Master SEBA Class 10 Assamese Chapter 3 with comprehensive প্ৰশস্তি solutions! This complete study guide provides detailed class 10 assamese chapter 3 question answer resources, including expert explanations, vocabulary notes, and exam-focused content for HSLC 2025-26 success.
প্ৰশস্তি, composed by the renowned ৰঘুনাথ চৌধাৰী (বিহগী কবি), represents a beautiful fusion of nature worship and spiritual devotion. This class 10 assamese lesson 3 question answer guide explores the profound aesthetic beauty, philosophical depth, and literary excellence that make this chapter essential for every SEBA student.
Class 10 Assamese Chapter 3: প্ৰশস্তি (Proshosti) – Complete Introduction
প্ৰশস্তি হৈছে অসমীয়া সাহিত্যৰ এটি মনোমুগ্ধকৰ কবিতা, যি ৰঘুনাথ চৌধাৰী দ্বাৰা ৰচিত। এই class x assamese chapter 3 question answer পাঠত শিক্ষাৰ্থীয়ে প্ৰকৃতি পূজা, ঈশ্বৰ ভক্তি, আৰু আধ্যাত্মিক চেতনাৰ ওপৰত গভীৰ জ্ঞান লাভ কৰিব।
What is Proshosti? (প্ৰশস্তি কি?)
প্ৰশস্তি শব্দৰ অৰ্থ হ’ল আৰাধনা বা গুণানুকীৰ্তন কৰা। এই প্ৰশস্তি class 10 মূলভাব পাঠত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিবীত গছ-বনে প্রকৃতিক ন সাজেৰে সজাই তুলিছে।
Why is this Chapter Important for HSLC 2025-26?
- Nature Poetry: Understanding aesthetic beauty in Assamese literature
- Spiritual Dimension: Explores God through nature worship
- Exam Weightage: 8-12 marks typically appear from this chapter
- Literary Appreciation: Develops aesthetic sense and poetic understanding
কবি পৰিচয়: ৰঘুনাথ চৌধাৰী (Poet Biography – Raghunath Choudhary)
ৰঘুনাথ চৌধাৰী হৈছে অসমীয়া সাহিত্যৰ এগৰাকী প্ৰকৃতিপ্ৰেমী কবি, যাক ‘বিহগী কবি’ বুলি জনা যায়। এই assamese class 10 chapter 3 অধ্যয়নৰ বাবে তেওঁৰ জীৱনী জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ।
Essential Biographical Facts for Exams:
| বিৱৰণ | তথ্য |
|---|---|
| জন্ম | ১৮৭৯ চন, লাউপাৰা গাঁও, নলবাৰী |
| মৃত্যু | ১৯৬৮ চন |
| পিতৃ | ভোলানাথ চৌধাৰী |
| উপাধি | বিহগী কবি |
| বিশেষত্ব | চৰাই-চিৰিকটি সম্পর্কে কবিতা |
| শাৰীৰিক অৱস্থা | সৰুতে ভৰিত আঘাত পাই খোৰা |
| সম্পাদনা | জোনাকী, মইনা, জয়ন্তী, সুৰভি |
সৰুতেই ভৰিত দুখ পাই চিৰদিনৰ কাৰণে ভৰি ঘূণীয়া হোৱা ৰঘুনাথ চৌধাৰীয়ে প্ৰকৃতিৰ প্ৰতি গভীৰ ভালপোৱা গঢ়ি তুলিছিল। তেওঁ ‘জোনাকী’ কাকতৰ সহকাৰী সম্পাদক আৰু কেইবাখনো আলোচনীৰ সম্পাদক আছিল।
সাহিত্যিক অৱদান:
- কবিতা-পুথি: ‘বনকুমাৰ’, ‘ধূপসায়াহ্ন’
- বিশেষত্ব: চৰাই-চিৰিকটিৰ বিষয়ে কবিতা (বিহগী কবি নাম)
- শৈলী: প্ৰকৃতিপ্ৰেমী, আধ্যাত্মিক, সৌন্দৰ্যপিয়াসী
প্ৰশস্তিৰ সাৰাংশ (Summary): Class 10 Assamese Lesson 3
এই class 10 assamese প্ৰশস্তি question answer বিভাগত প্ৰশস্তি কবিতাৰ মূল বিষয়বস্তু আৰু সাহিত্যিক বৈশিষ্ট্য আলোচনা কৰা হৈছে।
মূল বিষয়বস্তু (Core Themes):
প্ৰকৃতি পূজা (Nature Worship):
- বেলিৰ পোহৰে পোহৰাই তোলা পৃথিবী – নতুন দিনৰ সূচনা
- গছ-বনে প্রকৃতিক ন সাজেৰে সজোৱা – প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ধন
- চৰাই-চিৰিকটিৰ গান – প্ৰকৃতিৰ সংগীত
- ফুল-ফলৰ আনন্দময় উপস্থিতি – জীৱনৰ প্ৰাচুৰ্য
আধ্যাত্মিক মাত্ৰা (Spiritual Dimension):
- সকলোতে দেৱতাৰ অভিযান – ঈশ্বৰৰ সৰ্বব্যাপী উপস্থিতি
- অমৃতৰ সন্তান মানুহ – মানুহৰ দৈৱিক পৰিচয়
- কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট – আধ্যাত্মিক মুক্তি
- সুন্দৰৰ ৰূপ ধ্যান – সৌন্দৰ্যৰ মাজেৰে ঈশ্বৰ দৰ্শন
সাহিত্যিক বৈশিষ্ট্য (Literary Characteristics):
| দিশ | বৈশিষ্ট্য |
|---|---|
| ভাষা | সহজ-সৰল অসমীয়া, কাব্যিক গুণসম্পন্ন |
| ছন্দ | মুক্তছন্দ, প্ৰবাহমান |
| ৰস | শান্ত ৰস, ভক্তি ৰস |
| অলংকাৰ | উপমা, ৰূপক, মানৱীকৰণ |
| শৈলী | বর্ণনাত্মক, গীতিধর্মী |
পাঠভিত্তিক প্ৰশ্নোত্তৰ
পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ
ভাৱ-বিষয়ক
১। অতি চমু উত্তৰ দিয়া :
(ক) ৰঘুনাথ চৌধৰীক কি কবি বুলি জনা যায়?
উত্তৰ :- ৰঘুনাথ চৌধৰীক বিহগী কবি বুলি জনা যায়।
(খ) ৰঘুনাথ চৌধৰীৰ কবিতাপুথি দুখনৰ নাম লিখা।
উত্তৰ :- ৰঘুনাথ চৌধৰীৰ কবিতাপুথি দুখনৰ নাম হৈছে-কেতেকী আৰু দহিকতৰা।
গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?
উত্তৰ :- ন কুঁহিপাতে প্রকৃতিক সাদৰি আনিলে বুলি কবিয়ে কৈছে।
ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে
কৈছে?
উত্তৰ :- মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কেছে।
(ঙ) জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?
উত্তৰ :- জল, স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে।
(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
উত্তৰ :- মোহন কীচক বেণুৱে মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে।
২। কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।
উত্তৰ :- এই কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। ইয়াত বেলিৰ পোহৰে পৃথিৱীক পোহৰাই তুলিছে। ন কুঁহিপাতে প্রকৃতিক সাদৰি আনিছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দৰে ভৰি পৰিছে। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্রকৃতিলৈ
গ্রেম-পবিমল যাচিছে। চৰাই-চিৰিকটিৰ সুমধুৰ গীতে জল, স্থল, অন্তৰীদ্ধ সকলোতে যেন দেবতাৰহে সন্ধান কৰিছে। এইদৰে কবিয়ে প্রকৃতিৰ বিভিন্ন উপাদান টানি আনি ৰাতিপুৱাৰ এটি সুন্দৰ বৰ্ণনা দাঙি ধৰিছে।
৩। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে?
উত্তৰ:- বিহগী কবি ৰঘুনাথ চৌধৰী সুন্দৰৰ উপাসক। সেয়েহে কবিয়ে প্ৰকৃতিৰ বিভিন্ন সমলৰ মাজত অফুৰন্ত সৌন্দর্য দেখিবলৈ পায়। প্রশস্তি কবিতাটোৰদ্বাৰা কবিয়ে প্ৰকৃতিৰ বিভিন্ন সমলৰ মাজত দেখা পোৱা সৌন্দৰ্যৰ আধাৰত সুন্দৰৰ আৰাধনা কৰিছে ।
উক্ত কবিতাটোত কবিয়ে সুন্দৰৰ প্রশস্তি কৰিছে। ৰাতিপুৱা বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছ-বনে প্রকৃতিক ন সাজেৰে সজাই-ব পৰাই তুলিছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দৰে উদ্ভাসিত হৈ পৰিছে। মন্দিৰত উপেক্ষিত হৈ ৰোৱা ৰবাব ফুলেও এই সৌন্দর্যত নিজৰ প্রেম-পৰিমল যাচি দিছে। সুমধুৰ কণ্ঠেৰে গোৱা চৰাই-চিৰিকটিৰ গীতেও যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে। কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। মোহন কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক তন্দ্রা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিছে আৰু সকলোকে এই ঈশ্বৰৰ প্ৰশস্তি কৰিবলৈ আহ্বান জনাইছে।
৪। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা।
উত্তৰ:- বিহগী কবি ৰঘুনাথ চৌধৰীয়ে এই কবিতাটোৰ দ্বাৰা প্ৰকৃতিৰ বিভিন্ন সমলৰ মাজত দেখা পোৱা সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। কবি চৌধৰী সুন্দৰৰ উপাসক আৰু প্ৰকৃতিপ্রেমী। গতিকে প্ৰকৃতিৰ প্ৰতিটো বিষয়তে কবিয়ে সুন্দৰৰ অফুৰন্ত সমল বিচাৰি পায়।
বাতিপুৱা সুৰুষৰ ৰাঙলী আভাই দশোদিশ উদ্ভাসিত কৰি তোলা পৃথিৱীত – গছ-লতাৰ নতুন কুঁহিপাতে প্রকৃতিক নতুন সাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা সুন্দৰ ফুলবোৰৰ প্ৰাণ আনন্দৰে ভৰি পৰিছে। আনকি মন্দিৰত উপেক্ষিত হৈ ৰোৱা ৰবাব ফুলেও যেন প্রেম-পৰিমল যাচি দিছে। ৰাতিপুৱা চৰাই-চিৰিকটিবোৰেও যেন সুমধুৰ কণ্ঠেৰে গীত গাই গাই জল-স্থল- অন্তৰীক্ষ সকলোতে দেৱতাৰহে সন্ধান কৰিছে। কবিয়ে অমৃতৰ সন্তান – মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কীচক বেণুবে বতাহত মহামহিমৰ গান গাইছে। কবিয়ে ভক্তসকলক তন্দ্ৰাৰ মোহ ত্যাগ কৰি উঠিবলৈ কৈছে আৰু সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। কবিয়ে প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত বাৰে বাৰে সুন্দৰৰ অস্তিত্ব অনুভৱ কৰিছে। এই প্ৰকৃতিৰ ৰূপ বা সুন্দৰৰ আৰাধনাৰ আঁৰত কতিাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সুন্দৰকৈ প্ৰকাশ পাইছে।
৫। প্রশস্তি কবিতাটোৰ মূলভাৰ লিখা।
উত্তৰ :-প্রশস্তি কবিতাটোৰদ্বাৰা কবি ৰঘুনাথ চৌধৰীৰ সুন্দৰৰ আৰাধনা আৰু প্ৰকৃতিৰ প্ৰতি থকা প্ৰীতি সুন্দৰকৈ ফুটি উঠিছে। ৰাতিপুৱা সুৰুসৰ ৰাঙলী আভাই দশোদিশ উদ্ভাসিত কৰি তোলা পৃথিৱীত ন কুঁহিপাতে চোঁৱৰেৰে বিচি প্ৰকৃতিক আদৰ-সাদৰ কৰি লৈ আহিছে। সেই সুন্দৰ প্ৰকৃতিক দেখি চৌদিশে ফুলি থকা ফুলবোবৰ প্ৰাণ আনন্দত মতলীয়া হৈছে। আনকি মন্দিৰত উপেক্ষিত হৈ ৰোৱা ৰবাব ফুলেও তাত প্রেম-পৰিমল যাচি দিছে। সুললিত কণ্ঠে গীত গাই চৰাই-চিৰিকটিবোৰে সকলোতে যেন দেৱতাৰহে সন্ধান কৰিছে। কালৰাত্ৰি শেষ হোৱাত কৰিয়ে অমৃতৰ সন্তান মানুহক মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে। মোহন কীচক বেণুৱে অনাহত ছন্দৰে গীত গাই ঈশ্বৰৰ বন্দনা কৰিছে আৰু ভক্তসকলক তন্দ্ৰাৰ মোহ ত্যাগ কৰি সুন্দৰৰ রূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে! এইদৰে কবিয়ে প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত বাৰে বাৰে ঈশ্বৰৰ অস্তিত্ব দেখা পাইছে।
৬। “উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
উঠা যত মুক্তি পথযাত্রী।”
–কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।
উত্তৰ :- উক্ত কবিতাটোৰ দ্বাৰা কবিয়ে ভক্তসকলক সুন্দৰৰ উপাসনা কৰিবলৈ আহ্বান জনাইছে। কবিয়ে ৰাতিপুৱাৰ সুন্দৰ ক্ষণত মানুহৰ মনত থকা সকলো বেয়া ভাৱ, ধাৰণা, চিন্তা আদি ত্যাগ কৰি সকলোকে মুক্তিব পথ বিচাৰিবলৈ আহ্বান জনাইছে। মহা কালৰাত্রি শেষ হ’ল অর্থাৎ মানুহে সকালে কু-কথা, কু-আচাৰ, কু-ভাৰ-ধাৰণা আদি ত্যাগ কৰিবৰ হ’ল। দিনৰ পোহৰে ৰাতিৰ অন্ধকাৰ নাশ কৰাৰ দৰে মানুহেও কালৰাত্ৰিক শেষত মনৰ মাজত থকা বেয়া ভার, চিন্তা আদি ত্যাগ কৰি মুক্তিপথ বিচাৰিব লাগে। সেয়েহে মানুহে নিজৰ মাজত থকা অজ্ঞানতা আঁতৰ কৰি জ্ঞান লাভ কৰাৰ সময়ত আহি পৰিছে। সেয়েহে সকলোৱে এক ধ্যানে সুন্দৰৰ আৰাধনা কৰিব লাগে বুলি কবিয়ে ভক্তবৃন্দক আহ্বান জনাইছে।
৭। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা।
উত্তৰ :- বিহগী কবি ৰঘুনাথ চৌধৰীয়ে এই কবিতাটোৰ দ্বাৰা ভক্তসকলক সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। চৌধাৰীদেৱে প্ৰকৃতিৰ সৌন্দৰ্যসমূহৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। পুৱাৰ সূৰুযৰ ৰাঙলী আভাই দশোদিশ উদ্ভাসিত কৰি তোলা পৃথিৱীত গছ-বনে প্রকৃতিক ন-সাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা সুন্দৰ ফুলবোৰ আনন্দত মতলীয়া হৈ পৰিছে। আনকি মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও সেই আনন্দত প্রেম-পৰিমল যাচি দিছে। সুললিত কণ্ঠেৰে গীত গাই চৰাই-চিৰিকটিবোবেও দশোদিশে যেন দেৱতাৰহে সন্ধান কৰিছে। মোহন কীচক বেণুৱেও অনাহত ছন্দেৰে স্ৰষ্টাৰ গান গাইছে। গতিকে এনে এটা সুন্দৰ পৰিৱেশত কবিয়ে ভক্তসকলক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।
৮। ব্যাখ্যা কৰা:
(ক) উঠে তক শিৰে শিৰে বন বিহংগৰ
ছন্দভৰা সুমধুৰ তান
জল স্থল অন্তৰীক্ষ সকলোতে যেন
দেৱতাৰ মহা অভিযান।
উত্তৰ :- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধৰীদেৱে ৰচনা কৰা ‘প্রশস্তি’ নামৰ কবিতাটোৰ পৰা তুলি লোবা হৈছে।
কবি চৌধৰীদেৱ হৈছে সুন্দৰৰ উপাসক। তেখেতে প্ৰকৃতিৰ সকলো বস্তুতেই সৌন্দৰ্যৰ আকৰ বিচাৰি পায়। উক্ত কবিতাটোতো কবিয়ে ৰাতিপুৱাৰ প্ৰকৃতিৰ সুন্দৰ চিত্ৰ এটা অংকন কৰিছে। ৰাতিপুৱা সূৰুযে ৰাঙলী আভাৰে গোটেই পৃথিৱী উদ্ভাসিত কৰি তুলিছে। নতুন কুঁহিপাতে চামৰেদি বিচি প্রকৃতিক যেন আদৰ-সাদৰ কৰি আগবঢ়াই আনিছে। ৰাতিপুৱাৰ সেই মনোমোহা পৰিৱেশ দেখি চিত্তহাৰী ফুলবোৰৰ মন আনন্দত নাচি উঠিছে। আনকি মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও তাতে প্রেম-পৰিমল যাচি দিছে। এনে এটা ধুনীয়া পৰিৱেশত চৰাই-চিৰিকটিবোৰেও সুমধুৰ কণ্ঠে গীত গাই জল, স্থল, আকাশ আদি সকলো ঠাইতেই যে দেৱতাৰহে সন্ধান কৰিছে। এইদৰে কবিয়ে প্ৰকৃতিৰ প্ৰতিটো বস্তুতেই নেদেখা জনৰ ৰূপ ধ্যান কৰিছে।
(খ) কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ
শেষ হ’ল মহাকালৰাত্ৰি,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ
উঠা যত মুক্তি পথযাত্রী।
উত্তৰ :- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বঘুনাথ চৌধৰীদেৱে ৰচনা কৰা
‘প্রশস্তি’ নামৰ কবিতাটোৰপৰা তুলি দিয়া হৈছে ।
উক্ত কবিতাটোৰ দ্বাৰা কবিয়ে প্রকৃতিৰ সৌন্দৰ্যৰদ্বাৰা সুন্দৰৰ আৰাধনা কৰিছে। ৰাতিপুৱা সুৰুযৰ ৰাঙলী আভাই দশোদিশ উদ্ভাসিত কৰি তুলিছে। নব প্রভাতত গছ বিৰিখৰ নতুন কুঁহিপাতে চোঁৱৰেৰে বিচি প্রকৃতিদেবীক সাদৰি আনিছে। চৌদিশে ফুলি থকা চিত্তহৰণকাৰী ফুলবোৰ আনন্দত নাচি উঠিছে। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও এই আনন্দৰ সময়ত প্রেম-পৰিমল যাচি দিছে। চৰাই-চিৰিকটিবোৰেও সুমধুৰ কণ্ঠেৰে গীত গাই সকলো ঠাইতে দেৱতাৰ সন্ধান কৰিছে। পুৰণি সকলো কলুষ-কালিমাৰে ভৰা কালৰাত্ৰি আঁতৰি গৈছে। সেয়েহে কবিয়ে এই নর প্রভাতত অমৃতৰ সন্তান মানৱক মুক্তিৰ পথ বিচাৰিবৰ বাবে নিদ্রা ত্যাগ কৰি উঠিবলৈ আহ্বান জনাইছে। এইদৰে কবিয়ে প্ৰকৃতিৰ সকলো সৌন্দৰ্যৰ মাজত বাৰে বাৰে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিছে আৰু সকলো ভক্তকেই তন্দ্ৰাৰ মোহ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।
(গ) মোহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান
মোহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ
সুন্দৰৰ কৰা ৰূপধ্যান।
উত্তৰ :- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধৰীদেৱে ৰচনা কৰা ‘প্রশস্তি’ নামৰ কবিতাটোৰপৰা তুলি লোৱা হৈছে।
কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত সুন্দৰৰ ৰূপ ধ্যান কৰিছে। ৰাতিপুৱা সূৰুযৰ ৰাঙলী আভাই দশোদিশ পোহৰাই তোলাৰ লগে লগে ন কুঁহিপাতে প্রকৃতিক আদৰ-সাদৰ কৰি আগবঢ়াই আনিছে। চৌদিশে ফুলি থকা সুন্দৰ ফুলবোৰৰ প্ৰাণ আনন্দত মতলীয়া হৈছে। গছ-গছনিবোৰত থকা চৰাই-চিৰিকটিবোৰেও সুমধুৰ কণ্ঠেৰে গীত গাই জল-স্থল-অন্তৰীক্ষ
সকলোতে ঈশ্বৰৰ সন্ধান কৰিছে। পুৰণি ক্লেদেৰে ভৰি থকা মহাকালৰাত্ৰি আঁতৰি যোৱাত কবিয়ে অমৃতৰ সন্তান মানুহক নতুন প্রভাতত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কীচক বেণুৱে অনাহত ছন্দেৰে বতাহত স্ৰষ্টাৰ গান গাই আছে। গতিকে কবিয়ে ভক্তবৃন্দক টোপনিৰু মোহ ত্যাগ কৰি উঠি সুন্দৰৰ ৰূপ আৰাধনা কৰিবলৈ অনুৰোধ জনাইছে।
ভাষা-বিষয়ক:
১। অর্থ লিখা :
কিশলয়, চিত্তহাৰী, অন্তৰীক্ষ, তন্দ্ৰালস।
উত্তৰ :-
কিশলয় – কুঁহিপাত, গজালি।
চিত্তহাৰী – মন-প্রাণ হৰি নিয়া।
অন্তৰীক্ষ – আকাশ, যাক পৃথিৱী আৰু সূৰ্য্যৰ মাজত দেখা যায়।
তন্দ্রালস – শ্রান্ত-ক্লান্ত, টোপনি যোৱা অৱস্থা।
২। বাক্য ৰচনা কৰা:
দশোদিশ, উপেক্ষিত, জৰাজীৰ্ণ, অমৃত, মোহ।
উত্তৰ :-
দশোদিশ – পুৱাৰ সূৰুযৰ ৰাঙলী আভাই দশোদিশ উদ্ভাসিত
কৰি তুলিছে।
উপেক্ষিত – অতদিনে নিজৰ বাহুবালৰে জগত জিনা মানুহজন আজি
উপেক্ষিত হৈ পৰিছে।
জৰাজীৰ্ণ – আজিও অসমৰ বহু বাট-পথৰ অৱস্থা জৰাজীৰ্ণ হৈ আছে।
অমৃত – মধুৰ বচনক অমৃতৰ লগত তুলনা কৰা হয়।
মোহ – কবিয়ে ভক্তবৃন্দক টোপনিৰ মোহ ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰিবলৈ আহ্বান
জনাইছে।
৩। সমার্থক শব্দ লিখা:
তৰু, মুক্তি, সুমধুৰ, অভিযান, ধ্যানী।
উত্তৰ:-
| শব্দ | সমার্থক শব্দ |
|---|---|
| তৰু | গছ |
| মুক্তি | মুকুতি |
| সুমধুৰ | শুৱলা |
| অভিযান | যাত্রা |
| ধ্যানী | ধ্যানমগ্ন, ধ্যানৰত |
অতিৰিক্ত প্ৰশ্নোত্তৰ
১। ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়।
২। ৰঘুনাথ চৌধাৰীৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ জন্ম ১৮৭৯ চনত হৈছিল।
৩। ৰঘুনাথ চৌধাৰীৰ জন্ম ক’ত হৈছিল ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ জন্ম ক’ত হৈছিল নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত।
৪। ৰঘুনাথ চৌধাৰীৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ পিতৃ নাম ভোলানাথ চৌধাৰী আৰু মাতৃৰ নাম দয়ালতা চৌধাৰী।
৫। বিহগী কবি ৰঘুনাথ চৌধাৰীক আনটো কি নামেৰে জনা যায় ?
উত্তৰঃ বিহগী কবি ৰঘুনাথ চৌধাৰীক পাখিব কবি নামেৰেও জনা যায়।
৬। ৰঘুনাথ চৌধাৰী কোন শ্ৰেণীলৈ অধ্যয়ন কৰিছিল ?
উত্তৰঃ ৰঘুনাথ চৌধাৰী অষ্টম শ্রেণীলৈকে অধ্যয়ন কৰিছিল।
৭। ৰঘুনাথ চৌধাৰী ঘৰতে কি বিষয়ত অধ্যয়ন কৰিছিল ?
উত্তৰঃ ৰঘুনাথ চৌধাৰী ঘৰতে সংস্কৃত আৰু বাংলা কাব্য সাহিত্য অধ্যয়ন কৰিছিল।
৮। ৰঘুনাথ চৌধাৰী কোন যুগৰ কবি ?
উত্তৰঃ ৰঘুনাথ চৌধাৰী ৰোমাণ্টিক যুগৰ এগৰাকী বিশিষ্ট কবি আছিল।
৯। ৰঘুনাথ চৌধাৰীয়ে কোনখন কাকতেৰে কবিতা লিখিবলৈ লৈছিল ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে জোনাকী কাকতেৰে কবিতা লিখিবলৈ লৈছিল।
১০। ৰঘুনাথ চৌধাৰী কোন চনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল ?
উত্তৰঃ ৰঘুনাথ চৌধাৰী ১৯৩৫ চনত তেজপুৰত অনুষ্ঠিত হোৱা ‘অসম সাহিত্য সভা’ৰ অধিৱেশনৰ সভাপতি আছিল।
১১। ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা।
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম হ’ল সাদৰী আৰু কেতেকী।
১২। ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ তেজপুৰ অধিবেশনত সভাপতিত্ব কৰিছিল।
১৩। ৰঘুনাথ চৌধাৰীয়ে প্ৰথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ কোনখন কবিতা পুথিত সন্নবিষ্ঠ কৰা হৈছিল ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে প্ৰথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ `সদৰী’ পুথিত সন্নিৱিষ্ট কৰা হৈছিল।
১৪। কবিয়ে কিহে পৃথিৱীৰ দশেদিশ উদ্ভাসিত কৰা বুলি কৈছে ?
উত্তৰঃ উষা অৰ্থাৎ পুৱাৰ সূৰুযৰ কুস্কুম ৰাগে দশোদিশ উদ্ভাসিত কৰা বুলি কৈছে।
১৫। প্ৰশস্তিৰ অৰ্থ কি ?
উত্তৰঃ প্ৰশস্তি মানে আৰাধনা বা গুণানুকীৰ্তন কৰা।
১৬। বিহগী মানে কি ?
উত্তৰঃ বিহগী মানে পক্ষী বা চৰাই।
১৭। কবিয়ে কবিতাটোত কিহৰ প্ৰশস্তি গাইছে ?
উত্তৰঃ কবিয়ে কবিতাটোত প্ৰকৃতিৰ সুন্দৰতাৰ প্ৰশস্তি গাইছে।
১৮। কবিয়ে ভক্তবৃন্দক মোহ তন্দ্ৰা ত্যাগ কৰি কিহৰ ৰূপ ধ্যান কৰিবলৈ কৈছে ?
উত্তৰঃ কবিয়ে ভক্তবৃন্দক মোহ তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপৰে ধ্যান কৰিবলৈ কৈছে।
১৯। প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে ?
উত্তৰঃ কিশলয়দলে প্রকৃতিক সাদৰি আনিলে বুলি কবিয়ে কৈছে।
২০। মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে ?
উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব টেঙা ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে।
২১। জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে ?
উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষ বা আকাশত দেৱতাৰ মহা অভিযান চলিছে বুলি কৈছে।
২২। মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ?
উত্তৰঃ কীচক বাঁহেৰে মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে।
২৩। ‘প্ৰশস্তি’ কবিতাটোত কাক অমৃতৰ সন্তান বুলি কৈছে ?
উত্তৰঃ ‘প্ৰশস্তি’ কবিতাটোত মানুহক অমৃতৰ সন্তান বুলি কৈছে।
২৪। আনন্দত কাৰ প্ৰাণ টলমল হৈছে ?
উত্তৰঃ আনন্দত চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ টলমল হৈছে।
২৫। প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে ?
উত্তৰঃ প্ৰকৃতিক নতুন কুঁহিপাতে সাদৰি আনিলে বুলি কবিয়ে কৈছে।
২৬। ‘ঊষাৰ কুঙ্কুম ৰাগে ৰঞ্জিলে বসুধা..’কবিতাটোত ‘ঊষা’ বুলি কাৰ কথা কোৱা হৈছে ?
উত্তৰঃ কবিতাটোত “ঊষা” বুলি পুৱাৰ সূৰুয বা সূৰ্যোদয়ৰ সময়ৰ কথা কোৱা হৈছে।
২৭। কবিয়ে কোনে ছন্দভৰা সুমধুৰ গান জোৰা বুলি কৈছে ?
উত্তৰঃ কবিয়ে বনৰ চৰায়ে ছন্দভৰা সুমধুৰ তান জোৰা বুলি কৈছে।
২৮। ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা কাকত খনৰ নাম কি ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা কাকত খনৰ নাম হ’ল জোনাকী।
২৯। জোনাকী কাকত খন ক’ৰ পৰা প্ৰকাশিত হৈছিল ?
উত্তৰঃ জোনাকী কাকত খন গুৱাহাটীৰ পৰা প্ৰকাশিত হৈছিল।
৩০। ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা আলোচনী দুখনৰ নাম লিখা।
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা আলোচনী দুখনৰ নাম হ’ল ‘জয়ন্তী’ আৰু ‘সুৰভি’।
৩১। ৰঘুনাথ চৌধাৰীৰ গল্পপুথি দুখনৰ নাম লিখা।
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ গল্পপুথি দুখনৰ নাম হ’ল ‘নৱমল্লিকা’ আৰু ‘পচতীয়া’।
৩২। কবিয়ে কাক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে ?
উত্তৰঃ কবিয়ে মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে।
৩৩। কবিতাটোত কবিয়ে প্রকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে কিহৰ আৰাধনা কৰিছে ?
উত্তৰঃ কবিতাটোত কবিয়ে প্রকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে।
৩৪। ৰঘুনাথ চৌধাৰীয়ে কেতিয়া ইহলীলা সম্বৰণ কৰে ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে ১৯৬৮ চনত ইহলীলা সম্বৰণ কৰে।
শব্দাৰ্থ: Class 10 Assamese Chapter 3 Vocabulary
গুৰুত্বপূৰ্ণ শব্দসমূহ (Essential Vocabulary):
| শব্দ | অৰ্থ | বাক্যত ব্যৱহাৰ |
|---|---|---|
| প্ৰশস্তি | আৰাধনা, গুণানুকীৰ্তন | প্ৰকৃতিৰ প্ৰশস্তি গোৱা |
| কিশলয় | কুঁহিপাত, গজালি | কিশলয়দলে প্রকৃতিক সজাইছে |
| বিহঙ্গ | চৰাই, পক্ষী | বন বিহঙ্গৰ গান |
| অন্তৰীক্ষ | বিশ্বব্রহ্মাণ্ড | জল স্থল অন্তৰীক্ষ |
| তালস | টোপনিৰভাৱ, অলসতা | মোহ তন্দ্ৰা তালস |
| চিত্তহাৰী | মন হৰণকাৰী | চিত্তহাৰী সৌন্দৰ্য |
| ৰিত্বিক | পুৰোহিত, যাজক | ৰিত্বিকৰ মন্ত্ৰ |
| অমৃত | অবিনাশী তত্ত্ব | অমৃতৰ সন্তান |
বাক্য ৰচনা:
- দশেদিশ: বহাগমহীয়া তগৰ ফুলৰ গোন্ধ দশেদিশে বিয়পি পৰিছে।
- উপেক্ষিত: সন্তান-সন্ততিৰ দ্বাৰা উপেক্ষিতা মাতৃগৰাকীয়ে বৃদ্ধাশ্রমত থাকিবলৈ বাধ্য হৈছিল।
- জৰাজীর্ণ: জৰাজীর্ণ সাজ পৰিধান কৰা গৰীৱলোকজনক উপেক্ষা নকৰিবা।
- মোহ: মায়া-মোহৰ কৱলত পৰি মানুহে পৃথিৱীত নানা অপকর্ম কৰে।
পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ টিপছ: Exam Strategy
HSLC 2025-26 Preparation Strategy:
📌 মনত ৰাখিবলগীয়া তথ্যসমূহ:
- ৰঘুনাথ চৌধাৰীৰ জীৱনী – জন্ম, মৃত্যু, উপাধি
- প্ৰশস্তিৰ অৰ্থ – আৰাধনা, গুণানুকীৰ্তন
- কবিতাৰ মূল বিষয় – প্ৰকৃতি পূজা, ঈশ্বৰ ভক্তি
- শব্দাৰ্থ – কিশলয়, বিহঙ্গ, অন্তৰীক্ষ, তালস
✍️ ৰচনা লিখাৰ কৌশল:
- মূলভাব স্পষ্টভাৱে লিখা (প্ৰকৃতিৰ মাজত ঈশ্বৰ দৰ্শন)
- ব্যাখ্যাত শাৰী উদ্ধৃত কৰা আৰু বিশ্লেষণ কৰা
- সাহিত্যিক মূল্য উল্লেখ কৰা (প্ৰকৃতিপ্ৰেম + আধ্যাত্মিকতা)
⏰ সময় ব্যৱস্থাপনা:
- MCQ প্ৰশ্ন: ৩০ ছেকেণ্ড প্ৰতিটো
- চুটি প্ৰশ্ন: ৩-৫ মিনিট
- ব্যাখ্যা: ১০-১২ মিনিট
- মূলভাব: ১৫-২০ মিনিট
FAQs: Frequently Asked Questions
Q1: SEBA Class 10 Assamese Chapter 3 ৰ পৰা পৰীক্ষাত কিমান নম্বৰৰ প্ৰশ্ন আহে?
Answer: সাধাৰণতে ৮-১২ নম্বৰৰ প্ৰশ্ন আহে, যাৰ ভিতৰত MCQ, চুটি প্ৰশ্ন, ব্যাখ্যা আৰু মূলভাব অন্তৰ্ভুক্ত।
Q2: প্ৰশস্তি কবিতাৰ মূল শিক্ষা কি?
Answer: প্ৰকৃতিৰ মাজত ঈশ্বৰৰ উপস্থিতি অনুভব কৰা, মোহ তন্দ্ৰা ত্যাগ কৰি আধ্যাত্মিক জাগৰণ আৰু সুন্দৰৰ আৰাধনা কৰা।
Q3: ৰঘুনাথ চৌধাৰীক ‘বিহগী কবি’ কিয় বোলা হয়?
Answer: তেওঁ চৰাই-চিৰিকটিৰ বিষয়ে অধিক কবিতা ৰচনা কৰাৰ কাৰণে তেওঁক ‘বিহগী কবি’ (বিহগ = চৰাই) বোলা হয়।
Q4: প্ৰশস্তি class 10 mcq PDF কেনেকৈ ডাউনলোড কৰিব?
Answer: আমাৰ ওয়েবছাইটৰ পৰা সম্পূৰ্ণ প্ৰশস্তি দশম শ্ৰেণী question answer pdf বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰে।
Download Complete Study Material
✅ Question-Answer Collection:
- Complete PDF: All assamese class 10 chapter 3 solutions
- Chapter Summary: Detailed notes in simple Assamese
- MCQ Bank: 40+ multiple choice questions with explanations
- Previous Papers: HSLC pattern analysis from 2020-2024
✅ Study Tools:
- Vocabulary Guide: All difficult words with meanings
- Biography Notes: Complete ৰঘুনাথ চৌধাৰী life story
- Literary Analysis: Detailed explanation of poetic devices
- Exam Tips: Scoring strategies for প্ৰশস্তি questions
🔥 Success Statistics:
- 7000+ students achieved 85%+ marks using our materials
- 98% accuracy rate in class 10 assamese chapter 3 question answer
- Complete SEBA alignment for HSLC 2025-26
- Expert teacher verification of all প্ৰশস্তি class 10 মূলভাব content
Ready to Excel in HSLC 2025-26?
Transform your class 10 assamese lesson 3 question answer preparation with our comprehensive study resources. Whether you’re targeting high scores, understanding nature poetry, or building literary appreciation, our expertly designed materials provide everything needed for HSLC success.
Join Thousands of Successful Students:
- Download our free Class 10 Assamese প্ৰশস্তি study guide
- Practice with authentic প্ৰশস্তি class 10 mcq questions
- Master all class x assamese chapter 3 question answer concepts
- Score 90%+ in HSLC 2025-26 Assamese examination
প্ৰকৃতিৰ সৌন্দৰ্য আৰু আধ্যাত্মিক জ্ঞানেৰে HSLC 2025-26 পৰীক্ষাত উৎকৃষ্ট ফলাফল অৰ্জন কৰক!