SEBA Class 9 Science Chapter 6 [প্ৰশ্নোত্তৰ] | নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 6 কলা

Date:

Share post:

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 9 Science Assamese Medium Chapter 6 কলা পাঠটোৰ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ উপলব্দ আৰু এইবোৰ SEBA Class 9 Science Chapter 6 Question Answers নৱম শ্ৰেণীৰ বিজ্ঞান পৰীক্ষাৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 9 Science Chapter 6 Assamese Medium ৰ পৰীক্ষাত আহিব লগা অতিৰিক্ত প্ৰশ্নোত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। SEBA Class 9 Science Chapter 6 Question Answers Assamese Medium পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 9 Science Chapter 6 in Assamese ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।

seba-class-9-science-assamese-medium-chapter-6

SEBA Class 9 Science Chapter 6 Assamese Medium

কলা
শ্ৰেণী (Class)নৱম শ্ৰেণীৰ (IX)
বিষয়বিজ্ঞান (Science)
পাঠ (Lesson)কলা
অধ্যায় (Chapter)অধ্যায় 6
মাধ্যম (Medium)অসমীয়া
ৱেবছাইটৰ নামlearningassam.com

SEBA Class 9 Science Chapter 6 in Assamese

প্ৰশ্নাৱলীঃ (পৃষ্ঠা-69)

1. কলা কি?

উত্তৰঃ একে গঠন আৰু একে আকৃতি-প্ৰকৃতিৰ কোষৰ একোটা সমষ্টিয়ে একোটা নিৰ্দিষ্ট কাম কৰে। এনে কোষৰ সমষ্টিকে কলা বোলে।

2. বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি?

উত্তৰঃ বহুকোষী জীৱৰ ক্ষেত্ৰত বিভিন্ন কোষৰ সমষ্টিয়ে ভিন্ন কাৰ্য সম্পন্ন কৰে। বহুকোষী জীৱৰ ক্ষেত্ৰত ভিন ভিন কাম ভিন ভিন কোষসমষ্টিয়ে সম্পন্ন কৰে। একোটা সুকীয়া কামৰ বাবে বহুতো কলাৰ সমন্বয় ঘটে। জৈৱিক কাৰ্যসমূহ সু-সংহতভাৱে পৰিচালনা কৰিবৰ বাবে কলাৰ প্ৰয়োজন। অংগৰ সুৰক্ষা, শাৰীৰিক শক্তি প্ৰদান, আহাৰৰ পৰিবহণ আদি কামৰ বাবে কলাৰ প্রয়োজন।

প্ৰশ্নাৱলীঃ (পৃষ্ঠা-74)

1. বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা।

উত্তৰঃ সৰল কলা তিনি প্ৰকাৰৰ –

(a) পেৰেণকাইমা।

(b) ক’লেণকাইমা।

(c) স্কেৰেণকাইমা।

2. অগ্ৰস্থ ভাজক কলা ক’ত পোৱা যায় ?

উত্তৰঃ অগ্ৰস্থ ভাজক কলা উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে আগ অংশত পোৱা যায় ৷

3. কেনেবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে ?

উত্তৰঃ স্কেৰেণকাইমা কলাই নাৰিকলৰ বাকলিখন গঠন কৰে।

4. ফ্লোৱেম কলা কিহেৰে গঠিত?

উত্তৰঃ ফ্লোৱেম কলা চাৰিবিধ কোষেৰে গঠিত। সেইবোৰ হ’ল-

(a) চালনি নলীকা।

(b) সংগী কোষ।

(c) ফ্লোৱেম তন্ত্র।

(d) ফ্লোৱেম পেৰেণকাইমা।

SEBA Class 9 Science Chapter 6 Assamese Medium

প্ৰশ্নাৱলীঃ (পৃষ্ঠা-78)

1. প্রাণীদেহৰ চলনৰ লগত জড়িত কলাবিধ কি ?

উত্তৰঃ প্রাণীদেহৰ চলনৰ লগত জড়িত কলা বিধ হ’ল পেশীকলা।

2. স্নায়ুকোষ দেখিবলৈ কেনেকুৱা?

উত্তৰঃ স্নায়ুকোষ প্রধানত কোষদেহ  আৰু স্নায়ুপ্রবৰ্ধৰ দ্বাৰা গঠিত । কোষদেহত এটা ডাঙৰ কোষকেন্দ্র থাকে। কোষকেন্দ্ৰটো কোষদেহত থকা কোষপ্রৰসত উপঙি থাকে । কোষদেহৰ পৰা এডাল দীঘল, নলীসদৃশ চাইট’প্লাজমৰ স্নায়ু প্ৰবৰ্ধ ওলায়। ইয়াক এক্সন বোলে। ইয়াৰ উপৰি কোষদেহৰ পৰা কিছুমান চুটি আৰু শাখা-প্রশাখাযুক্ত স্নায়ুপ্রবৰ্দ্ধ ওলায়। এইবোৰক ডেনড্রাইট বোলে । এটা স্নায়ুকোষ প্রায় 1 মিটাৰ পৰ্যন্ত দীঘল হয়।

3. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ হৃদপেশীৰ তিনিটা বৈশিষ্ট্য হল —

(a) এই পেশীৰ কোষবােৰ দীঘলীয়া, চুঙা আকৃতিৰ।

(b) এই পেশীৰ কোষত এটা মাত্র কোষকেন্দ্র থাকে।

(c) এইবোৰ অনৈচ্ছিক পেশী।

4. এৰিওলাৰ কলাৰ কাৰ্য্যসমূহ কি কি?

উত্তৰঃ এৰিওলাৰ কলাৰ কাৰ্যসমূহ হ’ল-

(a) এই কলাই আভ্যন্তৰীণ অংগসমূহক সুৰক্ষা প্রদান কৰে।

(b) এই কলাই আন কলাৰ ক্ষত অংশ মেৰামতি কৰে।

অনুশীলনী

1. ‘কলা’ৰ সংজ্ঞা দিয়া।

উত্তৰঃ যিবোৰ কোষৰ আকৃতি, আকাৰ, উৎপত্তিৰ স্থান আৰু কাৰ্য্যৰ ফালৰ পৰা একে গুণবিশিষ্ট, তেনে কোষবিলাকৰ সমষ্টিক একেলগে কলা বোলে।

2. কি কি উপাদানেৰে জাইলেম গঠিত? সেইবোৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ চাৰি প্ৰকাৰ কোষেৰে জাইলেম কলা গঠিত। সেইবোৰ হ’ল-

(a) ট্ৰেকাইড।

(b) নলীকা।

(c) কাষ্ঠ তন্ত।

(d) জাইলেম পেৰেণকাইমা।

3. উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক ?

উত্তৰঃ সৰল কলাবোৰ এক প্ৰকাৰৰ কোষেৰে গঠিত যিয়ে সমন্বয়ৰ জড়িয়তে এটা সাধাৰণ কাম কৰে। আনহাতে, জটিল কলাবোৰ একাধিক প্ৰকাৰৰ কোষেৰে গঠিত। এই সকলোবোৰে সমন্বয়ৰ জড়িয়তে এটা সাধাৰণ কাম কৰে।

4. কোষবেৰৰ ওপৰত ভিত্তি কৰি পেৰেণকাইমা, কলেইনকাইমা আৰু স্কেৰেণকাইমা মাজত থকা পাৰ্থক্য দাঙি ধৰা।

উত্তৰঃ

পেৰেনকাইমাকলেইনকাইমাস্কেৰেণকাইমা
1. কোষবেৰ পাতল1. কোষবেৰ ডাঠ1. কোষবেৰ ডাঠ
2. ছেলুলজেৰে গঠিত2. সঞ্চিত পদার্থ পেক্টিন থাকে।3. কোষবেৰত লিগনিন থাকে।
3. মিহি3. খহটা3. কঠিন

5. পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি? 

উত্তৰঃ পত্ৰৰন্ধৰ মুখ্য কার্যসমূহ হল–

(a) বায়ুমণ্ডল আৰু উদ্ভিদকোষৰ মাজত গেছৰ আদান-প্রদান কৰা।

(b) বাষ্পমোচনৰ জৰিয়তে উদ্ভিদেহৰ অতিৰিক্ত প্রানীভাগ বাষ্প আকাৰে বায়ুমণ্ডললৈ উলিয়াই দিয়ে।

SEBA Class 9 Science Chapter 6 Assamese Medium

6. প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি ?

উত্তৰঃ পেশী কলা বা সহজ ভাষাত ক’বলৈ গ’লে আমাৰ পেশীবোৰেই শৰীৰৰ সকলো ধৰণৰ চলনৰ লগত জড়িত।

7. নিউৰণ (Neuron) দেখাত কেনেকুৱা হয়?

উত্তৰঃ নিউৰণ প্রধানত কোষদেহ  আৰু স্নায়ুপ্রবৰ্ধৰ দ্বাৰা গঠিত । কোষদেহত এটা ডাঙৰ কোষকেন্দ্র থাকে। কোষকেন্দ্ৰটো কোষদেহত থকা কোষপ্রৰসত উপঙি থাকে । কোষদেহৰ পৰা এডাল দীঘল, নলীসদৃশ চাইট’প্লাজমৰ স্নায়ু প্ৰবৰ্ধ ওলায়। ইয়াক এক্সন বোলে। ইয়াৰ উপৰি কোষদেহৰ পৰা কিছুমান চুটি আৰু শাখা-প্রশাখাযুক্ত স্নায়ুপ্রবৰ্দ্ধ ওলায়। এইবোৰক ডেনড্রাইট বোলে । এটা নিউৰণ প্রায় 1 মিটাৰ পৰ্যন্ত দীঘল হয়।

8. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ হৃদপেশীৰ তিনিটা বৈশিষ্ট্য হল —

(a) এই পেশীৰ কোষবােৰ দীঘলীয়া, চুঙা আকৃতিৰ।

(b) এই পেশীৰ কোষত এটা মাত্র কোষকেন্দ্র থাকে।

(c) এইবোৰ অনৈচ্ছিক পেশী।

9. এৰিওলাৰ (Areolar ) কলা কাৰ্যসমূহ কি কি?

উত্তৰঃ এৰিওলাৰ কলাৰ কাৰ্যসমূহ হ’ল-

(a) এই কলাই আভ্যন্তৰীণ অংগসমূহক সুৰক্ষা প্রদান কৰে।

(b) এই কলাই আন কলাৰ ক্ষত অংশ মেৰামতি কৰে।

10. চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীতন্তসমূহৰ মাজত পাৰ্থক্য দেখুওৱা।

উত্তৰঃ

(a) ৰেখিত পেশীঃ
(i) হাড়ৰ লগত সংযুক্ত হৈ থাকে।
(ii) ইহঁত স্বেচ্ছামূলক পেশী।
(iii) কোষবোৰ দীঘল, নলাকাৰ আৰু বহুতো কোষকেন্দ্ৰ যুক্ত আৰু শাখাবিহীন।

(b) মসৃণ পেশীঃ
(i) খাদ্যনলী আৰু হাওঁফাওঁত ইহঁতক পোৱা যায়।
(ii) ইহঁত অনিচ্ছাকৃত পেশী।
(iii) ইহঁতৰ এটা কোষকেন্দ্ৰ থাকে।

(c) হৃদযন্ত্ৰ পেশীঃ
(i) হৃদযন্ত্ৰত পোৱা যায়।
(ii) কৰ্মত তেওঁলোক অনিচ্ছাকৃত।
(iii) ইহঁত শাখাযুক্ত আৰু এটা কোষকেন্দ্ৰ থাকে।

11. হৃদপেশীসমূহৰ বিশেষ কাম কি?

উত্তৰঃ হৃদপেশীসমূহ হৃদযন্ত্ৰত পোৱা যায়। ইয়াৰ তন্ত্ৰবোৰ শাখাবিশিষ্ট চুঙাকৃতিৰ আৰু এটা কোষকেন্দ্ৰযুক্ত। ই একপ্ৰকাৰৰ অনৈচ্ছিক পেশী। হৃদপেশী সমূহৰ কাৰণে হৃদযন্ত্ৰটো অনবৰতে সংকোচন আৰু প্ৰসাৰণ হৈ থাকে ফলত হৈ থাকে ফলত আমাৰ শৰীৰিত ৰক্ত সঞ্চালন হয়।

SEBA Class 9 Science Chapter 6 in Assamese

12. গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পাৰ্থক্য নির্ণয় কৰা।

উত্তৰঃ

ৰেখিত পেশীঅৰেখিত পেশীহৃদপেশী
1.কোষবোৰ দীঘলীয়া, চুঙাকৃতি আৰু শাখাহীন।1. এই বিধ পেশীৰ কোষবোৰ দীঘল আৰু মহুৰাকৃতিৰ। 1. কোষবোৰ দীঘল আৰু চুঙাকৃতিৰ।
2. কোষবোৰত অনুপ্রস্থীয় ভাৱে কিছুমান ৰেখা থাকে। 2. ইহঁতৰ গাত কোনো অনুপ্রস্থীয় ৰেখা নাথাকে।2. ইয়াৰ গাত অনুপ্ৰস্থীয় ৰেখা নাথাকে।
3. কোষপ্ৰৰসত একাধিক কোষকেন্দ্র পোৱা যায়। 3. এটা কোষকেন্দ্র থাকে।3. এটা কোষকেন্দ্র থাকে।
4. এই পেশী হাত, ভৰি, জিভা, ডিঙি ইত্যাদিত থাকে।4. এই পেশী পাকস্থলী অস্ত্র, যকৃত, বৃক্ক, ৰক্তনলী আদিত পোৱা যায় ৷4. হৃদপিণ্ডৰ বেৰত এই পেশী পোৱা যায় ৷

13. এটা আদর্শ স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আঁকা।

উত্তৰঃ

seba-class-9-science-chapter-6-assamese-medium

14. তলত দিয়া সমূহৰ কলাৰ নাম লিখাঃ

(a) আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত ?

উত্তৰঃ আচ্ছাদক কলা।

(b) পেশী আৰু অস্থিক কি কলাৰে সংযোজন কৰিছে ?

উত্তৰঃ টেণ্ডন।

(c) উদ্ভিদত কি কলাৰে খাদ্য পৰিবহন কৰে ?

উত্তৰঃ ফ্লোৱেম।

(d) আমাৰ দেহৰ চৰী থকা সংযোজক কলাবিধৰ নাম কি ?

উত্তৰঃ মেদকলা।

(e) জুলীয়া মেট্রিক্স থকা সংযোজক কলাবিধৰ নাম কি?

উত্তৰঃ তেজ।

(f) মগজুত কি কলা থাকে ?

উত্তৰঃ স্নায়ু কলা।

SEBA Class 9 Science Chapter 6 Question Answers

15. আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত ?

উত্তৰঃ সৰল ছটীয়া আচ্ছাদক কলা।

16. তলত দিয়া প্ৰাণী অংগসমূহত থকা কলাবোৰৰ নাম লিখাঃ ছাল, অস্থি, বৃক্কৰ আৱৰণ।

উত্তৰঃ

ছালআচ্ছাদক আৰু সংযোজক কলা।
অস্থিসংযোজক কলা।
বৃক্কৰ আৱৰণঘনাকাৰ আচ্ছাদক কলা।

17. তলত দিয়া তালিকাখন সম্পূৰ্ণ কৰাঃ

উত্তৰঃ

Similar Chapter

SEBA Class 9 Science Chapter 6 Assamese Medium All Sub Topics

  • উদ্ভিদ আৰু প্ৰাণী একে ধৰণৰ কলাৰে গঠিতনে ? (Are Plants and Animals Made of Same Types of Tissues?)
  • উদ্ভিদ কলা (Plant Tissues)
  • ভাজক কলা (MERISTEMATIC TISSUE)
  • স্থায়ী কলা (PERMANENT TISSUE)
  • সৰল স্থায়ী কলা (SIMPLE PERMANENT TISSUE)
  • জটিল স্থায়ী কলা (COMPLEX PERMANENT TISSUE)
  • প্রাণীকলা (Animal Tissues)
  • আচ্ছাদক কলা (EPITHELIAL TISSUE )
  • সংযোজক কলা (CONNECTIVE TISSUE)
  • পেশীকলা (MUSCULAR TISSUE)
  • স্নায়ুকলা (NERVOUS TISSUE )

SEBA Class 9 Science Chapter 6 Assamese Medium

ওপৰত আলোচনা কৰা SEBA Class 9 Science Chapter 6 Question Answers in Assamese পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 9 Science Chapter 6 Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 9 Chapter 6 Question Answers PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ Telegram Channel কৰিবলৈ অনুৰোধ জনোৱা হল।

Join on Telegram
Mahibul Islam
Mahibul Islamhttp://learningassam.com
Mahibul Islam is the founder of Learning Assam, a educational website. Mahibul's expertise SEO, website development and digital marketing making him a pivotal figure in the industry.

Similar Class

ADRE 2.0 Notes PDF in Assam | ADRE 2.0 অসম চৰকাৰৰ বৃহৎ নিযুক্তি

Bost Your Preparation for the ADRE 2.0 with Lakshya CoursesHello, aspirants! If you’re preparing for the Assam Direct...

Class 10 Social Science Geography Chapter 4 MCQ | অসমৰ ভূগোল MCQ

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Social Science Geography Chapter 4...

Class 10 Social Science Geography Chapter 3 MCQ | পৃথিৱীৰ ভূগোল MCQ

সকলো ছাত্ৰ-ছাত্ৰীক Learning Assam লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম SEBA Class 10 Social Science Geography Chapter 3...

LEAVE A REPLY

Please enter your comment!
Please enter your name here

error: Content is protected !!