সূচীপত্ৰ
জীৱৰ মৌলিক একক | |
শ্ৰেণী (Class) | নৱম শ্ৰেণীৰ (IX) |
বিষয় | বিজ্ঞান (Science) |
পাঠ (Lesson) | জীৱৰ মৌলিক একক |
অধ্যায় (Chapter) | অধ্যায় 5 |
মাধ্যম (Medium) | অসমীয়া |
ৱেবছাইটৰ নাম | learningassam.com |
Class 9 Science Chapter 5 Assamese Medium Question Answer
ইয়াত Class 9 Science Chapter 5 Assamese Medium Question Answers জীৱৰ মৌলিক একক গঠন পাঠটোৰ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ উপলব্দ আৰু এইবোৰ SEBA Class 9 Science Chapter 5 in Answers Assamese Medium নৱম শ্ৰেণীৰ বিজ্ঞান পৰীক্ষাৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 9 Science Chapter 5 Assamese Medium ৰ পৰীক্ষাত আহিব লগা অতিৰিক্ত প্ৰশ্নোত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। SEBA Class 9 Science Chapter 5 in Assamese Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 9 Science Chapter 5 Assamese Medium ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
Class 9 Science প্ৰশ্নাৱলী পৃষ্ঠা-59
Class 9 Science Question Answer Page No 59
1. কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল ?
উত্তৰঃ ৰবাৰ্ট হুকে 1665 খ্ৰীষ্টাব্দত পোন প্ৰথমে কোষ আবিষ্কাৰ কৰিছিল।
ৰবাৰ্ট হুকে নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত এটুকুৰা কৰ্কৰ পাতল চ্ছেদ পৰীক্ষা কৰি মৌকোহৰ নিচিনা কিছুমাণ খোঁটালি দেখা পাইছিল, তেঁও এই খোঁটালিবোৰকে কোষ বুলি আখ্য়া দিছিল।
2. কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয় ?
উত্তৰঃ কোষ অবিহনে জীৱদেহৰ সম্ভৱ নহয়। উদ্ভিদৰ বিভিন্ন অংগ-প্ৰত্যংগ, প্ৰাণীৰ বিভিন্ন অংগ-প্ৰত্যংগ আৰু অংগতন্ত্রও কোষৰ দ্বাৰা গঠিত। এককোষী জীৱ এটাৰ দেহ এটা কোষেৰে গঠিত। এককোষী জীৱ এটাৰ সকলোবোৰ জৈৱিক ক্রিয়া কোষতে সমাপণ হয়। বহুকোষী জীৱদেহত কোষবোৰে বিভিন্ন ধৰণে সংগঠিত হৈ কলা, অংগ গঠন কৰে। গতিকে জীৱ এটাৰ গঠনৰ একক কোষ। কোষৰ ভিতৰতে প্ৰাণী আৰু উদ্ভিদৰ জৈৱিক ক্রিয়াসমূহ সম্পন্ন হয়। সেয়েহে কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়।
Class 9 Science প্ৰশ্নাৱলী পৃষ্ঠা-61
Class 9 Science Question Answer Page No 61
1. CO_2 আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা।
উত্তৰঃ যি ভৌতিক প্ৰক্ৰিয়াৰে কোনো পদাৰ্থৰ অণুবোৰ অধিক ঘনত্ব স্থানৰ পৰা কম ঘনত্বৰকৈ স্থানলৈ বিয়পি পৰে তাক ব্যাপন বোলে। কোষৰ ভিতৰত CO_2 ৰ পৰিমাণ বাহিৰতকৈ বেছি হ’লে CO_2 ওলাই আহে, আনহাতে কোষৰ ভিতৰত CO_2 ৰ পৰিমাণতকৈ কোষৰ বাহিৰত CO_2 ৰ পৰিমাণ অধিক হ’লে ব্যাপন প্ৰক্ৰিয়াৰে CO_2 কোষৰ ভিতৰত সোমায়।
আনহাতে দুটা ভিন্ন ঘনত্বৰ দ্রৱক এটি অর্ধভেদ্য আৱৰণে পৃথক কৰি ৰাখিলে কম ঘনত্বৰ দ্ৰৱৰ পৰা অধিক ঘনত্বৰ দ্ৰৱলৈ দ্রাৱকৰ (পানী) ব্যাপন হয়, ইয়াকেই আসৃতি বোলে। আসৃতিৰ দ্বাৰা পানী কোষৰ ভিতৰত সোমায় আৰু বাহিৰলৈ ওলাই আহে।
2. কোষাবৰণখনক কিয় অর্ধভেদ্য আবৰণ বুলি আখ্যা দিয়া হয় ?
উত্তৰঃ কোষাৱৰণে কোষৰ ভিতৰলৈ আৰু কোষৰ পৰা বাহিৰলৈ বিভিন্ন দ্রব্য অহা-যোৱা কৰাটো নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ, ই কিছুমান দ্ৰব্যক সৰকি যোৱাত বাধা দিয়ে আৰু কিছুমানক সৰকি যোৱাত সহায় কৰে। সেই বাবে কোষাবৰণখনক অৰ্ধভেদ্য আবৰণ বুলি কোৱা হয়।
Class 9 Science Assamese Medium Chapter 5 Question Answer
Class 9 Science প্ৰশ্নাৱলী পৃষ্ঠা-63
Class 9 Science Question Answer Page No 63
1. প্ৰকোষকেন্দ্ৰীয় কোষ আৰু সংকোষকেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ্ণ কৰা।

উত্তৰঃ

Class 9 Science প্ৰশ্নাৱলী পৃষ্ঠা-65
Class 9 Science Question Answer Page No 65
1. তুমি অধ্যয়ন কৰি অহা কোষ অংগানুবিলাকৰ ভিতৰৰ এনে দুটা কোষ অংগানুৰ নাম উল্লেখ কৰা যি দুটাৰ আনুবংশিক পদার্থ (Genetic material) থাকে।
উত্তৰঃ প্লাষ্টিড আৰু মাইট্ৰ’কন্দ্ৰিয়া।
2. যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষৰ সংগঠন ক্ষতি হয় তেতিয়া কি হ’ব ?
উত্তৰঃ কোষৰ সংগঠন ভাঙি গ’লে কোষবোৰে জৈৱিক কাৰ্য পৰিচালনা কৰিব নোৱাৰে। এনেবোৰ কোষক তেতিয়া মৃত বুলি কোৱা হয়।
Also Read: Class 9 Science Chapter 4 Question Answer
3. লাইছছ’মক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয় ?
উত্তৰঃ লাইছজ’মে কোষৰ ভিতৰত প্ৰৱেশ কৰা অণুজীৱক ধ্বংস কৰে। কোষীয় বর্জিত পদার্থ সঞ্চয় কৰি পাচন ঘটায়। বিভিন্ন পাচকীয় উৎসেচকৰ সহায়ত অলাগতিয়াল কোষস্থ অংগক ধ্বংস কৰিব পাৰে। এনেবোৰ ক্ৰিয়াত লাইছ’জ’ম নিজেও ধ্বংস হয়। সেয়েহে ইহঁতক আত্মঘাতী মোনা বোলা হয়।
4. কোষৰ অভ্যন্তৰৰ ক’ত প্ৰটিন সংশ্লেষণ সংঘটিত হয় ?
উত্তৰঃ কোষৰ অভ্যন্তৰৰ ৰাইব’জ’মত প্ৰটিন সংশ্লেষণ সংঘটিত হয়। কোষৰ গঠন আৰু জৈৱিক ক্ৰিয়াৰ বাবে দৰ্কাৰ হোৱা বিভিন্ন প্ৰকাৰৰ প্ৰ’টিন ৰাইব’জ’মে সংশ্লেষণ কৰে। সেয়েহে ৰাইব ‘জ’মক কোষৰ কলঘৰ আখ্যা দিয়া হয়।
Class 9 Science Chapter 5 Assamese Medium PDF
Class 9 Science অনুশীলনী
Class 9 Science Exercise Question Answer
1. উদ্ভিদ কোষ আৰু প্ৰাণীকোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্রাণী কোষতকৈ পৃথক উল্লেখ কৰা।
উত্তৰঃ
উদ্ভিদ কোষ | প্রাণী কোষ |
---|---|
কোষবেৰ থাকে। | কোষবেৰ নাথাকে। |
প্লাষ্টিড পােৱা যায়। | প্লাষ্টিড নাথাকে । |
ৰসধানীৰ আকাৰ ডাঙৰ। | ৰসধানীৰ আকাৰ সৰু। |
2. কি কি ক্ষেত্ৰত প্ৰকোষকেন্দ্রীয় কোষবিলাক সংকোষকেন্দ্রীয় কোষতকৈ পৃথক উল্লেখ কৰা।
উত্তৰঃ
প্রকোষকেন্দ্রীয় কোষ | সংকোষকেন্দ্রীয় কোষ |
---|---|
আকাৰ সাধাৰণতে সৰু। | আকাৰ সাধাৰণতে ডাঙৰ। |
কেন্দ্ৰাঞ্চল অনির্দিষ্ট আৰু ইয়াক কেন্দ্রাবণে আগুৰি নাথাকে । এনে কেন্দ্ৰাঞ্চলক নিউক্লিয়ড বােলে। | কেন্দ্ৰাঞ্চল সু-নির্দিষ্ট আৰু ইয়াক কেন্দ্ৰাৱৰণে আগুৰি থাকে। |
ক্রম’জম এডাল। | ক্রম’জম এডালতকৈ বেছি থাকে। |
আৱৰণী বিশিষ্ট কোষ অংগাণু নাথাকে। | আৱৰণী বিশিষ্ট কোষ অংগাণু পােৱা যায়। |
3. কোষৰ কোষাৱৰণখন ফাটি গ’লে কি হ’ব?
উত্তৰঃ কোষৰ কোষাৱৰণখনৰ প্ৰধান কাম হ’ল কোষস্থ পদার্থখিনি সীমাৱদ্ধ কৰি ৰখা আৰু কোষটোক সুৰক্ষা আৰু দৃঢ়তা দিয়া। কোষাৱৰণখন ফাটি গ’লে আৱদ্ধ কোষ প্রৰসখিনি বিক্ষিপ্ত হৈ পৰিব আৰু শেষত কোষৰ মৃত্যু হ’ব।
4. কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব?
উত্তৰঃ গলজি সংঘই সংশ্লেষিত প্ৰ’টিন আৰু বিভিন্ন উৎসেচক সঞ্চয় কৰি ৰাখে। ইহঁতেই লাইছ ‘জ’ম আৰু বৰ্জিত ৰসধানীৰ সৃষ্টি কৰে। কোষ বিভাজনৰ অন্তত কোষবেৰ গঠনত সহায় কৰে। গতিকে গলজি সংঘ কোষত নহ’লে এইবোৰ কাৰ্যত বাধা হ’ব আৰু শেষত কোষটো মৰি যাব।
Also Read: Class 9 Science Chapter 6 Question Answer
5. কোনটো কোষ অংগানুক কোষৰ শক্তিৰ ভৰাল বুলি আখ্যা দিয়া হয় আৰু কিয় ?
উত্তৰঃ মাইট’কণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভৰাল বুলি কোৱা হয়। শ্বসনত প্ৰয়োজন হোৱা উৎসেচক প্ৰস্তুত কৰাৰ লগতে খাদ্য বস্তুত নিহিত হৈ থকা শক্তি জাৰণ ক্ৰিয়াৰ দ্বাৰা মুক্ত কৰি মাইটকন্ড্রিয়াই সিহঁতৰ দেহত থকা ATP নামৰ কণাবোৰত সঞ্চয় কৰি ৰাখে। সেইবাবে মাইটকন্ড্রিয়াক কোষৰ শক্তিৰ ভৰাল বুলি কোৱা হয়।
Class 9 Science Assamese Medium Chapter 5 Answer
6. কোষাবৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰটিনবিলাক ক’ত সংশ্লেষিত হয় ?
উত্তৰঃ লিপিডবোৰ কোষৰ অন্তঃপ্ৰৰসীয় জালিকাত আৰু প্ৰ’ টিনবোৰ ৰাইব’জমত সংশ্লেষিত হয়।
7. এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে ?
উত্তৰঃ এমিবাৰ পুষ্টি পূর্ণগ্রাসী। খাদ্যগ্রহণত এমিবাই ইয়াৰ চাৰিওফালে কিছুমান কূটপদ গঠন কৰে আৰু শেষত চাৰিওফালৰ পৰা অহা কূটপদে ইয়াৰ খাদ্য পিয়লাত আৱদ্ধ কৰি লয়। এমিবাই এনে ধৰণে খাদ্য গ্ৰহণ কৰা প্ৰক্ৰিয়াক ফেগচাইটছিছ বোলে। এমিবাৰ পাচন প্রক্রিয়া অন্তঃকোষীয়।
8. আসৃতি কি?
উত্তৰঃ আসৃতি হ’ল এখন অৰ্ধভেদ্য আবৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰ নিম্ন গাঢ়তা অঞ্চললৈ প্ৰবাহিত হোৱা দ্রব্যৰ গতি।
Important
আসৃতি কি?
আসৃতি হ’ল এখন অৰ্ধভেদ্য আবৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰ নিম্ন গাঢ়তা অঞ্চললৈ প্ৰবাহিত হোৱা দ্রব্যৰ গতি।
কোষৰ কোষাৱৰণখন ফাটি গ’লে কি হ’ব?
কোষৰ কোষাৱৰণখনৰ প্ৰধান কাম হ’ল কোষস্থ পদার্থখিনি সীমাৱদ্ধ কৰি ৰখা আৰু কোষটোক সুৰক্ষা আৰু দৃঢ়তা দিয়া। কোষাৱৰণখন ফাটি গ’লে আৱদ্ধ কোষ প্রৰসখিনি বিক্ষিপ্ত হৈ পৰিব আৰু শেষত কোষৰ মৃত্যু হ’ব।
কোষৰ অভ্যন্তৰৰ ক’ত প্ৰটিন সংশ্লেষণ সংঘটিত হয় ?
কোষৰ অভ্যন্তৰৰ ৰাইব’জ’মত প্ৰটিন সংশ্লেষণ সংঘটিত হয়। কোষৰ গঠন আৰু জৈৱিক ক্ৰিয়াৰ বাবে দৰ্কাৰ হোৱা বিভিন্ন প্ৰকাৰৰ প্ৰ’টিন ৰাইব’জ’মে সংশ্লেষণ কৰে। সেয়েহে ৰাইব ‘জ’মক কোষৰ কলঘৰ আখ্যা দিয়া হয়।
Chapter-wise Question Answer
Class 9 Science Chapter 5 Assamese Medium Question Answer
- জীৱবিলাক কিহেৰে গঠিত? (What are Living Organisms Made Up of?)
- কোষটো কিহেৰে গঠিত? কোষ এটাৰ সংগঠন CO_2 মানে কি? (What is a Cell Made Up of? What is the Structural Organisation of a Cell?)
- কোষাৱৰণ বা কোষ আৱৰণ ? (PLASMA MEMBRANE OR CELL MEMBRANE)
- কোষবেৰ (CELL WALL)
- কোষ অংগাণু (CELL ORGANELLES)
- অন্তঃ প্রবসীয় জালিকা [ ENDOPLASMIC RETICULUM (ER)]
- গলজি সংঘ [GOLGI APPARATUS ]
- লাইছ’জম (LYSOSOMES )
- মাইট কন্ড্রিয়া (MITOCHONDRIA)
- প্লাষ্টিড (PLASTIDS)
- ৰসধানী বা ৰিক্তিকা (VACUOLES )
জীৱৰ মৌলিক একক Class 9 Question Answer
Class 9 Science Chapter 5 Question Answer Assamese Medium (Class 9 জীৱৰ মৌলিক একক Question Answer) are available here. Students can practice these SEBA Class 9 Science Chapter 5 Assamese Medium Question Answer, prepared per the SEBA syllabus (2025 – 2026) and NCERT curriculum. All the questions in this SEBA Class 9 Science Chapter 5 Question Answer in Assamese are designed according to the latest HSLC exam pattern. All the objective questions and their answers are presented here. It will help students to score the highest marks in the final exam. We have uploaded all the SEBA Class 9 Assamese Medium Science Chapter 5 Question Answer (জীৱৰ মৌলিক একক Class 9 Question Answer) carefully.
Class 9 Science Chapter 5 Assamese Medium Question Answer
ওপৰত আলোচনা কৰা SEBA Class 9 Science Chapter 5 Question Answers in Assamese পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 9 Science Chapter 5 Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 9 Chapter 5 Question Answers PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel Join কৰিবলৈ অনুৰোধ জনোৱা হল।
Class 9 Science Chapter 5 Assamese Medium Solution
Looking for a comprehensive guide to Class 9 Science Chapter 5 in Assamese Medium? Our blog post provides a detailed explanation of key concepts in the chapter, helping students grasp essential topics with ease. Along with clear and concise explanations, we’ve also included Class 9 Science Chapter 5 Question Answers in Assamese, tailored to help students prepare effectively for their exams. Whether you’re revising or seeking help with homework, this guide offers the perfect resource for mastering Chapter 1 and acing your Science exam in Assamese Medium.
Class 9 Science Chapter 5 Question Answer in Assamese
Need some help with Class 9 Science Chapter 5 Question Answer in Assamese? You’re in the right place! This post is all about making tough topics easy to understand, with clear explanations and examples. We’ve also got a complete set of Class 9 Science Chapter 5 Assamese Medium, so you can practice and prep without the stress. Whether you’re reviewing for exams or just tackling homework, this guide has everything you need to get ahead.