+\frac{R_2\times R_3}{R_2+R_3}

\Rightarrow R=6+\frac{6\times6}{6+6}

\Rightarrow R=6+3

\Rightarrow R=9\Omega

(ii) চিত্ৰত দেখুৱাৰ দৰে যেতিয়া আমি R1 আৰু R2 ৰ শ্ৰেণীবদ্ধ সজ্জাক R3 ৰ সৈতে সমান্তৰালভাৱে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ 4 Ω হ’ব।

learning assam class 20 science chapter 12
R=\frac{\left(R_1+R_2\right)\times R_3}{\left(R_1+R_2\right)+R_3}

\Rightarrow R=\frac{12\times6}{12+6}

\Rightarrow R=4\Omega

Class 10 Science Chapter 12 Question Answer in Assamese


12. বহুকেইটা বৈদ্যুতিক বাল্ব 220 V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 W ৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সৰ্ব্বোচ্চ প্ৰবাহ 5A হয় কিমানটা বাল্ব সমান্তৰাল ভৱে 220 V লাইনৰ লগত সংযোগ কৰিব লাগিব ?

উত্তৰঃ

দিয়া আছে,

I= 5 A

V= 220 v

মুঠ ক্ষমতা P= I ✕ V = 5 ✕ 220 =1100 W

বৈদ্যুতিক বাল্বৰ সংখ্যা = মুঠ ক্ষমতা/1 টা বাল্বৰ ক্ষমতা = 1100/10 =110 টা


13. 220 V লাইনৰ লগত সংযোগ কৰা এটা বাদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা ৰোধ কুণ্ডলী A আৰু B আছে আৰু প্ৰত্যেকৰে ৰোদৰ মান 24 Ω, যিকেইটা পৃথকে শ্ৰেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি। এই তিনিও ক্ষেত্ৰত প্ৰবাহ কি হ’ব ?

উত্তৰঃ

(i) যেতিয়া পৃথকে পৃথকে ব্যৱহাৰ হয়-

দিয়া আছে,

ৰোধ, R = 24 Ω

বিভৱভেদ, V = 220 v

প্ৰবাহ, I=\frac VR

\Rightarrow I=\frac{220}{24}

\Rightarrow I=9.17\Omega

(ii) যেতিয়া শ্ৰেণীবদ্ধভাৱে ব্যৱহাৰ হয়-

R_s=R_1+R_2

\Rightarrow R_s=24+24

প্ৰবাহ, I=\frac VR

\Rightarrow I=\frac{220}{48}

\Rightarrow I=4.58\Omega

(iii) যেতিয়া সমান্তৰালভাৱে ব্যৱহাৰ হয়-

R_p=\frac{R_1R_2}{R_1+R_2}

\Rightarrow R_p=\frac{24\times24}{24+24}

\Rightarrow R_p=12\Omega

প্ৰবাহ, I=\frac VR

\Rightarrow I=\frac{220}{12}

\Rightarrow I=18.33\Omega

14. 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্ৰতে উলিওৱা (i) 1 Ω আৰু 2Ω ৰ দুটা ৰোধক 6 V ৰ বেটেৰী এটাৰ লগত শ্ৰেণীবদ্ধভাৱে, আৰু (ii) 12 Ω আৰু 2 Ω ৰ ৰোধক এটা 4V ৰ বেটেৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে।

উত্তৰঃ (i) 

class 10 science chapter 12 learning assam

মুঠ ৰোধ, R = 1Ω + 2Ω = 3Ω

বিভৱভেদ, V= 6 V

গতিকে 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা-

P=I^2R

\Rightarrow P=2^2\times2

\Rightarrow P=8 W

(ii)

Class 10 science chapter 12 assamese medium learning assam
R_p=\frac{R_1\times R_2}{R_1+R_2}

\Rightarrow R_p=\frac{12\times2}{12+2}

\Rightarrow R_p=1.71\Omega

গতিকে 2Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা-

P=\frac{V^2}R

\Rightarrow P=\frac{4^2}2

\Rightarrow P=8 W


15. এটা 220 V ত 100 W চিহ্নিত আৰু অন্যটো 220 V ত 60 W চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভৱ 220 V হয়, কিমান প্রবাহ ই ল’ব।

উত্তৰঃ যিহেতু দুয়োটা বাল্ব সমান্তৰালভাৱে সংযোগ কৰা হৈছে, গতিকে প্ৰতিটোৰ বিভৱভেদৰ মান সমান হ’ব।

100W চিহ্নিত কৰা বৈদ্যুতিক চাকিৰ মাজেৰে যোৱা প্ৰাবাহ-

P = V × I

I = P/V

I = 100 W/220 V = 0.45 A

60W চিহ্নিত কৰা বৈদ্যুতিক চাকিৰ মাজেৰে যোৱা প্ৰাবাহ-

I = P/V

I = 60 W/220 V = 0.27 A

গতিকে যোগানৰ পৰা লোৱা প্ৰবাহ= 0.45 + 0.27

= 0.72 A


16. কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা 250 W ৰ TV চেট 1 ঘণ্টা চলিলে বা এটা 1200W ৰ ৰুটিসেকা সঁজুলি 10 মিনিটত চলিলে ?

উত্তৰঃ

250 W টিভি চেটে 1 ঘণ্টাত ব্যৱহাৰ কৰা শক্তি

= 250 ✕ 1 = 250 Wh

ৰুটিসেকা সঁজুলি 10 মিনিট ( \frac{10}{60} ঘণ্টা) ত ব্যৱহাৰ কৰা শক্তি

=1200 ✕ \frac{10}{60}

= 200 Wh

গতিকে টিভি চেটে ৰুটিসেকা সঁজুলিতকৈ অধিক শক্তি ব্যৱহাৰ কৰিব।

Class 10 Science Chapter 12 Assamese Medium Solutions


17. 8 Ω ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15 A প্রবাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা।

উত্তৰঃ দিয়া আছে,

R = 8 Ω

I = 15 A

t = 2 h

যিহেতু উৎপন্নহোৱা তাপৰ হাৰ শক্তিৰ সমান।

তাপ উৎপন্ন হোৱা হাৰ, P=I^2R

\Rightarrow P=15^2\times8

\Rightarrow P=1800 W

18. ব্যাখ্যা কৰাঃ

(a) বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ হয় ?

উত্তৰঃ বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট ব্যৱহাৰ হয়, কাৰণ ইয়াৰ গলনাংক অতি উচ্চ (3300 ডিগ্ৰী চেলছিয়াছ)। টাংষ্টেন ফিলামেণ্টৰ মাজেৰে বিদ্যুৎ চালিত কৰিলে ইয়াৰ উষ্ণতা 2700 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হয় আৰু ই গলি নোযোৱাকৈ তাপ আৰু পোহৰ শক্তি প্ৰদান কৰিব পাৰে।

(b) বিদ্যুত তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰধাতু কিয় ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰ ধাতু ব্যৱহাৰ কৰা হয় কাৰণ –

(i) বিশুদ্ধ ধাতুৰ তুলনাত সংকৰ ধাতুৰ ৰোধকতা বেছি।

(ii)সংকৰ ধাতুবোৰ উচ্চ গলনাংকযুক্ত।

(c) ঘৰুৱা বর্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ ঘৰুৱা বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা নহয়, কাৰণ-

(i) শ্ৰেণীবদ্ধ সজ্জাত গোটেই বৰ্তনীত একে প্ৰবাহ চালিত হয়, কিন্তু ঘৰুৱা বৈদ্যুতিক সঁজুলিৰ বাবে বেলেগ বেলেগ প্ৰবাহৰ প্ৰয়োজন ।

(ii) শ্ৰেণীবদ্ধ সজ্জাৰ বৰ্তনীৰ এটা সঁজুলী বিকল হ’লে গোটেই বৰ্তনী বন্ধ হৈ পৰে।

(d) এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্রস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিবর্তন হয় ?

উত্তৰঃ পৰিবাহীৰ ৰোধ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক। গতিকে প্ৰস্থচ্ছেদৰ কালি বাঢ়িলে ৰোধৰ মান কমিব আৰু প্ৰস্থচ্ছেদৰ কালি কমিলে ৰোধৰ মান বঢ়িব ।

(e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ তাম আৰু এলুমিনিয়ামৰ ৰোধকতাৰ মান অতি কম, ইহঁত অতি ভাল পৰিবাহী । ইহঁতৰ নমনীয় গুণৰ বাবে অতি দীঘল তাঁৰ সাজিব পাৰি ৷ ইয়াৰউপৰি এলুমিনিয়ামে বায়ুৰ অক্সিজেনৰ দ্বাৰা জাৰিত হৈ এলুমিনিয়াম অক্সাইডৰ সুৰক্ষা আৱৰন গঠন কৰে যিয়ে ধাতুটোক অধিক জাৰণৰ পৰা ৰক্ষা কৰে। সেয়ে বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয় ।


Important

এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা ?

বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৈদ্যুতিক বৰ্তনী বোলে।

বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ হয় ?

বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট ব্যৱহাৰ হয়, কাৰণ ইয়াৰ গলনাংক অতি উচ্চ (3300 ডিগ্ৰী চেলছিয়াছ)। টাংষ্টেন ফিলামেণ্টৰ মাজেৰে বিদ্যুৎ চালিত কৰিলে ইয়াৰ উষ্ণতা 2700 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হয় আৰু ই গলি নোযোৱাকৈ তাপ আৰু পোহৰ শক্তি প্ৰদান কৰিব পাৰে।

প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া।

কোনো এক পৰিবাহীৰ যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে 1 ছেকেণ্ড সময়ত 1 কুলম্ব আধানৰ প্ৰবাহক এক এম্পিয়াৰ বুলি কোৱা হয়।

এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে ?

এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ ৰোধকে নিৰূপন কৰে।

দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1 V বুলি ক’লে কি বুজায় ?

প্ৰবাহযুক্ত পৰিবাহী এডালৰ যিকোনো দুটা বিন্দুৰ এটাৰ পৰা আনটোলৈ 1 কুলম্ব আধান চালিত কৰিবলৈ যদি 1 জুল কাৰ্য কৰিব লগা হয়, তেন্তে তাক 1 ভল্ট বা 1V বুলি কোৱা হয়।

পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা।

বৈদ্যুতিক কোষ বা বেটাৰি।

Chapter-wise Question Answer

Class 10 Science Chapter 12 Question Answer Assamese Medium

  • 12.1. বিদ্যুৎ প্রবাহ আৰু বৰ্তনী (ELECTRIC CURRENT AND CIRCUIT ) 
  • 12.2. বিদ্যুৎ বিভব আৰু বিভবভেদ (ELECTRIC POTENTIAL AND POTENTIAL DIFFERENCE)
  • 12.3 বর্তনী চিত্র (CIRCUIT DIAGRAM)
  • 12.5 পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহ (FACTORS ON WHICH THE RESISTANCE OF A CONDUCTOR DEPENDS)
  • 12.6 ৰোধক প্ৰণালীৰ ৰোধ (RESISTANCE OF A SYSTEM OF RESISTORS )
  • 12.6.1 শ্রেণীবদ্ধ সজ্জাত ৰোধক (Resistors in Series)
  • 12.6.2 সমান্তৰাল সজ্জাত ৰোধক (Resistors in Parallel) 
  • 12.7 বিদ্যুৎ প্রবাহৰ তাপীয় ক্রিয়া (HEATING EFFECT OF ELECTRIC CURRENT)
  • 12.7.1 বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ব্যৱহাৰিক প্ৰয়োগ (Practical Applications of Heating Effect of Electric Current)
  • 12.8 বৈদ্যুতিক ক্ষমতা (Electric Power)

Class 10 Science Chapter 12 Assamese Medium Notes

SEBA Class 10 Science Chapter 12 Question Answer Assamese Medium (Chapter 12 বিদ্যুৎ Question Answer) are available here. Students can practice these SEBA Class 10 Science Chapter 12 Assamese Medium Question Answer, prepared per the SEBA syllabus (2024 – 2025) and NCERT curriculum. All the questions in this SEBA Class 10 Science Chapter 12 Question Answer in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 12 Question Answer (Chapter 12 বিদ্যুৎ Class 10 Question Answer) carefully.

Class 10 Science Chapter 12 Assamese Medium Solution

Looking for a comprehensive guide to Class 10 Science Chapter 12 in Assamese Medium? Our blog post provides a detailed explanation of key concepts in the chapter, helping students grasp essential topics with ease. Along with clear and concise explanations, we’ve also included Class 10 Science Chapter 12 Question Answers in Assamese, tailored to help students prepare effectively for their exams. Whether you’re revising or seeking help with homework, this guide offers the perfect resource for mastering Chapter 12 and acing your Science exam in Assamese Medium.

Class 10 Science Chapter 12 Question Answer in Assamese

Need some help with Class 10 Science Chapter 12 Question Answer in Assamese? You’re in the right place! This post is all about making tough topics easy to understand, with clear explanations and examples. We’ve also got a complete set of Class 10 Science Chapter 12 Assamese Medium, so you can practice and prep without the stress. Whether you’re reviewing for exams or just tackling homework, this guide has everything you need to get ahead.

Chapter 12 বিদ্যুৎ Class 10 Question Answer

ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 12 Answer in Assamese (Class 10 Science বিদ্যুৎ Question Answer) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 12 Assamese Medium Question Answer খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Chapter 12 Question Answer in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

    Mominul
    December 5, 2024

    Nice

Leave a Reply