সূচীপত্ৰ
জীৱৰ বিচিত্ৰতা | |
শ্ৰেণী (Class) | নৱম শ্ৰেণীৰ (IX) |
বিষয় | বিজ্ঞান (Science) |
পাঠ (Lesson) | জীৱৰ বিচিত্ৰতা |
অধ্যায় (Chapter) | অধ্যায় 7 |
মাধ্যম (Medium) | অসমীয়া |
ৱেবছাইটৰ নাম | learningassam.com |
Class 9 Science Chapter 7 Assamese Medium Question Answer
ইয়াত Class 9 Science Chapter 7 Assamese Medium Question Answers জীৱৰ বিচিত্ৰতা পাঠটোৰ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ উপলব্দ আৰু এইবোৰ SEBA Class 9 Science Chapter 7 in Answers Assamese Medium নৱম শ্ৰেণীৰ বিজ্ঞান পৰীক্ষাৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 9 Science Chapter 7 Assamese Medium ৰ পৰীক্ষাত আহিব লগা অতিৰিক্ত প্ৰশ্নোত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। SEBA Class 9 Science Chapter 7 in Assamese Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 9 Science Chapter 7 Assamese Medium ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
Class 9 Science প্ৰশ্নাৱলী পৃষ্ঠা-80
Class 9 Science Question Answer Page No 80
1. আমি জীৱবিলাকৰ কিয় শ্রেণীবিভাজন কৰো ?
উত্তৰঃ পৃথিৱীত পােৱা নানা প্রকাৰৰ জীৱৰ প্ৰত্যেককে ব্যক্তিগতভাৱে অধ্যয়ন কৰি সিহঁতক জনাটো সম্ভৱপৰ নহয়। তাৰ সলনি পৃথিৱীৰ জীৱসমূহক সিহঁতৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান শ্রেণী বা উপশ্রেণীত বিভক্ত কৰি, সেই শ্রেণী বা উপশ্রেণীসমূহ অধ্যয়ন কৰি জীৱসমূহক জনাটো বেছি সহজসাধ্য। সেয়ে আমি জীৱবিলাকৰ কিয় শ্রেণীবিভাজন কৰো।
2. তোমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পার্থক্য বিলাকৰ তিনিটা উদাহৰণ দিয়া?
উত্তৰঃ (a) আকৃতি : বেক্টেৰিয়াৰ আকাৰ মাত্ৰ কেইমাইক্ৰমিলিমিটাৰ আনহাতে নীল তিমি আৰু ৰেডউড ট্ৰি যাৰ আকাৰ আৰু উচ্চতা ক্ৰমে 30 মিটাৰ আৰু 100 মিটাৰ।
(b) জীৱনকাল : কিছুমান সৰল গছ বহু বহু বছৰ ধৰি জীয়াই থাকে আনহাতে কিছুমান পতংগৰ মাত্ৰ কেইদিন মানতে মৃত্যু ঘটে।
(c) বৰণ : কিছুমান জীৱ বৰণহীন। আনহাতে কিছুমান বিভিন্ন বৰণৰ জীৱ পোৱা যায়।
Class 9 Science প্ৰশ্নাৱলী পৃষ্ঠা-82
Class 9 Science Question Answer Page No 82
1. জীৱজগতৰ শ্ৰেণীবিভাজন কৰোতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বেচি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা?
(ক) সিহঁতে বসবাস কৰা স্থানক?
(খ) সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক ? আৰু কিয়?
উত্তৰঃ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হব। কাৰণ কোষকেন্দ্র থকা বা নথকাৰ ওপৰত ভিত্তি কৰি কোষক প্রকোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্রীয় হিচাপে ভাগ কৰা হয় আৰু কোষৰ ওপৰত ভিত্তি কৰি জীৱৰ দেহৰ গঠন বেলেগ বেলেগ হয়।
2. জীৱজগতৰ শ্ৰেণীবিভাজনত প্রথম পৰ্য্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি?
উত্তৰঃ কোষৰ প্রকৃতি। প্রকোষকেন্দ্রীয় নে সংকোষকেন্দ্ৰীয়।
Also Read: Class 9 Science Chapter 9 Question Answer
3. কি চৰিত্ৰগত বৈশিষ্ট্যক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে।
উত্তৰঃ পৰিপুষ্টিৰ প্ৰকাৰ, কোষৰ সংগঠন, ভিন্ ভিন্ অংগসমূহ আৰু সিহঁতৰ জটিলতাৰ ওপৰত ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে।
Class 9 Science Assamese Medium Chapter 7 Answer
Class 9 Science প্ৰশ্নাৱলী পৃষ্ঠা-83
Class 9 Science Question Answer Page No 83
1. কোনবােৰ জীৱক নিম্নস্তৰীয় জীৱ বুলি কোৱা হয় আৰু এইবােৰ উচ্চস্তৰীয় জীৱবােৰৰ পৰা কিদৰে পৃথক?
উত্তৰঃ যিবোৰ জীৱৰ কোষীয় গঠন সৰল আৰু দেহৰ পুৰণি গঠনৰ কোনাে ধৰণৰ পৰিৱৰ্তন নহয়, সেই জীৱসমূহক নিম্নস্তৰীয় জীৱ বা আদিম জীৱ বােলে। উচ্চস্তৰীয় জীৱৰ লাখ লাখ কোষ থাকে আৰু বিভিন্ন জৈৱিক কাৰ্য্যৰ বাবে বিভিন্ন অংগ আৰু অংগ ব্যৱস্থা থাকে।
2. উচ্চস্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একেইনে ? যদি হয়। কিয়?
উত্তৰঃ হয়, জটিল জীৱবোৰ উচ্চস্তৰীয় জীৱৰ সৈতে একে। উচ্চস্তৰীয় জীৱৰ অৰ্থ হ’ল অধিক মাত্ৰাৰ বিৱৰ্তন যিয়ে অধিক জটিলতাৰ সৃষ্টি কৰে।
Class 9 Science প্ৰশ্নাৱলী পৃষ্ঠা-85
Class 9 Science Question Answer Page No 85
1. মনেৰা আৰু প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক কি নির্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তিকৰি বিভক্ত কৰা হৈছে?
উত্তৰঃ মনেৰা ৰাজ্যৰ অন্তর্ভুক্ত জীৱবিলাকৰ চৰিত্ৰক বৈশিষ্ট্য় –
(i) এইৰাজ্যৰ অন্তৰ্গত জীৱবিলাক অতি সৰল।
(ii) এই ৰাজ্যৰ জীৱবােৰৰ কোষত প্রকৃত কোষকেন্দ্র নাথাকে।
প্ৰটিষ্টা ৰাজ্যৰ অন্তর্ভুক্ত জীৱবিলাকৰ চৰিত্ৰক বৈশিষ্ট্য় –
(i) এই ৰাজ্যৰ জীৱবিলাক সৰল যদিও মনে ৰাজ্যৰ জীৱতকৈ উন্নত।
(ii) এই ৰাজ্যৰ জীৱবােৰ সংকোষকেন্দ্রীয়।]
2. সালােক সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষকেন্দ্রীয় কোষৰে গঠিত এককোষী। জীৱবােক তুমি কোনটোৰাজ্যৰ অন্তর্ভূক্ত কৰিবা ?
উত্তৰঃ যিহেতু কোষটো সালোক সংশ্লেষণকাৰী, গতিকে ইয়াৰ কোষ কেন্দ্ৰাৱৰ সুনিৰ্দিষ্ট হ’ব লাগিব। গতিকে ইয়াক প্ৰটিষ্টা ৰাজ্যত অন্তর্ভূক্ত কৰা হব।
3. শ্রেণীবিভাজনৰ বর্গানুক্ৰমত একে বৈশিষ্ট সূচক চৰিত্ৰৰ জীৱবিলাকত কোনটো বর্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বর্গানুক্ৰমত আটাইতকৈ বেছিসংখ্যক জীৱ অন্তর্ভূক্ত হয়?
উত্তৰঃ (ক) মনেৰা ৰাজ্যৰ অন্তৰ্গত জীৱৰ সংখ্যা আটাইতকৈ কম আৰু সৰ্বাধিক সাধাৰণ বৈশিষ্ট্যৰ।
(খ) প্ৰাণী ৰাজ্যৰ অন্তৰ্গত জীৱৰ সংখ্যা আটাইতকৈ সৰ্বাধিক ।
Class 9 Science Chapter 7 জীৱৰ বিচিত্ৰতা
Class 9 Science প্ৰশ্নাৱলী পৃষ্ঠা-88
Class 9 Science Question Answer Page No 88
1. উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল?
উত্তৰঃ সমাংগদেহী উদ্ভিদ।
2. ঢেঁকীয়া জাতীয় উদ্ভিদখিনি সপুষ্পক উদ্ভিদ পৰা কি ক্ষেত্ৰত পার্থক্য?
উত্তৰঃ ঢেঁকীয়া জাতীয় উদ্ভিদৰ বীজ নগ্ন অৱস্থাত থাকে। আনহাতে, সপুষ্পক উদ্ভিদৰ বীজ ফলত আবৃত হৈ থাকে।
3. নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা ইটোৰ লগত সিটোৰ পার্থক্য কি?
উত্তৰঃ
নগ্নবীজী উদ্ভিদ | গুপ্তবীজী উদ্ভিদ |
(i) ফুল একলিঙ্গী । | (i) ফুল একলিঙ্গী বা উভয়লিঙ্গী। |
(ii) বীজ বহুবীজ পত্রী। | (ii) বীজ এক বা দ্বি-বীজপত্রী। |
(iii) ফুলৰ পৰা বীজ হয়, কিন্তু বীজ ফলেৰে আবৃত হৈ নাথাকে । | (iii) ফুলৰ পৰা বীজ হয় আৰু বীজ ফলেৰে আবৃত হৈ থাকে। |
Class 9 Science প্ৰশ্নাৱলী পৃষ্ঠা-94
Class 9 Science Question Answer Page No 94
1. ৰন্ধী প্রাণীসমূহক একনলদেহী প্রাণীসমূহৰ পৰা কিদৰে পার্থক্য কৰিব পাৰি?
উত্তৰঃ
ৰন্ধী প্রাণী | একনলদেহী প্রাণী |
(i) এই প্রাণীবােৰ চলাচল কৰিব নােৱাৰে। | (i) এই প্রাণীবােৰ চলাচল কৰিব পাৰে। |
(iii) প্রাণীবােৰৰ দেহত অসূংখ্য ছিদ্র বা ৰন্ধ্ৰ থাকে। | (iii) দেহত মাত্ৰ এটা গহ্বৰ থাকে। |
(iii) বহুৰূপিতা দেখা পোৱা নাযায়। | (iii) বহুৰূপিতা দেখা পোৱা যায়। |
2. কেনেকৈ বলয়ীদেহী প্রাণীসমূহক সন্ধীপদী প্রাণীসমূহৰ পৰা পার্থক্য কৰিব পাৰি ?
উত্তৰঃ
বলয়ীদেহী প্রাণী | সন্ধীপদী প্রাণী |
(i) প্রাণীবােৰৰ দেহটো কিছুমান বলয় বা আঙুঠিৰে গঠিত। | (i) এইবােৰ প্ৰাণীৰ দেহ শিৰ,বক্ষ আৰু উৰ এই তিনিটা অংশত বিভক্ত। |
(ii) ছালৰ সহায়ত উশাহ লয়। | (ii) শ্বাসনলিকাৰ দ্বাৰা উশাহ লয় |
(iii) দেহ গহ্বৰটো খণ্ডিত। | (iii) দেহ গহ্বৰটো খণ্ডিত নহয় ৷ |
3. উভচৰ আৰু সৰীসৃপ প্রাণীসমূহৰ মাজত পার্থক্য কি?
উত্তৰঃ
উভচৰ প্রাণী | সৰীসৃপ প্রাণী |
---|---|
(i) প্রাণীবােৰে প্ৰথম কালছােৱাত পানীত আৰু পিছৰ কালছােৱাত বামত বাস কৰে। | (i)ইহঁত প্ৰকৃততে স্থলচৰ। পানীতো বাস কৰিব পাৰে। |
(ii) দেহৰ ছাল সেমেকা গ্রন্থিযুক্ত আৰু বাকলিহীন | (ii) প্রাণীবােৰৰ দেহ ছাল খহটা গ্রন্থিযুক্ত আৰু বাকলিযুক্ত । |
(iii) প্রাণীবােৰৰ শ্বাসক্রিয়া ফুল, হাওঁফাওঁ আৰু দেহত্বকৰ দ্বাৰা সম্পাদিত হয়। | (iii)প্রাণীবােৰে সাধাৰণতে হাওঁফাওঁৰ দ্বাৰা শ্বাসক্রিয়া সম্পাদন কৰে। |
4. পক্ষী শ্ৰেণীৰ অন্তর্ভূক্ত প্রাণীসমূহ আৰু স্তন্যপায়ী প্রাণীসমূহৰ মাজত পার্থক্য কি কি ?
উত্তৰঃ
পক্ষী | স্তন্যপায়ী |
(i) এই শ্ৰেণীৰ প্ৰাণীৰ গাটো পাখিৰে আবৃত। | (i) এই প্রাণীবােৰৰ দেহত কম বা বেছি পৰিমাণে নােমৰে আবৃত। |
(ii) বহিঃকর্ণ নাথাকে। | (ii) এবােৰ বহিঃকর্ণ থাকে। |
(iii) মাইকী প্রাণীবােৰে কণী দি পােৱালী জগায়। | (iii) মাইকী প্রাণীবােৰে সন্তানৰ জন্ম দিয়ে আৰু পােৱালীয়ে মাকৰ গাখীৰ খায়। |
Class 9 Science Chapter 7 Assamese Medium Question Answer
Class 9 Science অনুশীলনী
Class 9 Science Exercise Question Answer
1. জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি?
উত্তৰঃ জীৱবিলাকৰ বৰ্গীকৰণৰ সূবিধাসমূহ হল-
(i) জীৱক চিনাক্ত কৰিবলৈ সহজ।
(ii) বৰ্গীকৰণৰ দ্বাৰা জীৱসমূহৰ মাজত থকা পাৰ্থক্য আৰু সাদৃশ্য জানিব পাৰো।
(iii) বৰ্গীকৰণৰ দ্বাৰা জীৱৰ চাৰিত্রিক বৈশিষ্ট, ধর্ম, প্রজনন প্রক্রিয়া ইত্যাদিবােৰৰ বিষয়ে অধ্যয়ন কৰিব পৰা যায়।
2. জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্টক বিবেচনা কৰি কেনেদৰে শ্রেণীবিভাজনৰ বৰ্গীকৰণ কৰিবা?
উত্তৰঃ বহৎ চৰিত্ৰই বৰ্গীকৰণৰ আৰম্ভণিৰ ভিত্তি গঠন কৰিব আৰু সূক্ষ্ম চৰিত্ৰই বৰ্গীকৰণৰ একক পৰৱৰ্তী পদক্ষেপৰ ভিত্তি গঠন কৰিব।
উদাহৰণঃ
(i) মানুহৰ মাজত মেৰুদণ্ডৰ উপস্থিতিয়ে মেৰুদণ্ডী প্ৰাণীৰ অধীনত অন্তৰ্ভুক্ত কৰিব।
(ii) চাৰিটা অংগৰ উপস্থিতিয়ে ইহঁতক পৃ্ষ্ঠদণ্ডী প্ৰাণী সদস্য কৰি তোলে।
(iii) স্তনগ্ৰন্থিৰ উপস্থিতিয়ে ইহঁতক স্তন্যপায়ী প্ৰাণীৰ অধীনত ৰাখে।
3. জীৱজগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ বর্ণনা কৰা।
উত্তৰঃ জীৱজগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ হ’ল-
(a) কোষৰ প্রকৃতিঃ জীৱবােৰ প্রকোষকেন্দ্রীয় কোষ আৰু সংকোষকেন্দ্রীয় কোষ হয়নে নহয় তাক লক্ষ্য কৰিব লাগে।
(b) কোষৰ সংখ্যাঃ জীৱবােৰ এককোষী নে বহুকোষী তাক লক্ষ্য কৰিব লাগে।
(c) কোষবেৰৰ অৱস্থিতিঃ জীৱৰ কোষবােৰৰ কোষবেৰ আছে নে নাই সেইটো লক্ষ্য কৰিব লাগে।
(d) পুষ্টিৰ ধৰণঃ জীৱবােৰ স্ব-পোষী নে পৰপোষী তাক নির্ণয় কৰিব লাগে।
Also Read: Class 9 Science Chapter 6 Question Answer
4. উদ্ভিদ ৰাজ্যৰ মূখ্য উপ-বিভাগ সমূহ কি কি? এইবিলাক কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে?
উত্তৰঃ উদ্ভিদ জগতক মূখ্য পাঁচটা ভাগত ভাগ কৰা হৈছে আৰু বিভাজনৰ বিত্তিসমূহ তলত উল্লেখ কৰা হল-
(i) সমাংগদেহী উদ্ভিদঃ যিবিলাক উদ্ভিদৰ দেহ বিভিন্ন উপাংগত পৃথক কৰিব নোৱাৰি সেই উদ্ভিদখিনি এই বিভাগত অন্তর্ভুক্ত। এই বিভাগৰ উদ্ভিদখিনিক সাধাৰণতে শেলাই বুলি কোৱা হয়।
(ii) মচ জাতীয় উদ্ভিদঃ এই উদ্ভিদখিনিক উভচৰ উদ্ভিদ বুলি আখ্যা দিয়া হয়। সাধাৰণতে এই শ্রেণী উদ্ভিদৰ দেহত পানী আৰু খনিজ দ্রব্য দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহনৰ বাবে বিশেষ কলা নাথাকে ৷
(iii) ঢেঁকীয়া জাতীয় উদ্ভিদঃ এই শ্রেণীৰ উদ্ভিদৰ দেহ সু-সংগঠিত, সম্পূর্ণ স্বাৱলম্বী আৰু স্ব-পুষ্ট, উদ্ভিদৰ দেহটো পাত, কাণ্ড আৰু শিপা আদিঅংগৰে গঠিত।
(iv) নগ্নবীজী উদ্ভিদঃ এই শ্রেণীৰ অন্তৰ্গত উদ্ভিদৰ ফুলৰ পৰা বীজ উৎপন্ন হলেও বীজটো ফলেৰে আবৃত নাথাকে। এই উদ্ভিদৰ প্ৰায়বােৰেই বৃক্ষজাতীয়, কাণ্ড কঠিন আৰু শকত, বহুবর্ষজীৱী।
(v) গুপ্তবীজী উদ্ভিদঃ এই উদ্ভিদৰ বীজ ফলেৰে আবৃত হৈ থাকে। উদ্ভিদবােৰ শাক-পাচলিৰ পৰা জোপােহা, বৃক্ষ আৰু কিছুমান লতাজাতীয় হয়। সালােক সংশ্লেষণ প্রক্রিয়াৰ দ্বাৰা পুষ্টি সাধন কৰে।
Class 9 Science Chapter 7 Assamese Medium PDF
5. উদ্ভিৰাজ্যৰ শ্রেণীবিভাজন কৰা ভিত্তিসমূহ আৰু প্রাণী জগতৰ শ্রেণীবিভজান কৰা ভিত্তিসমূহৰ মাজৰ প্ৰভেদ কি?
উত্তৰঃ উদ্ভিদ ৰাজ্যৰ শ্রেণীবিভাজনৰ ভিত্তিসমূহ হ’ল-
(a) উদ্ভিদ দেহৰ প্রভেদ নির্ণয়।
(b) স্পষ্ট সংবহন কলা থাকিব লাগে।
(c) বীজ সৃষ্টিৰ ক্ষমতা।
(d) বীজসমূহ ফলেৰে আবৃত হৈ থাকে নে নাথাকে।
প্রাণী জগতৰ শ্ৰেণীবিভাজনৰ ভিত্তিসমূহ হ’ল-
(a) দেহৰ সংগঠন।
(b) দেহৰ চৰ্ম আৰু কংকালৰ প্রকৃতি।
(c) প্রাণীবােৰৰ কোষৰ হৰিকণা নাথাকে।
(d) প্রাণীবােৰ অমেৰুদণ্ডী আৰু পৃষ্ঠদণ্ডী হয় নে নহয় তাৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয়।
6. মেৰুদণ্ডী প্ৰাণীসমূহৰ উপবিভাজন কেনেকৈ কৰা হৈছে ব্যাখ্যা কৰা।
উত্তৰঃ মেৰুদণ্ডী প্রাণীসমূহৰ আকাৰ, আকৃতি, বাসস্থান আদি বিভিন্ন লক্ষণসমূহ বৈচিত্র্যপূর্ণ। চলন, হৃৎপিণ্ডৰ গঠন, শ্বসন, খাদ্যগ্রহণ, বংশবিস্তাৰ আদি প্ৰক্ৰিয়াসমূহ সকলো মেৰুদণ্ডী প্রাণীৰ একে নহয়। এইবোৰৰ ওপৰত ভিত্তি কৰি মেৰুদণ্ডী প্রাণীসমূহক পাঁচটা শ্ৰেণীত ভাগ কৰা হৈছে। যেনে-
(a) মৎস্য
(b) উভচৰ
(c) সৰীসৃপ
(d) পক্ষী
(e) স্তন্যপায়ী প্রাণী
মৎস্য শ্ৰেণীৰ প্ৰাণীসমূহৰ হৃৎপিণ্ড দুটা কোঠালিযুক্ত, উভচৰ প্ৰাণী আৰু সৰীসৃপ প্ৰাণীৰ হৃৎপিণ্ড তিনি কোঠালিযুক্ত, পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ হৃৎপিণ্ড চাৰি কোঠালিযুক্ত।
Chapter-wise Question Answer
Class 9 Science Chapter 7 Assamese Medium Question Answer
- শ্ৰেণী বিভাজনৰ ভিত্তি কি ? (WHAT IS THE BASIS OF CLASSIFICATION?)
- শ্রেণী বিভাজন আৰু ক্রমবিকাশ (Classification and Evolution)
- শ্রেণী বিভাজনৰ বৰ্গানুক্রম – বিভাগ (The Hierarchy of Classification- Groups)
- মনেৰা ৰাজ্য (MONERA)
- প্ৰটিষ্টা ৰাজ্য (PROTISTA)
- ভেঁকুৰ ৰাজ্য (FUNGI)
- উদ্ভিদ ৰাজ্য (PLANTAE)
- প্ৰাণী ৰাজ্য (ANIMALIA)
- সমাঙ্গদেহী উদ্ভিদ (THALLOPHYTA)
- মচ জাতীয় উদ্ভিদ (BRYOPHYTA)
- ঢেঁকীয়া জাতীয় উদ্ভিদ (PTERIDOPHYTA)
- নগ্নবীজী উদ্ভিদ (GYMNOSPERMS)
- গুপ্তবীজী উদ্ভিদ (ANGIOSPERMS )
- প্রাণীজগত (Animalia)
- ৰন্ধ্ৰী প্ৰাণী (PORIFERA
- একনলদেহী প্রাণী [COELENTERTA (CNIDARIA)]
- চেপেটা কৃমি (PLATYHELMINTHES)
- ঘূৰণীয়া কৃমি (NEMATODA NEMTIHELMNTHES)
- বলয়ী প্রাণী (ANNELIDA)
- সন্ধিপদী প্রাণী (ARTHROPODA)
- কন্টকচর্মী প্রাণী (ECHINODERMATA)
- কোমলদেহী প্রাণী (MOLLUSCA)
- প্ৰট’কডেটা (PROTOCHORDATA )
- মেৰুদণ্ডী প্রাণী (VERTEBRATA)
- মৎস্য (PISCES )
- উভচৰ (AMPHIBIA)
- সৰীসৃপ ( REPTILIA )
- পক্ষী (AVES)
- স্তন্যপায়ী (MAMMALIA)
জীৱৰ বিচিত্ৰতা Class 9 Question Answer
Class 9 Science Chapter 7 Question Answer Assamese Medium (Class 9 জীৱৰ বিচিত্ৰতা Question Answer) are available here. Students can practice these SEBA Class 9 Science Chapter 7 Assamese Medium Question Answer, prepared per the SEBA syllabus (2025 – 2026) and NCERT curriculum. All the questions in this SEBA Class 9 Science Chapter 7 Question Answer in Assamese are designed according to the latest exam pattern. All the objective questions and their answers are presented here. It will help students to score the highest marks in the final exam. We have uploaded all the SEBA Class 9 Assamese Medium Science Chapter 7 Question Answer (জীৱৰ বিচিত্ৰতা Class 9 Question Answer) carefully.
Class 9 Science Chapter 7 Assamese Medium Question Answer
ওপৰত আলোচনা কৰা SEBA Class 9 Science Chapter 7 Question Answers in Assamese পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 9 Science Chapter 7 Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 9 Chapter 7 Question Answers PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel Join কৰিবলৈ অনুৰোধ জনোৱা হল।
Class 9 Science Chapter 7 Assamese Medium Solution
Looking for a comprehensive guide to Class 9 Science Chapter 7 in Assamese Medium? Our blog post provides a detailed explanation of key concepts in the chapter, helping students grasp essential topics with ease. Along with clear and concise explanations, we’ve also included Class 9 Science Chapter 7 Question Answers in Assamese, tailored to help students prepare effectively for their exams. Whether you’re revising or seeking help with homework, this guide offers the perfect resource for mastering Chapter 7 and acing your Science exam in Assamese Medium.
Class 9 Science Chapter 7 Question Answer in Assamese
Need some help with Class 9 Science Chapter 7 Question Answer in Assamese? You’re in the right place! This post is all about making tough topics easy to understand, with clear explanations and examples. We’ve also got a complete set of Class 9 Science Chapter 7 Assamese Medium, so you can practice and prep without the stress. Whether you’re reviewing for exams or just tackling homework, this guide has everything you need to get ahead.
This Post Has 2 Comments
I am feeling very good
Thanks for this answer…