Class 9th & 10th Join Now

Home » Class 10 Science Chapter 1 Assamese Medium – ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

Class 10 Science Chapter 1 Assamese Medium – ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
শ্ৰেণী (Class)দশম শ্ৰেণীৰ (X)
বিষয়বিজ্ঞান (Science)
পাঠ (Lesson)ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
অধ্যায় (Chapter)অধ্যায় – 1
মাধ্যম (Medium)অসমীয়া
ৱেবছাইটৰ নামlearningassam.com

Class 10 Science Chapter 1 Question Answers in Assamese

ইয়াত আমি আলোচনা কৰিম Class 10 Science Chapter 1 Assamese Medium (Class 10 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Question Answer) আৰু এইবোৰ Class 10 Science Chapter 1 Question Answer Assamese Medium প্ৰশ্নোত্তৰ Class 10 Science Chapter 1 Question Answer in Assamese অৰ্থাৎ SEBA Assamese Medium Class 10 Science Chapter 1 Exam 2024 ৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 10 Science Chapter 1 Answers Assamese Medium (Class 10 Science ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Question Answer) ৰ আহিব লগা প্ৰশ্নৰ উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Class 10 Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে Class 10 science chapter 1 Assamese Medium Solutions ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-6

Class 10 Science Question Answer Page No 6

1. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয়?

উত্তৰঃ বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল ‘ ব লাগে কিয়নো মেগনেছিয়াম ধাতুয়ে বায়ুমণ্ডলীয় অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড (MgO) ৰ এটা তৰপ গঠন কৰে। এই তৰপটোৰ বাবে মেগনেছিয়াম ফিতাই বায়ুত থকা অক্সিজেনৰ প্ৰত্যক্ষ সংযোগ নাপায়।


2. তলৰ ৰাসায়নিক বিক্রিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা ।
(i) হাইড্রজেন + ক্ল’ৰিন→ হাইড্রজেন ক্ল’ৰাইড ।
(ii) বেৰিয়াম ক্ল’ ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ ৰাইড
(iii) ছ’ডিয়াম + পানী → ছ’ ডিয়াম হাইড্রক্সাইড + হাইড্রজেন ।

উত্তৰঃ

(i) H_2+{Cl}_2\rightarrow2HCl
(ii)3Ba{Cl}_2+{Al}_2{\left({SO}_4\right)}_3\rightarrow3Ba{SO}_4+2Al{Cl}_3
(iii) 2Na+2H_2O\rightarrow2NaOH+H_2


3. তলৰ বিক্রিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ।

(i) বেৰিয়াম ক্ল’ৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্রৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্রস্তুত হয় ।(ii) ছডিয়াম হাইড্রক্স ইডৰ দ্ৰৱ (পানীত) হাইড্র’ক্ল’ৰিক এছিডৰ দ্ৰৱ ( পানীত) ৰে সৈতে বিক্রিয়া কৰি ছডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

উত্তৰঃ

(i) Ba{Cl}_2+{Na}_2{SO}_4\rightarrow Ba{SO}_4+2NaCl

(ii) NaOH+HCl\rightarrow NaCl+H_2O


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা- 10

Class 10 Science Question Answer Page No 10

1. এটা পদাথ ‘ X ‘ ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ (White Washing ) ব্যৱহাৰ কৰা হয়।
(i) পদাৰ্থ ‘ X ‘ ৰ নাম আৰু সংকেত লিখ ।
(ii) পানীৰে সৈতে পদার্থ ‘ X ‘ এ কৰা বিক্রিয়াটো লিখ ।

উত্তৰঃ

(i) পদাৰ্থ ‘X’ ৰ নাম হল পোৰা চূণ বা কেলছিয়াম অক্সাইড আৰু সংকেত CaO।

(ii) CaO+H_2O\rightarrow Ca{\left(OH\right)}_2


Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা- 13

Class 10 Science Question Answer Page No 13

1. লোৰ গজাল এটা ডুবাই ৰাখিলে ক’পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবর্তন ঘটে কিয়?

উত্তৰঃ লো ক’পাৰতকৈ অধিক সক্ৰিয় হোৱা বাবে ক’পাৰ ছালফেট দ্ৰৱত লোৰ গজাল এটা ডুবাই দিলে লোৱে ক’পাৰ ছালফেট দ্ৰৱৰ পৰা ক’পাৰক অপসাৰিত কৰে। ফলত ক’পাৰ ছালফেট দ্ৰৱৰ গাঢ়তা কমি যায় আৰু ক’পাৰ ছালফেট দ্ৰৱৰ নীলা বৰণ শেতা হৈ পৰে আৰু লোৰ গজাল তাম বৰণৰ হয়।

বিক্ৰিয়াটো হল –

Fe+Cu{SO}_4\rightarrow Fe{SO}_4+Cu

2. কার্যকলাপ 1.10 ত দিয়া বিক্রিয়াটোৰ বাহিৰে আন এটা দ্বি-অপসৰন বিক্রিয়াৰ উদাহৰণ দিয়া ।

উত্তৰঃ ছিলভাৰ নাইট্ৰ’জেন জলীয় দ্ৰৱই ছডিয়াম ক্ল’ৰাইড দ্ৰৱৰ লগত বিক্ৰিয়া কৰি ছিলভাৰ ক্ল’ৰাইডৰ বগা অধঃক্ষেপ আৰু ছডিয়াম নাইট্ৰে’ট দ্ৰৱ উৎপন্ন হয়।

বিক্ৰিয়াটো হল –

Ag{NO}_3+NaCl\rightarrow AgCl+NaNO_3

Class 10 Science Chapter 1 Assamese Medium Question Answer


3. তলৰ বিক্রিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ বাচি উলিওৱা ।

(i) 4Na\left(s\right)+O_2\left(g\right)\rightarrow2{Na}_2O\left(s\right)

(ii)  CuO\left(s\right)+H_2\left(g\right)\rightarrow Cu\left(s\right)+H_2O\left(l\right)

উত্তৰঃ (i) এই বিক্ৰিয়াটোত Na জাৰিত হৈ Na_2O উৎপন্ন হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে।

(ii) H_2 জাৰিত হৈ পানী উৎপন্ন হৈছে আৰু CuO বিজাৰিত হৈ Cu উৎপন্ন হৈছে।


Class 10 Science অনুশীলনী

Class 10 Science Exercise Question Answer

1. তলৰ বিক্রিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?

2PbO\left(s\right)+C\left(s\right)\rightarrow2Pb\left(s\right)+CO_2\left(g\right)

(a) লেড বিজাৰিত হৈছে ।

(b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে ।

(c) কার্বন জাৰিত হৈছে ।

(d) লেড অক্সাইড বিজাৰিত হৈছে ।

(i) (a) আৰু (b)

(ii) (a) আৰু (c)

(iii )(a) , (b) আৰু (c)

(iv) সকলো

উত্তৰঃ ( a ) আৰু (b ) । (a)কাৰণ অক্সিজেন আঁতৰোৱা হৈছে আৰু (b) কাৰণ কাৰ্বনৰ লগত অক্সিজেনৰ যোগ হৈছে ।


2. Fe_2O_3+2Al\rightarrow{Al}_2O_3+2Fe

ওপৰৰ বিক্রিয়াটো এটা উদাহৰণ

(a) এটা সংযোজন বিক্রিয়াৰ

(b) এটা দ্বিঅপসাৰণ বিক্রিয়াৰ

(c) এটা বিযোজন বিক্রিয়াৰ

(d) এটা অপসৰণ বিক্রিয়াৰ

উত্তৰঃ (d) এটা অপসৰণ বিক্রিয়াৰ ।


3. কি ঘটে যেতিয়া লঘু হাইড্রক্ল ‘ ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? শুদ্ধ উত্তৰটোত টিক চিন দিয়া ।

(a ) হাইড্রজেন গেছ আৰু আইৰন ক্ল ‘ ৰাইড উৎপন্ন হয় ।

( b) ক্ল’ৰি গেছ আৰু আইৰন হাইড্রক্সাইড উৎপন্ন হয় ।

(c ) বিক্রিয়া নঘটে ।

(d ) আইৰন লৱণ আৰু পানী উৎপন্ন হয় ।

উত্তৰঃ (a ) হাইড্রজেন গেছ আৰু আইৰন ক্ল ‘ ৰাইড উৎপন্ন হয় ।

বিক্ৰিয়াটো হল –
2HCl+Fe\rightarrow Fe{Cl}_2+H_2

বিজ্ঞান Class 10 Chapter 1 question answer


4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে ?

উত্তৰঃ যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে। ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগে কাৰণ ভৰৰ নিত্যতাবিধি অনুযায়ী ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি নাইবা ধ্বংস নহয়। সেয়েহে বিক্ৰিয়াসমূহত বিক্ৰিয়াৰ আগত বিক্ৰিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ বিক্ৰিয়াৰ পিছত বিক্ৰিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰৰ সমান কৰিব লাগে।


5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সত্তলন কৰা ।

(a) হাইড্রজেন গেছে নাইট্রজেনৰে সৈতে লগ হৈ এমনিয়া প্রস্তুত কৰে ।

(b) হাইড্রজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে ।

(c) বেৰিয়াম ক্ল ’ ৰাইডে এলুমিনিয়াম ছলফেটৰে সৈতে বিক্রিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে ।

(d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

উত্তৰঃ
(a) ৰাসায়নিক সমীকৰণ:

H_2+N_2\rightarrow{NH}_3

সন্তুলিত ৰাসায়নিক সমীকৰণ:

3H_2+N_2\rightarrow2{NH}_3

(b) ৰাসায়নিক সমীকৰণ:

H_2S+O_2\rightarrow H_2O+SO_2

সন্তুলিত ৰাসায়নিক সমীকৰণ:

2H_2S+3O_2\rightarrow2H_2O+2SO_2

(c) ৰাসায়নিক সমীকৰণ:

BaCl_2+Al_2{\left(SO_4\right)}_3\rightarrow AlCl_3+BaSO_4

সন্তুলিত ৰাসায়নিক সমীকৰণ:

3BaCl_2+Al_2{\left(SO_4\right)}_3\rightarrow2AlCl_3+3BaSO_4

(d) ৰাসায়নিক সমীকৰণ:

K+H_2O\rightarrow KOH+H_2

সন্তুলিত ৰাসায়নিক সমীকৰণ:

2K+2H_2O\rightarrow2KOH+H_2

6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা ।

(a) HNO_3+Ca{\left(OH\right)}_2\rightarrow Ca{\left(NO_3\right)}_2+H_2O

(b) NaOH+H_2SO_4\rightarrow Na_2SO_4+H_2O

(c) NaCl+AgNO_3\rightarrow AgCl+NaNO_3

(d) BaCl_2+H_2SO_4\rightarrow BaSO_4+HCl

উত্তৰঃ

(a) 2HNO_3+Ca{\left(OH\right)}_2\rightarrow Ca{\left(NO_3\right)}_2+2H_2O

(b) 2NaOH+H_2SO_4\rightarrow Na_2SO_4+2H_2O

(c) NaCl+AgNO_3\rightarrow AgCl+NaNO_3

(d) BaCl_2+H_2SO_4\rightarrow BaSO_4+HCl

Class 10 Science Chapter 1 Assamese Medium Question Answer


7. তলৰ বিক্রিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা ।

(a ) কেলছিয়াম হাইড্র’ক্সাইড + কার্বন ডাই অস্কাইড→ কেলছিয়াম কার্বনেট + পানী ।

(b ) যিংক + ছিলভাৰ নাইট্রেট → যিংক নাইট্রেট + ছিলভাৰ ।

(c ) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ ।

(d ) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড ।

উত্তৰঃ

(a) 2Ca{\left(OH\right)}_2+2CO_2\rightarrow2CaCO_3+2H_2O

(b) Zn+2AgNO_3\rightarrow Zn{\left(NO_3\right)}_2+2Ag

(c) 2Al+3CuCl_2\rightarrow2AlCl_3+3Cu

(d) BaCl_2+K_2SO_4\rightarrow BaSO_4+2KCl


৪. তলত দিয়াবোৰৰ বাবে সন্তোলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্রকাৰৰ বিক্রিয়া চিনাক্ত।

(a) পটেছিয়াম ব্র’মাইড (aq )+বেৰিয়াম আয়’ডাইড (aq )→পটেছিয়াম আয়’ ডাইড (aq )+বেৰিয়াম ব্ৰ’মাইড (s )

(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g )

(c) হাইড্র’জেন(g ) + ক্ল’ৰিন(g) → হাইড্র’জেন ক্ল’ৰাইড(g)

(d) মেগনেছিয়াম (s)+হাইড্র’ক্ল’ৰিক এছিড(aq ) → মেগনেছিয়াম ক্ল’ৰাইড (aq) + হাইড্র’জেন(g)

উত্তৰঃ

(a) 2KBr+BaI_2\rightarrow2KI+BaBr_2

ই এটা দ্বি-অপসৰণ বিক্ৰিয়া।

(b) ZnCO_3\rightarrow ZnO+CO_2

ই এটা বিয়োজন বিক্ৰিয়া।

(c) H_2+Cl\rightarrow2HCl

ই এটা সংযোজন বিক্ৰিয়া।

(d) Mg+2HCl\rightarrow MgCl_2+H_2

ই এটা অপসৰণ বিক্ৰিয়া।


9. তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া ।

উত্তৰঃ যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়, সেইবোৰ বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বোলে ।

উদাহৰণ :

CH_4\left(g\right)+2O_2\left(g\right)\rightarrow CO_2\left(g\right)+2H_2O\left(g\right)

যি ৰাসায়নিক বিক্ৰিয়াত তাপ শোষণ হয় তেনে ৰাসায়নিক বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে।

উদাহৰণ :

2AgBr\left(s\right)\rightarrow2Ag\left(s\right)+Br_2\left(g\right)

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Class 10 Question Answer

10. শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা ।

উত্তৰঃ জীৱনৰ জীয়াই থকাৰ বাবে, আমাক শক্তিৰ প্ৰয়োজন। আমি খোৱা খাদ্যৰ পৰা এই শক্তি লাভ কৰোঁ। খাদ্যৰ অণুবোৰ হজম প্ৰক্ৰিয়াৰ জৰিয়তে গ্লুকোজৰ দৰে এক সৰল অণুলৈ বিভক্ত হয়। এই পদাৰ্থবোৰ আমাৰ শৰীৰৰ কোষবোৰত থকা অক্সিজেনৰ সংস্পৰ্শলৈ আহে আৰু এক নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ সৈতে কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে। যিহেতু এই শক্তি তাপৰ ৰূপত উৎপন্ন হয়, যিয়ে আমাৰ শৰীৰত উষ্ণতা বজাই ৰাখে। সেয়ে শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে ।

বিক্রিয়াটো হল –

C_6H_{12}O_6+6O_2\rightarrow6CO_2+6H_2O+ শক্তি


11. বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় কিয় ? এই সমূহ বিক্রিয়াৰ বাবে সমীকৰণ লিখা ।

উত্তৰঃ সংযোজন বিক্ৰিয়াত দুটা বা তাতোকৈ বেছি পদাৰ্থ (মৌল বা যৌগ) মিলিত হৈ এটা নতুন পদাৰ্থ উৎপন্ন কৰে। আনহাতে বিযোজন বিক্ৰিয়াত এটা ৰাসায়নিক পদাৰ্থ বাবে যৌগ বিযোজিত হৈ দুই বা তাতোধিক পদাৰ্থ উৎপন্ন হয়। সেই বাবে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়।

সংযোজন বিক্ৰিয়া-

C\left(s\right)+O_2\left(g\right)\rightarrow CO_2\left(g\right)

বিযোজন বিক্ৰিয়া-

ZnCO_3\rightarrow Zn+CO_2

12. তাপ,পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্রিয়াৰ একোটাকৈ সমীকৰণ লিখা ।

উত্তৰঃ

তাপ শক্তিৰে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ-

CaCO_3\left(s\right)\rightarrow CaO\left(s\right)+CO_2\left(g\right)

পোহৰ শক্তিয়ে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ-

2AgBr\left(s\right)\rightarrow2Ag\left(s\right)+Br_2\left(g\right)

বিদ্যুত শক্তিৰে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ-

2H_2O\left(l\right)\rightarrow2H_2\left(g\right)+O_2\left(g\right)

13. অপসৰণ আৰু দ্বিঅপসৰণ বিক্রিয়াৰ মাজত পার্থক্য কি?এই বিক্রিয়াবোৰৰ বাবে সমীকৰণ লিখা ।

উত্তৰঃঅপসৰণ বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক তাৰ যৌগৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে। কিন্তু দ্বি-অপসৰণ বিক্ৰিয়াত দুটা আয়নীয় যৌগৰ জলীয় দ্ৰৱই বিক্ৰিয়াত অংশ গ্ৰহণ কৰি সিহঁতৰ মাজত পৰস্পৰৰ আয়ন বিনিময় কৰি নতুন বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে।

অপসৰণ বিক্ৰিয়া :

Fe\left(s\right)+CuSO_4\left(aq\right)\rightarrow Cu\left(s\right)+FeSO_4

দ্বি-অপসৰণ বিক্ৰিয়া :

AgNO_3\left(aq\right)+NaCl\left(aq\right)\rightarrow AgCl\left(s\right)+NaNO_3\left(aq\right)

14. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রে’ট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয় । জড়িত বিক্রিয়াটো লিখা ।

উত্তৰঃ

2AgNO_3\left(aq\right)+Cu\left(s\right)\rightarrow Cu{\left(NO_3\right)}_2+2Ag\left(s\right)

15. অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা ? উদাহৰণ দি ব্যাখ্যা কৰা ।

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত অধঃক্ষেপ উৎপন্ন হয় তেনে বিক্ৰিয়াক অধঃক্ষেপ বিক্ৰিয়া বোলে।
উদাহৰণ- ক‘পাৰ ছালফেটৰ জলীয় দ্ৰৱৰ মাজেৰে হাইড্ৰ’জেন ছালফাইড গেছ যাব দিলে ক’পাৰ ছালফাইডৰ এটা ক’লা অধঃক্ষেপ আৰু হাইড্ৰ’জেন ছালফেটৰ দ্ৰৱ উৎপন্ন হয়।

CuSO_4\left(aq\right)+H_2S\left(aq\right)\rightarrow CuS\left(s\right)+H_2SO_4\left(aq\right)

বিজ্ঞান Class 10 Chapter 1 question answer


16. অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা ।

(a) জাৰণ ।

(b) বিজাৰণ ।

উত্তৰঃ(a) যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয়, তাকে জাৰণ বিক্ৰিয়া বোলে।

উদাহৰণ-

(i) S\left(s\right)+O_2\left(g\right)\rightarrow SO_2

(ii) 2Mg\left(s\right)+O_2\left(g\right)\rightarrow2MgO\left(s\right)

(b) যি বিক্ৰিয়াত কোনো এটা পদাৰ্থই অক্সিজেন হেৰুৱায়, তেনে বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বোলে।

উদাহৰণ-

(i) CuO+H_2\rightarrow Cu+H_2O

(ii) ZnO+C\rightarrow Zn+CO


17. এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘ X ‘ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল । মৌল ‘ X ‘ আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা ।

উত্তৰঃ উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ৰ নাম হ’ল ক’পাৰ (Cu)আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম হ’ল ক’পাৰ অক্সাইড (CuO).

বিক্রিয়াটো হল :

2Cu+O_2\rightarrow2CuO

18. লোৰ বস্তুত ৰঙৰ প্রলেপ দিও কিয় ?

উত্তৰঃ বায়ুত যথেষ্ট পৰিমাণে অক্সিজেন আৰু জলীয় বাষ্প থাকে। ইহঁতে লোৰ লগত বিক্ৰিয়া কৰি মামৰ (ফেৰাছ ফেৰিক অক্সাইড) উৎপন্ন কৰে। এই মামৰে লোৰ বস্তুবোৰৰ ক্ষয়ীভৱন ঘটায়। সেইবাবে লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিলে বস্তুটো অক্সিজেন আৰু জলীয় বাষ্পৰ হৈতে বিক্ৰিয়া কৰিব নোৱাৰে আৰু মামৰে ধৰাৰ পৰা ৰক্ষা পৰে ফলত বস্তুটো বহুত দিনলৈ ভালে থাকে।


19. তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্র’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় ?

উত্তৰঃ তেল আৰু চৰ্বি থকা খাদ্য বস্তুবোৰ বায়ুত থকা অক্সিজেনৰ উপস্থিতিত জাৰণ ঘটি দুৰ্গন্ধিতা বা ৰেনচিডিটি ৰ সৃষ্টি কৰে। নাইট্ৰজেন এবিধ প্ৰতিজাৰক পদাৰ্থ। সেয়েহে তেল বা চৰ্বি যুক্ত খাদ্য বস্তুবোৰ নাইট্ৰজেনৰ উপস্থিতিত পেকেটত ভৰালে খাদ্য বস্তুখিনি জাৰিত নহয় ফলত বহু দিনলৈ ভালে থাকে।


20. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা ।
(a) ক্ষয়ীভৱন ।
(b) চৰ্বিৰ দুৰ্গন্ধিতা ।

উত্তৰঃ (a) ক্ষয়ীভৱন : ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে- জলীয় বাস্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হৈ ক্ষয় ঘটা প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলে। যেনে- লোৰ ওপৰত ৰঙচুৱা মূগা বৰণৰ প্ৰলেপ পৰা, ছিলভাৰৰ ওপৰত ক’লা দাগ পৰা আদি।

(b) চৰ্বিৰ দুৰ্গন্ধিতা :তেল আৰু চৰ্বি থকা খাদ্য বস্তুবোৰ বায়ুত থকা অক্সিজেনৰ উপস্থিতিত জাৰণ ঘটি দুৰ্গন্ধিতা বা ৰেনচিডিটি ৰ সৃষ্টি কৰে। নাইট্ৰজেন এবিধ প্ৰতিজাৰক পদাৰ্থ। সেয়েহে তেল বা চৰ্বি যুক্ত খাদ্য বস্তুবোৰ নাইট্ৰজেনৰ উপস্থিতিত পেকেটত ভৰালে খাদ্য বস্তুখিনি জাৰিত নহয় ফলত বহু দিনলৈ ভালে থাকে।


Important

ৰাসায়নিক বিক্ৰিয়া কি?

ৰাসায়নিক বিক্ৰিয়া হৈছে এনে এক প্ৰক্ৰিয়া য’ত এটা বা ততোধিক বিক্রিয়ক পদাৰ্থ নতুন বিক্রিয়াজাত পদাৰ্থলৈ ৰূপান্তৰিত হয়।

লোৰ বস্তুত ৰঙৰ প্রলেপ দিও কিয় ?

বায়ুত যথেষ্ট পৰিমাণে অক্সিজেন আৰু জলীয় বাষ্প থাকে। ইহঁতে লোৰ লগত বিক্ৰিয়া কৰি মামৰ (ফেৰাছ ফেৰিক অক্সাইড) উৎপন্ন কৰে। এই মামৰে লোৰ বস্তুবোৰৰ ক্ষয়ীভৱন ঘটায় l সেইবাবে লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিলে বস্তুটো অক্সিজেন আৰু জলীয় বাষ্পৰ হৈতে বিক্ৰিয়া কৰিব নোৱাৰে আৰু মামৰে ধৰাৰ পৰা ৰক্ষা পৰে ফলত বস্তুটো বহুত দিনলৈ ভালে থাকে।

তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা?

যি ৰাসায়নিক বিক্ৰিয়াত তাপ শোষণ হয় তেনে ৰাসায়নিক বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে।

তাপবর্জী বিক্রিয়া বুলিলে কি বুজা?

যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়, সেইবোৰ বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বোলে ।

সন্তুলিত ৰাসায়নিক সমীকৰণ কি ?

যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।

বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয়?

বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল ‘ ব লাগে কিয়নো মেগনেছিয়াম ধাতুয়ে বায়ুমণ্ডলীয় অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড (MgO) ৰ এটা তৰপ গঠন কৰে। এই তৰপটোৰ বাবে মেগনেছিয়াম ফিতাই বায়ুত থকা অক্সিজেনৰ প্ৰত্যক্ষ সংযোগ নাপায়।

Chapter-wise Question Answer

 

Class 10 Science Chapter 1 Assamese Medium Question Answer

The topics and subtopics covered in the NCERT Solutions for Class 10 Science Chapter 1 are

  • 1.1 ৰাসায়নিক সমীকৰণ (Chemical Equations)
  • 1.1.2 সন্তুলিত ৰাসায়নিক সমীকৰণ (Balanced Chemical Equations)
  • 1.2.1 সংযোজন বিক্রিয়া (Combination Reaction)
  • 1.2.2 বিযোজন বিক্রিয়া (Decomposition Reaction)
  • 1.2.3 অপসৰণ বা প্ৰতিষ্ঠাপন বিক্রিয়া (Displacement Reaction)
  • 1.2.4 দ্বিঅপসৰণ বিক্ৰিয়া (Double Displacement Reaction)
  • 1.2.5 জাৰণ আৰু বিজাৰণ (Oxidation and Reduction)
  • 1.3.1 ক্ষয়ীভবন (Corrosion)
  • 1.3.2 দুৰ্গন্ধিতা বা ৰেনচিডিটি (Rancidity)

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Class 10 Question Answer

Class 10 Science Chapter 1 Question Answer Assamese Medium (Class 10 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Question Answer) are available here. Students can practice these SEBA Class 10 General Science Chapter 1 Assamese Medium Question Answer, prepared per the SEBA syllabus (2024 – 2025) and NCERT curriculum. All the questions in this SEBA Class 10 Science Chapter 1 Question Answer in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 1 Question Answer (ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Class 10 Question Answer) carefully.

Class 10 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Question Answer

ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 1 Answer in Assamese (Class 10 জীৱন প্ৰক্ৰিয়া Question Answer) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 1 Assamese Medium Question Answer খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Chapter 1 Question Answer in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

Class 10 Science Chapter 1 Assamese Medium Solution

Looking for a comprehensive guide to Class 10 Science Chapter 1 in Assamese Medium? Our blog post provides a detailed explanation of key concepts in the chapter, helping students grasp essential topics with ease. Along with clear and concise explanations, we’ve also included Class 10 Science Chapter 1 Question Answers in Assamese, tailored to help students prepare effectively for their exams. Whether you’re revising or seeking help with homework, this guide offers the perfect resource for mastering Chapter 1 and acing your Science exam in Assamese Medium.

Class 10 Science Chapter 1 Question Answer in Assamese

Need some help with Class 10 Science Chapter 1 Question Answer in Assamese? You’re in the right place! This post is all about making tough topics easy to understand, with clear explanations and examples. We’ve also got a complete set of Class 10 Science Chapter 1 Assamese Medium, so you can practice and prep without the stress. Whether you’re reviewing for exams or just tackling homework, this guide has everything you need to get ahead.

Leave a Reply