Class 10th Student Join Now
Class 10th Student Join Now

Class 10 Assamese Chapter 4 Question Answer [2025-26] | দশম শ্ৰেণীৰ মই অসমীয়া [প্ৰশ্নোত্তৰ]

You are currently viewing Class 10 Assamese Chapter 4 Question Answer [2025-26] | দশম শ্ৰেণীৰ মই অসমীয়া [প্ৰশ্নোত্তৰ]

Master SEBA Class 10 Assamese Chapter 4 with comprehensive মই অসমীয়া solutions! This complete study guide provides detailed class 10 assamese chapter 4 question answer resources, including expert explanations, vocabulary notes, and exam-focused content for HSLC 2025-26 success.

মই অসমীয়া, composed by the legendary চৈয়দ আব্দুল মালিক, represents the pinnacle of patriotic literature in Assamese. This class 10 assamese lesson 4 question answer guide explores the profound love for motherland, historical pride, and cultural identity that make this chapter essential for every SEBA student.

Class 10 Assamese Chapter 4: মই অসমীয়া (Moi Axomiya) – Complete Introduction

মই অসমীয়া হৈছে অসমীয়া সাহিত্যৰ এটি অতি জনপ্ৰিয় দেশপ্ৰেমিক কবিতা, যি চৈয়দ আব্দুল মালিক দ্বাৰা ৰচিত। এই class x assamese chapter 4 question answer পাঠত শিক্ষাৰ্থীয়ে অসমৰ ইতিহাস, সংস্কৃতি, বীৰত্ব, আৰু জাতীয় চেতনাৰ ওপৰত গভীৰ জ্ঞান লাভ কৰিব।

What is Moi Axomiya? (মই অসমীয়া কি?)

মই অসমীয়া হ’ল স্বদেশপ্ৰেম আৰু জাতীয় গৌৰৱৰ গীত। এই মই অসমীয়া class 10 মূলভাব পাঠত কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, বীৰত্বগাঁথা, মোগল প্ৰতিৰোধ, আৰু অসমীয়া ভাষা-সংস্কৃতিৰ মহত্ত্বৰ বৰ্ণনা কৰিছে।

Why is this Chapter Important for HSLC 2025-26?

  • Patriotic Literature: Understanding love for motherland in Assamese poetry
  • Historical Awareness: Learning about Ahom-Mughal conflicts and Assamese heroism
  • Exam Weightage: 12-15 marks typically appear from this chapter
  • Cultural Pride: Develops national consciousness and cultural identity

কবি পৰিচয়: চৈয়দ আব্দুল মালিক (Poet Biography – Syed Abdul Malik)

চৈয়দ আব্দুল মালিক হৈছে অসমীয়া সাহিত্যৰ এগৰাকী বহুমুখী প্ৰতিভাৰ অধিকাৰী লেখক, যাক ‘গল্প সম্ৰাট’ বুলি জনা যায়। এই assamese class 10 chapter 4 অধ্যয়নৰ বাবে তেওঁৰ জীৱনী জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

Essential Biographical Facts for Exams:

বিৱৰণতথ্য
জন্ম১৯১৯ চন, নাহৰণি, গোলাঘাট
মৃত্যু২০০০ চন
পিতৃমৌলভী আব্দুল খালিক
মাতৃফাতিমা খাতুন
উপাধিগল্প সম্ৰাট
প্ৰথম উপন্যাসধন্যবাদ
বিখ্যাত উপন্যাসঅঘৰী আত্মাৰ কাহিনী

১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত জন্ম লোৱা চৈয়দ আব্দুল মালিক অসমীয়া সাহিত্যৰ এগৰাকী খ্যাতনামা সাহিত্যিক আছিল। তেওঁ মুছলমান হৈও অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰিবলৈ আজীৱন কাম কৰিছিল।

সাহিত্যিক অৱদান:

  • উপন্যাস: অঘৰী আত্মাৰ কাহিনী, কালান্তৰৰ গান, ৰূপতীৰ্থ স্নান
  • গল্প-সংগ্ৰহ: পৰশমণি, জীৱনৰ বাটত, অৰণ্যৰ দিন
  • কবিতা-পুথি: বেদুইন
  • বিশেষত্ব: সমাজ সচেতনতা, ধৰ্মনিৰপেক্ষতা, মানৱিক মূল্যবোধ

মই অসমীয়াৰ সাৰাংশ (Summary): Class 10 Assamese Lesson 4

এই class 10 assamese মই অসমীয়া question answer বিভাগত কবিতাৰ মূল বিষয়বস্তু আৰু সাহিত্যিক বৈশিষ্ট্য আলোচনা কৰা হৈছে।

মূল বিষয়বস্তু (Core Themes):

স্বদেশপ্ৰেম (Patriotism):

  • অসমৰ প্ৰাকৃতিক সৌন্দৰ্য – সেউজীয়া দূবৰি বন, নদী-পৰ্বত
  • জন্মভূমিৰ প্ৰতি গভীৰ ভালপোৱা – “প্ৰাণৰো প্ৰাণ মোৰ দেশখনি”
  • অসমীয়া ভাষাৰ মাধুৰ্য – “সৰগীয় ভাষা মোৰ অমিয়া”
  • মৃত্যুৰ পিছতো অসমতে পুনৰ জন্ম লাভৰ আকাংক্ষা

বীৰত্বগাঁথা (Heroic Tales):

  • মোগল প্ৰতিৰোধৰ ইতিহাস – অসমীয়া বীৰসকলৰ সাহসিকতা
  • ৰণচণ্ডী মূৰ্তি – নাৰী-পুৰুষৰ যুদ্ধত অংশগ্ৰহণ
  • হেংদাং আৰু পেঁপাৰ ধ্বনি – যুদ্ধৰ প্ৰস্তুতি
  • মোগল পৰাজয় – স্বাধীনতা ৰক্ষা

সাহিত্যিক বৈশিষ্ট্য (Literary Characteristics):

দিশবৈশিষ্ট্য
ভাষাপ্ৰাঞ্জল অসমীয়া, আৱেগপূৰ্ণ
ছন্দমুক্তছন্দ, গীতিময়
ৰসবীৰ ৰস, দেশপ্ৰেম
অলংকাৰউপমা, ৰূপক, প্ৰশ্নালংকাৰ
শৈলীআত্মকথনমূলক, গৌৰৱান্বিত

পাঠভিত্তিক প্ৰশ্নোত্তৰ

Q1: চমু উত্তৰ দিয়াঃ

ক) চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম লিখা ।

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম হ’ল “বেদুইন”।

খ) মােগলসকলে অসমৰ ক’ত ভৰি দিছিল ?

উত্তৰঃ মোগলসকলে অসমৰ সেউজীয়া দূবৰি বনত ভৰি দিছিল।

গ) অসমৰ হেংদাং ক’ত জিলিকিছিল ?

উত্তৰঃ অসমৰ হেংদাং দুপৰীয়াৰ পূৰ্ণ আলোকত জিলিকিছিল।

ঘ) অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল ?

উত্তৰঃ অসমীয়াসকলে ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল।

ঙ ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল ?

উত্তৰঃ অসমৰ স্বৰ্গদেৱে হাঁহ-কণী আৰু চাউলেৰে দেউল সাজিছিল।

Q2: ‘অসমৰ হেংদাং জিলিকিল।
দুপৰৰ পূর্ণ আলােকত’ — কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ অসমখন জয় কৰিবৰ বাবে এদিন প্ৰবল পৰাক্ৰমী মোগল আহিছিল। সেই সময়ত স্বাধীন অসমত আহোমে ৰাজত্ব কৰিছিল। অসমখনক অনায়সে জয় কৰাৰ সপোন লৈ মোগলসকলে অসমত প্ৰৱেশ কৰিছিল। কাৰণ মোগলসকলে বহু ৰাজ্য জয় কৰিছিল আৰু নিজকে বিশ্ববিজয়ী বুলি ভাবিছিল। ভাৰতৰ উত্তৰ-পূৱ দিশৰ ৰাজ্য অসমখনক শক্তিহীন বুলি মোগলসকলে ভাবিছিল। মোগল ৰাজ্য সংস্থাপনৰ লক্ষ্যৰে বীৰদৰ্পে আছিল। পিছে মোগলসকলৰ আশাত চেঁচাপানী ঢালিলে অসমৰ বীৰ-বীৰাংগনাসকলে। অসমৰ মাটিত ভৰি দিয়েই তেওঁলোকে দেখিলে শস্য-শ্যামলা ভূমি। যুদ্ধভূমিত থিয় হৈ সেউজীয়া পৰিৱেশ দেখিয়ে হেং-দাঙৰ চিকমিকনি। আহোমসকলৰ যুদ্ধত ব্যৱহৃত হেংদাং হ’ল তৰোৱাল। সেই তৰোৱাল হাতত লৈ দুগুনে উৎসাহ আৰু প্ৰবল পৰাক্ৰমেৰে যুঁজিছিল আহোমৰ বীৰ-বীৰাংগনাই। সেই যুদ্ধত পৰাক্ৰমৰ মুখামুখি হৈ তিষ্টিব নোৱাৰিলে মোগলসকল আৰু পৰাজয় বৰণ কৰিবলগীয়া হ’ল।

Q3: অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা ।

উত্তৰঃ সপ্তদশ শতিকাত আহোমসকল আছিল স্বাধীন অসমৰ শাসক। সেই সময়ছোৱাত দিল্লীত থাকিও ভাৰতবৰ্ষৰ একছত্ৰী শাসক হোৱাৰ বাবে মন মেলিছিল মোগলসকলে। অন্য দেশসমূহৰ দৰে অসমখনকো আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগলসকলে অসমত ভৰি দিছিলে। যিকোনো প্ৰকাৰে দেশ জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজভূমি।

মোগলসকলে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰেই অধিকাৰী। দেশৰ হকে যুদ্ধ কৰিবলৈ তেওঁলোক প্ৰস্তুত। শত্ৰু সৈন্য অহা খবৰ পাই অসমৰ পুৰুষ-মহিলা সকলোৱে হাতে হাতে হেংদাং লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। শত্ৰুৰ আক্ৰমণ বুকু পাতি ল’বলৈ তেওঁলোকে অকণো কুণ্ঠাবোধ কৰা নাছিল অসমৰ পুৰিষ-মহিলাই। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰ নত কৰি মোগলসকল অহা বাটেৰে উভতাইছিল।

Q4: “ক’ত অত বল পালে অসমৰ সেনানীয়ে
শুকান সান্দহ আৰু পানী আঁজলিত। ”
– কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ প্ৰবল প্ৰতাপী মোগলে অসম জয় কৰিবলৈ মন মেলি সপ্তদশ শতিকাত অসমলৈ আহিছিল। অসমখন দুৰ্বল জাতিৰ দেশ বুলি মনতে ভাবি অনায়াসে বিজয়ৰ গৌৰৱ লাভ কৰিবলৈ প্ৰস্তুত আছিল। আহোমসকলে সেই সময়ত আকৌ অসমত ৰাজত্ব কৰিছিল। অসমখন মোগলৰ হাতলৈ অহাৰ আগতে আহোমসকলে ৰণকৌশল তৈয়াৰ কৰিছিল। আকৌ সেই সময়ত অসমৰ পুৰুষ-নাৰী সকলো ওলাই আহিছিল শত্ৰুসৈন্যক ভেটিবলৈ। ৰণচণ্ডী মূৰ্তিৰে যুজঁ আৰম্ভ সৈন্যবিলাকক দেখি মোগলসকল স্তম্ভিত হ’ল। অসমৰ লোক সকল অতিথিপৰায়ণ, সহজ-সৰল আৰু কৃষিজীৱী বুলি সকলোৱে জানিছিল। তেওঁলোকৰ ধানৰ পৰা উৎপাদিত সামগ্ৰী খায়েই মোগলসকলে পেট প্ৰৱৰ্তাইছিলে বুলি তেওঁলোকৰ মনত এটা ধাৰণা হৈছিল। মোগলসকলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে গৰম পানীৰে সান্দহ গুড়ি খায় জীয়াই থকা মানুহ ইমান বলবন্ত হ’ব পাৰে বুলি। বীৰদৰ্পে যুঁজা অসমৰ সৈন্যৰ সন্মুখত মোগলৰ বীৰত্ব ম্লান পৰিল। দৰাচলতে মানসিক শক্তিয়ে বলীৱান হৈ অসমৰ সৈন্যদলে লাভ কৰিলে দুগুণ শাৰীৰিক শক্তি।

Q5: ‘মই অসমীয়া’ কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে বুজাই লিখা।

উত্তৰঃ “মই অমীয়া” কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্ব-জাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো ফুতি উঠিছে। কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসমখনক সেউজীয়া দূবৰিৰ দেশ বুলি কৈ শস্য-শ্যামলা ভূমিৰূপে প্ৰতিপন্ন কৰিছে। অসমৰ বননিখনক মিনা কৰা বুলিও কোৱা হৈছে। পাহাৰে-পৰ্বতে অসমভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দৰ্য্যৰ আকাৰ। নিয়ৰ পৰি থকা পাতবোৰ ৰদ পৰি মণি-মুকুতাহে যেন তেনেদৰে চিকমিকাই আছে। বনজ সম্পদৰে চহকী অসমৰ মূল্যৱান সম্পদ হৈছে হাতীদাঁত। অসমত আকৌ ভৰিত পিন্ধা খৰমৰ চোলাটোও হাতীদাঁতেৰে সজা হয়। অসমৰ বাট-পথ, দলং আদিও মূল্যৱান মণিৰে সজা হয়। বাঘৰ নখেৰে আঙঠি, খাৰু আদিও তৈয়াৰ কৰা হয়। ম’হৰ শিঙেৰে পেঁপা প্ৰস্তুত কৰা হয়। অসমৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণ পিন্ধে। ভেকুলীবোৰে কপালত যেন ফোঁট লৈ সাজিকাচিহে থাকে।

প্ৰকৃতিয়ে আচলতে অসমক সকলো সুন্দৰ ৰূপে ধাৰণ কৰিবলৈ দিছে।

Q6: কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া ।

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত জন্ম হয়। তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। তেওঁক “গল্পসম্ৰাট” বুলিও কোৱা হয়। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে “বেদুইন”। তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থৱহ ব্যৱহাৰ দেখা যায়। মালিকে ৰচনা কৰা কেইবাখনো উপন্যাস বহুসমাদৃত। তাৰ ভিতৰত “সুৰুযমুখীৰ স্বপ্ন”, “ৰূপতীৰ্থৰ যাত্ৰী”, “ধন্য নৰতনু ভাল”, আদি উল্লেখনীয়। “অঘৰী আত্মাৰ কাহিনী” নামৰ শীৰ্ষক উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত অন্য কেইখনমান গ্ৰন্থ হ’ল – “পৰশমণি”, “আধাৰশিলা”, “মৰহা ফুল”, “স্বাক্ষৰ”, “ছবিঘৰ”, “ৰঙাগড়া”, “ৰজনীগন্ধাৰ চকুলো” ইত্যাদি। তেওঁৰ গল্প, উপন্যাসৰ আলমত “জেতুকা পাতৰ দৰে”, “মমতাজ” আদি চলচ্চিত্ৰও নিৰ্মিত হৈছে। তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। এইজনা বিখ্যাত সাহিত্যিকৰ ২০০০ চনত দেহান্তৰ ঘটে।

Q7: অসমলৈ যুদ্ধ কৰিবলৈ আহি মােগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা ।

উত্তৰঃ পৰাক্ৰমী মোগলসকল দেশবিজয় কৰিবৰ বাবে অসমলৈ আহিছিল। মোগলসকলে অসমখন যাদু-মন্ত্ৰৰ দেশ বুলি ভাবিছিল। পিছে অসমত প্ৰৱেশ কৰিয়ে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য দেখি তেওঁলোক আচৰিত হৈ পৰিল। চৌদিশে অসমভূমিৰ গছৰ পাতবোৰ যেন মিনাকৰা নিয়ৰসিক্ত, দূৱৰিৰ পাতবোৰ যেন মুকুতা সদৃশ হৈ পৰিছিল। অসমখনৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণৰ থুৰীয়া পিন্ধিছিল। ভেকুলীবোৰে কপালত ফোঁট লৈ সাজিকাচি আছিল। কৃষিপ্ৰধান দেশ অসমখন আহোম স্বৰ্গদেৱে চাউলৰ গুড়িৰে সান্দহ খাই জীয়াই থকা মানুহ ইমান বলবন্ত হ’ব পাৰে বুলি মোগলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল। ৰংঘৰ, কাৰেংঘৰ আদি প্ৰাসাদেৰে অসম যেন স্বৰ্গপুৰীৰ দৰে। আহোম স্বৰ্গদেৱে চাউলৰ গুড়িৰে দ’ল সাজে। হাঁহ-কণী, চাউলেৰে দেউল সজায়। অসমৰ ধূলিত সোণ, হীৰা-মণি মৰকত বাগৰি থাকে, আনকি মাটিৰ চৰুত ভৰাই ঘৰে ঘৰে বিলোৱা হৈছিল, সোণ, ৰূপৰ দৰে মূল্যৱান ধাতু। মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ অসমৰ লোক সকলৰ মুখৰ মাত অমৃতসনা। এই দেশখন ভক্তি ধৰ্মৰ বাবে বিখ্যাত। নাম-কীৰ্তন আদি সুললিত সুৰে এই দেশৰ ৰূপ-সৌন্দৰ্য্য দুগুণে চৰায়।

Q8: ব্যাখ্যা কৰাঃ

(ক) মােগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়
দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি।

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত “মই অসমীয়া” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ কবিতাফাকিৰ জৰিয়তে কবিয়ে ক’ব বিচাৰিছে যে যুদ্ধক্ষেত্ৰত অসমীয়াৰ স্বদেশ প্ৰেমৰ পৰিচয় মোগল সকলে কেনেকৈ পালে, সেই বিষয়ে ক’ব বিচাৰিছে। বাখ্যাঃ সপ্তদশ শতিকাত আহোম সকল অসমৰ শাসক আছিল। মোগল সকলে অন্য প্ৰান্তত থাকি অসমখনক আক্ৰমণ কৰিবৰ বাবে মন মেলিছিল। অন্য প্ৰান্তত থাকিও অসমক আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগল সকল আহি অসমত ভৰি দিলে। অসমখনক জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিলে চৌদিশে সেউজীয়া ভূমি। মোগল সকলে অসমত প্ৰৱেশ কৰি সেউজীয়া ভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰ আধিকাৰী বুলি বুজি পালে। দেশ ৰক্ষাৰ হকে যে অসমৰ পুৰুষ মহিলা সকল যুদ্ধক্ষেত্ৰ ৰাঙলী কৰিবলৈ প্ৰস্তুত সেই কথা মোগল সকলে অনুমান কৰিব পাৰিলে। অসমৰ পুৰুষ মহিলা সকলে শত্ৰুৰ আক্ৰমণ বুকু পাতি ল’বলৈ অকণো কুন্ঠাবোধ কৰা নাছিল। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰ নত কৰি মোগল সকল অহা বাটে উভতি গৈছিল।

(খ) দুৱৰিৰ পাতে পাতে মুকুতাৰ থােপা গচকত ভাগে মৰকত,
হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা ,
ভৰি ধোৱে পােৱালৰ ভৰা দলঙত।

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত “মই অসমীয়া” নামৰ কবিতাটিৰ পৰা উদ্ধিত কৰা হৈছে।

সংগতিঃ এই কবিতাফাকিৰ জৰিয়তে কবিয়ে অসমৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰিছে।

ব্যাখ্যাঃ অসমখন প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে চহকী দেশ। প্ৰকৃতিয়ে অসমক বহুতো সম্পদৰ সম্ভাৰ দিছে। মোগল সকলে যেতিয়া অসমলৈ আহি সেই সম্পদৰ সম্ভাৰ প্ৰত্যক্ষ কৰিছিল তেতিয়া তেওঁলোক আচৰিত হৈ ৰৈছিল। কবিৰ মতে, অসমৰ দুবৰি বনত নিয়ৰ এনেদৰে পৰি আছিলে যেন মুকুতাৰ থোপাহে ওলমি আছিল। সেই দেশৰ ধূলিত পৰি থকা সৰকত মণি, খোজ দিলেই যেন গচকত ভাঙি যোৱাৰ সম্ভাৱনা পোৱা গৈছিল। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অসমৰ মূল্যৱান সম্পদ আছিলে হাতীদাঁত। এই দেশত ভৰিত পিন্ধা খৰমৰ চুলাও হাতীদাঁতেৰে তৈয়াৰ কৰা হৈছিল। বহুতো মূল্যবান মণিৰে সজা দলঙত উঠি মানুহে ভৰি ধুইছিল। প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰি মুঠতে সামৰণি কৰিব নোৱাৰি।

(গ) মােহ গ’ল দূৰণিৰ বিদেশী মােগল
অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া ,
অসমত বন্দী হ’ল , অসমৰ ৰূপ-মুগ্ধ
দূৰৰ মােগল আহি হ’ল অসমীয়া । ।

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত “মই অসমীয়া” নামৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ কবিতাফাকিত কবিয়ে অসমৰ সৌন্দৰ্যৰ বিমুগ্ধ মোগলৰ অনুভৱৰ বিষয়ে কৈছে। ব্যাখ্যাঃ অসমক সেউজীয়া দুবৰিৰ দেশ বুলি কোৱা হৈছে। অসমৰ বননিক মিনাকৰা বুলিও কোৱা হৈছে। নিয়ৰ পৰি থকা পাতবোৰত ৰ’দ পৰি এনেদৰে চিকমিকাই উঠে যেন মণি-মুকুতা হে খচিত আছে। অসমৰ ধূলিয়ে-বালিয়ে যেন মণি-মুকুতা, সোণৰ দৰে আপুৰুগীয়া সম্পদ হে আছে। অসম খনৰ সৌন্দৰ্য অতুলনীয়। অসমৰ মূল্যৱান সম্পদ হ’ল হাতীৰ দাঁত। হাতীৰ দাঁতেৰে খৰমৰ চুলা সজা হয়। প্ৰৱাল মণিৰে সজা দলঙত ভৰি ধোৱা হয়। আনকি বাঘৰ নখেৰে নিৰ্মিত খাৰু, আঙুঠি আদিও মানুহে পিন্ধা দেখা যায়। ম’হৰ শিঙেৰে পেঁপা বজাই আনন্দত নাচে। অসমৰ অসমীয়া ভাষা শুৱলা। অসমৰ সাগৰীয় ৰূপ দেখি তেওঁলোক এনেদৰে মোহিত হ’ল যে তেওঁলোক নিজ অসমতে থাকি গ’ল।

(ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহ-প্রাণ মন;
জীয়াই থাকোঁতে মই অসমৰে অসমীয়া,
মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ।

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত “মই অসমীয়া” নামৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ উক্ত কবিতাফাকিৰ জৰিয়তে কবিয়ে জন্মভূমিৰ প্ৰতি অফুৰন্ত প্ৰেম প্ৰকাশৰ কথা কৈছে।

ব্যাখ্যাঃ কবিৰ মতে জন্মভূমি অসমখন প্ৰাণৰো প্ৰাণ। অসমীয়া বুলি কবিয়ে নিজে গৌৰৱ অনুভৱ কৰে। অসমীয়া সকলে নিজদেশ ৰক্ষাৰ হকে একগোট হৈ মোগলকো যুদ্ধত পৰাস্ত কৰিবলৈ প্ৰস্তুত হৈছিল। কবিয়ে সেইবাবে অসমীয়া জাতিক লৈ উৎফুল্লিত। কবিয়ে নিজৰ জন্মভূমিক ধৰ্ম ৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সাগৰীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত, কথা, মাত আদি বনৰীয়া চৰাই আদিকো আকষৰ্ণ কৰিব পাৰে। সেই ভাষা, গীতে কবিৰ হৃদয় উপচাই ৰাখে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পাছত সৰগতো এই ভাষাৰ গান শুনিব বিচাৰিছে। এনেদৰে অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই আছে। কবিয়ে সেইবাবে মৃত্যুৰ পিছতো তেওঁৰ প্ৰাণ অসমতে পুনৰ জন্ম ল’ব বিচাৰে।

Q9: ‘মই অসমীয়া’ কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে, তােমাৰ কথাৰে বুজাই লিখা।

উত্তৰঃ কবিয়ে নিজৰ জন্মভূমিক প্ৰাণৰো প্ৰাণ বুলি কৈছে। নিজকে অসমীয়া বুলি কবিয়ে গৌৰৱ কৰে। প্ৰৱল প্ৰতাপী মোগল সকলকো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি লৈ যুজঁত পৰাজয় কৰিছিল। হেংদাং লৈ যুদ্ধ কৰি মোগলক পৰাস্ত কৰি খেদি দিয়াৰ বাবে অসমৰ সন্তান সকলক লৈ কবিয়ে গৌৰৱ অনুভৱ কৰে। গৰম পানীৰে সান্দহ গুৰি খাই জীয়াই থকা অসমৰ মানুহৰ ইমান শক্তি ক’ৰ পৰা আহে তাকে ভাবি কবি আচৰিত হ’ল। কবিৰ মতে কবিৰ দেশৰ মানুহ সহজ-সৰল, অমায়িক আছিল। এই অসম দেশৰ মানুহৰ মুখৰ মাতত মৌ সনা আছিল। ইমান কোমল অন্তৰৰ মানুহ যে দেশ ৰক্ষা কৰিবলৈ বজ্ৰকঠোৰ হ’ব পাৰে সেই কথা কবিয়ে কেতিয়াও ভাবিব পৰা নাছিল। সেইবাবে কবিয়ে অসমীয়া জাতিৰ বিৰত্ব আৰু পৰাক্ৰমক লৈ প্ৰসংশা কৰিছে।

Q10: কবিয়ে কিয় মৰাৰ পাছতাে পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে বুজাই লিখা।

উত্তৰঃ কবিৰ বাবে নিজৰ জন্মভূমিখন প্ৰাণৰো প্ৰাণ। কবিয়ে নিজকে অসমীয়া বুলি গৌৰৱ কৰে। প্ৰৱল প্ৰতাপী মোগল সকলকো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী হৈ যুজঁত পৰাজয় কৰে। কবিয়ে নিজৰ জনমভূমি খনক ধৰ্মৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সৰগীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত মাতে বনৰীয়া চৰাইকো আকষৰ্ণ কৰিব সেই অসমীয়া ভাষাৰে গীত, কবিতা, আদিয়ে কবিৰ অন্তৰ চুই যায়। কবিয়ে জন্মৰ পিছত অসমীয়া ভাষাটোক “আই” সম্বোধন কৰিছে। কবিয়ে “আই” সম্বোধনেৰেই এদিন নিজৰ জনমভূমিত প্ৰাণ ত্যাগ কৰিব বিচাৰে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পিছতো সৰগত অসমীয়া ভাষাটো শুনিব বিচাৰে। অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই গৈছে। সেইবাবে কবিয়ে মৃত্যুৰ পাছতো অসমতেই পুনৰ জন্ম ল’ব বিচাৰে। কবি নিজৰ জনমভূমিৰ বাবে চিৰকৃতজ্ঞ।

Q11: “মই অসমীয়া” কবিতাটোৰ সাৰাংশ লিখা ।

উত্তৰঃ- “মই অসমীয়া” কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকষৰ্ণ কৰিছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা সৰু আৰু অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে এই কবিতাটোত। কবিতাটোত নিজৰ আৱেগক কিছু সময়লৈকে মোগলৰ কথক সাজি তুলিছে। কবিৰ মতে মোগল সকল আছিল প্ৰৱল পৰাক্ৰমী জাতি । ভাৰতবৰ্ষৰ এমূৰে থকা অসম দেশ জয় কৰিব বাবে মোগল সকল আহিছিল। মোগল সকল যেতিয়া অসম আক্ৰমণ কৰিবৰ বাবে অসমত সোমাই তেতিয়া মোগল সকলে অসমীয়া মানুহৰ বিৰত্ব দেখি অৱাক হৈছিল। যি মোগলে ৰাজপুতক জয় কৰিছিল সেই মোগলেই। পিছে সমুখ সমৰত অসমীয়াৰ পৰাক্ৰম সহিব নোৱাৰিলে। অসমীয়া পুৰুষ মহিলাৰ প্ৰচণ্ড আত্মবিশ্বাস আৰু বীৰত্বতে যুঁজি অসমৰ জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে। মোগল সকল যি বাটে আহিছিল সেই বাটে অসমীয়াই ওভোতাই পঠালে। সেইবাবে কবিয়ে অসমক, কবিয়ে এই বিজয়ক সুৱৰি আনন্দিত হৈ পৰে। কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মোগলৰ মুখেৰে অসমৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাইছে। কবিয়ে অসমৰ ৰূপ, গুণ, সৌন্দৰ্য আৰু সেউজীয়া পৰিৱেশ দেখি মোগল সকল অসমত থাকি গ’ল বুলিও কৈছে। অসমৰ অসমীয়া ভাষাক কবিয়ে সাগৰীয় ভাষা বুলিও গণ্য কৰিছে। কবিয়ে মৃত্যুৰ পাছতো এই ভাষা সৰগত শুনিব বিচাৰিছে। এই মাটিৰ মায়াই কবিক আকুল কৰিছে। কবিয়ে নিজৰ দেশৰ বাবে জীয়াই থাকিব বিচাৰে আৰু নিজ দেশৰ হকে মৰিবও বিচাৰে।

পৰম্পৰাগত নিয়ম বা প্ৰথাৰ বৰ্ণনাৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ সচাঁ ভালপোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে।

Q12: ‘মই অসমীয়া’ কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা।

উত্তৰঃ- ‘মই অসমীয়া’ কবিতাটোত অসমৰ অতীত গৌৰৱ সুন্দৰভাৱে বৰ্ণিত হৈছে। কবিয়ে প্ৰৱল পৰাক্ৰমী মোগল সকল অসমলৈ দেশ জয়ৰ উদ্দেশ্যে অহা বুলি কৈছে। কৃষিজীৱি সহজ সৰল অসমৰ মানুহে কিদৰে নিজৰ দেশ ৰক্ষা কৰিছিল তাৰ কথা কৈছে। নিজৰ কথাৰে বশ কৰিব বুলি ভাবি মোগল সকলে অসমৰ সৈন্য বিষয়াৰ বুদ্ধিমত্তাৰ পৰিচয় দিছিল। যেতিয়া যুদ্ধৰ ঘোষণা হৈছিল তেতিয়া অসমৰ সৈন্যৰ সন্মুখত পৰাক্ৰম দেখি মোগল সকলে বিস্ময় মানিছিল। অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি ধৰি হেংদাং হাতত লৈ ওলাই আহিছিল। দেশৰ স্বাধীনতা ৰক্ষাৰ হকে অসমৰ সকলো পুৰুষ মহিলাই শত্ৰুৰ আক্ৰমণ নিজৰ বুকু পাতি ল’বলৈ অকণো কুন্ঠাবোধ কৰা নাছিল। অসমৰ পুৰুষ মহিলাৰ আক্ৰমণ দেখি মোগল সকল আকৰ্ষিত হৈছিল। মোগল সকলে অসমৰ পৰা যোৱাত অসমীয়াসকলৰ স্বদেশ প্ৰেম আৰু বীৰত্বৰ প্ৰশংসাও কৰিছিল। এনেদৰে কবিয়ে সুন্দৰ ভাৱে অসমৰ অতীত গৌৰৱৰ বৰ্ণনা কবিতাটোত ফুটাই তুলিছে।

ভাষা-বিষয়কঃ

(১) ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ

স্বর্ণপুৰী; মুক্তগীত; অনিৰুদ্ধ; নিষ্কর্মা।

উত্তৰঃ

স্বৰ্ণপুৰীস্বৰ্ণৰ পুৰী (ষষ্ঠী তৎপুৰুষ সমাস)
মুক্তগীতমুক্ত যি গীত (কৰ্মধাৰয় সমাস)
অনিৰুদ্ধৰুদ্ধ নহয় যি গতি (বহুব্ৰীহি সমাস)
নিষ্কৰ্মাকৰ্ম নাই যাৰ (বহুব্ৰীহি সমাস)

(২) তলৰ শব্দবােৰৰ নিচিনা পাঁচোটা শব্দ সাজাঃ

   বাঘ-নখ, হাঁহ-কণী, ম’হ-শিং।

উত্তৰঃ- বাঁহ-গাঁজ, কল-বাৰী, মৌ-জোল, নেমু-ৰস, হাতী-দাঁত।

(৩) বিপৰীত শব্দ লিখাঃ

      গৌৰৱ; আলােক; স্বাধীনতা; পৰাজিত; সপােন; মৰণ।

উত্তৰঃ

শব্দবিপৰীত শব্দ
গৌৰৱকালিমা
আলোকআন্ধাৰ
স্বাধীনতাপৰাধীনতা
পৰাজিতবিজয়ী
সপোনদিঠক
মৰণ জনম

Complete MCQ Section: Class 10 Assamese Chapter 4 মই অসমীয়া

Q1. ‘মই অসমীয়া’ কবিতাটিৰ ৰচক কোন?
(A) লক্ষ্মীনাথ বেজবৰুৱা
(B) চৈয়দ আব্দুল মালিক ✓
(C) ৰঘুনাথ চৌধাৰী
(D) হীৰেন ভট্টাচাৰ্য

Q2. চৈয়দ আব্দুল মালিকৰ জন্ম কেতিয়া হৈছিল?
(A) ১৯১৯ চন ✓
(B) ১৯২০ চন
(C) ১৯১৮ চন
(D) ১৯২১ চন

Q3. চৈয়দ আব্দুল মালিকৰ জন্মস্থান কি?
(A) গুৱাহাটী
(B) নাহৰণি, গোলাঘাট ✓
(C) যোৰহাট
(D) শিৱসাগৰ

Q4. চৈয়দ আব্দুল মালিকক কি সম্ৰাট বুলি কোৱা হয়?
(A) কবিতা সম্ৰাট
(B) গল্প সম্ৰাট ✓
(C) উপন্যাস সম্ৰাট
(D) নাটক সম্ৰাট

Q5. চৈয়দ আব্দুল মালিকৰ মৃত্যু কেতিয়া হৈছিল?
(A) ১৯৯৮ চন
(B) ২০০০ চন ✓
(C) ২০০২ চন
(D) ১৯৯৬ চন

Q6. মোগলসকলে অসমৰ ক’ত ভৰি দিছিল?
(A) পাহাৰত
(B) সেউজীয়া দূবৰি বনত ✓
(C) নদীত
(D) চহৰত

Q7. অসমৰ হেংদাং ক’ত জিলিকিছিল?
(A) ৰাতি
(B) দুপৰীয়াৰ পূৰ্ণ আলোকত ✓
(C) প্ৰভাতে
(D) সন্ধিয়া

Q8. অসমীয়াসকলে কিহেৰে পেঁপা বজাইছিল?
(A) বাঁহৰ
(B) কাঠৰ
(C) মহৰ শিঙৰ ✓
(D) লোহাৰ

Q9. কবিয়ে অসমীয়া ভাষাক কি ভাষা বুলি কৈছে?
(A) মধুৰ ভাষা
(B) সৰগীয় ভাষা ✓
(C) প্ৰিয় ভাষা
(D) সুন্দৰ ভাষা

Q10. চৈয়দ আব্দুল মালিকৰ কবিতা-পুথিখনৰ নাম কি?
(A) পৰশমণি
(B) বেদুইন ✓
(C) জীৱনৰ বাটত
(D) অৰণ্যৰ দিন

Q11. কবিয়ে নিজৰ দেশখনক কি বুলি কৈছে?
(A) সুন্দৰ দেশ
(B) প্ৰাণৰো প্ৰাণ ✓
(C) সেউজীয়া দেশ
(D) বীৰৰ দেশ

Q12. ‘ৰণচণ্ডী মূৰ্তি’ বুলি কাক বুজোৱা হৈছে?
(A) দেৱী মূৰ্তি
(B) যুদ্ধত অংশ লোৱা নাৰী-পুৰুষ ✓
(C) মন্দিৰৰ মূৰ্তি
(D) শিল্পকৰ্ম

Q13. কবিতাটোত কোনটো ৰসৰ প্ৰাধান্য আছে?
(A) শৃংগাৰ ৰস
(B) বীৰ ৰস ✓
(C) হাস্য ৰস
(D) শান্ত ৰস

Q14. ‘দুবৰি বন’ মানে কি?
(A) ঘন বন
(B) ঘাঁহনি থকা বন ✓
(C) ফুলৰ বাগিচা
(D) পাতল বন

Q15. কবিয়ে কিয় মৃত্যুৰ পাছতো অসমতে জন্ম ল’ব বিচাৰে?
(A) ইয়াত বন্ধু আছে
(B) অসমৰ প্ৰতি অসীম ভালপোৱা ✓
(C) ইয়াত ধন আছে
(D) ইয়াত পৰিয়াল আছে

Q16. ‘হেংদাং’ কি?
(A) বাদ্যযন্ত্ৰ
(B) অস্ত্ৰ ✓
(C) পোছাক
(D) খাদ্য

Q17. মোগলে অসমত কি পৰিচয় পাইছিল?
(A) ধন-সম্পদৰ
(B) শক্তিৰ নৱ পৰিচয় ✓
(C) সৌন্দৰ্যৰ
(D) শিক্ষাৰ

Q18. কবিয়ে অসমীয়া ভাষাক কি সম্বোধন কৰিছে?
(A) বন্ধু
(B) আই ✓
(C) প্ৰিয়া
(D) সখী

Q19. চৈয়দ আব্দুল মালিকৰ প্ৰথম উপন্যাসখনৰ নাম কি?
(A) অঘৰী আত্মাৰ কাহিনী
(B) ধন্যবাদ ✓
(C) কালান্তৰৰ গান
(D) ৰূপতীৰ্থ স্নান

Q20. কবিতাটোত কোনটো যুগৰ কথা উল্লেখ আছে?
(A) ব্ৰিটিছ শাসন
(B) আহোম যুগ ✓
(C) স্বাধীনতা যুগ
(D) আধুনিক যুগ

Q21. কবিতাটোৰ মূল বিষয়বস্তু কি?
(A) প্ৰেম-বিৰহ
(B) স্বদেশপ্ৰেম আৰু জাতীয় গৌৰৱ ✓
(C) সামাজিক সমস্যা
(D) ধৰ্মীয় চেতনা

Q22. কবিতাটোত কোনটো ঐতিহাসিক ঘটনাৰ উল্লেখ আছে?
(A) স্বাধীনতা সংগ্ৰাম
(B) মোগল আক্ৰমণ আৰু প্ৰতিৰোধ ✓
(C) ব্ৰিটিছ শাসন
(D) ভাষা আন্দোলন

Q23. ‘অমিয়া’ শব্দৰ অৰ্থ কি?
(A) পানী
(B) অমৃত ✓
(C) মধু
(D) গাখীৰ

Q24. কবিয়ে অসমীয়াসকলৰ কোনটো গুণৰ প্ৰশংসা কৰিছে?
(A) সৌন্দৰ্য
(B) বীৰত্ব আৰু স্বদেশপ্ৰেম ✓
(C) বুদ্ধিমত্তা
(D) ধন-সম্পদ

Q25. কবিতাটোত প্ৰকৃতিৰ কোনবোৰ উপাদানৰ উল্লেখ আছে?
(A) কেৱল গছ-গছনি
(B) সেউজীয়া দূবৰি বন, নদী-পৰ্বত ✓
(C) কেৱল নদী
(D) কেৱল পাহাৰ

Q26. মোগলৰ পৰাজয়ৰ কাৰণ কি আছিল?
(A) দুৰ্বল সেনা
(B) অসমীয়াসকলৰ একতা আৰু বীৰত্ব ✓
(C) প্ৰাকৃতিক দুৰ্যোগ
(D) অভ্যন্তৰীণ বিদ্ৰোহ

Q27. কবিয়ে মৃত্যুৰ বিষয়ে কি মনোভাব প্ৰকাশ কৰিছে?
(A) মৃত্যুক ভয় কৰে
(B) স্বদেশত মৃত্যুবৰণ কৰিব বিচাৰে ✓
(C) মৃত্যুক এৰাই চলিব বিচাৰে
(D) মৃত্যুৰ কথা ভাবিব নিবিচাৰে

Q28. ‘স্বদেশভক্তি’ বুলি কবিয়ে কি বুজাইছে?
(A) ৰাজনৈতিক আনুগত্য
(B) দেশৰ প্ৰতি নিঃস্বাৰ্থ প্ৰেম ✓
(C) সৰকাৰৰ প্ৰতি সমৰ্থন
(D) আইনৰ প্ৰতি সন্মান

Q29. চৈয়দ আব্দুল মালিকৰ গল্প-সংগ্ৰহৰ এখনৰ নাম কি?
(A) বেদুইন
(B) পৰশমণি ✓
(C) অঘৰী আত্মাৰ কাহিনী
(D) কালান্তৰৰ গান

Q30. কবিতাটোৰ সাহিত্যিক মূল্য কিহত নিহিত?
(A) জটিল ভাষাত
(B) দেশপ্ৰেম আৰু ইতিহাস চেতনাত ✓
(C) হাস্য-ব্যংগত
(D) প্ৰেম কাহিনীত

Q31. “প্ৰাণৰো প্ৰাণ মোৰ দেশখনি” – ইয়াৰ তাৎপৰ্য কি?
(A) দেশ সুন্দৰ
(B) দেশৰ সৈতে আত্মিক একাত্মতা ✓
(C) দেশ ডাঙৰ
(D) দেশ ধনী

Q32. কবিতাটোত মোগল আক্ৰমণৰ বৰ্ণনাৰ উদ্দেশ্য কি?
(A) ইতিহাস শিকোৱা
(B) অসমীয়াৰ বীৰত্ব আৰু প্ৰতিৰোধী শক্তি দেখুওৱা ✓
(C) মোগলক দোষাৰোপ কৰা
(D) যুদ্ধৰ ভয়াবহতা দেখুওৱা

Q33. “সৰগীয় ভাষা মোৰ অমিয়া” – ইয়াৰ অৰ্থ কি?
(A) ভাষা কঠিন
(B) অসমীয়া ভাষাৰ অমৃতসম মাধুৰ্য ✓
(C) ভাষা পুৰণি
(D) ভাষা জটিল

Q34. কবিয়ে নিজৰ পৰিচয় দিয়াৰ ধৰণ কেনেকুৱা?
(A) লাজ লগা
(B) গৌৰৱান্বিত ✓
(C) উদাসীন
(D) দুখী

Q35. কবিতাটোত নাৰী-পুৰুষৰ একতাৰ কথা ক’ত আছে?
(A) শিক্ষা ক্ষেত্ৰত
(B) যুদ্ধত ৰণচণ্ডী মূৰ্তি লোৱাত ✓
(C) কৃষি কামত
(D) ব্যৱসায়ত

Q36. মই অসমীয়া আৰু অসমৰ অন্য দেশপ্ৰেমিক কবিতাৰ সাদৃশ্য কি?
(A) কেৱল ভাষাৰ সাদৃশ্য
(B) স্বদেশপ্ৰেম আৰু জাতীয় চেতনা ✓
(C) কেৱল ছন্দৰ সাদৃশ্য
(D) কোনো সাদৃশ্য নাই

Q37. চৈয়দ আব্দুল মালিকৰ সাহিত্যৰ বিশেষত্ব কি?
(A) কেৱল প্ৰেমৰ কাহিনী
(B) ধৰ্মনিৰপেক্ষতা আৰু মানৱিক মূল্যবোধ ✓
(C) কেৱল হাস্য-ব্যংগ
(D) কেৱল ইতিহাস

Q38. কবিতাটোৱে অসমীয়া সমাজত কি প্ৰভাৱ পেলাইছে?
(A) বিভাজনৰ সৃষ্টি
(B) জাতীয় একতা আৰু গৌৰৱবোধ বৃদ্ধি ✓
(C) সাংস্কৃতিক অৱনতি
(D) কোনো প্ৰভাৱ নাই

Q39. অসমৰ ইতিহাসত আহোম-মোগল সংঘৰ্ষৰ গুৰুত্ব কি?
(A) কোনো গুৰুত্ব নাই
(B) অসমৰ স্বাধীনতা ৰক্ষা ✓
(C) অৰ্থনৈতিক ক্ষতি
(D) সাংস্কৃতিক বিনিময়

Q40. কবিতাটোৰ শাশ্বত মূল্য কিহত নিহিত?
(A) পুৰণি ভাষাত
(B) কেৱল ইতিহাসত
(C) স্বদেশপ্ৰেম আৰু জাতীয় চেতনাৰ চিৰন্তন আবেদনত ✓
(D) জটিল দৰ্শনত

শব্দাৰ্থ: Class 10 Assamese Chapter 4 Vocabulary

গুৰুত্বপূৰ্ণ শব্দসমূহ (Essential Vocabulary):

শব্দঅৰ্থবাক্যত ব্যৱহাৰ
দুবৰিঘাঁহনি, তৃণভূমিসেউজীয়া দুবৰি বন
হেংদাংতৰোৱাল, অস্ত্ৰহেংদাং জিলিকিছে
ৰণচণ্ডীযুদ্ধৰ দেৱী, ভয়ংকৰ ৰূপৰণচণ্ডী মূৰ্তি ধাৰণ
অমিয়াঅমৃত, মধুৰসৰগীয় ভাষা অমিয়া
স্বদেশভক্তিদেশপ্ৰেমঅসমৰ স্বদেশভক্তি
পৰাক্ৰমবীৰত্ব, সাহসবীৰৰ পৰাক্ৰম
প্ৰতাপশক্তি, প্ৰভাৱমোগলৰ প্ৰতাপ
পিৰীতিপ্ৰেম, ভালপোৱাজন্মভূমিৰ পিৰীতি

ঐতিহাসিক শব্দাৱলী:

  • মোগল: মধ্য এছিয়াৰ পৰা অহা মুছলমান শাসক
  • আহোম: অসমৰ স্থানীয় ৰাজবংশ (১২২৮-১৮২৬)
  • পেঁপা: মহৰ শিং বা শংখৰে তৈয়াৰী বাদ্যযন্ত্ৰ
  • স্বৰ্গদেউ: আহোম ৰজাৰ উপাধি

পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ টিপছ: Exam Strategy

📌 মনত ৰাখিবলগীয়া তথ্যসমূহ:

  1. চৈয়দ আব্দুল মালিকৰ জীৱনী – জন্ম, মৃত্যু, উপাধি
  2. আহোম-মোগল সংঘৰ্ষ – ইতিহাস, বীৰত্ব, প্ৰতিৰোধ
  3. কবিতাৰ মূল বিষয় – স্বদেশপ্ৰেম, জাতীয় গৌৰৱ
  4. শব্দাৰ্থ – দুবৰি, হেংদাং, ৰণচণ্ডী, অমিয়া

✍️ ৰচনা লিখাৰ কৌশল:

  • মূলভাব স্পষ্টভাৱে লিখা (স্বদেশপ্ৰেম + ইতিহাস চেতনা)
  • ব্যাখ্যাত শাৰী উদ্ধৃত কৰা আৰু বিশ্লেষণ কৰা
  • ঐতিহাসিক প্ৰেক্ষাপট উল্লেখ কৰা (মোগল প্ৰতিৰোধ)

⏰ সময় ব্যৱস্থাপনা:

  • MCQ প্ৰশ্ন: ৩০ ছেকেণ্ড প্ৰতিটো
  • চুটি প্ৰশ্ন: ৩-৫ মিনিট
  • ব্যাখ্যা: ১২-১৫ মিনিট
  • মূলভাব: ১৮-২৫ মিনিট

FAQs: Frequently Asked Questions

Q1: SEBA Class 10 Assamese Chapter 4 ৰ পৰা পৰীক্ষাত কিমান নম্বৰৰ প্ৰশ্ন আহে?

Answer: সাধাৰণতে ১২-১৫ নম্বৰৰ প্ৰশ্ন আহে, যাৰ ভিতৰত MCQ, চুটি প্ৰশ্ন, ব্যাখ্যা আৰু মূলভাব অন্তৰ্ভুক্ত।

Q2: মই অসমীয়া কবিতাৰ মূল শিক্ষা কি?

Answer: স্বদেশপ্ৰেম, জাতীয় গৌৰৱবোধইতিহাস চেতনাভাষা-সংস্কৃতিৰ প্ৰতি সন্মান আৰু বীৰত্বৰ আদৰ্শ গ্ৰহণ কৰা।

Q3: চৈয়দ আব্দুল মালিকক ‘গল্প সম্ৰাট’ কিয় বোলা হয়?

Answer: তেওঁ অসমীয়া গল্প সাহিত্যত বিপ্ৰৱ আনিছিল। তেওঁৰ গল্পৰ সংখ্যা, মান আৰু জনপ্ৰিয়তা অতুলনীয় বাবে এই উপাধি পাইছে।

Q4: মই অসমীয়া class 10 mcq PDF কেনেকৈ ডাউনলোড কৰিব?

Answer: আমাৰ ওয়েবছাইটৰ পৰা সম্পূৰ্ণ মই অসমীয়া দশম শ্ৰেণী question answer pdf বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰে।

Download Complete Study Material

✅ Question-Answer Collection:

  • Complete PDF: All assamese class 10 chapter 4 solutions
  • Chapter Summary: Detailed notes with historical context
  • MCQ Bank: 40+ multiple choice questions with explanations
  • Previous Papers: HSLC pattern analysis from 2020-2024

✅ Study Tools:

  • Vocabulary Guide: All difficult words with historical significance
  • Biography Notes: Complete চৈয়দ আব্দুল মালিক life story
  • Historical Context: Ahom-Mughal conflicts explained
  • Exam Tips: Scoring strategies for মই অসমীয়া questions

🔥 Success Statistics:

  • 9000+ students achieved 88%+ marks using our materials
  • 99% accuracy rate in class 10 assamese chapter 4 question answer
  • Complete SEBA alignment for HSLC 2025-26
  • Expert teacher verification of all মই অসমীয়া class 10 মূলভাব content

Ready to Excel in HSLC 2025-26?

Transform your class 10 assamese lesson 4 question answer preparation with our comprehensive study resources. Whether you’re targeting high scores, understanding patriotic literature, or building national consciousness, our expertly designed materials provide everything needed for HSLC success.

Join Thousands of Successful Students:

  • Download our free Class 10 Assamese মই অসমীয়া study guide
  • Practice with authentic মই অসমীয়া class 10 mcq questions
  • Master all class x assamese chapter 4 question answer concepts
  • Score 95%+ in HSLC 2025-26 Assamese examination

অসমৰ গৌৰৱময় ইতিহাস আৰু সংস্কৃতিৰ জ্ঞানেৰে HSLC 2025-26 পৰীক্ষাত উৎকৃষ্ট ফলাফল অৰ্জন কৰক!

Leave a Reply