সূচীপত্ৰ
কলা | |
শ্ৰেণী (Class) | নৱম শ্ৰেণীৰ (IX) |
বিষয় | বিজ্ঞান (Science) |
পাঠ (Lesson) | কলা |
অধ্যায় (Chapter) | অধ্যায় 6 |
মাধ্যম (Medium) | অসমীয়া |
ৱেবছাইটৰ নাম | learningassam.com |
Class 9 Science Chapter 6 Assamese Medium Question Answer
ইয়াত Class 9 Science Chapter 6 Assamese Medium Question Answers কলা পাঠটোৰ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ উপলব্দ আৰু এইবোৰ SEBA Class 9 Science Chapter 6 in Answers Assamese Medium নৱম শ্ৰেণীৰ বিজ্ঞান পৰীক্ষাৰ বাবে অতিকৈ দৰকাৰি। SEBA Class 9 Science Chapter 6 Assamese Medium ৰ পৰীক্ষাত আহিব লগা অতিৰিক্ত প্ৰশ্নোত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। SEBA Class 9 Science Chapter 6 in Assamese Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA Class 9 Science Chapter 6 Assamese Medium ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।
Class 9 Science প্ৰশ্নাৱলী পৃষ্ঠা-69
Class 9 Science Question Answer Page No 69
1. কলা কি?
উত্তৰঃ একে গঠন আৰু একে আকৃতি-প্ৰকৃতিৰ কোষৰ একোটা সমষ্টিয়ে একোটা নিৰ্দিষ্ট কাম কৰে। এনে কোষৰ সমষ্টিকে কলা বোলে।
2. বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি?
উত্তৰঃ বহুকোষী জীৱৰ ক্ষেত্ৰত বিভিন্ন কোষৰ সমষ্টিয়ে ভিন্ন কাৰ্য সম্পন্ন কৰে। বহুকোষী জীৱৰ ক্ষেত্ৰত ভিন ভিন কাম ভিন ভিন কোষসমষ্টিয়ে সম্পন্ন কৰে। একোটা সুকীয়া কামৰ বাবে বহুতো কলাৰ সমন্বয় ঘটে। জৈৱিক কাৰ্যসমূহ সু-সংহতভাৱে পৰিচালনা কৰিবৰ বাবে কলাৰ প্ৰয়োজন। অংগৰ সুৰক্ষা, শাৰীৰিক শক্তি প্ৰদান, আহাৰৰ পৰিবহণ আদি কামৰ বাবে কলাৰ প্রয়োজন।
Class 9 Science প্ৰশ্নাৱলী পৃষ্ঠা-74
Class 9 Science Question Answer Page No 74
1. বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা।
উত্তৰঃ সৰল কলা তিনি প্ৰকাৰৰ –
(a) পেৰেণকাইমা।
(b) ক’লেণকাইমা।
(c) স্কেৰেণকাইমা।
2. অগ্ৰস্থ ভাজক কলা ক’ত পোৱা যায় ?
উত্তৰঃ অগ্ৰস্থ ভাজক কলা উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে আগ অংশত পোৱা যায় ৷
3. কেনেবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে ?
উত্তৰঃ স্কেৰেণকাইমা কলাই নাৰিকলৰ বাকলিখন গঠন কৰে।
4. ফ্লোৱেম কলা কিহেৰে গঠিত?
উত্তৰঃ ফ্লোৱেম কলা চাৰিবিধ কোষেৰে গঠিত। সেইবোৰ হ’ল-
(a) চালনি নলীকা।
(b) সংগী কোষ।
(c) ফ্লোৱেম তন্ত্র।
(d) ফ্লোৱেম পেৰেণকাইমা।
Class 9 Science Assamese Medium Chapter 6 Answer
Class 9 Science প্ৰশ্নাৱলী পৃষ্ঠা-78
Class 9 Science Question Answer Page No 78
1. প্রাণীদেহৰ চলনৰ লগত জড়িত কলাবিধ কি ?
উত্তৰঃ প্রাণীদেহৰ চলনৰ লগত জড়িত কলা বিধ হ’ল পেশীকলা।
2. স্নায়ুকোষ দেখিবলৈ কেনেকুৱা?
উত্তৰঃ স্নায়ুকোষ প্রধানত কোষদেহ আৰু স্নায়ুপ্রবৰ্ধৰ দ্বাৰা গঠিত । কোষদেহত এটা ডাঙৰ কোষকেন্দ্র থাকে। কোষকেন্দ্ৰটো কোষদেহত থকা কোষপ্রৰসত উপঙি থাকে । কোষদেহৰ পৰা এডাল দীঘল, নলীসদৃশ চাইট’প্লাজমৰ স্নায়ু প্ৰবৰ্ধ ওলায়। ইয়াক এক্সন বোলে। ইয়াৰ উপৰি কোষদেহৰ পৰা কিছুমান চুটি আৰু শাখা-প্রশাখাযুক্ত স্নায়ুপ্রবৰ্দ্ধ ওলায়। এইবোৰক ডেনড্রাইট বোলে । এটা স্নায়ুকোষ প্রায় 1 মিটাৰ পৰ্যন্ত দীঘল হয়।
3. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ হৃদপেশীৰ তিনিটা বৈশিষ্ট্য হল —
(a) এই পেশীৰ কোষবােৰ দীঘলীয়া, চুঙা আকৃতিৰ।
(b) এই পেশীৰ কোষত এটা মাত্র কোষকেন্দ্র থাকে।
(c) এইবোৰ অনৈচ্ছিক পেশী।
Also Read: Class 9 Science Chapter 3 Question Answer
4. এৰিওলাৰ কলাৰ কাৰ্য্যসমূহ কি কি?
উত্তৰঃ এৰিওলাৰ কলাৰ কাৰ্যসমূহ হ’ল-
(a) এই কলাই আভ্যন্তৰীণ অংগসমূহক সুৰক্ষা প্রদান কৰে।
(b) এই কলাই আন কলাৰ ক্ষত অংশ মেৰামতি কৰে।
Class 9 Science অনুশীলনী
Class 9 Science Exercise Question Answer
1. ‘কলা’ৰ সংজ্ঞা দিয়া।
উত্তৰঃ যিবোৰ কোষৰ আকৃতি, আকাৰ, উৎপত্তিৰ স্থান আৰু কাৰ্য্যৰ ফালৰ পৰা একে গুণবিশিষ্ট, তেনে কোষবিলাকৰ সমষ্টিক একেলগে কলা বোলে।
2. কি কি উপাদানেৰে জাইলেম গঠিত? সেইবোৰৰ নাম উল্লেখ কৰা।
উত্তৰঃ চাৰি প্ৰকাৰ কোষেৰে জাইলেম কলা গঠিত। সেইবোৰ হ’ল-
(a) ট্ৰেকাইড।
(b) নলীকা।
(c) কাষ্ঠ তন্ত।
(d) জাইলেম পেৰেণকাইমা।
Class 9 Science Chapter 6 Assamese Medium PDF
3. উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক ?
উত্তৰঃ সৰল কলাবোৰ এক প্ৰকাৰৰ কোষেৰে গঠিত যিয়ে সমন্বয়ৰ জড়িয়তে এটা সাধাৰণ কাম কৰে। আনহাতে, জটিল কলাবোৰ একাধিক প্ৰকাৰৰ কোষেৰে গঠিত। এই সকলোবোৰে সমন্বয়ৰ জড়িয়তে এটা সাধাৰণ কাম কৰে।
4. কোষবেৰৰ ওপৰত ভিত্তি কৰি পেৰেণকাইমা, কলেইনকাইমা আৰু স্কেৰেণকাইমা মাজত থকা পাৰ্থক্য দাঙি ধৰা।
উত্তৰঃ
পেৰেনকাইমা | কলেইনকাইমা | স্কেৰেণকাইমা |
---|---|---|
1. কোষবেৰ পাতল | 1. কোষবেৰ ডাঠ | 1. কোষবেৰ ডাঠ |
2. ছেলুলজেৰে গঠিত | 2. সঞ্চিত পদার্থ পেক্টিন থাকে। | 3. কোষবেৰত লিগনিন থাকে। |
3. মিহি | 3. খহটা | 3. কঠিন |
5. পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি?
উত্তৰঃ পত্ৰৰন্ধৰ মুখ্য কার্যসমূহ হল–
(a) বায়ুমণ্ডল আৰু উদ্ভিদকোষৰ মাজত গেছৰ আদান-প্রদান কৰা।
(b) বাষ্পমোচনৰ জৰিয়তে উদ্ভিদেহৰ অতিৰিক্ত প্রানীভাগ বাষ্প আকাৰে বায়ুমণ্ডললৈ উলিয়াই দিয়ে।
6. প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি ?
উত্তৰঃ পেশী কলা বা সহজ ভাষাত ক’বলৈ গ’লে আমাৰ পেশীবোৰেই শৰীৰৰ সকলো ধৰণৰ চলনৰ লগত জড়িত।
7. নিউৰণ (Neuron) দেখাত কেনেকুৱা হয়?
উত্তৰঃ নিউৰণ প্রধানত কোষদেহ আৰু স্নায়ুপ্রবৰ্ধৰ দ্বাৰা গঠিত । কোষদেহত এটা ডাঙৰ কোষকেন্দ্র থাকে। কোষকেন্দ্ৰটো কোষদেহত থকা কোষপ্রৰসত উপঙি থাকে । কোষদেহৰ পৰা এডাল দীঘল, নলীসদৃশ চাইট’প্লাজমৰ স্নায়ু প্ৰবৰ্ধ ওলায়। ইয়াক এক্সন বোলে। ইয়াৰ উপৰি কোষদেহৰ পৰা কিছুমান চুটি আৰু শাখা-প্রশাখাযুক্ত স্নায়ুপ্রবৰ্দ্ধ ওলায়। এইবোৰক ডেনড্রাইট বোলে । এটা নিউৰণ প্রায় 1 মিটাৰ পৰ্যন্ত দীঘল হয়।
Class 9 Science Chapter 6 Assamese Medium Solution
8. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ হৃদপেশীৰ তিনিটা বৈশিষ্ট্য হল —
(a) এই পেশীৰ কোষবােৰ দীঘলীয়া, চুঙা আকৃতিৰ।
(b) এই পেশীৰ কোষত এটা মাত্র কোষকেন্দ্র থাকে।
(c) এইবোৰ অনৈচ্ছিক পেশী।
9. এৰিওলাৰ (Areolar ) কলা কাৰ্যসমূহ কি কি?
উত্তৰঃ এৰিওলাৰ কলাৰ কাৰ্যসমূহ হ’ল-
(a) এই কলাই আভ্যন্তৰীণ অংগসমূহক সুৰক্ষা প্রদান কৰে।
(b) এই কলাই আন কলাৰ ক্ষত অংশ মেৰামতি কৰে।
10. চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীতন্তসমূহৰ মাজত পাৰ্থক্য দেখুওৱা।
উত্তৰঃ

(a) ৰেখিত পেশীঃ
(i) হাড়ৰ লগত সংযুক্ত হৈ থাকে।
(ii) ইহঁত স্বেচ্ছামূলক পেশী।
(iii) কোষবোৰ দীঘল, নলাকাৰ আৰু বহুতো কোষকেন্দ্ৰ যুক্ত আৰু শাখাবিহীন।
(b) মসৃণ পেশীঃ
(i) খাদ্যনলী আৰু হাওঁফাওঁত ইহঁতক পোৱা যায়।
(ii) ইহঁত অনিচ্ছাকৃত পেশী।
(iii) ইহঁতৰ এটা কোষকেন্দ্ৰ থাকে।
(c) হৃদযন্ত্ৰ পেশীঃ
(i) হৃদযন্ত্ৰত পোৱা যায়।
(ii) কৰ্মত তেওঁলোক অনিচ্ছাকৃত।
(iii) ইহঁত শাখাযুক্ত আৰু এটা কোষকেন্দ্ৰ থাকে।
Also Read: Class 9 Science Chapter 8 Question Answer
11. হৃদপেশীসমূহৰ বিশেষ কাম কি?
উত্তৰঃ হৃদপেশীসমূহ হৃদযন্ত্ৰত পোৱা যায়। ইয়াৰ তন্ত্ৰবোৰ শাখাবিশিষ্ট চুঙাকৃতিৰ আৰু এটা কোষকেন্দ্ৰযুক্ত। ই একপ্ৰকাৰৰ অনৈচ্ছিক পেশী। হৃদপেশী সমূহৰ কাৰণে হৃদযন্ত্ৰটো অনবৰতে সংকোচন আৰু প্ৰসাৰণ হৈ থাকে ফলত হৈ থাকে ফলত আমাৰ শৰীৰিত ৰক্ত সঞ্চালন হয়।
Class 9 Science Chapter 6 in Assamese Question Answer
12. গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পাৰ্থক্য নির্ণয় কৰা।
উত্তৰঃ
ৰেখিত পেশী | অৰেখিত পেশী | হৃদপেশী |
1.কোষবোৰ দীঘলীয়া, চুঙাকৃতি আৰু শাখাহীন। | 1. এই বিধ পেশীৰ কোষবোৰ দীঘল আৰু মহুৰাকৃতিৰ। | 1. কোষবোৰ দীঘল আৰু চুঙাকৃতিৰ। |
2. কোষবোৰত অনুপ্রস্থীয় ভাৱে কিছুমান ৰেখা থাকে। | 2. ইহঁতৰ গাত কোনো অনুপ্রস্থীয় ৰেখা নাথাকে। | 2. ইয়াৰ গাত অনুপ্ৰস্থীয় ৰেখা নাথাকে। |
3. কোষপ্ৰৰসত একাধিক কোষকেন্দ্র পোৱা যায়। | 3. এটা কোষকেন্দ্র থাকে। | 3. এটা কোষকেন্দ্র থাকে। |
4. এই পেশী হাত, ভৰি, জিভা, ডিঙি ইত্যাদিত থাকে। | 4. এই পেশী পাকস্থলী অস্ত্র, যকৃত, বৃক্ক, ৰক্তনলী আদিত পোৱা যায় ৷ | 4. হৃদপিণ্ডৰ বেৰত এই পেশী পোৱা যায় ৷ |
13. এটা আদর্শ স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আঁকা।
উত্তৰঃ

14. তলত দিয়া সমূহৰ কলাৰ নাম লিখাঃ
(a) আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত ?
উত্তৰঃ আচ্ছাদক কলা।
(b) পেশী আৰু অস্থিক কি কলাৰে সংযোজন কৰিছে ?
উত্তৰঃ টেণ্ডন।
(c) উদ্ভিদত কি কলাৰে খাদ্য পৰিবহন কৰে ?
উত্তৰঃ ফ্লোৱেম।
(d) আমাৰ দেহৰ চৰী থকা সংযোজক কলাবিধৰ নাম কি ?
উত্তৰঃ মেদকলা।
(e) জুলীয়া মেট্রিক্স থকা সংযোজক কলাবিধৰ নাম কি?
উত্তৰঃ তেজ।
(f) মগজুত কি কলা থাকে ?
উত্তৰঃ স্নায়ু কলা।
Class 9 Science Chapter 6 Question Answers in Assamese
15. আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত ?
উত্তৰঃ সৰল ছটীয়া আচ্ছাদক কলা।
16. তলত দিয়া প্ৰাণী অংগসমূহত থকা কলাবোৰৰ নাম লিখাঃ ছাল, অস্থি, বৃক্কৰ আৱৰণ।
উত্তৰঃ
ছাল | আচ্ছাদক আৰু সংযোজক কলা। |
অস্থি | সংযোজক কলা। |
বৃক্কৰ আৱৰণ | ঘনাকাৰ আচ্ছাদক কলা। |
17. তলত দিয়া তালিকাখন সম্পূৰ্ণ কৰাঃ

উত্তৰঃ

Chapter-wise Question Answer
Class 9 Science Chapter 6 Assamese Medium Question Answer
- উদ্ভিদ আৰু প্ৰাণী একে ধৰণৰ কলাৰে গঠিতনে ? (Are Plants and Animals Made of Same Types of Tissues?)
- উদ্ভিদ কলা (Plant Tissues)
- ভাজক কলা (MERISTEMATIC TISSUE)
- স্থায়ী কলা (PERMANENT TISSUE)
- সৰল স্থায়ী কলা (SIMPLE PERMANENT TISSUE)
- জটিল স্থায়ী কলা (COMPLEX PERMANENT TISSUE)
- প্রাণীকলা (Animal Tissues)
- আচ্ছাদক কলা (EPITHELIAL TISSUE )
- সংযোজক কলা (CONNECTIVE TISSUE)
- পেশীকলা (MUSCULAR TISSUE)
- স্নায়ুকলা (NERVOUS TISSUE )
কলা Class 9 Question Answer
Class 9 Science Chapter 6 Question Answer Assamese Medium (Class 9 কলা Question Answer) are available here. Students can practice these SEBA Class 9 Science Chapter 6 Assamese Medium Question Answer, prepared per the SEBA syllabus (2025 – 2026) and NCERT curriculum. All the questions in this SEBA Class 9 Science Chapter 6 Question Answer in Assamese are designed according to the latest exam pattern. All the objective questions and their answers are presented here. It will help students to score the highest marks in the final exam. We have uploaded all the SEBA Class 9 Assamese Medium Science Chapter 6 Question Answer (কলা Class 9 Question Answer) carefully.
Class 9 Science Chapter 6 Assamese Medium Question Answer
ওপৰত আলোচনা কৰা SEBA Class 9 Science Chapter 6 Question Answers in Assamese পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে বহু পৰিমাণে লাভৱান হব বুলি আশা ৰাখিলো। এই SEBA Class 9 Science Chapter 6 Assamese Medium খনত ছাত্ৰ-ছাত্ৰীয়ে কিবা ভুল বিচাৰি পালে তাৰ Screenshot লৈ আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল। SEBA Class 9 Chapter 6 Question Answers PDF Download কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আমাৰ WhatsApp Channel Join কৰিবলৈ অনুৰোধ জনোৱা হল।
Class 9 Science Chapter 6 Assamese Medium Solution
Looking for a comprehensive guide to Class 9 Science Chapter 6 in Assamese Medium? Our blog post provides a detailed explanation of key concepts in the chapter, helping students grasp essential topics with ease. Along with clear and concise explanations, we’ve also included Class 9 Science Chapter 6 Question Answers in Assamese, tailored to help students prepare effectively for their exams. Whether you’re revising or seeking help with homework, this guide offers the perfect resource for mastering Chapter 6 and acing your Science exam in Assamese Medium.
Class 9 Science Chapter 6 Question Answer in Assamese
Need some help with Class 9 Science Chapter 6 Question Answer in Assamese? You’re in the right place! This post is all about making tough topics easy to understand, with clear explanations and examples. We’ve also got a complete set of Class 9 Science Chapter 6 Assamese Medium, so you can practice and prep without the stress. Whether you’re reviewing for exams or just tackling homework, this guide has everything you need to get ahead.