আমি আলোচনা কৰিম Class 9 Science Chapter 4 Assamese Medium Solutions (পৰমাণুৰ গঠন Class 9) পৰমাণু গঠন পাঠটোৰ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ উপলব্দ আৰু এইবোৰ Class 9 Science Chapter 4 Assamese Medium Solutions (পৰমাণুৰ গঠন Class 9) নৱম শ্ৰেণীৰ বিজ্ঞান পৰীক্ষাৰ বাবে অতিকৈ দৰকাৰি। Class 9 Science Chapter 4 Assamese Medium (পৰমাণুৰ গঠন Class 9) ৰ পৰীক্ষাত আহিব লগা অতিৰিক্ত প্ৰশ্নোত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। Class 9 Science Chapter 4 in Assamese (পৰমাণুৰ গঠন Class 9 Science) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে Class 9 Science Chapter 4 পৰমাণুৰ গঠন পাঠটোত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
Table of Contents
Class 9 Science Chapter 4 Assamese Medium Solutions
পৰমাণু গঠন | |
শ্ৰেণী (Class) | নৱম শ্ৰেণীৰ (IX) |
বিষয় | বিজ্ঞান (Science) |
পাঠ (Lesson) | পৰমাণু গঠন |
অধ্যায় (Chapter) | অধ্যায় 4 |
মাধ্যম (Medium) | অসমীয়া |
ৱেবছাইটৰ নাম | learningassam.com |
Class 9 Science Chapter 4 Assamese Medium Solutions
প্ৰশ্নাৱলীঃ (পৃষ্ঠা-49)
1. কেনেল ৰশ্মি কি?
উত্তৰঃ কেনেল ৰশ্মি হ’ল তেজস্ক্রিয় ধনাত্মক আধানেৰে গঠিত ৰশ্মি যিয়ে কেথডৰ ছিদ্ৰৰ মাজেৰে পাৰ হৈ যায়। এই ৰশ্মি ধনাত্মক আধানযুক্ত প্ৰটনৰ দ্বাৰা গঠিত।
2. পৰমাণু এটাত এটা প্ৰ’টন আৰু এটা ইলেকট্ৰ’ন থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে ?
উত্তৰঃ যিহেতু পৰমাণুটোত প্ৰ’টন আৰু ইলেক্ট্ৰ’নৰ সংখ্যা সমান ৷ প্ৰ’টন ধনাত্মক আধানযুক্ত আৰু ইলেক্ট্ৰ’ন ঋণাত্মক আধানযুক্ত। গতিকে মৌলৰ পৰমাণুটো বৈদ্যুতিকভাৱে উদাসীন। সেইবাবে পৰমাণুত এটা প্ৰটন আৰু এটা ইলেক্ট্রন থাকিলে, ই কোনো আধান বহন নকৰে।
প্ৰশ্নাৱলীঃ (পৃষ্ঠা-49)
1. থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্রিকভাৱে কেনেদৰে প্ৰশম হয় ব্যাখ্যা কৰা।
উত্তৰঃ থমছনৰ পৰমাণু আৰ্হিৰ মতে পৰমাণু এটা ধনাত্মক ভাৱে আহিত একোটা গোলক, ইলেকট্ৰ’ন বোৰ ইয়াত সোমাই থাকে । লগতে এটা পৰমাণুৰ ধনাত্মক আৰু ঋণাত্মক আধান সমান মানৰ। সেইবাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্রশম হয়।
2. ৰাডৰফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত কোনটো উপ-পাৰমাণৱিক কণা থাকে।
উত্তৰঃ ৰাডাফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াচত থকা উপ-পাৰমাণৱিক কণাটো হ’ল প্ৰ’টন (proton)।
3. তিনিটা শ্বেলৰে সৈতে ব’ৰৰ পৰমাণুৰ আৰ্হিৰ এটা চিত্র অংকণ কৰা।
উত্তৰঃ
4. যদি \alpha- কণা বিচ্ছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ সলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা হয় তেনেহ’লে কি দেখা যাব বুলি ভবা ?
উত্তৰঃ সােণৰ পাতৰ সলনি আন ধাতু ব্যৱহাৰ কৰিলে প্রায় একে ফল পােৱা যাৱ। কিন্তু, সকলাে ধাতুৱে ঘাতসহনশীল নহয় যাৰ বাবে অতি পাতল পাতলৈ ৰূপান্তৰ কৰিব নােৱাৰি। অতি পাতল পাতৰ মাজেৰেহে \alpha- কণা সহজে বিছুৰণ কৰিব পাৰি।
Class 9 Science Chapter 4 Assamese Medium Solutions
প্ৰশ্নাৱলীঃ (পৃষ্ঠা-49)
1. পৰমাণুৰ তিনিটা উপ-পাৰমাণৱিক কণাৰ নাম লিখা।
উত্তৰঃ পৰমাণুৰ তিনিটা উপ-পাৰমাণৱিক কণাৰ নাম হ’ল- ইলেক্ট্রন, প্রটন আৰু নিউট্রন।
2. হিলিয়াম পৰমাণুৰ পাৰমাণৱিক ভৰ 4u আৰু ইয়াৰ নিউক্লিয়াছত দুটা প্রটন আছে। ইয়াত কিমানটা নিউট্রন থাকিব?
উত্তৰঃ পৰমাণু এটাৰ ভৰ পৰমাণুটোত থকা প্ৰটন আৰু নিউট্ৰনৰ ভৰৰ সমান আৰু পৰমাণুত প্ৰটন আৰু নিউট্ৰন সংখ্যা সমান সমান থাকে। যিহেতু প্ৰটন দুটা আছে গতিকে, নিউট্ৰনো দুটা থাকিব।
প্ৰশ্নাৱলীঃ (পৃষ্ঠা-50)
1. কাৰ্বন আৰু ছডিয়াম পৰমাণুত ইলেকট্ৰনৰ বিতৰণ দেখুওৱা।
উত্তৰঃ
মৌল | পাৰমাণৱিক সংখ্যা | K শ্বেল | L শ্বেল | M শ্বেল |
কাৰ্বন (C) | 6 | 2 | 4 | |
ছডিয়াম (Na) | 11 | 2 | 8 | 1 |
2. পৰমাণু এটাৰ K আৰু L খেলবােৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেক্ট্রনৰ মুঠ সংখ্যা কিমান হ’ব?
উত্তৰঃ
K শ্বেলত থকা ইলেক্ট্রন সংখ্যা = 2 টা
L খেলত থকা ইলেক্ট্রনৰ সংখ্যা = 8 টা
K আৰু L শ্বেলবােৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত থকা মুঠ ইলেক্ট্রনৰ সংখ্যা হব = 2+ 8 = 10 টা।
Class 9 Chapter 4 Science Assamese Medium Solutions
প্ৰশ্নাৱলীঃ (পৃষ্ঠা-52)
1. ক্ল’ৰিণ, ছালফাৰ আৰু মেগনেছিয়ামৰ যােজ্যতা কেনেদৰে পাবা?
উত্তৰঃ পৰমাণুটোৰ বহিঃকক্ষত 1 টা, 2 টা বা 3 টাকৈ ইলেক্ট্রন থাকিলে পৰমাণুটোৱে ইলেক্ট্রন এৰি দিব আৰু 5 টা, 6 টা বা 7 টাকৈ ইলেক্ট্রন থাকিলে ইইয়াৰ বহিঃকক্ষত 8 টা ইলেক্ট্রন সম্পূর্ণ কৰিবলৈ ইলেক্ট্রন গ্রহণ কৰিব। গতিকে, পৰমাণুটোৱে এৰি দিয়া বা গ্রহণ কৰা ইলেক্ট্রনবােৰেই হ’ল যােজ্যতা ইলেক্ট্রন।
এতিয়া-
ক্ল’ৰিণৰ যােজ্যতা- 2. 8. 7
ক্ল’ৰিণৰ যােজ্যতা ইলেক্ট্রন হ’ল = 8 -7=1
ছালফাৰৰ যােজ্যতা-2. 8. 6
ছালফাৰৰ যােজ্যতা ইলেক্ট্রন হ’ল = 8 – 6=2
মেগনেছিয়ামৰ যােজ্যতা- 2. 8. 2
মেগনেছিয়ামৰ যযাজ্যতা ইলেক্ট্রন হ’ল = 8 – 6=2
প্ৰশ্নাৱলীঃ (পৃষ্ঠা-52)
1. যদি পৰমাণু এটাত ইলেক্ট্রনৰ সংখ্যা ৪ আৰু প্ৰটিনৰ সংখ্যাও 8 হয় তেন্তে
(i) পৰমাণুটোৰ পাৰমাণৱিক সংখ্যা কি হ’ব?
(ii) পৰমাণুটোৰ আধান কিমান হ’ব?
উত্তৰঃ (i) পৰমাণু এটাত থকা প্ৰটনৰ সংখ্যাই হ’ল পাৰমাণৱিক সংখ্যা। যিহেতু পৰমাণুটোত 8 টা প্র’টন আছে, গতিকে ইয়াৰ পৰামাণৱিক সংখ্যা হ’ব 8।
(ii) যিহেতু পৰমাণুটোত ইলেক্ট্রন আৰু প্ৰটনৰ সংখ্যা সমান গতিকে, পৰমাণুটোৰ আধান হ’ব শূণ্য ।
2. তালিকা 4.1 ৰ সহায়ত অক্সিজেন আৰু ছালফাৰৰ পৰমাণুৰ ভৰ সংখ্যা উলিওৱা।
উত্তৰঃ অক্সিজেনত থকা প্ৰটন = 8 আৰু নিউট্রন = 8
গতিকে, ভৰ সংখ্যা = 8 + 8 = 16
ছালফাৰত থকা প্রটন = 16 আৰু নিউট্রন = 16
গতিকে, ভৰ সংখ্যা = 16 +16 = 32
Class 9 Science Chapter 4 Question Answers in Assamese
প্ৰশ্নাৱলীঃ (পৃষ্ঠা-53)
1. চিহ্ন H, D আৰু T প্ৰতিটোতে পােরা উপ-পাৰমাণৱিক কণাবােৰ তালিকাভূক্ত কৰা।
উত্তৰঃ
চিহ্ন | প্রটন | নিউট্রন | ইলেক্ট্রন |
H (প্ৰ’টিয়াম) | 1 | 0 | 1 |
D (ডয়টেৰিয়াম) | 1 | 1 | 1 |
T (ট্ৰিটিয়াম) | 1 | 2 | 1 |
2. একোযযাৰকৈ সমস্থানিক আৰু সমভাৰীৰ ইলেক্ট্রনীয় বিন্যাস লিখা।
উত্তৰঃ
এযােৰ সমস্থানিকৰ উদাহৰণ হ’ল- {}_6^{12}C আৰু {}_6^{14}C
এযােৰ সমভাৰীৰ উদাহৰণ হ’ল- {}_{19}^{40}K আৰু {}_{20}^{40}Ca
অনুশীলনী
1. ইলেক্ট্রন, প্রটন আৰু নিউট্রন ধর্মসমূহ তুলনা কৰা।
উত্তৰঃ
ইলেক্ট্রন | প্রটন | নিউট্রন |
---|---|---|
ঋণাত্মক আধানযুক্ত । | ধনাত্মক আধানযুক্ত । | নিউট্রনবােৰ প্রশম । |
নিউক্লিয়াছৰ বাহিৰত থাকে । | নিউক্লিয়াছত থাকে । | নিউক্লিয়াছত থাকে । |
ধনাত্মক আধানযুক্তৰ প্ৰতি আকৰ্ষিত । | ঋণাত্মক আধানযুক্তৰ প্ৰতি আকৰ্ষিত । | কোনো আধানযুক্ত কণিকাৰ প্ৰতি আকৰ্ষিত নহয়। |
2. জে জে থমছনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি?
উত্তৰঃ জে জে থমছনৰ পৰমাণুৰ আৰ্হি মতে, ইলেক্ট্ৰনবোৰ ধনাত্মক আধানযুক্ত গোলকবোৰত গোটেই ঠাইতে নিহিত হৈ থাকে। কিন্তু আন বিজ্ঞানীসকলে কৰা পৰীক্ষাত দেখা গ’ল যে পৰমাণুটোৰ কেন্দ্ৰতহে প্ৰ’টন উপস্থিত থাকে আৰু ইয়াৰ চাৰিওফালে ইলেক্ট্ৰন সিঁচৰতি হৈ থাকে।
3. ৰাডাৰ ফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি ?
উত্তৰঃ ৰাডাৰ ফ’ৰ্ডৰ পৰমাণুৰ আৰ্হি অনুসৰি ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে বৃত্তাকাৰ কক্ষপথত ঘূৰি থাকে। এনে যিকোনো কণাই ঘূৰিলে ত্বৰণৰ সন্মুখীন হ’ব আৰু শক্তি বিকিৰণ কৰিব। ঘূৰ্ণনশীল ইলেক্ট্ৰনে শক্তি হেৰুৱাব আৰু শেষত নিউক্লিয়াছত পৰিব, গতিকে পৰমাণুটো অতি অস্থিৰ হ’ব। কিন্তু আমি জানো যে পৰমাণুবোৰ যথেষ্ট স্থিৰ।
Class 9 Science Chapter 4 Assamese Medium Solutions
4. ব’ৰৰ পৰমাণুৰ আৰ্হিটো বর্ণনা কৰা ।
উত্তৰঃ ব’ৰৰ পৰমাণুৰ আৰ্হি –
(a) পৰমাণুৰ কেন্দ্ৰত নিউক্লিয়াছ থাকে।
(b) ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে।
(c) পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনৰ বিচ্ছিন্ন কক্ষপথ বুলি জনাজাত কিছুমান বিশেষ কক্ষপথৰ অনুমতি দিয়া হয়।
(d) বিচ্ছিন্ন কক্ষপথত ঘূৰি থকাৰ সময়ত ইলেক্ট্ৰনে শক্তি বিকিৰণ নকৰে।
(e) এই কক্ষপথ বা খোলাবোৰক শক্তিৰ স্তৰ বোলে।
(f) এই কক্ষপথ বা খোলাবোৰক K, L, M, N আখৰ বা n = 1, 2, 3, 4 সংখ্যাৰে প্ৰতিনিধিত্ব কৰা হয়।
5. এই অধ্যায়ত দিয়া পৰমাণুৰ আৰ্হি কেইটা তুলনা কৰা ।
উত্তৰঃ
থমছন | ৰাডাৰ ফ’ৰ্ড | ব’ৰ |
---|---|---|
পৰমাণুবোৰ ধনাত্মক আধানৰ গোলক। | পৰমাণুৰ কেন্দ্ৰত ধনাত্মক আধানৰ গোলক যাক নিউক্লিয়াছ বুলি কোৱা হয়। পৰমাণুৰ সকলো ভৰ নিউক্লিয়াছত থাকে। | পৰমাণুৰ কেন্দ্ৰত থকা ধনাত্মক আধানেই হল নিউক্লিয়াছ। |
ঋণাত্মক আৰু ধণাত্মক আধান মানত সমান। সেইবাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰশম। | ইলেকট্রনৰ সংখ্যা নিউক্লিয়াছত থকা মুঠ আধানৰ সংখ্যাৰ সমান। | এই কক্ষপথবোৰত ঘূৰি থাকোতে ইলেকট্রনে শক্তি বিকিৰণ নকৰে। |
6. প্রথম ওঠৰটা মৌলৰ কাৰণে বিভিন্ন শ্বেলত ইলেকট্রন বণ্টনৰ নিয়মবোৰ সংক্ষেপে লিখা।
উত্তৰঃ প্ৰথম ওঠৰটা মৌলৰ বাবে বিভিন্ন শ্বেলত ইলেক্ট্ৰনৰ বিতৰণ লিখাৰ নিয়মসমূহ হ’ল-
(a) এটা খোলাত উপস্থিত ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা সূত্ৰ- 2n^2 দ্বাৰা দিয়া হৈছে
∵ n = কক্ষপথ সংখ্যা অৰ্থাৎ, 1, 2, 3
∵ বিভিন্ন খোলাত সৰ্বাধিক ইলেক্ট্ৰনৰ সংখ্যা হ’ল:
K খোলা n=1 2n^2 \Rightarrow2\times1^2=2
L খোলা n=2 2n^2 \Rightarrow2\times2^2=8
M খোলা n=3 2n^2 \Rightarrow2\times3^2=18
(b) আটাইতকৈ বাহিৰৰ কক্ষপথত ৰখাব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা হ’ল 8।
(c) ভিতৰৰ খোলাবোৰ ভৰোৱা নহ’লে কোনো এটা নিৰ্দিষ্ট খোলাত ইলেক্ট্ৰন ৰখা নহয়। (খোলাবোৰ পদক্ষেপ অনুসৰি ভৰোৱা হয়)।
7. চিলিকন আৰু অক্সিজেনক উদাহৰণ হিচাপে লৈ যোজ্যতাৰ সংজ্ঞা দিয়া।
উত্তৰঃ কোনো এটা ৰাসায়নিক বিক্ৰিয়াত কোনো মৌলৰ এটা পৰমাণুৱে ইয়াৰ ওচৰৰ সম্ভ্ৰাস্ত গেছৰ সজ্জা পাবলৈ যিমান সংখ্যক ইলেকট্রন গ্রহণ বা ত্য়াগ কৰে সেই সংখ্যাটোকে সেই মৌলৰ যোজ্যতা বোলে। উদাহৰণস্বৰূপে –
চিলিকনৰ (Si) ইলেকট্রনীয় বিন্যাস : 2, 8, 4
ইয়াৰ যোজ্যতা = 4
অক্সিজেনৰ (O) ইলেকট্রনীয় বিন্যাস : 2, 6
ইয়াৰ যোজ্যতা = 8 – 6 = 2
8. উদাহৰণৰ সৈতে ব্যাখ্যা কৰা –
(i) পাৰমাণবিক সংখ্যা।
(ii) ভৰ সংখ্যা।
(iii) সমস্থানিক।
(iv) সমভাৰী।
সমস্থানিকৰ যিকোনো দুটা ব্যাৱহাৰ লিখা।
উত্তৰঃ
(i) পাৰমাণৱিক সংখ্যাঃ কোনো মৌলৰ পাৰমাণৱিক সংখ্যা তাৰ পৰমাণুৰ নিউক্লিয়াছত থকা প্ৰ’টনৰ সংখ্যাক বুজায়। যেনে, অক্সিজেনত 6 টা প্ৰ’টন থাকে গতিকে পাৰমাণৱিক সংখ্যা 6 ।
(ii) ভৰ সংখ্যাঃ পৰমাণুৰ নিউক্লিয়াছত থকা প্ৰ’টন আৰু নিউট্ৰনৰ মুঠ সংখ্যাক ভৰ সংখ্যা বোলে। উদাহৰণস্বৰূপে, কাৰ্বনত থকা প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা ক্রমে 6 আৰু 6 এতেকে কাৰ্বনৰ ভৰ সংখ্যা হ’ব 6+6 = 12
(iii) সমস্থানিকঃ সমস্থানিক হৈছে একেটা মৌলৰ পৰমাণু যাৰ ভৰ সংখ্যা বেলেগ কিন্তু পৰমাণু সংখ্যা একে।
এযােৰ সমস্থানিকৰ উদাহৰণ হ’ল- {}_6^{12}C আৰু {}_6^{14}C
(iv) সমভাৰীঃ সমভাৰী হৈছে একে ভৰ সংখ্যা কিন্তু বেলেগ বেলেগ পৰমাণু সংখ্যাৰ পৰমাণু।
এযােৰ সমভাৰীৰ উদাহৰণ হ’ল- {}_{19}^{40}K আৰু {}_{20}^{40}Ca
পৰমাণুৰ গঠন Question Answer Class 9
9. Na^+ ত সম্পূৰ্ণৰূপে পূৰ হৈ থকা K আৰু L শ্বেল আছে। ব্যাখ্যা কৰা।
উত্তৰঃ
Na ত থকা পাৰমাণৱিক সংখ্যা = 11
Na^+ ত থকা পাৰমাণৱিক সংখ্যা = 10
Na^+ ৰ ইলেকট্রনীয় বিন্যাস = 2, 8
ছডিয়াম (Na) পৰমাণু 1 টা ইলেক্ট্ৰন এৰি দি সুস্থিৰ হৈ Na^+ আয়ন গঠন কৰে। সেয়েহে ই K আৰু L শ্বেল সম্পূৰ্ণৰূপে পূৰ হৈ থাকে।
10. যদি ব্ৰ’মিন পৰমাণু {}_{35}^{79}Br (49.7%) আৰু {}_{35}^{81}Br (50.3% ) সমস্থানিকৰ ৰূপত থাকে তেন্তে তাৰ গড় পাৰমাণৱিক ভৰ কিমান হ’ব গণনা কৰা।
উত্তৰঃ ব্ৰ’মিন পৰমাণু {}_{35}^{79}Br (49.7%) আৰু {}_{35}^{81}Br (50.3% ) ৰ গড় পাৰমাণৱিক ভৰ হ’ল-
= \left(79\times\frac{49.7}{100}\right)+\left(81\times\frac{50.3}{100}\right)
= 39.263+40.743
= 80.006u
11. এটা মৌল X ৰ এটা নমুনাৰ গড় পাৰমাণৱিক ভৰ 16.2u । নমুনাটোত সমস্থানিক {}_8^{16}X আৰু {}_8^{18}X ৰ শতকৰা পৰিমাণ কি কি হব ?
উত্তৰঃ ধৰা হ’ল, {}_8^{16}X ৰ শতকৰা পৰিমাণ = A
গতিকে, {}_8^{18}X ৰ শতকৰা পৰিমাণ = 100-A
এতিয়া,
\Rightarrow\left(16\times\frac A{100}\right)+\left(18\times\frac{100-A}{100}\right)=16.2 \Rightarrow\frac{16A}{100}+\frac{1800-18A}{100}=16.2 \Rightarrow\frac{16A+1800-18A}{100}=16.2 \Rightarrow-2A+1800=16.2\times100 \Rightarrow-2A=1620-1800 \Rightarrow A=\frac{-180}{-2} \Rightarrow A=90অৰ্থাৎ, {}_8^{16}X ৰ শতকৰা পৰিমাণ = 90% আৰু {}_8^{18}X ৰ শতকৰা পৰিমাণ = 10%
12. যদি Z=3 হয়, তেন্তে মৌলটোৰ যৌজ্যতা কিমান হ’ব ? মৌলটোৰ নাম লিখা।
উত্তৰঃ Z = 3, (অৰ্থাৎ, পাৰমাণৱিক সংখ্যা=3 )
∴ ইলেকট্রনীয় বিন্যাস = 2, 1
মৌলটোৰ যোজ্যতা = 1
গতিকে, মৌলটোৰ নাম লিথিয়াম।
13. দুটা পৰমাণু X আৰু Yৰ নিউক্লিয়াছৰ সংযুক্তি তলত দিয়া হৈছে ।
X | Y | |
প্ৰ’টন | 6 | 6 |
নিউট্ৰন | 6 | 8 |
X আৰু Yৰ ভৰ সংখ্যা দিয়া । দুয়োটাৰ মাজৰ সম্পৰ্কটো কি ?
উত্তৰঃ X ৰ ভৰ সংখ্যা = প্ৰ’টন + নিউট্ৰন = 6+6=12
Y ৰ ভৰ সংখ্যা = প্ৰ’টন + নিউট্ৰন = 6 + 8 = 14
যিহেতু পাৰমাণৱিক সংখ্যাটো একে অৰ্থাৎ, = 6 (পৰমাণু সংখ্যা = প্ৰ’টনৰ সংখ্যা)।
আনহাতে, ভৰ সংখ্যা বেলেগ বেলেগ ।
গতিকে, X আৰু Y দুয়োটা একেটা মৌলৰ সমস্থানিক।
Class 9 Science Chapter 4 পৰমাণুৰ গঠন
14. তলৰ শুদ্ধ উক্তিবোৰৰ ঠাইত T আৰু ভূলবোৰৰ ঠাইত F লিখা ।
(a) জে জে থমছনে প্ৰস্তা কৰিছিল যে পৰমাণুৰ নিউক্লিয়াছত কেৱল নিউক্লিয়ন থাকে ।
উত্তৰঃ F
(b) ইলেকট্ৰন এটা আৰু প্ৰ’টন এটা লগ লাগি নিউট্ৰন এটা গঠন হয় । সেইবাবে ই প্ৰশম ।
উত্তৰঃ F
(c) ইলেকট্রন এটাৰ ভৰ প্ৰটনৰ ভৰৰ প্ৰায় \frac1{2000} গুণ।
উত্তৰঃ T
(d) টিংচাৰ আয়ডিন প্ৰস্তুত কৰাত আয়ডিনৰ এটা সমস্থানিক ব্যৱহাৰ কৰা হয়।
উত্তৰঃ F
(e) টিংচা আয়ডিন মেডিটিন হিচাপে ব্যৱহাৰ কৰা হয়।
উত্তৰঃ T
15, 16 আৰু 17 ত শুদ্ধ বাচনিৰ বিপৰীতে (✔) চিন আৰু ভুল বাচনিৰ বিপৰীতে (✖) চিন দিয়া।
15. ৰাডাৰ ফ’ৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই –
(a) পাৰমাণৱিক নিউক্লিয়াছ।
(b) ইলেকট্রন।
(c) প্রটন।
(d) নিউট্রন আবিস্কাৰ কৰিছিল।
উত্তৰঃ
(a) পাৰমাণৱিক নিউক্লিয়াছ (✔)
(b) ইলেকট্রন(✖)
(c) প্রটন (✖)
(d) নিউট্রন আবিস্কাৰ কৰিছিল (✖)
16. মৌল এটাৰ সমস্থানিকবোৰৰ-
(a) একে ভৌতিক ধর্ম।
(b) ভিন্ন ৰাসায়নিক ধর্ম।
(c) ভিন্ন সংখ্যক নিউট্রন।
(d) ভিন্ন পারমাণবিক সংখ্যা থাকে।
উত্তৰঃ
(a) একে ভৌতিক ধর্ম (✖)
(b) ভিন্ন ৰাসায়নিক ধর্ম (✖)
(c) ভিন্ন সংখ্যক নিউট্রন (✔)
(d) ভিন্ন পারমাণবিক সংখ্যা থাকে (✖)
17. Cl^- আয়নত যোজ্যতা ইলেকট্রনৰ সংখ্যা
(a) 16
(b) 8
(c) 17
(d) 18
উত্তৰঃ
(a) 16 (✖)
(b) 8 (✔)
(c) 17 (✖)
(d) 18 (✖)
Class 9 Science Chapter 4 Assamese Medium Solutions
18. তলৰ কোনটো ছ’ডিয়ামৰ শুদ্ধ ইলেকট্রনীয় বিন্যাস ?
(a) 2,8
(b) 8, 2, 1
(c) 2, 1, 8
(d) 2, 8, 1
উত্তৰঃ (d) 2, 8, 1
19. তলৰ তালিকাখন সম্পূৰ্ণ কৰা।
পামাণৱিক সংখ্যা | ভৰ সংখ্যা | নিউট্রনৰ সংখ্য | প্ৰটনৰ সংখ্য | ইলেকট্রনৰ সংখ্যা | পৰমাণু/আয়নৰসংখ্যা |
9 | – | 10 | – | – | – |
16 | 32 | – | – | – | ছালফাৰ |
– | 24 | – | 12 | – | – |
– | 2 | – | 1 | – | – |
– | 1 | 0 | 1 | 0 | – |
উত্তৰঃ
পাৰমাণৱিকসংখ্যা | ভৰ সংখ্যা | নিউট্রনৰ সংখ্যা | প্ৰটনৰ সংখ্যা | ইলেকট্রনৰ সংখ্যা | পৰমাণু /আয়নৰ নাম |
9 | 19 | 10 | 9 | 9 | ফ্লুৰিণ |
16 | 32 | 16 | 16 | 16 | ছালফাৰ |
12 | 24 | 12 | 12 | 12 | মেগনেছিয়াম |
1 | 2 | 1 | 1 | 1 | ডয়টেৰিয়াম |
1 | 1 | 0 | 1 | 0 | হাইড্রজেন |
Similar Chapter
- SEBA Class 9 Science Chapter 7 [প্ৰশ্নোত্তৰ] | নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 7 জীৱৰ বিচিত্ৰতা
- SEBA Class 9 Science Chapter 6 [প্ৰশ্নোত্তৰ] | নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 6 কলা
- SEBA Class 9 Science Chapter 5 [প্ৰশ্নোত্তৰ] | নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 5 জীৱৰ মৌলিক একক
- Class 9 Science Chapter 4 [প্ৰশ্নোত্তৰ] – পৰমাণুৰ গঠন
Class 9 Science Chapter 4 Assamese Medium All Sub Topics
- পদাৰ্থত থকা আধানযুক্ত কণাবোৰ (Charged Particles in Matter)
- পৰমাণুৰ গঠন (The Structure of an Atom)
- থমছনৰ পৰমাণুৰ আৰ্হি (Thomson’s model of an atom)
- ৰাডাৰ ফ’ৰ্ডৰ পৰমাণুৰ আৰ্হি (RUTHERFORD’S MODEL OF AN ATOM)
- ৰাডাৰ ফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতা (Drawbacks of Rutherford’s model of the atom)
- পৰমাণুৰ ব’ৰৰ আৰ্হি (BOHR’S MODEL OF ATOM)
- নিউট্রন (NEUTRONS)
- বেলেগ বেলেগ কক্ষপথ (শ্বেল) বোৰত ইলেকট্রনবোৰ কিদৰে ভগোৱা হৈছে? (How are Electrons Distributed in Different Orbits (Shells)?)
- যোজ্যতা (Valency)
- পাৰমাণৱিক সংখ্যা আৰু ভৰ সংখ্যা (Atomic Number and Mass Number)
- পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্রমাংক (ATOMIC NUMBER)
- ভৰ সংখ্যা বা ভৰ ক্ৰমাংক (ATOMIC NUMBER)
- সমস্থানিক (Isotopes)
- সমভাৰী (ISOBARS)
Class 9 Science Chapter 4 Assamese Medium
ওপৰত আলোচনা কৰা Class 9 Science Chapter 4 Question Answers in Assamese (পৰমাণুৰ গঠন Class 9) পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 9 Science Chapter 4 Assamese Medium (পৰমাণুৰ গঠন Class 9) খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। Class 9 Chapter 4 Assamese Medium Question Answers PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel কৰিবলৈ অনুৰোধ জনোৱা হল।