ইয়াত আমি আলোচনা কৰিম Class 10 Assamese Chapter 2 Question Answer আৰু এইখন Class 10 Assamese Question Answer chapter 2 ত সহজ আৰু শুদ্ধকৈ Class 10 Assamese জিকিৰ Question Answers সমূহ লিখা হৈছে যাতে ছাত্ৰ-ছাত্ৰী সকলে সহজে বুজিব পাৰে আৰু লিখিব পাৰে। Class X Assamese Question Answer Chapter 2 ৰ আটাইবোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নোত্তৰো ইয়াত উপলব্দ। এইখনে জিকিৰ Class 10 Question Answer 2024 (দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ) ৰ সকলো সমস্য়া দূৰ কৰিব বুলি আশা ৰাখিলো।
Class 10 Chapter 2 Assamese Question Answers
* পাঠভিত্তিক প্ৰশ্নোত্তৰ *
ভাব বিষয়কঃ
১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :
(ক) জিকিৰ ৰচক কোন ?
উত্তৰঃ আজান ফকিৰ বা শ্বাহ মিলান।
(খ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰঃ জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিীতৰ লগত তুলনা কৰিব পাৰি।
(গ) ‘জিকিৰ’ শব্দটো ক’ৰ পৰা ওলাইছে ?
উত্তৰঃ জিকিৰ শব্দটি ‘জিক্ৰ’ৰ পৰা ওলাইছে, যাৰ অৰ্থ স্মৰণ কৰা।
২। তলৰ শব্দবোৰৰ অৰ্থ লিখা :
ৰছুল, মোমিন, ৰহম, কুটুব, বান্দা।
উত্তৰঃ
(ক) ৰছুল : দেৱদূত, আল্লাৰ দূতা
(খ) মোমিন : বিশ্বাসী মুছলমান।
(গ) ৰহম : দয়া।
(ঘ) কুটুব : নক্ষত্ৰ ।
(ঙ) বান্দা : ভৃত্য়।
৩। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি ।
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি ৷৷
― উল্লিখিত কবিতাফাকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা ।
উত্তৰঃ কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তর্গত আজান ফকিৰৰ ৰচিত ‘জিকিৰ’ নামৰ কবিতাটোৰ পৰা উঠাই দিয়া হৈছে। উক্ত কবিতাফাঁকিৰ জৰিয়তে মানৱ জীৱনৰ কথা কবলৈ বিচৰা হৈছে। মক্কা হল এক পবিত্ৰ তীৰ্থস্থান। ইয়াত আল্লা অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায়। কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাৰ কোনো সন্ধান নাপায়। কিয়নো জীৱকালত যি এবাৰো আল্লাই নিৰ্দেশ কৰা পথত খোজ দিয়া নাই তেওঁক আল্লাক কাহানিবাই পৰিত্যাগ কৰিছে। মানুহৰ ভূল ধাৰণৰ বশৱৰ্তী হৈ মানৱ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় তাত পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কৰ্মত লিপ্ত হোৱাজনে মুখেৰে আল্লাৰ নাম ললেই কেতিয়াও মুক্তি নাপায়। আচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতে আল্লা লুকাই থাকে। তাক মাত্ৰ স্মৰণ কৰিলেই হল।
Class 10 Chapter 2 Assamese Question Answers
৪। ব্যাখ্যা কৰাঃ
(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।
উত্তৰঃ
সংগতিঃ ব্যাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকিৰৰ দ্বাৰা ৰচিত `জিকিৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
প্ৰসংগঃ আল্লা অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই কবলৈ কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যাঃ মক্কা হৈছে ইছলাম ধৰ্মালম্বীসকলৰ পৱিত্ৰ ধৰ্ম পীঠ। মক্কালৈ মানুহে ধৰ্ম বা তীৰ্থ কৰিবলৈ যায়। কিন্তু সেই স্থান দৰ্শন কৰিলেই ধর্ম নহয় বা মোক্ষ লাভ নহয়। মোক্ষ বা মুক্তি লাভ কৰিবলৈ মানুহ মুমিন হ’ব লাগিব। অর্থাৎ মানুহে ঈশ্বৰত বিশ্বাস ৰাখিব লাগিব আৰু সৎ হ’ব লাগিব। যদিহে মানুহ মুমিন (ঈশ্বৰ বিশ্বাসী ) নহয় আৰু সৎ কাম অর্থাৎ ভাল-বেয়া বিচাৰ কৰি নচলে তেন্তে তীৰ্থলৈ গ’লেও মোক্ষ (মুক্তি) লাভ নহয়। আত্মাক পবিত্ৰ নকৰি মক্কালৈ যোৱা মানে দৰিকনা মাছেশাল আৰু শ’লৰ লগত যুঁজিবলৈ যোৱাৰ দৰেই মূৰ্খামি। এনেদৰে উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ মুৰ্খামিৰ কথাকেই সূচাইছে।
(খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।
উত্তৰঃ
সংগতিঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকিৰৰ দ্বাৰা ৰচিত ‘জিকিৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
প্ৰসংগঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মায়াত আৱদ্ধ হৈ জীৱন পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খাইছিল তাৰ কথা কোৱা হৈছে।
ব্যাখ্যাঃ ইয়াত মক্কাক পবিত্ৰ তিৰবেণীৰ ঘাট বুলি কোৱা হৈছে। তিৰবেণী অৰ্থাৎ ত্ৰিৱেণী হৈছে হিন্দু সকলৰ পবিত্ৰ তীৰ্থস্থান। হিন্দু সকলে পবিত্ৰ বুলি মানি অহা যমুনা, গংগা, আৰু সৰস্বতী নদীয়ে বাৰানসীৰ যি ঠাইত মিলিত হৈছিল সেই ঠাইয়েই হৈছে ত্ৰিৱেণী ঘাট। প্ৰতিগৰাকী হিন্দুৱেই যদি সেই ত্ৰিৱেণীলৈ গৈ তিনিও সংগমস্হল স্নান কৰিব পাৰে তেন্তে সকলোঁ পাপৰ খণ্ডন হয় বুলি বিশ্বাস কৰে। সেইবাবে পবিত্ৰ মক্কাক ত্ৰিৱেণীৰ লগত তুলনা কৰা হৈছে। মক্কা হল মুছলমান সকলৰ বাবে এখন পবিত্ৰ তীৰ্থস্থান, মক্কালৈ গলে হেনো সকলো পাপৰ পৰা মুক্তি লাভ হয় আৰু জীৱন মুক্তি লাভ কৰে। কিন্তু এই সংসাৰৰ মায়া মোহত বন্দী হৈ থকা মানুহে মক্কালৈ গলে মনত সুখ, শান্তি নাপায়। কিয়নো তেওঁলোকে সংসাৰৰ আন লোকে যোৱা দেখি মক্কালৈ গৈছে হয়, কিন্তু প্ৰকৃত অন্তৰেৰে মুক্তি বা আল্লাক বিচাৰিব পৰা নাই। সংসাৰৰ মায়াই তেওলোকক মুক্তিৰ পথত বাধা হে দিছে। ফলত জীৱই সুখৰ উপৰি দুখ হে পাব লগা হৈছে।
(গ) সজাৰ মইনাটিৰ অনেক যুগুতি।
দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি।।
উত্তৰঃ
সংগতিঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকিৰৰ দ্বাৰা ৰচিত ‘জিকিৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
প্ৰসংগঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানব দেহত আৱদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথাকে কৈছে।
ব্যাখ্যাঃ মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰেই আমাৰ আত্মাকো মানব দেহৰূপী সজাত বন্দী কৰি ৰখা হয়। সজা এটাত বন্দী মইনা চৰাই এটাই যিদৰে মিঠা মাত মাতি গৃহস্থৰ মন ভূলাই ঠিক তেনেদৰে মানব দেহত বন্দী আত্মায়ো নানা ধৰনৰ আচৰণেৰে মানুহক সুখী কৰিবলৈ মুক্তি দি কাম কৰিবলৈ বাধ্য কৰায়। গোটেই জীৱন দেহটোৰ সুখ দুখৰ চিন্তা কৰি দেহটোৰ প্ৰেমত আচন্ন হৈ থাকে। কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পৰ্ক ক্ষন্তেকীয়া। এই সম্পৰ্কটো ছেদ হলেই আত্মাই দেহ ত্যাগ কৰে। জীৱহীন দেহ এটা মূল্যহীন, গতিকে আত্মা বা জীৱহীন দেহক আমি মৃতদেহ হিচাপে পুৰি বা পুতি পেলাওঁ। ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে, মৃতদেহৰ পিছত সজাত্যাগি মইনাই যিদৰে সজা আৰু গৃহস্থৰ মৰম, স্নেহ, প্ৰেম, প্ৰীতিৰ পৰা মুক্ত হয়, তেনেদৰে আত্মায়ো নিজৰ মৃতদেহ আৰু সংসাৰৰ মায়া – মোহ, প্ৰেম – প্ৰীতিৰ পৰা মুক্ত হৈ পৰে।
ভাষা বিষয়কঃ
১। সমাৰ্থক শব্দ লিখাঃ
চিন্তো, ঘাট, পীৰিতি, আচমান, দৰিয়া, পিয়াহ, বাট, ভেল।
উত্তৰঃ
চিন্তো : স্মৰণ কৰোঁ, ভাবোঁ।
ঘাট : বন্দৰ
পিৰীতি : প্ৰেম, প্ৰীতি
আচমান : আকাশ
দৰিয়া : নদী, সাগৰ
পিয়াহ : তৃষ্ণা
বাট : ৰাস্তা, পথ, আলি
ভেল : দেহ, শৰীৰ
Class 10 Assamese Chapter 2 Question Answers
* অতিৰিক্ত প্ৰশ্নোত্তৰ *
(ক) জিকিৰসমূহৰ অন্তর্নিহিত বিষয় কি ?
উত্তৰঃ ইছলাম ধৰ্মীয় ৰীতি-নীতি আৰু তত্ত্বই ইয়াৰ অন্তর্নিহিত বিষয়। ভালেমান গীতত সংসাৰৰ অনিত্যতাৰ বৰ্ণনাও দাঙি ধৰা হৈছে।
(খ) জিকিৰসমূহৰ সৈতে কোনবিধ গীতৰ সাদৃশ্য দেখা যায় ?
উত্তৰঃ জিকিৰসমূহত প্রকাশিত সংসাৰৰ অনিত্যতা, ক্ষণভঙ্গুৰতা আদি বিষয়ৰ সৈতে দেহবিচাৰৰ গীতৰ সাদৃশ্য লক্ষ্য কৰা যায়।
(গ) জাৰী গীতত কিহৰ ঘটনা বর্ণিত হৈছে। ‘জাৰী’ শব্দৰ প্ৰকৃত অর্থ কি ?
উত্তৰঃ জাৰীসমূহ মূলতঃ কৰুণ ৰসাত্মক গীত। ইয়াৰ মূল অৰ্থ হৈছে বিলাপ । ইয়াত কাৰবালাত ঘটা হাছান-হোছেনৰ মৃত্যুৰ ঘটনা বর্ণিত হৈছে।
(ঘ) জিকিৰসমূহৰ ৰচনাকাল কিমান বুলি ধৰা হৈছে ?
উত্তৰঃ জিকিৰসমূহ সপ্তদশ শতিকাৰ শেষ আৰু অষ্টাদশ শতিকাৰ আদি ভাগত ৰচিত হৈছিল বুলি অনুমান কৰা হৈছে।
(ঙ) জিকিৰসমূহৰ যোগেদি কেনেধৰণৰ শব্দ অসমীয়া ভাষাত প্ৰৱেশ কৰে ?
উত্তৰঃ জিকিৰসমূহৰ যোগেদি অসমীয়া ভাষালৈ ভালেমান আৰবী আৰু ফাৰ্চীমূলীয় শব্দৰ প্ৰৱেশ ঘটে।
(চ) আজান ফকিৰৰ আচল নাম কি ?
উত্তৰঃ শ্বাহ মিলান।
Class 10 Assamese Chapter 2 Question Answers
এইখন Class 10 Assamese Chapter 2 Question Answer 2024 (Class 10 Assamese Chapter 2 Question Answers) পঢ়ি ছাত্ৰ-ছাত্ৰী সকলে বহু পৰিমাণে লাভৱান হব। আমাৰ ৱেবছাইট আটাইবোৰ Class 10 Assamese Question Answer 2024 (Class 10 Assamese Chapter 2 Question Answers) উপলব্দ। লগতে ছাত্ৰ-ছাত্ৰী সকলে জিকিৰ class 10 question answer 2024 কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীলৈ বিনম্ভ্ৰ অনুৰোধ, Class 10 Assamese Book Question Answer (জিকিৰ class 10 question answer 2024) সমূহ পঢ়াৰ সময়ত কিবা ভুল বিচাৰি পালে শুধৰণিৰ বাবে screenshot লৈ আমালৈ প্ৰেৰণ কৰে যেন।
জিকিৰ Class 10 Question Answer 2024
Class 10 Assamese Chapter 2 Question Answer (জিকিৰ Class 10 Question Answer) are available here. Students can study these Class 10 Assamese Chapter 2 Question Answer, prepared per the SEBA syllabus (2024 – 2025) and NCERT curriculum. All the questions in this Class 10 Assamese Chapter 2 Question Answer are designed according to the latest HSLC exam pattern. It will help students to score the highest marks in the HSLC exam. We have uploaded all the Class 10 Assamese Chapter 2 Question Answer (জিকিৰ Class 10 Question Answer) carefully.
Thank you sir