SEBA Class 10 Assamese Chapter 1- বৰগীত

Date:

Share post:

Learning Assam (লাৰণিং অসম) ৱেবছাইটলৈ সকলোকে স্বাগতম। ইয়াত আমি আলোচনা কৰিম Class 10 Assamese Chapter 1 Question Answer আৰু এইখন Assamese Class 10 Question Answer ত সহজ আৰু শুদ্ধকৈ Class 10 Assamese Borgeet Question Answers সমূহ লিখা হৈছে যাতে ছাত্ৰ-ছাত্ৰী সকলে সহজে বুজিব পাৰে আৰু লিখিব পাৰে। Class X Assamese Question Answer Chapter 1 ৰ আটাইবোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নোত্তৰো ইয়াত উপলব্দ। এইখনে Assamese Question Answer Class 10 ৰ সকলো সমস্য়া দূৰ কৰিব বুলি আশা ৰাখিলো।

SEBA-Class-10-Assamese-Chapter-1-Question-Answers

Class 10 Assamese Chapter 1 Question Answers

* পাঠভিত্তিক প্ৰশ্নোত্তৰ *

ভাব বিষয়কঃ

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :

(ক) “…………নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।”
—কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ?

উত্তৰঃ কবিয়ে ভগৱানক জীৱনে মৰণে নেৰিবৰ কাৰণে অনুৰোধ কৰিছে।

(খ) “ সনক সনন্দ যোগী যাহাকু ধিয়ায় ”।
—সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?

উত্তৰঃ সনক, সনন্দ আদি যোগীসকলে হৰি অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে।

(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?

উত্তৰঃ কবি সাংসাৰিক দুখ, বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে।

(ঘ) বৰগীতটি কোনে ৰচনা কৰা ?

উত্তৰঃ বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা।

(ঙ) বৰগীতটি কি ৰাগত ৰন্ধা আছে?

উত্তৰঃ বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।

(চ) কবিয়ে ‘বান্ধব’ বুলি কাক সম্বোধন কৰিছে?

উত্তৰঃ কবিয়ে হৰিক ‘বান্ধৱ’ বুলি সম্বোধন কৰিছে।

(ছ) ‘মোহ-পাশ’ মানে কি ?

উত্তৰঃ “মোহ-পাশ” মানে হ’ল মায়াৰ বান্ধোন অর্থাৎ জাগতিক লোভ, আকাংক্ষা আদি মায়াজালৰ বন্ধন।

২। বৰগীতটিৰ মূলভাব লিখা।

উত্তৰঃ হৰিয়েই ভকতৰ জীৱনৰ সৰ্বস্ব, তেৱেঁই পৰম বান্ধৱ। তেওঁৰ অভয় চৰণত শৰণেৰে সংসাৰ নিকাৰৰ পৰা মুক্তিদানৰ কাকূতি কবিতাটোৰ মূলভাব।

 কবি সাংসাৰিক জীৱ। বৈষয়িক সুখৰ থলী এই সংসাৰ দৰাচলতে সকলো যন্ত্ৰণাৰ উৎস। সাংসাৰিক মায়াই জীৱক বিষয়সুখত নিমগ্ন কৰায় আৰু জীৱ নানা পাপকর্মত জড়িত হয়। জীৱন এনেদৰে হৈ পৰে যন্ত্ৰণাদগ্ধ। মৃত্যু পর্যন্ত জীৱই ভোগ কৰে সংসাৰৰ যন্ত্রণা। দুখ-যন্ত্ৰণাত জৰ্জৰিত জীৱই এটা সময়ত জীৱনৰ ক্ষণস্থায়িত্ব উপলব্ধি কৰে। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি হাহাকাৰ কৰে। আত্মপোলব্ধিৰে বুজি উঠে যে সংসাৰ যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ দেখুৱাব পাৰে কেৱল হৰিয়েহে। কবিৰ ক্ষেত্ৰতো একেই কথা প্রযোজ্য। কবিও জীবন যন্ত্ৰণাত দগ্ধ ।

হৰিৰ মহিমা অপাৰ। সনক, সনন্দ আদি সিদ্ধ মহামুনিগণেও হৰিমহিমা আয়ত্ত কৰিবলৈ গভীৰ ধ্যানত নিমগ্ন হয়। তেওঁৰ প্ৰকৃত মহিমা কৈ ওৰ পেলাব নোৱাৰে নিগম শাস্ত্রসমূহেও। যি অনন্ত নাগ হৰিৰ বিশ্রামস্থলী সেই নাগৰ সহস্ৰ মুখেও তেওঁৰ মহিমা বৰ্ণাই শেষ কৰিব নোৱাৰে। তেনেস্থলত তেওঁৰ মহিমা বুজিব পৰাটো কবিৰ দৰে সাধাৰণ ভকতৰ বাবে অতি দুৰূহ কাম। পৰম জ্ঞানীসকলে চলাথ কৰিও বিচাৰি নোপোৱা হৰিৰ ওচৰ চপাটো অসাধ্য কাম। হৰিকৃপা অবিহনে তেওঁৰ মহিমা আয়ত্ত কৰাটো অসম্ভৱ বুলি কবিয়ে ভাবে। তেওঁ বিশ্বাস কৰে হৰিচৰণেই প্রকৃত ভকতৰ মহাধন আৰু হৰিয়েই তেওঁলোকৰ জীৱনৰ সৰ্বস্ব। সেয়ে সংসাৰ নিকাৰত অস্থিৰ কবিয়ে হৰিৰ কমলসম চৰণ দুখনিত শৰণ লৈ উদ্ধাৰ পাব বিচাৰিছে জীৱনৰ সমস্ত দুখ-যন্ত্ৰণাৰ পৰা। সংসাৰৰ নিদাৰুণ মোহবান্ধোনৰ পৰা মুক্ত কৰিবলৈ কৃপাৰ সাগৰ হৰিৰ কৃপাভিক্ষা কবিয়ে কাতৰে কৰিছে।

বৈষ্ণৱ ভক্তকবি মহাপুৰুষজনাৰ দাস্যভক্তি কবিতাটোত সুন্দৰভাৱে ফুটি উঠিছে আৰু এয়াই কবিতাটোৰ বিশেষত্ব।

৩। বৰগীত ৰচকৰ চমু পৰিচয় দিয়া।

উত্তৰঃ কবি মাধৱদেৱ হৈছে অসমীয়া বৈষ্ণৱ ভক্তি সাহিত্যৰ অন্যতম হোতা। ১৪৮৯ চনত জন্ম গ্ৰহণ কৰা মাধৱদেৱৰ পিতৃ আছিল গোবিন্দগিৰী ভূঞা আৰু মাতৃৰ নাম মনোৰমা । লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত জন্ম ল’লেও মাধৱদেৱে পিচে শিক্ষা গ্ৰহণ কৰিছিল বৰ্তমান বাংলাদেশত অৱস্থিত বাণ্ডুকাতহে। ১৫২২ চনত তেওঁ বেলগুৰিৰ ধুৱাহাটাত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত শৰণ লয়। আহোম স্বৰ্গদেউৰ ৰোষৰ বলি হৈ ১৫৪৬ চনত তেওঁ কোচবিহাৰলৈ ভটিয়াই আহে। ভাটীৰ ফালে অৰ্থাৎ নামনি অসমৰ বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাদাঙ্গা আদি ঠাইত তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে নিত্য নতুন সাহিত্যকৰ্মৰ সৃষ্টিত ব্ৰতী হৈছিল। ১৫৬৮ চনত গুৰু শংকৰদেৱৰ মৃত্যুৰ পাছত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সম্পূৰ্ণ দায়িত্বভাৰ মাধৱদেৱে কান্ধ পাতি লৈ দক্ষতাৰে সেই কাৰ্য চলাই নিছিল। ধৰ্ম প্ৰচাৰ কালত তেওঁ বৈষ্ণৱ ধৰ্মৰ ৰম্যপুৰীৰূপে বিখ্যাত ‘বৰপেটা সত্ৰ’ প্রতিষ্ঠা কৰে যি আজিও সগর্বে সত্ৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিছে। অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এইজনা মহাপুৰুষে ১৫৯৬ চনত কোচবিহাৰৰ ভেলাদাঙ্গাত ইহলীলা সম্বৰণ কৰে। গুৰুজনাই জীৱিতকালত ৰচনা কৰা সাহিত্য সম্ভাৰ হলঃ নামঘোষা, বৰগীত, ৰাজসূয় যজ্ঞ, দধিমথন বা অর্জুন ভঞ্জন, ভূমি লেটোৱা, চোৰধৰা, পিম্পৰা গুচুৱা, ভোজন বিহাৰ, গুৰু ভটিমা, ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য আদি ।

Class 10 Assamese Chapter 1 Question Answers

৪। ব্যাখ্যা কৰাঃ

(ক) “সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।”

উত্তৰঃ সংগতিঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ‘ বৰগীত ’ ৰ পৰা উঠাই দিয়া হৈছে।

প্ৰসংগঃ হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যাঃ সংসাৰৰ একমাত্ৰ ত্ৰাণকর্তা হৈছে হৰি। তেওঁৰ মহিমা অপাৰ । সিদ্ধ মহামুনিগণে ধ্যান কৰিও হৰি মহিমা আয়ত্ত কৰিব নোৱাৰে। নিগম শাস্ত্ৰই তেওঁৰ মহিমা কৈ অন্ত পেলাব নোৱাৰে। যি অনন্তনাগ হৰিৰ বিশ্রামস্থল সেই নাগৰ সহস্ৰ মুখেও তেওঁৰ মহিমা বৰ্ণাই শেষ কৰিব নোৱাৰে। তেনেস্থলত কবি হৈছে অতি সাধাৰণ প্ৰাণী, তেওঁৰ কাৰণে হৰি মহিমা জানিব পৰাটো অতি কঠিন কাম। পৰম জ্ঞানীসকলে চলাথ কৰিও বিচাৰি নোপোৱা হৰিৰ মহিমা বুজি উঠিবলৈ কবিয়ে অক্ষমতা প্রকাশ কৰিছে।

কবিয়ে বুজি উঠিছে যে হৰি কৃপা অবিহনে তেওঁৰ অনন্ত মহিমা আয়ত্ত কৰাটো সম্ভৱ নহয়। ব্যাখ্যেয় কবিতাফাকিত এনে ভাবেই ফুটি উঠিছে।

(খ) “ আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।”

উত্তৰঃ সংগতিঃ কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তর্গত শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীত’ৰ পৰা উঠাই দিয়া হৈছে।

প্ৰসংগঃ সংসাৰৰ মায়াপাশৰ পৰা মুক্তিপথ দেখুৱাবলৈ হৰিক প্ৰাৰ্থনা জনাই কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যাঃ মানুহ সাংসাৰিক জীৱ। সংসাৰ সকলো যন্ত্ৰণাৰ উৎস। বৈষয়িক সুখৰ থলী এই সংসাৰ । পার্থিৱ সুখ-সম্পদে মানুহক এনেকৈ গ্ৰাস কৰে যে তেওঁলোকে বিষয় সুখকে জীৱনৰ একমাত্ৰ সত্য বুলি ভুল কৰে। বিষয় বাসনাত নিমগ্ন হৈ মানুহে নানা পাপকৰ্মত জড়িত হয়, ফলত জীৱন হৈ পৰে যন্ত্রণাময়। জীৱই মৃত্যু পর্যন্ত ভোগ কৰে এই যন্ত্রণা। দুখ-যন্ত্ৰণাত ভাৰাক্ৰান্ত জীৱ জৰ্জৰিত হৈ পৰে আৰু উপলব্ধি কৰে যে মানৱ জীৱন ক্ষণস্থায়ী। সংসাৰ নিকাৰত ভূগি কবিও অস্থিৰ হৈ পৰিছে। এই যন্ত্ৰণাৰ পৰা মুক্তি বিচাৰি কবিৰ মন হাহাকাৰ কৰি উঠিছে। নিৰূপায় হৈ কবিয়ে হৰিৰ চৰণত শৰণ লৈছে। কিয়নো কবিয়ে বিশ্বাস কৰে সংসাৰৰ সমস্ত যন্ত্ৰণাৰ পৰা জীৱক মুক্তি দিব পাৰে একমাত্ৰ হৰিয়েহে।

হৰিৰ কমলসম চৰণ দুখনিত শৰণ লৈ কবি মহাপুৰুষজনাই উদ্ধাৰ পাব বিচাৰিছে জীৱনৰ সমস্ত দুখ-যন্ত্ৰণাৰ পৰা। এনে ভাব ব্যাখ্যেয় কবিতাফাকিৰ মাজেৰে স্পষ্ট হৈ পৰিছে।

(গ) “ তোমাৰ চৰণ দুই মোৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীবন।”

উত্তৰঃ সংগতিঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য-সুবাসৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ‘বৰগীত’ পাঠটিৰ পৰা লোৱা হৈছে।

প্ৰসংগঃ পদফাকিৰ জৰিয়তে মহাপুৰুষজনাই কৈছে যে, ভগৱানৰ চৰণতে ভক্তসকলৰ প্ৰকৃত জীৱন আৰু ভক্তসকলৰ বাবে ভগৱানৰ চৰণ দুখনেই হ’ল অমূল্য সম্পদ।

ব্যাখ্যাঃ কবিৰ মতে সংসাৰৰ মায়া মোহৰ পৰা মুক্ত হ’বলৈ হ’লে ভগৱানৰ চৰণত শৰণ লোৱাৰ বাহিৰে অন্য কোনো উপায় নাই। সর্বব্যাপ্ত নিৰাকাৰ ভগৱানেই হৈছে জগতৰ সৃষ্টিকর্তা, পালনকর্তা তেওঁ সকলোৰে ঊৰ্দ্ধত, গতিকে তেওঁৰ চৰণত শৰণ লাভ কৰা মানে জগতৰ মূল্যবান সম্পদ লাভ কৰাৰ সমান। মহাপুৰুষজনাৰো এয়া জীৱনৰ একান্ত আকাংক্ষিত মহাধন কাৰণ তেওঁ হ’ল ভগৱানৰ একান্ত ভক্ত। ভক্তৰ কাৰণে ভগৱানেই পৰম আশ্ৰয় সেয়ে ভক্তৰ জীৱন ভগৱানতেই সদায় সমৰ্পিত।

হৰিচৰণেই হৈছে প্রকৃত ভকতৰ মহাধন আৰু হৰিয়েই ভকতৰ জীৱনৰ সৰ্বস্ব— ব্যাখ্যেয় কবিতাফাকিৰ দ্বাৰা কবিয়ে এনে ভাবকেই সামৰিছে।

৫। ” সনক সনন্দ যোগী যাহাকু ধিয়ায় ‘
সকল নিগমে যাক বিচাৰি নাপায়।”

—তাৎপৰ্য বিচাৰ কৰাঁ ।

উত্তৰঃ আগম আৰু নিগম আদি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। কিন্তু এই শাস্ত্ৰত দাঙি ধৰা বৰ্ণনাসমূহ অধ্যয়ন কৰিয়েই ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নহয়। ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ’লে একান্তমনে ভগৱানক ভক্তি কৰাৰ প্ৰয়োজন। সেয়ে সনক, সনন্দৰ দৰে যোগীসকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্ত মনে ভগৱানক ধ্যান কৰে। অর্থাৎ কবিয়ে কৈছে যে ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ’লে গভীৰ তপ-জপ কৰাতকৈ বা শাস্ত্ৰ আদিৰ অধ্যয়নত নিমগ্ন হোৱাতকৈ শুদ্ধচিত্তে ভক্তিভাবে একান্ত মনে ভগৱানক প্ৰাৰ্থনা কৰাৰহে প্ৰয়োজন ।

৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা।

উত্তৰঃ বৰগীতৰ চাৰিটা লক্ষণ হ’ল –

(ক) বৰগীতসমূহ চৈধ্য প্ৰসংগৰ অন্তৰ্গত।

(খ) বৰগীতসমূহ হ’ল শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত।

(গ) বৰগীতসমূহৰ ৰচনাশৈলী ব্ৰজাৱলী ভাষাৰ ।

(ঘ) বৰগীতসমূহ হ’ল ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক গীত।

ভাষা বিষয়কঃ

১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ

নপাৱন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়।

উত্তৰঃ

শব্দআধুনিক ৰূপ
নপাৱন্তনাপায়
কেনেকেনেকৈ, কিদৰে
ভৈলোহোহ’লোঁ
তুমিসেতুমিহে, তুমিয়েই
জনেৰজনৰ, সকলৰ
কহয়কয়

২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হলঃ

(ক) ব্ৰজাৱলী হ’ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্রিম সাহিত্যিক ভাষা ।

(খ) ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ’ল মৈথিলী ভাষা ।

(গ) পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই।

(ঘ) এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে।

(ঙ) ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনি প্রয়োগ হোৱাৰ বাবে ই অতি শ্ৰুতি মধুৰ হৈ পৰিছে।

SEBA Class 10 Assamese Question Answers | বৰগীত

* অতিৰিক্ত প্ৰশ্নোত্তৰ *

১। অতি চমু প্রশ্নোত্তৰঃ

(ক) মাধৱদেৱৰ কেতিয়া আৰু ক’ত জন্ম হৈছিল ?

উত্তৰঃ মাধৱদেৱৰ ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত জন্ম হৈছিল।

(খ) মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল ?

উত্তৰঃ মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা আছিল।

(গ) মাধৱদেৱ কাৰ প্ৰিয় শিষ্য আছিল?

উত্তৰঃ মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল ।

(ঘ) মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান ?

উত্তৰঃ মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা ১৫৭ টা।

(ঙ) “মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্রন্থক অভিহিত কৰা হয় ?

উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি “নামঘোষা ”ক কোৱা হয়।

(চ) মাধৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয় ?

উত্তৰঃ মাধৱদেৱৰ নাটসমূহক সাধাৰণতে ঝুমুৰা বুলি কোৱা হয়।

(ছ) নামঘোষাৰ অন্য এটা নাম কি ?

উত্তৰঃ নামঘোষাৰ অন্য এটা নাম হ’ল হেজাৰী ঘোষা।

(জ) মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ মাধৱদেৱৰ এখন তত্ত্বমূলক গ্রন্থ হ’ল ভক্তি ৰত্নাৱলী।

(ঝ) মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু কি ?

উত্তৰঃ মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু শিশু কৃষ্ণৰ লীলা ।

২। চমু প্রশ্নোত্তৰঃ

(ক) বৰগীত কাক বোলে ?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূর্ণ শাস্ত্ৰীয় ৰাগযুক্ত আৰু অধ্যাত্মিক ভাৱ- গধুৰ গীতসমূহকে বৰগীত বুলি কোৱা হয়।

(খ) বৰগীতৰ বিষয়বস্তু কি?

উত্তৰঃ বৰগীতৰ বিষয়বস্তু সাংসাৰিক কামনা-বাসনাযুক্ত বা শৃংগাৰ ভাববিশিষ্ট হ’ব নোৱাৰে। ইয়াৰ বিষয়বস্তু শিশু শ্রীকৃষ্ণ বা বাল-গোপালৰ লীলা-খেলা বিষয়ক আছিল ৷

(গ) শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গীতসমূহক কিয় বৰগীত আখ্যা দিয়া হয় ?

উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱৰ সমসাময়িক ভক্ত কবিসকলে নৱবৈষ্ণৱ যুগত ৰচিত আন আন গীতৰ পৰা তেওঁলোকৰ গুৰু দুজনাৰ গীতখিনিক পৃথক কৰি দেখুৱাবৰ বাবে ‘বৰগীত’ বিশেষণটো প্ৰয়োগ কৰিছিল। ভাব, ভাষা, সুৰ, প্ৰকাশভংগী আৰু বিষয়বস্তুৰ গাম্ভীৰ্যৰ ফালৰ পৰা ই অন্য গীততকৈ ‘বৰ’অৰ্থাৎ শ্রেষ্ঠ। এনে অৰ্থতে মহাপুৰুষ দুজনাৰ ৰচিত গীতক ‘বৰগীত আখ্যা দিয়া হয়।

(ঘ) মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি?

উত্তৰঃ মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু হ’ল বাল-গোপালৰ লীলা-খেলা। তেওঁৰ বৰগীতসমূহত শিশুকৃষ্ণৰ চৌৰ-চাতুৰীসমূহ সুন্দৰকৈ বৰ্ণনা কৰাৰ লগতে যশোদাৰ চিৰন্তন মাতৃত্বৰ ছবিও সুন্দৰভাৱে ফুটাই তোলা হৈছে। মাধৱদেৱৰ বৰগীতৰ এফালে বাৎসল্য আৰু আনফালে দাসত্ব দুয়োটা ভাৱ সুন্দৰকৈ প্ৰকাশ পাইছে।

Similar Chapter

Class 10 Assamese Chapter 1 Question Answers

এইখন Class 10 Assamese Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰী সকলে বহু পৰিমাণে লাভৱান হব। আমাৰ ৱেবছাইট আটাইবোৰ Class 10 Assamese notes উপলব্দ। লগতে ছাত্ৰ-ছাত্ৰী সকলে SEBA Class 10 Assamese Question Answer কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীলৈ বিনম্ভ্ৰ অনুৰোধ, Class 10 Assamese Book Question Answer সমূহ পঢ়াৰ সময়ত কিবা ভুল বিচাৰি পালে শুধৰণিৰ বাবে screenshot লৈ আমালৈ প্ৰেৰণ কৰে যেন।

Mahibul Islam
Mahibul Islamhttp://learningassam.com
Mahibul Islam is the founder of Learning Assam, a educational website. Mahibul's expertise SEO, website development and digital marketing making him a pivotal figure in the industry.

Similar Class

ADRE 2.0 Notes PDF in Assam | ADRE 2.0 অসম চৰকাৰৰ বৃহৎ নিযুক্তি

Bost Your Preparation for the ADRE 2.0 with Lakshya CoursesHello, aspirants! If you’re preparing for the Assam Direct...

Class 10 Social Science Geography Chapter 4 MCQ | অসমৰ ভূগোল MCQ

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Social Science Geography Chapter 4...

Class 10 Social Science Geography Chapter 3 MCQ | পৃথিৱীৰ ভূগোল MCQ

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Social Science Geography Chapter 3...

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

error: Content is protected !!