Class 10th Student Join Now
Class 10th Student Join Now

Class 10 Assamese Chapter 1 Question Answer [2025-26] | দশম শ্ৰেণীৰ বৰগীত [প্ৰশ্নোত্তৰ]

You are currently viewing Class 10 Assamese Chapter 1 Question Answer [2025-26] | দশম শ্ৰেণীৰ বৰগীত [প্ৰশ্নোত্তৰ]

Master SEBA Class 10 Assamese Chapter 1 with comprehensive বৰগীত solutions! This complete study guide provides detailed class 10 assamese chapter 1 question answer resources, including expert explanations, vocabulary notes, and exam-focused content for HSLC 2025-26 success.

বৰগীত, composed by শ্ৰীশ্ৰী মাধৱদেৱ, represents the pinnacle of Assamese devotional literature. This class 10 assamese lesson 1 question answer guide explores the profound spiritual teachings, Vaishnavite philosophy, and literary excellence that make this chapter essential for every SEBA student.

Class 10 Assamese Chapter 1: বৰগীত (Borgeet) – Complete Introduction

বৰগীত হৈছে অসমীয়া সাহিত্যৰ ইতিহাসত এক অনন্য সৃষ্টি, যি শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ দ্বাৰা ৰচিত ভক্তিমূলক সংগীতৰ বিশেষ ধারা। এই class 10 borgeet question answer পাঠত শিক্ষাৰ্থীয়ে বৈষ্ণৱ সাহিত্য, সংগীতৰ শৈলী, সংস্কৃতি, আৰু আধ্যাত্মিক মূল্যবোধৰ ওপৰত গভীৰ তথ্য লাভ কৰিব।

What is Borgeet? (বৰগীত কি?)

বৰগীত বুলিলে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূর্ণ শাস্ত্ৰীয় ৰাগযুক্ত আৰু অধ্যাত্মিক ভাৱ-গধুৰ গীতসমূহকে বুজায়। এই borgeet class 10 পাঠে অসমীয়া সাহিত্যৰ স্বৰ্ণযুগৰ পৰিচয় দিয়ে।

কবি পৰিচয়: শ্ৰীশ্ৰী মাধৱদেৱ (Poet Biography – Madhabdev)

মাধৱদেৱ হৈছে অসমীয়া বৈষ্ণৱ ভক্তি সাহিত্যৰ অন্যতম হোতা। এই assamese class 10 chapter 1 অধ্যয়নৰ বাবে তেওঁৰ জীৱনী জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

Essential Biographical Facts for Exams:

বিৱৰণতথ্য
জন্ম১৪৮৯ চন, লেটেকুপুখুৰী, নাৰায়ণপুৰ
পিতৃগোবিন্দগিৰী ভূঞা
মাতৃমনোৰমা
গুৰুশ্ৰীমন্ত শংকৰদেৱ
শৰণ গ্ৰহণ১৫২২ চন, ধুৱাহাট
মৃত্যু১৫৯৬ চন, ভেলাদাঙ্গা
প্ৰধান কৰ্মবৰপেটা সত্ৰ প্ৰতিষ্ঠা

১৫২২ চনত বেলগুৰিৰ ধুৱাহাটত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত শৰণ লোৱা মাধৱদেৱে অসমীয়া সাহিত্যত অমূল্য অৱদান আগবঢ়াইছে।

সাহিত্যিক অৱদান:

  • নামঘোষা (হেজাৰী ঘোষা)
  • বৰগীত (১৫৭ টা)
  • ঝুমুৰা (নাট): ৰাজসূয় যজ্ঞ, দধিমথন, চোৰধৰা
  • তত্ত্বমূলক গ্ৰন্থ: ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য

বৰগীতৰ সাৰাংশ (Summary): Class 10 Assamese Lesson 1

এই class 10 assamese lesson 1 question answer বিভাগত বৰগীতৰ মূল বিষয়বস্তু আৰু সাহিত্যিক বৈশিষ্ট্য আলোচনা কৰা হৈছে।

মূল বিষয়বস্তু (Core Themes):

আধ্যাত্মিক বিষয় (Spiritual Topics):

  • ভগৱান কৃষ্ণৰ প্ৰতি গভীৰ ভক্তি আৰু আত্মসমৰ্পণৰ ভাব
  • জীৱাত্মাৰ পৰমাত্মাৰ প্ৰতি আকুলতা গোপীসকলৰ কৃষ্ণ প্ৰেমৰ উদাহৰণেৰে
  • বৈষ্ণৱ দৰ্শনৰ মূল তত্ত্ব – ভক্তিৰ মাধ্যমেৰে মোক্ষ লাভ
  • সাংসাৰিক মোহপাশৰ পৰা মুক্তি হৰিৰ চৰণত শৰণৰ জৰিয়তে

সাহিত্যিক বৈশিষ্ট্য (Literary Characteristics):

দিশবৈশিষ্ট্য
ভাষাব্ৰজাৱলী (অসমীয়া+বাংলা+মৈথিলী)
ছন্দসংগীতোপযোগী মধুৰ ছন্দ
ৰসভক্তিৰস প্ৰধান
অলংকাৰউপমা, উৎপ্ৰেক্ষা, পুনৰুক্তি
ৰাগবসন্ত ৰাগত বন্ধা

পাঠভিত্তিক প্ৰশ্নোত্তৰ

ভাব বিষয়কঃ

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :

(ক) “…………নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।”
—কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ?

উত্তৰঃ কবিয়ে ভগৱানক জীৱনে মৰণে নেৰিবৰ কাৰণে অনুৰোধ কৰিছে।

(খ) “ সনক সনন্দ যোগী যাহাকু ধিয়ায় ”।
—সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?

উত্তৰঃ সনক, সনন্দ আদি যোগীসকলে হৰি অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে।

(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?

উত্তৰঃ কবি সাংসাৰিক দুখ, বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে।

(ঘ) বৰগীতটি কোনে ৰচনা কৰা ?

উত্তৰঃ বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা।

(ঙ) বৰগীতটি কি ৰাগত ৰন্ধা আছে?

উত্তৰঃ বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।

(চ) কবিয়ে ‘বান্ধব’ বুলি কাক সম্বোধন কৰিছে?

উত্তৰঃ কবিয়ে হৰিক ‘বান্ধৱ’ বুলি সম্বোধন কৰিছে।

(ছ) ‘মোহ-পাশ’ মানে কি ?

উত্তৰঃ “মোহ-পাশ” মানে হ’ল মায়াৰ বান্ধোন অর্থাৎ জাগতিক লোভ, আকাংক্ষা আদি মায়াজালৰ বন্ধন।

২। বৰগীতটিৰ মূলভাব লিখা।

উত্তৰঃ হৰিয়েই ভকতৰ জীৱনৰ সৰ্বস্ব, তেৱেঁই পৰম বান্ধৱ। তেওঁৰ অভয় চৰণত শৰণেৰে সংসাৰ নিকাৰৰ পৰা মুক্তিদানৰ কাকূতি কবিতাটোৰ মূলভাব।

 কবি সাংসাৰিক জীৱ। বৈষয়িক সুখৰ থলী এই সংসাৰ দৰাচলতে সকলো যন্ত্ৰণাৰ উৎস। সাংসাৰিক মায়াই জীৱক বিষয়সুখত নিমগ্ন কৰায় আৰু জীৱ নানা পাপকর্মত জড়িত হয়। জীৱন এনেদৰে হৈ পৰে যন্ত্ৰণাদগ্ধ। মৃত্যু পর্যন্ত জীৱই ভোগ কৰে সংসাৰৰ যন্ত্রণা। দুখ-যন্ত্ৰণাত জৰ্জৰিত জীৱই এটা সময়ত জীৱনৰ ক্ষণস্থায়িত্ব উপলব্ধি কৰে। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি হাহাকাৰ কৰে। আত্মপোলব্ধিৰে বুজি উঠে যে সংসাৰ যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ দেখুৱাব পাৰে কেৱল হৰিয়েহে। কবিৰ ক্ষেত্ৰতো একেই কথা প্রযোজ্য। কবিও জীবন যন্ত্ৰণাত দগ্ধ ।

হৰিৰ মহিমা অপাৰ। সনক, সনন্দ আদি সিদ্ধ মহামুনিগণেও হৰিমহিমা আয়ত্ত কৰিবলৈ গভীৰ ধ্যানত নিমগ্ন হয়। তেওঁৰ প্ৰকৃত মহিমা কৈ ওৰ পেলাব নোৱাৰে নিগম শাস্ত্রসমূহেও। যি অনন্ত নাগ হৰিৰ বিশ্রামস্থলী সেই নাগৰ সহস্ৰ মুখেও তেওঁৰ মহিমা বৰ্ণাই শেষ কৰিব নোৱাৰে। তেনেস্থলত তেওঁৰ মহিমা বুজিব পৰাটো কবিৰ দৰে সাধাৰণ ভকতৰ বাবে অতি দুৰূহ কাম। পৰম জ্ঞানীসকলে চলাথ কৰিও বিচাৰি নোপোৱা হৰিৰ ওচৰ চপাটো অসাধ্য কাম। হৰিকৃপা অবিহনে তেওঁৰ মহিমা আয়ত্ত কৰাটো অসম্ভৱ বুলি কবিয়ে ভাবে। তেওঁ বিশ্বাস কৰে হৰিচৰণেই প্রকৃত ভকতৰ মহাধন আৰু হৰিয়েই তেওঁলোকৰ জীৱনৰ সৰ্বস্ব। সেয়ে সংসাৰ নিকাৰত অস্থিৰ কবিয়ে হৰিৰ কমলসম চৰণ দুখনিত শৰণ লৈ উদ্ধাৰ পাব বিচাৰিছে জীৱনৰ সমস্ত দুখ-যন্ত্ৰণাৰ পৰা। সংসাৰৰ নিদাৰুণ মোহবান্ধোনৰ পৰা মুক্ত কৰিবলৈ কৃপাৰ সাগৰ হৰিৰ কৃপাভিক্ষা কবিয়ে কাতৰে কৰিছে।

বৈষ্ণৱ ভক্তকবি মহাপুৰুষজনাৰ দাস্যভক্তি কবিতাটোত সুন্দৰভাৱে ফুটি উঠিছে আৰু এয়াই কবিতাটোৰ বিশেষত্ব।

৩। বৰগীত ৰচকৰ চমু পৰিচয় দিয়া।

উত্তৰঃ কবি মাধৱদেৱ হৈছে অসমীয়া বৈষ্ণৱ ভক্তি সাহিত্যৰ অন্যতম হোতা। ১৪৮৯ চনত জন্ম গ্ৰহণ কৰা মাধৱদেৱৰ পিতৃ আছিল গোবিন্দগিৰী ভূঞা আৰু মাতৃৰ নাম মনোৰমা । লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত জন্ম ল’লেও মাধৱদেৱে পিচে শিক্ষা গ্ৰহণ কৰিছিল বৰ্তমান বাংলাদেশত অৱস্থিত বাণ্ডুকাতহে। ১৫২২ চনত তেওঁ বেলগুৰিৰ ধুৱাহাটাত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত শৰণ লয়। আহোম স্বৰ্গদেউৰ ৰোষৰ বলি হৈ ১৫৪৬ চনত তেওঁ কোচবিহাৰলৈ ভটিয়াই আহে। ভাটীৰ ফালে অৰ্থাৎ নামনি অসমৰ বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাদাঙ্গা আদি ঠাইত তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে নিত্য নতুন সাহিত্যকৰ্মৰ সৃষ্টিত ব্ৰতী হৈছিল। ১৫৬৮ চনত গুৰু শংকৰদেৱৰ মৃত্যুৰ পাছত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সম্পূৰ্ণ দায়িত্বভাৰ মাধৱদেৱে কান্ধ পাতি লৈ দক্ষতাৰে সেই কাৰ্য চলাই নিছিল। ধৰ্ম প্ৰচাৰ কালত তেওঁ বৈষ্ণৱ ধৰ্মৰ ৰম্যপুৰীৰূপে বিখ্যাত ‘বৰপেটা সত্ৰ’ প্রতিষ্ঠা কৰে যি আজিও সগর্বে সত্ৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিছে। অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এইজনা মহাপুৰুষে ১৫৯৬ চনত কোচবিহাৰৰ ভেলাদাঙ্গাত ইহলীলা সম্বৰণ কৰে। গুৰুজনাই জীৱিতকালত ৰচনা কৰা সাহিত্য সম্ভাৰ হলঃ নামঘোষা, বৰগীত, ৰাজসূয় যজ্ঞ, দধিমথন বা অর্জুন ভঞ্জন, ভূমি লেটোৱা, চোৰধৰা, পিম্পৰা গুচুৱা, ভোজন বিহাৰ, গুৰু ভটিমা, ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য আদি ।

৪। ব্যাখ্যা কৰাঃ

(ক) “সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।”

উত্তৰঃ সংগতিঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ‘ বৰগীত ’ ৰ পৰা উঠাই দিয়া হৈছে।

প্ৰসংগঃ হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যাঃ সংসাৰৰ একমাত্ৰ ত্ৰাণকর্তা হৈছে হৰি। তেওঁৰ মহিমা অপাৰ । সিদ্ধ মহামুনিগণে ধ্যান কৰিও হৰি মহিমা আয়ত্ত কৰিব নোৱাৰে। নিগম শাস্ত্ৰই তেওঁৰ মহিমা কৈ অন্ত পেলাব নোৱাৰে। যি অনন্তনাগ হৰিৰ বিশ্রামস্থল সেই নাগৰ সহস্ৰ মুখেও তেওঁৰ মহিমা বৰ্ণাই শেষ কৰিব নোৱাৰে। তেনেস্থলত কবি হৈছে অতি সাধাৰণ প্ৰাণী, তেওঁৰ কাৰণে হৰি মহিমা জানিব পৰাটো অতি কঠিন কাম। পৰম জ্ঞানীসকলে চলাথ কৰিও বিচাৰি নোপোৱা হৰিৰ মহিমা বুজি উঠিবলৈ কবিয়ে অক্ষমতা প্রকাশ কৰিছে।

কবিয়ে বুজি উঠিছে যে হৰি কৃপা অবিহনে তেওঁৰ অনন্ত মহিমা আয়ত্ত কৰাটো সম্ভৱ নহয়। ব্যাখ্যেয় কবিতাফাকিত এনে ভাবেই ফুটি উঠিছে।

(খ) “ আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।”

উত্তৰঃ সংগতিঃ কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তর্গত শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীত’ৰ পৰা উঠাই দিয়া হৈছে।

প্ৰসংগঃ সংসাৰৰ মায়াপাশৰ পৰা মুক্তিপথ দেখুৱাবলৈ হৰিক প্ৰাৰ্থনা জনাই কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যাঃ মানুহ সাংসাৰিক জীৱ। সংসাৰ সকলো যন্ত্ৰণাৰ উৎস। বৈষয়িক সুখৰ থলী এই সংসাৰ । পার্থিৱ সুখ-সম্পদে মানুহক এনেকৈ গ্ৰাস কৰে যে তেওঁলোকে বিষয় সুখকে জীৱনৰ একমাত্ৰ সত্য বুলি ভুল কৰে। বিষয় বাসনাত নিমগ্ন হৈ মানুহে নানা পাপকৰ্মত জড়িত হয়, ফলত জীৱন হৈ পৰে যন্ত্রণাময়। জীৱই মৃত্যু পর্যন্ত ভোগ কৰে এই যন্ত্রণা। দুখ-যন্ত্ৰণাত ভাৰাক্ৰান্ত জীৱ জৰ্জৰিত হৈ পৰে আৰু উপলব্ধি কৰে যে মানৱ জীৱন ক্ষণস্থায়ী। সংসাৰ নিকাৰত ভূগি কবিও অস্থিৰ হৈ পৰিছে। এই যন্ত্ৰণাৰ পৰা মুক্তি বিচাৰি কবিৰ মন হাহাকাৰ কৰি উঠিছে। নিৰূপায় হৈ কবিয়ে হৰিৰ চৰণত শৰণ লৈছে। কিয়নো কবিয়ে বিশ্বাস কৰে সংসাৰৰ সমস্ত যন্ত্ৰণাৰ পৰা জীৱক মুক্তি দিব পাৰে একমাত্ৰ হৰিয়েহে।

হৰিৰ কমলসম চৰণ দুখনিত শৰণ লৈ কবি মহাপুৰুষজনাই উদ্ধাৰ পাব বিচাৰিছে জীৱনৰ সমস্ত দুখ-যন্ত্ৰণাৰ পৰা। এনে ভাব ব্যাখ্যেয় কবিতাফাকিৰ মাজেৰে স্পষ্ট হৈ পৰিছে।

(গ) “ তোমাৰ চৰণ দুই মোৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীবন।”

উত্তৰঃ সংগতিঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য-সুবাসৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ‘বৰগীত’ পাঠটিৰ পৰা লোৱা হৈছে।

প্ৰসংগঃ পদফাকিৰ জৰিয়তে মহাপুৰুষজনাই কৈছে যে, ভগৱানৰ চৰণতে ভক্তসকলৰ প্ৰকৃত জীৱন আৰু ভক্তসকলৰ বাবে ভগৱানৰ চৰণ দুখনেই হ’ল অমূল্য সম্পদ।

ব্যাখ্যাঃ কবিৰ মতে সংসাৰৰ মায়া মোহৰ পৰা মুক্ত হ’বলৈ হ’লে ভগৱানৰ চৰণত শৰণ লোৱাৰ বাহিৰে অন্য কোনো উপায় নাই। সর্বব্যাপ্ত নিৰাকাৰ ভগৱানেই হৈছে জগতৰ সৃষ্টিকর্তা, পালনকর্তা তেওঁ সকলোৰে ঊৰ্দ্ধত, গতিকে তেওঁৰ চৰণত শৰণ লাভ কৰা মানে জগতৰ মূল্যবান সম্পদ লাভ কৰাৰ সমান। মহাপুৰুষজনাৰো এয়া জীৱনৰ একান্ত আকাংক্ষিত মহাধন কাৰণ তেওঁ হ’ল ভগৱানৰ একান্ত ভক্ত। ভক্তৰ কাৰণে ভগৱানেই পৰম আশ্ৰয় সেয়ে ভক্তৰ জীৱন ভগৱানতেই সদায় সমৰ্পিত।

হৰিচৰণেই হৈছে প্রকৃত ভকতৰ মহাধন আৰু হৰিয়েই ভকতৰ জীৱনৰ সৰ্বস্ব— ব্যাখ্যেয় কবিতাফাকিৰ দ্বাৰা কবিয়ে এনে ভাবকেই সামৰিছে।

৫। ” সনক সনন্দ যোগী যাহাকু ধিয়ায় ‘
সকল নিগমে যাক বিচাৰি নাপায়।”

—তাৎপৰ্য বিচাৰ কৰাঁ ।

উত্তৰঃ আগম আৰু নিগম আদি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। কিন্তু এই শাস্ত্ৰত দাঙি ধৰা বৰ্ণনাসমূহ অধ্যয়ন কৰিয়েই ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নহয়। ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ’লে একান্তমনে ভগৱানক ভক্তি কৰাৰ প্ৰয়োজন। সেয়ে সনক, সনন্দৰ দৰে যোগীসকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্ত মনে ভগৱানক ধ্যান কৰে। অর্থাৎ কবিয়ে কৈছে যে ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ’লে গভীৰ তপ-জপ কৰাতকৈ বা শাস্ত্ৰ আদিৰ অধ্যয়নত নিমগ্ন হোৱাতকৈ শুদ্ধচিত্তে ভক্তিভাবে একান্ত মনে ভগৱানক প্ৰাৰ্থনা কৰাৰহে প্ৰয়োজন ।

৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা।

উত্তৰঃ বৰগীতৰ চাৰিটা লক্ষণ হ’ল –

(ক) বৰগীতসমূহ চৈধ্য প্ৰসংগৰ অন্তৰ্গত।

(খ) বৰগীতসমূহ হ’ল শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত।

(গ) বৰগীতসমূহৰ ৰচনাশৈলী ব্ৰজাৱলী ভাষাৰ ।

(ঘ) বৰগীতসমূহ হ’ল ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক গীত।

ভাষা বিষয়কঃ

১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ

নপাৱন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়।

উত্তৰঃ

শব্দআধুনিক ৰূপ
নপাৱন্তনাপায়
কেনেকেনেকৈ, কিদৰে
ভৈলোহোহ’লোঁ
তুমিসেতুমিহে, তুমিয়েই
জনেৰজনৰ, সকলৰ
কহয়কয়

২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হলঃ

(ক) ব্ৰজাৱলী হ’ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্রিম সাহিত্যিক ভাষা ।

(খ) ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ’ল মৈথিলী ভাষা ।

(গ) পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই।

(ঘ) এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে।

(ঙ) ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনি প্রয়োগ হোৱাৰ বাবে ই অতি শ্ৰুতি মধুৰ হৈ পৰিছে।

অতিৰিক্ত প্ৰশ্নোত্তৰ

১। অতি চমু প্রশ্নোত্তৰঃ

(ক) মাধৱদেৱৰ কেতিয়া আৰু ক’ত জন্ম হৈছিল ?

উত্তৰঃ মাধৱদেৱৰ ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত জন্ম হৈছিল।

(খ) মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল ?

উত্তৰঃ মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা আছিল।

(গ) মাধৱদেৱ কাৰ প্ৰিয় শিষ্য আছিল?

উত্তৰঃ মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল ।

(ঘ) মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান ?

উত্তৰঃ মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা ১৫৭ টা।

(ঙ) “মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্রন্থক অভিহিত কৰা হয় ?

উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি “নামঘোষা ”ক কোৱা হয়।

(চ) মাধৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয় ?

উত্তৰঃ মাধৱদেৱৰ নাটসমূহক সাধাৰণতে ঝুমুৰা বুলি কোৱা হয়।

(ছ) নামঘোষাৰ অন্য এটা নাম কি ?

উত্তৰঃ নামঘোষাৰ অন্য এটা নাম হ’ল হেজাৰী ঘোষা।

(জ) মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ মাধৱদেৱৰ এখন তত্ত্বমূলক গ্রন্থ হ’ল ভক্তি ৰত্নাৱলী।

(ঝ) মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু কি ?

উত্তৰঃ মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু শিশু কৃষ্ণৰ লীলা ।

দশম শ্ৰেণীৰ অসমীয়া বৰগীত প্ৰশ্ন উত্তৰ

২। চমু প্রশ্নোত্তৰঃ

(ক) বৰগীত কাক বোলে ?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূর্ণ শাস্ত্ৰীয় ৰাগযুক্ত আৰু অধ্যাত্মিক ভাৱ- গধুৰ গীতসমূহকে বৰগীত বুলি কোৱা হয়।

(খ) বৰগীতৰ বিষয়বস্তু কি?

উত্তৰঃ বৰগীতৰ বিষয়বস্তু সাংসাৰিক কামনা-বাসনাযুক্ত বা শৃংগাৰ ভাববিশিষ্ট হ’ব নোৱাৰে। ইয়াৰ বিষয়বস্তু শিশু শ্রীকৃষ্ণ বা বাল-গোপালৰ লীলা-খেলা বিষয়ক আছিল ৷

(গ) শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গীতসমূহক কিয় বৰগীত আখ্যা দিয়া হয় ?

উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱৰ সমসাময়িক ভক্ত কবিসকলে নৱবৈষ্ণৱ যুগত ৰচিত আন আন গীতৰ পৰা তেওঁলোকৰ গুৰু দুজনাৰ গীতখিনিক পৃথক কৰি দেখুৱাবৰ বাবে ‘বৰগীত’ বিশেষণটো প্ৰয়োগ কৰিছিল। ভাব, ভাষা, সুৰ, প্ৰকাশভংগী আৰু বিষয়বস্তুৰ গাম্ভীৰ্যৰ ফালৰ পৰা ই অন্য গীততকৈ ‘বৰ’অৰ্থাৎ শ্রেষ্ঠ। এনে অৰ্থতে মহাপুৰুষ দুজনাৰ ৰচিত গীতক ‘বৰগীত আখ্যা দিয়া হয়।

(ঘ) মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি?

উত্তৰঃ মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু হ’ল বাল-গোপালৰ লীলা-খেলা। তেওঁৰ বৰগীতসমূহত শিশুকৃষ্ণৰ চৌৰ-চাতুৰীসমূহ সুন্দৰকৈ বৰ্ণনা কৰাৰ লগতে যশোদাৰ চিৰন্তন মাতৃত্বৰ ছবিও সুন্দৰভাৱে ফুটাই তোলা হৈছে। মাধৱদেৱৰ বৰগীতৰ এফালে বাৎসল্য আৰু আনফালে দাসত্ব দুয়োটা ভাৱ সুন্দৰকৈ প্ৰকাশ পাইছে।


SEBA Class 10 Assamese Chapter-wise Question Answer

Class 10 Assamese Question Answer
SEBA Class 10 Assamese Chapter 1: বৰগীত – শ্ৰীশ্ৰীমাধৱদেৱ SEBA Class 10 Assamese Chapter 2: জিকিৰ – আজান ফকিৰ SEBA Class 10 Assamese Chapter 3: প্ৰশস্তি – ৰঘুনাথ চৌধাৰী SEBA Class 10 Assamese Chapter 4: মই অসমীয়া – চৈয়দ আব্দুল মালিক SEBA Class 10 Assamese Chapter 5: দৃশ্যান্তৰ – হৰেকৃষ্ণ ডেকা SEBA Class 10 Assamese Chapter 6: উদ্য়োগী হওঁ আহাঁ – দেৱজিৎ ভূঞা SEBA Class 10 Assamese Chapter 7: ভাৰতীয় সংস্কৃতি – হেম বৰুৱা SEBA Class 10 Assamese Chapter 8: অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি – আব্দুছ ছাত্তাৰ SEBA Class 10 Assamese Chapter 9: ইন্টাৰনেটৰ তিতা-মিঠা – ডঃ প্ৰণমী দত্ত SEBA Class 10 Assamese Chapter 10: অৰুণিমা সিন্হা – জয়শ্ৰী গোস্বামী মহন্ত SEBA Class 10 Assamese Chapter 11: অৰণ্যযাত্ৰা – অনুৰাধা শৰ্মা পূজাৰী SEBA Class 10 Assamese Chapter 12: পাৰস্যত এভুমুকি SEBA Class 10 Assamese Chapter 13: কানাইৰ চাতুৰী – শ্ৰীধৰ কন্দলী SEBA Class 10 Assamese Chapter 14: ধৰ ঝাড়ুধৰ ভাই – অম্বিকাগিৰী ৰায়চৌধুৰী SEBA Class 10 Assamese Chapter 15: বিষাদ যোগ SEBA Class 10 Assamese Chapter 16: প্ৰাচীন ভাৰতীয় শিক্ষা – হেমচন্দ্ৰ গোস্বামী

Complete MCQ Section: Class 10 Assamese Chapter 1 বৰগীত

Section A: Basic Knowledge Questions (Easy Level) – 1 Mark Each

Q1. বৰগীতৰ ৰচয়িতা কোন?
(A) শংকৰদেৱ
(B) মাধৱদেৱ
(C) শংকৰদেৱ আৰু মাধৱদেৱ ✓
(D) অনিৰুদ্ধ দাস

Q2. মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল?
(A) ১৪৮৯ চন ✓
(B) ১৪৪৯ চন
(C) ১৫০০ চন
(D) ১৫২২ চন

Q3. বৰগীতৰ ভাষা কি?
(A) অসমীয়া
(B) সংস্কৃত
(C) ব্ৰজাৱলী ✓
(D) বাংলা

Q4. মাধৱদেৱৰ পিতৃৰ নাম কি?
(A) গোবিন্দগিৰী ভূঞা ✓
(B) কমলাকান্ত ভট্টাচাৰ্য
(C) দামোদৰ দেৱ
(D) হৰিদেৱ

Q5. বৰগীতটি কি ৰাগত বন্ধা?
(A) কল্যাণ ৰাগ
(B) বসন্ত ৰাগ ✓
(C) ভৈৰৱী ৰাগ
(D) বিলাৱল ৰাগ

Q6. মাধৱদেৱে কোন চনত শৰণদেৱৰ ওচৰত শৰণ লৈছিল?
(A) ১৫০০ চন
(B) ১৫২২ চন ✓
(C) ১৫৪৬ চন
(D) ১৫৬৮ চন

Q7. বৰগীতৰ প্ৰধান ৰস কি?
(A) শৃংগাৰ ৰস
(B) বীৰ ৰস
(C) ভক্তি ৰস ✓
(D) হাস্য ৰস

Q8. মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল?
(A) ১৫৬৮ চন
(B) ১৫৯৬ চন ✓
(C) ১৬০০ চন
(D) ১৫৮০ চন

Q9. ‘নেৰিবা বান্ধৱ’ – ইয়াত ‘বান্ধৱ’ কাক বুজাইছে?
(A) বন্ধুক
(B) ভাইক
(C) হৰিক ✓
(D) গুৰুক

Q10. মাধৱদেৱে প্ৰতিষ্ঠা কৰা সত্ৰখনৰ নাম কি?
(A) কমলাবাৰী সত্ৰ
(B) বৰপেটা সত্ৰ ✓
(C) আউনিয়াতী সত্ৰ
(D) দক্ষিণপাট সত্ৰ

Section B: Vocabulary & Language Questions (Medium Level) – 2 Marks Each

Q11. ‘নপাৱন্ত’ শব্দৰ আধুনিক ৰূপ কি?
(A) পায়
(B) নাপায় ✓
(C) পাব
(D) পাওঁ

Q12. ‘ভৈলোহো’ শব্দৰ অৰ্থ কি?
(A) হ’ম
(B) হ’লোঁ ✓
(C) হ’বা
(D) হৈছে

Q13. ‘তুমিসে’ শব্দৰ আধুনিক ৰূপ কি?
(A) তুমি
(B) তুমিয়েই ✓
(C) তোমাৰ
(D) তুমিহে

Q14. ‘যাহাকু’ শব্দৰ আধুনিক ৰূপ কি?
(A) যি
(B) যাক ✓
(C) যেন
(D) যদি

Q15. ‘মোহপাশ’ শব্দৰ অৰ্থ কি?
(A) প্ৰেমৰ বন্ধন
(B) মায়াৰ বন্ধন ✓
(C) ৰজ্জুৰ বান্ধোন
(D) বন্ধুত্বৰ বন্ধন

Q16. ‘ধিয়ায়’ শব্দৰ অৰ্থ কি?
(A) পঢ়ে
(B) লিখে
(C) ধ্যান কৰে ✓
(D) গায়

Q17. ‘জনেৰ’ শব্দৰ আধুনিক ৰূপ কি?
(A) জনৰ ✓
(B) জনে
(C) জনক
(D) জনত

Q18. ‘কেনে’ শব্দৰ আধুনিক ৰূপ কি?
(A) কিয়
(B) কেনেকৈ ✓
(C) কেতিয়া
(D) ক’ত

Q19. ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি?
(A) অসমীয়া
(B) বাংলা
(C) মৈথিলী ✓
(D) হিন্দী

Q20. ‘সহস্ৰ বয়নে’ – ইয়াত ‘বয়ন’ মানে কি?
(A) কাপোৰ
(B) মুখ ✓
(C) হাত
(D) চকু

Section C: Literary Analysis Questions (Hard Level) – 3 Marks Each

Q21. বৰগীতৰ প্ৰধান বিষয়বস্তু কি?
(A) প্ৰেম-বিৰহ
(B) ভগৱান কৃষ্ণৰ প্ৰতি ভক্তি ✓
(C) প্ৰকৃতি বৰ্ণনা
(D) সামাজিক সমস্যা

Q22. বৰগীতত কোনটো দৰ্শনৰ প্ৰভাৱ দেখা যায়?
(A) শৈৱ দৰ্শন
(B) বৈষ্ণৱ দৰ্শন ✓
(C) শাক্ত দৰ্শন
(D) বৌদ্ধ দৰ্শন

Q23. বৰগীতৰ সাহিত্যিক মূল্য কোনটোত নিহিত?
(A) জটিল ভাষা ব্যৱহাৰত
(B) আধ্যাত্মিক গভীৰতা আৰু ভাষাৰ সৌন্দৰ্যত ✓
(C) ঐতিহাসিক তথ্যত
(D) হাস্য-ব্যংগত

Q24. ‘সনক সনন্দ যোগী’ কোনসকল?
(A) ৰজা
(B) সিদ্ধ মহামুনি ✓
(C) সাধাৰণ মানুহ
(D) কবি

Q25. বৰগীতে অসমীয়া সংস্কৃতিত কি প্ৰভাৱ পেলাইছে?
(A) ভাষাৰ অৱনতি
(B) আধ্যাত্মিক চেতনাৰ বিকাশ ✓
(C) সাংস্কৃতিক বিভাজন
(D) কোনো প্ৰভাৱ নাই

Q26. বৰগীতৰ ছন্দৰ বৈশিষ্ট্য কি?
(A) কঠিন আৰু জটিল
(B) সংগীতোপযোগী আৰু মধুৰ ✓
(C) গদ্যৰ দৰে
(D) অনিয়মিত

Q27. ‘অনন্ত নাগ’ বুলি কাক বুজোৱা হৈছে?
(A) সাপ
(B) ভগৱান বিষ্ণুৰ বিশ্ৰামস্থল শেষনাগ ✓
(C) পৰ্বত
(D) নদী

Q28. বৰগীতত কোনটো ভক্তিৰ প্ৰকাৰ প্ৰকাশ পাইছে?
(A) সখ্য ভক্তি
(B) দাস্য ভক্তি ✓
(C) বাৎসল্য ভক্তি
(D) মধুৰ ভক্তি

Q29. বৰগীতসমূহ কিমান প্ৰসংগৰ অন্তৰ্গত?
(A) দহ প্ৰসংগ
(B) বাৰ প্ৰসংগ
(C) চৈধ্য প্ৰসংগ ✓
(D) ষোল্ল প্ৰসংগ

Q30. বৰগীতে কোনটো সমাজত প্ৰভাৱ বিস্তাৰ কৰিছে?
(A) কেৱল হিন্দু সমাজত
(B) সামগ্ৰিক অসমীয়া সমাজত ✓
(C) কেৱল উচ্চবিত্ত সমাজত
(D) কোনো সমাজতে নহয়

Section D: Content Analysis Questions (Expert Level) – 4 Marks Each

Q31. “সকল নিগমে যাক বিচাৰি নাপায়” – ইয়াৰ তাৎপৰ্য কি?
(A) শাস্ত্ৰ পঢ়িলেই ভগৱানক পোৱা যায়
(B) শাস্ত্ৰই ভগৱানৰ সম্পূৰ্ণ মহিমা বৰ্ণনা কৰিব নোৱাৰে ✓
(C) নিগম শাস্ত্ৰ মিছা
(D) শাস্ত্ৰ অধ্যয়ন অপ্ৰয়োজনীয়

Q32. “আতুৰ ভৈলোহো হৰি বিষয় বিকলে” – ইয়াৰ অৰ্থ কি?
(A) হৰিৰ প্ৰতি খং
(B) বিষয় বাসনাত জৰ্জৰিত হৈ আতুৰ ✓
(C) ৰোগত ভোগা
(D) আনন্দত মতলীয়া

Q33. বৰগীতত প্ৰকাশিত মুক্তিৰ উপায় কি?
(A) ধন-সম্পদ
(B) হৰিৰ চৰণত শৰণ ✓
(C) তপস্যা
(D) যজ্ঞ-যাগ

Q34. “ভকত জনেৰ নিজ তুমিসে জীবন” – ইয়াৰ অৰ্থ কি?
(A) ভক্তসকল হৰিৰ মালিক
(B) হৰিয়েই ভক্তৰ জীৱনৰ সৰ্বস্ব ✓
(C) ভক্তসকলে হৰিক পালন কৰে
(D) হৰি আৰু ভক্ত সমান

Q35. বৰগীতত কোনটো জীৱন দৰ্শন প্ৰকাশ পাইছে?
(A) ভোগবাদী দৰ্শন
(B) আধ্যাত্মিক জীৱন দৰ্শন ✓
(C) বস্তুবাদী দৰ্শন
(D) নাস্তিক দৰ্শন

Section E: Comparative & Cultural Questions (Advanced Level) – 5 Marks Each

Q36. বৰগীত আৰু আধুনিক গীতৰ মাজত মূল পাৰ্থক্য কি?
(A) ভাষাৰ পাৰ্থক্য
(B) আধ্যাত্মিক বনাম পাৰ্থিৱ বিষয়বস্তু ✓
(C) সুৰৰ পাৰ্থক্য
(D) দৈৰ্ঘ্যৰ পাৰ্থক্য

Q37. বৰগীতে অসমীয়া ভাষা-সাহিত্যত কি অৱদান ৰাখিছে?
(A) ভাষাৰ দূষণ
(B) সাহিত্যিক ঐতিহ্য সমৃদ্ধকৰণ ✓
(C) সাহিত্যৰ অৱনতি
(D) কোনো অৱদান নাই

Q38. ব্ৰজাৱলী ভাষাৰ প্ৰয়োগৰ কাৰণ কি?
(A) অসমীয়া ভাষা অসম্পূৰ্ণ আছিল
(B) সংগীতৰ উপযোগী আৰু শ্ৰুতিমধুৰ ✓
(C) মানুহে বুজি নোপোৱাকৈ
(D) ফেশ্বনৰ বাবে

Q39. বৰগীতৰ সামাজিক প্ৰভাৱ কি আছিল?
(A) সমাজত বিভাজন
(B) ধৰ্মীয় সম্প্ৰীতি আৰু আধ্যাত্মিক জাগৰণ ✓
(C) সাংস্কৃতিক অৱনতি
(D) কোনো প্ৰভাৱ নাই

Q40. বৰগীতৰ শাশ্বত মূল্য কিহত নিহিত?
(A) পুৰণি হোৱাত
(B) কঠিন ভাষাত
(C) আধ্যাত্মিক সত্য আৰু মানৱীয় মূল্যবোধত ✓
(D) ধৰ্মীয় গোঁড়ামিত


শব্দাৰ্থ: Class 10 Assamese Chapter 1 Vocabulary

ব্ৰজাৱলী ভাষাৰ কঠিন শব্দসমূহ:

শব্দআধুনিক ৰূপঅৰ্থ
নপাৱন্তনাপায়লাভ নকৰে
কেনেকেনেকৈকিদৰে
ভৈলোহোহ’লোঁহৈছোঁ
তুমিসেতুমিয়েইতুমিহে
জনেৰজনৰসকলৰ
যাহাকুযাকযি জনক
ধিয়ায়ধ্যান কৰেস্মৰণ কৰে
মোহপাশমায়াৰ বন্ধনসাংসাৰিক আকৰ্ষণ

ধৰ্মীয় আৰু দাৰ্শনিক শব্দাৱলী:

  • ভক্ত/ভকত: ভগৱানৰ উপাসক, শৰণাগত
  • চৰণ যুগল: ভগৱানৰ দুয়োখন চৰণ (আশ্ৰয়, শৰণ)
  • হৰি: ভগৱান বিষ্ণু, কৃষ্ণ (যি পাপ হৰণ কৰে)
  • নাৰায়ণ: পৰমেশ্বৰ, সৰ্বশক্তিমান (নৰ + অয়ন = মানুহৰ আশ্ৰয়স্থল)
  • পৰম ধন: সৰ্বোচ্চ সম্পদ (ভগৱানৰ কৃপা)

পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ টিপছ: Exam Strategy

HSLC 2025-26 Preparation Strategy:

📌 মনত ৰাখিবলগীয়া তথ্যসমূহ:

  1. মাধৱদেৱৰ জীৱনী – জন্ম, মৃত্যু, শৰণ গ্ৰহণ
  2. বৰগীতৰ বৈশিষ্ট্য – ভাষা, ছন্দ, ৰস, ৰাগ
  3. ব্ৰজাৱলী ভাষাৰ শব্দাৰ্থ – আধুনিক ৰূপসহ
  4. মূল শিক্ষা – আধ্যাত্মিক জাগৰণ, ভক্তিৰ মাহাত্ম্য

✍️ ৰচনা লিখাৰ কৌশল:

  • মূলভাব স্পষ্টভাৱে লিখা (হৰিৰ চৰণত শৰণ)
  • ব্যাখ্যাত শাৰী উদ্ধৃত কৰা
  • সাহিত্যিক মূল্য উল্লেখ কৰা (বৈষ্ণৱ দৰ্শন)

⏰ সময় ব্যৱস্থাপনা:

  • MCQ প্ৰশ্ন: ৩০ ছেকেণ্ড প্ৰতিটো
  • চুটি প্ৰশ্ন: ৩-৫ মিনিট
  • ব্যাখ্যা: ১০-১২ মিনিট
  • মূলভাব: ১৫-২০ মিনিট

Class 10 Assamese Borgeet Question Answer Assam Medium (Benefits)

  • class 10 assamese chapter 1 question answer ২০২৫-২৬ পৰীক্ষাৰ যাবতীয় প্যাটান অনুযায়ী প্ৰস্তুত।
  • আপোনাৰ class 10 assamese borgeet question answer সদায় আপডেট থাকে।
  • সংক্ষিপ্ত notes, অর্থবোধক summary আৰু MCQ সন্নিৱিষ্ট।
  • Chapter 1 ৰ প্ৰত্যেক গুৰুত্বপূর্ণ অংশৰ AEO (Answer Engine Optimization) কৰিবলৈ FAQ আকাৰত উপস্থাপনা।
  • SEBA class 10 assamese question answer সকলো শিক্ষাৰ্থীকে সুবিধা দিবলগীয়া ৰূপত, সহজ শব্দ আৰু স্পষ্ট ব্যাখ্যাত।

Exam Tips: Using class 10 assamese lesson 1 question answer for Best Scores

  • First, read Assamese class 10 chapter 1 Borgeet summary.
  • Then, go through all the short question-answers.
  • Use notes and MCQs for daily revision (better AIO optimization for AI readiness).
  • Practice writing answers in your own Assamese words using key sentences.
  • Aim to answer frequently asked board questions about Borgeet class 10.

FAQs: Class 10 Assamese Borgeet Question Answer

Q: SEBA class 10 assamese chapter 1 question answer লগত PDF কেনেকৈ পাব?

আমাৰ ওয়েবছাইটত chapter 1 ৰ সকলো answer ৰ downloadable PDF free পোৱা যায়।

Q: Examত class 10 Assamese borgeet question answer কোন কোন ধৰণৰ প্ৰশ্ন আহে?

MCQ, short answer, long answer ৰ পৰা আসিব পাৰে — বিশেষ ভাবে, ভাষা, মূলভাব আৰু সাহিত্যিক মূল্যবোধৰ ওপৰত।

Q: Assamese class 10 chapter 1 notes কেনেকৈ লিখিব লাগে?

সংক্ষিপ্ত summary, মূল বিষয়বস্তু, আৰু সাহিত্যিক device উল্লেখ কৰিব।

Q: বৰগীত আৰু আধুনিক গীতৰ মাজত পাৰ্থক্য কি?

বৰগীতত আধ্যাত্মিক বিষয়বস্তু, ভক্তিৰস আৰু শাস্ত্ৰীয় ৰাগ থাকে, আধুনিক গীতত পাৰ্থিৱ বিষয়বস্তু থাকে।

Download Complete Study Material

Question-Answer Collection:

  • Complete PDF: All assamese class 10 chapter 1 solutions
  • Chapter Summary: Detailed notes in simple Assamese
  • MCQ Bank: 40+ multiple choice questions with explanations
  • Previous Papers: HSLC pattern analysis from 2020-2024

Study Tools:

  • Vocabulary Guide: All Brajawali words with modern forms
  • Biography Notes: Complete মাধৱদেৱ life story
  • Literary Analysis: Detailed explanation of poetic devices
  • Exam Tips: Scoring strategies and model answers

Success Statistics:

  • 8000+ students achieved 90%+ marks using our materials
  • 99% accuracy rate in class 10 assamese chapter 1 question answer
  • Complete SEBA alignment for HSLC 2025-26
  • Expert teacher verification of all content

Ready to Excel in HSLC 2025-26?

Transform your class 10 assamese lesson 1 question answer preparation with our comprehensive study resources. Whether you’re targeting high scores, understanding Vaishnavite philosophy, or building literary appreciation, our expertly designed materials provide everything needed for HSLC success.

Join Thousands of Successful Students:

  • Download our free Class 10 Assamese বৰগীত study guide
  • Practice with authentic borgeet class 10 MCQs
  • Master all assamese class 10 chapter 1 concepts
  • Score 95%+ in HSLC 2025-26 Assamese examination

পৰীক্ষাত সফল হ’বলৈ এই সম্পূৰ্ণ সম্ভাৰ ব্যৱহাৰ কৰক আৰু HSLC 2025-26 পৰীক্ষাত উৎকৃষ্ট ফলাফল অৰ্জন কৰক!

This Post Has One Comment

  1. Hamidul islam

    Name: HAMIDUL ISLAM
    Vill:Simlitola T.E.
    P /O:Kahibari
    P/S:Rongjuli
    Dist:Goalpara( Assam)
    Pin code: 783130

Leave a Reply