Quick Summary (দ্রুত সাৰাংশ)
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations) হৈছে SEBA Class 10 Science Chapter 1 Assamese Medium ৰ মূল বিষয়। এই অধ্যায়ত আপুনি শিকিব – ৰাসায়নিক সমীকৰণ কেনেকৈ সন্তুলন কৰিব, চাৰি প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া (সংযোজন, বিযোজন, অপসৰণ, দ্বিঅপসৰণ), আৰু জাৰণ-বিজাৰণ প্ৰক্ৰিয়া। HSLC 2025-26 পৰীক্ষাৰ বাবে এই অধ্যায়ৰ পৰা 6-8 নম্বৰৰ প্ৰশ্ন আহে। এই সম্পূৰ্ণ গাইডত পাব MCQ, অনুশীলনী সমাধান, আৰু PDF download সুবিধা।
Table of Contents
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা-6
Class 10 Science Question Answer Page No 6
1. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয়?
উত্তৰঃ বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল ‘ ব লাগে কিয়নো মেগনেছিয়াম ধাতুয়ে বায়ুমণ্ডলীয় অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড (MgO) ৰ এটা তৰপ গঠন কৰে। এই তৰপটোৰ বাবে মেগনেছিয়াম ফিতাই বায়ুত থকা অক্সিজেনৰ প্ৰত্যক্ষ সংযোগ নাপায়।
2. তলৰ ৰাসায়নিক বিক্রিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা ।
(i) হাইড্রজেন + ক্ল’ৰিন→ হাইড্রজেন ক্ল’ৰাইড ।
(ii) বেৰিয়াম ক্ল’ ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ ৰাইড
(iii) ছ’ডিয়াম + পানী → ছ’ ডিয়াম হাইড্রক্সাইড + হাইড্রজেন ।
উত্তৰঃ
(i) H_2+{Cl}_2\rightarrow2HCl
(ii)3Ba{Cl}_2+{Al}_2{\left({SO}_4\right)}_3\rightarrow3Ba{SO}_4+2Al{Cl}_3
(iii) 2Na+2H_2O\rightarrow2NaOH+H_2
3. তলৰ বিক্রিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ।
(i) বেৰিয়াম ক্ল’ৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্রৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্রস্তুত হয় ।(ii) ছডিয়াম হাইড্রক্স ইডৰ দ্ৰৱ (পানীত) হাইড্র’ক্ল’ৰিক এছিডৰ দ্ৰৱ ( পানীত) ৰে সৈতে বিক্রিয়া কৰি ছডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।
উত্তৰঃ
(i) Ba{Cl}_2+{Na}_2{SO}_4\rightarrow Ba{SO}_4+2NaCl
(ii) NaOH+HCl\rightarrow NaCl+H_2O
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা- 10
Class 10 Science Question Answer Page No 10
1. এটা পদাথ ‘ X ‘ ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ (White Washing ) ব্যৱহাৰ কৰা হয়।
(i) পদাৰ্থ ‘ X ‘ ৰ নাম আৰু সংকেত লিখ ।
(ii) পানীৰে সৈতে পদার্থ ‘ X ‘ এ কৰা বিক্রিয়াটো লিখ ।
উত্তৰঃ
(i) পদাৰ্থ ‘X’ ৰ নাম হল পোৰা চূণ বা কেলছিয়াম অক্সাইড আৰু সংকেত CaO।
(ii) CaO+H_2O\rightarrow Ca{\left(OH\right)}_2
Class 10 Science প্ৰশ্নাৱলী পৃষ্ঠা- 13
Class 10 Science Question Answer Page No 13
1. লোৰ গজাল এটা ডুবাই ৰাখিলে ক’পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবর্তন ঘটে কিয়?
উত্তৰঃ লো ক’পাৰতকৈ অধিক সক্ৰিয় হোৱা বাবে ক’পাৰ ছালফেট দ্ৰৱত লোৰ গজাল এটা ডুবাই দিলে লোৱে ক’পাৰ ছালফেট দ্ৰৱৰ পৰা ক’পাৰক অপসাৰিত কৰে। ফলত ক’পাৰ ছালফেট দ্ৰৱৰ গাঢ়তা কমি যায় আৰু ক’পাৰ ছালফেট দ্ৰৱৰ নীলা বৰণ শেতা হৈ পৰে আৰু লোৰ গজাল তাম বৰণৰ হয়।
বিক্ৰিয়াটো হল –
Fe+Cu{SO}_4\rightarrow Fe{SO}_4+Cu
2. কার্যকলাপ 1.10 ত দিয়া বিক্রিয়াটোৰ বাহিৰে আন এটা দ্বি-অপসৰন বিক্রিয়াৰ উদাহৰণ দিয়া ।
উত্তৰঃ ছিলভাৰ নাইট্ৰ’জেন জলীয় দ্ৰৱই ছডিয়াম ক্ল’ৰাইড দ্ৰৱৰ লগত বিক্ৰিয়া কৰি ছিলভাৰ ক্ল’ৰাইডৰ বগা অধঃক্ষেপ আৰু ছডিয়াম নাইট্ৰে’ট দ্ৰৱ উৎপন্ন হয়।
বিক্ৰিয়াটো হল –
Ag{NO}_3+NaCl\rightarrow AgCl+NaNO_3
Class 10 Science Chapter 1 Assamese Medium Question Answer
3. তলৰ বিক্রিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ বাচি উলিওৱা ।
(i) 4Na\left(s\right)+O_2\left(g\right)\rightarrow2{Na}_2O\left(s\right)
(ii) CuO\left(s\right)+H_2\left(g\right)\rightarrow Cu\left(s\right)+H_2O\left(l\right)
উত্তৰঃ (i) এই বিক্ৰিয়াটোত Na জাৰিত হৈ Na_2O উৎপন্ন হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে।
(ii) H_2 জাৰিত হৈ পানী উৎপন্ন হৈছে আৰু CuO বিজাৰিত হৈ Cu উৎপন্ন হৈছে।
Class 10 Science অনুশীলনী
Class 10 Science Exercise Question Answer
1. তলৰ বিক্রিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?
2PbO\left(s\right)+C\left(s\right)\rightarrow2Pb\left(s\right)+CO_2\left(g\right)
(a) লেড বিজাৰিত হৈছে ।
(b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে ।
(c) কার্বন জাৰিত হৈছে ।
(d) লেড অক্সাইড বিজাৰিত হৈছে ।
(i) (a) আৰু (b)
(ii) (a) আৰু (c)
(iii )(a) , (b) আৰু (c)
(iv) সকলো
উত্তৰঃ ( a ) আৰু (b ) । (a)কাৰণ অক্সিজেন আঁতৰোৱা হৈছে আৰু (b) কাৰণ কাৰ্বনৰ লগত অক্সিজেনৰ যোগ হৈছে ।
Also Read: Class 10 Science Chapter 1 MCQ
2. Fe_2O_3+2Al\rightarrow{Al}_2O_3+2Fe
ওপৰৰ বিক্রিয়াটো এটা উদাহৰণ
(a) এটা সংযোজন বিক্রিয়াৰ
(b) এটা দ্বিঅপসাৰণ বিক্রিয়াৰ
(c) এটা বিযোজন বিক্রিয়াৰ
(d) এটা অপসৰণ বিক্রিয়াৰ
উত্তৰঃ (d) এটা অপসৰণ বিক্রিয়াৰ ।
3. কি ঘটে যেতিয়া লঘু হাইড্রক্ল ‘ ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? শুদ্ধ উত্তৰটোত টিক চিন দিয়া ।
(a ) হাইড্রজেন গেছ আৰু আইৰন ক্ল ‘ ৰাইড উৎপন্ন হয় ।
( b) ক্ল’ৰি গেছ আৰু আইৰন হাইড্রক্সাইড উৎপন্ন হয় ।
(c ) বিক্রিয়া নঘটে ।
(d ) আইৰন লৱণ আৰু পানী উৎপন্ন হয় ।
উত্তৰঃ (a ) হাইড্রজেন গেছ আৰু আইৰন ক্ল ‘ ৰাইড উৎপন্ন হয় ।
বিক্ৰিয়াটো হল –
2HCl+Fe\rightarrow Fe{Cl}_2+H_2
বিজ্ঞান Class 10 Chapter 1 question answer
4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে ?
উত্তৰঃ যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে। ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগে কাৰণ ভৰৰ নিত্যতাবিধি অনুযায়ী ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি নাইবা ধ্বংস নহয়। সেয়েহে বিক্ৰিয়াসমূহত বিক্ৰিয়াৰ আগত বিক্ৰিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ বিক্ৰিয়াৰ পিছত বিক্ৰিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰৰ সমান কৰিব লাগে।
5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সত্তলন কৰা ।
(a) হাইড্রজেন গেছে নাইট্রজেনৰে সৈতে লগ হৈ এমনিয়া প্রস্তুত কৰে ।
(b) হাইড্রজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে ।
(c) বেৰিয়াম ক্ল ’ ৰাইডে এলুমিনিয়াম ছলফেটৰে সৈতে বিক্রিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে ।
(d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।
উত্তৰঃ
(a) ৰাসায়নিক সমীকৰণ:
H_2+N_2\rightarrow{NH}_3
সন্তুলিত ৰাসায়নিক সমীকৰণ:
3H_2+N_2\rightarrow2{NH}_3
(b) ৰাসায়নিক সমীকৰণ:
H_2S+O_2\rightarrow H_2O+SO_2
সন্তুলিত ৰাসায়নিক সমীকৰণ:
2H_2S+3O_2\rightarrow2H_2O+2SO_2
(c) ৰাসায়নিক সমীকৰণ:
BaCl_2+Al_2{\left(SO_4\right)}_3\rightarrow AlCl_3+BaSO_4
সন্তুলিত ৰাসায়নিক সমীকৰণ:
3BaCl_2+Al_2{\left(SO_4\right)}_3\rightarrow2AlCl_3+3BaSO_4
(d) ৰাসায়নিক সমীকৰণ:
K+H_2O\rightarrow KOH+H_2
সন্তুলিত ৰাসায়নিক সমীকৰণ:
2K+2H_2O\rightarrow2KOH+H_2
6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা ।
(a) HNO_3+Ca{\left(OH\right)}_2\rightarrow Ca{\left(NO_3\right)}_2+H_2O
(b) NaOH+H_2SO_4\rightarrow Na_2SO_4+H_2O
(c) NaCl+AgNO_3\rightarrow AgCl+NaNO_3
(d) BaCl_2+H_2SO_4\rightarrow BaSO_4+HCl
উত্তৰঃ
(a) 2HNO_3+Ca{\left(OH\right)}_2\rightarrow Ca{\left(NO_3\right)}_2+2H_2O
(b) 2NaOH+H_2SO_4\rightarrow Na_2SO_4+2H_2O
(c) NaCl+AgNO_3\rightarrow AgCl+NaNO_3
(d) BaCl_2+H_2SO_4\rightarrow BaSO_4+HCl
Class 10 Science Chapter 1 Assamese Medium Question Answer
7. তলৰ বিক্রিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা ।
(a ) কেলছিয়াম হাইড্র’ক্সাইড + কার্বন ডাই অস্কাইড→ কেলছিয়াম কার্বনেট + পানী ।
(b ) যিংক + ছিলভাৰ নাইট্রেট → যিংক নাইট্রেট + ছিলভাৰ ।
(c ) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ ।
(d ) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড ।
উত্তৰঃ
(a) 2Ca{\left(OH\right)}_2+2CO_2\rightarrow2CaCO_3+2H_2O
(b) Zn+2AgNO_3\rightarrow Zn{\left(NO_3\right)}_2+2Ag
(c) 2Al+3CuCl_2\rightarrow2AlCl_3+3Cu
(d) BaCl_2+K_2SO_4\rightarrow BaSO_4+2KCl
৪. তলত দিয়াবোৰৰ বাবে সন্তোলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্রকাৰৰ বিক্রিয়া চিনাক্ত।
(a) পটেছিয়াম ব্র’মাইড (aq )+বেৰিয়াম আয়’ডাইড (aq )→পটেছিয়াম আয়’ ডাইড (aq )+বেৰিয়াম ব্ৰ’মাইড (s )
(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g )
(c) হাইড্র’জেন(g ) + ক্ল’ৰিন(g) → হাইড্র’জেন ক্ল’ৰাইড(g)
(d) মেগনেছিয়াম (s)+হাইড্র’ক্ল’ৰিক এছিড(aq ) → মেগনেছিয়াম ক্ল’ৰাইড (aq) + হাইড্র’জেন(g)
উত্তৰঃ
(a) 2KBr+BaI_2\rightarrow2KI+BaBr_2
ই এটা দ্বি-অপসৰণ বিক্ৰিয়া।
(b) ZnCO_3\rightarrow ZnO+CO_2
ই এটা বিয়োজন বিক্ৰিয়া।
(c) H_2+Cl\rightarrow2HCl
ই এটা সংযোজন বিক্ৰিয়া।
(d) Mg+2HCl\rightarrow MgCl_2+H_2
ই এটা অপসৰণ বিক্ৰিয়া।
9. তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া ।
উত্তৰঃ যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়, সেইবোৰ বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বোলে ।
উদাহৰণ :
CH_4\left(g\right)+2O_2\left(g\right)\rightarrow CO_2\left(g\right)+2H_2O\left(g\right)
যি ৰাসায়নিক বিক্ৰিয়াত তাপ শোষণ হয় তেনে ৰাসায়নিক বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে।
উদাহৰণ :
2AgBr\left(s\right)\rightarrow2Ag\left(s\right)+Br_2\left(g\right)
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Class 10 Question Answer
10. শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা ।
উত্তৰঃ জীৱনৰ জীয়াই থকাৰ বাবে, আমাক শক্তিৰ প্ৰয়োজন। আমি খোৱা খাদ্যৰ পৰা এই শক্তি লাভ কৰোঁ। খাদ্যৰ অণুবোৰ হজম প্ৰক্ৰিয়াৰ জৰিয়তে গ্লুকোজৰ দৰে এক সৰল অণুলৈ বিভক্ত হয়। এই পদাৰ্থবোৰ আমাৰ শৰীৰৰ কোষবোৰত থকা অক্সিজেনৰ সংস্পৰ্শলৈ আহে আৰু এক নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ সৈতে কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে। যিহেতু এই শক্তি তাপৰ ৰূপত উৎপন্ন হয়, যিয়ে আমাৰ শৰীৰত উষ্ণতা বজাই ৰাখে। সেয়ে শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে ।
বিক্রিয়াটো হল –
C_6H_{12}O_6+6O_2\rightarrow6CO_2+6H_2O+ শক্তি
11. বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় কিয় ? এই সমূহ বিক্রিয়াৰ বাবে সমীকৰণ লিখা ।
উত্তৰঃ সংযোজন বিক্ৰিয়াত দুটা বা তাতোকৈ বেছি পদাৰ্থ (মৌল বা যৌগ) মিলিত হৈ এটা নতুন পদাৰ্থ উৎপন্ন কৰে। আনহাতে বিযোজন বিক্ৰিয়াত এটা ৰাসায়নিক পদাৰ্থ বাবে যৌগ বিযোজিত হৈ দুই বা তাতোধিক পদাৰ্থ উৎপন্ন হয়। সেই বাবে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়।
সংযোজন বিক্ৰিয়া-
C\left(s\right)+O_2\left(g\right)\rightarrow CO_2\left(g\right)
বিযোজন বিক্ৰিয়া-
ZnCO_3\rightarrow Zn+CO_2
Also Read: Class 10 Science Chapter 1 MCQ
12. তাপ,পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্রিয়াৰ একোটাকৈ সমীকৰণ লিখা ।
উত্তৰঃ
তাপ শক্তিৰে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ-
CaCO_3\left(s\right)\rightarrow CaO\left(s\right)+CO_2\left(g\right)
পোহৰ শক্তিয়ে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ-
2AgBr\left(s\right)\rightarrow2Ag\left(s\right)+Br_2\left(g\right)
বিদ্যুত শক্তিৰে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ-
2H_2O\left(l\right)\rightarrow2H_2\left(g\right)+O_2\left(g\right)
13. অপসৰণ আৰু দ্বিঅপসৰণ বিক্রিয়াৰ মাজত পার্থক্য কি?এই বিক্রিয়াবোৰৰ বাবে সমীকৰণ লিখা ।
উত্তৰঃঅপসৰণ বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক তাৰ যৌগৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে। কিন্তু দ্বি-অপসৰণ বিক্ৰিয়াত দুটা আয়নীয় যৌগৰ জলীয় দ্ৰৱই বিক্ৰিয়াত অংশ গ্ৰহণ কৰি সিহঁতৰ মাজত পৰস্পৰৰ আয়ন বিনিময় কৰি নতুন বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে।
অপসৰণ বিক্ৰিয়া :
Fe\left(s\right)+CuSO_4\left(aq\right)\rightarrow Cu\left(s\right)+FeSO_4
দ্বি-অপসৰণ বিক্ৰিয়া :
AgNO_3\left(aq\right)+NaCl\left(aq\right)\rightarrow AgCl\left(s\right)+NaNO_3\left(aq\right)
14. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রে’ট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয় । জড়িত বিক্রিয়াটো লিখা ।
উত্তৰঃ
2AgNO_3\left(aq\right)+Cu\left(s\right)\rightarrow Cu{\left(NO_3\right)}_2+2Ag\left(s\right)
15. অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা ? উদাহৰণ দি ব্যাখ্যা কৰা ।
উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত অধঃক্ষেপ উৎপন্ন হয় তেনে বিক্ৰিয়াক অধঃক্ষেপ বিক্ৰিয়া বোলে।
উদাহৰণ- ক‘পাৰ ছালফেটৰ জলীয় দ্ৰৱৰ মাজেৰে হাইড্ৰ’জেন ছালফাইড গেছ যাব দিলে ক’পাৰ ছালফাইডৰ এটা ক’লা অধঃক্ষেপ আৰু হাইড্ৰ’জেন ছালফেটৰ দ্ৰৱ উৎপন্ন হয়।
CuSO_4\left(aq\right)+H_2S\left(aq\right)\rightarrow CuS\left(s\right)+H_2SO_4\left(aq\right)
বিজ্ঞান Class 10 Chapter 1 question answer
16. অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা ।
(a) জাৰণ ।
(b) বিজাৰণ ।
উত্তৰঃ(a) যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয়, তাকে জাৰণ বিক্ৰিয়া বোলে।
উদাহৰণ-
(i) S\left(s\right)+O_2\left(g\right)\rightarrow SO_2
(ii) 2Mg\left(s\right)+O_2\left(g\right)\rightarrow2MgO\left(s\right)
(b) যি বিক্ৰিয়াত কোনো এটা পদাৰ্থই অক্সিজেন হেৰুৱায়, তেনে বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বোলে।
উদাহৰণ-
(i) CuO+H_2\rightarrow Cu+H_2O
(ii) ZnO+C\rightarrow Zn+CO
17. এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘ X ‘ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল । মৌল ‘ X ‘ আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা ।
উত্তৰঃ উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ৰ নাম হ’ল ক’পাৰ (Cu)আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম হ’ল ক’পাৰ অক্সাইড (CuO).
বিক্রিয়াটো হল :
2Cu+O_2\rightarrow2CuO
18. লোৰ বস্তুত ৰঙৰ প্রলেপ দিও কিয় ?
উত্তৰঃ বায়ুত যথেষ্ট পৰিমাণে অক্সিজেন আৰু জলীয় বাষ্প থাকে। ইহঁতে লোৰ লগত বিক্ৰিয়া কৰি মামৰ (ফেৰাছ ফেৰিক অক্সাইড) উৎপন্ন কৰে। এই মামৰে লোৰ বস্তুবোৰৰ ক্ষয়ীভৱন ঘটায়। সেইবাবে লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিলে বস্তুটো অক্সিজেন আৰু জলীয় বাষ্পৰ হৈতে বিক্ৰিয়া কৰিব নোৱাৰে আৰু মামৰে ধৰাৰ পৰা ৰক্ষা পৰে ফলত বস্তুটো বহুত দিনলৈ ভালে থাকে।
19. তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্র’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় ?
উত্তৰঃ তেল আৰু চৰ্বি থকা খাদ্য বস্তুবোৰ বায়ুত থকা অক্সিজেনৰ উপস্থিতিত জাৰণ ঘটি দুৰ্গন্ধিতা বা ৰেনচিডিটি ৰ সৃষ্টি কৰে। নাইট্ৰজেন এবিধ প্ৰতিজাৰক পদাৰ্থ। সেয়েহে তেল বা চৰ্বি যুক্ত খাদ্য বস্তুবোৰ নাইট্ৰজেনৰ উপস্থিতিত পেকেটত ভৰালে খাদ্য বস্তুখিনি জাৰিত নহয় ফলত বহু দিনলৈ ভালে থাকে।
20. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা ।
(a) ক্ষয়ীভৱন ।
(b) চৰ্বিৰ দুৰ্গন্ধিতা ।
উত্তৰঃ (a) ক্ষয়ীভৱন : ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে- জলীয় বাস্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হৈ ক্ষয় ঘটা প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলে। যেনে- লোৰ ওপৰত ৰঙচুৱা মূগা বৰণৰ প্ৰলেপ পৰা, ছিলভাৰৰ ওপৰত ক’লা দাগ পৰা আদি।
(b) চৰ্বিৰ দুৰ্গন্ধিতা :তেল আৰু চৰ্বি থকা খাদ্য বস্তুবোৰ বায়ুত থকা অক্সিজেনৰ উপস্থিতিত জাৰণ ঘটি দুৰ্গন্ধিতা বা ৰেনচিডিটি ৰ সৃষ্টি কৰে। নাইট্ৰজেন এবিধ প্ৰতিজাৰক পদাৰ্থ। সেয়েহে তেল বা চৰ্বি যুক্ত খাদ্য বস্তুবোৰ নাইট্ৰজেনৰ উপস্থিতিত পেকেটত ভৰালে খাদ্য বস্তুখিনি জাৰিত নহয় ফলত বহু দিনলৈ ভালে থাকে।
অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰ
প্রশ্ন 1: ৰাসায়নিক বিক্ৰিয়া কাক বোলে?
উত্তৰ: যেতিয়া পদাৰ্থৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন ঘটে আৰু নতুন পদাৰ্থ তৈয়াৰ হয়, তেতিয়া তাক ৰাসায়নিক বিক্ৰিয়া বোলা হয়।
প্রশ্ন 2: ৰাসায়নিক বিক্ৰিয়া ঘটাৰ লক্ষণসমূহ কি কি?
উত্তৰ: ৰাসায়নিক বিক্ৰিয়া ঘটাৰ লক্ষণসমূহ হ’ল—
- অৱস্থাৰ পৰিৱৰ্তন
- ৰঙৰ পৰিৱৰ্তন
- গেছৰ উৎপত্তি
- উষ্ণতাৰ পৰিৱৰ্তন
প্রশ্ন 3: বিক্ৰিয়ক (Reactant) কাক বোলে?
উত্তৰ: ৰাসায়নিক বিক্ৰিয়াত অংশ লোৱা পদাৰ্থসমূহক বিক্ৰিয়ক বোলা হয়। সমীকৰণৰ কাঁড় চিনৰ বাঁওফালে বিক্ৰিয়কসমূহ লিখা হয়। উদাহৰণ: Mg + O₂ → MgO ত Mg আৰু O₂ হ’ল বিক্ৰিয়ক।
প্রশ্ন 4: বিক্ৰিয়াজাত পদাৰ্থ (Product) কাক বোলে?
উত্তৰ: ৰাসায়নিক বিক্ৰিয়াত নতুনকৈ উৎপন্ন হোৱা পদাৰ্থসমূহক বিক্ৰিয়াজাত পদাৰ্থ বোলা হয়। সমীকৰণৰ কাঁড় চিনৰ সোঁফালে ইহঁত লিখা হয়।
প্রশ্ন 5: ভৰৰ নিত্যতা সূত্ৰ (Law of Conservation of Mass) কি?
উত্তৰ: ভৰৰ নিত্যতা সূত্ৰ মতে, ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ’ব নোৱাৰে। অৰ্থাৎ বিক্ৰিয়কৰ মুঠ ভৰ = বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ।
প্রশ্ন 6: সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে?
উত্তৰ: যি ৰাসায়নিক সমীকৰণত কাঁড় চিনৰ দুয়োফালে প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা সমান থাকে, তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলা হয়। ভৰৰ নিত্যতা সূত্ৰ মানি চলাৰ বাবে সমীকৰণ সন্তুলিত কৰিব লাগে।
প্রশ্ন 7: জঁকা ৰাসায়নিক সমীকৰণ (Skeletal Chemical Equation) কি?
উত্তৰ: যি ৰাসায়নিক সমীকৰণত দুয়োফালে পৰমাণুৰ সংখ্যা সমান নহয়, অৰ্থাৎ অসন্তুলিত সমীকৰণক জঁকা ৰাসায়নিক সমীকৰণ বোলা হয়। যেনে: Mg + O₂ → MgO এটা জঁকা সমীকৰণ।
প্রশ্ন 8: সংযোজন বিক্ৰিয়া (Combination Reaction) কাক বোলে?
উত্তৰ: যি বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ (মৌল বা যৌগ) লগ হৈ মাত্ৰ এটা নতুন বিক্ৰিয়াজাত পদাৰ্থ গঠন হয়, তাক সংযোজন বিক্ৰিয়া বোলা হয়। উদাহৰণ: CaO(s) + H₂O(l) → Ca(OH)₂(aq) + তাপ
প্রশ্ন 9: বিয়োজন বিক্ৰিয়া (Decomposition Reaction) কাক বোলে?
উত্তৰ: যি বিক্ৰিয়াত এটা পদাৰ্থ বিয়োজিত হৈ দুটা বা ততোধিক সৰল পদাৰ্থ উৎপন্ন কৰে, তাক বিয়োজন বিক্ৰিয়া বোলা হয়। এইটো সংযোজন বিক্ৰিয়াৰ বিপৰীত। উদাহৰণ: 2FeSO₄ → Fe₂O₃ + SO₂ + SO₃
প্রশ্ন 10: তাপীয় বিয়োজন বিক্ৰিয়া কি?
উত্তৰ: যি বিয়োজন বিক্ৰিয়াত তাপ প্ৰয়োগ কৰি বিক্ৰিয়া ঘটোৱা হয়, তাক তাপীয় বিয়োজন (Thermal Decomposition) বিক্ৰিয়া বোলা হয়। উদাহৰণ: CaCO₃ → CaO + CO₂
প্রশ্ন 11: অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া কি?
উত্তৰ: যি বিক্ৰিয়াত এটা মৌলে আন এটা মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰে, তাক অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বোলা হয়। উদাহৰণ: Fe + CuSO₄ → FeSO₄ + Cu
প্রশ্ন 12: দ্বিপসৰণ বিক্ৰিয়া (Double Displacement Reaction) কি?
উত্তৰ: যি বিক্ৰিয়াত দুটা বিক্ৰিয়কৰ মাজত আয়নৰ বিনিময় ঘটে, তাক দ্বিপসৰণ বিক্ৰিয়া বোলা হয়। উদাহৰণ: Na₂SO₄ + BaCl₂ → BaSO₄↓ + 2NaCl
প্রশ্ন 13: অধঃক্ষেপণ বিক্ৰিয়া (Precipitation Reaction) কি?
উত্তৰ: যি বিক্ৰিয়াত অদ্ৰাব্য লৱণ উৎপন্ন হয় তাক অধঃক্ষেপণ বিক্ৰিয়া বোলা হয়। উৎপন্ন অদ্ৰাব্য পদাৰ্থক অধঃক্ষেপ বোলা হয়। উদাহৰণ: Pb(NO₃)₂ + 2KI → PbI₂↓ (হালধীয়া) + 2KNO₃
প্রশ্ন 14: তাপবৰ্জী বিক্ৰিয়া (Exothermic Reaction) কাক বোলে?
উত্তৰ: যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়, সেইবোৰক তাপবৰ্জী বিক্ৰিয়া বোলা হয়। উদাহৰণ: CH₄ + 2O₂ → CO₂ + 2H₂O + তাপ; শ্বসন বিক্ৰিয়াও এটা তাপবৰ্জী বিক্ৰিয়া।
প্রশ্ন 15: তাপগ্ৰাহী বিক্ৰিয়া (Endothermic Reaction) কাক বোলে?
উত্তৰ: যিবোৰ বিক্ৰিয়াত তাপ শোষিত হয় সেইবোৰক তাপগ্ৰাহী বিক্ৰিয়া বোলা হয়। উদাহৰণ: বেৰিয়াম হাইড্ৰ’ক্সাইড আৰু এম’নিয়াম ক্ল’ৰাইডৰ বিক্ৰিয়া এটা তাপগ্ৰাহী বিক্ৰিয়া।
প্রশ্ন 16: জাৰণ (Oxidation) কাক বোলে?
উত্তৰ: কোনো বিক্ৰিয়াত যদি কোনো পদাৰ্থই অক্সিজেন লাভ কৰে বা হাইড্ৰ’জেন হেৰুৱায়, তেতিয়া ওই পদাৰ্থটো জাৰিত হোৱা বোলা হয়। উদাহৰণ: 2Cu + O₂ → 2CuO (কপাৰ জাৰিত হৈছে)
প্রশ্ন 17: বিজাৰণ (Reduction) কাক বোলে?
উত্তৰ: যদি কোনো পদাৰ্থে অক্সিজেন হেৰুৱায় বা হাইড্ৰ’জেন লাভ কৰে, তেতিয়া ওই পদাৰ্থটো বিজাৰিত হোৱা বোলা হয়। উদাহৰণ: CuO + H₂ → Cu + H₂O (কপাৰ অক্সাইড বিজাৰিত হৈছে)
প্রশ্ন 18: ৰেডক্স বিক্ৰিয়া (Redox Reaction) কি?
উত্তৰ: যি বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ জাৰিত হওঁতে আনটো বিজাৰিত হয়, তেনে বিক্ৰিয়াক জাৰণ-বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বোলা হয়। উদাহৰণ: CuO + H₂ → Cu + H₂O
প্রশ্ন 19: ক্ষয়ীভৱন (Corrosion) কাক বোলে?
উত্তৰ: যেতিয়া ধাতু এটা তাৰ চৌপাশৰ পদাৰ্থ যেনে জলীয় বাষ্প, এছিড আদিৰদ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়াটোক ক্ষয়ীভৱন বোলা হয়। উদাহৰণ: লোত মামৰে ধৰা, ছিলভাৰৰ ওপৰত ক’লা চামনি পৰা, কপাৰত সেউজীয়া চামনি পৰা।
প্রশ্ন 20: দুৰ্গন্ধিতা বা ৰেনচিডিটি (Rancidity) কি?
উত্তৰ: যেতিয়া তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তু জাৰিত হয় তেতিয়া এইবোৰ দুৰ্গন্ধী হয় আৰু ইহঁতৰ গোন্ধ আৰু স্বাদ সলনি হয়। এই পৰিঘটনাটোক দুৰ্গন্ধিতা বা ৰেনচিডিটি বোলা হয়। চিপছৰ পেকেটত নাইট্ৰ’জেন ভৰোৱাটো ইয়াক প্ৰতিৰোধ কৰে।
প্রশ্ন 21: ভৌতিক অৱস্থাৰ চিহ্নসমূহ কি কি?
উত্তৰ: ৰাসায়নিক সমীকৰণত ভৌতিক অৱস্থাৰ চিহ্নসমূহ হ’ল—
- গেছীয় অৱস্থা → (g)
- তৰল অৱস্থা → (l)
- গোটা অৱস্থা → (s)
- জলীয় দ্ৰৱ → (aq)
প্রশ্ন 22: পোৱা চূণ (Quick Lime) কাক বোলে আৰু ইয়াক কেনেকৈ তৈয়াৰ কৰা হয়?
উত্তৰ: কেলছিয়াম অক্সাইড (CaO)-ক পোৱা চূণ বা চূণ (Lime/Quick Lime) বোলা হয়। চূণশিল (CaCO₃)-ক তাপ দি ইয়াক তৈয়াৰ কৰা হয়: CaCO₃ → CaO + CO₂
প্রশ্ন 23: শ্বসন কিয় এটা তাপবৰ্জী বিক্ৰিয়া?
উত্তৰ: শ্বসন প্ৰক্ৰিয়াত গ্লুক’জ অক্সিজেনৰ সৈতে লগ হৈ CO₂, পানী আৰু শক্তি উৎপন্ন কৰে। যিহেতু তাপ বা শক্তি উৎপন্ন হয়, সেইবাবে শ্বসনক তাপবৰ্জী বিক্ৰিয়া বোলা হয়। সমীকৰণ: C₆H₁₂O₆ + 6O₂ → 6CO₂ + 6H₂O + শক্তি
প্রশ্ন 24: লোৰ বস্তুত ৰং সনা হয় কিয়?
উত্তৰ: লোৰ বস্তুত মামৰ ধৰা (ক্ষয়ীভৱন) প্ৰতিৰোধ কৰিবলৈ ৰঙৰ প্ৰলেপ দিয়া হয়। ৰঙৰ প্ৰলেপে লোখিনি বায়ু আৰু জলীয় বাষ্পৰ পৰা আঁতৰাই ৰাখে, ফলত মামৰ নধৰে।
প্রশ্ন 25: অনুঘটক (Catalyst) কি?
উত্তৰ: অনুঘটক হ’ল এনে এটা পদাৰ্থ যি বিক্ৰিয়াৰ গতিক প্ৰভাৱিত কৰে কিন্তু নিজে ৰাসায়নিক পৰিৱৰ্তন নহয়। ৰাসায়নিক সমীকৰণত ইয়াক কাঁড় চিনৰ ওপৰত বা তলত লিখা হয়।
প্রশ্ন 26: তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ মাজত পাৰ্থক্য উদাহৰণসহ আলোচনা কৰা।
উত্তৰ:
| বিষয় | তাপবৰ্জী বিক্ৰিয়া | তাপগ্ৰাহী বিক্ৰিয়া |
| তাপৰ প্ৰবাহ | তাপ উৎপন্ন হয় | তাপ শোষিত হয় |
| উষ্ণতা | পাত্ৰটো গৰম হয় | পাত্ৰটো ঠাণ্ডা হয় |
| শক্তি | পৰিৱেশলৈ যায় | পৰিৱেশৰ পৰা আহে |
| উদাহৰণ | শ্বসন, প্ৰাকৃতিক গেছৰ দহন | বেৰিয়াম হাইড্ৰ’ক্সাইড + NH₄Cl বিক্ৰিয়া |
তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ:
- প্ৰাকৃতিক গেছৰ দহন: CH₄ + 2O₂ → CO₂ + 2H₂O + তাপ
- শ্বসন: C₆H₁₂O₆ + 6O₂ → 6CO₂ + 6H₂O + শক্তি
- বনস্পতিজাত পদাৰ্থৰ পচন সাৰলৈ হোৱা পৰিৱৰ্তন
তাপগ্ৰাহী বিক্ৰিয়াৰ উদাহৰণ:
- বেৰিয়াম হাইড্ৰ’ক্সাইড আৰু এম’নিয়াম ক্ল’ৰাইডৰ বিক্ৰিয়া — পাত্ৰটো স্পৰ্শ কৰিলে ঠাণ্ডা অনুভৱ হয়
- বিয়োজন বিক্ৰিয়াসমূহ সাধাৰণতে তাপগ্ৰাহী
প্রশ্ন 27: বিয়োজন বিক্ৰিয়া কাক বোলে? তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিয়োজন বিক্ৰিয়াৰ একোটাকৈ উদাহৰণ দিয়া।
উত্তৰ: যি বিক্ৰিয়াত এটামাত্ৰ বিক্ৰিয়ক পদাৰ্থ বিয়োজিত হৈ দুটা বা ততোধিক সৰল বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক বিয়োজন বিক্ৰিয়া বোলা হয়।
বিয়োজন বিক্ৰিয়াত তাপ, পোহৰ বা বিদ্যুৎশক্তিৰ প্ৰয়োজন হয়।
i. তাপৰদ্বাৰা বিয়োজন (তাপীয় বিয়োজন):
CaCO_3(s) \xrightarrow{\text{তাপ}} CaO(s) + CO_2(g)
চূণশিল তাপ পাই কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ ভাগি যায়।
ii. পোহৰৰদ্বাৰা বিয়োজন (আলোক বিয়োজন):
2AgCl(s) \xrightarrow{\text{সূৰ্যৰ পোহৰ}} 2Ag(s) + Cl_2(g)
ছিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত বগাৰ পৰা মটীয়া ৰঙলৈ পৰিৱৰ্তিত হয়।
iii. বিদ্যুৎশক্তিৰদ্বাৰা বিয়োজন (বিদ্যুৎ বিশ্লেষণ):
2H_2O(l) \xrightarrow{\text{বিদ্যুৎ}} 2H_2(g) + O_2(g)
পানীৰ বিদ্যুৎ বিশ্লেষণত হাইড্ৰ’জেন আৰু অক্সিজেন গেছ উৎপন্ন হয়।
প্রশ্ন 28: অপসৰণ আৰু দ্বিপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি? উদাহৰণসহ বুজাই দিয়া।
উত্তৰ:
| বিষয় | অপসৰণ বিক্ৰিয়া | দ্বিপসৰণ বিক্ৰিয়া |
| সংজ্ঞা | এটা মৌলে আন এটা মৌলক যৌগৰ পৰা অপসাৰিত কৰে | দুটা বিক্ৰিয়কৰ মাজত আয়নৰ বিনিময় ঘটে |
| বিক্ৰিয়কৰ সংখ্যা | এটা মৌল + এটা যৌগ | দুটা যৌগ |
| উদাহৰণ | Fe + CuSO₄ → FeSO₄ + Cu | Na₂SO₄ + BaCl₂ → BaSO₄ + 2NaCl |
| অধঃক্ষেপ | সাধাৰণতে নহয় | প্ৰায়েই অদ্ৰাব্য অধঃক্ষেপ উৎপন্ন হয় |
অপসৰণ বিক্ৰিয়া:
কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ডুবালে লোৱে কপাৰক অপসাৰিত কৰে:
Fe(s) + CuSO_4(aq) \rightarrow FeSO_4(aq) + Cu(s)
নীলা ৰঙৰ দ্ৰৱটো হালধীয়া-সেউজীয়া হৈ যায় আৰু লোৰ গজালত মুগা ৰঙৰ কপাৰ জমা হয়।
দ্বিপসৰণ বিক্ৰিয়া:
ছ’ডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ বিক্ৰিয়াত অদ্ৰাব্য বেৰিয়াম ছালফেটৰ বগা অধঃক্ষেপ উৎপন্ন হয়:
Na_2SO_4(aq) + BaCl_2(aq) \rightarrow BaSO_4(s)\downarrow + 2NaCl(aq)
প্রশ্ন 29: ক্ষয়ীভৱন আৰু দুৰ্গন্ধিতা কি? ইহঁতক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?
উত্তৰ:
ক্ষয়ীভৱন (Corrosion):
যেতিয়া ধাতু এটা চৌপাশৰ পদাৰ্থ যেনে জলীয় বাষ্প, এছিড আদিৰদ্বাৰা আক্ৰান্ত হয়, ইয়াৰ ক্ষয় ঘটে। উদাহৰণ — লোত মামৰ ধৰা, ছিলভাৰত ক’লা চামনি পৰা, কপাৰত সেউজীয়া চামনি পৰা।
প্ৰতিৰোধৰ উপায়: লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া, জস্তাৰ প্ৰলেপ দিয়া (Galvanization)।
দুৰ্গন্ধিতা (Rancidity):
তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তু জাৰিত হৈ দুৰ্গন্ধী হয়, স্বাদ আৰু গোন্ধ সলনি হয়।
প্ৰতিৰোধৰ উপায়:
- খাদ্যবস্তুত প্ৰতিজাৰক পদাৰ্থ (Antioxidants) যোগ কৰা
- বায়ুৰুদ্ধ পাত্ৰত সংৰক্ষণ কৰা
- চিপছৰ পেকেটত নাইট্ৰ’জেন গেছ ভৰোৱা
প্রশ্ন 30: জাৰণ আৰু বিজাৰণ বিক্ৰিয়া সবিস্তাৰে উদাহৰণসহ বুজাই দিয়া।
উত্তৰ:
জাৰণ (Oxidation):
পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে বা হাইড্ৰ’জেন হেৰুৱালে জাৰণ হয়।
উদাহৰণ: কপাৰ পাউদাৰ গৰম কৰিলে:
2Cu + O_2 \xrightarrow{\text{তাপ}} 2CuO
ইয়াত কপাৰে অক্সিজেন লাভ কৰি কপাৰ অক্সাইডলৈ পৰিণত হয় — জাৰিত হৈছে।
বিজাৰণ (Reduction):
পদাৰ্থ এটাই অক্সিজেন হেৰুৱালে বা হাইড্ৰ’জেন লাভ কৰিলে বিজাৰণ হয়।
উদাহৰণ:
CuO + H_2 \xrightarrow{\text{তাপ}} Cu + H_2O
ইয়াত CuO অক্সিজেন হেৰুৱাই Cu-লৈ পৰিণত হৈছে — বিজাৰিত হৈছে।
ৰেডক্স বিক্ৰিয়া:
ওপৰৰ বিক্ৰিয়াটোত CuO বিজাৰিত হওঁতে H₂ জাৰিত হৈছে। এনেকুৱা যুগপৎ জাৰণ-বিজাৰণ বিক্ৰিয়াক ৰেডক্স বিক্ৰিয়া বোলা হয়।
আন উদাহৰণ:
- ZnO + C → Zn + CO (C জাৰিত, ZnO বিজাৰিত)
- MnO₂ + 4HCl → MnCl₂ + 2H₂O + Cl₂
প্রশ্ন 31: ৰাসায়নিক সমীকৰণ সন্তুল কৰাৰ পদ্ধতি বুজাই লিখা। Fe + H₂O → Fe₃O₄ + H₂ সমীকৰণটো সন্তুল কৰা।
উত্তৰ: ৰাসায়নিক সমীকৰণ সন্তুলনৰ ‘Hit and Trial’ পদ্ধতিৰ পৰ্যায়সমূহ:
পৰ্যায় I: প্ৰতিটো সংকেতৰ চাৰিওফালে বাকচ আঁকা।
[Fe] + [H_2O] \rightarrow [Fe_3O_4] + [H_2]
পৰ্যায় II: পৰমাণুৰ সংখ্যা গণনা:
| মৌল | LHS | RHS |
| Fe | 1 | 3 |
| H | 2 | 2 |
| O | 1 | 4 |
পৰ্যায় III: সবাতোকৈ বেছি পৰমাণু — O সন্তুলন কৰা: H₂O-ত সহগ 4 বহুওৱা:
[Fe] + 4[H_2O] \rightarrow [Fe_3O_4] + [H_2]
পৰ্যায় IV: H সন্তুলন: 4H₂ বহুওৱা:
[Fe] + 4[H_2O] \rightarrow [Fe_3O_4] + 4[H_2]
পৰ্যায় V: Fe সন্তুলন: 3Fe বহুওৱা:
3Fe + 4H_2O \rightarrow Fe_3O_4 + 4H_2
পৰ্যায় VI: পৰীক্ষা — দুয়োফালে Fe=3, H=8, O=4 ✓
চূড়ান্ত সন্তুলিত সমীকৰণ:
3Fe(s) + 4H_2O(g) \rightarrow Fe_3O_4(s) + 4H_2(g)
প্রশ্ন 32: বগা ৰং সনাত (White Washing) কোন পদাৰ্থ ব্যৱহাৰ কৰা হয়? ইয়াৰ সংকেত আৰু বিক্ৰিয়া লিখা।
উত্তৰ: বগা ৰং সনাত কেলছিয়াম অক্সাইড বা পোৱা চূণ (CaO) ব্যৱহাৰ কৰা হয়। পানীত মিহলালে:
CaO(s) + H_2O(l) \rightarrow Ca(OH)_2(aq) + \text{তাপ}
তাৰ পাছত বায়ুৰ CO₂-এ Ca(OH)₂-এৰ সৈতে বিক্ৰিয়া কৰি CaCO₃-ৰ পাতল প্ৰলেপ তৈয়াৰ কৰে যি বেৰত চিকমিকনি আনে।
প্রশ্ন 33: ক’লা-বগা ফট’গ্ৰাফিত কোন বিক্ৰিয়া ব্যৱহাৰ হয়?
উত্তৰ: ক’লা-বগা ফট’গ্ৰাফিত ছিলভাৰ ক্ল’ৰাইড বা ছিলভাৰ ব্ৰ’মাইডৰ আলোক বিয়োজন ব্যৱহাৰ কৰা হয়:
2AgBr(s) \xrightarrow{\text{সূৰ্যৰ পোহৰ}} 2Ag(s) + Br_2(g)
প্রশ্ন 34: চিমেন্ট উৎপাদনত কোন পদাৰ্থ ব্যৱহাৰ হয় আৰু ইয়াক কিদৰে উৎপাদন কৰা হয়?
উত্তৰ: চিমেন্ট উৎপাদনত কেলছিয়াম অক্সাইড (পোৱা চূণ, CaO) ব্যৱহাৰ কৰা হয়। কেলছিয়াম কাৰ্বনেটক তাপ দি ইয়াক প্ৰস্তুত কৰা হয়:
CaCO_3(s) \xrightarrow{\text{তাপ}} CaO(s) + CO_2(g)
গুৰুত্বপূৰ্ণ MCQ (বহুবিকল্প প্রশ্ন)
১. মেগনেছিয়াম ফিটা বায়ুত জ্বলালে কোন পদাৰ্থ উৎপন্ন হয়?
(a) মেগনেছিয়াম নাইট্ৰাইড
(b) মেগনেছিয়াম কাৰ্বনেট
(c) মেগনেছিয়াম অক্সাইড
(d) মেগনেছিয়াম হাইড্ৰ’ক্সাইড
উত্তৰ: (c) মেগনেছিয়াম অক্সাইড
২. ভৰৰ নিত্যতা সূত্ৰ (Law of Conservation of Mass) অনুযায়ী:
(a) বিক্ৰিয়াত ভৰৰ সৃষ্টি হয়
(b) বিক্ৰিয়াত ভৰৰ বিনাশ হয়
(c) বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ নহয়
(d) বিক্ৰিয়কৰ ভৰ বিক্ৰিয়াজাত পদাৰ্থতকৈ বেছি
উত্তৰ: (c) বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ নহয়
৩. জলীয় দ্ৰৱৰ বাবে ভৌতিক অৱস্থাৰ চিহ্ন কি?
(a) (g)
(b) (l)
(c) (s)
(d) (aq)
উত্তৰ: (d) (aq)
৪. কোন বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ লগ হৈ এটামাত্ৰ পদাৰ্থ গঠন হয়?
(a) সংযোজন বিক্ৰিয়া
(b) বিয়োজন বিক্ৰিয়া
(c) অপসৰণ বিক্ৰিয়া
(d) দ্বিপসৰণ বিক্ৰিয়া
উত্তৰ: (a) সংযোজন বিক্ৰিয়া
৫. CaCO₃ → CaO + CO₂ বিক্ৰিয়াটো কোন প্ৰকাৰৰ?
(a) সংযোজন বিক্ৰিয়া
**(b) তাপীয় বিয়োজন বিক্ৰিয়া ✓**
(c) অপসৰণ বিক্ৰিয়া
(d) দ্বিপসৰণ বিক্ৰিয়া
৬. শ্বসন বিক্ৰিয়া কোন প্ৰকাৰৰ?
(a) তাপগ্ৰাহী
**(b) তাপবৰ্জী ✓**
(c) বিয়োজন
(d) আলোক রাসায়নিক
উত্তৰ:
৭. পোৱা চূণ (Quick Lime)-ৰ ৰাসায়নিক সংকেত কি?
(a) Ca(OH)₂
(b) CaCO₃
**(c) CaO ✓**
(d) CaCl₂
উত্তৰ:
৮. কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ডুবালে দ্ৰৱৰ নীলা ৰঙৰ গাঢ়তা কি হয়?
(a) বাঢ়ে
**(b) কমে ✓**
(c) একে থাকে
(d) ক’লা হয়
উত্তৰ:
৯. 2AgCl → 2Ag + Cl₂ বিক্ৰিয়াটো কোন প্ৰকাৰৰ বিয়োজন বিক্ৰিয়া?
(a) তাপীয় বিয়োজন
(b) বিদ্যুৎ বিয়োজন
**(c) আলোক বিয়োজন ✓**
(d) সংযোজন
উত্তৰ:
১০. পানীৰ বিদ্যুৎ বিশ্লেষণত কোন দুটা গেছ উৎপন্ন হয়?
(a) H₂ আৰু N₂
**(b) H₂ আৰু O₂ ✓**
(c) O₂ আৰু CO₂
(d) H₂ আৰু Cl₂
উত্তৰ:
১১. Fe₂O₃ + 2Al → Al₂O₃ + 2Fe বিক্ৰিয়াটো কোন প্ৰকাৰৰ?
(a) সংযোজন
(b) দ্বিপসৰণ
(c) বিয়োজন
**(d) অপসৰণ ✓**
উত্তৰ:
১২. যিবোৰ বিক্ৰিয়াত তাপ শোষিত হয় তাক কি বোলে?
(a) তাপবৰ্জী বিক্ৰিয়া
(b) তাপগ্ৰাহী বিক্ৰিয়া
(c) ৰেডক্স বিক্ৰিয়া
(d) সংযোজন বিক্ৰিয়া
উত্তৰ: (b) তাপগ্ৰাহী বিক্ৰিয়া
১৩. ফেৰাছ ছালফেট স্ফটিকৰ ৰঙ কি?
(a) বগা
(b) সেউজীয়া
(c) নীলা
(d) হালধীয়া
উত্তৰ: (b) সেউজীয়া
১৪. 2FeSO₄ → Fe₂O₃ + SO₂ + SO₃ বিক্ৰিয়াটো কোন প্ৰকাৰৰ?
(a) সংযোজন
(b) বিয়োজন
(c) অপসৰণ
(d) দ্বিপসৰণ
উত্তৰ: (b) বিয়োজন
১৫. ক্ষয়ীভৱনত লোৰ ওপৰত কোন ৰঙৰ চামনি পৰে?
(a) ক’লা
(b) সেউজীয়া
(c) ৰঙচুৱা মুগা
(d) বগা
উত্তৰ: (c) ৰঙচুৱা মুগা
১৬. কপাৰৰ ওপৰত ক্ষয়ীভৱনত কোন ৰঙৰ চামনি পৰে?
(a) ক’লা
(b) সেউজীয়া
(c) মুগা
(d) বগা
উত্তৰ: (b) সেউজীয়া
১৭. খাদ্যৰ দুৰ্গন্ধিতা প্ৰতিৰোধ কৰিবলৈ চিপছৰ পেকেটত কোন গেছ ভৰোৱা হয়?
(a) অক্সিজেন
(b) হাইড্ৰ’জেন
(c) নাইট্ৰ’জেন
(d) কাৰ্বন ডাই অক্সাইড
উত্তৰ: (c) নাইট্ৰ’জেন
১৮. Zn + H₂SO₄ → ZnSO₄ + H₂ সমীকৰণটো সন্তুলিতনে?
(a) হয়
(b) নহয়
(c) আংশিকভাৱে সন্তুলিত
(d) ক’ব নোৱাৰি
উত্তৰ: (a) হয়
১৯. 2PbO + C → 2Pb + CO₂ বিক্ৰিয়াত কাৰ্বন কেনে আচৰণ কৰিছে?
(a) বিজাৰিত হৈছে
(b) জাৰিত হৈছে
(c) অনুঘটকৰ ভূমিকা পালিছে
(d) কোনো পৰিৱৰ্তন নহয়
উত্তৰ: (b) জাৰিত হৈছে
২০. লেড নাইট্ৰেট গৰম কৰিলে কোন ৰঙৰ ধোঁৱা নিৰ্গত হয়?
(a) বগা
(b) ক’লা
(c) মুগা ৰঙীয়া
(d) হালধীয়া
উত্তৰ: (c) মুগা ৰঙীয়া
২১. Na₂SO₄ + BaCl₂ → BaSO₄↓ + 2NaCl বিক্ৰিয়াটো কোন প্ৰকাৰৰ?
(a) সংযোজন
(b) অপসৰণ
(c) দ্বিপসৰণ ও অধঃক্ষেপণ
(d) বিয়োজন
উত্তৰ: (c) দ্বিপসৰণ ও অধঃক্ষেপণ
২২. কোন প্ৰক্ৰিয়াটো সংযোজন বিক্ৰিয়াৰ বিপৰীত?
(a) বিয়োজন বিক্ৰিয়া
(b) অপসৰণ বিক্ৰিয়া
(c) দ্বিপসৰণ বিক্ৰিয়া
(d) ৰেডক্স বিক্ৰিয়া
উত্তৰ: (a) বিয়োজন বিক্ৰিয়া
২৩. সন্তুলিত সমীকৰণ 3Fe + 4H₂O → Fe₃O₄ + 4H₂ ত বাঁওফালে H পৰমাণুৰ সংখ্যা কিমান?
(a) 4
(b) 8
(c) 2
(d) 6
উত্তৰ: (b) 8
২৪. CuO + H₂ → Cu + H₂O বিক্ৰিয়াটোত হাইড্ৰ’জেন কেনে আচৰণ কৰিছে?
(a) জাৰিত হৈছে
(b) বিজাৰিত হৈছে
(c) কোনো পৰিৱৰ্তন নহয়
(d) অনুঘটকৰ ভূমিকা পালিছে
উত্তৰ: (a) জাৰিত হৈছে
২৫. জাৰণ-বিজাৰণ বিক্ৰিয়াক আন কি নামেৰে জনা যায়?
(a) Hydration
(b) Redox Reaction
(c) Thermal Reaction
(d) Photolysis
উত্তৰ: (b) Redox Reaction
২৬. CaO + H₂O → Ca(OH)₂ + তাপ — এইটো কোন প্ৰকাৰৰ বিক্ৰিয়া?
(a) সংযোজন আৰু তাপবৰ্জী
(b) বিয়োজন আৰু তাপগ্ৰাহী
(c) অপসৰণ বিক্ৰিয়া
(d) দ্বিপসৰণ বিক্ৰিয়া
উত্তৰ: (a) সংযোজন আৰু তাপবৰ্জী
২৭. Pb(NO₃)₂ + 2KI → PbI₂↓ + 2KNO₃ বিক্ৰিয়াত কোন ৰঙৰ অধঃক্ষেপ উৎপন্ন হয়?
(a) বগা
(b) হালধীয়া
(c) লাল
(d) মুগা
উত্তৰ: (b) হালধীয়া
২৮. কপাৰ পাউদাৰ গৰম কৰিলে কোন ৰঙৰ আৱৰণ পৰে?
(a) বগা
(b) মুগা
(c) ক’লা
(d) সেউজীয়া
উত্তৰ: (c) ক’লা
২৯. ৰাসায়নিক সমীকৰণত গেছীয় অৱস্থাৰ চিহ্ন কি?
(a) (g)
(b) (l)
(c) (s)
(d) (aq)
উত্তৰ: (a) (g)
৩০. MnO₂ + 4HCl → MnCl₂ + 2H₂O + Cl₂ বিক্ৰিয়াত HCl কেনে আচৰণ কৰিছে?
(a) বিজাৰিত হৈছে
(b) জাৰিত হৈছে
(c) অনুঘটক হৈছে
(d) কোনো পৰিৱৰ্তন নহয়
উত্তৰ: (b) জাৰিত হৈছে
৩১. প্ৰাকৃতিক গেছৰ দহনৰ সমীকৰণ কোনটো?
(a) C + O₂ → CO₂
(b) CH₄ + 2O₂ → CO₂ + 2H₂O
(c) 2H₂ + O₂ → 2H₂O
(d) C₆H₁₂O₆ + 6O₂ → 6CO₂ + 6H₂O
উত্তৰ: (b) CH₄ + 2O₂ → CO₂ + 2H₂O
৩২. কোন বিক্ৰিয়াত অদ্ৰাব্য লৱণ উৎপন্ন হয়?
(a) সংযোজন বিক্ৰিয়া
(b) তাপীয় বিয়োজন
(c) অধঃক্ষেপণ বিক্ৰিয়া
(d) আলোক বিয়োজন
উত্তৰ: (c) অধঃক্ষেপণ বিক্ৰিয়া
৩৩. ছিলভাৰৰ ওপৰত পৰা ক’লা চামনি কিহৰ উদাহৰণ?
(a) ক্ষয়ীভৱন
(b) দুৰ্গন্ধিতা
(c) অধঃক্ষেপণ
(d) বিয়োজন
উত্তৰ: (a) ক্ষয়ীভৱন
৩৪. 2H₂ + O₂ → 2H₂O বিক্ৰিয়াটো কোন প্ৰকাৰৰ?
(a) সংযোজন
(b) বিয়োজন
(c) অপসৰণ
(d) দ্বিপসৰণ
উত্তৰ: (a) সংযোজন
৩৫. ৰাসায়নিক সমীকৰণ সন্তুলনৰ ‘Hit and Trial’ পদ্ধতিত কি ব্যৱহাৰ কৰা হয়?
(a) দশমিক সংখ্যা
(b) ভগ্নাংশ
(c) ক্ষুদ্ৰতম পূৰ্ণসংখ্যা সহগ
(d) বৰ্গমূল
উত্তৰ: (c) ক্ষুদ্ৰতম পূৰ্ণসংখ্যা সহগ
৩৬. যি বিক্ৰিয়াত শক্তি শোষিত হয় তাক কি বোলে?
(a) তাপগ্ৰাহী
(b) তাপবৰ্জী
(c) ৰেডক্স
(d) সালোকসংশ্লেষণ
উত্তৰ: (a) তাপগ্ৰাহী
Chapter-wise Question Answer
Chapter-wise MCQ
Frequently Asked Questions (FAQ)
Q1: SEBA Class 10 Science Chapter 1 Assamese Medium PDF ক’ত ডাউনলোড কৰিব পাৰি?
এই পৃষ্ঠাৰ “Download Resources and Study Materials” বিভাগত ক্লিক কৰি সম্পূৰ্ণ Class 10 Science Chapter 1 Assamese Medium PDF বিনামূলীয়া ডাউনলোড কৰিব পাৰি। ইয়াত সকলো প্ৰশ্নোত্তৰ, MCQ, আৰু পূৰ্বৱৰ্তী বছৰৰ প্ৰশ্নকাকত উপলব্ধ আছে।
Q2: ৰাসায়নিক সমীকৰণ কেনেকৈ সহজে সন্তুলিত কৰিব?
1. প্ৰথমে অসন্তুলিত সমীকৰণ লিখক।
2. বিক্রিয়াক আৰু বিক্রিয়াজাত পদাৰ্থৰ পৰমাণু সংখ্যা গণনা কৰক।
3. আটাইতকৈ জটিল অণু আৰম্ভণিতে সন্তুলিত কৰক (সৰ্বাধিক ৰাসায়নিক পদাৰ্থ)।
4. ধাতু, অধাতু, হাইড্ৰ’জেন, অক্সিজেন এনেদৰে ধাপে ধাপে সন্তুলন কৰক।
5. সকলো পৰমাণুৰ সংখ্যা মিলি গৈছে নে পৰীক্ষা কৰক।
Q3: ৰাসায়নিক প্ৰতিক্ৰিয়াত color change কেনেকৈ ব্যাখ্যা কৰিব?
ৰাসায়নিক বিক্ৰিয়াত মৌলিক পৰিৱৰ্তনে পদাৰ্থৰ ৰঙ সলনি কৰে। উদাহৰণ: CuSO₄(aq) (নীলা) + Fe(s) → FeSO₄(aq) (হালধীয়া) + Cu(s)
Q4: সংযোজন বিক্ৰিয়া আৰু দ্বি-অপসৰণ বিক্ৰিয়াৰ মাজত মূল পাৰ্থক্য কি?
1. সংযোজন: দুটা পদাৰ্থ মিলি এটা যৌগ গঠন কৰে। (A + B → AB)
2. দ্বি-অপসৰণ: দুই আয়নীয় যৌগ আয়ন বিনিময় কৰি দুই নতুন যৌগ গঠন কৰে। (AB + CD → AD + CB)
Q5: কেনেকৈ চিনাক্ত কৰিব যে কোনো বিক্ৰিয়া তাপবর্জী (exothermic) অথবা তাপগ্ৰাহী (endothermic)?
1. তাপবর্জী বিক্ৰিয়া: তাপ মুক্তি হয় (উদাহৰণ: CaO + H₂O → Ca(OH)₂ + তাপ)
2. তাপগ্ৰাহী বিক্ৰিয়া: তাপ শোষণ হয় (উদাহৰণ: 2H₂O → 2H₂ + O₂)
Class 10 Science Chapter 1 Assamese Medium All Topics
- 1.1 ৰাসায়নিক সমীকৰণ (Chemical Equations)
- 1.1.2 সন্তুলিত ৰাসায়নিক সমীকৰণ (Balanced Chemical Equations)
- 1.2.1 সংযোজন বিক্রিয়া (Combination Reaction)
- 1.2.2 বিযোজন বিক্রিয়া (Decomposition Reaction)
- 1.2.3 অপসৰণ বা প্ৰতিষ্ঠাপন বিক্রিয়া (Displacement Reaction)
- 1.2.4 দ্বিঅপসৰণ বিক্ৰিয়া (Double Displacement Reaction)
- 1.2.5 জাৰণ আৰু বিজাৰণ (Oxidation and Reduction)
- 1.3.1 ক্ষয়ীভবন (Corrosion)
- 1.3.2 দুৰ্গন্ধিতা বা ৰেনচিডিটি (Rancidity)
Why This Chapter Is Important – SEBA Class 10 Science Chapter 1 Assamese Medium
Exam Perspective
- High Weightage: 6 Marks
- MCQ/VSA: 2 (1 Mark)
- Short Answer: 1 (2 Marks)
- Foundation Chapter: builds a base for higher-level chemistry.
- Scoring Chapter: sure-shot questions for HSLC exam.
Real-Life Connections
- খাদ্য প্ৰস্তুতি আৰু সংৰক্ষণৰ ৰসায়ন বুজিব পাৰি।
- ক্ষয়ীভৱন আৰু দুৰ্গন্ধিতা প্ৰতিৰোধৰ বৈজ্ঞানিক কাৰণ জানিব পাৰি।
- পৰিৱেশীয় সমস্যা সমাধানৰ ভিত্তি।
Benefits of Studying Chapter 1 – SEBA Class 10 Science Chapter 1 Assamese Medium Notes
Academic Benefits of Class X Science Chapter 1 Assamese Medium
- High-Scoring Chapter: সঠিক প্ৰস্তুতিত সহজেই সম্পূৰ্ণ নম্বৰ পাব পাৰি।
- Conceptual Clarity: ৰসায়নৰ মূল নীতিসমূহ বুজিব পাৰি।
- Problem-Solving Skills: গাণিতিক সমস্যা সমাধানৰ ক্ষমতা বৃদ্ধি।
Future Preparation from Assamese Medium Class 10 Science Chapter 1
- Class 11-12 ৰসায়নৰ বাবে শক্তিশালী ভিত্তি।
- প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত সহায়ক।
- বৈজ্ঞানিক চিন্তাধাৰাৰ বিকাশ।
How to Study This Chapter Easily – SEBA Class 10 Science Chapter 1 Assamese Medium Notes
Week 1 – Basics
- NCERT পাঠ্যপুস্তক পঢ়ক: সকলো উদাহৰণ আৰু কাৰ্যকলাপ বুজি লওক।
- Notes প্ৰস্তুত কৰক: গুৰুত্বপূৰ্ণ সূত্ৰ আৰু সমীকৰণ লিখক।
- Diagram অভ্যাস: ৰাসায়নিক বিক্ৰিয়াৰ চিত্ৰ অংকন কৰক।
Week 2 – Practice
- সমীকৰণ সন্তুলন: প্ৰতিদিনে ১০টা সমীকৰণ সন্তুলন কৰক।
- বিক্ৰিয়াৰ প্ৰকাৰ চিনাক্তকৰণ: উদাহৰণৰ জৰিয়তে অভ্যাস।
- MCQ সমাধান: দৈনিক 15-20টা MCQ সমাধান।
Week 3 – Revision
- মাইণ্ড মেপ তৈয়াৰ: সম্পূৰ্ণ অধ্যায়ৰ দৃশ্যমান সাৰাংশ।
- ফ্লেছ কাৰ্ড ব্যৱহাৰ: গুৰুত্বপূৰ্ণ সূত্ৰৰ বাবে।
- সহপাঠীৰ সৈতে আলোচনা: দলীয় অধ্যয়ন।
Smart Study Techniques – SEBA Class 10 Science Chapter 1 Assamese Medium Solution
- Mnemonic Devices: ৰাসায়নিক প্ৰতীক মনত ৰখাৰ বাবে।
- Story Method: বিক্ৰিয়াসমূহক কাহিনীৰ ৰূপে সজাই মনত ৰাখক।
- Visual Association: প্ৰতিটো বিক্ৰিয়াৰ সৈতে দৃশ্য সংযোগ স্থাপন।
- ৫০-১০ নিয়ম: ৫০ মিনিট অধ্যয়ন + ১০ মিনিট বিৰতি।
- সপ্তাহিক লক্ষ্য: প্ৰতি সপ্তাহে নিৰ্দিষ্ট বিষয় সম্পূৰ্ণ কৰক।
Exam Strategy – Science Class 10 Chapter 1 Assamese Medium Question Answer
MCQ প্ৰস্তুতি (3 নম্বৰ)
- গুৰুত্বপূৰ্ণ তথ্য আৰু সংজ্ঞা মুখস্থ কৰক।
- বিভ্ৰান্তিকৰ বিকল্প চিনাক্ত কৰাৰ অনুশীলন।
- নেগেটিভ মাৰ্কিং নথকাৰ সুবিধা লওক।
Long Answers প্ৰস্তুতি (2 নম্বৰ)
- সমীকৰণ সন্তুলনৰ পদ্ধতি স্পষ্টকৈ লিখক।
- উদাহৰণ আৰু ব্যাখ্যা একেলগে দিয়ক।
- ডায়াগ্ৰাম আঁকি অতিৰিক্ত নম্বৰ আৰ্জন কৰক।
Time Management (সময় বিতৰণ)
- MCQ: 1 min per question
- Short Questions: 2–3 min
- Long Questions: 5–6 min
Common Mistakes to Avoid – SEBA Class 10 Science Chapter 1 Assamese Medium Notes
- 🚫 Unbalanced equations.
- 🚫 Wrong chemical formulas.
- 🚫 Omitting state symbols.
- 🚫 Misidentifying reaction types.
- 🚫 Confusing oxidation & reduction.
Practice Resources – SEBA Class 10 Assamese Medium Science Chapter 1 Question Answer
Complete Chapter Solutions – All NCERT questions with detailed explanations.
📚 MCQ Question Bank – 150+ questions with instant feedback.
📚 Chemical Equations List – All important reactions for quick revision.
📚 Previous Year Papers – HSLC 2020-2025 chapter-wise questions.
📚 Practice Worksheets – Official SEBA Sample papers.
Revision Strategy – General Science Class 10 Chapter 1 Assamese Medium
Final 7-Day Plan:
- দিন 1-2: সকলো সূত্ৰ আৰু সমীকৰণ পুনৰালোচনা।
- দিন 3-4: গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ পুনৰ অনুশীলন।
- দিন 5-6: Complete Sample Paper সমাধান।
- দিন 7: কেৱল নোট চাই সম্পূৰ্ণ অধ্যায় মনত পেলোৱা।
Key Focus:
- ৰাসায়নিক সমীকৰণ সন্তুলনৰ নিয়ম।
- প্ৰতিটো বিক্ৰিয়াৰ প্ৰকাৰৰ সংজ্ঞা আৰু উদাহৰণ।
- জাৰণ-বিজাৰণৰ চিনাক্তকৰণ পদ্ধতি।
- দৈনন্দিন জীৱনৰ প্ৰয়োগসমূহ।
Studying with these targeted keywords and strategies ensures top rankings, complete coverage, and maximal engagement for your Assam Board Class 10 Science Chapter 1 Assamese Medium page.
How to Download Class 10 Science Chapter 1 Assamese Medium PDF – Free Access
Getting instant access to our comprehensive Class 10 Science Chapter 1 Assamese Medium PDF collection is simple and completely free for all Assam students.
Quick Download Process (Takes Less Than 30 Seconds):
Step 1: Choose your desired chapter from the subject sections above
Step 2: Click the “Download PDF” button (Available below each chapter)
Step 3: PDF automatically downloads to your device – No registration required!
Step 4: Open with any PDF reader and start practicing immediately
Conclusion
Master SEBA Class 10 Science Chapter 1 Assamese Medium with our comprehensive study resources designed specifically for HSLC 2025-26 success. From fundamental Class 10 Assamese Medium Science Chapter 1 Question Answer concepts to advanced Science Class 10 Chapter 1 Assamese Medium Question Answer applications, our expert-crafted materials ensure thorough preparation.
This chapter forms the foundation for all advanced chemistry concepts in Classes 11 and 12. By understanding chemical reactions and equations thoroughly, you’ll develop strong analytical skills essential for scientific thinking. Our Class X Science Chapter 1 Assamese Medium Question Answer solutions, combined with extensive MCQ practice and previous year analysis, provide the perfect preparation strategy.