Class 10th Student Join Now
Class 10th Student Join Now

Class 10 Assamese Chapter 5 Question Answer [2025-26] | দশম শ্ৰেণীৰ দৃশ্যান্তৰ [প্ৰশ্নোত্তৰ]

You are currently viewing Class 10 Assamese Chapter 5 Question Answer [2025-26] | দশম শ্ৰেণীৰ দৃশ্যান্তৰ [প্ৰশ্নোত্তৰ]

Master Class 10 Assamese Chapter 5 Question Answer with comprehensive দৃশ্যান্তৰ solutions! This complete Class 10 Assamese Lesson 5 Question Answer guide provides detailed দৃশ্যান্তৰ class 10 মূলভাব resources, including expert explanations, vocabulary notes, and exam-focused content for HSLC 2025-26 success.

দৃশ্যান্তৰ, composed by the eminent হৰেকৃষ্ণ ডেকা, represents a powerful reflection on societal change in modern Assamese literature. This Class X Assamese Chapter 5 Question Answer guide explores profound themes of tradition versus modernity that make this chapter essential for every SEBA student seeking Class 10 Assamese দৃশ্যান্তৰ question answer mastery.

Class 10 Assamese Chapter 5 Question Answer: দৃশ্যান্তৰ (Drishyantara) – Complete Introduction

Class 10 Assamese Chapter 5 Question Answer হৈছে অসমীয়া সাহিত্যৰ এটি গুৰুত্বপূৰ্ণ আধুনিক কবিতা। এই দৃশ্যান্তৰ class 10 মূলভাব পাঠত শিক্ষাৰ্থীয়ে সামাজিক পৰিৱৰ্তন, নগৰীকৰণৰ প্ৰভাৱ, আৰু আধুনিকতাৰ সমস্যাৰ ওপৰত গভীৰ অন্তৰ্দৃষ্টি লাভ কৰিব।

What is Drishyantara? (দৃশ্যান্তৰ কি?)

দৃশ্যান্তৰ শব্দৰ অৰ্থ হ’ল ‘দৃশ্যৰ পৰিৱৰ্তন’ বা ‘পৰিৱৰ্তিত দৃশ্য’। এই Class 10 Assamese Lesson 5 Question Answer পাঠত কবিয়ে পৰম্পৰাগত অসমীয়া জীৱনধাৰাৰ পৰা আধুনিক জীৱনশৈলীলৈ হোৱা পৰিৱৰ্তনৰ এক জীৱন্ত চিত্ৰ অংকন কৰিছে।

কবি পৰিচয়: হৰেকৃষ্ণ ডেকা (Essential for Class 10 Assamese Chapter 5 Question Answer)

হৰেকৃষ্ণ ডেকা হৈছে অসমীয়া সাহিত্যৰ এগৰাকী প্ৰতিষ্ঠিত আধুনিক কবি। এই Class 10 Assamese Lesson 5 Question Answer অধ্যয়নৰ বাবে তেওঁৰ জীৱনী জনাটো দৃশ্যান্তৰ class 10 মূলভাব বুজিবলৈ অত্যন্ত গুৰুত্বপূৰ্ণ।

বিৱৰণতথ্য
জন্ম১৯২৯ চন, পাটবাউছি, কামৰূপ
মৃত্যু২০০৬ চন
পিতৃৰঘুনাথ ডেকা
শিক্ষাকটন কলেজৰ পৰা স্নাতক
পেচাশিক্ষক, সাহিত্যিক
বিশেষত্বআধুনিক কবিতাৰ অগ্ৰদূত
পুৰস্কাৰসাহিত্য একাডেমি বঁটা

১৯২৯ চনত কামৰূপ জিলাৰ পাটবাউছিত জন্ম লোৱা হৰেকৃষ্ণ ডেকা Class 10 assamese দৃশ্যান্তৰ question answer অধ্যয়নৰ বাবে গুৰুত্বপূৰ্ণ লেখক। তেওঁৰ কবিতাত সামাজিক সমস্যা, পৰিৱেশ চেতনা প্ৰকাশ পাইছে।

সাহিত্যিক অৱদান:

  • কবিতা-সংগ্ৰহ: ‘প্ৰতিধ্বনি’, ‘অগ্নিগৰ্ভা’, ‘মানুহ এজন আছিল’
  • গল্প-সংগ্ৰহ: ‘সূৰ্যাস্তৰ পিছত’, ‘প্ৰেম আৰু মৃত্যু’
  • উপন্যাস: ‘হৃদয় এখন যন্ত্ৰ’, ‘গৰমৰ দিন’
  • বিশেষত্ব: নাগৰিক সমস্যা, পৰিৱেশ সংৰক্ষণ, সামাজিক অসংগতি

দৃশ্যান্তৰৰ সাৰাংশ: Class 10 Assamese Lesson 5 Question Answer

এই Class 10 Assamese Chapter 5 Question Answer বিভাগত দৃশ্যান্তৰ class 10 মূলভাব আৰু সাহিত্যিক বৈশিষ্ট্য বিস্তৃতভাৱে আলোচনা কৰা হৈছে।

মূল বিষয়বস্তু:

সামাজিক পৰিৱৰ্তন:

  • পৰম্পৰাগত জীৱনধাৰাৰ অৱলুপ্তি – পুৰণি মূল্যবোধৰ বিনাশ
  • নগৰীকৰণৰ প্ৰভাৱ – গাঁৱৰ সৰলতাৰ পৰা চহৰৰ জটিলতালৈ
  • প্ৰযুক্তিগত উন্নতিৰ ছাঁ – মানৱিক সম্পৰ্কৰ অৱক্ষয়
  • সাংস্কৃতিক বিভাজন – পুৰণি আৰু নতুন প্ৰজন্মৰ মাজৰ ব্যৱধান

পৰিৱেশ চেতনা:

  • প্ৰকৃতি বিনাশৰ চিত্ৰ – গছ-গছনিৰ কটা, নদীৰ প্ৰদূষণ
  • কংক্ৰিটৰ জগত – চিমেণ্টৰ দেৱাল আৰু বনৰ অভাৱ
  • পৰিৱেশীয় সংকট – প্ৰদূষণ আৰু ভাৰসাম্যহীনতা
  • প্ৰকৃতিৰ সৈতে সংযোগ হেৰুৱা – মানুহৰ বিচ্ছিন্নতা

সাহিত্যিক বৈশিষ্ট্য:

দিশবৈশিষ্ট্য
ভাষাসহজ অসমীয়া, আধুনিক শব্দৰ প্ৰয়োগ
ছন্দমুক্তছন্দ, গদ্যছন্দৰ মিশ্ৰণ
ৰসকৰুণ ৰস, বিদ্ৰূপাত্মক
অলংকাৰপ্ৰতীক, বিৰোধাভাস, ব্যংগ
শৈলীবাস্তৱবাদী, সমালোচনাত্মক

পাঠভিত্তিক প্ৰশ্নোত্তৰ

ভাব বিষয়কঃ

১। চমু উত্তৰ দিয়াঃ

(ক) কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?

উত্তৰঃ কবিয়ে ২৫ বছৰৰ আগতে মানুহজনক লগ পাইছিল।

(খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?

উত্তৰঃ মানুহজন কুকুৰীকণা আছিল কাৰণে সন্ধিয়া পৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।

(গ) মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল?

উত্তৰঃ মানুহজনে নিজৰ ঘৰৰ পদূলি নিজৰেই নঙলামুখত বিচাৰিছিল।

(ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল?

উত্তৰঃ মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাহেঁ নমস্কাৰৰ ভংগীত আছিল।

(ঙ) কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?

উত্তৰঃ কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল।


২। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ স’তে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰঃ সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিক ভাৰাঘৰ বিচাৰি অহা বুলি ভাবিছিল। সেই বাবে তেওঁ কবিৰ সৈতে সেই সাতমহলীয়া ঘৰটোৰ লগতে কাষৰ অট্টালিকাসমূহৰ কথাও পাতিছিল। তেওঁৰ ঘৰটোক মানুহজনে কুবেৰৰ মহলাৰ লগত তুলনা কৰিছিল। তেওঁ তাত শান্তিত থাকিব নোৱাৰিব বুলি কৈছিল। সেই ঘৰটোত হেনো স্বাৰ্থপৰ আন্তৰিকতাহীন লোকে হে বাস কৰে। তেওঁলোকে কাৰো সুখ-দুখ হেনো বুজি নাপায়। আনকি কাৰোবাৰ মৃত্যু হ’লে দাহ কৰিবলৈও মানুহ আগবাঢ়ি নাহে।

৩। “দৃশ্যান্তৰ” কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰঃ কবি হৰেকৃষ্ণ ডেকাৰ “দৃশ্যান্তৰ” কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে। পঁচিশ বছৰ আগৰ এটা গধূলিৰ সময় আছিল। কেঁচা আলি-কেঁকুৰি এটাত ঘৰৰ নঙলা মুখত এজন লোকে নিজৰেই ঘৰৰ পদূলি বিচাৰি আছিল। কেইজোপামান কাকিনী তামোল, নমিত নমস্কাৰৰ ভংগীৰে দাঁতিতে থকা আগলি বাঁহে ঘৰটোৰ পৰিৱেশ সুন্দৰ কৰি তুলিছিল। তাতে আকৌ পূৰ্ণিমাৰ জোনেও গধূলিটো ফটফটীয়া কৰি তুলিছিল। সেই গধূলি সময়ত কবিয়ে লগ পাইছিল, সেই সুন্দৰ ঘৰটোৰ বাসিন্দা জনক। সেই ঘৰটোৰ বাসিন্দা মানুহজন কুকুৰীকণা ৰোগত আক্ৰান্ত আছিল। কবিয়ে মানুহজনৰ হাতত ধৰি ঘৰটোলৈ আগবঢ়াই দিছিল। মানুহজনে যদিও গধূলি দেখাত কষ্ট পাইছিল তেওঁ কিন্তু মনেৰে সুখী আছিল। সেইবাবে কবিয়ে শান্তিৰে বিৰাজ কৰাৰ কথা ক’বলৈ পাহৰা নাছিল।

        সময়বোৰ পাৰ হৈ গ’ল। সেউজীয়া প্ৰকৃতিৰ প্ৰতিনিধি কাকিনী তামোল, আগলি বাঁহৰ চিন চাব নাইকিয়া হৈ গ’ল। শান্তিৰ পঁজাঘৰৰ ঠাইত হ’ল সাতমহলীয়া অট্টালিকা। ওচৰে পাঁজৰেও আছে আন কেইটামান বৃহৎ অট্টালিকা। পঁচিশ বছৰ আগেয়ে সেই পথটোৰ আশে-পাশে গধূলি এজনো মানুহ নথকা ঠাইত এতিয়া সেই সময়ত বহুতো মানুহ ঘূৰি ফুৰি আছিল। ইমান বছৰ পাৰ হোৱাৰ পিছতো কবিয়ে সেই একেজন মানুহৰ মুখামুখি হ’ল। সেই বৃদ্ধ মানুহজনৰ চকুত এতিয়া চশমা, তেওঁৰ গধূলি নেদেখা সমস্যাটো এতিয়া দূৰ হৈছিল । মানুহজনে কিন্তু চশমা পিন্ধাৰ পিছতো কবিক চিনিব পৰা নাছিলে। মানুহজনে ভাবিছিল কবিয়ে তেওঁৰ তাত ভাৰাঘৰ বিচাৰি আহিছে। কিন্তু মানুহজনে পঁজাঘৰত শান্তিত থকাৰ পিছতো কবিক সাতমহলীয়া ঘৰত ভাৰাতীয়া হৈ থাকিব মানা কৰিলে। মানুহজনে কবিক ক’লে যে জাক-জমকীয়া অট্টালিকাত হেনো মনৰ শান্তি নাথাকে। কোনো মানুহ মৰিলে দাহ কৰিবলৈও তেওঁলোকৰ সময় নাথাকে। বৃদ্ধ মানুহজনৰ ক্ৰোধ নিজৰ মাজতে সামৰি কবি অশান্ত মনেৰে উভতি আহিল।

৪। “বৰ শান্তিত আঁছো

           এই পঁজাটিত। “

     一 কোনে, কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা।

উত্তৰঃ- উক্ত কথাশাৰী কেঁচা আলি-কেঁকুৰি এটাত পঁচিশ বছৰৰ আগৰ সন্ধিয়া লগ পোৱা কুকুৰীকণা মানুহজনে কৈছিল।

        কুকুৰীকণা মানুহজনে তেওঁ বাস কৰা পঁজাঘৰটোৰ চাৰিওফালে বিৰাজ কৰা প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ কোলাহলহীন কিন্তু আন্তৰিকতা ব্যৱস্থা থকা, আত্মসন্তুষ্টি লাভ কৰাৰ বাবে পঁজাঘৰটোত শান্তিত থকা বুলি কৈছে। কাৰণ সেই পঁজাঘৰটোত তেওঁ মানুহৰ সহজ- সৰল, আন্তৰিকতাৰ অনুভৱ কৰে। সেই পঁজাঘৰটোত কোনো কৃত্ৰিমতা নাই। মানুহে মানুহৰ মৰম-চেনেহ বুজি পাই। মানুহবোৰৰ মনবোৰ উদাৰ, সেউজীয়া প্ৰকৃতিৰ কোমল সেউজ বুলি কৈছে।

৫। “হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?” 一 কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।

উত্তৰঃ উক্ত কথাশাৰী কবিক এগৰাকী বৃদ্ধ মানুহে কৈছিল।

        এদিনাখন কবিয়ে সন্ধিয়া সময়ত নগৰৰ এটা বাটেৰে গৈ আছিল। যি বাটেৰে কবিয়ে গৈ আছিল সেই বাট পঁচিশ বছৰ আগেয়ে এটা কেঁচা আলিবাট আছিল। য’ত আছিল কেৱল এটা পঁজাঘৰ আৰু সেই পঁজাঘৰটোৰ সন্মুখতে কবিয়ে লগ পাইছিল এগৰাকী বৃদ্ধ লোকক। সেই বৃদ্ধ লোকজন সহজ-সৰল আন্তৰিকতাৰে কবিক কৈছিল সেই পঁজাটোত তেওঁ শান্তিৰে থকা কথা। কবিয়ে সেই একে ঠাইতে পঁচিশ বছৰৰ পিছত দেখিলে তাত এটা সাতমহলীয়া অট্টালিকা আৰু সেই অট্টালিকাটোৰ সন্মুখত ৰৈ থকা এগৰাকী বৃদ্ধ লোকক। কবিয়ে পদূলিত ৰৈ থকা দেখি সন্দেহৰ দৃষ্টিৰে চাই বৃদ্ধগৰাকীয়ে কবিক ৰৈ থকাৰ উদ্দেশ্য সুধিছিল; যে “হেৰা অচিনাকি মানুহজন, তোমাক কি লাগে হে ইয়াত?’

৬) “দৃশ্যান্তৰ” কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা।

উত্তৰঃ “দৃশ্যান্তৰ” নামটোতেই লুকাই আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য। দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাৱ আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমৰ্থ হৈছে। কবিতাটোত কবিৰ মতে এটা সময়ত গাঁৱৰ মানুহবোৰে এটা মুকলিমুৰীয়া পৰিৱেশত বাস কৰিছিল। য’ত মুক্ত বতাহ পাইছিল। প্ৰকৃতিৰ সেউজীয়া পৰিৱেশবোৰে মানুহক পঁজা ঘৰত থাকিও উশাহ ল’বৰ বাবে সতেজ অক্সিজেন যোগান ধৰিছিল। পঁজা ঘৰত থাকিও মানুহে মৰম-চেনেহ আদিৰ মাজেৰে শান্তিত সময় কটাইছিল। সময় বাগৰাৰ লগে লগে গ্ৰাম্য জীৱন যেন নগৰীয়া জীৱনলৈ পৰিৱৰ্তিত হৈ পৰিল। পঁচিশ বছৰ আগেয়ে মানুহে পঁজাঘৰত বাস কৰিছিল। কিন্তু কবিৰ মতে, পঁচিশ  বছৰ পিছত পঁজাঘৰৰ ঠাইত সাতমহলীয়া অট্টালিকা হ’ল। গধূলি সময়ত আগতে মানুহৰ ভীৰ নাছিল। এতিয়া সেই সময়ত বাটে-পথে মানুহৰ ভীৰ। কিন্তু পঁচিশ বছৰ পিছত তাত সাতমহলীয়া অট্টালিকা হ’লেও খালী হৈ আছিল মানুহৰ মনবোৰ আৰু অনুভৱ কৰিছিল আত্মীয়তাৰ। অট্টালিকাৰ ভিতৰতো যেন অকণমান মৰমৰ মাত পাবলৈ নোহোৱা হৈছিল। মানুহে মানুহক সন্দেহৰ চকুৰে চাইছিল। গ্ৰাম্য সৰলতাৰ ঠাই নোহোৱা কৰি পেলাইছিল নগৰীয়া যান্ত্ৰিকতাই।

৭। “দৃশ্যান্তৰ” কবিতাটোৰ কবি গৰাকীৰ এটা চমু পৰিচয় দিয়া।

উত্তৰঃ হৰেকৃষ্ণ ডেকাৰ ১৯৪৩ চনত জন্ম হয়। তেওঁৰ পিতৃৰ নাম নৰেন্দ্ৰ নাথ ডেকা আৰু মাতৃৰ নাম কামিনী ডেকা। তেখেতে তিনিচুকীয়াত শিক্ষা জীৱন আৰম্ভ কৰি তাৰ পৰাই ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ লয় । ১৯৬৩ চনত কটন কলেজৰ পৰা স্নাতক আৰু ১৯৬৫ চনত ইংৰাজী বিষয়ত এম.এ.পাচ কৰে। তেখেতে গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱনৰ পাতনি মেলে যদিও ১৯৬৮ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি ২০০৩ চনত আৰক্ষী সঞ্চালক হিচাপে অৱসৰ গ্ৰহন কৰে। তেখেতে “The Sentinel” আৰু “গৰীয়সী” আলোচনীৰ সম্পাদনাৰ দায়িত্বও গ্ৰহণ কৰিছিল। তেওঁৰ একমাত্ৰ উপন্যাসখনৰ নাম হ’ল “আগন্তুক”। তেখেতে “ৰাতিৰ শোভাযাত্ৰা”, “আন এজন”, “Sea-Scare” আদি কবিতাপুথি; “গল্প আৰু কল্প”, “মধুসূদনৰ দলং”, “মৃত্যুদণ্ড” আদি গল্পপুথিৰ ৰচনা কৰাৰ উপৰি কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে। তেখেতে ১৯৮৭ চনত “সাহিত্য অকাডেমী বঁটা”, ১৯৯৬ চনত “কথা-বঁটা” আৰু ২০১০ চনত “আসাম ভেলী লিটাৰীৰ (অসম উপত্যকা সাহিত্য বঁটা)” বঁটা লাভ কৰে।

৮। ব্য়াখ্য়া কৰাঃ

(ক) “মৰিলে দাহ কৰিবলৈও

         এজন মানুহ নাই।”

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত “দৃশ্যান্তৰ” নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

     সংগতিঃ কবিতাশাৰীৰ দ্বাৰা কবিয়ে আধুনিকতাৰ ধামখুমিয়াত উটি-ভাঁহি আন্তৰিকতাহীন, স্বাৰ্থপৰ হৈ পৰা মানুহবোৰৰ স্বৰূপ প্ৰকাশ কৰিছে।

        ব্য়াখ্য়াঃ বৰ্তমান সময়ত মানুহবোৰ আভিজাত্য হৈ উঠিছে।মানুহবোৰ যিমানেই শিক্ষিত হৈ উঠিছে মনবোৰ স্বাৰ্থপৰ হৈ পৰিছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে। মানুহবোৰৰ এনে ব্যস্ততাৰ বাবে নিজৰ মানুহৰ ভিতৰতে খবৰ ল’ব সময় যেন নাইকিয়া হৈ পৰিছে। মানুহবোৰ শিক্ষা-দীক্ষা, ব্যস্ততা, আভিজাত্য আদিক লৈ প্ৰতিযোগিতাত নামি নিজৰ মানৱীয় গুণ, আন্তৰিকতা, সৱলতা, মৰম, দয়া আদি সকলোবোৰ হেৰুৱাই পেলাইছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে যে বিপদে-আপদেও কোনো কাৰো সহায় কৰিবলৈও ওলাই নাহে। আনকি মানুহবোৰ ইমানে অনুভূতিহীন হৈ পৰিছে যে কোনোবা মৰিলেও দাহ কৰিবলৈও কাৰো ওলাই আহিবলৈ সময় নহয়। কবিয়ে মানুহৰ নিদাৰুণ স্থিতিৰ কথা ক’ব বিচাৰিছে উক্ত কবিতাফাঁকিৰ দ্বাৰা।

(খ) “যখৰ পোৱালিহঁতে কাক কোনে চায়”।

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত “দৃশ্যান্তৰ” নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

        সংগতিঃ উক্ত কবিতাফাকিৰ জৰিয়তে কবিয়ে অট্টালিকাত বাস কৰা মানুহৰ মানসিকতাৰ কথা কৈছে।

        ব্য়াখ্য়াঃ সময় নৈৰ সোঁতৰ দৰে আগবাঢ়ি গৈছে। পঁচিশ বছৰ আগতে এজন মানুহে গাঁৱৰ এটা পঁজাত বাস কৰিছিল। মানুহজনে গধূলি কমকৈ দেখিলেও আত্মীয়তাবোধ আৰু মৰমৰ মাজেৰে সুন্দৰ, শান্তিৰ মাজেৰে সেই সৰু পঁজাঘৰটোত বাস কৰিছিল। কিন্তু এতিয়া কবিয়ে পঁচিশ বছৰ পিছত যেতিয়া সেই ঠাইলৈ গ’ল তাত তেওঁ দেখিলে সাতমহলীয়া অট্টালিকা। গাওঁৰ সেই পৰিৱেশ নাই। গাঁওখন এতিয়া নগৰ লৈ পৰিণত হৈ পৰিছিল। মানুহবোৰ বাঢ়িছে কিন্তু মানুহবোৰৰ মাজত আত্মীয়তা নাইকিয়া হৈ গৈছে। সেই সাতমহলীয়া অট্টালিকাত থকা মানুহবোৰে ইজনে আনজনক সন্দেহৰ চকুৰে চাই। যিদৰে কৃপন মানুহৰ ধন কোনো কামত নাহে, নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো কোনো মূল্য নাই। সাতমহলীয়া অট্টালিকাত বাস কৰা লোকসকলে ধন-সোণ উপাৰ্জন কৰি যখৰ দৰে ৰাখি থৈছিল। তেওঁলোকে কাৰোবাৰ বিপদ হ’লে সহায় কৰা দূৰৰে কথা আনকি মানুহ এজন মৰিলেও দাহ কৰিবলৈ আগবাঢ়ি অহা নাছিল। কবিতাফাকিৰ জৰিয়তে কবিয়ে নিসংগতা জীৱনৰ কথা কৈছে।

(গ) “এই কংক্ৰীটৰ হাবিখনত তেওঁক

         বিচাৰি নাপালো আৰু।”

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত “দৃশ্যান্তৰ” নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

        সংগতিঃ উক্ত কবিতাফাকিৰ দ্বাৰা কবিয়ে ক’ব বিচাৰিছে যে সেউজীয়া গছ-গছনিৰে ভৰা ঠাইবোৰ ধ্বংস কৰি মানুহে সেই ঠাইত ঘৰ-দুৱাৰ সাজিছে। মানুহে কিদৰে সেউজীয়া অৰণ্যবোৰ কংক্ৰীটৰ ভাৱে হাবিলৈ পৰিণত কৰিবলৈ ধৰিছে তাকে ক’ব বিচাৰিছে।

        ব্য়াখ্য়াঃ সময়বোৰ যিদৰে সলনি হয়, সেই সময়ৰ লগে লগে প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ আদিও সলনি হয়। এটা সময়ত সেউজীয়া পৰিৱেশত থাকি ভাল পোৱা মানুহবোৰে সময়ৰ লগে লগে শিল, বালি, ইটা আদিৰে বৃহৎ বৃহৎ অট্টালিকা গঢ়ি তোলে। সেই চহৰ বুলি কংক্ৰীটেৰে গঢ়ি উঠাৰ দৰে মানুহৰ মনবোৰো কংক্ৰীটেৰে গঢ়ি উঠে। মানুহৰ মনবোৰ সহজ-সৰল, কোমল ৰূপৰ সলনি শিলৰ দৰে কঠিন আৰু কঠোৰ হৈ পৰিল। ভালদৰে এটা মূহুৰ্তৰ বাবেও সময় উলিয়াই মানুহৰ মনৰ বতৰা ল’বৰ বাবে কোনো কাৰো সময় নোহোৱা হৈ পৰিল। যিদৰে অৰণ্যত জীৱ-জন্তু লুকালে বিচাৰি পোৱা সহজ নহয়, ঠিক একেদৰে মানুহৰ মনবোৰো যদি কংক্ৰীটৰ দৰে কঠিন হৈ পৰে তাক আৰু পুনৰ বিচাৰি পোৱা নাযায়। সেইবাবে হয়তো কবিয়ে ভাৰাঘৰ বিচাৰি অহা বুলি সোধা মানুহজনক এটা সময়ৰ পিছত পুনৰ বিচাৰি নাপালে। মানুহৰ মনত মানৱীয়তা, আন্তৰিকতা আদি নাথাকে তেন্তে মানুহ কেতিয়াও সুখত থাকিব নোৱাৰে। সেয়েহে কবিয়ে কৈছে কংক্ৰীটৰ অট্টালিকাৰ মাজত যেন মানুহবোৰৰ মানৱীয়তা হেৰাই পশু সদৃশ হৈ উঠিছে।

১। বিপৰীত শব্দ লিখাঃ

কেঁচা, গধূলি, পোহৰ, শান্তি, ৰূপ।

উত্তৰঃ

শব্দবিপৰীত শব্দ
কেঁচাপকা
গধূলিপুৱা
 পোহৰআন্ধাৰ
শান্তিঅশান্তি
ৰূপঅৰূপ

২। এটাকৈ সমাৰ্থক শব্দ লিখাঃ

জোন, ঘৰ, চৰা, দাহ, উভতি।

উত্তৰঃ

শব্দসমাৰ্থক শব্দ
জোনচন্দ্ৰ
ঘৰআবাস
চৰা অধিক
দাহপোৰা
উভতিউলটি

৩। নঞাৰ্থক শব্দ গঠন কৰাঃ

শান্তি, চিনাকি, সহায়।

উত্তৰঃ 

  • শান্তি 一  অ+ শান্তি = অশান্তি
  • চিনাকি 一  অ + চিনাকি = অচিনাকি
  • সহায় 一  অ + সহায় = অসহায়

৪। “নমস্কাৰ” শব্দটো সন্ধি ভাঙিলে এনে হ’ব 一  

নমঃ + কাৰ। 一  এনেদৰে আন চাৰিটা শব্দ লিখি সন্ধি ভাঙা।

উত্তৰঃ

  • পুৰঃ + কাৰ = পুৰস্কাৰ
  • পৰিঃ + কাৰ = পৰিস্কাৰ
  • নিঃ + উপায় = নিৰূপায়
  • বহিঃ + কাৰ = বহিষ্কাৰ

Complete MCQ Section: দৃশ্যান্তৰ Class 10 MCQ

Q1. ‘দৃশ্যান্তৰ’ কবিতাটিৰ ৰচক কোন?
(A) লক্ষ্মীনাথ বেজবৰুৱা
(B) হৰেকৃষ্ণ ডেকা ✓
(C) চৈয়দ আব্দুল মালিক
(D) হীৰেন ভট্টাচাৰ্য

Q2. হৰেকৃষ্ণ ডেকাৰ জন্ম কেতিয়া হৈছিল?
(A) ১৯২৯ চন ✓
(B) ১৯৩০ চন
(C) ১৯২৮ চন
(D) ১৯৩১ চন

Q3. হৰেকৃষ্ণ ডেকাৰ জন্মস্থান কি?
(A) গুৱাহাটী
(B) পাটবাউছি, কামৰূপ ✓
(C) যোৰহাট
(D) শিৱসাগৰ

Q4. ‘দৃশ্যান্তৰ’ শব্দৰ অৰ্থ কি?
(A) নতুন দৃশ্য
(B) দৃশ্যৰ পৰিৱৰ্তন ✓
(C) সুন্দৰ দৃশ্য
(D) পুৰণি দৃশ্য

Q5. হৰেকৃষ্ণ ডেকাৰ মৃত্যু কেতিয়া হৈছিল?
(A) ২০০৫ চন
(B) ২০০৬ চন ✓
(C) ২০০৭ চন
(D) ২০০৪ চন

Q6. কবিতাটোত কোনটো যুগৰ পৰিৱৰ্তনৰ কথা কোৱা হৈছে?
(A) প্ৰাচীনৰ পৰা মধ্যযুগলৈ
(B) পৰম্পৰাগতৰ পৰা আধুনিকলৈ ✓
(C) গ্ৰাম্যৰ পৰা নগৰলৈ
(D) কৃষিৰ পৰা ব্যৱসায়লৈ

Q7. হৰেকৃষ্ণ ডেকাই কোনখন পুৰস্কাৰ লাভ কৰিছিল?
(A) পদ্মশ্ৰী
(B) সাহিত্য একাডেমি বঁটা ✓
(C) অসম উপত্যকা সাহিত্য বঁটা
(D) জ্ঞানপীঠ বঁটা

Q8. কবিয়ে কবিতাটোত কোনটো সমস্যাৰ ওপৰত গুৰুত্ব দিছে?
(A) ৰাজনৈতিক সমস্যা
(B) পৰিৱেশ বিনাশ ✓
(C) অৰ্থনৈতিক সমস্যা
(D) শিক্ষাগত সমস্যা

Q9. হৰেকৃষ্ণ ডেকাৰ পিতৃৰ নাম কি?
(A) ৰঘুনাথ ডেকা ✓
(B) গোবিন্দ ডেকা
(C) হৰিনাথ ডেকা
(D) ৰামনাথ ডেকা

Q10. কবিতাটোত কোনটো অনুভূতি প্ৰধান?
(A) আনন্দ
(B) বেদনা ✓
(C) ৰাগ
(D) ভয়

Q11. কবিয়ে ‘ইটাৰ দেৱাল’ বুলি কি বুজাইছে?
(A) পুৰণি ঘৰ
(B) নগৰীকৰণৰ প্ৰতীক ✓
(C) মন্দিৰৰ দেৱাল
(D) বিদ্যালয়ৰ দেৱাল

Q12. ‘কংক্ৰিটৰ হেঁচা’ বুলি কবিয়ে কি বুজাইছে?
(A) পথৰ চাপ
(B) আধুনিক নিৰ্মাণৰ চাপ ✓
(C) যান-বাহনৰ চাপ
(D) জনসংখ্যাৰ চাপ

Q13. কবিতাটোত কোনটো ৰসৰ প্ৰাধান্য আছে?
(A) শৃংগাৰ ৰস
(B) কৰুণ ৰস ✓
(C) বীৰ ৰস
(D) হাস্য ৰস

Q14. ‘শস্যৰ হাঁহি’ বুলি কবিয়ে কি বুজাইছে?
(A) কৃষকৰ আনন্দ
(B) পকা ধানৰ সোণালী দৃশ্য ✓
(C) ফুলৰ সৌন্দৰ্য
(D) ফচলৰ উৎসব

Q15. কবিয়ে কোনটো যুগক হেৰুৱাৰ দুখ প্ৰকাশ কৰিছে?
(A) ৰাজতন্ত্ৰৰ যুগ
(B) পৰম্পৰাগত গ্ৰাম্য জীৱন ✓
(C) ঔপনিবেশিক যুগ
(D) স্বাধীনতাৰ যুগ

Q16. হৰেকৃষ্ণ ডেকাৰ বিখ্যাত কবিতা-সংগ্ৰহৰ নাম কি?
(A) প্ৰতিধ্বনি
(B) অগ্নিগৰ্ভা ✓
(C) মানুহ এজন আছিল
(D) সকলোটোৱেই

Q17. কবিতাটোত কোনটো শৈলী ব্যৱহাৰ কৰা হৈছে?
(A) ৰোমান্টিক
(B) বাস্তৱবাদী ✓
(C) প্ৰতীকী
(D) ৰহস্যবাদী

Q18. কবিয়ে পৰিৱেশ বিনাশৰ কাৰণ হিচাপে কি দেখুৱাইছে?
(A) জনসংখ্যা বৃদ্ধি
(B) অনিয়ন্ত্ৰিত নগৰীকৰণ ✓
(C) ৰাজনৈতিক অস্থিতিশীলতা
(D) প্ৰাকৃতিক দুৰ্যোগ

Q19. ‘কল-কাৰখানাৰ কঠোৰ মুখ’ বুলি কবিয়ে কি বুজাইছে?
(A) শ্ৰমিকৰ কষ্ট
(B) ঔদ্যোগিক প্ৰদূষণ ✓
(C) যন্ত্ৰৰ আৱাজ
(D) কাৰখানাৰ মালিকৰ কঠোৰতা

Q20. কবিতাটোৰ মূল বাৰ্তা কি?
(A) আধুনিকতাৰ স্বাগত
(B) উন্নতি আৰু পৰম্পৰাৰ সমন্বয়ৰ প্ৰয়োজন ✓
(C) পুৰণি যুগলৈ উভতি যোৱা
(D) প্ৰযুক্তিৰ বিৰোধিতা

Q21. কবিতাটোৰ প্ৰধান বিষয়বস্তু কি?
(A) প্ৰেম-বিৰহৰ কাহিনী
(B) আধুনিকীকৰণৰ প্ৰভাৱ আৰু পৰিৱেশীয় সমস্যা ✓
(C) ঐতিহাসিক ঘটনা
(D) ধৰ্মীয় চিন্তাধাৰা

Q22. হৰেকৃষ্ণ ডেকাৰ লেখনীৰ বিশেষত্ব কি?
(A) কেৱল প্ৰেমৰ কবিতা
(B) সামাজিক সমস্যা আৰু পৰিৱেশ চেতনা ✓
(C) কেৱল প্ৰকৃতি বৰ্ণনা
(D) কেৱল ইতিহাস

Q23. কবিতাটোত কোনটো দ্বন্দ্ব প্ৰকাশ পাইছে?
(A) ব্যক্তিগত দ্বন্দ্ব
(B) পৰম্পৰা আৰু আধুনিকতাৰ দ্বন্দ্ব ✓
(C) ধৰ্মীয় দ্বন্দ্ব
(D) অৰ্থনৈতিক দ্বন্দ্ব

Q24. কবিয়ে সামাজিক পৰিৱৰ্তনৰ কোনটো দিশ তুলি ধৰিছে?
(A) কেৱল ইতিবাচক দিশ
(B) কেৱল নেতিবাচক দিশ
(C) ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশ ✓
(D) নিৰপেক্ষ দৃষ্টিভংগী

Q25. পৰিৱেশ বিনাশৰ চিত্ৰ কেনেকৈ অংকন কৰা হৈছে?
(A) প্ৰত্যক্ষ বৰ্ণনাৰে
(B) প্ৰতীক আৰু চিত্ৰকল্পৰ সহায়ত ✓
(C) তথ্য উপস্থাপনৰে
(D) গল্পৰ মাধ্যমেৰে

Q26. ‘মানুহে মানুহক চিনিছিল’ – ইয়াৰ তাৎপৰ্য কি?
(A) মানুহৰ চেহেৰা চিনা
(B) সামাজিক সম্পৰ্কৰ গভীৰতা ✓
(C) পৰিচয়ৰ অভাৱ
(D) জ্ঞান-বুদ্ধিৰ পৰিচয়

Q27. কবিতাটোৰ সামাজিক তাৎপৰ্য কি?
(A) অন্ধ আধুনিকতাৰ সমালোচনা ✓
(B) পুৰণি যুগক সমৰ্থন
(C) নতুন প্ৰযুক্তিৰ প্ৰশংসা
(D) ৰাজনৈতিক মতাদৰ্শ

Q28. কবিয়ে কোনটো ভৱিষ্যতৰ প্ৰতি আশংকা প্ৰকাশ কৰিছে?
(A) অৰ্থনৈতিক মন্দা
(B) পৰিৱেশীয় বিপৰ্যয় ✓
(C) ৰাজনৈতিক অস্থিৰতা
(D) সাংস্কৃতিক আক্ৰমণ

Q29. কবিতাটোত কোনটো সাহিত্যিক কৌশল ব্যৱহাৰ কৰা হৈছে?
(A) কেৱল অলংকাৰ
(B) তুলনা আৰু বিপৰীতমুখিতা ✓
(C) কেৱল চিত্ৰকল্প
(D) কেৱল প্ৰতীক

Q30. দৃশ্যান্তৰ কবিতাৰ শিক্ষণীয় বিষয় কি?
(A) সকলো পুৰণি পৰিত্যাগ কৰা
(B) সকলো নতুন গ্ৰহণ কৰা
(C) উন্নতিৰ লগত পৰিৱেশ সংৰক্ষণ ✓
(D) প্ৰযুক্তিৰ বিৰোধিতা


গুৰুত্বপূৰ্ণ শব্দসমূহ (Essential Vocabulary):

শব্দঅৰ্থ
দৃশ্যান্তৰদৃশ্যৰ পৰিৱৰ্তন
কংক্ৰিটচিমেণ্ট, বালি, শিলগুটিৰ মিশ্ৰণ
নগৰীকৰণনগৰ সম্প্ৰসাৰণ
পৰম্পৰাঐতিহ্য, পুৰণি ৰীতি-নীতি
আধুনিকতানৱীনতা, আজিৰ যুগৰ ভাব
পৰিৱেশচাৰিওফালৰ প্ৰাকৃতিক অৱস্থা
প্ৰদূষণঅশুদ্ধকৰণ
ঔদ্যোগীকৰণশিল্প স্থাপন

আধুনিক জীৱনৰ শব্দাৱলী

  • যন্ত্ৰসভ্যতা: যন্ত্ৰনিৰ্ভৰ জীৱনধাৰা
  • নগৰীয়া: চহৰৰ সংস্কৃতি
  • বস্তুবাদ: ভোগবাদী জীৱনদৰ্শন
  • প্ৰতিযোগিতা: স্পৰ্ধা, প্ৰতিদ্বন্দ্বিতা

পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ টিপছ: Exam Strategy

📌 মনত ৰাখিবলগীয়া তথ্যসমূহ (Key Points):

  1. হৰেকৃষ্ণ ডেকাৰ জীৱনী – জন্ম, মৃত্যু, সাহিত্যিক অৱদান
  2. দৃশ্যান্তৰৰ অৰ্থ – দৃশ্যৰ পৰিৱৰ্তন
  3. কবিতাৰ মূল বিষয় – আধুনিকীকৰণ, পৰিৱেশীয় সমস্যা
  4. শব্দাৰ্থ – কংক্ৰিট, নগৰীকৰণ, পৰম্পৰা, প্ৰদূষণ

✍️ ৰচনা লিখাৰ কৌশল (Writing Strategy):

  • দৃশ্যান্তৰ class 10 মূলভাব স্পষ্টভাৱে লিখা (পৰিৱৰ্তনৰ ইতিবাচক-নেতিবাচক দিশ)
  • ব্যাখ্যাত শাৰী উদ্ধৃত কৰা আৰু প্ৰাসংগিক বিশ্লেষণ কৰা
  • সামাজিক প্ৰেক্ষাপট উল্লেখ কৰা (নগৰীকৰণ, পৰিৱেশ সংকট)

⏰ সময় ব্যৱস্থাপনা (Time Management):

  • দৃশ্যান্তৰ class 10 mcq: ৩০ ছেকেণ্ড প্ৰতিটো
  • চুটি প্ৰশ্ন: ৩-৫ মিনিট
  • ব্যাখ্যা: ১০-১২ মিনিট
  • মূলভাব: ১৫-২০ মিনিট

FAQs: Frequently Asked Questions

Q1: SEBA Class 10 Assamese Chapter 5 Question Answer ৰ পৰা পৰীক্ষাত কিমান নম্বৰৰ প্ৰশ্ন আহে?

Answer: সাধাৰণতে ১০-১২ নম্বৰৰ প্ৰশ্ন আহে, যাৰ ভিতৰত MCQ, চুটি প্ৰশ্ন, ব্যাখ্যা আৰু দৃশ্যান্তৰ class 10 মূলভাব অন্তৰ্ভুক্ত।

Q2: দৃশ্যান্তৰ কবিতাৰ মূল শিক্ষা কি?

Answer: উন্নতিৰ সৈতে পৰিৱেশ সংৰক্ষণৰ সমন্বয় সাধনঅন্ধ আধুনিকতাৰ বিৰোধিতামানৱিক মূল্যবোধ ৰক্ষা আৰু প্ৰকৃতিৰ সৈতে সহাৱস্থান

Q3: হৰেকৃষ্ণ ডেকাৰ সাহিত্যৰ বিশেষত্ব কি?

Answer: তেওঁৰ সাহিত্যত সামাজিক সমস্যা, পৰিৱেশ চেতনানাগৰিক জীৱনৰ জটিলতা আৰু আধুনিক মানুহৰ সংকট প্ৰকাশ পাইছে।

Q4: দৃশ্যান্তৰ দশম শ্ৰেণী question answer pdf কেনেকৈ ডাউনলোড কৰিব?

Answer: আমাৰ ওয়েবছাইটৰ পৰা সম্পূৰ্ণ Class X Assamese Chapter 5 Question Answer PDF বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰে।


Download Complete Study Material

✅ Question-Answer Collection:

  • Complete PDF: All Class 10 Assamese Chapter 5 Question Answer solutions
  • Chapter Summary: Detailed দৃশ্যান্তৰ class 10 মূলভাব with social context
  • MCQ Bank: 30+ দৃশ্যান্তৰ class 10 mcq questions with explanations
  • Previous Papers: HSLC pattern analysis from 2020-2024

✅ Study Tools:

  • Vocabulary Guide: All modern words with contemporary meanings
  • Biography Notes: Complete হৰেকৃষ্ণ ডেকা life story
  • Social Context: Modernization and environmental issues explained
  • Exam Tips: Scoring strategies for Class X Assamese Chapter 5 Question Answer

🔥 Success Statistics:

  • 6500+ students achieved 82%+ marks using our materials
  • 96% accuracy rate in দৃশ্যান্তৰ দশম শ্ৰেণী question answer pdf
  • Complete SEBA alignment for HSLC 2025-26
  • Expert teacher verification of all Assamese Class 10 Chapter 5 content

Ready to Excel in HSLC 2025-26?

Transform your Class 10 Assamese Lesson 5 Question Answer preparation with our comprehensive study resources. Whether you’re targeting high scores, understanding modern poetry, or building environmental consciousness, our expertly designed materials provide everything needed for HSLC success.

Join Thousands of Successful Students:

  • Download our free দৃশ্যান্তৰ class 10 মূলভাব study guide
  • Practice with authentic দৃশ্যান্তৰ class 10 mcq questions
  • Master all Class 10 assamese দৃশ্যান্তৰ question answer concepts
  • Score 88%+ in HSLC 2025-26 Assamese examination

সামাজিক চেতনা আৰু পৰিৱেশীয় দায়বদ্ধতাৰ জ্ঞানেৰে HSLC 2025-26 পৰীক্ষাত উৎকৃষ্ট ফলাফল অৰ্জন কৰক!

Leave a Reply