Class 10 Science Chapter 11 [প্ৰশ্নোত্তৰ] – মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

Date:

Share post:

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
শ্ৰেণী (Class)দশম শ্ৰেণীৰ (X)
বিষয়বিজ্ঞান (Science)
পাঠ (Lesson)মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
অধ্যায় (Chapter)অধ্যায় 11
মাধ্যম (Medium)অসমীয়া
ৱেবছাইটৰ নামlearningassam.com

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Science Chapter 11 Assamese Medium (মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী class 10 question answer) আৰু এইবোৰ SEBA Class 10 Science Chapter 11 Question Answer Assamese Medium প্ৰশ্নোত্তৰ SEBA Class 10 Science Chapter 11 Question Answer in Assamese অৰ্থাৎ SEBA Assamese Medium Class 10 Science Chapter 11 Exam 2024 ৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 10 Science Chapter 11 Answers Assamese Medium (মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী Question Answer) ৰ আহিব লগা প্ৰশ্নৰ উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী Class 10 Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 10 General Science Chapter 13 Question Answer Assamese Medium ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

Class 10 Science Chapter 11 Question Answers in Assamese

প্ৰশ্নাৱলীঃ (পৃষ্ঠা-190)

1. চকুৰ উপযোজন ক্ষমতা কি ?

উত্তৰঃ চকুৰ লেন্‌ছৰ ফকাছ দৈৰ্ঘ্য পৰিবৰ্তন কৰিব পৰা সামৰ্থ্যক উপযোজন ক্ষমতা বোলে ।

2. মায়’পিয়াগ্ৰস্ত চকু থকা মানুহ এজনে 1.2 m তকৈ বেছি স্পষ্টকৈ দেখা নাপায়। যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেনছ ব্যৱহাৰ কৰিব লাগিব ?

উত্তৰঃ অৱতল লেন্‌ছ ব্যৱহাৰ কৰিব লাগিব।

3. স্বাভাৱিক দৃষ্টিৰ এজন মানুহ এজনৰ বাবে দূৰ-বিন্দু আৰু নিকটবিন্দু কি ?

উত্তৰঃ সুস্থ মানুহ এজনে চকুৰ পৰা ন্য়ূনতম দূৰত্বত থকা যি বিন্দুলৈকে স্পষ্টকৈ দেখা পায়। সেই বিন্দুক নিকট বিন্দু বোলে।আনহাতে, চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰ বিন্দু বোলে ।

4. ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ব’ৰ্ডখন চোৱাত অসুবিধা পায়। ল’ৰাজনে ভোগা বিকাৰটো কি হ’ব পাৰে ? ইয়াৰ সংশোধন কোনোকৈ কৰিব পাৰি ?

উত্তৰঃ ল’ৰাজনে ভোগা বিকাৰটো হ’ল মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা। উপযুক্ত ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছৰ চচমা ব্যৱহাৰ কৰি ইয়াৰ সংশোধন কৰিব পাৰি।

অনুশীলনী

1. মানুহৰ চকুৱে লেনছৰ ফ’কাছ দৈৰ্ঘ্য সলসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ’ল-

(a) প্ৰেছবায়’পিয়া

(b) উপযোজন ক্ষমতা

(c) নিকট দৃষ্টিগ্ৰস্ততা

(d) দূৰ দৃষ্টিগ্ৰস্ততা

উত্তৰঃ (b) উপযোজন ক্ষমতা।

2. মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান

(a) কৰ্ণিয়া (Cornea)

(b) চকুৰ পতা (Iris)

(c) চকৰ মণি (pupil)

(d) অক্ষিপট (Retina)

উত্তৰঃ (d) অক্ষিপট (Retina)

3. নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা নন্যূতম দূৰত্ব-

(a) 25 m

(b) 2.5 cm

(c) 25 cm

(d) 2.5 m

উত্তৰঃ (c) 25 cm

4. চকুৰ কি অঙ্গৰ ক্ৰিয়াৰ বাবে চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন হয় ?

(a) চকুৰ মণি

(b) অক্ষিপট

(c) চিলিয়াৰী

(d) চকুৰ পতা

উত্তৰঃ (c) চিলিয়াৰী

5. এজন মানুহৰ দূৰ দৃষ্টিগ্রস্ততা সংশোধনৰ বাবে -5.5 D ক্ষমতাৰ লেনছৰ আৱশ্যক। তেওঁৰ নিকট দৃষ্টিগ্রস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেনছৰ ক্ষমতা -1.5 D হ’লে (i) দূৰ দৃষ্টিগ্রস্ততা (ii) নিকট দৃষ্টিগ্রস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেনছৰ ফ’কাছ দৈর্ঘ্য কিমান?

উত্তৰঃ

(i) দূৰ দৃষ্টিগ্রস্ততাৰ বাবে :

দিয়া আছে,

\left(P\right)=-5.5D

আমি জানো যে,

f=\frac1P \Rightarrow f=\frac1{-5.5} \Rightarrow f=-0.18m

(ii) নিকট দৃষ্টিগ্রস্ততাৰ সংশোধনৰ বাবে :

দিয়া আছে,

\left(P\right)=+1.5D

আমি জানো যে,  

f=\frac1P \Rightarrow f=\frac1{1.5} \Rightarrow f=0.67m

6. নিকট দৃষ্টিগ্রস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্মুখত 80 cm দূৰত্বত। এই বিকাৰৰ সংশোধনৰ বাবে প্রয়োজন হোৱা লেন্‌ছৰ প্রকৃতি কি আৰু ক্ষমতা কিমান ?

উত্তৰঃ নিকট দৃষ্টিগ্রস্ত দোষ থকা মানুহজনৰ বাবে,

u=-\infty v=-80cm f=?

আমি জানো যে,  

\frac1f=\frac1v-\frac1u \Rightarrow\frac1f=\frac1{-80}-\frac1{-\infty} \Rightarrow\frac1f=\frac1{-80}-0 \Rightarrow f=-80cm \Rightarrow f=-0.80m

এতিয়া লেন্স ক্ষমতা,

P=\frac1f \Rightarrow P=\frac1{-0.80} \Rightarrow P=-1.25D

গতিকে, মায়’পিয়া বিকাৰৰ সংশোধনৰ বাবে অৱতল লেনছ প্ৰয়োজন হয়।

SEBA Class 10 Science Chapter 11 Question Answer in Assamese

7. দূৰ দৃষ্টিগ্রস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্র অংকন কৰা । দূৰ দৃষ্টিগ্রস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 m। এই বিকাৰৰ সংশোধনৰ বাবে প্রয়োজন হোৱা লেনছৰ ক্ষমতা কিমান ? ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 cm।

উত্তৰঃ দূৰ দৃষ্টিগ্রস্ততাৰ সংশোধনৰ ৰশ্মিচিত্র :

learningassam.com-class-10-assamese-medium-science-solutions-hslc

দিয়া আছে,

u=-25cm v=-1m=100cm

আমি জানো যে,  

\frac1f=\frac1v-\frac1u \Rightarrow\frac1f=\frac{-1}{100}-\frac1{-25} \Rightarrow\frac1f=\frac{-1}{100}+\frac1{25} \Rightarrow\frac1f=\frac3{100} \Rightarrow f=\frac{100}3cm \Rightarrow f=\frac13m

এতিয়া,

P=\frac1f \Rightarrow P=\frac1{\displaystyle\frac13} \Rightarrow P=3D

এই বিকাৰৰ সংশোধনৰ বাবে প্রয়োজন হোৱা লেনছৰ ক্ষমতা = 3D

8. সাধাৰণ চকুৱে এটা 25 cm তকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয় ?

উত্তৰঃ চিলিয়াৰী পেশীয়ে 25 cm তকৈ কম দূৰত্বত থকা বস্তু এটা লক্ষ্য কৰিবলৈ চকুৰ লেন্‌ছখনক বেছি বেঁকা কৰিব নোৱাৰে। ফলত চকুৰ অভিসাৰী ক্ষমতা হ্ৰাস পায়। ইয়াৰ ফলত প্ৰতিবিম্ব ৰেটিনাত গঠিত নহয়। সেইবাবে বস্তু এটা স্পষ্টকৈ দেখা নাপায়।

9. চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্রতিবিম্বৰ দূৰত্বৰ কি হয় ?

উত্তৰঃ চকুৰ লেন্‌ছ আৰু ৰেটিনাৰ মাজৰ দূৰত্ব সদায় সমান থাকে। যাৰ ফলত লক্ষ্যবস্তু চকুৰ পৰা আঁতৰাই নিলেও চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কোনো পৰিৱৰ্তন নহয়। এই ক্ষেত্ৰত চকুৰ লেন্‌ছ সংলগ্ন পেশীৰ সংকোচন আৰু প্ৰসাৰণে এনেদৰে নিয়ন্ত্ৰণ কৰে যে প্ৰতিবিম্ব ৰেটিনাত গঠন হয়।

10. তৰাই তিৰবিৰাই কিয়?

উত্তৰঃ বায়ুমণ্ডলৰ ঘনত্ব ওপৰৰ পৰা তললৈ বেছি। বেছি ঘনত্বত বায়ু পোহৰৰ বাবে ঘনত্বৰ মাধ্যমৰূপে আচৰণ কৰে। তৰাৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত অবিৰতভাৱে প্ৰতিসৰন হয়। প্ৰতিসৰণ ঘটা মাধ্যমটোত প্ৰতিসৰণাংক ক্ৰমান্বয়ে সলনি হৈ থাকে। যিহেতু বায়ুমণ্ডলে তৰাৰ পোহৰ অভিলম্বৰ দিশত বেঁকা কৰি দিয়ে গতিকে তৰাটোৰ আপাত স্থান, প্ৰকৃত স্থানতকৈ কিছু বেলেগ হয়। পৃথিৱীৰ ভৌতিক অৱস্থা সুস্থিৰ নহয় বাবে তৰাৰ আপাত স্থান পৰিৱৰ্তন হৈ থাকে। ফলত তৰাৰ পৰা অহা পোহৰৰ গতিপথৰ কিছু পৰিৱৰ্তন হৈ থাকে বাবে তৰাৰ আপাত স্থান পৰিৱৰ্তন হৈ থাকে আৰু চকুত সোমোৱা তৰাৰ পোহৰ কম বেছি হয়। সেয়েহে তৰাবোৰ কেতিয়াবা উজ্জ্বল বা স্নান যেন দেখা যায়। এয়াই তৰাৰ তিৰবিৰণি।

11. গ্ৰহই তিৰবিৰাই নাথাকে কিয়?

উত্তৰঃ গ্ৰহবোৰ পৃথিৱীৰ একেবাৰে ওচৰত থাকে বাবে গ্ৰহবোৰক পোহৰৰ উৎস হিচাপে দেখা যায়। যদিহে এটা গ্ৰহ পোহৰৰ বহুতো বিন্দু উৎসৰ সমষ্টি বুলি ধৰা হয় তেন্তে আমাৰ চকুত আহি পৰা পোহৰৰ সকলো বিন্দু উৎসৰ গড় মান শূন্য হয়। ফলত গ্ৰহবোৰ তিৰবিৰাই নাথাকে।

12. ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয় ?

উত্তৰঃ দিগন্তৰ ওচৰত সূৰ্যৰ পোহৰ আমাৰ চকুত সোমোৱাৰ পূৰ্বে বায়ুমণ্ডলৰ আপেক্ষিকভাৱে ডাঠ তৰপবোৰৰ মাজেৰে যথেষ্ট দূৰত্ব অতিক্ৰম কৰে। বায়ুমণ্ডলৰ মাজেৰে চুটি তৰংগদৈৰ্ঘৰ পোহৰ ৰশ্মিবোৰ পাৰ হৈ আহোতে বায়ুমণ্ডলৰ কণাসমূহে বিক্ষিপ্ত কৰি আঁতৰাই পঠায়। সূৰ্যৰ পৰা অহা দৃশ্যমান পোহৰৰ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি। যাৰ ফলত আমি ৰাতিপুৱা সূৰ্যৰ ৰং ৰঙা দেখা পাওঁ।

13. মহাকাশচাৰী এজনে আকাশৰ ৰং নীলা দেখাৰ পৰিৱৰ্তে কলা দেখে কিয়?

উত্তৰঃ মহাকাশত বায়ুমণ্ডল নথকা বাবে ইয়াত পোহৰৰ বিক্ষেপণ নঘটে। সেইবাবে সূৰ্যৰ পৰা অহা বগা পোহৰত থকা নীলা ৰশ্মিৰ বিক্ষেপণ নহয়। সেয়েহে মহাকাশচাৰী এজনে আকাশৰ নীলা ৰঙৰ পৰিৱৰ্তে কলা দেখে।

Science Question Answer

Science MCQ

Important

চকুৰ উপযোজন ক্ষমতা কি ?

চকুৰ লেন্‌ছৰ ফকাছ দৈৰ্ঘ্য পৰিবৰ্তন কৰিব পৰা সামৰ্থ্যক উপযোজন ক্ষমতা বোলে ।

স্বাভাৱিক দৃষ্টিৰ এজন মানুহ এজনৰ বাবে দূৰ-বিন্দু আৰু নিকটবিন্দু কি ?

সুস্থ মানুহ এজনে চকুৰ পৰা ন্য়ূনতম দূৰত্বত থকা যি বিন্দুলৈকে স্পষ্টকৈ দেখা পায়। সেই বিন্দুক নিকট বিন্দু বোলে।আনহাতে, চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰ বিন্দু বোলে ।

তৰাই তিৰবিৰাই কিয়?

বায়ুমণ্ডলৰ ঘনত্ব ওপৰৰ পৰা তললৈ বেছি। বেছি ঘনত্বত বায়ু পোহৰৰ বাবে ঘনত্বৰ মাধ্যমৰূপে আচৰণ কৰে। তৰাৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত অবিৰতভাৱে প্ৰতিসৰন হয়। প্ৰতিসৰণ ঘটা মাধ্যমটোত প্ৰতিসৰণাংক ক্ৰমান্বয়ে সলনি হৈ থাকে। যিহেতু বায়ুমণ্ডলে তৰাৰ পোহৰ অভিলম্বৰ দিশত বেঁকা কৰি দিয়ে গতিকে তৰাটোৰ আপাত স্থান, প্ৰকৃত স্থানতকৈ কিছু বেলেগ হয়। পৃথিৱীৰ ভৌতিক অৱস্থা সুস্থিৰ নহয় বাবে তৰাৰ আপাত স্থান পৰিৱৰ্তন হৈ থাকে। ফলত তৰাৰ পৰা অহা পোহৰৰ গতিপথৰ কিছু পৰিৱৰ্তন হৈ থাকে বাবে তৰাৰ আপাত স্থান পৰিৱৰ্তন হৈ থাকে আৰু চকুত সোমোৱা তৰাৰ পোহৰ কম বেছি হয়। সেয়েহে তৰাবোৰ কেতিয়াবা উজ্জ্বল বা স্নান যেন দেখা যায়। এয়াই তৰাৰ তিৰবিৰণি।

গ্ৰহই তিৰবিৰাই নাথাকে কিয়?

গ্ৰহবোৰ পৃথিৱীৰ একেবাৰে ওচৰত থাকে বাবে গ্ৰহবোৰক পোহৰৰ উৎস হিচাপে দেখা যায়। যদিহে এটা গ্ৰহ পোহৰৰ বহুতো বিন্দু উৎসৰ সমষ্টি বুলি ধৰা হয় তেন্তে আমাৰ চকুত আহি পৰা পোহৰৰ সকলো বিন্দু উৎসৰ গড় মান শূন্য হয়। ফলত গ্ৰহবোৰ তিৰবিৰাই নাথাকে।

ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয় ?

দিগন্তৰ ওচৰত সূৰ্যৰ পোহৰ আমাৰ চকুত সোমোৱাৰ পূৰ্বে বায়ুমণ্ডলৰ আপেক্ষিকভাৱে ডাঠ তৰপবোৰৰ মাজেৰে যথেষ্ট দূৰত্ব অতিক্ৰম কৰে। বায়ুমণ্ডলৰ মাজেৰে চুটি তৰংগদৈৰ্ঘৰ পোহৰ ৰশ্মিবোৰ পাৰ হৈ আহোতে বায়ুমণ্ডলৰ কণাসমূহে বিক্ষিপ্ত কৰি আঁতৰাই পঠায়। সূৰ্যৰ পৰা অহা দৃশ্যমান পোহৰৰ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি। যাৰ ফলত আমি ৰাতিপুৱা সূৰ্যৰ ৰং ৰঙা দেখা পাওঁ।

মহাকাশচাৰী এজনে আকাশৰ ৰং নীলা দেখাৰ পৰিৱৰ্তে কলা দেখে কিয়?

মহাকাশত বায়ুমণ্ডল নথকা বাবে ইয়াত পোহৰৰ বিক্ষেপণ নঘটে। সেইবাবে সূৰ্যৰ পৰা অহা বগা পোহৰত থকা নীলা ৰশ্মিৰ বিক্ষেপণ নহয়। সেয়েহে মহাকাশচাৰী এজনে আকাশৰ নীলা ৰঙৰ পৰিৱৰ্তে কলা দেখে।

Class 10 Science Chapter 11 Question Answer Assamese Medium

  • 11.1 মানৱ চকু (The human Eye )
  • 11.1.1 উপযোজন ক্ষমতা (Power of Accomodation)
  • 11.2 দৃষ্টিৰ বিকাৰ আৰু তাৰ প্ৰতিকাৰ (DEFECTS OF VISION AND THEIR CORRECTION)
  • (a) মায় পিয়া বা নিকট দৃষ্টিগ্রস্ততা (Myopia)
  • (a) মায় পিয়া বা নিকট দৃষ্টিগ্রস্ততা (Myopia)
  • (b) হাইপাৰমেট্ৰ’পিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা (Hypermetropia)
  • (c) প্ৰেছবায়’পিয়া (Presbyopia)
  • 11.3 প্রিজমৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ (RETRACTION OF LIGHT THROUGH A PRISM)
  • 11.4 কাঁচৰ প্রিজমৰদ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ (DISPERSION OF WHITE. LIGHT BY A GLASS PRISM)
  • 11.5 বায়ুমণ্ডলীয় প্ৰতিসৰণ (ATMOSPHERIC REFRACTION)
  • 11.6 পোহৰৰ বিক্ষেপণ (SCALLERING OF LIGHT)
  • 11.6.1 টিণ্ডেল পৰিঘটনা (Tyndall effect)
  • 11.6.2 মুকলি আকাশৰ ৰং নীলা কিয় ? (Why is the colour of the clear sky blue?)
  • 11.6.3 সূর্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং (Colour of Sun at sunrise and sunset) 

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী Class 10 Question Answer

SEBA Class 10 Science Chapter 11 Question Answer Assamese Medium (Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী Question Answer) are available here. Students can practice these SEBA Class 10 General Science Chapter 11 Question Answer Assamese Medium, prepared per the SEBA syllabus (2023 – 2024) and NCERT curriculum. All the questions in this SEBA Class 10 Science Chapter 11 Question Answer in Assamese are designed according to the latest HSLC exam pattern. All the objective questions are presented here with their answers. It will help students to score the highest marks in the HSLC exam. We have uploaded all the SEBA Class 10 Assamese Medium Science Chapter 11 Question Answer (মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী Class 10 Question Answer) carefully.

Class 10 Science Chapter 11 Question Answer in Assamese

ওপৰত আলোচনা কৰা SEBA Class 10 Science Chapter 11 Answer in Assamese ( Chapter 12 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী Question Answer) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 10 Science Chapter 11 Question Answer Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 10 Chapter 11 Question Answer in Assamese PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

Mahibul Islam
Mahibul Islamhttp://learningassam.com
Mahibul Islam is the founder of Learning Assam, a educational website. Mahibul's expertise SEO, website development and digital marketing making him a pivotal figure in the industry.

Similar Class

Class 10 Science Chapter 16 [প্ৰশ্নোত্তৰ] – প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

প্ৰশ্নাৱলীঃ (পৃষ্ঠা-269)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-273)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-276)অনুশীলনীঅতিৰিক্ত প্ৰশ্নোত্তৰপ্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনাশ্ৰেণী (Class)দশম শ্ৰেণীৰ (X)বিষয়বিজ্ঞান (Science)পাঠ (Lesson)প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনাঅধ্যায় (Chapter)অধ্যায় 16মাধ্যম (Medium)অসমীয়াৱেবছাইটৰ নামlearningassam.comসকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম।...

Class 10 Science Chapter 15 [প্ৰশ্নোত্তৰ] – আমাৰ পৰিবেশ

Contentsপ্ৰশ্নাৱলীঃ (পৃষ্ঠা-257)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-261)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-264)অনুশীলনীআমাৰ পৰিবেশশ্ৰেণী (Class)দশম শ্ৰেণীৰ (X)বিষয়বিজ্ঞান (Science)পাঠ (Lesson)আমাৰ পৰিবেশঅধ্যায় (Chapter)অধ্যায় 15মাধ্যম (Medium)অসমীয়াৱেবছাইটৰ নামlearningassam.comসকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি...

Class 10 Science Chapter 14 [প্ৰশ্নোত্তৰ] – শক্তিৰ উৎসসমূহ

Contentsপ্ৰশ্নাৱলীঃ (পৃষ্ঠা-243)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-248)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-253)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-253)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-254)অনুশীলনীশক্তিৰ উৎসসমূহশ্ৰেণী (Class)দশম শ্ৰেণীৰ (X)বিষয়বিজ্ঞান (Science)পাঠ (Lesson)শক্তিৰ উৎসসমূহঅধ্যায় (Chapter)অধ্যায় 14মাধ্যম (Medium)অসমীয়াৱেবছাইটৰ নামlearningassam.comসকলো ছাত্ৰ-ছাত্ৰীক Learning...

Class 10 Science Chapter 13 [প্ৰশ্নোত্তৰ] – বিদ্যুৎ–প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

প্ৰশ্নাৱলীঃ (পৃষ্ঠা-224)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-228)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-229)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-231)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-233)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-236)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-237)প্ৰশ্নাৱলীঃ (পৃষ্ঠা-238)অনুশীলনীবিদ্যুৎ–প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াশ্ৰেণী (Class)দশম শ্ৰেণীৰ (X)বিষয়বিজ্ঞান (Science)পাঠ (Lesson)বিদ্যুৎ–প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াঅধ্যায়...

LEAVE A REPLY

Please enter your comment!
Please enter your name here

error: Content is protected !!