সূচীপত্ৰ
গতি | |
শ্ৰেণী (Class) | নৱম শ্ৰেণীৰ (IX) |
বিষয় | বিজ্ঞান (Science) |
পাঠ (Lesson) | গতি |
অধ্যায় (Chapter) | অধ্যায় 8 |
মাধ্যম (Medium) | অসমীয়া |
ৱেবছাইটৰ নাম | learningassam.com |
Class 9 Science Chapter 8 Assamese Medium Question Answer
ইয়াত Class 9 Science Chapter 8 Assamese Medium Question Answers গতি পাঠটোৰ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ উপলব্দ আৰু এইবোৰ SEBA Class 9 Science Chapter 8 in Answers Assamese Medium নৱম শ্ৰেণীৰ বিজ্ঞান পৰীক্ষাৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 9 Science Chapter 8 Assamese Medium ৰ পৰীক্ষাত আহিব লগা অতিৰিক্ত প্ৰশ্নোত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। SEBA Class 9 Science Chapter 8 in Assamese Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 9 Science Chapter 8 Assamese Medium ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
Class 9 Science প্ৰশ্নাৱলী পৃষ্ঠা-100
Class 9 Science Question Answer Page No 100
1. বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে। ইয়াৰ সৰণ ‘শূণ্য’ হ’ব পাৰেনে? যদি পাৰে তেন্তে তোমাৰ উত্তৰ এটা উদাহৰণেৰে সাব্যস্ত কৰা।
উত্তৰঃ ইয়াৰ সৰণ ‘শূণ্য’ হ’ব পাৰে। বস্তুটোৱে যদি বৃত্তাকাৰ পথত গতি কৰে ইয়াৰ সৰণ শূণ্য হয়। কাৰণ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজত কোনে পার্থক্য নাথাকে।
উদাহৰণ : যদি বস্তু এটাই কোনো এক বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি বৃত্তাকাৰ পথত পুণৰ আগৰ বিন্দুলৈ উভতি আহে তেতিয়া সৰণ শূণ্য হয়।
2. খেতিয়ক এজনে 10 m বাহুৰ বৰ্গাকৃতি পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্রমণ সম্পূৰ্ণ কৰিলে। 2 মিনিট 20 ছেকেণ্ড সময়ত তেওঁৰ প্ৰাৰম্ভিক অৱস্থানৰ পৰা সৰণৰ মান কিমান হ’ব?
উত্তৰঃ মুঠ দূৰত্ব = 10m+10m + 10m + 10m = 40m
সময় = 40 ছেকেণ্ড
2 মিনিট 20 ছেকেণ্ড = 120 ছে+ 20 ছে.
= 140ছে.
40 ছেকেণ্ডত অতিক্রম কৰা দূৰত্ব = 40 মিটাৰ
1 ছেকেণ্ডত অতিক্রম কৰা দূৰত্ব = 40/40 মিটাৰ
140 ছেকেণ্ডত অতিক্রম কৰা দূৰত্ব = 1 × 140 মিটাৰ
= 140 মিটাৰ
A ৰ পৰা যাত্ৰা আৰম্ভ কৰা খেতিয়কজনে 140 ছেকেণ্ড 3 পাক সম্পূৰ্ণ কৰি C বিন্দু পাব।

সৰণ AC = √AB²+ BC²
= √10² +10²
= √100+100
= √200
= √2×100
= 10√2
∴ সৰণ = 10√2 মিটাৰ৷
3. সৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য?
(a) ইশূণ্য হ’ব নোৱাৰে।
(b) ইয়াৰ মান বস্তুটেৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি।
উত্তৰঃ (a) আৰু (b) দুয়োটাই অসত্য।
Class 9 Science প্ৰশ্নাৱলী পৃষ্ঠা-102
Class 9 Science Question Answer Page No 102
1. দ্ৰুতি আৰু বেগৰ পাৰ্থক্য কি?
উত্তৰঃ
দ্রুতি | বেগ |
কোনো গতিশীল বস্তুৱে একক সময়ত অতিক্রম কৰা দুৰত্বক দ্রুতি বোলে। | কোনো গতিশীল বস্তুরে কোনো নির্দিষ্ট দিশত একক সময়ত অতিক্রম কৰা দূৰত্বক বেগ বোলে। |
দ্ৰুতি স্কেলাৰ ৰাশি। | বেগ ভেক্টৰ ৰাশি। |
2. কি চৰ্ভ বা কি কি চৰ্ত সাপেক্ষে বস্তুৰ গড়বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয়?
উত্তৰঃ যেতিয়া বস্তু এটাই সৰল ৰেখাত গতি কৰে তেতিয়া বস্তুৰ গড়বেগৰ মান গড় দ্ৰুতিৰ সমান হয়।
3. মটৰ গাড়ীৰ অড মিটাৰে কি জোখে?
উত্তৰঃ অড ‘মিটাৰৰ সহায়ত অতিক্ৰম কৰা দূৰত্ব জোখা হয়।
4. সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা?
উত্তৰঃ সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ সৰলৰৈখিক বা বৃত্তীয় হ’ব পাৰে।
5. পৰীক্ষা এটাৰ সহায়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভুমিস্থিত ষ্টেচনত সংগ্ৰীহিত হ’ল। ভুমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব কিমান হ’ব? সংকেতটোৱে পোহৰৰ দ্ৰুতিত গতি কৰে অর্থাৎ 3 x 10⁸ ।
উত্তৰঃ দিয়া আছে —
V = 3 x 10⁸ মিটাৰ/ছেকেণ্ড
t = 5 মিনিট
= 60 × 5 ছেকেণ্ড
= 300 ছেকেণ্ড
S = ?
আমি জানো যে – S = v × t
=3 × 10⁸ মিটাৰ /ছেকেণ্ড × 300 ছেকেণ্ড
= 9 x 10¹⁰ মিটাৰ
Class 9 Science প্ৰশ্নাৱলী পৃষ্ঠা-103
Class 9 Science Question Answer Page No 103
1. তুমি কেতিয়া বস্তু এটা
(i) সুষম ত্বৰণ।
(ii) বিষম জ্বৰণ হোৱা বুলি কৰা।
উত্তৰঃ (i) বস্তু এটা সুষম ত্বৰণত গতি কৰিছে বুলিলে বুজিব লাগিব যে
(a) বস্তুটোরে একেডাল সৰল ৰেখাত গতি কৰিছে।
(b) সমান সময়ৰ ব্যাৱধানত বস্তুটোৰ বেগৰ বৃদ্ধিৰ মান সমান।
(ii) সমান সমান সময়ৰ ব্যাৱধানত যদি গতিশীল বস্তু এটাৰ বেগৰ পৰিবৰ্তনৰ মান বেলেগ বেলেগ হয় তেনেহ’লে বস্তুটোৰ ত্বৰণ বিষম ত্বৰণ হ’ব।
2. বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 kmh-1ৰ পৰা 60kmh-1 হ্রাস পালে। বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা।
উত্তৰঃ দিয়া আছে –
u = 80 km h⁻¹
v = 60 kmh⁻¹
t = 5 sec
= 5 / 60 × 60 h
= 1 /720 h
a = ?
আমি জানো যে — a = v – u / t
= 60 – 80 / 1 / 720
= – 20 x 720
= -14400
∴ ত্বৰণ = 14400 kmh⁻²
3. ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুষম জ্বৰণেৰে 10 মিনিটত তাৰ দ্ৰুতি 40 kmh⁻¹ লৈ বৃদ্ধি কৰিলে। ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা।
উত্তৰঃ ইয়াত, u = 0
v = 40 km h⁻¹
t = 10 মিনিট
= 10 / 60 = h
= 1 / 6 h
a = ?
আমি জানো যে,
a = v – u / t
= 40 – 0 1/6
= 40 x 6
= 240
∴ ত্বৰণ = 240 kmh⁻²
Class 9 Science প্ৰশ্নাৱলী পৃষ্ঠা-107
Class 9 Science Question Answer Page No 107
1. বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখৰ প্ৰকৃতি কেনেকুৱা হয়?
উত্তৰঃ

2. বস্তু এটাৰ দূৰত্ব-সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা। বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা ?
উত্তৰঃ বস্তুটো সাম্য অবস্থাত আছে।
Also Read: Class 9 Science Chapter 5 Question Answer
3. বস্তু এটাৰ দ্ৰুতি সময়লেখ, সময় অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা হয়, তেন্তে বস্তুটোৰ গতিৰ বিষয়ে কি মন্তব্য কৰিবা?
উত্তৰঃ বস্তুটোৱে সুষম দ্ৰুতিত গতি কৰি আছে।
4. বেগ সময় লেখ আৰু সময় অক্ষ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে নিৰ্দেশ কৰা ৰাশিটো কি ?
উত্তৰঃ অতিক্ৰম কৰা দূৰত্ব।
Class 9 Science প্ৰশ্নাৱলী পৃষ্ঠা-109
Class 9 Science Question Answer Page No 109
1. এখন বাছ ৰৈ থকা অবস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1mS⁻²ত্বৰণেৰে 2 মিনিট সময় গতি কৰিলে।
(a) গাড়ীখনে লাভ কৰা দ্ৰুতি আৰু
(b) অতিক্রম কৰা দূৰত্ব উলিওৱা।
উত্তৰঃ (a) দিয়া আছে—
u = 0
a = 0.1mS⁻²
t = 2 মিনিট = 120 ছেকেণ্ড
v = ?
আমি জানো যে,
a = v – u / t
v = u + at
= 0 + 0.1 × 120
= 12
(b) s = ut + ½ at²
= 0 × 120 + ½ ×0.1×120²
= ½ × 0.1 × 14400
= 720
∴ S = 720 মিটাৰ।
2. 90 kmh⁻¹ দ্ৰুতিৰে ৰেলগাড়ী এখন গৈ আছে। –0.5 ms⁻² সুষম ত্বৰণ সৃষ্টি হোৱাকৈ গাড়ীখনত ব্ৰেক প্ৰয়োগ কৰা হ’ল। ৰেলগাড়ীখন ৰোৱাৰ আগলৈকে কিমানদূৰ আগবাঢ়ি গ’ল ?
উত্তৰঃ ইয়াত,
u = 90 kmh⁻¹
= 90000m / 60 × 60 sec
= 900 / 6×6 = 25 m/sec
= 25 m/sec
v = 0
a = – 0.5 m/sec²
S = ?
আমি জানো যে,
V² – u ² = 2as
S = v² – u² / 2a
= 0² – (25)² / 2 × (-0.5)
= – 625/–1.0
= 625
∴ S = 625 মিটাৰ
3. হেলনীয়া সমতল এখনেদি গতি কৰা ট্ৰলী এখনৰ ত্বৰণ 2 cm/sec²। আৰম্ভণিৰ পৰা 3 ছেকেণ্ডৰ পিছত ইয়াৰ বেগ কিমান?
উত্তৰঃ ইয়াত
u = 0
a = 2 cm/sec²
t = 3 sec
v = ?
আমি জানো যে—
a = v — u / t
v = u + at
= 0 + 2 x 3
= 6
∴ v = 6 cm/sec
4. বেগৰ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ সুষম জ্বৰণৰ মান 4m/ sec²। আৰম্ভণিৰ পৰা 10 ছেকেণ্ডৰ পিছত ইকিমানদূৰত্ব অতিক্রম কৰিব ?
উত্তৰঃ ইয়াত,
a = 4m/sec²
t = 10 sec
s = ?
U = 0
আমি জানো যে —
s = ut + 1/ 2 at²
= 0 × 10 + ½ × 4 × 10²
= ½ x 4 x 100
= 200
∴ s = 200 মিটাৰ।
5. শিল এটা 5m/sec বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হৈছে। যদি শিলটোৰ গতিৰ সময়ত ত্বৰণ তললৈ 10m/sec²হয়, তেন্তে শিলটুকুৰা কিমান উচ্চতালৈ উঠিব আৰু সেই উচ্চতালৈ উঠিবলৈ সি কিমান সময় ল’ব?
উত্তৰঃ ইয়াত,
u = 5m/sec
v = 0
a = – 10m/sec²
s = h = ?
t = ?
আমি জানো যে,
v² – u²= 2as
s = v² – u² / 2a
= 0² – 5² / 2 ×( –10)
= -25 / –20
= 1.25
∴ s = h = 1.25 মিটাৰ
আকৌ ,
a = v — u / t
t = v – u / a
= 0 – 5 / -10
= 5 / 10
= 0.5
∴ t = 0.5 ছেকেণ্ড
1. এজন দৌৰবিদে 200 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথ এটাৰে 40 ছেকেণ্ড সময়ত এপাক সম্পূৰ্ণ কৰিলে। 2 মিনিট 20 ছেকেণ্ডৰ অন্তত তেওঁ অতিক্ৰম কৰা দূৰত্ব আৰু সৰণ কিমান হ’ব?
উত্তৰঃ বৃত্তটোৰ ব্যাস (d) = 200 m
∴ ব্যাসার্ধ (r) = 100 m
পৰিধি = 2πr
= 2 × 22 / 7 × 100
= 4400 / 7 m
40 ছেকেণ্ডত অতিক্রম কৰা দূৰত্ব = 4400/7 m
∴ 1 ছেকেণ্ডত অতিক্রম কৰা দূৰত্ব = 4400 /7× 40 m
∴ 2 মিনিট 20 ছে, বা 140 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব
= 4400×140 / 7 × 40
= 4400×140 / 7 × 40
= 2200 m
এতিয়া,
40 ছেকেণ্ডত সম্পূৰ্ণ কৰে = 1 পাক
∴ 1 ছেকেণ্ডত সম্পূৰ্ণ কৰে = 1 / 40 পাক
∴ 140 ছেকেণ্ডত সম্পূৰ্ণ কৰে = 140 /40 পাক
= 3.5 পাক
∴ 2 মিনিট 20 ছেকেণ্ডত দৌৰবিদজনে A বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি 3.5 পাক সম্পূৰ্ণ কৰাৰ পিছত B বিন্দু পায়।
∴ সৰণ = AB
= 200 m
2. 300 মিটাৰ দৈৰ্ঘ্যৰ পোন পথ এটাৰ এটা মূৰ A ৰ পৰা দৌৰি 2 মিনিট 30 ছেকেণ্ডত যোচেফ আনটো মূৰ B ত উপনীত হ’ল আৰু তাৰ পৰৱর্তী 1 মিনিটত C বিন্দুলৈ 100m উভতি আহিল।
(a) Aৰ পৰা B লৈ আৰু (b) Aৰ পৰা C লৈ যােচেফৰ দৌৰৰ গড় দ্রুতি আৰু বেগ নির্ণয় কৰা।
উত্তৰঃ A ৰ পৰা B লৈ যাওঁতে লগা সময় = 2 মিনিট 30 ছেকেণ্ড
= ( 2 x 60+30) ছেকেণ্ড
= 150 ছেকেণ্ড
Bৰ পৰা C লৈ যাওঁতে লগা সময় = 1 মিনিট
= 60 ছেকেণ্ড
অতিক্ৰম কৰা মুঠ দূৰত্ব = AB+ BC
= 300 + 100
= 400 মিটাৰ
মুঠ সময় = (150+60) ছেকেণ্ড
= 210 ছেকেণ্ড
(a) A ৰ পৰা B লৈ দ্ৰুতি = AB / t
= 300 / 150
= 2 মিটাৰ / ছেকেণ্ড
A ৰ পৰা B লৈ বেগ = AB / 7
= 300 / 150
= 2 মিটাৰ / ছেকেণ্ড
(b) A ৰ পৰা C লৈ গড় দ্রুতি = AB+ B C / মুঠ সময়
= 300+100 / 210
= 400 / 210
= 40 / 21
= 1.90 মিটাৰ / ছেকেণ্ড
Aৰ পৰা C লৈ গড় বেগ = AB – BC / মুঠ সময়
= 300-100 / 210
= 200 / 210
= 20 / 21
= 0.952 মিটাৰ / ছেকেণ্ড
3. আব্দুলে স্কুললৈ গাড়ী চলাই যাওঁতে তাৰ গতিৰ গড় দ্রুতি 20 km h-¹ বুলি গণনা কৰিলে আৰু একে পথেৰে উভতি আহোতে ভিৰ কম হোৱাৰ বাবে তাৰ গড় দ্রুতি 30 km h-¹ হ’ল। সম্পূর্ণ যাত্ৰাটোত আব্দুলৰ গড় দ্রুতি কিমান?
উত্তৰঃ ধৰা হ’ল, ঘৰৰ পৰা স্কুলৰ দূৰত্ব = skm
ঘৰৰ পৰা যাওঁতে সময় লাগে = t
স্কুলৰ পৰা আহোতে সময় লাগে = t
এতিয়া,
t = s / v
= s / 20 h
t₂ = s / v
= s / 30 h
মুঠ দুৰত্ব = s + s
= 2s km
মুঠ সময় = (t₁+ t₂) h = ( s/20 + s/30)h = 5s/60h
= s /12 h
∴ গড় দ্রুতি = মুঠ দূৰত্ব / মুঠ সময়
= 2s / t₁ + t₂ km/h
= 2s / s km/h
= 2s × 12 /s km / h
= 24km/h
4. হ্রদ এটাত ইঞ্জিনচালিত নাও এখন স্থিতিশীল অৱস্থাৰ পৰা 3.0 ms-² স্থিৰ হাৰত সৰল ৰেখা এডালেদি 8.0 ছে.ৰ বাবে ত্বৰিত হ’ল। এই সময়ত নাওখনে কিমান দূৰ অতিক্রম কৰিলে?
উত্তৰঃ ইয়াত
u = 0
a = 3m/sec²
t = 8 sec
s = ?
আমি জানো যে, s = ut + ½ at²
= 0 × 8 +½ × 3 × 8
= 1 / 2 × 3 × 64
= 96
∴ s = 96 মিটাৰ
Also Read: Class 9 Science Chapter 1 Question Answer
5. 52 km h-¹ত গৈ থকা গাড়ী এখনৰ চালকে ব্রেক প্রয়ােগ কৰিলে আৰু বিপৰীত দিশত সুষমভাৱে ত্বৰিত হ’ল। গাড়ীখন 5 ছেকেণ্ডত ৰৈ গ’ল। আন এখন গাড়ীৰ চালকে 3 km h-¹ত গৈ থকা অৱস্থাত লাহে লাহে ব্রেক প্রয়োগ কৰিলে আৰু 10 ছেকেণ্ডত ৰৈ গ’ল। একেখন লেখ-কাগজত দুয়োখন গাড়ীৰ দ্ৰুতি বনাম সময় লেখ অংকন কৰা। ব্রেক প্রয়ােগৰ পিছত কোনখন গাড়ী অধিক দূৰলৈ গ’ল?
উত্তৰঃ প্রথম ক্ষেত্ৰত –
S₁= ABCৰ কালি
= ½ × AB ×AC
= ½ × 5/3600 × 52
= 0.0361 km
= 36.1 m
দ্বিতীয় ক্ষেত্ৰত –
S₂ = ½ × AC × AD
= ½ × 10 / 3600 × 3
= 0.00417 km
= 4.17 m
ব্ৰেক প্ৰয়োগৰ পিছত প্ৰথমখন গাড়ী অধিক দূৰলৈ গ’ল।
6. 8.11 চিত্রত A, B আৰু C তিনিটা বস্তুৰ দূৰত্ব-সময় লেখ দেখুৱা হৈছে। লেখকেইটা অধ্যয়ন কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

চিত্ৰঃ 8.11
(a) তিনিটাৰ ভিতৰত আটাইতকৈ বেগী কোন?
উত্তৰঃ ‘B’ বস্তুটোৰ বেগ আটাইতকৈ বেছি।
(b) কেতিয়াবা তিনিওটাই পথৰ কোনাে বিন্দুত একেলগ হৈছিলনে?
উত্তৰঃ তিনিওটা বস্তুৱে কোনো বিন্দুত একলগ হোৱা নাই।
(c) A ক B এ পিছ পেলোৱাৰ মুহূর্তত C কিমান দূৰলৈ গৈছিল?
উত্তৰঃ 9.3 কি.মি।
(d) C ক পিছ পেলোৱাৰ মুহূর্তত B কিমান দূৰলৈ গৈছিল?
উত্তৰঃ 8 কি.মি।
7. 20 মি. উচ্চতাৰ পৰা বল এটা লাহেকৈ পেলাই দিয়া হ’ল। ইয়াৰ বেগ 10 ms-¹ সুষম হাৰত বাঢ়িলে ই কিমান বেগেৰে ভূমিত পৰিব? কিমান সময়ৰ পিছত ই ভূমিত পৰিব?
উত্তৰঃ ইয়াত,
U = 0
s = 20 মিটাৰ
a = 10 m/sec²
v = ?
t=?
আমি জানো যে,
v² – u² = 2as
= v² = u² + 2as
= v² = 0² + 2× 10 × 20
= v² = 400
= v = 20
∴ = v = 20 m/sec
আকৌ,
s = ut + ½ at²
= 20 = 0 × t × ½ × 10 × t²
= 20 = 5t²
= t² = 4
= t = 2
∴ t = 2 sec
৪. 8.12 চিত্রত গাড়ী এখনৰ দ্ৰুতি-সময় লেখ দেখুৱা হৈছে।

চিত্ৰঃ 8.12
(a) প্রথম 4 ছেকেণ্ডত গাড়ীখন কিমান দূৰলৈ যাব নির্ণয় কৰা। এইখিনি সময়ত গাড়ীখনে অতিক্রম কৰা দূৰত্ব বুজোৱা লেখৰ অঞ্চলটোত ৰং দিয়া।
উত্তৰঃ ৰং দিয়া অংশখিনি প্রথম 4 ছেকেণ্ডত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব।
(b) লেখৰ কোনটো অংশই গাড়ীখনৰ সুষম গতি নির্দেশ কৰিছে?
উত্তৰঃ সময় অক্ষৰ সমান্তৰাল AB অক্ষই গাড়ীখনৰ সুষম গতি নিৰ্দেশ কৰিছে।
9. তলত দিয়া পৰিস্থিতিবোৰৰ ভিতৰত যিবোৰ সম্ভৱপৰ সেইবোৰ উল্লেখ কৰা আৰু প্রত্যেকৰে একোটাকৈ উদাহৰণ দিয়া।
(a) স্থিৰ ত্বৰণ কিন্তু শূন্য বেগৰ বস্তু।
উত্তৰঃ স্থিৰ ত্বৰণ কিন্তু শূন্য় বেগৰ বস্তু কেৱল তেতিয়াহে সম্ভৱ, যেতিয়া বস্তু এটা উলম্ব দিশত মাৰি পঠিওৱা হয় আৰু যেতিয়া বস্তুটোৱে সৰ্বোচ্চ উপনীত হ’ব। তেতিয়া তাৰ বেগ শূন্য় হ’ব। কিন্তু মাধ্যাকৰ্ষনিক ত্বৰণৰ মান একে থাকিব।
(b) কোনো এক দিশত গতিশীল বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ লম্ব দিশত।
উত্তৰঃ এইটো উক্তি শুদ্ধ হ’ব। যদিহে বস্তু এটা বৃত্তকাৰ পথেৰে গতি কৰিব। তেতিয়া গতিশীল বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ লম্ব দিশত হ’ব। উদাহৰণস্বৰূপে, চন্দ্ৰ আৰু পৃথিৱীৰ গতি।
10. 42250 km ব্যাসার্ধৰ বৃত্তীয় কক্ষপথেদি কৃত্রিম উপগ্রহ এটা প্রদক্ষিণৰত হৈ আছে। যদি ই 24 ঘণ্টাত পৃথিৱীক এবাৰ প্রদক্ষিণ কৰে তেন্তে তাৰ দ্ৰুতি নির্ণয় কৰা।
উত্তৰঃ ইয়াত, r = 42250 km
t = 24 h
v = ?
আমি জানো যে,
দ্রুতি (v) = \frac{2\mathrm{πr}}{\mathrm t}
= \frac{2\times{\displaystyle\frac{22}7}\times42250}{24}
= 11065.5km/h
∴ দ্রুতি = 11065.5 km/h
Chapter-wise Question Answer
Class 9 Science Chapter 8 Assamese Medium Question Answer
- গতিৰ বৰ্ণনা (Describing Motion)
- সৰল ৰেখাৰে গতি (MOTION ALONG ASTRAIGHT LINE)
- সুষম গতি আৰু বিষম গতি (UNIFORM MOTION AND NON-UNIFORM MOTION)
- দিশৰ সৈতে দ্রুতি (SPEED WITH DIRECTION)
- বেগৰ পৰিবৰ্তনৰ হাৰ (Rate of Change of Velocity)
- লেখৰ যোগেদি গতিৰ বৰ্ণনা (Graphical Representation of Motion)
- দূৰত্ব-সময় লেখ (DISTANCE-TIME GRAPHS)
- বেগ-সময় লেখ (VELOCITY-TIME GRAPHS)
- লৈখিক পদ্ধতিৰে গতিৰ সমীকৰণ (Equations of Motion by Graphical Method)
- বেগ-সময় সম্পৰ্কৰ সমীকৰণ (EQUATION FOR VELOCITY-TIME RELATION)
- অবস্থান-সময় সম্পৰ্কৰ সমীকৰণ (EQUATION FOR POSITION-TIME RELATION)
- অৱস্থান-বেগ সম্পৰ্কৰ সমীকৰণ (EQUATION FOR POSITION-VELOCITY RELATION)
- সুষম বৃত্তীয় গতি (Uniform Circular Motion)
গতি Class 9 Question Answer
Class 9 Science Chapter 8 Question Answer Assamese Medium (Class 9 গতি Question Answer) are available here. Students can practice these SEBA Class 9 Science Chapter 8 Assamese Medium Question Answer, prepared per the SEBA syllabus (2025 – 2026) and NCERT curriculum. All the questions in this SEBA Class 9 Science Chapter 8 Question Answer in Assamese are designed according to the latest exam pattern. All the objective questions and their answers are presented here. It will help students to score the highest marks in the final exam. We have uploaded all the SEBA Class 9 Assamese Medium Science Chapter 8 Question Answer (গতি Class 9 Question Answer) carefully.
Class 9 Science Chapter 8 Assamese Medium Question Answer
ওপৰত আলোচনা কৰা SEBA Class 9 Science Chapter 8 Question Answers in Assamese পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 9 Science Chapter 8 Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 9 Chapter 8 Question Answers PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel Join কৰিবলৈ অনুৰোধ জনোৱা হল।
Class 9 Science Chapter 8 Assamese Medium Solution
Looking for a comprehensive guide to Class 9 Science Chapter 8 in Assamese Medium? Our blog post provides a detailed explanation of key concepts in the chapter, helping students easily grasp essential topics. Along with clear and concise explanations, we’ve also included Class 9 Science Chapter 8 Question Answers in Assamese, tailored to help students prepare effectively for their exams. Whether you’re revising or seeking help with homework, this guide offers the perfect resource for mastering Chapter 4 and acing your Science exam in Assamese Medium.
Class 9 Science Chapter 8 Question Answer in Assamese
Need some help with Class 9 Science Chapter 8 Question Answer in Assamese? You’re in the right place! This post is all about making tough topics easy to understand, with clear explanations and examples. We’ve also got a complete Class 9 Science Chapter 8 Assamese Medium set, so you can practice and prep without the stress. Whether reviewing for exams or tackling homework, this guide has everything you need to get ahead.